সাঁ‌থৰ

            ফেচবুকত বাইদেউ কেইজনীমান ওলাইছে । মাজে-মাজে দেখোঁ‌ ; ফেচবুকলৈ আহি সাঁ‌থৰ সোধে । হৰি-হৰি... হেৰৌ কি যে প্ৰশ্নসোপা আহি সোধে ! সাঁ‌থৰ হ'ল বুলিনো বাৰু যিকোনো কথাকে এনেকৈ কয়নে ? অতবোৰ সাঁ‌থৰ অসমীয়াত থাকোতেও সাঁ‌থৰো বিচাৰি পায়গে একেবাৰে কিবা ধৰণৰ । ফেচবুকৰ এই সাঁ‌থৰ বাইদেউ কেইগৰাকীক গিৰীহঁ‌তেওনো ঘৰত একোকে নকয়নে ?
তাকেহে, কি যে হ'ব... !

      অসমীয়া বাচিক সাহিত্যসমূহৰ ভিতৰত এই সাঁ‌থৰ বিলাকো অন্যতম । কেৱল অসমীয়া ভাষাতেই নহয়, বিভিন্ন ভাষাত এই ধৰণৰ মৌখিক সাহিত্যৰ চানেকি দেখিবলৈ পোৱা যায় । অসমীয়া সাহিত্যত সাঁ‌থৰৰ চৰ্চা পুৰণি কালৰে পৰাই চলি আহিছে । মূলতঃ সাঁ‌থৰবোৰ হৈছে কম বাক্যৰে গঠিত কিছুমান প্ৰহেলিকাধৰ্মী প্ৰশ্ন যাৰ আলমত কোনো ব্যক্তিক সাঁ‌থৰটো কৈ তাৰ উত্তৰটো উলিয়াবলৈ দিয়া হয় । ইয়াৰ মাধ্যমৰে ব্যক্তিৰ বুদ্ধিমত্তাৰ উমান পাবলৈও যত্ন কৰাৰ লগতে আগৰ কালত ই বিনোদনৰো অংশ হৈ পৰে । সেয়ে, ড° প্ৰফুল্ল কটকীদেৱে এইবিধ বাচিক কলাৰ বিষয়ে ক'বলৈ গৈ ইয়াক পুৰণি কালৰ কুইজৰ সৈতে ৰিজনি দিছে ।  আধুনিক অসমীয়া অভিধানৰ মতে "সাঁ‌থৰ হৈছে দুৰ্বোধ্য অৰ্থ লুকাই থকা প্ৰবচন ; ৰহস্যপূৰ্ণ বৰ্ণনা ।"

    সাধাৰণ অৰ্থত গ্ৰাম্য চিন্তাত প্ৰাণ পোৱা আৰু মানুহৰ মুখ বাগৰি পাছত লিখিত ৰূপো লাভ কৰা ৰিজনি যুক্ত লগতে ৰহস্যপূৰ্ণ অৰ্থযুক্ত কিছুমান শুৱলা বাক্য বা শব্দৰ সমষ্টিৰে সৃষ্ট প্ৰশ্নই হ'ল সাঁ‌থৰ । ইয়াৰ ভাষা চহা-সুৰিয়া হ'লেও সকলো সাঁ‌থৰতে ভাষাৰ প্ৰয়োগ মাৰ্জিত নহ'বও পাৰে । এনে বহু সাঁ‌থৰ শুনিবলৈ পোৱা যায় যিবোৰ দ্বৈত অৰ্থযুক্ত । তাৰে কিছুমান দ্বৈত অৰ্থযুক্ত সাঁ‌থৰৰ পোন উত্তৰ সময়ে অ-মাৰ্জিত যেনো নলগা নহয় ।

     সাঁ‌থৰৰ প্ৰশ্ন অনুসৰি এইবোৰক প্ৰধান দুটাকৈ ভাগত ভগাব পাৰি ।

১) বৰ্ণনামূলক সাঁ‌থৰ
২) টেটকুটিমূলক প্ৰশ্ন ।

বৰ্ণনামূলক সাঁ‌থৰবোৰ কেইটিমান বাক্যত প্ৰতিক বা তুলনা আদিৰ প্ৰয়োগ কৰি ৰচনা কৰা হয় । ইয়াত উত্তৰ দিবৰ বাবে আধুনিক কুইজৰ দৰে কিছু ক্লু দিয়া যায় যাৰ সহায়ত বুদ্ধিৰ প্ৰয়োগ ঘটাই সাঁ‌থৰটো যাক কোৱা হৈছে তেওঁ‌ উত্তৰটো বিচাৰিবলৈ যত্ন কৰে ।
তলত উদাহৰণ হিচাপে দুই-এক নমুনা দিয়া হ'ল :

"বগা-বগা চাহাবৰ
ক'লা-কলা টুপি
এক ঘোচা মাৰি দিলেই
উঠে জ্বলি-পকি ।" (উত্তৰ ?)

