প্ৰত্যুষত মৃত্যুৰ খেলা

আগকথা

    চৰাইৰ মাতত তাতো ৰাতিপুৱাইছিল । দিনটোত নিজে শুই কাহিলিপুৱাতে চৰাই চাবলৈ চিঞৰ ধৰা কণমানিহঁতৰ বাবে এলেহুৱা শীতকো প্ৰত্যাহ্বান জনাবলৈ বাধ্য হৈছিল বহুজন । সূৰ্যোদয়ৰ মিঠা ৰ'দজাক পিঠিত লৈ কতনো আইতাই কৈছিল জীৱন-যৌৱনৰ তাহানিৰ সাধুহেন কথা ।
প্ৰতি নিশাৰ তমসাক খেদি তাতো প্ৰত্যুষে হাঁহিছিল । আৰম্ভ হৈছিল ব্যস্ত নগৰৰ জন-জীৱন । দৈনন্দিনবোৰ দৈনিক প্ৰায় ঠিকেই চলিছিল "হ্ৰদৰ মহানগৰ" খ্যাত তাহানিৰ সেই নগৰখনত । 

কিন্তু...............
ধুনীয়া ৰাতিপুৱাবোৰ সদায় ধুনীয়া হৈয়ে নাথাকিল । শান্ত-সুন্দৰ প্ৰভাতটো সেইদিনা ঘাতক ৰূপত নগৰখনলৈ নামি আহিছিল । ডিচেম্বৰৰ শীতল পুৱাটোত চিকুণ টোপনি মৰা মানুহবোৰে গমকে নাপালে আৰু যেতিয়ালৈ গম পালে, তেতিয়া বহু পলম হৈ গৈছিল । মৃত্যু হৈ পৰিছিল অ-প্ৰতিৰোধ্য । চৰাইৰ কলৰৱ শুনি ঊষাৰ পোহৰ চোৱা চহৰৰ শিশুবোৰে সেইদিনাৰপৰা আমনি কৰিবলৈ প্ৰায় নোহোৱাই গৈছিল । পিঠিত ৰ'দজাক লৈ বাহিৰত বহা নগৰৰখনৰ বৃদ্ধ সকলক ইয়াৰ পাছত আৰু দেখা পোৱা নগৈছিল । ঘাতক পুৱাই কাঢ়ি নিছিল হাজাৰজনৰ প্ৰাণ । বহুতক সজাইছিল বিকলাঙ্গ । নগৰত সেই দিনাও প্ৰত্যুষে ধৰা দিছিল, সেইদিনাও সূৰ্যোদয় তাত হৈছিল মাথো,  সৰ্বনাশী গেছবোৰে তাক কৰিছিল অভিশপ্ত । বিষাক্ত প্ৰত্যুষে চৰম পাশৱিকতাৰে গঢ়িছিল এখন "মৃত্যুৰ নগৰ" ভয়ানক এই ৩ ডিচেম্বৰত । বিশ্বৰ ইতিহাসত সদা কলংকিত উদ্যোগজগতৰ সেই সকৰুণ ঘটনা ফেচবুক জ্ঞান সম্ভাৰত আজি আপোনালোকৰ বাবে ।

                  ⚫বিষাক্ত প্ৰত্যুষ⚫

         মধ্যপ্ৰদেশৰ ৰাজধানী চহৰ "ভূপাল" । ভৌগলিক ভাৱে ২৩°১৫´উ: আৰু ২৭°২৫´ পূৱত অৱস্থিত বৰ্তমান এইখন ভাৰতৰ ১৭ তম বৃহৎ মহানগৰ । "CITY of LAKEs" খ্যাত বৰ্তমানৰ মহানগৰখনত প্ৰায় ৩৯ বছৰৰ আগতে ঘটিছিল বৰ্তমানলৈকে বিশ্বৰ উদ্যোগজগতত ঘটা এটা বিভৎস তথা ভয়ানক ঘটনা "ভূপাল গেছ দুৰ্ঘটনা"

চন : ১৯৮৪ ।
স্থান : মধ্যপ্ৰদেশৰ ৰাজধানী ভূপাল ।
মাৰ্কিন যুক্তৰাষ্ট্ৰীয় মূলৰ ইউনিয়ন কাৰ্বাইড ইণ্ডিয়া লিমিটেড নামৰ কীটনাশক দ্ৰব্যৰ উৎপাদনকাৰী কোম্পানীটোৰ কাৰখানা আছিল ভূপালত । এই কাৰখানাটোৰ প্লেন্ট নং : C-ত সেই বছৰৰ ডিচেম্বৰৰ ২ তাৰিখে মাজনিশা ঘটিছিল বিশ্বৰ উদ্যোগজগতত ঘটা আটাইতকৈ ডাঙৰ দুৰ্ঘটনা । কিবা কাৰণত কাৰখানাৰ প্লেন্ট C-ৰ মিথাইল গেছৰ টেংকিত পানী জমা হোৱাত গেছ ঘনীভূত হৈ টেংকিত প্ৰৱল চাপৰ সৃষ্টি হৈ ৪০ (40) টন মিথাইল আইসোসায়ানেট (MIC) বাহিৰ হৈ নগৰখনৰ আকাশ-বতাহ ক্ৰমে বিষাক্ত কৰি দোকমোকালিৰ সময়লৈ সমগ্ৰ নগৰখনক ভয়ানক গেছবোৰে আগুৰি ধৰিছিল । 

৩ ডিচেম্বৰ ১৯৮৪ / সোমবাৰ :

অতি বিভীষিকা আৰু আৰ্তনাদৰে আৰম্ভ হৈছিল কোমল পুৱাৰ নিষ্ঠুৰতা । ভূপালৰ হাজাৰজনৰ বাবে বাধ্যতামূলক মৃত্যুক কঢ়িয়াইছিল বিপন্ন প্ৰত্যুষে । সন্মুখত মৃত্যু নিশ্চিত জানিও প্ৰাণৰ মমতাত পলাবলৈ ঢাপলি মেলা জনতাৰ হেঁচা-খুন্দাত মৃত্যু আৰু আহত হৈছিল লক্ষ্যাধিকৰ ।
প্ৰাপ্ত তথ্যমতে সেই সময়ত ভূপালৰ জনসংখ্যা আছিল ৮ লাখ ৫০ হাজাৰজন । 
চৌদিশে বিষাক্ত গেছবোৰে আৱৰি ধৰাত উশাহ লোৱাটো ক্ৰমে কষ্টকৰ হৈ উঠিছিল । ইফালে ৪০ টন মিথাইল আইসোসায়ানেট বায়ুমণ্ডলত বিয়পি পৰাৰ পাছত পৰিস্থিতি আছিল নিয়ন্ত্ৰণৰ বাহিৰত । ১,৫০০ জনৰ মৃত্যুৱে কম সময়তে নগৰখনক শ্মশানলৈ ৰূপান্তৰ কৰিছিল । পলাবলৈ যত্ন কৰি মৃত্যু হৈছিল বহুতৰ । ৫ লক্ষ্যাধিক লোক গুৰুতৰভাৱে অসুস্থ হৈ পৰিছিল । অকল সিমানেই নহয়, নৱ প্ৰজন্মলৈ সেই দুৰ্ঘটনাই কঢ়িয়াই আনিছিল অভিশাপ । বহুতো বিকলাংগ শিশুৰ জন্ম হৈছিল সেই অভিশপ্ত ঘটনাৰ ভয়ানক প্ৰভাৱত ।
ধল পুৱাৰ সেই ঘটনাত বহুজনে আকৌ বুজিকে নাপালে, কেৱল চকু মুদিলে চিৰদিনৰ বাবে । 
প্ৰভাতী সংগীত গাবলৈ চৰাইবোৰ, দিনটো শুই দোকমোকতে আমনি কৰা নগৰৰ শিশুবোৰ, জীৱনৰ বিয়লি বেলা নাতি-নাতিনীৰে উমলিব খোজা ককা-আইতা কোনোৱে ৰেহাই নাপালে বিষাক্ত প্ৰত্যুষৰ পৰা ।
      প্ৰাৰ্থনা জনাইছো ফেচবুক জ্ঞান সম্ভাৰৰ মজিয়াৰ পৰা । হঠাতে নুমাই যোৱা জীৱনবোৰৰ আত্মাবিলাকে মুক্তি পাওঁক, শান্তি পাওঁক আৰু ভূপালৰ বায়ু-পানী-মাটিত সম্পূৰ্ণ আনন্দ, সুখ আৰু শান্তিয়ে বিৰাজ কৰক ❕
চৰাই আৰু শিশুৰ উৎপাতে সকলোৰে দোকমোকালিৰ নিদ্ৰা হৰক লগতে, আপোনাৰো আজিৰ দিনটো অতিকে শুভ হওঁক !

"সর্বে ভৱন্তু সুখিনঃ ।
সর্বে সন্তু নিৰাময়াঃ ।
সর্বে ভদ্রানি পশ্যন্তু ।
মা কশ্চিদ দুঃখভাগ্ভবেৎ ।।
ওম শান্তি শান্তি শান্তি।"
---------- (বৃহদাৰন্যক উপনিষদ ১/৪/১৪)

                           ধন্যবাদ 🐦
                       🌼 শুভৰাত্ৰি
                       
🎤🔊 ফেচবুকত আমাৰ ঠিকনা📮

📧 facebookgyansambhar@gmail.com
📶 8⃣0⃣1⃣1⃣......
               🏵◽◽◽🔘◽◽◽🏵

মৃত্যুৰ বিচনা

হিম শীতল নিশাত
মৃত্যুৰ নিহালি 🛌:
❄️▫️▫️▫️▫️▫️▫️❄️

       নৈশ বাছখন 🚌 মহানগৰীৰ নিশাৰ ৰাজপথত তেতিয়া আগবাঢ়িছে । বাহিৰত শীতৰ ঠৰঙা বতাহবোৰে উৰি আহি বন্ধ খিৰিকীৰ আইনাৰ ফাকটোৰে সোমাবলৈ কৰা মৰণপন চেষ্টাৰ অলপ সফলতাত গাটো মোৰ শিয়ঁৰি উঠিছিল । শীতৰ ঠেৰেঙা  বতাহৰ উদ্ভণ্ডালিক বাধা দিবলৈ   আপ্ৰাণ চেষ্টা চলালো । খিৰিকীৰ নীলাভ পৰ্দাখনক ভালকৈ টানি যাত্ৰাটোক আৰু অলপ আৰামদায়ক কৰিম বুলি ভাবিছিলোহে, হঠাৎ বাহিৰৰ এটি দৃশ্যই অন্তৰক কঁপাই গ'ল । 
আমাৰ বাছখন সেই সময়ত মহানগৰীৰ গাড়ীৰ ভিৰত ক্ষন্তেক ৰৈছিল আৰু একে সময়তে পৰ্দাখন টানিবলৈ ধৰি বাহিৰৰ এজন মানুহলৈ মোৰ চকু গ'ল । আপোন ঘৰ বুলি এ.টি.এম. এটাৰ ভিতৰৰ মজিয়াত তেওঁ ব্যস্ত আছিল শয়নৰ বাবে যোগাৰ কৰা নিজৰ অতি সাধাৰণ বিচনাখনত । ভালকৈ চাবলৈ নাপালোৱেই, গাড়ীখন আগুৱাই আহিল । সম্ভৱ পঞ্চাছৰ ডেওনা পাৰ হোৱা এজন মানুহ !

বাহিৰৰ সেমেকা বতাহজাকৰ লগতে সেমেকা সেই দৃশ্যটোৱে বেছি সেমেকাই দিলে মোৰ মন । আয়ৈ.... ! 
এইহেন শীতৰ নিশা ; যেতিয়া মই ভিতৰলৈ সোমোৱা অলপ মাত্ৰ বতাহক সহ্য কৰিবলৈ টান পাইছো, একেটা সময়তে সেই মানুহজনে কিন্তু জীৱনৰ সতে সংগ্ৰাম কৰি পকাত এখন সাধাৰণ বিচনা আগ্ৰহৰে পাৰিছে শুবৰ বাবে !

     ঠাণ্ডাৰ এই দিনবোৰত কেতিয়াবা আপোনাৰ সুন্দৰ বিচনাখনত শুবৰ পৰত ভাবিছেনে আপোনাৰ দৰেই বহু তেজ-মঙহৰ মানুহ পদ-পথত এতিয়াও পৰি আছে । এই দৃশ্যবোৰ সঁচাই   কষ্টকৰ । আৱেগিক মনটোত কেতিয়াবা এনে দৃশ্যই খুন্দিয়াই-খুন্দিয়াই টোকোৰা-টোকোৰ কৰি দিয়ে । বহু কথা মনলৈ আহে । কেতিয়াবা মনলৈ আহে এইহেন শীতত পদপথ কিয় তুন্দ্ৰা অঞ্চলবোৰতো মানুহ আছে !
এনেই সেই অঞ্চলত জীৱন বৰ বিপন্ন, তাতে আকৌ বছৰৰ সেই সময়বোৰত যেতিয়া সূৰ্যক দেখিবলৈ পোৱা নাযায়, এবাৰ ভাৱকচোন কিমান ভয়ানক হ'ব তাত জীৱন ! 
উত্তৰ আমেৰিকা, গ্ৰীণলেণ্ড আদি ঠাইবোৰত বাস কৰা এস্কিম' সকলৰ বিষয়ে আপুনি শুনিছে । কিন্তু প্ৰজন্মক জীয়াই ৰাখিবলৈ তেওঁলোকৰ সমাজত প্ৰচিলত সেই ভয়ানক পৰম্পৰাৰ কথা জানো আপুনি শুনিছে ?
য'ত মৃত্যু হয় শিল্প, জীয়াই থকাৰ শিল্প ।

ফেচবুক জ্ঞান সম্ভাৰত আজি ক'ম এস্কিম' সমাজত প্ৰচলিত সেই পৰম্পৰাৰ ভয়ানক কাহিনী যি পঢ়ি শিয়ঁৰী উঠিব অাপুনি ।

শ্ৰদ্ধাৰ পাঠকবৃন্দ, প্ৰথমে কল্পনা কৰকচোন এই  মুহূৰ্তত হাতৰ মুঠিৰ ভিতৰত এটুকোৰা বৰফ 🧊 আপুনি যদি লৈ থাকিলহয় ! কেনেকুৱা লাগিব বাৰু ? ০° উষ্ণতাৰ এটুকোৰা বৰফ ।
আ...আ...আ.....স, ইমান ঠাণ্ডাত হাতৰ মুঠিত বৰফ 🌡️
কিন্তু পাঠকবন্ধু সকল, শীতৰ দিনতো বৰফৰ মৰুভূমিত মানুহ আছে । তুন্দ্ৰা অঞ্চলৰ অতি শীতল সেই ঠাইবোৰত যেতিয়া সূৰ্যক দেখিবলৈকে পোৱা নাযায় তেতিয়া তাত জীৱন হৈ পৰে ভয়ানক, নহয় অতি ভয়ানক । ০° ত পানী গোট মৰাৰ বাবে আমি চুবলৈকে টান পোৱা বিৰফৰ বিপৰীতে তুন্দ্ৰা অঞ্চলত এই দিনবোৰত উষ্ণতাৰ কথা শুনিলে বহুতে ভয় খাব । আপুনি হয়তো বিশ্বাস কৰিবলৈকো টান পাব । কিন্তু বিশ্বাস কৰক বা নকৰক এই কথা সঁচা যে তুন্দ্ৰা অঞ্চলত উষ্ণতা -৭০° পৰ্যন্ত সময়ে কমি যাব পাৰে বা যায় ।
এনে সময়ত জীয়াই থকাটো প্ৰয়োজন নে অতি ভোকত প্ৰথমে খাদ্য খোৱাটোহে বেছি প্ৰয়োজন এই দুয়োটা কথাই বৰ ডাঙৰ প্ৰশ্ন যেনহে হৈ পৰে । এৰাটো -৭০° উষ্ণতা !!

