ভাৰত বুৰঞ্জীৰ সোণালী যুগ :
মৌৰ্য যুগ (৩২১-২৮৯ খ্ৰীষ্টপূৰ্ব) ভাৰত বুৰঞ্জীৰ এক অতি গুৰুত্বপূৰ্ণ অধ্যায় । এই যুগৰ পাছত প্ৰাচীন ভাৰতীয় ইতিহাসৰ এক কালজয়ী সময় হ'ল "গুপ্ত যুগ" । ভাৰতীয় সাহিত্য-সংস্কৃতি, শিক্ষা, বিজ্ঞান, গণিত, জ্যোতিষ, শিল্প আদি সকলোবোৰ দিশত ঘটা উত্থানৰ বাবেই "গুপ্ত যুগ" ভাৰত বুৰঞ্জীৰ "স্বৰ্ণযুগ" ।
প্ৰায় দুশ বছৰৰো অধিক কাল অব্যাহত থকা আৰু অনুমানিক খ্ৰীষ্টিয় তৃতীয় শতিকাৰ প্ৰথমচোৱাত আৰম্ভ হোৱা এই যুগৰ প্ৰতিষ্ঠাতা আছিল শ্ৰী গুপ্ত । এখেতে প্ৰতিষ্ঠা কৰা এই সাম্ৰাজ্যক গুপ্ত সাম্ৰাজ্য আৰু তেখেতৰ বংশটোক গুপ্ত বংশ বুলি জনা যায় । শ্ৰীগুপ্তৰ পাছত গুপ্ত বংশত স্কন্দ গুপ্তলৈ আন ছজন ৰজাৰ নাম বুৰঞ্জীত পোৱা যায় । এখেত সকল হ'ল :
শ্ৰী গুপ্ত ( খ্ৰীঃ ২৪০- ২৮০ )
ঘটোৎকচ ( ২৮০- ৩১৯)
প্ৰথম চন্দ্ৰগুপ্ত ( ৩১৯-৩৩৫ )
সমুদ্ৰগুপ্ত ( ৩৩৫-৩৭৫)
দ্বিতীয় চন্দ্ৰগুপ্ত ( ৩৭৫-৪১৪ )
প্ৰথম কুমাৰ গুপ্ত ( ৪১৫-৪৫৫ )
স্কন্দ গুপ্ত ( খ্ৰীঃ ৪৫৫-৪৬৭)
অৱশ্যে, স্কন্দ গুপ্তৰ পৰৱৰ্তী কালত আৰু কেইবাজনো গুপ্ত সম্ৰাটে শাসন চলালেও ইতিহাসত তেওঁলোকৰ বিষয়ে বিশেষ জনা নাযায় ।
একালত বিহাৰ আৰু উত্তৰ প্ৰদেশক কেন্দ্ৰ কৰি আৰম্ভ হোৱা গুপ্ত সাম্ৰাজ্য পাছলৈ সমগ্ৰ ভাৰততে বিয়পি পৰিছিল । "ভাৰতৰ নপ'লিয়ন খ্যাত" ( নিজা চিন্তা ধাৰাৰে উপমাটোৰ সতে একমত নহয় ) সমুদ্ৰ গুপ্তৰ দিনত এই সাম্ৰাজ্য ভাৰতৰ বিভিন্ন প্ৰান্তৰ লগতে নেপাল আৰু আফগানিস্তান পৰ্যন্ত প্ৰসাৰিত হৈছিল । এইজন সম্ৰাটে আনকি অসমৰ কামৰূপ আৰু নগাঁৱৰ ডবকা পৰ্যন্ত জয় কৰিছিল ।
সমুদ্ৰ গুপ্তৰ পাছত দ্বিতীয় চন্দ্ৰ গুপ্তইও সাম্ৰাজ্য সম্প্ৰসাৰণত ভূমিকা লৈছিল । শক সকলক দমন কৰি এখেতে "শকাৰি" উপাধি গ্ৰহণ কৰিছিল । মালৱ, গুজৰাট ( কাথিয়াৰ), সৌৰাষ্ট্ৰ জয় কৰি এখেতে গুপ্ত সাম্ৰাজ্যক বহল কৰিছিল । এওঁৰ দিনতেই ভাৰতলৈ অহা চীন পৰিব্ৰাজক ফাহিয়ানৰ টোকাৰ পৰা গুপ্ত সাম্ৰাজ্যৰ অৰ্থ-সামাজিক, ৰাজনৈতিক, শিল্প বিদ্যা আদি বিষয়ক বহু তথ্য জানিব পাৰি ।
