ৰাম প্ৰভু
শ্ৰীৰাম-কৃষ্ণ,
"অসমৰ জোঁৱাই"
🙏🙏🙏🙏🙏🙏
ভাৰতীয় সভ্যতা আৰু সংস্কৃতিত গভীৰ আস্থা আৰু বিশ্বাসৰ অন্য এটি নাম "ৰাম" । সততা আৰু ন্যায়ৰ মূৰ্তি "শ্ৰী ৰাম" , সত্যৰ প্ৰতীক "শ্ৰী ৰাম", নিপুণতাৰ প্ৰতীকো "শ্ৰী ৰাম" , পিতৃ-ভক্তি আৰু ভাতৃ স্নেহ আৰু ত্যাগৰ যুগজয়ী নিদৰ্শন "শ্ৰী ৰাম" । সমগ্ৰ ভাৰতীয় লোকৰ মাজত জাতি-বৰ্ণ-ধৰ্ম নিৰ্বিশেষে ক'ৰবাত নহয় ক'ৰবাত, কেনেবাকৈ নহয় কেনেবাকৈ, প্ৰত্যক্ষ ভাবে নহলে পৰোক্ষ ভাবে হ'লেও সোমাই থকা প্ৰেম-আদৰ্শ-মহানতা আৰু শান্তিৰ প্ৰতিভূ "শ্ৰী ৰামচন্দ্ৰ", ভগৱান শ্ৰী বিষ্ণুৰ সপ্তম অৱতাৰ ।
"ৰাম" শব্দটো "ৰম্" শব্দৰ পৰা উদ্ভৱ হোৱা । ইয়াৰ অৰ্থ হৈছে "যি আনন্দিত কৰে " অৰ্থাৎ, যি যোগীসকলৰ মনক আনন্দিত কৰে তেওঁৱেই প্ৰভু শ্ৰী ৰাম । ত্ৰেতা যুগত অযোধ্যাৰ সূৰ্যবংশীয় ৰজা দশৰথৰ ঔৰষত আৰু কৌশল্যাৰ গৰ্ভত ৰাৱণ আৰু বহু অসুৰ বিনাশি সমাজত শান্তি আনিবলৈ ভগৱান শ্ৰী বিষ্ণুৱে এই ধৰাধামত ৰাম ৰূপে অৱতাৰ গ্ৰহণ কৰিছিল । ৰজা দশৰথৰ যিহেতু কৈকেয়ী আৰু সুমিত্ৰা নামৰ আন দুগৰাকী ৰাণীও আছিল সেয়ে কৈকেয়ী আৰু সুমিত্ৰা হৈছে প্ৰভু শ্ৰীৰামচন্দ্ৰৰ বিমাতৃ ।
প্ৰচলিত কাহিনীমতে, ৰজা দশৰথ আছিল নিঃসন্তান । এদিন মৃগ চিকাৰৰ বাবে তেওঁ অৰণ্যলৈ গৈছিল । দশৰথ ৰজাৰ এক অদ্ভূত গুণ আছিল । তেওঁ কেৱল শব্দ শুনিয়েই লক্ষ্য বস্তুক নেদেখাকৈ বাণ চলাব জানিছিল ।
ঘটনাক্ৰমে অন্ধ মুণিৰ একমাত্ৰ পুত্ৰ সিন্ধু মুণিয়ে মাক-দেউতাকৰ পানৰ বাবে জল আনিবলৈ নদীলৈ গৈছিল । কলহত পানী ভৰোওতে হোৱা শব্দকে মৃগৰ শব্দ বুলি ভুল কৰি দশৰথে শব্দভেদী তীৰ নিক্ষেপ কৰাত সিন্ধু মুণিৰ মৃত্যু হয় ।
