প্ৰত্যুষত মৃত্যুৰ খেলা

আগকথা

    চৰাইৰ মাতত তাতো ৰাতিপুৱাইছিল । দিনটোত নিজে শুই কাহিলিপুৱাতে চৰাই চাবলৈ চিঞৰ ধৰা কণমানিহঁতৰ বাবে এলেহুৱা শীতকো প্ৰত্যাহ্বান জনাবলৈ বাধ্য হৈছিল বহুজন । সূৰ্যোদয়ৰ মিঠা ৰ'দজাক পিঠিত লৈ কতনো আইতাই কৈছিল জীৱন-যৌৱনৰ তাহানিৰ সাধুহেন কথা ।
প্ৰতি নিশাৰ তমসাক খেদি তাতো প্ৰত্যুষে হাঁহিছিল । আৰম্ভ হৈছিল ব্যস্ত নগৰৰ জন-জীৱন । দৈনন্দিনবোৰ দৈনিক প্ৰায় ঠিকেই চলিছিল "হ্ৰদৰ মহানগৰ" খ্যাত তাহানিৰ সেই নগৰখনত । 

কিন্তু...............
ধুনীয়া ৰাতিপুৱাবোৰ সদায় ধুনীয়া হৈয়ে নাথাকিল । শান্ত-সুন্দৰ প্ৰভাতটো সেইদিনা ঘাতক ৰূপত নগৰখনলৈ নামি আহিছিল । ডিচেম্বৰৰ শীতল পুৱাটোত চিকুণ টোপনি মৰা মানুহবোৰে গমকে নাপালে আৰু যেতিয়ালৈ গম পালে, তেতিয়া বহু পলম হৈ গৈছিল । মৃত্যু হৈ পৰিছিল অ-প্ৰতিৰোধ্য । চৰাইৰ কলৰৱ শুনি ঊষাৰ পোহৰ চোৱা চহৰৰ শিশুবোৰে সেইদিনাৰপৰা আমনি কৰিবলৈ প্ৰায় নোহোৱাই গৈছিল । পিঠিত ৰ'দজাক লৈ বাহিৰত বহা নগৰৰখনৰ বৃদ্ধ সকলক ইয়াৰ পাছত আৰু দেখা পোৱা নগৈছিল । ঘাতক পুৱাই কাঢ়ি নিছিল হাজাৰজনৰ প্ৰাণ । বহুতক সজাইছিল বিকলাঙ্গ । নগৰত সেই দিনাও প্ৰত্যুষে ধৰা দিছিল, সেইদিনাও সূৰ্যোদয় তাত হৈছিল মাথো,  সৰ্বনাশী গেছবোৰে তাক কৰিছিল অভিশপ্ত । বিষাক্ত প্ৰত্যুষে চৰম পাশৱিকতাৰে গঢ়িছিল এখন "মৃত্যুৰ নগৰ" ভয়ানক এই ৩ ডিচেম্বৰত । বিশ্বৰ ইতিহাসত সদা কলংকিত উদ্যোগজগতৰ সেই সকৰুণ ঘটনা ফেচবুক জ্ঞান সম্ভাৰত আজি আপোনালোকৰ বাবে ।

                  ⚫বিষাক্ত প্ৰত্যুষ⚫

         মধ্যপ্ৰদেশৰ ৰাজধানী চহৰ "ভূপাল" । ভৌগলিক ভাৱে ২৩°১৫´উ: আৰু ২৭°২৫´ পূৱত অৱস্থিত বৰ্তমান এইখন ভাৰতৰ ১৭ তম বৃহৎ মহানগৰ । "CITY of LAKEs" খ্যাত বৰ্তমানৰ মহানগৰখনত প্ৰায় ৩৯ বছৰৰ আগতে ঘটিছিল বৰ্তমানলৈকে বিশ্বৰ উদ্যোগজগতত ঘটা এটা বিভৎস তথা ভয়ানক ঘটনা "ভূপাল গেছ দুৰ্ঘটনা"

চন : ১৯৮৪ ।
স্থান : মধ্যপ্ৰদেশৰ ৰাজধানী ভূপাল ।
মাৰ্কিন যুক্তৰাষ্ট্ৰীয় মূলৰ ইউনিয়ন কাৰ্বাইড ইণ্ডিয়া লিমিটেড নামৰ কীটনাশক দ্ৰব্যৰ উৎপাদনকাৰী কোম্পানীটোৰ কাৰখানা আছিল ভূপালত । এই কাৰখানাটোৰ প্লেন্ট নং : C-ত সেই বছৰৰ ডিচেম্বৰৰ ২ তাৰিখে মাজনিশা ঘটিছিল বিশ্বৰ উদ্যোগজগতত ঘটা আটাইতকৈ ডাঙৰ দুৰ্ঘটনা । কিবা কাৰণত কাৰখানাৰ প্লেন্ট C-ৰ মিথাইল গেছৰ টেংকিত পানী জমা হোৱাত গেছ ঘনীভূত হৈ টেংকিত প্ৰৱল চাপৰ সৃষ্টি হৈ ৪০ (40) টন মিথাইল আইসোসায়ানেট (MIC) বাহিৰ হৈ নগৰখনৰ আকাশ-বতাহ ক্ৰমে বিষাক্ত কৰি দোকমোকালিৰ সময়লৈ সমগ্ৰ নগৰখনক ভয়ানক গেছবোৰে আগুৰি ধৰিছিল । 

