ইমান নিচাখোৰ !
নাপায়, বেয়াকথা । মাষ্টৰ মানুহ হৈ ইমান নিচাখোৰ হ'ব লাগেনে বাৰু ? নহ'লেই নহয়, একেবাৰেই নহ'লেই নহয় । এদিন খাবলৈ নাপালে কি হ'ব বাদেই দিয়ক ; এবেলা নাপালেই বোলে হাঁহাকাৰ । মাষ্টৰ এজন হৈ ... ।
ক'লে বেয়া পাব । বোলে মাষ্টৰ হৈ আন এজন মাষ্টৰৰ বদনাম কৰিছে । কৰিমটো, কিয় নকৰিম । নিজে মাষ্টৰ হ'লো বুলিয়েই নকম নেকি ! অঁ...হওঁতে এইটোও হয় যে বিড়ি, চিগাৰেট, চাধাৰ তেওঁ একো নাখায় দেই, কিন্তু... ।
চিনাকি মাষ্টৰ এজনৰ কথা কৈছো । উজনিৰ মানুহ, আগৰ কাম এৰি স্কুলত সোমাইছিল। দেখাই-শুনাই, কামে-বনে ভাল । কম সময়তে অঞ্চলত এজন ভাল মাষ্টৰ বুলি সু-নামো গঢ়িছে । পিচে হ'লে কি হ'ব, নিচাখোৰ ; নিচাও নিচা একেবাৰে নহ'লেই নোহোৱাৰ নিচিনা । "কেমেলিয়া ছাইনেনছিছ" নামৰ উদ্ভিদবিধৰ পৰা প্ৰস্তুত কৰা এবিধ বিশেষ ৰঙা পানীয়ৰ প্ৰতি তেওঁ বাৰুকৈয়ে আসক্ত । ইমানেই বেছি আসক্ত যে দুপৰীয়াৰ বিৰতিৰ সময়ত তেওঁক আৰু কোনেও ৰখাব নোৱাৰে । সেই সময়ত গাত গোঁসাই নোহোৱা অৱস্থা এটা লৈ ছাৰ দৌৰ মাৰে সেই পানীয়কনৰ বাবে । নিজেতো যায়েই, লগতে আনকো বোলে টানি-আঁজুৰি লৈ যায় । আৰু বুজিছেনে, তেওঁৰ সঙত পৰি-পৰি কম পৰিমাণে মোৰো আজিকালি অলপ গা ৰাইজাই লগা হৈছে ।
বেয়া কথা, নাপায় । মাষ্টৰ মানুহ ইমান নিচাখোৰ হ'ব নালাগে দেই। সি যি কি নহঁওক, ফেচবুক জ্ঞান সম্ভাৰৰ মজিয়ালৈ "কেমেলিয়া ছাইনেনছিছ"-ৰ বিষয়ে চমুকৈ হ'লেও কিছু কথা লৈ আহিছো । বিশেষকৈ আপোনালোকে জানে যে অসমত এই উদ্ভিদবিধৰ আৱিষ্কাৰ হোৱা প্ৰায় দুশ বছৰ পাৰ হৈ গৈছে । সেয়ে, দলৰ মজিয়াত আপোনালোকলৈ প্ৰথমবাৰৰ বাবে আজিৰ এই উপস্থাপন ।
ধন্যবাদ 🙏
🌳🍃🍃🍃☕
"কেমেলিয়া ছাইনেনছিছ"
অসমৰ উদ্ভিদ জগতৰ অতিকে পৰিচিত আৰু বিশ্বখ্যাত উদ্ভিদসমূহৰ ভিতৰত শীৰ্ষ স্থানৰ উদ্ভিদবিধেই হয়তো "কেমেলিয়া ছাইনেনছিছ" 🍃 । ইয়াৰ আকৌ দুটা প্ৰধান ভাগ আছে । তাৰে এবিধ অসমৰ নামৰে আৰু আনবিধ চীনা পৰিচয়ৰে অলংকৃত । অসমৰ নামৰে অসমৰ থলুৱা এই উদ্ভিদজোপাৰ বৈজ্ঞানিক নাম হৈছে Camellia sinensis var assamica "কেমেলিয়া ছাইনেনছিছ ভাৰ আচামিকা" আৰু চীনদেশীয় ইয়াৰ প্ৰজাতিটোৰ নাম Camellia sinensis var sinensis (L) ।
এইবিধ উদ্ভিদ কেমেলিয়া বৰ্গৰ আৰু থিয়েছি (theaceae) নামৰ গোত্ৰৰ ভিতৰত পৰে ।
