ৰাজস্থানৰ এক ভৌতিক আৰু ৰহস্যময় স্থান কুলধৰা

আগকথা :

¿ কিন্তু কিয় এনে হয় ? আচৰিত .............................................. !

পিছে উত্তৰ নাই । এই পৃথিৱীত এনে নিৰুত্তৰ প্ৰশ্ন বহুতেই আছে যাৰ কোনো সঠিক উত্তৰ নাই । অজ্ঞান অন্ধকাৰত সোমাই থকা নিৰুত্তৰ প্ৰশ্নবোৰ সঁচাকে একোটা বিৰাট প্ৰহেলিকা যি মানুহৰ দৰ্পক স্বৰূপাৰ্থত উপহাস কৰে ।
প্ৰিয় সাহিত্যিক শ্ৰীযুত ৰঞ্জু হাজৰিকা ছাৰে এটা কথা প্ৰায়ে কয়, "এই পৃথিৱীত এনে কিছুমান ঘটনা ঘটে যাক যুক্তিৰে বুজাব নোৱাৰি ।"
য'ত যুক্তি হৈ পৰে মুকবন্ধ আৰু সেই ফেচবুকৰ আল্ট্ৰা মডাৰ্ণ কথাবোৰ ,য'ত নিজক শিক্ষিত বুজাবলৈ ভগৱানকো সময়ে হেয় কৰি দিয়া  হয় ! হাঃ......হাঃ......হাঃ, বুমেৰাং হৈ উভটি আহে ।

মই গাঁৱৰ মানুহ, বেছি আধুনিকতা বুজিও নাপাঁও ভালো নাপাঁও তাতে আকৌ এটা মস্ত গোড়া । ভগৱান-আল্লা-গড, ভূত-প্ৰেত সকলো বিশ্বাস কৰোঁ কিয় জানে, অজ্ঞানতাৰ আন্ধাৰবোৰ অলৌকিকতাৰেই এক অন্য নাম ।
বুজা নাই ন ? আচলতে মই কব বিচাৰিছিলো আধুনিক পৃথিৱীখনত আমি দেখি থকা প্ৰযুক্তি আৰু জ্ঞানৰ বিপৰীতে আৰু এক বাস্তৱ ৰূপ আছে যাৰ নাম "অলৌকিকতা" ।য'ত, মানুহৰ জ্ঞান  সোমাবহে পাৰে কিন্তু সঠিক উত্তৰ লৈ ওলাব .......................
"নোৱাৰে" (আশা কৰোঁ এদিন পাৰিব ) ।

এনে বহুতো ঠাই, বহু ঘটনা এই পৃথিৱীতেই আছে য'ত প্ৰহেলিকা হৈ পৰে অনন্ত আৰু সময় ; হয়তোবা কঠোৰ কুহক ।নহলেনো এই দলত আপোনালোকৰ আগত তলৰ কথাখিনি লিখিবলৈ  সাহস কৰোনে !?
পৃথিৱী কি, আমাৰ দেশ, আমাৰ ৰাজ্য, আমাৰ গাঁও-চহৰ আদি অনেক ঠাইত এনে বহু ৰহস্য আছে যি ৰহস্যৰেই খেলা কৰে আমাৰ সতে আৰু বিজ্ঞান .....,
হৈ পৰে নিৰৱ ।

           তেনে এখন গাঁৱৰেই কথা ক'ব ওলাইছো ।কাহিনী আকৰ্ষণীয় য'দিও কৰুণ  । মনত পৰাৰ ভিতৰত ঠাইখনৰ বিষয়ে মই প্ৰথম জানিছিলো মাননীয় ইমৰান  দাৰ # Imran Hussain পৰা । আজি প্ৰতিদিন কাকত খনৰ দেওবৰীয়া সম্ভাৰ খনত বিষয়টো খুব চমুকৈ পঢ়িবলৈ পালো । কৌতুহল বাঢ়ি গ'ল । নেটত বিচাৰিলো । উইকপেডিয়াতো উল্লেখ আছে ।

কথাটো যদি সঁচা হয় তেন্তে সঁচাই আঁচৰিত সেই নিষিদ্ধ গাঁও য'ত আজিও ভগ্নাৱশেষবোৰত ওলমি ফুৰে ব্ৰাহ্মণৰ অভিশাপ আৰু য'ত সূৰ্যাস্তই কৰি তোলে নিজম, জয়াল আৰু নিষিদ্ধ ।
তেনে এখন ঠাইৰ কথাৰেই ফেচবুক জ্ঞান সম্ভাৰৰ পাতত আজি ( ৬ শাওন,১৯৩৯ শক দেওবাৰ /
ইংৰাজী ২৩ জুলাই,২০১৭ চন ) আৰম্ভ কৰিছো এই লেখা ☞