ভুন-ভুন কৰে কিন্তু
ভোমোৰা নহয়,
লগুণ পিন্ধে কিন্তু বামুণ নহয় । (উত্তৰ ?)

আনহাতে টেটকুটিমূলক প্ৰশ্নবোৰ খুব চমু আৰু সাধাৰণতেই এইবোৰ সাঁ‌থৰটোৰেই কোনো  শব্দৰ অচিলা লৈ কৰা ৰহস্যৰ ধেমালি । টেটকুটিমূলক সাঁ‌থৰৰ দুটিমান উদাহৰণ দিলেই এই নামটো নুশুনাসকলে সহজেই চিনি পাব ।

কি দৈ খাব নোৱাৰি ?
কি ড্ৰাইভাৰে গাড়ী নচলাই ?
ইত্যাদি ।

   অসমীয়া সাঁ‌থৰসমূহক ইংৰাজীত Riddles বুলি কোৱা যায় । অৱশ্যে অসমীয়াত এই সাঁ‌থৰবোৰৰ দৰেই আৰু একশ্ৰেণীৰ ৰহস্যময় প্ৰশ্ন আছে যিবোৰ সাঁ‌থৰ নহয় অথচ, সাঁ‌থৰৰ সমধৰ্মী । এইসমূহক ফকৰা নামৰে জনা যায় ।ফকৰাবোৰ ভকতীয়া লগতে আধ্যাত্মিক চিন্তাযুক্ত কিছুমান প্ৰহেলিকাময় প্ৰশ্ন । অসমীয়া সাহিত্যৰ সম্ভৱতঃ মৌলিক উপাদান এই ফকৰাবিলাকক লৈও আকৌ এদিন পাৰিলে আপোনালোকৰ কাষলৈ অহাৰ সৌভাগ্য লাভ কৰিম ; সেই আশাৰে আজিলৈ ইমানতেই সামৰিছো 🙏