উদ্ভিদবিধৰ বৈজ্ঞানিক নামটো পোনেই ক'লোৱেইবা কিন্তু লিখাৰ তাগিদাত বিষয়টোৰ বিষয়ে অলপ পঢ়িলোৱাৰ বাবেহে "কেমেলিয়া ছাইনেনছিছ" বুলিলে এতিয়া বুজিপাম তাৰ ব্যতিৰেকে যদি মোৰ আগত কোনোৱে আহি "কেমেলিয়া ছাইনেনছিছ" বুলি বাৰে-বাৰে কৈ থাকে মই বাৰু বুজি পামনে ? সেয়ে, মোৰেই ভুল বুজি এতিয়া ক'বলৈ লৈছো উদ্ভিদবিধৰ পৰিচিত নাম ।
দৰাচলতে, চীন দেশৰ আখৈ ভাষাত হেনো ইয়াক "Te" (টি) বুলি লিখি "টে" বুলি কয় । অষ্টাদশ শতিকাৰ পৰা ইয়াক বৃটিছসকলে "TEA" বুলি ক'বলৈ আৰম্ভ কৰিছিল ।
আৰু যে অসমীয়াত আমি "চাহ" বা হিন্দীত "চায়" বুলো সিও চীনা ভাষাৰ পৰাই অহা ।
অসমত পোৱা থলুৱা চাহগছ বিলাক চীন দেশীয় চাহগছতকৈ ওখ । অসম, চীন, ম্যানমাৰৰ বিভিন্ন অঞ্চল এই উদ্ভিদবিধৰ জন্মস্থান বুলি ভবা হয় । জলবায়ু আৰু মাটিৰ গুণাগুণৰ ওপৰত নিৰ্ভৰকৰি এই ঠাইবোৰৰ বিভিন্ন অংশ চাহখেতিৰ বাবে অতিকে উপযুক্ত ।
বছৰি গড় হিচাপে ২০০ ছেন্টিমিটাৰ বৰষুণ হোৱা আৰু গড়ে ২৯°-তকৈ অধিক তাপ থকা ঠাই এই খেতিৰ বাবে উপযুক্ত । মাটিৰ অম্লতা ৪.৮-৫.২ pH-ৰ ভিতৰত হোৱা উচিত ।
চাহৰ পাতত বিভিন্ন খনিজাত পদাৰ্থ থাকে । জিংক, মেংগানিজ, পটাছ, খ্নিজ লোণ ইত্যাদি । ভিটামিন খ-১ আৰু খ-২ চাহপাতত পোৱা যায় ।
কেফিন, হেমিছেলুল'জ,পেক্টিন, প্ৰ'টিন, চৰ্বী, ষ্টাৰ্চ, পলিফেনল, এমিন' এচিড, শৰ্কৰা, ইউৰিক এচিড ইত্যাদিৰে চাহপাতৰ ৰাসায়নিক গঠন ঘটিছে । ইয়াৰে কেফিনে শৰীৰ ভাগৰ নোহোৱা কৰাৰ লগতে টোপনি আঁতৰোৱাতো সহায় কৰে ।
এই গছৰ খেতি বৰ্তমানে ডালৰ কলম ধৰি আৰু গুটিৰ পৰাও কৰা হয় । অক্টোৱৰ-নৱেম্বৰ মাহ চাহপুলি ৰোৱাৰ বাবে উপযুক্ত সময় ।
চাহ অসমৰ এক অনন্য পৰিচয় । চিংফৌসকলৰ মাধ্যমৰে জৈৱ বৈচিত্ৰৰে ভৰা অসমলৈ চাহ গছৰ আগমন ঘটিছিল বুলি ভবা হয় যদিও বা চিংফৌসকলেই পোনতে অসমত চাহ পান কৰিছিল, তথাপি বৃটিছসকলৰ পৰাহে ই অসমত বিখ্যাত হৈ পৰাৰ লগতে পৰিচিতিমূলক নামকৰণ লাভ কৰে।
১৮৩২ চনত ৰবাৰ্ট ব্ৰুচ নামৰ চাহাব এজনক এজন চিংফৌ লোকে দুটিমান চাহ গছৰ পুলি দিছিল । ব্ৰুচ চাহাবে পুলি নি ভায়েক চি.এ. ব্ৰুচক দিয়েগৈ । তেওঁ আকৌ পুলি কেইটামান দিয়েগৈ ডেভিদ স্কটক । স্কটে নি পুলিকেইটা চিনাক্তকৰণৰ বাবে কলিকতা স্থিত বোটানিকেল গাৰ্ডেনক পৰীক্ষাৰ বাবে দিয়ে । বোটানিকেল গাৰ্ডেনে সেয়া চাহ জাতীয় গছৰ পৰিয়ালৰে বুলি অভিমত দিলেও চীনত প্ৰস্তুত কৰা চাহ গছ নহয় বুলিহে জনায় ।
