মৃত্যুৰ গ্ৰন্থ

🦴▫️▫️🔘▫️▫️♦️

আজিলৈকে দুটাকৈ ভ্ৰাম্যমাণ নাট্য দলে আমাৰ গাঁৱতেই তেওঁলোকৰ নাট্যাভিনয় চিৰদিনৰ বাবে সামৰণি মাৰিছিল । তাৰে প্ৰথমটো আছিল "বৰলুইত" ; খুব সম্ভৱ মৰিগাঁৱৰ নাট্যগোষ্ঠী । 
নব্বৈ দশকৰ শেষৰফালে দলটোৰ শেষ পেণ্ডেল আমাৰ গাঁৱতে পৰিছিল আৰু তেওঁলোকৰ কোনো নিজা সমস্যাৰ বাবেই দলটো ধ্বংস হৈছিল বুলি শুনিছিলো । 
তেতিয়া সৰু আছিলো বাবে সকলোবোৰ কথা বৰ বেছি মনত নাই কিন্তু আমাৰ গাঁ‌ৱৰ আতিথ্য শিল্পীসকলে ভালপোৱা বুলি শুনি আনন্দ পাইছিলো ।
বৰলুইত নাট্যদলটোক বিশেষকৈ আন এটা কাৰণতো মনত থাকিল আৰু সেয়া আছিল সেই বৰ্ষৰ তেখেতসকলৰ নিৱেদিত "মৃত সংগীত" নামৰ সেই ভয়ানক নাটকখনত শুনোৱা এটা যন্ত্ৰসংগীত । 
       
          কোনো এক জনজাতীয় দেৱতাৰ গোপন পূজাত দেৱতাক আৱাহণৰ বাবে এক বিশেষ সংগীত অতি সংগোপনে বজোৱা হয় । সেই বিশেষ সংগীত যাতে বাহিৰৰ কোনো ব্যক্তিয়েই নুশুনে তাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা নিশ্চিত কৰিহে মৃত সংগীত বজোৱাৰ নিয়ম কাৰণ, সেই সংগীতত জাগ্ৰত হয় দেৱতা আৰু সেই পূজাৰ বাহিৰে পাছত যদি বাহিৰৰ আন কোনো ব্যক্তিয়ে সেয়া শুনে তেনেহ'লে নিশ্চিত মৃত্যুৰ পৰা কোনেও তেওঁ‌ক বচাব নোৱাৰে । কিন্তু, এজন অনুসান্ধিৎসু সাংবাদিকে এই কথা জানিব পাৰি সেই কালিকালগা সংগীতটো এটা ৰেকৰ্ডাৰত ৰেকৰ্ড কৰে । তাৰ পাছৰে পৰা আৰম্ভ হয় মৃত্যুৰ শীতল খেলা । ৰেকৰ্ড কৰা সেই মৃত সংগীতৰ কেছেটখন ঘটনাক্ৰমে কি দৰে এজনৰ পৰা আন এজনৰ হাতলৈ গৈ মৃত্যুক আমন্ত্ৰণ জনালে সেয়ে লৈ গোটেই কাহিনীটো । সেই যুগৰ ড্ৰামচেটত বজোৱা মৃত সংগীতৰ সুৰটো আজিও কাণত অনুৰণন ঘটে । 