        শুভৰাত্ৰি 🐈
➖➖➖➖➖➖➖

🌈আমাৰ ঠিকনা 📬

⚜ ফেচবুক জ্ঞান সম্ভাৰ⚜

✉ https://www.facebook.com/groups/372830512757409/

          🔅◀🔸🔸🔸🔴🔹🔹🔹▶🔅

ৰাম প্ৰভু

শ্ৰীৰাম-কৃষ্ণ, "অসমৰ জোঁ‌ৱাই" 🙏🙏🙏🙏🙏🙏 ভাৰতীয় সভ্যতা আৰু সংস্কৃতিত গভীৰ আস্থা আৰু বিশ্বাসৰ অন্য এটি নাম "ৰাম" । সততা আৰু ন্যায়ৰ মূৰ্তি "শ্ৰী ৰাম" , সত্যৰ প্ৰতীক "শ্ৰী ৰাম", নিপুণতাৰ প্ৰতীকো "শ্ৰী ৰাম" , পিতৃ-ভক্তি আৰু ভাতৃ স্নেহ আৰু ত্যাগৰ যুগজয়ী নিদৰ্শন "শ্ৰী ৰাম" । সমগ্ৰ ভাৰতীয় লোকৰ মাজত জাতি-বৰ্ণ-ধৰ্ম নিৰ্বিশেষে ক'ৰবাত নহয় ক'ৰবাত, কেনেবাকৈ নহয় কেনেবাকৈ, প্ৰত্যক্ষ ভাবে নহলে পৰোক্ষ ভাবে হ'লেও সোমাই থকা প্ৰেম-আদৰ্শ-মহানতা আৰু শান্তিৰ প্ৰতিভূ "শ্ৰী ৰামচন্দ্ৰ", ভগৱান শ্ৰী বিষ্ণুৰ সপ্তম অৱতাৰ । "ৰাম" শব্দটো "ৰম্" শব্দৰ পৰা উদ্ভৱ হোৱা । ইয়াৰ অৰ্থ হৈছে "যি আনন্দিত কৰে " অৰ্থাৎ, যি যোগীসকলৰ মনক আনন্দিত কৰে তেওঁ‌ৱেই প্ৰভু শ্ৰী ৰাম । ত্ৰেতা যুগত অযোধ্যাৰ সূৰ্যবংশীয় ৰজা দশৰথৰ ঔৰষত আৰু কৌশল্যাৰ গৰ্ভত ৰাৱণ আৰু বহু অসুৰ বিনাশি সমাজত শান্তি আনিবলৈ ভগৱান শ্ৰী বিষ্ণুৱে এই ধৰাধামত ৰাম ৰূপে অৱতাৰ গ্ৰহণ কৰিছিল । ৰজা দশৰথৰ যিহেতু কৈকেয়ী আৰু সুমিত্ৰা নামৰ আন দুগৰাকী ৰাণীও আছিল সেয়ে কৈকেয়ী আৰু সুমিত্ৰা হৈছে প্ৰভু শ্ৰীৰামচন্দ্ৰৰ বিমাতৃ । প্ৰচলিত কাহিনীমতে, ৰজা দশৰথ আছিল নিঃসন্তান । এদিন মৃগ চিকাৰৰ বাবে তেওঁ‌ অৰণ্যলৈ গৈছিল । দশৰথ ৰজাৰ এক অদ্ভূত গুণ আছিল । তেওঁ‌ কেৱল শব্দ শুনিয়েই লক্ষ্য বস্তুক নেদেখাকৈ বাণ চলাব জানিছিল । ঘটনাক্ৰমে অন্ধ মুণিৰ একমাত্ৰ পুত্ৰ সিন্ধু মুণিয়ে মাক-দেউতাকৰ পানৰ বাবে জল আনিবলৈ নদীলৈ গৈছিল । কলহত পানী ভৰোওতে হোৱা শব্দকে মৃগৰ শব্দ বুলি ভুল কৰি দশৰথে শব্দভেদী তীৰ নিক্ষেপ কৰাত সিন্ধু মুণিৰ মৃত্যু হয় । এই দু-সংবাদ লাভ কৰাৰ পাছত অন্ধ মুণিয়ে ৰজা দশৰথক পুত্ৰ শোকত মৃত্যু হ'বলৈ অভিশাপ দিলে । ৰজাই যেতিয়া তেওঁ‌ৰ সন্তান নথকাৰ কথা অৱগত কৰাত তেতিয়া মুণিয়ে পুত্ৰেষ্টি যজ্ঞ পাতি যজ্ঞৰ পায়স তিনিওগৰাকী ৰাণীকে খোৱাবলৈ নিৰ্দেশ দিয়ে । সেইমতে যজ্ঞ সম্পন্ন কৰি যজ্ঞৰ পায়স তিনিও ৰাণীয়ে গ্ৰহণ কৰে । সৰু ৰাণী সুমিত্ৰাই কৌশল্যা আৰু কৈকেয়ী দুয়োৰে ভাগৰ পৰা দুভাগ পায়স গ্ৰহণ কৰি লক্ষ্মণ আৰু শত্ৰুঘ্নৰ মাতৃ হয় আনহাতে, কৌশল্যাৰ গৰ্ভত প্ৰভু শ্ৰীৰামচন্দ্ৰৰ আৰু কৈকেয়ীৰ গৰ্ভত ভৰতৰ জন্ম হয় । ভাৰতীয় লোক-মানসত এই চাৰি ভাতৃ ৰাম, লক্ষ্মণ, ভৰত, শত্ৰুঘ্নক বিষ্ণুৰ অংশ গণ্য কৰা হয় । ভগৱান শ্ৰী বিষ্ণুৱে ৰামচন্দ্ৰ ৰূপত জন্মলাভ কৰে আনহাতে বিষ্ণুৰ মূৰৰ ওপৰত থকা শেষনাগে লক্ষ্মণ ৰূপে জন্ম ল'লে । বিষ্ণুৰ পাঞ্চজন্য শংখই ভৰত ৰূপে আৰু সুদৰ্শন চক্ৰই শত্ৰুঘ্ন ৰূপে জন্ম লয় । চৈধ্য বছৰ বয়সতে বিশ্বামিত্ৰ মুণিয়ে ৰাম-লক্ষ্মণক ৰাক্ষসৰ পৰা যজ্ঞ ৰক্ষা কৰিবলৈ দশৰথৰ পৰা লৈ গৈ আশ্ৰমত বিভিন্ন শিক্ষা প্ৰদানৰ লগতে অস্ত্ৰৰ প্ৰশিক্ষণ দি নানান দিব্যাস্ত্ৰ প্ৰদান কৰে আৰু অতি শক্তিশালী কৰি তোলে । ইয়াৰ পাছতে বিশ্বামিত্ৰই দুই ভাতৃক মিথিলালৈ লৈ যায় । যাত্ৰা পথত তাৰকাৰ দৰে মহা ভয়ংকৰ ৰাক্ষসীক বধ কৰি আগবাঢ়োতে মুণিৰ নিৰ্দেশতে এটি শিলাত শ্ৰীৰামে ভৰি থৈ গৌতম মুণিৰ শাপত শিলা হৈ থকা অহিল্যাক মুক্তি দিয়ে । বহুদূৰ যাত্ৰা কৰি মিথিলাত প্ৰৱেশ কৰাৰ পাছত মিথিলেশ্বৰ জনকে আয়োজন কৰা সয়ম্বৰ সভাত হৰ-ধনু ভাঙি জনকৰ পালিতা