এনে অৱস্থাত তুন্দ্ৰা অঞ্চলবোৰত খাদ্যৰ বৰ নাটনি হৈ পৰে । তেনে পৰিস্থিতিত ঈগলুত বাস কৰা জীৱনবোৰ হৈ পৰে অতিশয় কষ্টকৰ । পৰিয়ালবোৰে নিজৰ প্ৰজন্মৰ প্ৰৱাহক  অক্ষুণ্ণ ৰখাটোত চিন্তা কৰিবলগা হয় আৰু তাৰ বাবে কঠোৰ সিন্ধান্তৰে আগুৱাবলগাত পৰে । এনে কাৰণতে এস্কিম' সকলৰ জনজীৱনত চলি আহিছে এক বিষণ্ণ পৰম্পৰা ।
 
    অতি বেছি শীতত যেতিয়া খাদ্যৰ নাটনি ঘটে তেতিয়া পৰিয়ালৰ উত্তৰসুৰীক বচাবলৈ এস্কিম' পৰিয়ালৰ বৃদ্ধ সকলে নিজে ল'ব লগা হয় এক কৰুণ আৰু কঠোৰ সিদ্ধান্ত ।
সেই সময়ত পেটৰ ক্ষুধাত ক্ষুধাৰ্ত নিজৰ পৰিয়ালটোৰ ডেকা সকলে খাবৰ বাবে খাদ্য বচাবলৈ বহুতো বৃদ্ধ এস্কিম'ৱে লয় এনে এটা ভয়ানক কাৰ্যপন্থা ।
পৰিয়ালৰ বাকী সদস্য সকল টোপনিত যেতিয়া লালকাল হৈ পৰি থাকে তেতিয়া বৃদ্ধ অাৰু উপাৰ্জনত অক্ষম সকলে সংগোপনে বাহিৰ হয় ঈগলুৰ পৰা আৰু বহুদূৰ অতিক্ৰম কৰি আগবাঢ়ে । এনেদৰে আগবাঢ়ি এসময়ত উলংগ হৈ শুই দিয়ে হীম শীতল প্ৰকৃতিৰ সেই ভয়ানক বিচনাখনত আৰু তাৰপাছত .............

                               শুভৰাত্ৰি 🐀

🎤 ফেচবুকত আমাৰ ঠিকনা 🔊

                   ⚫🔸🔹💠🔹🔸⚫

মৃত্যুৰ গ্ৰন্থ

🦴▫️▫️🔘▫️▫️♦️

আজিলৈকে দুটাকৈ ভ্ৰাম্যমাণ নাট্য দলে আমাৰ গাঁৱতেই তেওঁলোকৰ নাট্যাভিনয় চিৰদিনৰ বাবে সামৰণি মাৰিছিল । তাৰে প্ৰথমটো আছিল "বৰলুইত" ; খুব সম্ভৱ মৰিগাঁৱৰ নাট্যগোষ্ঠী । 
নব্বৈ দশকৰ শেষৰফালে দলটোৰ শেষ পেণ্ডেল আমাৰ গাঁৱতে পৰিছিল আৰু তেওঁলোকৰ কোনো নিজা সমস্যাৰ বাবেই দলটো ধ্বংস হৈছিল বুলি শুনিছিলো । 
তেতিয়া সৰু আছিলো বাবে সকলোবোৰ কথা বৰ বেছি মনত নাই কিন্তু আমাৰ গাঁ‌ৱৰ আতিথ্য শিল্পীসকলে ভালপোৱা বুলি শুনি আনন্দ পাইছিলো ।
বৰলুইত নাট্যদলটোক বিশেষকৈ আন এটা কাৰণতো মনত থাকিল আৰু সেয়া আছিল সেই বৰ্ষৰ তেখেতসকলৰ নিৱেদিত "মৃত সংগীত" নামৰ সেই ভয়ানক নাটকখনত শুনোৱা এটা যন্ত্ৰসংগীত । 
       
          কোনো এক জনজাতীয় দেৱতাৰ গোপন পূজাত দেৱতাক আৱাহণৰ বাবে এক বিশেষ সংগীত অতি সংগোপনে বজোৱা হয় । সেই বিশেষ সংগীত যাতে বাহিৰৰ কোনো ব্যক্তিয়েই নুশুনে তাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা নিশ্চিত কৰিহে মৃত সংগীত বজোৱাৰ নিয়ম কাৰণ, সেই সংগীতত জাগ্ৰত হয় দেৱতা আৰু সেই পূজাৰ বাহিৰে পাছত যদি বাহিৰৰ আন কোনো ব্যক্তিয়ে সেয়া শুনে তেনেহ'লে নিশ্চিত মৃত্যুৰ পৰা কোনেও তেওঁ‌ক বচাব নোৱাৰে । কিন্তু, এজন অনুসান্ধিৎসু সাংবাদিকে এই কথা জানিব পাৰি সেই কালিকালগা সংগীতটো এটা ৰেকৰ্ডাৰত ৰেকৰ্ড কৰে । তাৰ পাছৰে পৰা আৰম্ভ হয় মৃত্যুৰ শীতল খেলা । ৰেকৰ্ড কৰা সেই মৃত সংগীতৰ কেছেটখন ঘটনাক্ৰমে কি দৰে এজনৰ পৰা আন এজনৰ হাতলৈ গৈ মৃত্যুক আমন্ত্ৰণ জনালে সেয়ে লৈ গোটেই কাহিনীটো । সেই যুগৰ ড্ৰামচেটত বজোৱা মৃত সংগীতৰ সুৰটো আজিও কাণত অনুৰণন ঘটে । 

     হঠাতে মৃত সংগীতলৈ মনত পৰাৰ এটা কাৰণো আছে । এখন নিষিদ্ধ তথা ভয়াবহ কিতাপৰ 🦴📖 কথাই মনত পেলালে নাটকখনলৈ । মাৰাঠী ভাষাত লিখা এনে এখন গ্ৰন্থৰ কথা পোৱা যায় যিখনকলৈ মানুহৰ শিহৰণৰ অন্ত নাই । গ্ৰন্থখন নিজেই যেন অলৌকিকতাৰ এক বিশাল ভঁ‌ৰাল । মানুহে বিশ্বাস কৰে, যিয়ে সেই বিশেষ গ্ৰন্থখন পঢ়িবলৈ লৈ শেষ নকৰিব সিয়ে পাগল হ'ব আৰু যি কিতাপখন শেষলৈকে পঢ়িব সি মৰিব ।
২৭৯ পৃষ্ঠাৰ এই গ্ৰন্থখনত তন্ত্ৰ বিদ্যা আৰু তন্ত্ৰ-মন্ত্ৰৰ সহায়ত জীৱ-জন্তু, গছ-গছনিৰ সতে কথা পাতিব পৰা বিদ্যাৰ বিষয়ে উল্লেখ আছে, আছে  প্ৰাচীন আৰু গোপন সম্পত্তি উদ্ধাৰৰ কৌশল লগতে কিছুমান গোপন ঔষধ আৰু তাৰ প্ৰয়োগ কৌশলৰ ব্যৱস্থা । 
প্ৰাচীন এই গ্ৰন্থখনৰ লেখিকা হেনো এগৰাকী যখিনী 👻 আৰু সেই যখিনীৰ নামৰেই গ্ৰন্থখনৰ নাম । গ্ৰন্থখন লিখাৰ পাছত তেৱেই হেনো অভিশাপ দিছিল, "যিয়েই আধা পঢ়িব সি পাগল হ'ব আৰু যি সম্পূৰ্ণ পঢ়িব সি মৰিব । কিতাপখনৰ বিষয়ে মানুহৰ মুখ বাগৰি প্ৰচলিত এই কথাবোৰৰ কিন্তু বাস্তৱিক প্ৰমাণ  আজিলৈকে নাই । হ'লেও  মানুহৰ মনত এই কিতাপখনে এনে সন্ত্ৰাস ৰচিবলৈ সক্ষম হ'ল যে সম্পূৰ্ণ কিতাপখনেই প্ৰায় নোহোৱা হৈ পৰিল । এককথাত অন্ধবিশ্বাস আৰু অলৌকিকতাৰ যেন অফুৰন্ত কঠিয়াৰ মোনা এই কিতাপখন । কিতাপখন পঢ়ি জীৱ-জন্তুৰ সতে কথাপাতি থকাৰ দৰে অস্বাভাৱিক আচৰণ একাংশই কৰাৰ কথা উৰাবাতৰি হিচাপে বিয়পি পৰাত কিতাপখন নিষিদ্ধ কৰা হৈছিল । কোৱা হয় যে গ্ৰন্থখনত এনে সন্মোহনো আছে যাৰ কৰণে পঢ়িবলৈ আৰম্ভ কৰাৰ পাছত কিতাপখন শেষ নকৰা পৰ্যন্ত  এৰিব নোৱাৰা হয় । এগৰাকী মহান ভাৰতীয় মনীষীৰ এই গ্ৰন্থখন পঢ়াৰ চাৰি ঘণ্টাৰ পাছতে মৃত্যু হৈছিল বুলিও কিতাপখনৰ এটা অপবাদ আছে । এনেবোৰ কাৰণতে ১৯৩৫ চনত ঠাইভেদে গ্ৰন্থখন নিষিদ্ধ ঘোষণা হয় । 
অন্ধবিশ্বাসক বিশ্বাস নকৰো যদিও কিতাপখনক কেন্দ্ৰ কৰি চলা মনস্তাত্ত্বিক ভয়াৱহতাৰ👤 বাবে মনোবিজ্ঞানৰ কিবা এটা কথা চিন্তা কৰিয়েই এই কিতাপখনৰ নাম উল্লেখ কৰাৰ পৰা বিৰত থাকিলো । কিন্তু আমোদ পালো, যেনেকৈয়ে নহওক কিয়, হ'ৰৰ কাহিনীত পোৱা এনে কথা বাস্তৱটো তেনেহলে পোৱা যায় । আপুনি কি ভাবে ক'মেণ্ট কৰি জনাবচোন ।

                                            ধন্যবাদ
                               ⚜️ফেচবুক জ্ঞান সম্ভাৰ⚜️

শতাব্দীৰ অংক



এটা কথাত বহু মানুহেই ভুল কৰে ।
বহু দিন বহুজনক কোৱা এই কথাটো আজি  উল্লেখ কৰোঁ বুলিয়েই বাটকুৰিখন বাই 🚶এইখিনি পাইছোহি । চাওকচোন, মোৰ ঘৰৰ পৰা আপোনাৰ ঘৰলৈকে কমখন দূৰৰ বাটনে ।  বাটত ৰৈ-ৰৈ হাচতিৰ পৰা তামোল এতিয়ালৈকে কেইখন উলিয়ালো ঠিকেই নাই । এতিয়া চাহ-পানীটোপা ধৰিব পাৰিলেই কথা দুটামান ক'ব পাৰোঁ । আৰু যদি লুচি-আলুভাজিও দিয়ে মইনো কি ক'ম, নাখাওঁ বুলিলেও পাব পাৰে বেয়া !  তাতে যদি ৰাজমাহৰ ডাঠ তৰকাৰি এখন থাকে ভালেই । মানুহক আমনি দিবলৈ বেয়াও লাগে নহয় গতিকে বৰ বেছি একো নবনাব ।  অলপ আচাৰ আৰু থাকিলে দুচকলমান বেঙেনা ভাজি দিলেই হ'ব । মন কৰিলে বাৰু মিহিকে সৰু পিঁয়াজ এটাও কুটি দিব পাৰে ।

       আমি সেই আধুনিক যুগৰ মানুহহে, খোৱাত কেঁচা । ফেচবুক-হোৱাতচএপ কৰা একৈশ শতিকাৰ মানুহ । লগৰ কিছুমানক দেখিলো উ.... আমাৰ ওলোটা ; মানধাতাৰ যুগত থাকিহে ভাল পায় । সেয়েহে নেকি চলি থকা শতাব্দীটোক তেৰাসৱে "বিংশ" শতাব্দী বুলিহে জানে । বাচাধনহঁতে পৃথিৱীত কি চলি আছে ক'বই নোৱাৰে ।
আজিলৈকে যে কিমানজনক কৈছো বোলো নহয় অ' এতিয়া "একবিংশ শতাব্দী" ; নাই......., আকৌ বিংশ শতিকা বুলিযে কয় । 
হেৰ' গ্ৰেগৰিয়ান বৰ্ষপঞ্জীখনৰখনৰ প্ৰথম শতিকাটোৰ প্ৰথম বছৰটোৰ আগত ০ শতিকা নাছিল । গতিকে প্ৰথমটো শতিকা প্ৰথম বছৰটোৰ পৰা চলি-চলি ১০০ বছৰটোত শেষ হৈছিল । মানে ১ চনৰ পৰা ১০০ চনলৈ ১মটো শতিকা । তেতিয়াহ'লে ১০০০ চনলৈ হ'বগে দশম শতিকা । সেইফালৰপৰাই তেন্তে ২০০০ চনটোত বিংশ শতিকাটো শেষ হৈছিল আৰু ২০০১ চনৰে পৰা একবিংশ শতিকাটোৰ আৰম্ভ ঘটিছিল । 

       যিকোনো এটা বছৰ কোন শতিকাৰ সেই কথা জানিবলৈ এটা সহজ অংকৰেও সমাধা কৰি উত্তৰ জানিব পাৰি ।
ধৰি লৈছো দিয়া হৈছে ১৮০৫ চনটো কোনটো শতিকাত পৰে জানিব লাগে । 
উত্তৰটো জানিবলৈ বা সমাধান কৰিবলৈ চনটোক ১০০-ৰে হৰণ কৰি যদি সমাধানটোৰ ভাগফল দশমিকত ওলাই তেতিয়াহ'লে দশমিক বিন্দুটো আৰু তাৰ পাছত থকা অংককেইটাক উঠাই দি তাৰ সলনি ভাগফলৰ লগত ১ যোগ কৰিব লাগিব ।

