ৰেম
"খৰছ" শব্দটো মুঠেই ভাল নাপাওঁ ।
টকা কেইটাৰ মুখলে চায়েই যেনে-তেনে এমুঠি খাই সাঁচিছো । ড্ৰেচ-পাতিটো দেখিচেই চাগে, বজাৰে-বজাৰে অফাৰ বিচাৰি-বিচাৰি কোনোমতে যোগাৰ কৰি পিন্ধো । তথাপি ভাবিচো, টকা কেইটাকে এবাৰ সামৰি বাকচৰপৰা এবাৰ উলিয়াই চাই থাকিলেনো লাভ কি হ'ব ! সেয়ে ভাবি-গুণি লগতে গুণীজনকো দেখি-শুনি ম'বাইল এটাকে কিনিম বুলি এবছৰ মানৰপৰা ভাবিয়েই আছো । কটা কপালত ভাল অফাৰ নাপাও নহয় ! পালেও যিকেইটা দেখো চকুতেই নালাগে । তাতে আমি ডিজিটেল যুগৰ মানুহ যে । যিকেইটাত চকু লাগে, বাপা অ'........, জুই যেন, শুনিলেও ভয় লাগা । পোন্ধৰ হাজাৰ, ষোল্ল হাজাৰ.... বিছ হাজাৰ, অ' তাতকৈও বেছি দামৰহে আছে ! পোন্ধৰ হাজাৰ যদি ম'বাইলটোতেই দিও পাছত ভাতেই খামনে ম'বাইলেই চাম !
ৰেমো আকৌ সেইবোৰত বেছি ।
তাকেহে,
হওঁতে বেছি ৰেম হ'লেও আপত্তি মোৰ নাই । আজিকালি আকৌ ল'ৰা বিলাকৰ মুখত অহৰহ ফুটি থকা "ৰেম" শব্দটো শুনি-শুনি কিবা আপোন-আপোন ভাব এটাৰো সৃষ্টি হৈছে ! গতিকে যিমানেই আপোন ৰেম বেছি হ'ব ল'ৰা বিলাকক ম'বাইলটো দেখুৱাইও সিমানেই ভাল লাগিব দিয়কচোন ; নে কি কয় ?
পিছে হৰি নাম বাদ দি ৰেমৰ নামকে লৈ থকা সকলৰ মুখত ভুলতো বাৰু শুনিছেনেকি "ৰেম"-নো কি ?
নাই শুনা ন !
শুনিব পাৰে যদিহে কপাল বেছি ভাল থাকে । ময়ো বৰ বেছি অভিজ্ঞ নহয়, তথাপি বাৰু আলোচনাটো আজি ৰেমৰ (RAM)-ৰ বিষয়েই আগবঢ়াই নিও ; আপুনিও সহায় কৰিব ।
RAM
ইয়াৰ সম্পূৰ্ণ নামটো হ'ল RANDOM ACCESS MEMORY। ইনো কি বা কিহৰ বাবে ই গুৰুত্বপূৰ্ণ তাক জানিবলৈ এটা সৰু উদাহৰণ প্ৰথমে দি লৈছো ।
আপুনি বাৰু ভাত ৰান্ধেনে, ভাত ?
যদি ৰান্ধে চাউল ক'ৰপৰা লয় বাৰু ?
সৰু টিঙৰ জেৰটোৰপৰা লয়, হয়নে ?
জেৰটো সৰু হোৱাত তাত অলপ চাউল ৰাখি বাকিখিনি বস্তাত থৈ দিয়ে ।
এতিয়া কথা হ'ল, চাউলৰ জেৰটো আপোনাৰ ম'বাইলটোৰ ধৰক ৰেম (RAM) বুলি আৰু বস্তাটো যেনিবা ম'বাইলটোৰ ইন্টাৰনেল মেম'ৰি । যেতিয়াই প্ৰয়োজন হয় আপুনি ইন্টাৰনেল মেম'ৰি ৰূপি বস্তাটোৰ পৰা RAM ৰূপি জেৰটোলে চাউল কঢ়িয়াই ।
RAM-ৰ ধাৰণাটো বাৰু অলপ দিব পাৰিছোনে ?
এতিয়া প্ৰশ্ন হ'ল, আমি ম'বাইল বা কম্পিউটাৰ অথবা লেপটপত যে বিভিন্ন গান, ভিডিঅ' আদি ডাউনল'দ ক'ৰো বা বিভিন্ন এপ ডাউনল'দ কৰোঁ সেইবিলাক বাৰু ক'ত জমা হয়, ৰেমত ?
নহয়, কম্পিউটাৰ বা ম'বাইলটোৰ ইন্টাৰনেল মেম'ৰি বা নিজা সংৰক্ষণ স্তৰতহে জমা হয় আৰু যেতিয়াই তাক ব্যৱহাৰ কৰো তেতিয়া সি ৰেমলৈ গুচি আহে । সেয়ে কম ৰেম যুক্ত ম'বাইল এটাই একেটা সময়তে কেইবাটাও কাম কৰিবলৈ তথ্যবোৰ খুলিবৰ বাবে ঠাই কমকৈ পোৱাত ম'বাইলটোৱে কাৰ্য সম্পাদনাত বাধাগ্ৰস্ত হয় যাক আমি "হেং" মাৰে বুলি কওঁ । কাৰণ কম ঠাইত বেছি মানুহে ৰৈ কাম কৰিব পাৰে জানো ? নিশ্চয় নোৱাৰে । ম'বাইলৰ ক্ষেত্ৰটো কথাটো তেনেকুৱাই । গতিকে বেছি ৰেম যুক্ত ম'বাইল এটাত কম সময়তে দুটামান এপ খুলি সহজে কাম কৰিব পৰা যায় ।
কিন্তু কি হ'ব !!! সকলোতে খালি টকাৰ কথা । বেছি ৰেমযুক্ত ম'বাইল কিনিবলে মন থকা সকলে হলে মোৰ দৰে টকা কেইটাক মৰম কৰি আকৌ বাকচত পুহি ৰাখিলে নহব কাৰণ, বেছি ৰেম যুক্ত ম'বাইলৰ দামো হ'ব কম ৰেম যুক্ত ম'বাইলতকে বেছি । আপুনি জানি আচৰিত হ'ব যে এক জি.বি. ৰেম তৈয়াৰ কৰিবলৈ প্ৰয়োজন হোৱা টকা ষোল্ল জি.বি.-ৰ দহখন মেম'ৰি কাৰ্ড বনাবলৈ প্ৰয়োজন হোৱা খৰছৰ প্ৰায় সমান ।
ম'বাইল আজিও কিনিব নোৱাৰিলো । একেবাৰে 5g- ও আহক, তেতিয়াই কিনিম । আজি বাৰু সপোনতে এটা লৈ চাওঁচোন 😁
ধন্যবাদ দেই,
শুভৰাত্ৰি 🌸
🎤 ফেচবুকত আমাৰ ঠিকনা 🔊
আমাৰ 📧:
facebookgyansambhar@gmail.com
⚫🔸🔹💠🔹🔸⚫
Comments
Post a Comment