কন্যা সীতাদেৱীক বিয়া কৰায় । ( উল্লেখযোগ্য যে সীতাদেৱী বসুমতীৰ কন্যা আৰু সেইসূত্ৰে আমাৰ অসমৰ নৰকাসুৰৰ ভগ্নী । সেইফালৰ পৰা প্ৰভু শ্ৰীৰাম আৰু শ্ৰী কৃষ্ণ দুয়োৰে অসমৰ সতে আছে জোঁ‌ৱাইৰ সম্বন্ধ ।) সীতাৰ ভনীয়েক উৰ্মিলাক লক্ষ্মণে বিয়া কৰায় । বিবাহ কাৰ্য সম্পন্ন কৰি অযোধ্যালৈ ঘূৰি আহোতে ৰামচন্দ্ৰই পৰশুৰামৰ দৰ্প-চূৰ্ণ কৰে । অযোধ্যালৈ ৰামৰ আগমনৰ পাছত ৰজা দশৰথে ৰামক যুৱৰাজৰ পদত অভিষিক্ত কৰাৰ মন মেলে । প্ৰথম অৱস্থাত এই বাৰ্তাত তিনি ৰাণীৰ অপাৰ আনন্দই পাৰ ভাঙিছিল যদিও কৈকেয়ীৰ লিগিৰী মন্থৰাৰ কু-বুদ্ধিৰ বিষময় প্ৰভাৱে ঘটনাৰ পট সলনি কৰে । মন্থৰাৰ কু-মন্ত্ৰণাৰ গ্ৰাসত পৰি কৈকেয়ীয়ে ৰজা দশৰথৰ পৰা পাবলগা বৰদান হিচাপে ৰামক চৈধ্য বছৰ বনবাসলৈ পঠিয়াই নিজপুত্ৰ ভৰতক ৰজা পাতিবলৈ খাটে । বাক্যত বন্দী দশৰথে উপায়ন্তৰ হৈ পুত্ৰশোকত মৃত্যুবৰণ কৰে । ৰজা হ'বৰ বাবে অনিচ্ছুক ভৰতে ককায়েক ৰামৰ বাক্য ৰাখি ৰামচন্দ্ৰৰ পাদুকা ৰাজসিংহাসত প্ৰতীকি ৰজা হিচাপে থৈ ৰাজকাৰ্য চলায় আৰু ৰাম-সীতাৰ লগত ভায়েক লক্ষ্মণে বনলৈ গমন কৰে । প্ৰথমে চিত্ৰকূট পৰ্বত আৰু পাছত বিভিন্ন স্থান গমন কৰি অগস্ত মুণিৰ পৰাও ব্ৰহ্মাস্ত্ৰ, অক্ষয় তূণ আদি লাভ কৰে । ইয়াৰ পাছত পঞ্চৱটী বনত কূটীৰ সাজি থাকিবলৈ লয় । ইয়াৰপৰাই সীতাক ৰাৱণে হৰণ কৰে । সীতাক উদ্ধাৰ কৰিবলৈ তেওঁ‌ বানৰৰাজ সুগ্ৰীৱৰে মিত্ৰতা কৰে আৰু মহান ভক্ত হনুমানক লাভ কৰে । এওঁ‌লোকৰ সহায়ৰে সাগৰত সেঁ‌তু বান্ধি (বৰ্তমানৰ ৰামসেঁ‌তু) লংকাৰ ৰাৱণক নিধন কৰে আৰু সীতাক উদ্ধাৰ কৰি অযোধ্যালৈ ঘূৰি আহে । অযোধ্যালৈ ঘূৰি অহাৰ আপাহত সকলো প্ৰজাৰ আনন্দই ঠাই নধৰা হয় । প্ৰজাগণে আলোকবন্তিৰে পোহৰৰ উৎসৱ দীপাৱলীৰ আয়োজন কৰে । ৰাম অযোধ্যাৰ ৰজা হ'ল । নীতি শাস্ত্ৰ, ন্যায় শাস্ত্ৰ আৰু ৰাজকাৰ্যত অতি সু-নিপুণ হোৱাত প্ৰজাৰ মাজত সুখ আৰু শান্তিৰ প্ৰতিষ্ঠা অধিক হোৱাত আজিও সু-শাসনৰ বাবে "ৰামৰাজ" শব্দৰ প্ৰচলন আছে । আন এটি প্ৰসংগৰে অতি বিনম্ৰতাৰে এইখিনিতে জনাইছো, আমিও প্ৰভু শ্ৰীৰামক বিশ্বাস কৰোঁ‌ । নিজে বহু বছৰ ধৰি নিতৌ এশ এবাৰ ৰাম নাম জঁ‌প কৰোঁ‌ কিন্তু বুকু কঁ‌পায় যোৱাকৈ ডি.জে. বজায় ইমান জোৰেৰে "জয় শ্ৰী ৰাম" কেতিয়াও কোৱা নাই । ৰাম নামৰ অসীম শক্তি বুলি এক প্ৰাচীন মান্যতা । ৰাম নামত জীৱৰ মুক্তিও হয় বুলি সনাতন লোকসকলে মানে । সেয়ে এই নাম পৰম সাত্বিক ভাৱে, পৃথিৱীৰ সকলোৰে মংগল কামনা কৰি ল'লে নিশ্চয়ে ভাল ফল পোৱা যাব । আকৌ আহিছো প্ৰৱন্ধটোৰ কথালৈ । কোৱা হয়, প্ৰভু শ্ৰীৰামচন্দ্ৰৰ জন্মৰ আগতেই মহৰ্ষি বাল্মিকীয়ে ৰাম প্ৰভুৰ সম্পূৰ্ণ জীৱন কাব্যৰূপত ৰামায়ণ নামেৰে লিখি উলিয়াইছিল । ২৪,০০০ শ্লোক, সাতটা কাণ্ড আৰু ৫০০ টি সৰ্গৰে ৰাময়ণ বিশ্বৰ প্ৰথমখন মহাকাব্য । এইখিনিতে অতি গৌৰৱৰে ফেচবুক জ্ঞান সম্ভাৰৰ মজিয়াত পুনৰবাৰ উল্লেখ কৰিম যে প্ৰাক শংকৰী যুগৰ অপ্ৰমাদী অসমীয়া কবি মাধৱকন্দলীয়ে সংস্কৃত ভাষাৰ সেই ৰামায়ণক অসমীয়ালৈ অনুবাদ কৰি ৰামায়ণ অনুবাদ হোৱা প্ৰথমটো ভাষা হিচাপে অসমৰ বাবে কাললৈ গৌৰৱ ৰাখি থৈ গৈছে । https://m.facebook.com/groups/372830512757409/permalink/2002717053102072/?mibextid=Nif5oz সদৌ শেষত শ্ৰীৰাম প্ৰভুলৈ গভীৰ সেৱা জনাই সামৰিছো🙏 🙏 জয় শ্ৰী ৰাম 🙏 সকলোৰে দিনটো শুভ হওঁ‌ক ! সু-প্ৰভাত 🐣🐥🐦 📍তথ্য সহায়ক গ্ৰন্থ : নাৰায়ণ বৰপূজাৰীদেৱৰ "কীৰ্ত্তন ঘোষা সহায়িকা" ।