তেনেহ'লে ১৮০৫ ÷ ১০০ = ১৮.০৫
এতিয়া ভাগফল, ১৮ + ১ (.০৫- ৰ সলনি) = ১৯ 
অৰ্থাৎ, ১৮০৫ চনটো হ'ব ১৯ শতিকাত ।

     লৈ আনক-লৈ আনক, বতৰো ইমান এটা ঠিক নহয়, বাটখনো হৈছে দূৰ ; আমি আক' ভৰিৰ ওপৰত উঠি চলি যোৱা মানুহহে । গতিকে পলম নকৰোঁ । 
পুনৰ লগপোৱাৰ আশাৰে এৰিছোহে দেই, কৃষ্ণ........ 🙏

                    💠 শুভ আবেলি 🐦

           ☀ আমাৰ ফেচবুক ঠিকনা 📬 
            ⚜ ➖➖➖➖➖➖➖⚜
✉ https://www.facebook.com/groups/372830512757409/https://www.facebook.com/groups/372830512757409/
📶8⃣0⃣1⃣1⃣...... 
আমাৰ📧 ঠিকনা : facebookgyansambhar@gmail.com 
                                                                                                                                                           🔅◀🔸🔸🔸🔴🔹🔹🔹▶🔅

ৰেম

"খৰছ" শব্দটো মুঠেই ভাল নাপাওঁ ।
টকা কেইটাৰ মুখলে চায়েই যেনে-তেনে এমুঠি খাই সাঁচিছো । ড্ৰেচ-পাতিটো দেখিচেই চাগে, বজাৰে-বজাৰে অফাৰ বিচাৰি-বিচাৰি কোনোমতে যোগাৰ কৰি পিন্ধো । তথাপি ভাবিচো, টকা কেইটাকে এবাৰ সামৰি  বাকচৰপৰা এবাৰ উলিয়াই চাই থাকিলেনো লাভ কি হ'ব ! সেয়ে ভাবি-গুণি লগতে গুণীজনকো দেখি-শুনি  ম'বাইল এটাকে কিনিম বুলি এবছৰ মানৰপৰা ভাবিয়েই আছো । কটা কপালত ভাল অফাৰ নাপাও নহয় ! পালেও যিকেইটা দেখো চকুতেই নালাগে । তাতে আমি ডিজিটেল যুগৰ মানুহ যে । যিকেইটাত চকু লাগে, বাপা অ'........, জুই যেন, শুনিলেও ভয় লাগা ।  পোন্ধৰ হাজাৰ, ষোল্ল হাজাৰ.... বিছ হাজাৰ, অ' তাতকৈও বেছি দামৰহে আছে ! পোন্ধৰ হাজাৰ যদি ম'বাইলটোতেই দিও পাছত ভাতেই খামনে ম'বাইলেই চাম !
ৰেমো আকৌ সেইবোৰত বেছি । 
তাকেহে, 
হওঁতে বেছি ৰেম হ'লেও  আপত্তি মোৰ নাই । আজিকালি আকৌ ল'ৰা বিলাকৰ মুখত অহৰহ ফুটি থকা "ৰেম" শব্দটো শুনি-শুনি কিবা আপোন-আপোন ভাব এটাৰো সৃষ্টি হৈছে ! গতিকে যিমানেই আপোন ৰেম বেছি হ'ব ল'ৰা বিলাকক ম'বাইলটো দেখুৱাইও সিমানেই ভাল লাগিব দিয়কচোন ; নে কি কয় ?
পিছে হৰি নাম বাদ দি ৰেমৰ নামকে লৈ থকা সকলৰ মুখত ভুলতো বাৰু শুনিছেনেকি "ৰেম"-নো কি ? 
নাই শুনা ন ! 
শুনিব পাৰে যদিহে কপাল বেছি ভাল থাকে । ময়ো বৰ বেছি অভিজ্ঞ নহয়, তথাপি বাৰু আলোচনাটো আজি ৰেমৰ (RAM)-ৰ বিষয়েই আগবঢ়াই নিও ; আপুনিও সহায় কৰিব ।

RAM
ইয়াৰ সম্পূৰ্ণ নামটো হ'ল RANDOM ACCESS MEMORY। ইনো কি বা কিহৰ বাবে ই গুৰুত্বপূৰ্ণ তাক জানিবলৈ এটা সৰু উদাহৰণ প্ৰথমে দি লৈছো ।
আপুনি বাৰু ভাত ৰান্ধেনে, ভাত ?
যদি ৰান্ধে চাউল ক'ৰপৰা লয় বাৰু ?
সৰু টিঙৰ জেৰটোৰপৰা লয়, হয়নে ?
জেৰটো সৰু হোৱাত তাত অলপ চাউল ৰাখি বাকিখিনি বস্তাত থৈ দিয়ে । 
এতিয়া কথা হ'ল, চাউলৰ জেৰটো আপোনাৰ ম'বাইলটোৰ ধৰক ৰেম (RAM) বুলি আৰু বস্তাটো যেনিবা ম'বাইলটোৰ ইন্টাৰনেল মেম'ৰি । যেতিয়াই প্ৰয়োজন হয় আপুনি ইন্টাৰনেল মেম'ৰি ৰূপি বস্তাটোৰ পৰা RAM ৰূপি জেৰটোলে চাউল কঢ়িয়াই ।

RAM-ৰ ধাৰণাটো বাৰু অলপ দিব পাৰিছোনে ?
এতিয়া প্ৰশ্ন হ'ল, আমি ম'বাইল বা কম্পিউটাৰ অথবা লেপটপত যে বিভিন্ন গান, ভিডিঅ' আদি ডাউনল'দ ক'ৰো বা বিভিন্ন এপ ডাউনল'দ কৰোঁ সেইবিলাক বাৰু ক'ত জমা হয়, ৰেমত ?

নহয়, কম্পিউটাৰ বা ম'বাইলটোৰ ইন্টাৰনেল মেম'ৰি বা নিজা সংৰক্ষণ স্তৰতহে জমা হয় আৰু যেতিয়াই তাক ব্যৱহাৰ কৰো তেতিয়া সি ৰেমলৈ গুচি আহে । সেয়ে কম ৰেম যুক্ত ম'বাইল এটাই একেটা সময়তে কেইবাটাও কাম কৰিবলৈ তথ্যবোৰ খুলিবৰ বাবে ঠাই কমকৈ পোৱাত ম'বাইলটোৱে কাৰ্য সম্পাদনাত বাধাগ্ৰস্ত হয় যাক আমি "হেং" মাৰে বুলি কওঁ । কাৰণ কম ঠাইত বেছি মানুহে ৰৈ কাম কৰিব পাৰে জানো ? নিশ্চয় নোৱাৰে । ম'বাইলৰ ক্ষেত্ৰটো কথাটো তেনেকুৱাই । গতিকে বেছি ৰেম যুক্ত ম'বাইল এটাত কম সময়তে দুটামান এপ খুলি সহজে কাম কৰিব পৰা যায় । 
কিন্তু কি হ'ব !!! সকলোতে খালি টকাৰ কথা । বেছি ৰেমযুক্ত ম'বাইল কিনিবলে মন থকা সকলে হলে মোৰ দৰে টকা কেইটাক মৰম কৰি আকৌ বাকচত পুহি ৰাখিলে নহব কাৰণ, বেছি ৰেম যুক্ত ম'বাইলৰ দামো হ'ব কম ৰেম যুক্ত ম'বাইলতকে বেছি । আপুনি জানি আচৰিত হ'ব যে এক জি.বি. ৰেম তৈয়াৰ কৰিবলৈ প্ৰয়োজন হোৱা টকা ষোল্ল জি.বি.-ৰ দহখন মেম'ৰি কাৰ্ড বনাবলৈ প্ৰয়োজন হোৱা খৰছৰ প্ৰায় সমান ।

ম'বাইল আজিও কিনিব নোৱাৰিলো । একেবাৰে 5g- ও আহক, তেতিয়াই কিনিম । আজি বাৰু সপোনতে এটা লৈ চাওঁচোন 😁
                              ধন্যবাদ দেই, 
                                শুভৰাত্ৰি 🌸
                 
🎤 ফেচবুকত আমাৰ ঠিকনা 🔊
আমাৰ 📧: 
facebookgyansambhar@gmail.com

                   ⚫🔸🔹💠🔹🔸⚫

মিঠাতেলৰ মিঠা

মিঠাতেল বাৰু কিয় "মিঠা" ❓
◀🔸🔸🔸🔸🔸🔸🔸▶

যিজনে নাজানি ভুল কৰে তেওঁ হ'ব পাৰে মূৰ্খ আৰু যিজনে জানি-বুজিও ভুল কৰে তেওঁক বাৰু কি কয় ?

"জধামূৰ্খ" কয় নেকি ?

জানোৱেই যে মিঠাতেল অলপ কমাই খাব লাগে ; চৰ্বি বাঢ়ে, কিন্তু জিভাখনৰ লোভত কেৰাহিত হৰহকে তেলসোপা ঢালি খাটাং কৰো যে কালিলৈৰ পৰা মিঠাতেল অলপ কমাইহে খাব লাগিব ।
নাহাঁহিব, বাহাদুৰি মাৰি এই ৰান্ধনিয়ে ক'ব পাৰিম  সু-নিপুণ দহোজনী ৰান্ধনীয়েও আমুকাৰ লগত ফেৰ মাৰিব নোৱাৰিব ; কৈ দিছো । ইমান ভাল ৰান্ধো....ইমান ভাল ৰান্ধো যে মইহে বুজি পাম মই ৰন্ধা খাদ্য কিমান ইয়ামি....😋 !

       বাৰু বাদ দিছো সেইবোৰ কথা । আমাৰ দৈনন্দিন খাদ্য-সম্ভাৰত  মিঠাতেলৰ জুতি সকলোৱে পাইছে । কেতিয়াবা কেঁচাই সাধাৰণতেই   গৰমাই খাদ্যৰ লগত ইয়াক খোৱা হয় । কিন্তু ডাঙৰ কথাটো হ'ল মিঠাতেলৰ স্বাদ মিঠা নহয়, তথাপিতো কোৱা হয় মি...ঠাতেল ।
মিঠাতেলকনো কিয় মিঠাতেল বোলা হয় কেতিয়াবা বাৰু ভাবি চাইছেনে ?

যদি জানে ভাল কথা আৰু যদি নাজানে তেন্তে পঢ়ক তলৰ এই লেখা ।

       ল'ৰাৰ ঘৰৰ পৰা ছোৱালী চাবলৈ যোৱা বৌ বা  খুৰী কেইগৰাকীৰ মুখত কেতিয়াবা  শুনিছে চাগে, "গঢ়টো দেখিবলৈ ভাল, ছোৱালীজনীৰ ৰঙটোহে অলপ  মিঠা বৰণৰ  ।" 
দায় নধৰে যেন, আমাৰ সমাজত সততে শুনিবলৈ পোৱা কথা এফেৰিহে ক'লো । আনে কেনে পায় নাজানো, মই হলে বগাতকৈ মিঠা ৰঙটোহে বেছি ভালপাওঁ । 

    যি কি নহওক, এতিয়া বুজিলে চাগে মিঠাতেলক কিয় "মিঠা"তেল বুলি কোৱা হয় । 
দৰাচলতে সৰিয়হৰ পৰা উৎপন্ন হোৱা এই তেলবিধৰ স্বাদ মিঠা নহয়, ইয়াৰ নিজস্ব ৰংটোহে হৈছে "মিঠা" আৰু এই ৰঙৰ হোৱা বাবেই তেলবিধে নাম পালে মিঠাতেল ।

     বেঙেনা, মূলা, চয়াবিন, আলুক কৰি ৰাখিছো ৰেডি । পিঁয়াজ, নহৰু, জলকিয়া, আদাক মাতি কেৰাহিত মিঠাতেল দিওগৈ বাকি । যিকৰে থাকক কৰি, সময় নাই ৰ'বলৈ চব্জিকে  ৰান্ধোগৈ আজি ।

বাকী থাকিল শুভৰাত্ৰি ।
তাকো দিলো উপযাচি । ক'মেন্টৰ বাকচ তেনেই খালি, এসোপামান কথা দিয়কেইচোন লিখি ।


আমাৰ📧 facebookgyansambhar@gmail.com
                  🔅ফেচবুক জ্ঞান সম্ভাৰ 🔅
                 ◀🔸🔸🔸🔴🔹🔹🔹▶

ৰাজস্থানৰ এক ভৌতিক আৰু ৰহস্যময় স্থান কুলধৰা

আগকথা :

¿ কিন্তু কিয় এনে হয় ? আচৰিত .............................................. !

