মহাশিৱৰাত্ৰিৰ তাৎপৰ্য

◄শিৱৰাত্ৰি বিশেষ►
⚜▬▬🕉▬▬⚜

       বিশ্বৰ সৰ্বপ্ৰাচীন এক পুৰণি সভ্যতা হ’ল “হিন্দু সভ্যতা” । এই হিন্দু সভ্যতাৰ সনাতনী ধৰ্মত বিশ্বাসী লোক সকলৰ প্ৰাচীনতম ভগৱান দেৱাদিদেৱ মহাদেৱ “শিৱ” । শিৱৰ প্ৰাচীনতা ইতিহাসৰ অতি পুৰণি কথাৰো বহু প্ৰাচীন, যাৰ প্ৰাচীনতাক বিচাৰিলে পুৰাতন বহু গ্ৰন্থ আৰু মত তুলনামূলক ভাবে নতুন হৈ পৰে।

          সৃষ্টিৰ বাবে ধ্বংসৰ প্ৰতিক “শিৱ”-ক সনাতন হিন্দু সকলে শ্ৰদ্ধাৰে অতিজৰেপৰা শ্ৰদ্ধা আৰু পূজা আগবঢ়াই আহিছে । শিৱৰ প্ৰতি বা শিৱকলৈ পালন কৰি আহিছে বিভিন্ন উৎসৱ-পাৰ্বণ আৰু তাৰে ভিতৰত  মহাশিৱৰাত্ৰি হৈছে অন্যতম ।
ফেচবুক জ্ঞান সম্ভাৰৰ শ্ৰদ্ধাৰ পাঠক সকল, মহাশিৱৰাত্ৰি উৎসৱ উপলক্ষে দলটোৰ মজিয়াত আজি আপোনালোকলৈ আগবঢ়াইছো শিৱৰাত্ৰি উৎসৱৰ তাৎপৰ্য বিষয়ক এটি চমু লেখা ।

    মাঘ/ফাগুনৰ কৃষ্ণপক্ষৰ চতুৰ্দশীৰ ৰাতি ভগৱান শিৱৰ নামত পালন কৰা হয় “শিৱৰাত্ৰি” উৎসৱ । এই বিশেষ দিনটোত শিৱৰ নামৰে উৎসৱভাগ আয়োজন কৰা হয় যদিও কিয় এই দিনটোত “শিৱৰাত্ৰি” পালন কৰা হয় তাৰ বহুতো কাৰণ বিভিন্ন কাহিনীৰূপত বিভিন্ন গ্ৰন্থত পোৱা যায় ।

    এটি প্ৰাচীন কথা অনুসৰি, এবাৰ দেৱতা আৰু অসুৰসকল একত্ৰিত হৈ অমৃতৰ সন্ধানত সমুদ্ৰ মন্থন কৰিছিল । কিন্তু অমৃতৰ আগত প্ৰথমে “হলাহল” নামৰ এবিধ বিষহে নিৰ্গত হ’ল । সেই বিষ ইমান শক্তিধৰ আছিল যে বিষৰ প্ৰভাৱত স্বৰ্গ-মৰ্তৰ ধ্বংস প্ৰায় সুগম হোৱাত দেৱতাসকলৰ অনুৰোধত ভগৱান শিৱই বিশ্ব-ব্ৰহ্মাণ্ডৰ ৰক্ষাৰ স্বাৰ্থত সেই বিষ নিজে পান কৰিছিল ফাগুনৰ কৃষ্ণপক্ষৰ চতুৰ্দশী তিথিত । বিষৰ প্ৰভাৱক শিৱই নিয়ন্ত্ৰণ কৰি লৈছিল যদিও সেই বিষ পান কৰাত তেখেতৰ কন্ঠ নীলা ৰঙৰ হোৱাত শিৱই “নীলকন্ঠ” নাম লাভ কৰে । ফলত, সমস্ত জীৱকুল ৰক্ষা পৰিল আৰু সেই ঘটনাৰ পৰাই এই বিশেষ দিনটোত “শিৱৰাত্ৰি” পূজাৰ প্ৰচলন ঘটিল ।