                       ◘ কুলধৰা
                   ▬▬▬▬▬▬▬

* আজি ৭ শাওন,১৯৩৯ শক সোমবাৰ/
   ইংৰাজী ২৪ জুলাই,২০১৭ চন (পুৰণি লেখা অসম্পাদিত) ।

শ্ৰদ্ধাৰ পাঠক বৃন্দ, আজিৰ এই দিনটো অসমীয়া সাহিত্যৰ ৰহস্য সম্ৰাট তথা মোৰ প্ৰিয় সাহিত্যিক শ্ৰীযুত ৰঞ্জু হাজৰিকা ছাৰৰ জন্ম দিন । তেখেতৰ জন্মদিনটোত সাহিত্যিকজনলৈ সন্মান জনাই ফেচবুক জ্ঞান সম্ভাৰৰ মজিয়াত এই লেখা আপোনালোকলৈ শ্ৰদ্ধাৰে আগবঢ়ালো ।

                                                                                                         ধন্যবাদ

=====================================

"কুলধৰা" ,

(২৬.৮১° উত্তৰ আৰু ৭০.৮০° পূৱ ।)
সাগৰ পৃষ্ঠৰ পৰা ৮৭৩ ফুট উচ্চতাত অৱস্থিত ৰাজস্থানৰ এখন ৰহস্যময় গাঁও । ৰাজস্থানৰ Jaisalmer  জিলাৰ পৰা ১৮ কিলোমিটাৰ দূৰৈত দক্ষিণ-পশ্চিম  দিশত অৱস্থিত এই গাঁওখন আজিও পৰ্যটকৰ এক আকৰ্ষণৰ কেন্দ্ৰ ।আপুনিও যাব পাৰে সেই গাঁৱলৈ কিন্তু সাৱধান, সূৰ্যাস্তৰ পাছত তাত নাথাকিব । দেওলগা ভগ্নাৱশেষবোৰত নিশাৰ ঘন ক'লা এন্ধাৰবোৰ যেতিয়া নামি আহে নাইবা জোনৰ পোহৰে যেতিয়াই স্পৰ্শ কৰে তেতিয়া অভিশপ্ত কুলধৰা আৰু গহীন হৈ পৰে । কোনোবা অদৃশ্যই সেই ভঙা ঘৰবোৰত  উপস্থিতিৰ আহি উমান দিয়ে । কেতিয়াবা আপুনি দিনটো শুনিব পাৰে কুলধৰাৰ অদৃশ্য শক্তিৰ উপস্থিতিৰ আজৱ শব্দ ।
বহুতে কয়, এই কুলধৰা আজিও অভিশপ্ত । একবিংশ শতিকাৰ বিজ্ঞানৰ চকমকণিৰ বিপৰীতে কুলধৰা আজিও প্ৰহেলিকাৰ এক অন্যতম সাঁথৰ । আজিও বিশ্বাস কৰা হয় নিশাৰ কুলধৰাত আপুনি প্ৰৱেশহে কৰিবহে পাৰিব কিন্তু...............
সেয়ে কৈছো, সূৰ্যাস্তৰ আগতেই ঘূৰি আহিব । তাৰ নিশাৰ আন্ধাৰবোৰ বৰ ভয়ানক, বৰ ভয়া........

             প্ৰাপ্ত দুখন ঐতিহাসিক লেখাৰ পৰা জনা যায়  তেৰ শতিকাৰ প্ৰাৰাম্ভতে ৰাজস্থানৰ পালি জিলাৰ কিছু ব্ৰাহ্মণ পৰিয়াল ইয়ালৈ আহি বসতি স্থাপন কৰিছিল । তেওঁলোকৰ জীৱনৰ মানদণ্ড আছিল উন্নত । গাঁৱৰ অৰ্থনৈতিক অৱস্থা কৃষিৰ ওপৰত নিৰ্ভৰশীল আছিল । কাকনি নদী  আৰু কিছুমান কুঁৱা তেওঁলোকৰ  পানীৰ উৎস আছিল । মটিৰে নিৰ্মিত পাত্ৰ নিজে তৈয়াৰ কৰি ব্যৱহাৰ কৰিছিল আৰু পাত্ৰবোৰ আতক ধুনীয়াকৈ সঁজাই লৈছিল ।
প্ৰাচীন গাঁওখনৰ ভগ্ন সাক্ষীবোৰৰ মাজত পোৱা হোৱা এটা ডাঙৰ মন্দিৰ আৰু তাত উদ্ধাৰ হোৱা দুটা বিষ্ণু -দুৰ্গাৰ শিলৰ মূৰ্তিয়ে এই কথাও প্ৰমাণ কৰে যে ইয়াৰ লোক সকল বৈষ্ণৱ ধৰ্মীৰ আছিল যদিও তেওঁলোকৰ মাজত মাতৃ পূজাৰো প্ৰচলন ঘটিছিল ।