মহাশিৱৰাত্ৰিৰ তাৎপৰ্য

◄শিৱৰাত্ৰি বিশেষ►
⚜▬▬🕉▬▬⚜

       বিশ্বৰ সৰ্বপ্ৰাচীন এক পুৰণি সভ্যতা হ’ল “হিন্দু সভ্যতা” । এই হিন্দু সভ্যতাৰ সনাতনী ধৰ্মত বিশ্বাসী লোক সকলৰ প্ৰাচীনতম ভগৱান দেৱাদিদেৱ মহাদেৱ “শিৱ” । শিৱৰ প্ৰাচীনতা ইতিহাসৰ অতি পুৰণি কথাৰো বহু প্ৰাচীন, যাৰ প্ৰাচীনতাক বিচাৰিলে পুৰাতন বহু গ্ৰন্থ আৰু মত তুলনামূলক ভাবে নতুন হৈ পৰে।

          সৃষ্টিৰ বাবে ধ্বংসৰ প্ৰতিক “শিৱ”-ক সনাতন হিন্দু সকলে শ্ৰদ্ধাৰে অতিজৰেপৰা শ্ৰদ্ধা আৰু পূজা আগবঢ়াই আহিছে । শিৱৰ প্ৰতি বা শিৱকলৈ পালন কৰি আহিছে বিভিন্ন উৎসৱ-পাৰ্বণ আৰু তাৰে ভিতৰত  মহাশিৱৰাত্ৰি হৈছে অন্যতম ।
ফেচবুক জ্ঞান সম্ভাৰৰ শ্ৰদ্ধাৰ পাঠক সকল, মহাশিৱৰাত্ৰি উৎসৱ উপলক্ষে দলটোৰ মজিয়াত আজি আপোনালোকলৈ আগবঢ়াইছো শিৱৰাত্ৰি উৎসৱৰ তাৎপৰ্য বিষয়ক এটি চমু লেখা ।

    মাঘ/ফাগুনৰ কৃষ্ণপক্ষৰ চতুৰ্দশীৰ ৰাতি ভগৱান শিৱৰ নামত পালন কৰা হয় “শিৱৰাত্ৰি” উৎসৱ । এই বিশেষ দিনটোত শিৱৰ নামৰে উৎসৱভাগ আয়োজন কৰা হয় যদিও কিয় এই দিনটোত “শিৱৰাত্ৰি” পালন কৰা হয় তাৰ বহুতো কাৰণ বিভিন্ন কাহিনীৰূপত বিভিন্ন গ্ৰন্থত পোৱা যায় ।