    আনহাতে, বহু শ্ৰদ্ধালুৱে বিশ্বাস কৰে যে শিৱৰাত্ৰিৰ দিনটোতে শিৱ আৰু তেওঁৰ পত্নী পাৰ্বতীৰ মাজত বিৱাহ কাৰ্য সম্পন্ন হৈছিল লগতে, ভগৱান শিৱই মাঘ/ফাগুনৰ কৃষ্ণপক্ষৰ চতুৰ্দশীৰ নিশা তেওঁৰ প্ৰিয় সময় বুলি পাৰ্বতী আইক কৈছিল । এনে কাৰণতে “শিৱৰাত্ৰি” উৎসৱ পালন কৰা হয় বুলি কোৱা হয় ।

    আন এক কাহিনী মতে চিত্ৰভানু নামেৰে এজন ৰজা আছিল । ৰজাজন পূৰ্বজন্মত আছিল ব্যাধ ।বাৰাণসীৰ অৰণ্যত তেওঁ পূৰ্বজন্মত চিকাৰ কৰি ফুৰিছিল । এদিন, চিকাৰ বিচাৰি অৰণ্যত ঘূৰি-ফুৰোতে ৰাতি হোৱাত ব্যাধজনে এজোপা গছৰ ওপৰতে আশ্ৰয় ল’লে । গছজোপা আছিল এজোপা বেল গছ আৰু তলত এভাগ শিৱলিংগ আছিল । ব্যাধে গছত উঠি টোপনি নোযোৱাত হাতৰে বেলৰ পাত ছিঙি তললৈ পেলাই আছিল আৰু একে সময়তে সময়ৰ সংযোগ ঘটি ব্যাধে লগত নিয়া পানী ওলাই তললৈ বৈ গৈছিল ।
বেলৰ পাত আৰু পানী গৈ শিৱলিংগৰ ওপৰত পৰিল । ব্যাধৰ অজানিতে এই কাৰ্য ঘটিছিল য’দিও ভগৱান শিৱ তেওঁৰ প্ৰতি সন্তুষ্ট হ’ল । সেই দিনটো আছিল মাঘ-ফাগুনৰ কৃষ্ণা চতুৰ্দশী ।
ব্যাধজনৰ মৃত্যুৰ পাছত তেওঁৰ আত্মাই কৈলাশত স্থান পালে আৰু পাছৰ জন্মত শিৱৰ বৰত তেওঁ চিত্ৰভানু নামে ৰজা হ’ল ।

     বিশ্বাস কৰা হয়, এই বিশেষ নিশাটোত মহাদেৱ শিৱক আৰাধনা কৰিলে ভোলানাথ শিৱ সহজে প্ৰসন্ন হৈ ভক্তৰ সু-মনোৱাঞ্চা পূৰ্ণ কৰে ।
সমূহ ভক্তপ্ৰাণ ৰাইজলৈ মহাশিৱৰাত্ৰিৰ শুভেচ্ছা আৰু সেৱা জনাই সামৰিছো ।
                                             ধন্যবাদ
                                   ফেচবুক জ্ঞান সম্ভাৰ

       🔱ফেচবুকত আমাৰ ঠিকনা :
    https://www.facebook.com/groups/372830512757409/

                  🔅◘▬☼▬◘🔅

No comments:

Post a Comment

নতুন লেখা / ছবি

গ্ৰীষ্মৰ আতঙ্ক

ইমান অত্যাচাৰ ! নষ্টজোৱা, হতশ্ৰীহোৱাবোৰৰ পৰা সঁ‌চাই শান্তি নোহোৱা হৈছেগে । নাপায়, ইমান অত্যাচাৰী  হ'বগে নালাগে । যিহে অত্যাচাৰ হৈছে, যি ...