সাধাৰণতেই বহুতো মানুহে কথাটো ভুলকৈয়ে বুজে । কেইবাদিনৰ পৰা কথাটো মনলৈ আহি থকাত ভাবিয়েই আছিলো, লিখিম...লিখিম.... ; আজি গতিকে লিখিমেই লিখিম । ভাল কাম সোনকালেই কৰা উচিত বুলি জনা লোকে এনেই নকয় ।
কথাটো বাৰু ক'ম ; কি ক'ম পঢ়ি গ'লেই গম পাব । দিন গৈ ৰাতি হৈছে, পুনৰ দিন আহিছে, তাৰপিছত বছৰ বাগৰিছে । বয়সো লাহে-লাহে বাঢ়ি গৈয়েই আছে কিন্তু, শিকনৰ দিশৰে বয়সক ৰিজাই চালে আমি প্ৰতিজনেই অনুভৱ কৰিম তথ্যৰ অনন্ত বিশালতাৰ আগত আমিবোৰ কিমান শিশু ! আজিৰ বিষয়বস্তু তেনেই সাধাৰণ । অধিকাংশই কথাটো জানে । তাৰমানে এনেকুৱাওটো নহয় যে সকলোৱেই জানে ।
একালত এই ভুলটো মোৰো আছিল । অসমীয়া চন বুলিলে বহুতৰ মাজৰে এজন হৈ ময়ো ভাবিছিলো "শক" বা "শকাব্দ"-কে বুলি কাৰণ, ভাৰতীয় বৰ্ষপঞ্জীত বছৰ গণনাৰ এই হিচাপটো বেছি জনপ্ৰিয় । আমাৰ অসমীয়া সমাজতো আমি সৰুৰেপৰাই শকৰ নাম শুনি আহিছো । কিন্তু "শক" অসমীয়া চন হয়জানো ?
দৰাচলতে "শক" বা "শকাব্দ" হৈছে আমাৰ দেশীয় বৰ্ষপঞ্জীত বছৰ গণনা কৰিবলৈ ব্যৱহাৰ কৰি অহা এটা চন । খ্ৰীষ্টাব্দৰ পৰা "শক" বা "শকাব্দ" পাবলৈ আমি ৭৮ বছৰ বিয়োগ কৰিব লাগে বা শকৰ পৰা খ্ৰীষ্টাব্দ পাবলৈ শকৰ লগত ৭৮ বছৰ যোগ কৰিব লাগে । কিন্তু, এই "শক" কেৱল অসমীয়া নহয় ।
এতিয়া কথা হ'ল অসমীয়া চন বুলিলে তেন্তে কি বুজিম ?
অসমীয়া চন বুলি আমি সাধাৰণতে "ভাস্কৰাব্দ" কথাকে প্ৰথমে উল্লেখ কৰিব লাগিব আৰু তাৰ লগতে ক'ব পাৰোঁ "শঙ্কৰাব্দ"-ৰ কথা । আজিৰ এই প্ৰসঙ্গত অামি কেৱল "ভাস্কৰাব্দ"-ৰ কথাকেইহে আলোচনা কৰিম ।
আমি নিশ্চয় জানো, "অব্দ" শব্দৰ অৰ্থ হৈছে "বছৰ" । কামৰূপৰাজ ভাস্কৰ বৰ্মন ৰাজ-সিহাসনত আৰোহণ কৰাৰ দিনৰে পৰা প্ৰচলন হৈ আহিছে "ভাস্কৰাব্দৰ" ভিত্তিত অসমীয়া চন গণনা প্ৰক্ৰিয়া । "ভাস্কৰাব্দ"-ৰ বিষয়ে ক'বলৈ যোৱাৰ আগতে উল্লেখ কৰিব বিচাৰিছো কুমাৰ ভাস্কৰ বৰ্মণৰ বিষয়ে এটি চমুটোকা ।
কুমাৰ ভাস্কৰ বৰ্মণ আছিল পুৰণি কামৰূপৰ বৰ্মণ বংশৰ শ্ৰেষ্ঠতম ৰাজা । পুষ্য বৰ্মন আছিল এই বংশৰ প্ৰতিষ্ঠাতা আৰু এই বংশই কামৰূপত প্ৰায় ৩০০ বছৰ কাল ৰাজত্ব কৰিছিল । বৰ্মণ বংশৰ আগত কামৰূপৰ বিষয়ে ইতিহাস আছিল কিছু পৰিমাণে অস্পষ্ট । পুষ্য বৰ্মণ গুপ্ত যুগৰ সম্ৰাট সমুদ্ৰগুপ্তৰ সমসাময়িক ৰজা আছিল ।
বৰ্মন বংশৰ প্ৰতিষ্ঠাতা পুষ্য বৰ্মণৰ পৰা আহি-আহি এই বংশৰ ত্ৰয়োদশজন ৰজা আছিল "ভাস্কৰ বৰ্মণ" ।