    এটি প্ৰাচীন কথা অনুসৰি, এবাৰ দেৱতা আৰু অসুৰসকল একত্ৰিত হৈ অমৃতৰ সন্ধানত সমুদ্ৰ মন্থন কৰিছিল । কিন্তু অমৃতৰ আগত প্ৰথমে “হলাহল” নামৰ এবিধ বিষহে নিৰ্গত হ’ল । সেই বিষ ইমান শক্তিধৰ আছিল যে বিষৰ প্ৰভাৱত স্বৰ্গ-মৰ্তৰ ধ্বংস প্ৰায় সুগম হোৱাত দেৱতাসকলৰ অনুৰোধত ভগৱান শিৱই বিশ্ব-ব্ৰহ্মাণ্ডৰ ৰক্ষাৰ স্বাৰ্থত সেই বিষ নিজে পান কৰিছিল ফাগুনৰ কৃষ্ণপক্ষৰ চতুৰ্দশী তিথিত । বিষৰ প্ৰভাৱক শিৱই নিয়ন্ত্ৰণ কৰি লৈছিল যদিও সেই বিষ পান কৰাত তেখেতৰ কন্ঠ নীলা ৰঙৰ হোৱাত শিৱই “নীলকন্ঠ” নাম লাভ কৰে । ফলত, সমস্ত জীৱকুল ৰক্ষা পৰিল আৰু সেই ঘটনাৰ পৰাই এই বিশেষ দিনটোত “শিৱৰাত্ৰি” পূজাৰ প্ৰচলন ঘটিল ।

    আনহাতে, বহু শ্ৰদ্ধালুৱে বিশ্বাস কৰে যে শিৱৰাত্ৰিৰ দিনটোতে শিৱ আৰু তেওঁৰ পত্নী পাৰ্বতীৰ মাজত বিৱাহ কাৰ্য সম্পন্ন হৈছিল লগতে, ভগৱান শিৱই মাঘ/ফাগুনৰ কৃষ্ণপক্ষৰ চতুৰ্দশীৰ নিশা তেওঁৰ প্ৰিয় সময় বুলি পাৰ্বতী আইক কৈছিল । এনে কাৰণতে “শিৱৰাত্ৰি” উৎসৱ পালন কৰা হয় বুলি কোৱা হয় ।

    আন এক কাহিনী মতে চিত্ৰভানু নামেৰে এজন ৰজা আছিল । ৰজাজন পূৰ্বজন্মত আছিল ব্যাধ ।বাৰাণসীৰ অৰণ্যত তেওঁ পূৰ্বজন্মত চিকাৰ কৰি ফুৰিছিল । এদিন, চিকাৰ বিচাৰি অৰণ্যত ঘূৰি-ফুৰোতে ৰাতি হোৱাত ব্যাধজনে এজোপা গছৰ ওপৰতে আশ্ৰয় ল’লে । গছজোপা আছিল এজোপা বেল গছ আৰু তলত এভাগ শিৱলিংগ আছিল । ব্যাধে গছত উঠি টোপনি নোযোৱাত হাতৰে বেলৰ পাত ছিঙি তললৈ পেলাই আছিল আৰু একে সময়তে সময়ৰ সংযোগ ঘটি ব্যাধে লগত নিয়া পানী ওলাই তললৈ বৈ গৈছিল ।
বেলৰ পাত আৰু পানী গৈ শিৱলিংগৰ ওপৰত পৰিল । ব্যাধৰ অজানিতে এই কাৰ্য ঘটিছিল য’দিও ভগৱান শিৱ তেওঁৰ প্ৰতি সন্তুষ্ট হ’ল । সেই দিনটো আছিল মাঘ-ফাগুনৰ কৃষ্ণা চতুৰ্দশী ।
ব্যাধজনৰ মৃত্যুৰ পাছত তেওঁৰ আত্মাই কৈলাশত স্থান পালে আৰু পাছৰ জন্মত শিৱৰ বৰত তেওঁ চিত্ৰভানু নামে ৰজা হ’ল ।

     বিশ্বাস কৰা হয়, এই বিশেষ নিশাটোত মহাদেৱ শিৱক আৰাধনা কৰিলে ভোলানাথ শিৱ সহজে প্ৰসন্ন হৈ ভক্তৰ সু-মনোৱাঞ্চা পূৰ্ণ কৰে ।
সমূহ ভক্তপ্ৰাণ ৰাইজলৈ মহাশিৱৰাত্ৰিৰ শুভেচ্ছা আৰু সেৱা জনাই সামৰিছো ।
                                             ধন্যবাদ
                                   ফেচবুক জ্ঞান সম্ভাৰ