পিছে উত্তৰ নাই । এই পৃথিৱীত এনে নিৰুত্তৰ প্ৰশ্ন বহুতেই আছে যাৰ কোনো সঠিক উত্তৰ নাই । অজ্ঞান অন্ধকাৰত সোমাই থকা নিৰুত্তৰ প্ৰশ্নবোৰ সঁচাকে একোটা বিৰাট প্ৰহেলিকা যি মানুহৰ দৰ্পক স্বৰূপাৰ্থত উপহাস কৰে ।
প্ৰিয় সাহিত্যিক শ্ৰীযুত ৰঞ্জু হাজৰিকা ছাৰে এটা কথা প্ৰায়ে কয়, "এই পৃথিৱীত এনে কিছুমান ঘটনা ঘটে যাক যুক্তিৰে বুজাব নোৱাৰি ।"
য'ত যুক্তি হৈ পৰে মুকবন্ধ আৰু সেই ফেচবুকৰ আল্ট্ৰা মডাৰ্ণ কথাবোৰ ,য'ত নিজক শিক্ষিত বুজাবলৈ ভগৱানকো সময়ে হেয় কৰি দিয়া  হয় ! হাঃ......হাঃ......হাঃ, বুমেৰাং হৈ উভটি আহে ।

মই গাঁৱৰ মানুহ, বেছি আধুনিকতা বুজিও নাপাঁও ভালো নাপাঁও তাতে আকৌ এটা মস্ত গোড়া । ভগৱান-আল্লা-গড, ভূত-প্ৰেত সকলো বিশ্বাস কৰোঁ কিয় জানে, অজ্ঞানতাৰ আন্ধাৰবোৰ অলৌকিকতাৰেই এক অন্য নাম ।
বুজা নাই ন ? আচলতে মই কব বিচাৰিছিলো আধুনিক পৃথিৱীখনত আমি দেখি থকা প্ৰযুক্তি আৰু জ্ঞানৰ বিপৰীতে আৰু এক বাস্তৱ ৰূপ আছে যাৰ নাম "অলৌকিকতা" ।য'ত, মানুহৰ জ্ঞান  সোমাবহে পাৰে কিন্তু সঠিক উত্তৰ লৈ ওলাব .......................
"নোৱাৰে" (আশা কৰোঁ এদিন পাৰিব ) ।

এনে বহুতো ঠাই, বহু ঘটনা এই পৃথিৱীতেই আছে য'ত প্ৰহেলিকা হৈ পৰে অনন্ত আৰু সময় ; হয়তোবা কঠোৰ কুহক ।নহলেনো এই দলত আপোনালোকৰ আগত তলৰ কথাখিনি লিখিবলৈ  সাহস কৰোনে !?
পৃথিৱী কি, আমাৰ দেশ, আমাৰ ৰাজ্য, আমাৰ গাঁও-চহৰ আদি অনেক ঠাইত এনে বহু ৰহস্য আছে যি ৰহস্যৰেই খেলা কৰে আমাৰ সতে আৰু বিজ্ঞান .....,
হৈ পৰে নিৰৱ ।

           তেনে এখন গাঁৱৰেই কথা ক'ব ওলাইছো ।কাহিনী আকৰ্ষণীয় য'দিও কৰুণ  । মনত পৰাৰ ভিতৰত ঠাইখনৰ বিষয়ে মই প্ৰথম জানিছিলো মাননীয় ইমৰান  দাৰ # Imran Hussain পৰা । আজি প্ৰতিদিন কাকত খনৰ দেওবৰীয়া সম্ভাৰ খনত বিষয়টো খুব চমুকৈ পঢ়িবলৈ পালো । কৌতুহল বাঢ়ি গ'ল । নেটত বিচাৰিলো । উইকপেডিয়াতো উল্লেখ আছে ।

কথাটো যদি সঁচা হয় তেন্তে সঁচাই আঁচৰিত সেই নিষিদ্ধ গাঁও য'ত আজিও ভগ্নাৱশেষবোৰত ওলমি ফুৰে ব্ৰাহ্মণৰ অভিশাপ আৰু য'ত সূৰ্যাস্তই কৰি তোলে নিজম, জয়াল আৰু নিষিদ্ধ ।
তেনে এখন ঠাইৰ কথাৰেই ফেচবুক জ্ঞান সম্ভাৰৰ পাতত আজি ( ৬ শাওন,১৯৩৯ শক দেওবাৰ /
ইংৰাজী ২৩ জুলাই,২০১৭ চন ) আৰম্ভ কৰিছো এই লেখা ☞

                       ◘ কুলধৰা
                   ▬▬▬▬▬▬▬

* আজি ৭ শাওন,১৯৩৯ শক সোমবাৰ/
   ইংৰাজী ২৪ জুলাই,২০১৭ চন (পুৰণি লেখা অসম্পাদিত) ।

শ্ৰদ্ধাৰ পাঠক বৃন্দ, আজিৰ এই দিনটো অসমীয়া সাহিত্যৰ ৰহস্য সম্ৰাট তথা মোৰ প্ৰিয় সাহিত্যিক শ্ৰীযুত ৰঞ্জু হাজৰিকা ছাৰৰ জন্ম দিন । তেখেতৰ জন্মদিনটোত সাহিত্যিকজনলৈ সন্মান জনাই ফেচবুক জ্ঞান সম্ভাৰৰ মজিয়াত এই লেখা আপোনালোকলৈ শ্ৰদ্ধাৰে আগবঢ়ালো ।

                                                                                                         ধন্যবাদ

=====================================

"কুলধৰা" ,

(২৬.৮১° উত্তৰ আৰু ৭০.৮০° পূৱ ।)
সাগৰ পৃষ্ঠৰ পৰা ৮৭৩ ফুট উচ্চতাত অৱস্থিত ৰাজস্থানৰ এখন ৰহস্যময় গাঁও । ৰাজস্থানৰ Jaisalmer  জিলাৰ পৰা ১৮ কিলোমিটাৰ দূৰৈত দক্ষিণ-পশ্চিম  দিশত অৱস্থিত এই গাঁওখন আজিও পৰ্যটকৰ এক আকৰ্ষণৰ কেন্দ্ৰ ।আপুনিও যাব পাৰে সেই গাঁৱলৈ কিন্তু সাৱধান, সূৰ্যাস্তৰ পাছত তাত নাথাকিব । দেওলগা ভগ্নাৱশেষবোৰত নিশাৰ ঘন ক'লা এন্ধাৰবোৰ যেতিয়া নামি আহে নাইবা জোনৰ পোহৰে যেতিয়াই স্পৰ্শ কৰে তেতিয়া অভিশপ্ত কুলধৰা আৰু গহীন হৈ পৰে । কোনোবা অদৃশ্যই সেই ভঙা ঘৰবোৰত  উপস্থিতিৰ আহি উমান দিয়ে । কেতিয়াবা আপুনি দিনটো শুনিব পাৰে কুলধৰাৰ অদৃশ্য শক্তিৰ উপস্থিতিৰ আজৱ শব্দ ।
বহুতে কয়, এই কুলধৰা আজিও অভিশপ্ত । একবিংশ শতিকাৰ বিজ্ঞানৰ চকমকণিৰ বিপৰীতে কুলধৰা আজিও প্ৰহেলিকাৰ এক অন্যতম সাঁথৰ । আজিও বিশ্বাস কৰা হয় নিশাৰ কুলধৰাত আপুনি প্ৰৱেশহে কৰিবহে পাৰিব কিন্তু...............
সেয়ে কৈছো, সূৰ্যাস্তৰ আগতেই ঘূৰি আহিব । তাৰ নিশাৰ আন্ধাৰবোৰ বৰ ভয়ানক, বৰ ভয়া........

             প্ৰাপ্ত দুখন ঐতিহাসিক লেখাৰ পৰা জনা যায়  তেৰ শতিকাৰ প্ৰাৰাম্ভতে ৰাজস্থানৰ পালি জিলাৰ কিছু ব্ৰাহ্মণ পৰিয়াল ইয়ালৈ আহি বসতি স্থাপন কৰিছিল । তেওঁলোকৰ জীৱনৰ মানদণ্ড আছিল উন্নত । গাঁৱৰ অৰ্থনৈতিক অৱস্থা কৃষিৰ ওপৰত নিৰ্ভৰশীল আছিল । কাকনি নদী  আৰু কিছুমান কুঁৱা তেওঁলোকৰ  পানীৰ উৎস আছিল । মটিৰে নিৰ্মিত পাত্ৰ নিজে তৈয়াৰ কৰি ব্যৱহাৰ কৰিছিল আৰু পাত্ৰবোৰ আতক ধুনীয়াকৈ সঁজাই লৈছিল ।
প্ৰাচীন গাঁওখনৰ ভগ্ন সাক্ষীবোৰৰ মাজত পোৱা হোৱা এটা ডাঙৰ মন্দিৰ আৰু তাত উদ্ধাৰ হোৱা দুটা বিষ্ণু -দুৰ্গাৰ শিলৰ মূৰ্তিয়ে এই কথাও প্ৰমাণ কৰে যে ইয়াৰ লোক সকল বৈষ্ণৱ ধৰ্মীৰ আছিল যদিও তেওঁলোকৰ মাজত মাতৃ পূজাৰো প্ৰচলন ঘটিছিল ।

             একালত এখন ভৰা গাঁও আছিল এই "কুলধৰা" আৰু আজি, নিশব্দ তথা মৃত । পুৰণি ঘৰবোৰে আজিও সাক্ষ্য দিয়ে, এসময়ত তাত মানুহ আছিল । শিশুৰ ক্ৰন্দনে জিপাল কৰিছিল কুলধৰাৰ আকাশ-বতাহ আৰু বহুতো । মৰু ৰাজ্যৰ সেই "কুলধৰা" আজিও আছে । আজিও  তাত মানুহ আছে, কিন্তু নিশা নহয় । ভয়াৰ্ত গাঁওখনৰ প্ৰাচীনতাক চাবলৈ আৰু তাৰ গহীনতাক উপভোগ কৰিবলৈ দিনৰ পোহৰত আজিও তাত মানুহ আছে ।
ঊনৈশ শতিকাৰ ওচৰে পাজৰেই সম্পূৰ্ণ বসতি শূন্য হৈ পৰিছিল এই গাঁও । ইয়াৰ আগলৈকে গাঁওখন আছিল পৰিপূৰ্ণ । মূল গাঁওখনত পোৱা ৪১০টা ভগ্ন ঘৰৰ অৱস্থিতিয়ে এই কথা প্ৰমণ কৰে যে ইয়াত প্ৰায় সিমান সংখ্যক পৰিয়ালে বসতি স্থাপন কৰিছিল আৰু তাৰ ওপৰতে ভিত্তি কৰি এছ. এ. এন. ৰেজাভী নামে গৱেষক গৰাকীয়ে  গাঁওখনত ১৭-১৮ শতিকাত অনুমানিক প্ৰায় ১,৫৮৮ জন জনসংখ্যাৰ এটি তথ্য প্ৰকাশ কৰিছিল । আনহাতে, এগৰাকী ইংৰাজ বিষয়া জেমছ ট'ডে ক্ষেত্ৰ ভিত্তিক অধ্যয়নৰ পাছত প্ৰকাশ কৰিছিল যে সেই সময়ত কুলধৰাত ৮০০টা পৰিয়ালৰ মাজত প্ৰায় ১,৮৯০ জন মানুহে বসবাস কৰিছিল ।
কিন্তু সেই কুলধৰা আজি বসতি শূন্য । মৃত গাঁওখনৰ স্মৃতিবোৰে ৰহস্যৰ দুৱাৰ খুলি মাথো প্ৰশ্ন কৰে, 
"কিয়" , কিয় হৈছিল জনশূন্য সেই গাওঁ ।
তাৰ সঠিক উত্তৰ কিন্তু আজিও নাই । কিছুমানে কয় পানীৰ অভাৱে ধংস কৰিছিল সেই গাঁও আৰু কোনোৱে ক'ব বিচাৰে এক অন্য কাহিনী, যিটো শুনিলে আপোনাৰো বেয়া লাগিব । তথাপি কিন্তু এটা চালাম মাৰিব সেই গাঁৱৰ বাসিন্দাক কিয়নো, যিখন ৰাজ্যত ছোৱালী জন্ম হলে এসময়ত নদীত উটাই দিয়া হৈছিল সেইখন ৰাজ্যতেই  এজনী ছোৱালীৰ বাবে আকৌ গঞাই চূড়ান্ত ত্যাগৰ নিদৰ্শনৰে জিলিকি উঠিছিল ।
বাঃ কুলধৰা বাঃ !!!

ফেচবুক জ্ঞান সম্ভাৰৰ শ্ৰদ্ধাৰ পাঠক-পাঠিকা সকল, য'দি মোৰ ভুল হোৱা নাই তেন্তে আপুনি নিশ্চয় জানিবলৈ ইচ্ছা কৰিছে কুলধৰাৰ সেই দুখৰ কাহিনী ।কাহিনটো চমুকৈ এনেকুৱা ...........

           সেই সময়ত কুলধৰাৰ কোনো এটা পৰিয়ালত এজনী অপূৰ্ব সুন্দৰী কন্যা আছিল আৰু সেই কন্যাৰ ৰূপত বিমুগ্ধ হৈছিল ৰাজমন্ত্ৰী জালিম সিং । কাহিনীৰ আৰম্ভণীও ইয়াতেই ।
জালিম সিঙে প্ৰস্তাৱ দিলে, সেই ৰূপহী কন্যাক তেওঁ বিয়া কৰাব । কিন্তু ঘটনা ক্ৰমে কন্যা দানৰ চূড়ান্ত সিদ্ধান্ত ললে গঞাই । তেওঁলোকে সিদ্ধান্ত কৰিলে, জালিম সিঙলৈ কন্যা দানৰ অনুমতি কুলধৰাই নিদিয়ে । ইয়াৰ পিছতেই আৰম্ভ হ'ল হিংসা আৰু প্ৰতিশোধৰ নতুন আধ্যা । বিভিন্ন ভয়-হুংকাৰ দিয়া হ'ল গাঁওবাসীক । ইফালে নতুন-নতুন কৰ আৰোপ কৰা হ'ল । তথাপি কিন্তু কুলধৰাৰ সিদ্ধান্ত সলনি নহ'ল । দুখবোৰ আৰু বাঢ়ি আহিল । বিভিন্ন অত্যাচাৰ আৰম্ভ কৰিলে জালিম বাহিনীয়ে ।
সেয়ে, গাঁওবাসীয়ে এক আচৰিত সিদ্ধান্ত গ্ৰহণ কৰিলে ।
এনে এটা সিদ্ধান্ত, যাৰ বাবে কুলধৰা হৈ পৰিল জনশূন্য লগতে, বিশ্বাসৰ ভেটিত সি হৈ পৰিল অভিশপ্ত নাইবা এখন অপ-দৈৱিক ( Haunted Village) গাঁও ।
জালিম সিঙৰ পৰা কন্যা তথা নিজক বচাবলৈ গোটেই গাঁওখনে এক আচৰিত সিদ্ধান্ত ললে ।
এটা নিশা সমূহ বাসিন্দাই গাঁও ত্যাগ কৰিলে যোৱাৰ সময়ত তেওঁলোকে ভৱিষ্যতে কোনেও সেই গাঁৱত বাস কৰিব নোৱাৰিব বুলি অভিশাপ দি গ'ল ।
তেওঁলোক ক'লৈ গ'ল, ক'ত থাকিল কোনোৱে গমকে নাপালে ।

আজিও বিশ্বাস কৰা হয় সেই অভিশাপ কুলধৰাত বিদ্যমান । কোনো মানুহেই বসতি কৰিব নোৱাৰে তাত । ২০১০ বৰ্ষত গৌৰৱ তিৱাৰী নামৰ ইণ্ডিয়ান পেৰানৰমেল  চ'ছাইটিৰ ব্যক্তি গৰাকীয়ে তেওঁলোকৰ চ'ছাইটিৰ মুঠ ওঠৰ জন ব্যক্তি আৰু লগত আন বাৰজন সদস্যৰে পূৰ্ণ দলটোৱে এনিশা কুলধৰাত পাৰ কৰাৰ পাছত প্ৰকাশ কৰিছিল নিশা তেওঁলোকে দেখা কিছুমান আচৰিত ছাঁয়া লগতে শুনা কিছুমান ভৌতিক শব্দৰ কথা  ।

ভাৰতত এনে বহু ক্ষেত্ৰ বিশ্বাস আৰু জনশ্ৰুতিৰ ভেটিত শিহৰণ পূৰ্ণ ।আধুনিক বিজ্ঞানে নকলেও মানুহৰ মাজত প্ৰচলিত কিম্বদন্তি আৰু তাৰ লগে-লগে জনবিশ্বাসৰ বাবে এনে ঠাইক জনা বা এনে কাহিনীক শুনাৰ প্ৰয়োজন আছে কাৰণ, সাংস্কৃতিক জন-জীৱনত লোক-কথা আৰু লোক-বিশ্বাস বৰ মূল্যৱান ।