এই যুগৰ শাসন ব্যৱস্থা ৰাজতান্ত্ৰিক আছিল আৰু সম্ৰাটৰ পদ বংশানুক্ৰমে লাভ কৰিছিল । বিশাল সাম্ৰাজ্যক পৰিচালনাৰ বাবে ৰজাৰ ক্ষমতা বিকেন্দ্ৰীকৰণ কৰা হৈছিল আৰু সাম্ৰাজ্যক ভূক্তি (প্ৰদেশ), বিষয় (জিলা), গাঁও আদি গোটত ভগোৱা হৈছিল ।
সামৰিক বিভাগ এজন প্ৰধান সেনাপতিৰ দায়িত্বত ন্যস্ত ৰাখি সম্ৰাটে মূল ক্ষমতাক নিজৰ হাতত ৰাখিছিল ।
সেই যুগৰ অৰ্থনীতিৰ মূল উৎস আছিল কৃষি । কৃষিৰ উৎপাদন বৃদ্ধিৰ বাবে পানী যোগান ব্যৱস্থা সেই সময়ত আছিল । উৎপাদিত শস্যৰ পৰা ১/৪ অংশৰ পৰা ১/৬ অংশৰ ভিতৰত কৃষকে কৰ দিব লাগিছিল ।
সাম্ৰাজ্যত কৃষিৰ লগতে বাণিজ্যৰ দিশতো গুৰুত্ব দিয়া হৈছিল । উৎপাদিত সামগ্ৰীৰ অতিৰিক্ত ভাগ জল আৰু স্থল পথৰে সাম্ৰাজ্যৰ ভিতৰে-বাহিৰে ব্যৱসায়ত খটোৱা হৈছিল । ৰোম, দক্ষিণ-পূব এছিয়া, চীন দেশ আদি বহিঃ জগতৰ সতে বাণিজ্যিক সম্পৰ্ক সেই যুগত ঘটিছিল । তাৰবাবে উপকূল অঞ্চলবিলাকত বন্দৰ গঢ় লৈ উঠিছিল । মছলা, চন্দন কাঠ, হাতীৰ দাঁতৰ বিভিন্ন সামগ্ৰী, মনি-মুকুটা, সুগন্ধি দ্ৰব্য আদি বিদেশলৈ ৰপ্তানি কৰা হৈছিল ।
মুদ্ৰাবোৰ সোণ-ৰূপৰ আছিল যদিও কড়িৰ প্ৰচলন সেই সময়ত হৈছিল ।
বহু দিশত উন্নত হৈয়ো এই যুগত বাল্য বিবাহ আৰু সতীদাহ প্ৰথা প্ৰচলিত আছিল বুলি জনা যায় । তাৰ লগতে কঠোৰ বৰ্ণ প্ৰথাৰ প্ৰচলন আছিল । সমাজত ব্ৰাহ্মণ সকলক বিশেষ মৰ্যদা প্ৰদান কৰা হৈছিল ।
ইয়াৰ বিপৰীতে বিজ্ঞান, শিক্ষা-সাহিত্য লগতে সাংস্কৃতিক মূল্যবোধৰে গুপ্ত যুগ ভাৰত বুৰঞ্জীৰ এক গৌৰবময় অধ্যায় । ৰাজ পৃষ্ঠপোষকতাই এই ক্ষেত্ৰত প্ৰভূত বৰঙণি যোগাইছিল । সমাজত সাধাৰণ শ্ৰেণী জনতাৰ মাজত প্ৰাকৃত ভাষাৰ প্ৰচলন আছিল যদিও সংস্কৃত আছিল সেই কালৰ মান্য ভাষা ।
পুৰাণ, মহাভাৰত, ৰামায়ণ আদি মহৎ গ্ৰন্থ সমূহ পুনৰ মুদ্ৰিত হোৱাৰ বিপৰীতে ভাৰত গৌৰব কালিদাসে এই যুগতে "কুমাৰ সম্ভৱ" "ৰঘুবংশ" "মেঘদূতম" "ঋতু সংহাৰ" "অভিজ্ঞানম শকুন্তলম" আদিৰ দৰে শ্ৰেষ্ঠ গ্ৰন্থ লিখিছিল । শূদ্ৰকৰ বিশ্ব বিখ্যাত নাটক "মৃচ্ছ'কটিকা" ভৰতৰ "নাট্যশাস্ত্ৰ" বিশাখাদত্তৰ "মুদ্ৰাৰাক্ষস" এই যুগৰে ৰচনা ।