৩ ডিচেম্বৰ ১৯৮৪ / সোমবাৰ :

অতি বিভীষিকা আৰু আৰ্তনাদৰে আৰম্ভ হৈছিল কোমল পুৱাৰ নিষ্ঠুৰতা । ভূপালৰ হাজাৰজনৰ বাবে বাধ্যতামূলক মৃত্যুক কঢ়িয়াইছিল বিপন্ন প্ৰত্যুষে । সন্মুখত মৃত্যু নিশ্চিত জানিও প্ৰাণৰ মমতাত পলাবলৈ ঢাপলি মেলা জনতাৰ হেঁচা-খুন্দাত মৃত্যু আৰু আহত হৈছিল লক্ষ্যাধিকৰ ।
প্ৰাপ্ত তথ্যমতে সেই সময়ত ভূপালৰ জনসংখ্যা আছিল ৮ লাখ ৫০ হাজাৰজন । 
চৌদিশে বিষাক্ত গেছবোৰে আৱৰি ধৰাত উশাহ লোৱাটো ক্ৰমে কষ্টকৰ হৈ উঠিছিল । ইফালে ৪০ টন মিথাইল আইসোসায়ানেট বায়ুমণ্ডলত বিয়পি পৰাৰ পাছত পৰিস্থিতি আছিল নিয়ন্ত্ৰণৰ বাহিৰত । ১,৫০০ জনৰ মৃত্যুৱে কম সময়তে নগৰখনক শ্মশানলৈ ৰূপান্তৰ কৰিছিল । পলাবলৈ যত্ন কৰি মৃত্যু হৈছিল বহুতৰ । ৫ লক্ষ্যাধিক লোক গুৰুতৰভাৱে অসুস্থ হৈ পৰিছিল । অকল সিমানেই নহয়, নৱ প্ৰজন্মলৈ সেই দুৰ্ঘটনাই কঢ়িয়াই আনিছিল অভিশাপ । বহুতো বিকলাংগ শিশুৰ জন্ম হৈছিল সেই অভিশপ্ত ঘটনাৰ ভয়ানক প্ৰভাৱত ।
ধল পুৱাৰ সেই ঘটনাত বহুজনে আকৌ বুজিকে নাপালে, কেৱল চকু মুদিলে চিৰদিনৰ বাবে । 
প্ৰভাতী সংগীত গাবলৈ চৰাইবোৰ, দিনটো শুই দোকমোকতে আমনি কৰা নগৰৰ শিশুবোৰ, জীৱনৰ বিয়লি বেলা নাতি-নাতিনীৰে উমলিব খোজা ককা-আইতা কোনোৱে ৰেহাই নাপালে বিষাক্ত প্ৰত্যুষৰ পৰা ।
      প্ৰাৰ্থনা জনাইছো ফেচবুক জ্ঞান সম্ভাৰৰ মজিয়াৰ পৰা । হঠাতে নুমাই যোৱা জীৱনবোৰৰ আত্মাবিলাকে মুক্তি পাওঁক, শান্তি পাওঁক আৰু ভূপালৰ বায়ু-পানী-মাটিত সম্পূৰ্ণ আনন্দ, সুখ আৰু শান্তিয়ে বিৰাজ কৰক ❕
চৰাই আৰু শিশুৰ উৎপাতে সকলোৰে দোকমোকালিৰ নিদ্ৰা হৰক লগতে, আপোনাৰো আজিৰ দিনটো অতিকে শুভ হওঁক !

"সর্বে ভৱন্তু সুখিনঃ ।
সর্বে সন্তু নিৰাময়াঃ ।
সর্বে ভদ্রানি পশ্যন্তু ।
মা কশ্চিদ দুঃখভাগ্ভবেৎ ।।
ওম শান্তি শান্তি শান্তি।"
---------- (বৃহদাৰন্যক উপনিষদ ১/৪/১৪)

                           ধন্যবাদ 🐦
                       🌼 শুভৰাত্ৰি
                       
🎤🔊 ফেচবুকত আমাৰ ঠিকনা📮

📧 facebookgyansambhar@gmail.com
📶 8⃣0⃣1⃣1⃣......
               🏵◽◽◽🔘◽◽◽🏵

No comments:

Post a Comment

নতুন লেখা / ছবি

গ্ৰীষ্মৰ আতঙ্ক

ইমান অত্যাচাৰ ! নষ্টজোৱা, হতশ্ৰীহোৱাবোৰৰ পৰা সঁ‌চাই শান্তি নোহোৱা হৈছেগে । নাপায়, ইমান অত্যাচাৰী  হ'বগে নালাগে । যিহে অত্যাচাৰ হৈছে, যি ...