       🔱ফেচবুকত আমাৰ ঠিকনা :
    https://www.facebook.com/groups/372830512757409/

                  🔅◘▬☼▬◘🔅

ত্ৰিকোণমিতি

পঢ়াৰ মেজত বহিলে টোপনি ধৰাৰ বয়সত গণিতৰ কিতাপত এটা বাঘ আছিল ।
হয়, এসময়ত এটা বাঘ আছিল ; কেৱল মোৰ বাবে । হাইস্কুলৰ নৱম-দশম শ্ৰেণীতেই যি মোক পিছা লৈছিল । পাছত ভাবিছিলো, মেট্ৰিক পাছ কৰি ডাঙৰ ল'ৰা হ'লো যেতিয়া এতিয়া বাঘৰ ভয় নাথাকিব । নাথাকিব মানে মোক লগেই নাপাব । উঁ‌......, স্নাতক মহলাত বাঘে গোটেই পৰিয়াল-পৰিজনকে লৈ আহি মোক ঘেৰিহে ধৰিলে ।
      সঁচাকে, মনত পৰিছে দেই ! দৰচলতে এটা সহজ বিষয় "ত্ৰিকোণমিতি"-ক ভুলতে বাঘ বুলি ভাবি সেই সময়ত একোৱেই চাগে শিকা নহ'ল । নহ'ল নাই, শিকাৰ বাবে বয়সৰ কোনো বাচ নাই । গতিকে ত্ৰিকোণমিতিক বাঘ বুলি ভবাসকলকহে কৈছো, মন থাকিলে পাছৰ বয়সতো শিকি ল'ব পাৰি ।
        গণিতৰ এই ভাগটোৰ জন্ম হৈছিল জ্যোতিৰ্বিজ্ঞান চৰ্চাৰ বাবে । ভূগোল, ইঞ্জিনিয়াৰিং বা নৌ-বিদ্যাত ইয়াৰ অধিক গুৰুত্ব আছে । মূলতঃ ত্ৰিভুজৰ কোণ আৰু বাহুক লৈ অধ্যয়ন কৰা গণিতৰ এটা ভাগ হৈছে "ত্ৰিকোণমিতি" । "ত্ৰিকোণমিতি" (Trigonometry) শব্দটো আহিছে গ্ৰীক ভাষাৰ পৰা । "Tri" মানে তিনি "Gon" মানে বাহু আৰু "Metron" মানে জোখ । এই Tri, Gon আৰু Metron লগলাগি Trigonometry শব্দটোৰ সৃষ্টি হৈছে ।

        কাৰোবাৰ হয়তো এনে ধাৰণা থাকিব পাৰে যে "ত্ৰিকোণমিতি" আধুনিক গণিতৰ এটা ভাগ । কিন্তু কৈ থওঁ‌, এই বিদ্যা চৰ্চাৰ প্ৰমাণ প্ৰাচীন ইজিপ্ত আৰু বেবিলনীয় সভ্যতাটো পোৱা যায় । আমাৰ ভাৰতত গণিতৰ মহাগুৰু আৰ্যভট্টদেৱে তেখেতৰ "আৰ্যভট্টীয়"-তো ত্ৰিকোণমিতিৰ বিষয়ে উল্লেখ কৰিছিল । তেখেতে এই বিদ্যাত বৰ্তমানে প্ৰচলিত "Sine/Sin" ক "অৰ্ধ জ্যা" আৰু "Cosine/Cos"-ৰ বাবে "কোটি জ্যা" শব্দ দুটা ব্যৱহাৰ কৰিছিল ।

      ভূগোল বিজ্ঞানত এই বিদ্যাৰ গুৰুত্ব অতি বেছি । তাৰে এটা প্ৰমাণ ইয়াত উল্লেখ কৰোঁ ৰ'ব । যিসকলে এতিয়ালৈকে গম পোৱা নাই তেখেতসকলে জানি নিশ্চয় সন্তোষ পাব ।
কথাটো হ'ল, হাইস্কুলত যে পঢ়িছিল পৃথিৱীৰ সৰ্বোচ্চ শৃংগটো ৮,৮৪৮ মিটাৰ ওখ ; তেতিয়া বাৰু ভাবিছিলনে যে ইমান ওখ শৃংগটোকনো ফিটা মাৰি কোনে জুখিছিল ? আপুনি ভাবিছিলনে নাই জনাব । হয়োতো, ইমান ওখলৈ গৈ কোনেনো বাৰু জুখিব পাৰিব ? তেনেহ'লে শৃংগটোৰ এই উচ্চতাক কেনেকৈ হিচাপ কৰি উলিওৱা হৈছিল ?

এইটো সম্ভৱ হৈছিল "ত্ৰিকোণমিতি"-ৰ সহায়ত । এই বিদ্যাত উঠন কোনৰ সহায়ত এভাৰেষ্টৰ দৰে শৃংগৰো সঠিক উচ্চতা মাটিৰ পৰাই উলিওৱা সম্ভৱ । ১৮৫২ চনত হিমালয়ৰ পাদদেশীয় অঞ্চলৰ ছটা ক্ষেত্ৰৰ পৰা ত্ৰিকোণমিতিৰ সহায়ত এভাৰেষ্ট শৃংগৰ উচ্চতা গণনা কৰি পোন প্ৰথমবাৰৰ বাবে ইয়াৰ বিশালতাক প্ৰকাশ কৰা হৈছিল।
   
     ৰ'ব, আপুনি হয়তো মোৰ দৰেই ভাবিব পাৰে । ময়ো ভাবিছিলো যে বৃটিছসকলে ভাৰতলৈ আহি বিভিন্ন স্থানৰ নাম নিজৰ-নিজৰ নামৰে নামাকৰণ কৰি লৈছিল । দেশৰ মানুহে দেখি থকা বস্তুটোকে তেওঁলোকে দেখাৰ পাছত উদ্ভাৱন কৰা বুলি কৈছিল ইত্যাদি....ইত্যাদি । কিন্তু, এভাৰেষ্টৰ ক্ষেত্ৰত মোৰ ধাৰণা সলনি হ'ল ; কিয় জানে ?