এই দু-সংবাদ লাভ কৰাৰ পাছত অন্ধ মুণিয়ে ৰজা দশৰথক পুত্ৰ শোকত মৃত্যু হ'বলৈ অভিশাপ দিলে । ৰজাই যেতিয়া তেওঁৰ সন্তান নথকাৰ কথা অৱগত কৰাত তেতিয়া মুণিয়ে পুত্ৰেষ্টি যজ্ঞ পাতি যজ্ঞৰ পায়স তিনিওগৰাকী ৰাণীকে খোৱাবলৈ নিৰ্দেশ দিয়ে । সেইমতে যজ্ঞ সম্পন্ন কৰি যজ্ঞৰ পায়স তিনিও ৰাণীয়ে গ্ৰহণ কৰে । সৰু ৰাণী সুমিত্ৰাই কৌশল্যা আৰু কৈকেয়ী দুয়োৰে ভাগৰ পৰা দুভাগ পায়স গ্ৰহণ কৰি লক্ষ্মণ আৰু শত্ৰুঘ্নৰ মাতৃ হয় আনহাতে, কৌশল্যাৰ গৰ্ভত প্ৰভু শ্ৰীৰামচন্দ্ৰৰ আৰু কৈকেয়ীৰ গৰ্ভত ভৰতৰ জন্ম হয় । ভাৰতীয় লোক-মানসত এই চাৰি ভাতৃ ৰাম, লক্ষ্মণ, ভৰত, শত্ৰুঘ্নক বিষ্ণুৰ অংশ গণ্য কৰা হয় । ভগৱান শ্ৰী বিষ্ণুৱে ৰামচন্দ্ৰ ৰূপত জন্মলাভ কৰে আনহাতে বিষ্ণুৰ মূৰৰ ওপৰত থকা শেষনাগে লক্ষ্মণ ৰূপে জন্ম ল'লে । বিষ্ণুৰ পাঞ্চজন্য শংখই ভৰত ৰূপে আৰু সুদৰ্শন চক্ৰই শত্ৰুঘ্ন ৰূপে জন্ম লয় । চৈধ্য বছৰ বয়সতে বিশ্বামিত্ৰ মুণিয়ে ৰাম-লক্ষ্মণক ৰাক্ষসৰ পৰা যজ্ঞ ৰক্ষা কৰিবলৈ দশৰথৰ পৰা লৈ গৈ আশ্ৰমত বিভিন্ন শিক্ষা প্ৰদানৰ লগতে অস্ত্ৰৰ প্ৰশিক্ষণ দি নানান দিব্যাস্ত্ৰ প্ৰদান কৰে আৰু অতি শক্তিশালী কৰি তোলে । ইয়াৰ পাছতে বিশ্বামিত্ৰই দুই ভাতৃক মিথিলালৈ লৈ যায় । যাত্ৰা পথত তাৰকাৰ দৰে মহা ভয়ংকৰ ৰাক্ষসীক বধ কৰি আগবাঢ়োতে মুণিৰ নিৰ্দেশতে এটি শিলাত শ্ৰীৰামে ভৰি থৈ গৌতম মুণিৰ শাপত শিলা হৈ থকা অহিল্যাক মুক্তি দিয়ে ।
বহুদূৰ যাত্ৰা কৰি মিথিলাত প্ৰৱেশ কৰাৰ পাছত মিথিলেশ্বৰ জনকে আয়োজন কৰা সয়ম্বৰ সভাত হৰ-ধনু ভাঙি জনকৰ পালিতা কন্যা সীতাদেৱীক বিয়া কৰায় । ( উল্লেখযোগ্য যে সীতাদেৱী বসুমতীৰ কন্যা আৰু সেইসূত্ৰে আমাৰ অসমৰ নৰকাসুৰৰ ভগ্নী । সেইফালৰ পৰা প্ৰভু শ্ৰীৰাম আৰু শ্ৰী কৃষ্ণ দুয়োৰে অসমৰ সতে আছে জোঁৱাইৰ সম্বন্ধ ।) সীতাৰ ভনীয়েক উৰ্মিলাক লক্ষ্মণে বিয়া কৰায় । বিবাহ কাৰ্য সম্পন্ন কৰি অযোধ্যালৈ ঘূৰি আহোতে ৰামচন্দ্ৰই পৰশুৰামৰ দৰ্প-চূৰ্ণ কৰে ।
