•এগৰাকী বীৰাঙ্গনাৰ কথাৰে•
▬▬▬▬▬▬▬▬▬▬
প্ৰাচীন “দেৱীৰ দেশ” খ্যাত কামৰূপ আৰু ইয়াৰ কাষৰীয়া সু-বিশাল অঞ্চলৰে গঠিত প্ৰাচীন বৰ-অসমৰ নাৰীৰ গৰিমা আজিও বুৰঞ্জীৰ পৃষ্ঠাত জিলিকি থকা । অসমীয়া নাৰী যিদৰে বৰঘৰ শুৱনী তেনেই আজলী তেনেকৈয়ে কিন্তু সময়ে জ্বালিনীৰূপী বিধ্বংসী বনাগ্নী ; এক “কালহীৰা” । ইতিহাসৰ বিশাল পৃষ্ঠাত আজিও জিলিকি ৰোৱা এনে বহু কাহিনী আছে যাৰ বাবে অসম আৰু অসমীয়াই কাললৈ গৌৰৱ কৰিব পাৰে ।
সম্প্ৰতি,মাজনীশা মহানগৰীত কোনো মাতাল নাৰীৰ চিঞৰে আপোনাৰ টোপনি ভাঙিলে বা পদপথৰ স্বল্পবস্ত্ৰা কোনো নাৰীৰ খোজে কাৰোবাৰ দৃষ্টিত বিভ্ৰম ঘটালে কি ভাৱে আমাক নক’ব, মই আলোচনাও কৰিব বিচৰা নাই তেওঁলোকৰ সেই তথাকথিত শিক্ষিত সমাজে অসমীয়া নাৰীৰ স্বৰ্ণীল ইতিহাসৰ ধাৰাবাহিকতাক কিদৰে অক্ষুণ্ণ ৰাখিবলৈ চেষ্টা কৰিব !!!
কিন্তু বুৰঞ্জীৰ পাতৰ পৰা এটা কথা ঠিকেই ক’ম, অসমীয়া নাৰী সুন্দৰী, সাহসী আৰু বিজয়িনী । সূৰ্যই চোব নোৱাৰা এজনী অসমীয়া নাৰীয়েও সময়ে স্বামী-সন্তান আৰু জাতিৰ বাবে অলপো আপোচ নকৰি প্ৰয়োজনত আত্মত্যাগ পৰ্যন্ত কৰিবলৈ কেৰেপ নকৰে । তাৰ সাক্ষ্য বহুতো আছে । জয়মতী আইৰ কথা নক’লোৱেইবা, মুলাগাভৰুৰ নাম শুনিলেও তেজে পিৰ-পিৰণি ধৰে । সৌ কেইটামান দশকৰ আগতে শ্বহীদ ভোগেশ্বৰী ফুকননী……….! হেহ’ আনহে নালাগে অসমীয়া ষোড়শী জীয়ৰীয়েও খুদ ইংৰাজকে হুংকাৰ দিব পাৰে !
ফেচবুক জ্ঞান সম্ভাৰৰ মজিয়ালৈ আজি তেনে এগৰাকী অসমীয়া বীৰাঙ্গনাৰ কথাৰে আপোনালোকলৈ আগবঢ়াইছো চুতীয়া কুঁৱৰী “সতী সাধনী”-ৰ এক কৰুণ কাহিনীযুক্ত এই লেখা, আশা ৰাখো নিশ্চয় পঢ়িব ।
◄ধন্যবাদ►
▬▬▬▬▬▬▬▬▬▬
সাতৰাজ মাৰি একৰাজ কৰা আহোম সকলৰ অসম আগমনৰ বহু আগত পশ্চিম চীনৰ পৰা আহিছিল চুতীয়া সকল । এই ৰাজবংশটোৰ প্ৰতিষ্ঠাতা বীৰপাল, পুতেক গৌৰিনাৰায়ণ । গৌৰিনাৰায়ণেই ৰত্নধ্বজ পাল নামেৰে চুতীয়া ৰাজ্যৰ আটাইতকৈ পৰাক্ৰমী ৰজা ।