আজিলৈ বাৰু সামৰিলো, য'দি পাৰো বিশ্ব প্ৰসিদ্ধ আন এক ৰহস্যৰ কথা লৈ ফেচবুকৰ এই দলত মই ৰাজীৱ গোস্বামীয়ে আহিবলৈ আকৌ যত্ন কৰিম ।
শেষত, আপোনালোকলৈ পুনৰবাৰ শ্ৰদ্ধা জনাই আজিলৈ বিদায় ,
☻শুভৰাত্ৰি ☻♫♪♪♫

► এই লেখাৰ বাবে প্ৰয়োজনীয় তথ্য Wikipedia- ৰ পৰা লোৱা হৈছে ।
► লেখাটিত বৰ্ণপাঠ কৰিলে : ফিৰোজ চুলতান  ডাঙৰীয়াই ।
তেখেতলৈ ধন্যবাদ জ্ঞাপন কৰিছো ।

☼ আমাৰ ফেচবুক ঠিকনা :
https://www.facebook.com/groups/372830512757409/

অসমীয়া চন ভাস্কৰাব্দৰ বিষয়ে

            সাধাৰণতেই বহুতো মানুহে কথাটো ভুলকৈয়ে বুজে ।  কেইবাদিনৰ পৰা কথাটো মনলৈ আহি থকাত ভাবিয়েই আছিলো, লিখিম...লিখিম.... ; আজি গতিকে লিখিমেই লিখিম । ভাল কাম সোনকালেই কৰা উচিত বুলি জনা লোকে এনেই নকয় ।
     কথাটো বাৰু ক'ম ; কি ক'ম পঢ়ি গ'লেই গম পাব । দিন গৈ ৰাতি হৈছে, পুনৰ দিন আহিছে, তাৰপিছত বছৰ বাগৰিছে । বয়সো লাহে-লাহে বাঢ়ি গৈয়েই আছে কিন্তু, শিকনৰ দিশৰে বয়সক ৰিজাই চালে আমি প্ৰতিজনেই অনুভৱ কৰিম তথ্যৰ অনন্ত বিশালতাৰ আগত আমিবোৰ কিমান শিশু ! আজিৰ বিষয়বস্তু তেনেই সাধাৰণ । অধিকাংশই কথাটো জানে । তাৰমানে এনেকুৱাওটো নহয় যে সকলোৱেই জানে ।
      একালত এই ভুলটো মোৰো আছিল ।  অসমীয়া চন বুলিলে বহুতৰ মাজৰে এজন হৈ ময়ো ভাবিছিলো "শক" বা "শকাব্দ"-কে বুলি  কাৰণ, ভাৰতীয় বৰ্ষপঞ্জীত বছৰ গণনাৰ এই হিচাপটো বেছি জনপ্ৰিয় । আমাৰ অসমীয়া সমাজতো আমি সৰুৰেপৰাই শকৰ নাম শুনি আহিছো । কিন্তু "শক" অসমীয়া চন হয়জানো ?

      দৰাচলতে "শক" বা "শকাব্দ" হৈছে আমাৰ দেশীয় বৰ্ষপঞ্জীত বছৰ গণনা কৰিবলৈ ব্যৱহাৰ কৰি অহা এটা চন । খ্ৰীষ্টাব্দৰ পৰা "শক" বা "শকাব্দ" পাবলৈ আমি ৭৮ বছৰ বিয়োগ কৰিব লাগে বা শকৰ পৰা খ্ৰীষ্টাব্দ পাবলৈ শকৰ লগত ৭৮ বছৰ যোগ কৰিব লাগে । কিন্তু, এই "শক" কেৱল অসমীয়া নহয় ।
এতিয়া কথা হ'ল অসমীয়া চন বুলিলে তেন্তে কি বুজিম ?
অসমীয়া চন বুলি আমি সাধাৰণতে "ভাস্কৰাব্দ" কথাকে প্ৰথমে উল্লেখ কৰিব লাগিব আৰু তাৰ লগতে ক'ব পাৰোঁ "শঙ্কৰাব্দ"-ৰ কথা । আজিৰ এই প্ৰসঙ্গত অামি কেৱল "ভাস্কৰাব্দ"-ৰ কথাকেইহে আলোচনা কৰিম । 

       আমি নিশ্চয় জানো, "অব্দ" শব্দৰ অৰ্থ হৈছে "বছৰ"কামৰূপৰাজ ভাস্কৰ বৰ্মন ৰাজ-সিহাসনত আৰোহণ কৰাৰ দিনৰে পৰা প্ৰচলন হৈ আহিছে "ভাস্কৰাব্দৰ" ভিত্তিত অসমীয়া চন গণনা প্ৰক্ৰিয়া । "ভাস্কৰাব্দ"-ৰ বিষয়ে ক'বলৈ যোৱাৰ আগতে উল্লেখ কৰিব বিচাৰিছো কুমাৰ ভাস্কৰ বৰ্মণৰ বিষয়ে এটি চমুটোকা ।

          কুমাৰ ভাস্কৰ বৰ্মণ আছিল পুৰণি কামৰূপৰ বৰ্মণ বংশৰ শ্ৰেষ্ঠতম ৰাজা । পুষ্য বৰ্মন আছিল এই বংশৰ প্ৰতিষ্ঠাতা আৰু এই বংশই কামৰূপত প্ৰায় ৩০০ বছৰ কাল ৰাজত্ব কৰিছিল । বৰ্মণ বংশৰ আগত কামৰূপৰ বিষয়ে  ইতিহাস আছিল কিছু পৰিমাণে অস্পষ্ট । পুষ্য বৰ্মণ গুপ্ত যুগৰ সম্ৰাট সমুদ্ৰগুপ্তৰ সমসাময়িক ৰজা আছিল । 
বৰ্মন বংশৰ প্ৰতিষ্ঠাতা পুষ্য বৰ্মণৰ পৰা আহি-আহি এই বংশৰ ত্ৰয়োদশজন ৰজা আছিল "ভাস্কৰ বৰ্মণ" । 
    ইফালে, গুপ্ত বংশৰ পতনৰ পাছত ভাৰতত কিছুমান সৰু-সৰু ৰাজ্যৰ উত্থান ঘটিছিল । সেই সময়ত বৰ্তমানৰ হাৰিয়ানা ৰাজ্যত "থানেশ্বৰ" নামে এখন ৰাজ্য প্ৰতিষ্ঠা হৈছিল । থানেশ্বৰৰ প্ৰতিষ্ঠাপক আছিল প্ৰভাকৰবৰ্ধন । এই ৰাজ্যৰ তৃতীয়জন ৰজা আছিল "শিলাদিত্য" । ইতিহাসৰ পাতত শিলাদিত্য ৰজা "হৰ্ষবৰ্ধন" নামৰেহে বেছি পৰিচিত । এওঁ ভনীয়েক ৰাজশ্ৰীৰ হৈ কনৌজ শাসন কৰিছিল আৰু পাছত থানেশ্বৰ আৰু কনৌজক একত্ৰিত কৰি কনৌজত ৰাজ্যৰ ৰাজধানী প্ৰতিষ্ঠা কৰিছিল ।
     হৰ্ষবৰ্ধন আছিল অতি প্ৰতাপী । এখেতৰ লগত মিত্ৰতা আছিল অসমৰ ভাস্কৰ বৰ্মণৰ । ভাস্কৰ বৰ্মণ অ-বিবাহিত থকাৰ সূত্ৰে ইতিহাসে তেখেতক "কুমাৰ ভাস্কৰ বৰ্মণ" বুলিও পৰিচয় দিয়ে । 
হৰ্ষবৰ্ধন আৰু অসমৰ কুমাৰ ভাস্কৰ বৰ্মণৰ যুগত নালান্দা বিশ্ববিদ্যালয়ত বৌদ্ধ ধৰ্মৰ বিষয়ে অধ্যয়ন কৰিবলৈ ভাৰতলৈ আহিছিল চীনা পৰিব্ৰাজক হিউৱেন চাং । অসমৰ কুমাৰ বৰ্মণ নিজে এজন হিন্দু ৰজা আছিল । তেওঁ আছিল উদাৰ পন্থি আৰু এজন জ্ঞানী ৰজা । পণ্ডিত লোকৰ প্ৰতি তেখেতৰ আছিল গভীৰ আস্থা আৰু সেয়ে চীনৰ এজন পণ্ডিতৰ ভাৰত আগমনৰ কথা জানি নিজ ৰাজ্যলৈকো তেখেতে সাদৰৰে আমন্ত্ৰণ কৰিছিল ।
ভাস্কৰ বৰ্মণৰ অনুৰোধত হিউৱেন চাং অসমলৈ আহিছিল আৰু অসমত প্ৰায় এমাহ থাকি তেখেতে সেই সময়ৰ অসমৰ বিৱৰণ তেখেতৰ ভাৰত ভ্ৰমণৰ গ্ৰন্থ "চি-ইউ-কি"-ত উল্লেখ কৰি গৈছিল । হিউৱেন চাঙৰ বিৱৰণৰ পৰা সেই সময়ৰ অসমৰ বহু তথ্য জানিব পৰা যায় । 
৫৯৪ খ্ৰীষ্টাব্দত কুমাৰ ভাস্কৰ বৰ্মনে কামৰূপৰ ৰাজ-সিংহাসনত আৰোহণ কৰিছিল । সেই দিনটো আছিল ১ ব'হাগ । সিংহাসনত আৰোহণ কৰি তেখেতে এটা চন আৰম্ভ কৰে । সেই চনটোৱেই হৈছে "ভাস্কৰাব্দ" । ইংৰাজী কেলেণ্ডাৰৰ কোনো এটা চন বা খ্ৰীষ্টাব্দৰ পৰা ভাস্কৰাব্দ কিমান সেই কথা মোটামুটি জানিব লগা হ'লে খ্ৰীষ্টাব্দৰ পৰা ৫৯৩ বিয়োগ কৰিব লাগে
যেনে : খ্ৰীষ্টাব্দ ২০২১ ত ভাস্কৰাব্দ হ'ব = ২০২১-৫৯৩ = ১৪২৮ ভাস্কৰাব্দ । তেনেকৈয়ে, ভাস্কৰাব্দৰ পৰা খ্ৰীষ্টাব্দ পাবলৈ ৫৯৩ খ্ৰীষ্টাব্দৰ লগত যোগ কৰিব লাগে ।
যেনে : ১৪২৮ ভাস্কৰাব্দ + ৫৯৩ = ২০২১ খ্ৰীষ্টাব্দ । 

      কথাখিনি পঢ়ি কেনে লাগিল জনাব । সকলোকে শ্ৰদ্ধা/শুভকামনা/মৰম জনাই আজিলৈ সামৰিছো,
                                        🙏
                         সকলোৰে  শুভ হওক !
                                    ধন্যবাদ
                         ➖➖➖➖➖➖➖
🌈আমাৰ ঠিকনা 📬 
                     ⚜ ফেচবুক জ্ঞান সম্ভাৰ
📶8⃣0⃣1⃣1⃣...... 
আমাৰ📧 ঠিকনা : facebookgyansambhar@gmail.com 
                      🎈ফেচবুক জ্ঞান সম্ভাৰ🎊
                                                                                                                                            🔅◀🔸🔸🔸🔴🔹🔹🔹▶🔅

অসম বুৰঞ্জীৰ এটি উজ্বল চৰিত্ৰ "সতী সাধনী"

এগৰাকী বীৰাঙ্গনাৰ কথাৰে
    ▬▬▬▬▬▬▬▬▬▬

প্ৰাচীন “দেৱীৰ দেশ” খ্যাত কামৰূপ আৰু ইয়াৰ কাষৰীয়া সু-বিশাল অঞ্চলৰে গঠিত প্ৰাচীন বৰ-অসমৰ নাৰীৰ গৰিমা আজিও বুৰঞ্জীৰ পৃষ্ঠাত জিলিকি থকা । অসমীয়া নাৰী যিদৰে বৰঘৰ শুৱনী তেনেই আজলী তেনেকৈয়ে কিন্তু সময়ে জ্বালিনীৰূপী বিধ্বংসী বনাগ্নী ; এক “কালহীৰা” । ইতিহাসৰ বিশাল পৃষ্ঠাত আজিও জিলিকি ৰোৱা এনে বহু কাহিনী আছে যাৰ বাবে অসম আৰু অসমীয়াই কাললৈ গৌৰৱ কৰিব পাৰে ।

সম্প্ৰতি,মাজনীশা মহানগৰীত কোনো মাতাল নাৰীৰ চিঞৰে আপোনাৰ টোপনি ভাঙিলে বা পদপথৰ স্বল্পবস্ত্ৰা কোনো নাৰীৰ খোজে কাৰোবাৰ দৃষ্টিত বিভ্ৰম ঘটালে  কি ভাৱে আমাক নক’ব, মই আলোচনাও কৰিব বিচৰা নাই তেওঁলোকৰ সেই তথাকথিত শিক্ষিত সমাজে অসমীয়া নাৰীৰ স্বৰ্ণীল ইতিহাসৰ ধাৰাবাহিকতাক কিদৰে অক্ষুণ্ণ ৰাখিবলৈ চেষ্টা কৰিব !!!
কিন্তু বুৰঞ্জীৰ পাতৰ পৰা এটা কথা ঠিকেই ক’ম, অসমীয়া নাৰী সুন্দৰী, সাহসী আৰু বিজয়িনী । সূৰ্যই চোব নোৱাৰা এজনী অসমীয়া নাৰীয়েও সময়ে স্বামী-সন্তান আৰু জাতিৰ বাবে অলপো আপোচ নকৰি প্ৰয়োজনত আত্মত্যাগ পৰ্যন্ত কৰিবলৈ কেৰেপ নকৰে । তাৰ সাক্ষ্য বহুতো আছে । জয়মতী আইৰ কথা নক’লোৱেইবা, মুলাগাভৰুৰ নাম শুনিলেও তেজে পিৰ-পিৰণি ধৰে । সৌ কেইটামান দশকৰ আগতে শ্বহীদ ভোগেশ্বৰী ফুকননী……….! হেহ’ আনহে নালাগে অসমীয়া ষোড়শী জীয়ৰীয়েও খুদ ইংৰাজকে হুংকাৰ দিব পাৰে !