     হঠাতে মৃত সংগীতলৈ মনত পৰাৰ এটা কাৰণো আছে । এখন নিষিদ্ধ তথা ভয়াবহ কিতাপৰ 🦴📖 কথাই মনত পেলালে নাটকখনলৈ । মাৰাঠী ভাষাত লিখা এনে এখন গ্ৰন্থৰ কথা পোৱা যায় যিখনকলৈ মানুহৰ শিহৰণৰ অন্ত নাই । গ্ৰন্থখন নিজেই যেন অলৌকিকতাৰ এক বিশাল ভঁ‌ৰাল । মানুহে বিশ্বাস কৰে, যিয়ে সেই বিশেষ গ্ৰন্থখন পঢ়িবলৈ লৈ শেষ নকৰিব সিয়ে পাগল হ'ব আৰু যি কিতাপখন শেষলৈকে পঢ়িব সি মৰিব ।
২৭৯ পৃষ্ঠাৰ এই গ্ৰন্থখনত তন্ত্ৰ বিদ্যা আৰু তন্ত্ৰ-মন্ত্ৰৰ সহায়ত জীৱ-জন্তু, গছ-গছনিৰ সতে কথা পাতিব পৰা বিদ্যাৰ বিষয়ে উল্লেখ আছে, আছে  প্ৰাচীন আৰু গোপন সম্পত্তি উদ্ধাৰৰ কৌশল লগতে কিছুমান গোপন ঔষধ আৰু তাৰ প্ৰয়োগ কৌশলৰ ব্যৱস্থা । 
প্ৰাচীন এই গ্ৰন্থখনৰ লেখিকা হেনো এগৰাকী যখিনী 👻 আৰু সেই যখিনীৰ নামৰেই গ্ৰন্থখনৰ নাম । গ্ৰন্থখন লিখাৰ পাছত তেৱেই হেনো অভিশাপ দিছিল, "যিয়েই আধা পঢ়িব সি পাগল হ'ব আৰু যি সম্পূৰ্ণ পঢ়িব সি মৰিব । কিতাপখনৰ বিষয়ে মানুহৰ মুখ বাগৰি প্ৰচলিত এই কথাবোৰৰ কিন্তু বাস্তৱিক প্ৰমাণ  আজিলৈকে নাই । হ'লেও  মানুহৰ মনত এই কিতাপখনে এনে সন্ত্ৰাস ৰচিবলৈ সক্ষম হ'ল যে সম্পূৰ্ণ কিতাপখনেই প্ৰায় নোহোৱা হৈ পৰিল । এককথাত অন্ধবিশ্বাস আৰু অলৌকিকতাৰ যেন অফুৰন্ত কঠিয়াৰ মোনা এই কিতাপখন । কিতাপখন পঢ়ি জীৱ-জন্তুৰ সতে কথাপাতি থকাৰ দৰে অস্বাভাৱিক আচৰণ একাংশই কৰাৰ কথা উৰাবাতৰি হিচাপে বিয়পি পৰাত কিতাপখন নিষিদ্ধ কৰা হৈছিল । কোৱা হয় যে গ্ৰন্থখনত এনে সন্মোহনো আছে যাৰ কৰণে পঢ়িবলৈ আৰম্ভ কৰাৰ পাছত কিতাপখন শেষ নকৰা পৰ্যন্ত  এৰিব নোৱাৰা হয় । এগৰাকী মহান ভাৰতীয় মনীষীৰ এই গ্ৰন্থখন পঢ়াৰ চাৰি ঘণ্টাৰ পাছতে মৃত্যু হৈছিল বুলিও কিতাপখনৰ এটা অপবাদ আছে । এনেবোৰ কাৰণতে ১৯৩৫ চনত ঠাইভেদে গ্ৰন্থখন নিষিদ্ধ ঘোষণা হয় । 
অন্ধবিশ্বাসক বিশ্বাস নকৰো যদিও কিতাপখনক কেন্দ্ৰ কৰি চলা মনস্তাত্ত্বিক ভয়াৱহতাৰ👤 বাবে মনোবিজ্ঞানৰ কিবা এটা কথা চিন্তা কৰিয়েই এই কিতাপখনৰ নাম উল্লেখ কৰাৰ পৰা বিৰত থাকিলো । কিন্তু আমোদ পালো, যেনেকৈয়ে নহওক কিয়, হ'ৰৰ কাহিনীত পোৱা এনে কথা বাস্তৱটো তেনেহলে পোৱা যায় । আপুনি কি ভাবে ক'মেণ্ট কৰি জনাবচোন ।

                                            ধন্যবাদ
                               ⚜️ফেচবুক জ্ঞান সম্ভাৰ⚜️

No comments:

Post a Comment

নতুন লেখা / ছবি

গ্ৰীষ্মৰ আতঙ্ক

ইমান অত্যাচাৰ ! নষ্টজোৱা, হতশ্ৰীহোৱাবোৰৰ পৰা সঁ‌চাই শান্তি নোহোৱা হৈছেগে । নাপায়, ইমান অত্যাচাৰী  হ'বগে নালাগে । যিহে অত্যাচাৰ হৈছে, যি ...