এখেতৰ পাছত ১৫০৪ খ্ৰীষ্টাব্দত বীৰনাৰায়ণে ধৰ্মধ্বজ পাল নাম লৈ সিংহাসন আৰোহণ কৰে । বহুকাল নিঃসন্তান হৈ থকাত বহু সাধনাৰ অন্তত ৰজা ধৰ্মধ্বজে এটি কন্যা শিশু লাভ কৰিছিল । সাধনা কৰি পোৱাৰ বাবে ৰজাই নাম ৰাখিছিল “সাধনী” ।
ৰাজকাৰেঙৰ সীমাহিন আদৰৰ মাজত একলা-দুকলাকৈ ডাঙৰ হৈ আহিল ৰাজকন্যা । লাহে-লাহে জীৱন বসন্তইও ৰাজকন্যাক অপূৰ্ব ৰূপত সজাই পেলালে । ইফালে যেনে ৰূপৱতী “সাধনী” তেনে গুণৱতীও তেওঁ ।
কিন্তু…………,
স্নীগ্ধ জোনাকত জোনেও লাজ কৰা ৰূপহী কন্যাৰ মুখলৈ চাই পিতা ধৰ্মধ্বজৰ চিন্তা দিনক দিনে বাঢ়িবহে ধৰিলে । নিজে ৰজা হ’লেও এনেহেন সৰ্বগুণা কন্যাৰ উপযুক্ত পাত্ৰ বিচাৰি উলিওৱাটো ইমান সহজো নাহয় । ৰজাই দুখ কৰি এদিন কৈয়ে পেলালে :
“সাধি-সাধি সাধনীক পালোঁ
সাধনীক দিবলৈ পাত্ৰ নাপালোঁ ।”
সময় আগবাঢ়িল, ৰজাই মাত্ৰ সময় আৰু সুযোগ দুয়োটাৰেই অপেক্ষাত থাকিল ।
এদিন হঠাতে এটা আচৰিত সিদ্ধান্ত ৰজাই লৈ পেলালে । সেইদিনা ফুৰিবলৈ যোৱাৰ সময়ত মৈদামত এটা কেৰ্কেটুৱাক দেখি ৰজাৰ মনত এটা কথা সোমাল । যিয়ে একেপাট কাড়েঁৰে কেৰ্কেটুৱাটোক শৰবিদ্ধ কৰি মাটিত পেলাব পাৰিব তেওঁৰ হাততেই সাধনীক অৰ্পণ কৰা হ’ব ।
কথা মতেই কাম । মৈদামৰ ওচৰতে সয়ম্বৰ সভা পতা হ’ল । অভিজাত শ্ৰেণীৰ বহু পুৰুষৰ আগমনো ঘটিল । সকলোৱেই একেপাট কাড়েঁৰে কেৰ্কেটুৱাটোক শালি মাটিত পেলাবলৈ চেষ্টা কৰিলে য’দিও কোনো সফল হ’ব নোৱাৰাত নিতাই নামৰ এটা সাধাৰণ পৰিয়ালৰ চুতীয়া ল’ৰাই শৰ নিক্ষেপ কৰিবলৈ অনুমতি বিচাৰিলে ।
এষাৰ কথা আছে, মানুহৰ ভাগ্য বোলে ৰথৰ চকাৰ দৰে ; এবাৰ ওপৰলৈ আৰু তাৰপাছত আকৌ তললৈ, এনেদৰেই গতি কৰে । নিতাইৰো সেয়ে হ’ল । কোনেও কৰিব নোৱাৰা কামটো শেষত নিতায়েহে কৰি দেখুৱালে । একেপাট শৰতে কেৰ্কেটুৱা আহি মাটিত পৰিল । তাৰ লগে-লগে যেন এজাক প্ৰচণ্ড ধুমুহাই চুতীয়া ৰাজ্যক জোকাৰি গ’ল । কেৱল ধুমুহাই নহয়, চুতীয়া ৰাজ্যৰ বৰভেঁটিৰ ওপৰদি যোৱা ই আছিলএজাক কাল-ধুমুহা ।
নীতাইৰ সফলতাই ৰজা ধ্বৰ্মপালক বাকৰুদ্ধ কৰিলেও তেওঁ বাক্যত বন্দী । সেয়ে আদৰৰ কন্যাক নিতাইৰ হাতত তুলি দি জুপুৰিৰ নিতাইক ৰাজকাৰেঙলৈ উঠাই অনা হ’ল । ইমানেই নহয়, জোঁৱায়েক নিতাইৰ হাতত চুতীয়া ৰাজ্যৰ সকলো এৰি ৰজা বনবাসলৈ ওলাল ।