             একালত এখন ভৰা গাঁও আছিল এই "কুলধৰা" আৰু আজি, নিশব্দ তথা মৃত । পুৰণি ঘৰবোৰে আজিও সাক্ষ্য দিয়ে, এসময়ত তাত মানুহ আছিল । শিশুৰ ক্ৰন্দনে জিপাল কৰিছিল কুলধৰাৰ আকাশ-বতাহ আৰু বহুতো । মৰু ৰাজ্যৰ সেই "কুলধৰা" আজিও আছে । আজিও  তাত মানুহ আছে, কিন্তু নিশা নহয় । ভয়াৰ্ত গাঁওখনৰ প্ৰাচীনতাক চাবলৈ আৰু তাৰ গহীনতাক উপভোগ কৰিবলৈ দিনৰ পোহৰত আজিও তাত মানুহ আছে ।
ঊনৈশ শতিকাৰ ওচৰে পাজৰেই সম্পূৰ্ণ বসতি শূন্য হৈ পৰিছিল এই গাঁও । ইয়াৰ আগলৈকে গাঁওখন আছিল পৰিপূৰ্ণ । মূল গাঁওখনত পোৱা ৪১০টা ভগ্ন ঘৰৰ অৱস্থিতিয়ে এই কথা প্ৰমণ কৰে যে ইয়াত প্ৰায় সিমান সংখ্যক পৰিয়ালে বসতি স্থাপন কৰিছিল আৰু তাৰ ওপৰতে ভিত্তি কৰি এছ. এ. এন. ৰেজাভী নামে গৱেষক গৰাকীয়ে  গাঁওখনত ১৭-১৮ শতিকাত অনুমানিক প্ৰায় ১,৫৮৮ জন জনসংখ্যাৰ এটি তথ্য প্ৰকাশ কৰিছিল । আনহাতে, এগৰাকী ইংৰাজ বিষয়া জেমছ ট'ডে ক্ষেত্ৰ ভিত্তিক অধ্যয়নৰ পাছত প্ৰকাশ কৰিছিল যে সেই সময়ত কুলধৰাত ৮০০টা পৰিয়ালৰ মাজত প্ৰায় ১,৮৯০ জন মানুহে বসবাস কৰিছিল ।
কিন্তু সেই কুলধৰা আজি বসতি শূন্য । মৃত গাঁওখনৰ স্মৃতিবোৰে ৰহস্যৰ দুৱাৰ খুলি মাথো প্ৰশ্ন কৰে, 
"কিয়" , কিয় হৈছিল জনশূন্য সেই গাওঁ ।
তাৰ সঠিক উত্তৰ কিন্তু আজিও নাই । কিছুমানে কয় পানীৰ অভাৱে ধংস কৰিছিল সেই গাঁও আৰু কোনোৱে ক'ব বিচাৰে এক অন্য কাহিনী, যিটো শুনিলে আপোনাৰো বেয়া লাগিব । তথাপি কিন্তু এটা চালাম মাৰিব সেই গাঁৱৰ বাসিন্দাক কিয়নো, যিখন ৰাজ্যত ছোৱালী জন্ম হলে এসময়ত নদীত উটাই দিয়া হৈছিল সেইখন ৰাজ্যতেই  এজনী ছোৱালীৰ বাবে আকৌ গঞাই চূড়ান্ত ত্যাগৰ নিদৰ্শনৰে জিলিকি উঠিছিল ।
বাঃ কুলধৰা বাঃ !!!

ফেচবুক জ্ঞান সম্ভাৰৰ শ্ৰদ্ধাৰ পাঠক-পাঠিকা সকল, য'দি মোৰ ভুল হোৱা নাই তেন্তে আপুনি নিশ্চয় জানিবলৈ ইচ্ছা কৰিছে কুলধৰাৰ সেই দুখৰ কাহিনী ।কাহিনটো চমুকৈ এনেকুৱা ...........