ইফালে, গুপ্ত বংশৰ পতনৰ পাছত ভাৰতত কিছুমান সৰু-সৰু ৰাজ্যৰ উত্থান ঘটিছিল । সেই সময়ত বৰ্তমানৰ হাৰিয়ানা ৰাজ্যত "থানেশ্বৰ" নামে এখন ৰাজ্য প্ৰতিষ্ঠা হৈছিল । থানেশ্বৰৰ প্ৰতিষ্ঠাপক আছিল প্ৰভাকৰবৰ্ধন । এই ৰাজ্যৰ তৃতীয়জন ৰজা আছিল "শিলাদিত্য" । ইতিহাসৰ পাতত শিলাদিত্য ৰজা "হৰ্ষবৰ্ধন" নামৰেহে বেছি পৰিচিত । এওঁ ভনীয়েক ৰাজশ্ৰীৰ হৈ কনৌজ শাসন কৰিছিল আৰু পাছত থানেশ্বৰ আৰু কনৌজক একত্ৰিত কৰি কনৌজত ৰাজ্যৰ ৰাজধানী প্ৰতিষ্ঠা কৰিছিল ।
হৰ্ষবৰ্ধন আছিল অতি প্ৰতাপী । এখেতৰ লগত মিত্ৰতা আছিল অসমৰ ভাস্কৰ বৰ্মণৰ । ভাস্কৰ বৰ্মণ অ-বিবাহিত থকাৰ সূত্ৰে ইতিহাসে তেখেতক "কুমাৰ ভাস্কৰ বৰ্মণ" বুলিও পৰিচয় দিয়ে ।
হৰ্ষবৰ্ধন আৰু অসমৰ কুমাৰ ভাস্কৰ বৰ্মণৰ যুগত নালান্দা বিশ্ববিদ্যালয়ত বৌদ্ধ ধৰ্মৰ বিষয়ে অধ্যয়ন কৰিবলৈ ভাৰতলৈ আহিছিল চীনা পৰিব্ৰাজক হিউৱেন চাং । অসমৰ কুমাৰ বৰ্মণ নিজে এজন হিন্দু ৰজা আছিল । তেওঁ আছিল উদাৰ পন্থি আৰু এজন জ্ঞানী ৰজা । পণ্ডিত লোকৰ প্ৰতি তেখেতৰ আছিল গভীৰ আস্থা আৰু সেয়ে চীনৰ এজন পণ্ডিতৰ ভাৰত আগমনৰ কথা জানি নিজ ৰাজ্যলৈকো তেখেতে সাদৰৰে আমন্ত্ৰণ কৰিছিল ।
ভাস্কৰ বৰ্মণৰ অনুৰোধত হিউৱেন চাং অসমলৈ আহিছিল আৰু অসমত প্ৰায় এমাহ থাকি তেখেতে সেই সময়ৰ অসমৰ বিৱৰণ তেখেতৰ ভাৰত ভ্ৰমণৰ গ্ৰন্থ "চি-ইউ-কি"-ত উল্লেখ কৰি গৈছিল । হিউৱেন চাঙৰ বিৱৰণৰ পৰা সেই সময়ৰ অসমৰ বহু তথ্য জানিব পৰা যায় ।
৫৯৪ খ্ৰীষ্টাব্দত কুমাৰ ভাস্কৰ বৰ্মনে কামৰূপৰ ৰাজ-সিংহাসনত আৰোহণ কৰিছিল । সেই দিনটো আছিল ১ ব'হাগ । সিংহাসনত আৰোহণ কৰি তেখেতে এটা চন আৰম্ভ কৰে । সেই চনটোৱেই হৈছে "ভাস্কৰাব্দ" । ইংৰাজী কেলেণ্ডাৰৰ কোনো এটা চন বা খ্ৰীষ্টাব্দৰ পৰা ভাস্কৰাব্দ কিমান সেই কথা মোটামুটি জানিব লগা হ'লে খ্ৰীষ্টাব্দৰ পৰা ৫৯৩ বিয়োগ কৰিব লাগে ।
যেনে : খ্ৰীষ্টাব্দ ২০২১ ত ভাস্কৰাব্দ হ'ব = ২০২১-৫৯৩ = ১৪২৮ ভাস্কৰাব্দ । তেনেকৈয়ে, ভাস্কৰাব্দৰ পৰা খ্ৰীষ্টাব্দ পাবলৈ ৫৯৩ খ্ৰীষ্টাব্দৰ লগত যোগ কৰিব লাগে ।
যেনে : ১৪২৮ ভাস্কৰাব্দ + ৫৯৩ = ২০২১ খ্ৰীষ্টাব্দ ।
কথাখিনি পঢ়ি কেনে লাগিল জনাব । সকলোকে শ্ৰদ্ধা/শুভকামনা/মৰম জনাই আজিলৈ সামৰিছো,
🙏
সকলোৰে শুভ হওক !
ধন্যবাদ
➖➖➖➖➖➖➖
🌈আমাৰ ঠিকনা 📬
📶8⃣0⃣1⃣1⃣......
আমাৰ📧 ঠিকনা : facebookgyansambhar@gmail.com
🔅◀🔸🔸🔸🔴🔹🔹🔹▶🔅
No comments:
Post a Comment