চুতীয়া ৰাজ্যত পৰিৱৰ্তনৰ সতে পৰিৱৰ্তনবোৰ ক্ষিপ্ৰতাৰেই আহিল । এসাঁজ খাই আনসাঁজলৈ ভবা জনে যেতিয়া ৰাজভোগৰ সুখত উঠিব নোৱাৰা হয় তেতিয়া পৰিৱৰ্তনবোৰ ক্ষিপ্ৰতাৰে আহেই । ৰাজমহলত নোপোৱাই পোৱাৰ আনন্দত তেতিয়া সুখৰ বন্যা নামি কাৰোবাৰ সুখবোৰকেই যে উটোৱাই লৈ গ’ল নিতায়ে অনুভৱ কৰিব নোৱাৰিলে । ক্ষমতালৈ আহি তেওঁ প্ৰথমে অভিজ্ঞ আৰু পুৰণি ৰাজ-বিষয়া সকলক আঁতৰাই নিজৰ বন্ধু সকলক বৰবাব দি নিজে নীতিপাল নাম লৈ ক্ষমতাত বহিল ।
ৰাজকাৰ্যত অনভিজ্ঞ ৰজাৰ অনভিজ্ঞ পাৰিষদে একালৰ পৰাক্ৰমী ৰজা ৰত্নধ্বজ পালৰ শক্তিশালী ৰাজ্যত ধ্বংসৰ আখৰা কৰাত সাধনীয়ে সহ্য কৰিব নোৱাৰিলে । শাষনকাৰ্যত তেওঁ মাত মাতিবলৈ বাধ্য হ’ল । ফেচবুক জ্ঞান সম্ভাৰৰ মাননীয় পাঠকবৃন্দ, আপোনালোকে নিশ্চয় জানে যে এসমৰ শক্তিশালী চুতীয়া ৰাজ্যত নীতিপালৰ সময়ত দুৰৱস্থাৰ সীমা নোহোৱা হৈছিল আৰু সেই সময়ত সেই ৰাজবংশৰ শেষ ৰাণী “সাধনী”-য়ে পিতামহৰ খ্যাতি ধৰি ৰাখিবলৈ আপ্ৰাণ চেষ্টা চলাইছিল ।
ইফালে ৰাজনীতিত অভিজ্ঞ পৰাক্ৰমী আহোম সকলে এনে সুৱৰ্ণ সুযোগৰ অপেক্ষাত বহুদিনৰ পৰাই বাট চাই আছিল । এতিয়া নীতিপালৰ দুৰ্বল নীতিয়ে সেই বাট সুগম কৰাত তেওঁলোক বহি নাথাকিল ।
আহোম সাম্ৰাজ্যৰ ৰাজপাটত তেতিয়া “চুহুংমুং” অথবা স্বৰ্গ নাৰায়নৰ ৰাজত্বকাল । স্বৰ্গদেৱে নীতিপালৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিলে ।
আহোম আৰু চুতীয়াৰ মাজত ৰণৰ ডংকা বাজিল । তয়াময়া যুদ্ধ হ’ল । যুদ্ধত আহোম জিকিল আৰু নীতিপালে সন্ধিৰ প্ৰস্তাৱ দিয়াত আহোম ৰজাই চৰ্ত অনুসৰি চুতীয়া ৰাজ্যত থকা ৰাজলক্ষ্মী খ্যাত এক কালিকা লগা সম্পত্তিৰ লগত ৰাজ পৰিয়ালৰ এজনী কন্যাক বিচাৰিলে । চুতীয়া ৰজাই এগৰাকী ৰাজকন্যাক দিলেও সেই সম্পত্তি যে দিব নোৱাৰে তাক স্পষ্ট কৰি দিলে । বিপদ আকৌ অহাৰ আগতেই এটা দুৰ্গ নিৰ্মাণ কৰিছিল য’দিও আহোম সৈন্যই তাক ভাঙি পেলালে ।