           সেই সময়ত কুলধৰাৰ কোনো এটা পৰিয়ালত এজনী অপূৰ্ব সুন্দৰী কন্যা আছিল আৰু সেই কন্যাৰ ৰূপত বিমুগ্ধ হৈছিল ৰাজমন্ত্ৰী জালিম সিং । কাহিনীৰ আৰম্ভণীও ইয়াতেই ।
জালিম সিঙে প্ৰস্তাৱ দিলে, সেই ৰূপহী কন্যাক তেওঁ বিয়া কৰাব । কিন্তু ঘটনা ক্ৰমে কন্যা দানৰ চূড়ান্ত সিদ্ধান্ত ললে গঞাই । তেওঁলোকে সিদ্ধান্ত কৰিলে, জালিম সিঙলৈ কন্যা দানৰ অনুমতি কুলধৰাই নিদিয়ে । ইয়াৰ পিছতেই আৰম্ভ হ'ল হিংসা আৰু প্ৰতিশোধৰ নতুন আধ্যা । বিভিন্ন ভয়-হুংকাৰ দিয়া হ'ল গাঁওবাসীক । ইফালে নতুন-নতুন কৰ আৰোপ কৰা হ'ল । তথাপি কিন্তু কুলধৰাৰ সিদ্ধান্ত সলনি নহ'ল । দুখবোৰ আৰু বাঢ়ি আহিল । বিভিন্ন অত্যাচাৰ আৰম্ভ কৰিলে জালিম বাহিনীয়ে ।
সেয়ে, গাঁওবাসীয়ে এক আচৰিত সিদ্ধান্ত গ্ৰহণ কৰিলে ।
এনে এটা সিদ্ধান্ত, যাৰ বাবে কুলধৰা হৈ পৰিল জনশূন্য লগতে, বিশ্বাসৰ ভেটিত সি হৈ পৰিল অভিশপ্ত নাইবা এখন অপ-দৈৱিক ( Haunted Village) গাঁও ।
জালিম সিঙৰ পৰা কন্যা তথা নিজক বচাবলৈ গোটেই গাঁওখনে এক আচৰিত সিদ্ধান্ত ললে ।
এটা নিশা সমূহ বাসিন্দাই গাঁও ত্যাগ কৰিলে যোৱাৰ সময়ত তেওঁলোকে ভৱিষ্যতে কোনেও সেই গাঁৱত বাস কৰিব নোৱাৰিব বুলি অভিশাপ দি গ'ল ।
তেওঁলোক ক'লৈ গ'ল, ক'ত থাকিল কোনোৱে গমকে নাপালে ।

আজিও বিশ্বাস কৰা হয় সেই অভিশাপ কুলধৰাত বিদ্যমান । কোনো মানুহেই বসতি কৰিব নোৱাৰে তাত । ২০১০ বৰ্ষত গৌৰৱ তিৱাৰী নামৰ ইণ্ডিয়ান পেৰানৰমেল  চ'ছাইটিৰ ব্যক্তি গৰাকীয়ে তেওঁলোকৰ চ'ছাইটিৰ মুঠ ওঠৰ জন ব্যক্তি আৰু লগত আন বাৰজন সদস্যৰে পূৰ্ণ দলটোৱে এনিশা কুলধৰাত পাৰ কৰাৰ পাছত প্ৰকাশ কৰিছিল নিশা তেওঁলোকে দেখা কিছুমান আচৰিত ছাঁয়া লগতে শুনা কিছুমান ভৌতিক শব্দৰ কথা  ।

ভাৰতত এনে বহু ক্ষেত্ৰ বিশ্বাস আৰু জনশ্ৰুতিৰ ভেটিত শিহৰণ পূৰ্ণ ।আধুনিক বিজ্ঞানে নকলেও মানুহৰ মাজত প্ৰচলিত কিম্বদন্তি আৰু তাৰ লগে-লগে জনবিশ্বাসৰ বাবে এনে ঠাইক জনা বা এনে কাহিনীক শুনাৰ প্ৰয়োজন আছে কাৰণ, সাংস্কৃতিক জন-জীৱনত লোক-কথা আৰু লোক-বিশ্বাস বৰ মূল্যৱান ।

আজিলৈ বাৰু সামৰিলো, য'দি পাৰো বিশ্ব প্ৰসিদ্ধ আন এক ৰহস্যৰ কথা লৈ ফেচবুকৰ এই দলত মই ৰাজীৱ গোস্বামীয়ে আহিবলৈ আকৌ যত্ন কৰিম ।
শেষত, আপোনালোকলৈ পুনৰবাৰ শ্ৰদ্ধা জনাই আজিলৈ বিদায় ,
☻শুভৰাত্ৰি ☻♫♪♪♫

► এই লেখাৰ বাবে প্ৰয়োজনীয় তথ্য Wikipedia- ৰ পৰা লোৱা হৈছে ।
► লেখাটিত বৰ্ণপাঠ কৰিলে : ফিৰোজ চুলতান  ডাঙৰীয়াই ।
তেখেতলৈ ধন্যবাদ জ্ঞাপন কৰিছো ।

☼ আমাৰ ফেচবুক ঠিকনা :
https://www.facebook.com/groups/372830512757409/

No comments:

Post a Comment

নতুন লেখা / ছবি

গ্ৰীষ্মৰ আতঙ্ক

ইমান অত্যাচাৰ ! নষ্টজোৱা, হতশ্ৰীহোৱাবোৰৰ পৰা সঁ‌চাই শান্তি নোহোৱা হৈছেগে । নাপায়, ইমান অত্যাচাৰী  হ'বগে নালাগে । যিহে অত্যাচাৰ হৈছে, যি ...