      উনৈশ শতিকাত ভাৰতত  এক কালজয়ী ভৌগলিক জৰীপ আৰম্ভ হৈছিল । এই জৰীপৰ নাম আছিল "Great Trigonometric Survey." ইয়াৰ মূখ্য তত্ত্বাবধানত আছিল উইলিয়াম লেম্বটন (William Lambton) চাহাব ; এজন বৃটিছ অভিযন্তা আৰু ভূগোলবিদ । এখেতৰ এগৰাকী সহায়ক আছিল ছাৰ জৰ্জ এভাৰেষ্ট (Sir George Everest) ।
ছাৰ জৰ্জ এভাৰেষ্ট এনে এজন ব্যক্তি, যাৰ কৰ্মৰ কথা  শুনি হাইৰান হৈ যাব । এখেতে ১৮০৬-১৮৪১ লৈ বহু কষ্টৰে দক্ষিণ ভাৰতৰ শেষ বিন্দুৰ পৰা নেপাললৈকে ভাৰতীয় দ্ৰাঘিমাৰ গণনা সম্পূৰ্ণ কৰিছিল ।
          ভাৰতৰ চাৰ্ভে জেনেৰেল হৈ অৱসৰ গ্ৰহণ কৰা চাৰ জৰ্জ এভাৰেষ্টৰ নামেৰেই পৃথিৱীৰ সৰ্বোচ্চ শৃংগটোৰ নাম ৰখা হৈছে ।
দৰাচলতে চাৰ জৰ্জ এভাৰেষ্টে শৃংগটো আৱিস্কাৰৰ পাছত নিজৰ নামেৰে নামাকৰণ কৰা নাছিল । শৃংগটোৰ আৱিস্কাৰ হৈছিল তেখেত অৱসৰৰ লৈ  ইংলেণ্ডলৈ ঘূৰি যোৱাৰ পাছতহে । আৱিস্কাৰৰ সময়ত ইয়াৰ নাম ৰখা হৈছিল Peak XV বুলি। ১৮৬৫ চনত ৰয়েল জিঅ'গ্ৰাফিকেল চছাইটিয়েহে চাৰ জৰ্জ এভাৰেষ্টৰ কৰ্ম আৰু ত্যাগৰ প্ৰতি সন্মান জনাই শৃংগটোক পুনঃ নামাকৰ কৰি " মাউন্ট এভাৰেষ্ট" ৰাখিছিল ।

      গ্ৰেট চাৰ্ভেৰ সময়ত  বৃটিছে মাটিৰ জৰীপৰ বাবে বিশাল দুটা থিয়'দলাইট যন্ত্ৰৰ নিৰ্মাণ কৰিছিল  । সেই যন্ত্ৰটো (Theodolite) বৰ্তমান দেৰাডুনৰ জৰীপ মিউজিয়ামত সংৰক্ষিত আছে। একালত কলেজত থিয়'দলাইট নামৰ যন্ত্ৰটো হাতেৰে চুই পাইছিলো । এতিয়া মাথো ইমানেই ক'ব পাৰিম যে তিনিকোণীয়া ক্ষেত্ৰ জৰীপৰ বাবে এই যন্ত্ৰটো ব্যৱহাৰ কৰা হয় ।

      কেতিয়াবা নিজৰে কিবা ধিক্কাৰ লাগি আহে জানে ! উনৈশ শতিকাতে এইবোৰ যন্ত্ৰ ব্যৱহাৰ কৰি গোটেই ভাৰতৰ মাটি জুখি ফান-ফান কৰিলে, চাল্লা এই একবিংশ শতিকাতো সেইবিলাকচোন দূৰৰে কথা "ত্ৰিকোণামিতি"-কে ভালকে শিকিব নোৱাৰিলো !
গতিকে কিনো লিখিম, ভাত খোৱা মানুহ, ভাত খায় শুয়েই থাকো ।
                                    শুভৰাত্ৰি 🐀
                                     ধন্যবাদ
                        ➖➖➖➖➖➖➖
🌈আমাৰ ঠিকনা 📬
                     ⚜ ফেচবুক জ্ঞান সম্ভাৰ⚜
✉ https://www.facebook.com/groups/372830512757409/
📶8⃣0⃣1⃣1⃣......
আমাৰ📧 ঠিকনা : facebookgyansambhar@gmail.com
          
                 🔅◀🔸 🔸🔸🔴🔹🔹🔹▶🔅

নতুন লেখা / ছবি

গ্ৰীষ্মৰ আতঙ্ক

ইমান অত্যাচাৰ ! নষ্টজোৱা, হতশ্ৰীহোৱাবোৰৰ পৰা সঁ‌চাই শান্তি নোহোৱা হৈছেগে । নাপায়, ইমান অত্যাচাৰী  হ'বগে নালাগে । যিহে অত্যাচাৰ হৈছে, যি ...