ফেচবুক জ্ঞান সম্ভাৰৰ মজিয়ালৈ আজি তেনে এগৰাকী অসমীয়া বীৰাঙ্গনাৰ কথাৰে আপোনালোকলৈ আগবঢ়াইছো চুতীয়া কুঁৱৰী “সতী সাধনী”-ৰ এক কৰুণ কাহিনীযুক্ত এই লেখা, আশা ৰাখো নিশ্চয় পঢ়িব । 

                                                                               
                                                                                                             ◄ধন্যবাদ►  
                                                                                                                                                                                      ফেচবুক জ্ঞান সম্ভাৰ
                                                                                                                                                      
                  ▬▬▬▬▬▬▬▬▬▬

                              
                                                           
     সাতৰাজ মাৰি একৰাজ কৰা আহোম সকলৰ অসম আগমনৰ বহু আগত পশ্চিম চীনৰ পৰা আহিছিল চুতীয়া সকল । এই ৰাজবংশটোৰ প্ৰতিষ্ঠাতা বীৰপাল, পুতেক গৌৰিনাৰায়ণ । গৌৰিনাৰায়ণেই ৰত্নধ্বজ পাল নামেৰে  চুতীয়া ৰাজ্যৰ আটাইতকৈ পৰাক্ৰমী ৰজা ।
এখেতৰ পাছত ১৫০৪ খ্ৰীষ্টাব্দত বীৰনাৰায়ণে ধৰ্মধ্বজ পাল নাম লৈ সিংহাসন আৰোহণ কৰে । বহুকাল নিঃসন্তান হৈ থকাত বহু সাধনাৰ অন্তত ৰজা ধৰ্মধ্বজে এটি কন্যা শিশু লাভ কৰিছিল । সাধনা কৰি পোৱাৰ বাবে ৰজাই নাম ৰাখিছিল “সাধনী” ।
ৰাজকাৰেঙৰ সীমাহিন আদৰৰ মাজত একলা-দুকলাকৈ ডাঙৰ হৈ আহিল ৰাজকন্যা । লাহে-লাহে জীৱন বসন্তইও ৰাজকন্যাক অপূৰ্ব ৰূপত সজাই পেলালে । ইফালে যেনে ৰূপৱতী “সাধনী” তেনে গুণৱতীও তেওঁ । 
কিন্তু…………,

স্নীগ্ধ জোনাকত জোনেও লাজ কৰা ৰূপহী কন্যাৰ মুখলৈ চাই পিতা ধৰ্মধ্বজৰ চিন্তা দিনক দিনে বাঢ়িবহে ধৰিলে । নিজে ৰজা হ’লেও এনেহেন সৰ্বগুণা কন্যাৰ উপযুক্ত পাত্ৰ বিচাৰি উলিওৱাটো ইমান সহজো নাহয় । ৰজাই দুখ কৰি এদিন কৈয়ে পেলালে : 

“সাধি-সাধি সাধনীক পালোঁ
সাধনীক দিবলৈ পাত্ৰ নাপালোঁ ।” 

সময় আগবাঢ়িল, ৰজাই মাত্ৰ সময় আৰু সুযোগ দুয়োটাৰেই অপেক্ষাত থাকিল । 
এদিন হঠাতে এটা আচৰিত সিদ্ধান্ত ৰজাই লৈ পেলালে । সেইদিনা ফুৰিবলৈ যোৱাৰ সময়ত মৈদামত এটা কেৰ্কেটুৱাক দেখি ৰজাৰ মনত এটা কথা সোমাল । যিয়ে একেপাট কাড়েঁৰে কেৰ্কেটুৱাটোক শৰবিদ্ধ কৰি মাটিত পেলাব পাৰিব তেওঁৰ হাততেই সাধনীক অৰ্পণ কৰা হ’ব ।
কথা মতেই কাম । মৈদামৰ ওচৰতে সয়ম্বৰ সভা পতা হ’ল । অভিজাত শ্ৰেণীৰ বহু পুৰুষৰ আগমনো ঘটিল । সকলোৱেই একেপাট কাড়েঁৰে কেৰ্কেটুৱাটোক শালি মাটিত পেলাবলৈ চেষ্টা কৰিলে য’দিও কোনো সফল হ’ব নোৱাৰাত নিতাই নামৰ এটা সাধাৰণ পৰিয়ালৰ চুতীয়া ল’ৰাই শৰ নিক্ষেপ কৰিবলৈ অনুমতি বিচাৰিলে ।

এষাৰ কথা আছে, মানুহৰ ভাগ্য বোলে ৰথৰ চকাৰ দৰে ; এবাৰ ওপৰলৈ আৰু তাৰপাছত আকৌ তললৈ, এনেদৰেই গতি কৰে । নিতাইৰো সেয়ে হ’ল । কোনেও কৰিব নোৱাৰা কামটো শেষত নিতায়েহে কৰি দেখুৱালে । একেপাট শৰতে কেৰ্কেটুৱা আহি মাটিত পৰিল । তাৰ লগে-লগে যেন এজাক প্ৰচণ্ড ধুমুহাই চুতীয়া ৰাজ্যক জোকাৰি গ’ল । কেৱল ধুমুহাই নহয়, চুতীয়া ৰাজ্যৰ বৰভেঁটিৰ ওপৰদি যোৱা ই আছিলএজাক কাল-ধুমুহা ।

      নীতাইৰ সফলতাই ৰজা ধ্বৰ্মপালক বাকৰুদ্ধ কৰিলেও তেওঁ বাক্যত বন্দী । সেয়ে আদৰৰ কন্যাক নিতাইৰ হাতত তুলি দি জুপুৰিৰ নিতাইক ৰাজকাৰেঙলৈ উঠাই অনা হ’ল । ইমানেই নহয়, জোঁৱায়েক নিতাইৰ হাতত চুতীয়া ৰাজ্যৰ সকলো এৰি ৰজা বনবাসলৈ ওলাল ।
চুতীয়া ৰাজ্যত পৰিৱৰ্তনৰ সতে পৰিৱৰ্তনবোৰ ক্ষিপ্ৰতাৰেই আহিল । এসাঁজ খাই আনসাঁজলৈ ভবা জনে যেতিয়া ৰাজভোগৰ সুখত উঠিব নোৱাৰা হয় তেতিয়া পৰিৱৰ্তনবোৰ ক্ষিপ্ৰতাৰে আহেই । ৰাজমহলত নোপোৱাই পোৱাৰ আনন্দত তেতিয়া সুখৰ বন্যা নামি কাৰোবাৰ সুখবোৰকেই যে উটোৱাই লৈ গ’ল নিতায়ে অনুভৱ কৰিব নোৱাৰিলে । ক্ষমতালৈ আহি  তেওঁ প্ৰথমে অভিজ্ঞ আৰু পুৰণি ৰাজ-বিষয়া সকলক আঁতৰাই নিজৰ বন্ধু সকলক  বৰবাব দি নিজে নীতিপাল নাম লৈ ক্ষমতাত বহিল । 
 ৰাজকাৰ্যত অনভিজ্ঞ ৰজাৰ অনভিজ্ঞ পাৰিষদে একালৰ পৰাক্ৰমী ৰজা ৰত্নধ্বজ পালৰ শক্তিশালী ৰাজ্যত ধ্বংসৰ আখৰা কৰাত সাধনীয়ে সহ্য কৰিব নোৱাৰিলে । শাষনকাৰ্যত তেওঁ মাত মাতিবলৈ বাধ্য হ’ল । ফেচবুক জ্ঞান সম্ভাৰৰ মাননীয় পাঠকবৃন্দ, আপোনালোকে নিশ্চয় জানে যে এসমৰ শক্তিশালী চুতীয়া ৰাজ্যত নীতিপালৰ সময়ত দুৰৱস্থাৰ সীমা নোহোৱা হৈছিল আৰু সেই সময়ত সেই ৰাজবংশৰ শেষ ৰাণী “সাধনী”-য়ে পিতামহৰ খ্যাতি ধৰি ৰাখিবলৈ আপ্ৰাণ চেষ্টা চলাইছিল ।

        ইফালে  ৰাজনীতিত অভিজ্ঞ পৰাক্ৰমী আহোম সকলে এনে সুৱৰ্ণ সুযোগৰ অপেক্ষাত বহুদিনৰ পৰাই বাট চাই আছিল । এতিয়া নীতিপালৰ দুৰ্বল নীতিয়ে সেই বাট সুগম কৰাত তেওঁলোক বহি নাথাকিল ।  
আহোম সাম্ৰাজ্যৰ ৰাজপাটত তেতিয়া “চুহুংমুং” অথবা স্বৰ্গ নাৰায়নৰ ৰাজত্বকাল । স্বৰ্গদেৱে নীতিপালৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিলে । 
আহোম আৰু চুতীয়াৰ মাজত ৰণৰ ডংকা বাজিল । তয়াময়া যুদ্ধ হ’ল । যুদ্ধত আহোম জিকিল আৰু নীতিপালে সন্ধিৰ প্ৰস্তাৱ দিয়াত আহোম ৰজাই চৰ্ত অনুসৰি চুতীয়া ৰাজ্যত থকা ৰাজলক্ষ্মী খ্যাত এক কালিকা লগা সম্পত্তিৰ লগত ৰাজ পৰিয়ালৰ এজনী কন্যাক বিচাৰিলে । চুতীয়া ৰজাই এগৰাকী ৰাজকন্যাক দিলেও সেই সম্পত্তি যে দিব নোৱাৰে তাক স্পষ্ট কৰি দিলে । বিপদ আকৌ অহাৰ আগতেই এটা দুৰ্গ নিৰ্মাণ কৰিছিল য’দিও আহোম সৈন্যই তাক ভাঙি পেলালে ।
নীতিপাল, সাধনী কুঁৱৰী আৰু চুতীয়া সৈন্যই শেষত চন্দনগিৰি পাহাৰত আশ্ৰয় লৈছিলগৈ । সেই সময়ত সাধনী কুঁৱৰীয়ে আহোম ৰাজ শক্তিক বাধা দিবলৈ এটা মহিলা বাহিনী গঠন কৰাটো তাৎপৰ্যপূৰ্ণ । পাহাৰৰ শিল বাগৰাই আহোম সৈন্যক বাধা দিয়া হ’ল । সাধনীয়ে নিজেও প্ৰৱল পৰাক্ৰমৰে যুঁজিবলৈ আগবাঢ়ি আহিল । আকৌ যুদ্ধ চলিল । সেয়া ১৬১৯ চনৰ কথা । চুতীয়া ৰাজ্যৰ বেলি মাৰ যোৱাৰ সময় । আহোম আৰু চুতীয়াৰ সেই যুদ্ধত নীতিপালৰ মৃত্যু হোৱাৰ পাছত আহোম সেনাই সাধনী কুঁৱৰীলৈ দুটা প্ৰস্তাৱ পঠালে । 
প্ৰথম প্ৰস্তাৱ মতে চুতীয়া ৰাজ্য আহোমৰ অন্তৰ্ভূক্ত কৰিব লাগে আৰু
দ্বিতীয় প্ৰস্তাৱ মতে কুঁৱৰী সাধনীয়ে আহোমৰ ৰাজকাৰেঙত স-সন্মানে প্ৰৱেশ কৰিবগৈ লাগে । 
  
সাধনী কুঁৱৰীৰ বাবে উক্ত প্ৰস্তাৱৰ দুয়োটাই আছিল যেনেকৈ বিষাক্ত তেনেকৈয়ে অসম্ভৱ । এফালে ৰাজ্য আৰু আনফালে সতীত্ব ; এটাকো এৰিব নোৱাৰে তেওঁ । আকৌ, তেওঁৰ বৰ্তমানত ৰাজ্যৰ সাৰ্বভৌমত্বত সৰ্বনাশ ঘটিব আৰু তেওঁ চাই থাকিব কিদৰে !
নিৰোপাই ৰাণীয়ে উপায়ৰ বাট বিচাৰি একোৱেই নাপালে ।
অৱশেষত সেই দিনটো আহিল । অসমীয়া ১৪৪৫ শকৰ দিনটো আছিল ৭ ব’হাগ, ইংৰাজীৰ ২১ এপ্ৰিল । উপায়ন্তৰ ৰাণীয়ে শেষ পথটোকেই বাচি ল’লে । পিতামহৰ সেই ৰাজলক্ষ্মীক বুকুট সাৱটি চন্দনগিৰি পৰ্বতৰ পৰা চুতীয়া ৰাজ্যৰ শেষ গৰাকী ৰাণীয়ে জীৱণৰ শেষ জাঁপটোৰে জঁপিয়াই দিছিল ।

এনেকৈয়ে শেষ হৈছিল বুৰঞ্জীৰ এটা সোণালী পৃষ্ঠা । অসমৰ এগৰাকী জাতি-মাটিক ভালপোৱা বীৰাঙ্গনাৰ কৰুণ পৰিণতীত আজিও মধ্যযুগৰ বুৰঞ্জীয়ে উচুপি উঠে । 
আজিও বুৰঞ্জীয়ে কয়, দেওলগা অসমৰ নাৰীৰ বীৰত্ব, সতীত্ব, সাহস আৰু আত্মত্যাগৰ বহুতো কথা ।

চুতীয়া ৰাণী সতী “সাধনী”-ৰ বীৰত্ব, স্বদেশপ্ৰেম আৰু আত্মত্যাগ সদায় জিলিকি ৰওক !
                                                 ধন্যবাদ

♦ন-ন তথ্যৰে ফেচবুকত ভাল কথা পাতিবলৈ আমি আছো আপোনাৰ সতে তলৰ ঠিকনাত । এখন নিজা প্ৰফাইল ফটো আৰু নিজা ঠিকনা যুক্ত আপোনাৰ ফেচবুক একাউন্টটোৰে আমাৰ মাজলৈ আহক । 

◄আমাৰ ফেচবুক ঠিকনা►
                           https://www.facebook.com/groups/372830512757409/
                                                     
                                      ফেচবুক জ্ঞান সম্ভাৰৰ হৈ
                                               ৰাজীৱ গোস্বামী

এক্সৰ বিষয়ে দুআষাৰ

      🧚এক্সৰ বিষয়ে জানি লওক :
⚔️▫️▫️▫️▫️▫️🔘▫️▫️▫️▫️▫️⚔️

          হয়, এক্সৰ বিষয়েও জানি লওক । তাতে বিহুৰো বতৰ । যিমানেই যি নহওক কিয়, বিহু বুলি অন্ততঃ আদান-প্ৰদান কৰিব মন যায় দিয়কচোন ! গতিকে সাঁ‌জি-কাচি বজাৰলৈ যোৱাৰ আগতে এক্সৰ বিষয়ে জানি যোৱাটো ভাল ।
আজিকালি আক' মহিলাসকলেও বজাৰ কৰিবলৈ অলপ ভালপায় । বিশেষকৈ কাপোৰৰ দোকান, মনিহাৰিৰ দোকান আদিবোৰত তেখেতসকলৰ ভিৰ বেছি । কিন্তু বহু মানুহে বিশেষকৈ, বহুতো মহিলাই এক্সৰ বিষয়ে নাজানে । তেনেক্ষেত্ৰত পুৰুষৰ কাপোৰ যেনে চাৰ্ট, স্প'ৰ্টিং আদি কিনোতে চোলাৰ আকাৰৰ পৰিমাপটোৰ বিষয়ে জানি লোৱাটো ভাল । 