নীতিপাল, সাধনী কুঁৱৰী আৰু চুতীয়া সৈন্যই শেষত চন্দনগিৰি পাহাৰত আশ্ৰয় লৈছিলগৈ । সেই সময়ত সাধনী কুঁৱৰীয়ে আহোম ৰাজ শক্তিক বাধা দিবলৈ এটা মহিলা বাহিনী গঠন কৰাটো তাৎপৰ্যপূৰ্ণ । পাহাৰৰ শিল বাগৰাই আহোম সৈন্যক বাধা দিয়া হ’ল । সাধনীয়ে নিজেও প্ৰৱল পৰাক্ৰমৰে যুঁজিবলৈ আগবাঢ়ি আহিল । আকৌ যুদ্ধ চলিল । সেয়া ১৬১৯ চনৰ কথা । চুতীয়া ৰাজ্যৰ বেলি মাৰ যোৱাৰ সময় । আহোম আৰু চুতীয়াৰ সেই যুদ্ধত নীতিপালৰ মৃত্যু হোৱাৰ পাছত আহোম সেনাই সাধনী কুঁৱৰীলৈ দুটা প্ৰস্তাৱ পঠালে ।
প্ৰথম প্ৰস্তাৱ মতে চুতীয়া ৰাজ্য আহোমৰ অন্তৰ্ভূক্ত কৰিব লাগে আৰু
দ্বিতীয় প্ৰস্তাৱ মতে কুঁৱৰী সাধনীয়ে আহোমৰ ৰাজকাৰেঙত স-সন্মানে প্ৰৱেশ কৰিবগৈ লাগে ।
সাধনী কুঁৱৰীৰ বাবে উক্ত প্ৰস্তাৱৰ দুয়োটাই আছিল যেনেকৈ বিষাক্ত তেনেকৈয়ে অসম্ভৱ । এফালে ৰাজ্য আৰু আনফালে সতীত্ব ; এটাকো এৰিব নোৱাৰে তেওঁ । আকৌ, তেওঁৰ বৰ্তমানত ৰাজ্যৰ সাৰ্বভৌমত্বত সৰ্বনাশ ঘটিব আৰু তেওঁ চাই থাকিব কিদৰে !
নিৰোপাই ৰাণীয়ে উপায়ৰ বাট বিচাৰি একোৱেই নাপালে ।
অৱশেষত সেই দিনটো আহিল । অসমীয়া ১৪৪৫ শকৰ দিনটো আছিল ৭ ব’হাগ, ইংৰাজীৰ ২১ এপ্ৰিল । উপায়ন্তৰ ৰাণীয়ে শেষ পথটোকেই বাচি ল’লে । পিতামহৰ সেই ৰাজলক্ষ্মীক বুকুট সাৱটি চন্দনগিৰি পৰ্বতৰ পৰা চুতীয়া ৰাজ্যৰ শেষ গৰাকী ৰাণীয়ে জীৱণৰ শেষ জাঁপটোৰে জঁপিয়াই দিছিল ।
এনেকৈয়ে শেষ হৈছিল বুৰঞ্জীৰ এটা সোণালী পৃষ্ঠা । অসমৰ এগৰাকী জাতি-মাটিক ভালপোৱা বীৰাঙ্গনাৰ কৰুণ পৰিণতীত আজিও মধ্যযুগৰ বুৰঞ্জীয়ে উচুপি উঠে ।
আজিও বুৰঞ্জীয়ে কয়, দেওলগা অসমৰ নাৰীৰ বীৰত্ব, সতীত্ব, সাহস আৰু আত্মত্যাগৰ বহুতো কথা ।
চুতীয়া ৰাণী সতী “সাধনী”-ৰ বীৰত্ব, স্বদেশপ্ৰেম আৰু আত্মত্যাগ সদায় জিলিকি ৰওক !
ধন্যবাদ
♦ন-ন তথ্যৰে ফেচবুকত ভাল কথা পাতিবলৈ আমি আছো আপোনাৰ সতে তলৰ ঠিকনাত । এখন নিজা প্ৰফাইল ফটো আৰু নিজা ঠিকনা যুক্ত আপোনাৰ ফেচবুক একাউন্টটোৰে আমাৰ মাজলৈ আহক ।
◄আমাৰ ফেচবুক ঠিকনা►
ৰাজীৱ গোস্বামী
No comments:
Post a Comment