অযোধ্যালৈ ৰামৰ আগমনৰ পাছত ৰজা দশৰথে ৰামক যুৱৰাজৰ পদত অভিষিক্ত কৰাৰ মন মেলে । প্ৰথম অৱস্থাত এই বাৰ্তাত তিনি ৰাণীৰ অপাৰ আনন্দই পাৰ ভাঙিছিল যদিও কৈকেয়ীৰ লিগিৰী মন্থৰাৰ কু-বুদ্ধিৰ বিষময় প্ৰভাৱে ঘটনাৰ পট সলনি কৰে । মন্থৰাৰ কু-মন্ত্ৰণাৰ গ্ৰাসত পৰি কৈকেয়ীয়ে ৰজা দশৰথৰ পৰা পাবলগা বৰদান হিচাপে ৰামক চৈধ্য বছৰ বনবাসলৈ পঠিয়াই নিজপুত্ৰ ভৰতক ৰজা পাতিবলৈ খাটে । বাক্যত বন্দী দশৰথে উপায়ন্তৰ হৈ পুত্ৰশোকত মৃত্যুবৰণ কৰে । ৰজা হ'বৰ বাবে অনিচ্ছুক ভৰতে ককায়েক ৰামৰ বাক্য ৰাখি ৰামচন্দ্ৰৰ পাদুকা ৰাজসিংহাসত প্ৰতীকি ৰজা হিচাপে থৈ ৰাজকাৰ্য চলায় আৰু ৰাম-সীতাৰ লগত ভায়েক লক্ষ্মণে বনলৈ গমন কৰে । প্ৰথমে চিত্ৰকূট পৰ্বত আৰু পাছত বিভিন্ন স্থান গমন কৰি অগস্ত মুণিৰ পৰাও ব্ৰহ্মাস্ত্ৰ, অক্ষয় তূণ আদি লাভ কৰে । ইয়াৰ পাছত পঞ্চৱটী বনত কূটীৰ সাজি থাকিবলৈ লয় । ইয়াৰপৰাই সীতাক ৰাৱণে হৰণ কৰে । সীতাক উদ্ধাৰ কৰিবলৈ তেওঁ বানৰৰাজ সুগ্ৰীৱৰে মিত্ৰতা কৰে আৰু মহান ভক্ত হনুমানক লাভ কৰে । এওঁলোকৰ সহায়ৰে সাগৰত সেঁতু বান্ধি (বৰ্তমানৰ ৰামসেঁতু) লংকাৰ ৰাৱণক নিধন কৰে আৰু সীতাক উদ্ধাৰ কৰি অযোধ্যালৈ ঘূৰি আহে ।
অযোধ্যালৈ ঘূৰি অহাৰ আপাহত সকলো প্ৰজাৰ আনন্দই ঠাই নধৰা হয় । প্ৰজাগণে আলোকবন্তিৰে পোহৰৰ উৎসৱ দীপাৱলীৰ আয়োজন কৰে ।
ৰাম অযোধ্যাৰ ৰজা হ'ল । নীতি শাস্ত্ৰ, ন্যায় শাস্ত্ৰ আৰু ৰাজকাৰ্যত অতি সু-নিপুণ হোৱাত প্ৰজাৰ মাজত সুখ আৰু শান্তিৰ প্ৰতিষ্ঠা অধিক হোৱাত আজিও সু-শাসনৰ বাবে "ৰামৰাজ" শব্দৰ প্ৰচলন আছে ।
আন এটি প্ৰসংগৰে অতি বিনম্ৰতাৰে এইখিনিতে জনাইছো, আমিও প্ৰভু শ্ৰীৰামক বিশ্বাস কৰোঁ । নিজে বহু বছৰ ধৰি নিতৌ এশ এবাৰ ৰাম নাম জঁপ কৰোঁ কিন্তু বুকু কঁপায় যোৱাকৈ ডি.জে. বজায় ইমান জোৰেৰে "জয় শ্ৰী ৰাম" কেতিয়াও কোৱা নাই । ৰাম নামৰ অসীম শক্তি বুলি এক প্ৰাচীন মান্যতা । ৰাম নামত জীৱৰ মুক্তিও হয় বুলি সনাতন লোকসকলে মানে । সেয়ে এই নাম পৰম সাত্বিক ভাৱে, পৃথিৱীৰ সকলোৰে মংগল কামনা কৰি ল'লে নিশ্চয়ে ভাল ফল পোৱা যাব ।