     পুৰুষৰ চোলা কিনোতে চোলাটো কিমান ডাঙৰ সেয়া কেইটামান নিৰ্দিষ্ট ইংৰাজী বৰ্ণমালাৰে উল্লেখ কৰি থোৱা থাকে । সেইকেইটা হ'ল S, ES, M, L, XL, XXL, XXXL । প্ৰতিটো মাপৰে আকৌ সাংখ্যিক মান আছে যিটো চে.মিটাৰত ধৰা হয় । এই বৰ্ণকেইটাৰ সাংখ্যিক জোখটোৱে দৰাচলতে চোলাটোৰ কলাৰটো কিমান ডাঙৰ তাৰ ওপৰত নিৰ্ভৰ কৰি চে.মি-ৰ জোখত প্ৰকাশ কৰে । কলাৰটো যিমান চে.মিটাৰ ডাঙৰ হ'ব সেই অনুপাতেই চোলাটোৰ গাটোও বাঢ়িব ।

          সংক্ষিপ্তকৈ চাৰ্টৰ কলাৰটোৰ তলতে লিখি থোৱা এই বৰ্ণকেইটাৰ প্ৰত্যেকৰে অৰ্থ আৰু প্ৰতিটোৰে জোখ আছে । ইয়াত "S" বৰ্ণই Small বুজাই আৰু ভাৰতত ইয়াৰ জোখ হৈছে ৩৯ চে.মি । "XS" মানে Extra Small আৰু ইয়াৰ মাপ ৩৮ চে.মি । সেইদৰে "M" মানে Medium আৰু M-ৰ বাবে ৪১ চে.মি । যদি আপুনি দেখা পায় "L" লিখা আছে তেন্তে বুজিব ই Large বুজাইছে যিটো ৪২ চে.মি ডাঙৰ । 
এইবাৰহে আহো এক্সলৈ । জানি থোৱা ভাল । এক্স হ'লে অকলে নাথাকে । লগে-সংগেহে চাৰ্টৰ পিঠিত এক্সক দেখা পোৱা যায় । "X" মানে হৈছে Extra । গতিতে "XL" মানে Extra Large । ইয়াৰ মাপ প্ৰায় ৪৫ চে.মি.-ৰ সমান । অলপ শকত হিষ্ট-পুষ্ট মানুহৰ বাবে সাধাৰণতে জোখৰ । "XL"-তকৈ যদি অলপ ডাঙৰ লাগে বা মানুহজন যদি অলপ পেটুৱা হয় তেন্তে লাগিব "XXL" । এই জোখ প্ৰায় ৪৬-৪৭ চে.মি-ৰ হয় । 
আৰু যদি, মানুহজন ভাল শকত আৰু ভাল পেটুৱা হয় তেন্তেটো XXL-এ পাট্টা নাপাবও পাৰে । সেইজন XXXL-ৰহে যোগ্য যাৰ মাপ ৪৮ চে.মি ।

অৱশ্যেই উল্লেখ কৰি যাওঁ, কাপোৰৰ এই জোখটোৰ সাংখ্যিক মাপ সমগ্ৰ পৃথিৱীতে একেই নহয় অৱশ্যে, ইয়াৰ আশে-পাশে বুলিও ক'ব পাৰে। সেয়ে কেৱল আকাৰ বুজোৱা মাপটোৱেই নহয় কাপোৰ কিনিবলৈ গ'লে সঠিক জোখটো চেন্টিমিটাৰত জানিহে বজাৰলৈ বাট বুলিব । নহলে এবাৰ কাপোৰ কিনি পুনৰ দোকানলৈ দৌৰিব লাগিব ।

      শেষত সকলোকে ব'হাগ বিহুৰ উৰুকাৰ ওলগ জনাই সামৰিছো ।
                         ধন্যবাদ🙏

                  ➖➖➖➖➖➖➖
             🌈আমাৰ ঠিকনা 📬 

✉ https://www.facebook.com/groups/372830512757409/

          🔅◀🔸🔸🔸🔴🔹🔹🔹▶🔅

ৰোমান সংখ্যা

কিনো কৰো ভাবিয়ে পোৱা নাই ; কওঁ নে নকওঁ  🤔 ! নকলেও কথাৰ হেঁচাত পেটে গোজৰি-গোমৰি থাকে, আক' ক'লেও যদি ৰাইজৰ ভুকু-কিল পৰে ; বোলে ফেচবুক জ্ঞান সম্ভাৰলৈ আনি আমাক এক-দুই পঢ়িব দিছ.....বেটা !
কথা কিন্তু  তেনে নহয় । বিন্দুতেহে সিন্ধু থাকে বুলি মাষ্টৰেই দেখোন কয় । এই ধৰক ইংৰাজীৰ 7 টো লিখি দিলোৱেই নহয় ঘেচেককৈ পেটতো কাটি, যেন চিজাৰিং কৰা ডাক্তৰহে আমি ! আকৌ যে ইংৰাজী বা  অসমীয়াৰ ২-টো একেই ভাবি নিজৰ মতে বহীত দিওঁ পাতি ; সেইবোৰ কথা কি আলোচনা নকৰিমনে আজি ?

       ইংৰাজী দুই তেনেই লাজুকী , ন-কইনা সাজি তললৈ মূৰ কৰি কেনেকৈ যে থাকে বহি ! অসমীয়া দুইজনীয়ে ভাল, ভূমিত ভৰি ৰাখি আকাশ চুবৰ মনৰে ওপৰলৈ মূৰ কৰা  নিৰ্ভীক ৰমণী । অসমীয়া শূণ্যটোহে বৰ অহংকাৰী, গপতে মুখখন কৰি ৰাখে ফুলা লুচি । হ'লেও যেন পূৰ্ণীমাৰে শশী, মৰমতে শ্ব-কেচত থমনেকি ধৰি আনি ? ইংৰাজীৰ শূণ্যটোও ভাল, হ'লেও যেন হাঁহ কণী । কেতিয়াবা এনে লাগে ভোকতে যেন থম গিলি !

আৰু আছে বহু কথা ; সাতক চাত, তিনিক তিন অসমীয়াত একেবাৰে নহয় সঠিক । তেনেকৈয়ে "ন"-ক "নঞে" নকয়, "ন" শব্দৰ অৰ্থ "নতুনো" হয় ।
আৰু আছে বহু কথা । কথাৰ ভৰত পেট ভৰা । সকলোবোৰ বাৰু নকওঁ আজি, নিজলৈকো কিছু থৈছো সাঁচি । অলপ কথাটো ক'মেই ক'ম, জুহালতে গৈ বহি লম । আলু পুৰিব ধনিয়া কাটি, মুৰিৰ লগত খাম আজি । 😂
       

       বাৰু-বাৰু ধেমালি বহু হ'ল, এতিয়া অলপ বেলেগ কথালৈকে আহোঁ‌ । এই যে আমি ব্যৱহাৰ কৰি থকা সংখ্যা লিখাৰ পদ্ধতিটোক কিয় হিন্দু-আৰবীয় সংখ্যা লিখা পদ্ধতি বুলি কোৱা হয় সেই কথা এই দলতে কেইবাটাও বছৰৰ আগত আলোচনা কৰিছিলো । সংখ্যা লিখা এই পদ্ধতিটোৰ উপৰিও সমগ্ৰ বিশ্বতে প্ৰচলিত আন এটা পদ্ধতি হৈছে ৰোমান পদ্ধতি । "আৰ্বছ এন্টেনা" (Urbs Antenna" বা অসমীয়াত "যাউতিযুগীয়া চহৰ" খ্যাত ৰোমত ৯০০-৮০০ খ্ৰীষ্টপূৰ্বৰ ভিতৰত এই সংখ্যা লিখা পদ্ধতিৰ আৰম্ভণি হৈছিল বুলি কোনো-কোনো পণ্ডিতে মত দিব খোজে ।
বিবৰ্তনৰ মাজেৰে আহি-আহি আজিৰ ৰূপ পোৱা ৰোমান পদ্ধতিত  ব্যৱহৃত প্ৰতীকবোৰ পুৰণি লেটিন ভাষাৰ পৰা লোৱা । মূলতঃ সাতটা চিন বা প্ৰতীকৰ সমষ্টি এই ৰোমান সংখ্যাবোৰ । সেই কেইটা হ'ল :  I, V, X, L, C, D, আৰু M ।

এইখিনিতে দুটিমান আমোদজনক কথাও কৈ যাওঁ । কোনো-কোনো বিশেষজ্ঞসকলে ক'ব বিচাৰে যে ৰোমান অংক চিহ্ন "I" -টোৰ অন্তৰালত বা চিহ্নটো গ্ৰহণ কৰাৰ ক্ষেত্ৰত প্ৰতীকাত্মক ভাবে হাতৰ এটা আঙুলিক বুজাই লোৱা হৈছে । সেইদৰে "V"- টোক হাতৰ পাঁচটা আঙুলি মেলি দিলে তৰ্জনী আৰু বুঢ়া আঙুলিৰ মাজৰ V আকৃতিটোক মন কৰি গ্ৰহণ কৰা । আকৌ দুটা "V" ক ওলোটাকে লগ লগালে "X" পোৱা ৰূপটোৱে দুই হাতৰ আঙুলি দহটাক প্ৰতিকী ৰূপত প্ৰকাশ কৰে ।
আকৌ, "L" - ক ৰোমান সংখ্যা ৫০ বুজাবলৈ, "C"-ক ১০০ বুজাবলৈ, "D"-ক ৫০০ বুজাবলৈ আৰু "M"-ৰে ১০০০ বুজাবলৈ ব্যৱহাৰ কৰা হয় ।
    

     আপুনি জানেনে, ৰোমান সংখ্যা লিখা পদ্ধতিত কোনো এটা সংখ্যাত একেটা চিন তিনিবাৰতকৈ অধিকবাৰ ব্যৱহাৰ কৰা নহয় । এটা সংখ্যাত এটা প্ৰতীক যিমানবাৰ লিখা হয় সিমানবাৰেই তাৰ মান যোগ কৰা হয়, যেনে : III = ১+১+১ ।
সেইদৰে, ডাঙৰ প্ৰতীকৰ সোঁহাতে থকা সৰু প্ৰতীকৰ মান ডাঙৰ প্ৰতীকৰ লগত যোগ কৰা হয় আৰু ডাঙৰ প্ৰতীকৰ বাওঁহাতে থকা সৰু প্ৰতীকৰ মান ডাঙৰ প্ৰতীকৰ পৰা বিয়োগ কৰা হয় । যেনে :
XII = ১০ + ২ আৰু
IX = ১০-৯ ।
     শেষত এটা বৰ দৰকাৰী কথা কৈ মোৰ কথা সামৰিম । ঠাণ্ডা দিনৰ কথা নহয়জানো, ভাতমুুুুঠিও  পোহৰ থাকোতেই ৰান্ধিলো । তৰকাৰিৰ বাবে চবজি কুটি থৈছো ; কেৰাহীত বগৰোৱাৰহে কথা ।
কথাটো হ'ল, আমি জীৱনত বহু সৰু-সৰু কথাত ভুল কৰোঁ । ৰোমান সংখ্যাবোৰ লিখাৰ সময়ত আখৰটো ধুনীয়া হওক বুলি ছোৱালীয়ে মূৰত মৰা বেনডালৰ নিচিনাকে বেন এডাল কোনে-কোনে মাৰি দিয়ে কওকচোন বাৰু ।
বেন হ'লে বাৰু যেনে-তেনে দয়া কৰি মাষ্টৰে নম্বৰ দিছিল যদি নাজানো, কিছুমানে যে আখৰটোৰ ওপৰত মস্ত ভলুকা বাঁহৰ গুৰি এটাকে আনি পাৰি দিয়ে ! এই ভুল ৰূপটো ম'বাইলৰে লিখি দেখুৱাব নোৱাৰিলো কিন্তু, উল্লেখ কৰি যাওঁ যে কোনো ৰোমান প্ৰতীকৰ ওপৰত যদি এডাল আঁচ টনা হয় তেন্তে বুজিব লাগিব মূল প্ৰতীকটোৰ মানৰ এহেজাৰ গুণ বঢ়াই প্ৰকাশ কৰা হৈছে । যেনে : ৰোমান আখৰ V -ৰ ওপৰত যদি আপুনি এডাল আঁচ দিয়ে তাৰ অৰ্থ হ'ব : ৫ x ১০০০ = ৫০০০ ।

     তেনেহ'লে আজিলৈ সকলোকে শ্ৰদ্ধা জনাই সামৰাৰ আগতে স-শ্ৰদ্ধ প্ৰণাম জনাইছো সেইজনা মহান গণিতজ্ঞক যি গণিতৰ পিতৃভূমি স্বৰূপ এই মহান ভাৰতত ১৮৮৭ চনৰ আজিৰ দিনটোত (লেখাটো ২২  ডিচেম্বৰ ২০২১ তাৰিখে ফেচবুক জ্ঞান সম্ভাৰত লিখিছিলোঁ‌) জন্মগ্ৰহণ কৰি আমাক গৌৰৱাম্বিত কৰি গৈছিল । খুব কম সময়ৰ বাবে ধৰাধামত থাকি অসাধাৰণ প্ৰতিভাৰে বিশ্বমানৰ গণিতজ্ঞ হৈ পৰা "সংখ্যাৰ যাদুকৰ" খ্যাত শ্ৰী নিৱাস ৰামানুজন আয়েংগাৰৰ আজি জন্মদিন ।
ভাৰত চৰকাৰৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰদ্ধাৰ মনমোহন সিঙে ২০১২ চনৰ ২৬ ফেব্ৰুৱাৰি তাৰিখে মাদ্ৰাজ বিশ্ববিদ্যালয়ত তেখেতৰ জন্মদিনটোক ৰাষ্ট্ৰীয় গণিত দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্তৰ কথা ঘোষণা কৰিছিল
আজি "ৰাষ্ট্ৰীয় গণিত দিৱস" উপলক্ষ্যে সকলোকে পুনৰবাৰ শ্ৰদ্ধা/শুভেচ্ছা জ্ঞাপন কৰি সামৰিছো ।
                                                           ধন্যবাদ 🙏
                         ➕➖✖➗📐📏🖋
     🎤 ফেচবুকত দুটিমান ভাল কথা পাতিবলৈ আমি আছো আপোনাৰ সতে তলৰ ঠিকনাত 📬 । এখন ভাল প্ৰফাইল ফটো আৰু আপোনাৰ নাম-ঠিকনাযুক্ত ফেচবুক একাউন্টটোৰে আমাৰ মাজলৈ আহক 🔦
https://www.facebook.com/groups/372830512757409/
                  🔅ফেচবুক জ্ঞান সম্ভাৰ🔅

📶 8⃣0⃣1⃣1⃣......
                