১৮৩২ চনত অসমলৈ অহা কেপ্তেইন জেনকিন্সক চি.এ. ব্ৰুচে অসমৰ চাহগছৰ কথা অৱগত কৰিছিল । জেনকিন্সে লেফটানেন্ট চাৰ্লটনৰ লগত আলোচনা কৰি পাছলৈ কলিকতাৰ উদ্ভিদ বিজ্ঞানীসকলক বুজাই দিছিল যে চীন দেশীয় চাহ আৰু অসমত পোৱা উদ্ভিদবিধ একেই । ইতিমধ্যে অসমত চাহখেতিৰ ওপৰত গৱেষণা কৰিবলৈ এখন কমিটিও গঠন কৰা হৈছিল ।
১৮৩৬ চনত ব্ৰুচ চাহাবে উপযুক্ত নহ'লেও চাহগছৰ পৰা চাহ তৈয়াৰ কৰিছিল । ১৮৩৭ চনত কেইটিমান চাহৰ বাকচ কলিকতা হৈ ইংলেণ্ডলৈ পঠিওৱা হৈছিল । কিন্তু কলিকতা গৈ পোৱাৰ আগতেই সেমেকি ভেকুৰ লগাত তাৰে কিছু অংশ ইংলেণ্ডলৈ পৰীক্ষণৰ কাৰণে পঠিওৱা হয় । ইংলেণ্ডৰ পৰা অসমৰ চাহ চীন দেশীয় চাহৰ দৰে উৎকৃষ্ট বুলি অভিমত অহাত অসমত চাহ খেতি বাণিজ্যিক ভাবে কৰাৰ পথ সুগম হৈ পৰে ।
১৮৩৯ চন মানত চাহ উদ্যোগৰ বাবে "অসম কোম্পানী"-ৰো প্ৰতিষ্ঠা হয় । ১৮৫২ চনৰ পৰা এই কোম্পানীয়ে লাভৰ মুখ দেখাত চাহ উদ্যোগলৈ বিভিন্নজনৰ দৃষ্টি আকৰ্ষিত হয় । ক্ৰমে আৰু কোম্পানী অসমত জন্ম লৈ চাহ উদ্যোগক আৰু আগবঢ়াব ধৰিলে । এই উদ্যোগটোত কাম কৰিবলৈ বাহিৰৰ পৰাও বিভিন্ন মানুহক অসমলৈ অনা হৈছিল । চাৰ এডোৱাৰ্ড গেইট চাহাবে উল্লেখ কৰা মতে ১৯২১ চনৰ পিয়ল অনুসৰি চাহ উদ্যোগত কাম কৰিবলৈ অসমৰ বাহিৰৰ পৰা এক লাখ তেত্ৰিছ হাজাৰজন বনুৱাক অসমলৈ অনা হৈছিল যিটো আছিল অসমৰ জনসংখ্যাৰ ছয় ভাগৰ এক অংশ ।
গেইট চাহাবৰ তথ্য অনুসৰি এই উদ্যোগে ১৯২৩ চনলৈ পাঁচ লাখ সাতাইছ হাজাৰজন লোকক কৰ্মসংস্থাপন দিছিল ।
চাহ অসমৰ এক প্ৰধান বাণিজ্যিক সম্পদ । তাৰ লগে-লগে অসমৰ গৌৰৱ । চাহ স্বাস্থ্যৰ বাবে বহুতো উপকাৰি গুণেৰেও সমৃদ্ধ । অৱশ্যে ইয়াৰ অপকাৰিতাও যে নাই তেনে নহয় । উচ্চ ৰক্তচাপ, নিদ্ৰাহীনতা আদি ৰোগৰ বাবে ই অপকাৰী । ৰোগৰ প্ৰসংগক বাদ দি আমাৰ গৌৰৱ চাহক লৈ আমি প্ৰতিজন অসমীয়াই গৌৰৱ কৰোঁ । আমাৰ প্ৰিয় পানীয় হিচাপেও সেৱন কৰোঁ। অদূৰ ভৱিষ্যতলৈকো অসমৰ এই প্ৰাকৃতিক সম্পদবিধে অসম আৰু অসমীয়াৰ জয়গান বিশ্বৰ বুকোতে চিঞৰিব ।
তাৰে কামনাৰে এই লেখা পঢ়াৰ বাবে সকলোকে ধন্যবাদ জনাই আজিলৈ সামৰিছো 🙏
🙏 জয় আই অসম🙏
📌 তথ্যৰ বাবে সহায়ক গ্ৰন্থ :
♦️চাৰ এডোৱাৰ্ড গেইটৰ "A History of Assam" ।
♦️অসম সাহিত্য সভাৰ "বিশ্বকোষ/দ্বিতীয় খণ্ড" ।
ধন্যবাদ, শুভৰাত্ৰি
➖➖➖➖➖➖➖
🌈আমাৰ ঠিকনা 📬
⚜ ফেচবুক জ্ঞান সম্ভাৰ⚜ ✉ https://www.facebook.com/groups/372830512757409/
🔅◀🔸🔸🔸🔴🔹🔹🔹▶🔅
No comments:
Post a Comment