আকৌ আহিছো প্ৰৱন্ধটোৰ কথালৈ । কোৱা হয়, প্ৰভু শ্ৰীৰামচন্দ্ৰৰ জন্মৰ আগতেই মহৰ্ষি বাল্মিকীয়ে ৰাম প্ৰভুৰ সম্পূৰ্ণ জীৱন কাব্যৰূপত ৰামায়ণ নামেৰে লিখি উলিয়াইছিল । ২৪,০০০ শ্লোক, সাতটা কাণ্ড আৰু ৫০০ টি সৰ্গৰে ৰাময়ণ বিশ্বৰ প্ৰথমখন মহাকাব্য ।
এইখিনিতে অতি গৌৰৱৰে ফেচবুক জ্ঞান সম্ভাৰৰ মজিয়াত পুনৰবাৰ উল্লেখ কৰিম যে প্ৰাক শংকৰী যুগৰ অপ্ৰমাদী অসমীয়া কবি মাধৱকন্দলীয়ে সংস্কৃত ভাষাৰ সেই ৰামায়ণক অসমীয়ালৈ অনুবাদ কৰি ৰামায়ণ অনুবাদ হোৱা প্ৰথমটো ভাষা হিচাপে অসমৰ বাবে কাললৈ গৌৰৱ ৰাখি থৈ গৈছে ।
https://m.facebook.com/groups/372830512757409/permalink/2002717053102072/?mibextid=Nif5oz
সদৌ শেষত শ্ৰীৰাম প্ৰভুলৈ গভীৰ সেৱা জনাই সামৰিছো🙏
🙏 জয় শ্ৰী ৰাম 🙏
সকলোৰে দিনটো শুভ হওঁক !
সু-প্ৰভাত 🐣🐥🐦
📍তথ্য সহায়ক গ্ৰন্থ : নাৰায়ণ বৰপূজাৰীদেৱৰ "কীৰ্ত্তন ঘোষা সহায়িকা" ।
Subscribe to:
Post Comments (Atom)
নতুন লেখা / ছবি
গ্ৰীষ্মৰ আতঙ্ক
ইমান অত্যাচাৰ ! নষ্টজোৱা, হতশ্ৰীহোৱাবোৰৰ পৰা সঁচাই শান্তি নোহোৱা হৈছেগে । নাপায়, ইমান অত্যাচাৰী হ'বগে নালাগে । যিহে অত্যাচাৰ হৈছে, যি ...
-
ভাৰতলৈ ইংৰাজ সকলৰ আগমন 🇬🇧 ▫▫▫▫▫▫▫▫▫▫▫▫▫▫▫▫▫▫▫▫▫▫▫▫▫▫▫▫▫▫▫▫▫▫▫▫▫▫ ভাৰতৰ সতে ইউৰোপীয় তথা পশ্চিমীয়া দেশবোৰৰ সম্পৰ্ক বহু যুগৰ প...
-
🐥পঢ়ি চাব মজা পাব 🐦: 🍥মহান বিজ্ঞানীৰ ৰসাল কাহিনী🍒 🔸🔸🔸...
-
ভাৰত বুৰঞ্জীৰ সোণালী যুগ : মৌৰ্য যুগ (৩২১-২৮৯ খ্ৰীষ্টপূৰ্ব) ভাৰত বুৰঞ্জীৰ এক অতি গুৰুত্বপূৰ্ণ অধ্যায় । এই যুগৰ পাছত প্ৰাচীন ভাৰতীয় ইতিহ...
No comments:
Post a Comment