                     💠🔹🔹🔹🔹🔹💠

অসমৰ "কেমেলিয়া ছাইনেনছিছ"

🔸আগকথা🔸 

        ইমান নিচাখোৰ ! নাপায়, বেয়াকথা । মাষ্টৰ মানুহ হৈ ইমান নিচাখোৰ হ'ব লাগেনে বাৰু ? নহ'লেই নহয়, একেবাৰেই নহ'লেই নহয় । এদিন খাবলৈ নাপালে কি হ'ব বাদেই দিয়ক ; এবেলা নাপালেই বোলে হাঁ‌হাকাৰ । মাষ্টৰ এজন হৈ ... । ক'লে বেয়া পাব । বোলে মাষ্টৰ হৈ আন এজন মাষ্টৰৰ বদনাম কৰিছে । কৰিমটো, কিয় নকৰিম । নিজে মাষ্টৰ হ'লো বুলিয়েই নকম নেকি ! অঁ‌...হওঁ‌তে এইটোও হয় যে বিড়ি, চিগাৰেট, চাধাৰ তেওঁ‌ একো নাখায় দেই, কিন্তু... । চিনাকি মাষ্টৰ এজনৰ কথা কৈছো । উজনিৰ মানুহ, আগৰ কাম এৰি স্কুলত সোমাইছিল। দেখাই-শুনাই, কামে-বনে ভাল । কম সময়তে অঞ্চলত এজন ভাল মাষ্টৰ বুলি সু-নামো গঢ়িছে । পিচে হ'লে কি হ'ব, নিচাখোৰ ; নিচাও নিচা একেবাৰে নহ'লেই নোহোৱাৰ নিচিনা । "কেমেলিয়া ছাইনেনছিছ" নামৰ উদ্ভিদবিধৰ পৰা প্ৰস্তুত কৰা এবিধ বিশেষ ৰঙা পানীয়ৰ প্ৰতি তেওঁ‌ বাৰুকৈয়ে আসক্ত । ইমানেই বেছি আসক্ত যে দুপৰীয়াৰ বিৰতিৰ সময়ত তেওঁ‌ক আৰু কোনেও ৰখাব নোৱাৰে । সেই সময়ত গাত গোঁ‌সাই নোহোৱা অৱস্থা এটা লৈ ছাৰ দৌৰ মাৰে সেই পানীয়কনৰ বাবে । নিজেতো যায়েই, লগতে আনকো বোলে টানি-আঁ‌জুৰি লৈ যায় । আৰু বুজিছেনে, তেওঁ‌ৰ সঙত পৰি-পৰি কম পৰিমাণে মোৰো আজিকালি অলপ গা ৰাইজাই লগা হৈছে । বেয়া কথা, নাপায় । মাষ্টৰ মানুহ ইমান নিচাখোৰ হ'ব নালাগে দেই। সি যি কি নহঁ‌ওক, ফেচবুক জ্ঞান সম্ভাৰৰ মজিয়ালৈ "কেমেলিয়া ছাইনেনছিছ"-ৰ বিষয়ে চমুকৈ হ'লেও কিছু কথা লৈ আহিছো । বিশেষকৈ আপোনালোকে জানে যে অসমত এই উদ্ভিদবিধৰ আৱিষ্কাৰ হোৱা প্ৰায় দুশ বছৰ পাৰ হৈ গৈছে । সেয়ে, দলৰ মজিয়াত আপোনালোকলৈ প্ৰথমবাৰৰ বাবে আজিৰ এই উপস্থাপন । 
                    ধন্যবাদ 🙏 
 
🌳🍃🍃🍃☕
 "কেমেলিয়া ছাইনেনছিছ" 

     অসমৰ উদ্ভিদ জগতৰ অতিকে পৰিচিত আৰু বিশ্বখ্যাত উদ্ভিদসমূহৰ ভিতৰত শীৰ্ষ স্থানৰ উদ্ভিদবিধেই হয়তো "কেমেলিয়া ছাইনেনছিছ" 🍃 । ইয়াৰ আকৌ দুটা প্ৰধান ভাগ আছে । তাৰে এবিধ অসমৰ নামৰে আৰু আনবিধ চীনা পৰিচয়ৰে অলংকৃত । অসমৰ নামৰে অসমৰ থলুৱা এই উদ্ভিদজোপাৰ বৈজ্ঞানিক নাম হৈছে Camellia sinensis var assamica "কেমেলিয়া ছাইনেনছিছ ভাৰ আচামিকা" আৰু চীনদেশীয় ইয়াৰ প্ৰজাতিটোৰ নাম Camellia sinensis var sinensis (L) । এইবিধ উদ্ভিদ কেমেলিয়া বৰ্গৰ আৰু থিয়েছি (theaceae) নামৰ গোত্ৰৰ ভিতৰত পৰে । উদ্ভিদবিধৰ বৈজ্ঞানিক নামটো পোনেই ক'লোৱেইবা কিন্তু লিখাৰ তাগিদাত বিষয়টোৰ বিষয়ে অলপ পঢ়িলোৱাৰ বাবেহে "কেমেলিয়া ছাইনেনছিছ" বুলিলে এতিয়া বুজিপাম তাৰ ব্যতিৰেকে যদি মোৰ আগত কোনোৱে আহি "কেমেলিয়া ছাইনেনছিছ" বুলি বাৰে-বাৰে কৈ থাকে মই বাৰু বুজি পামনে ? সেয়ে, মোৰেই ভুল বুজি এতিয়া ক'বলৈ লৈছো উদ্ভিদবিধৰ পৰিচিত নাম । 

        দৰাচলতে, চীন দেশৰ আখৈ ভাষাত হেনো ইয়াক "Te" (টি) বুলি লিখি "টে" বুলি কয় । অষ্টাদশ শতিকাৰ পৰা ইয়াক বৃটিছসকলে "TEA" বুলি ক'বলৈ আৰম্ভ কৰিছিল । আৰু যে অসমীয়াত আমি "চাহ" বা হিন্দীত "চায়" বুলো সিও চীনা ভাষাৰ পৰাই অহা । অসমত পোৱা থলুৱা চাহগছ বিলাক চীন দেশীয় চাহগছতকৈ ওখ । অসম, চীন, ম্যানমাৰৰ বিভিন্ন অঞ্চল এই উদ্ভিদবিধৰ জন্মস্থান বুলি ভবা হয় । জলবায়ু আৰু মাটিৰ গুণাগুণৰ ওপৰত নিৰ্ভৰকৰি এই ঠাইবোৰৰ বিভিন্ন অংশ চাহখেতিৰ বাবে অতিকে উপযুক্ত । বছৰি গড় হিচাপে ২০০ ছেন্টিমিটাৰ বৰষুণ হোৱা আৰু গড়ে ২৯°-তকৈ অধিক তাপ থকা ঠাই এই খেতিৰ বাবে উপযুক্ত । মাটিৰ অম্লতা ৪.৮-৫.২ pH-ৰ ভিতৰত হোৱা উচিত ।

       চাহৰ পাতত বিভিন্ন খনিজাত পদাৰ্থ থাকে । জিংক, মেংগানিজ, পটাছ, খ্নিজ লোণ ইত্যাদি । ভিটামিন খ-১ আৰু খ-২ চাহপাতত পোৱা যায় । কেফিন, হেমিছেলুল'জ,পেক্টিন, প্ৰ'টিন, চৰ্বী, ষ্টাৰ্চ, পলিফেনল, এমিন' এচিড, শৰ্কৰা, ইউৰিক এচিড ইত্যাদিৰে চাহপাতৰ ৰাসায়নিক গঠন ঘটিছে । ইয়াৰে কেফিনে শৰীৰ ভাগৰ নোহোৱা কৰাৰ লগতে টোপনি আঁ‌তৰোৱাতো সহায় কৰে ।

      এই গছৰ খেতি বৰ্তমানে ডালৰ কলম ধৰি আৰু গুটিৰ পৰাও কৰা হয় । অক্টোৱৰ-নৱেম্বৰ মাহ চাহপুলি ৰোৱাৰ বাবে উপযুক্ত সময় । চাহ অসমৰ এক অনন্য পৰিচয় । চিংফৌসকলৰ মাধ্যমৰে জৈৱ বৈচিত্ৰৰে ভৰা অসমলৈ চাহ গছৰ আগমন ঘটিছিল বুলি ভবা হয় যদিও বা চিংফৌসকলেই পোনতে অসমত চাহ পান কৰিছিল, তথাপি বৃটিছসকলৰ পৰাহে ই অসমত বিখ্যাত হৈ পৰাৰ লগতে পৰিচিতিমূলক নামকৰণ লাভ কৰে। ১৮৩২ চনত ৰবাৰ্ট ব্ৰুচ নামৰ চাহাব এজনক এজন চিংফৌ লোকে দুটিমান চাহ গছৰ পুলি দিছিল । ব্ৰুচ চাহাবে পুলি নি ভায়েক চি.এ. ব্ৰুচক দিয়েগৈ । তেওঁ‌ আকৌ পুলি কেইটামান দিয়েগৈ ডেভিদ স্কটক । স্কটে নি পুলিকেইটা চিনাক্তকৰণৰ বাবে কলিকতা স্থিত বোটানিকেল গাৰ্ডেনক পৰীক্ষাৰ বাবে দিয়ে । বোটানিকেল গাৰ্ডেনে সেয়া চাহ জাতীয় গছৰ পৰিয়ালৰে বুলি অভিমত দিলেও চীনত প্ৰস্তুত কৰা চাহ গছ নহয় বুলিহে জনায় । ১৮৩২ চনত অসমলৈ অহা কেপ্তেইন জেনকিন্সক চি.এ. ব্ৰুচে অসমৰ চাহগছৰ কথা অৱগত কৰিছিল । জেনকিন্সে লেফটানেন্ট চাৰ্লটনৰ লগত আলোচনা কৰি পাছলৈ কলিকতাৰ উদ্ভিদ বিজ্ঞানীসকলক বুজাই দিছিল যে চীন দেশীয় চাহ আৰু অসমত পোৱা উদ্ভিদবিধ একেই । ইতিমধ্যে অসমত চাহখেতিৰ ওপৰত গৱেষণা কৰিবলৈ এখন কমিটিও গঠন কৰা হৈছিল । ১৮৩৬ চনত ব্ৰুচ চাহাবে উপযুক্ত নহ'লেও চাহগছৰ পৰা চাহ তৈয়াৰ কৰিছিল । ১৮৩৭ চনত কেইটিমান চাহৰ বাকচ কলিকতা হৈ ইংলেণ্ডলৈ পঠিওৱা হৈছিল । কিন্তু কলিকতা গৈ পোৱাৰ আগতেই সেমেকি ভেকুৰ লগাত তাৰে কিছু অংশ ইংলেণ্ডলৈ পৰীক্ষণৰ কাৰণে পঠিওৱা হয় । ইংলেণ্ডৰ পৰা অসমৰ চাহ চীন দেশীয় চাহৰ দৰে উৎকৃষ্ট বুলি অভিমত অহাত অসমত চাহ খেতি বাণিজ্যিক ভাবে কৰাৰ পথ সুগম হৈ পৰে । ১৮৩৯ চন মানত চাহ উদ্যোগৰ বাবে "অসম কোম্পানী"-ৰো প্ৰতিষ্ঠা হয় । ১৮৫২ চনৰ পৰা এই কোম্পানীয়ে লাভৰ মুখ দেখাত চাহ উদ্যোগলৈ বিভিন্নজনৰ দৃষ্টি আকৰ্ষিত হয় । ক্ৰমে আৰু কোম্পানী অসমত জন্ম লৈ চাহ উদ্যোগক আৰু আগবঢ়াব ধৰিলে । এই উদ্যোগটোত কাম কৰিবলৈ বাহিৰৰ পৰাও বিভিন্ন মানুহক অসমলৈ অনা হৈছিল । চাৰ এডোৱাৰ্ড গেইট চাহাবে উল্লেখ কৰা মতে ১৯২১ চনৰ পিয়ল অনুসৰি চাহ উদ্যোগত কাম কৰিবলৈ অসমৰ বাহিৰৰ পৰা এক লাখ তেত্ৰিছ হাজাৰজন বনুৱাক অসমলৈ অনা হৈছিল যিটো আছিল অসমৰ জনসংখ্যাৰ ছয় ভাগৰ এক অংশ । গেইট চাহাবৰ তথ্য অনুসৰি এই উদ্যোগে ১৯২৩ চনলৈ পাঁ‌চ লাখ সাতাইছ হাজাৰজন লোকক কৰ্মসংস্থাপন দিছিল । চাহ অসমৰ এক প্ৰধান বাণিজ্যিক সম্পদ । তাৰ লগে-লগে অসমৰ গৌৰৱ । চাহ স্বাস্থ্যৰ বাবে বহুতো উপকাৰি গুণেৰেও সমৃদ্ধ । অৱশ্যে ইয়াৰ অপকাৰিতাও যে নাই তেনে নহয় । উচ্চ ৰক্তচাপ, নিদ্ৰাহীনতা আদি ৰোগৰ বাবে ই অপকাৰী । ৰোগৰ প্ৰসংগক বাদ দি আমাৰ গৌৰৱ চাহক লৈ আমি প্ৰতিজন অসমীয়াই গৌৰৱ কৰোঁ‌ । আমাৰ প্ৰিয় পানীয় হিচাপেও সেৱন কৰোঁ‌। অদূৰ ভৱিষ্যতলৈকো অসমৰ এই প্ৰাকৃতিক সম্পদবিধে অসম আৰু অসমীয়াৰ জয়গান বিশ্বৰ বুকোতে চিঞৰিব । তাৰে কামনাৰে এই লেখা পঢ়াৰ বাবে সকলোকে ধন্যবাদ জনাই আজিলৈ সামৰিছো 🙏 

                      🙏 জয় আই অসম🙏 

 📌 তথ্যৰ বাবে সহায়ক গ্ৰন্থ : 

 ♦️চাৰ এডোৱাৰ্ড গেইটৰ "A History of Assam" । ♦️অসম সাহিত্য সভাৰ "বিশ্বকোষ/দ্বিতীয় খণ্ড" । 

 ধন্যবাদ, শুভৰাত্ৰি 
 ➖➖➖➖➖➖➖ 

 🌈আমাৰ ঠিকনা 📬 
 ⚜ ফেচবুক জ্ঞান সম্ভাৰ⚜ ✉ https://www.facebook.com/groups/372830512757409/ 
                🔅◀🔸🔸🔸🔴🔹🔹🔹▶🔅

নতুন লেখা / ছবি

গ্ৰীষ্মৰ আতঙ্ক

ইমান অত্যাচাৰ ! নষ্টজোৱা, হতশ্ৰীহোৱাবোৰৰ পৰা সঁ‌চাই শান্তি নোহোৱা হৈছেগে । নাপায়, ইমান অত্যাচাৰী  হ'বগে নালাগে । যিহে অত্যাচাৰ হৈছে, যি ...