বিজ্ঞান আৰু গণিতৰ জগতখনলৈকো এই যুগৰ অৱদান সোণালী আখৰৰে লিখিব লগা । এই যুগৰে মহান বিজ্ঞানী তথা গণিতজ্ঞ আৰ্যভট্টই "আৰ্যভট্টীয়" ৰচনা কৰিছিল ।
গুপ্ত যুগৰ এইগৰাকী ভাৰতীয় বিজ্ঞানীয়ে প্ৰকাশ কৰিছিল যে পৃথিৱীয়ে নিজ কক্ষপথৰে সূৰ্যক প্ৰদক্ষিণ কৰে । তেখেতে ইয়াকো কৈছিল যে পৃথিৱীৰ ছাঁ চন্দ্ৰত পৰাৰ ফলত চন্দ্ৰ গ্ৰহণ হয় ।
গুপ্তযুগৰেই আন এগৰাকী গণিতজ্ঞ বৰাহমিহীৰে "বৃহৎ সংহিতা"-ৰ দৰে গ্ৰন্থ ৰচনা কৰিছিল । চিকিৎসা শাস্ত্ৰৰ ক্ষেত্ৰত এই যুগৰে "চৰক" আৰু "সুশ্ৰুক" আছিল দুটি অনন্য নাম । সেই গৰাকীয়েই সুশ্ৰুক যি "সুশ্ৰুক সংহিতা" নামৰ বিশ্বখ্যাত চিকিৎসা গ্ৰন্থ লিখি মেলেৰিয়া মহে কামোৰাৰ ফলত যে হয় সেই কথা পোন প্ৰথম বাৰৰ বাবে বিশ্বক অৱগত কৰিছিল ।
অংক শাস্ত্ৰত দশমিকৰ পদ্ধতিৰ আৱিষ্কাৰ, শূণ্যৰ ব্যৱহাৰ, স্থানীয় মানৰ ধাৰণা আদি প্ৰসংগ বিলাক বিশ্ববাসীলৈ গুপ্ত যুগৰ সৰ্ব শ্ৰেষ্ঠ অৱদান ।
ভাৰত বুৰঞ্জীত গুপ্ত যুগক স্বৰ্ণময় যুগ বুলি কোৱা হয় । শিক্ষাৰ দিশত এই যুগ সমগ্ৰ বিশ্বতে জিলিকি উঠিছিল । এই যুগত ভাৰতত পাঁচখনকৈ বিশ্ববিদ্যালয় আছিল । সেইকেইখন হ'ল :
নালন্দা,
তক্ষশীলা,
উজ্বয়িনী,
সাৰনাথ আৰু
বিক্ৰমশীলা ।
ভাৰতীয় চিত্ৰকলাক এই যুগে বহু আগুৱাই লৈ গৈছিল । অজন্তা, ইলোৰা, বাঘ গুহাৰ দৰে ঐতিহাসিক গুহা আৰু বিভিন্ন মন্দিৰ আদিত চিত্ৰশিল্পই জাকত জিলিকি প্ৰাণ পাই উঠিছিল । তাৰ লগতে স্থাপত্য আৰু ভাস্কৰ্যৰ দিশৰেও এই যুগ গুৰুত্বপূৰ্ণ ।
এনেবোৰ কাৰণত গুপ্ত যুগ ভাৰতৰ বুৰঞ্জীত এক স্বৰ্ণীল অধ্যায় ।
ধন্যবাদ 🙏
☼ আমাৰ ফেচবুক ঠিকনা 📬
✉ https://www.facebook.com/groups/372830512757409/
আমাৰ📧 facebookgyansambhar@gmail.com
🔅ফেচবুক জ্ঞান সম্ভাৰ 🔅
◀🔸🔸🔸🔴🔹🔹🔹▶
No comments:
Post a Comment