সাঁ‌থৰ

            ফেচবুকত বাইদেউ কেইজনীমান ওলাইছে । মাজে-মাজে দেখোঁ‌ ; ফেচবুকলৈ আহি সাঁ‌থৰ সোধে । হৰি-হৰি... হেৰৌ কি যে প্ৰশ্নসোপা আহি সোধে ! সাঁ‌থৰ হ'ল বুলিনো বাৰু যিকোনো কথাকে এনেকৈ কয়নে ? অতবোৰ সাঁ‌থৰ অসমীয়াত থাকোতেও সাঁ‌থৰো বিচাৰি পায়গে একেবাৰে কিবা ধৰণৰ । ফেচবুকৰ এই সাঁ‌থৰ বাইদেউ কেইগৰাকীক গিৰীহঁ‌তেওনো ঘৰত একোকে নকয়নে ?
তাকেহে, কি যে হ'ব... !

      অসমীয়া বাচিক সাহিত্যসমূহৰ ভিতৰত এই সাঁ‌থৰ বিলাকো অন্যতম । কেৱল অসমীয়া ভাষাতেই নহয়, বিভিন্ন ভাষাত এই ধৰণৰ মৌখিক সাহিত্যৰ চানেকি দেখিবলৈ পোৱা যায় । অসমীয়া সাহিত্যত সাঁ‌থৰৰ চৰ্চা পুৰণি কালৰে পৰাই চলি আহিছে । মূলতঃ সাঁ‌থৰবোৰ হৈছে কম বাক্যৰে গঠিত কিছুমান প্ৰহেলিকাধৰ্মী প্ৰশ্ন যাৰ আলমত কোনো ব্যক্তিক সাঁ‌থৰটো কৈ তাৰ উত্তৰটো উলিয়াবলৈ দিয়া হয় । ইয়াৰ মাধ্যমৰে ব্যক্তিৰ বুদ্ধিমত্তাৰ উমান পাবলৈও যত্ন কৰাৰ লগতে আগৰ কালত ই বিনোদনৰো অংশ হৈ পৰে । সেয়ে, ড° প্ৰফুল্ল কটকীদেৱে এইবিধ বাচিক কলাৰ বিষয়ে ক'বলৈ গৈ ইয়াক পুৰণি কালৰ কুইজৰ সৈতে ৰিজনি দিছে ।  আধুনিক অসমীয়া অভিধানৰ মতে "সাঁ‌থৰ হৈছে দুৰ্বোধ্য অৰ্থ লুকাই থকা প্ৰবচন ; ৰহস্যপূৰ্ণ বৰ্ণনা ।"

    সাধাৰণ অৰ্থত গ্ৰাম্য চিন্তাত প্ৰাণ পোৱা আৰু মানুহৰ মুখ বাগৰি পাছত লিখিত ৰূপো লাভ কৰা ৰিজনি যুক্ত লগতে ৰহস্যপূৰ্ণ অৰ্থযুক্ত কিছুমান শুৱলা বাক্য বা শব্দৰ সমষ্টিৰে সৃষ্ট প্ৰশ্নই হ'ল সাঁ‌থৰ । ইয়াৰ ভাষা চহা-সুৰিয়া হ'লেও সকলো সাঁ‌থৰতে ভাষাৰ প্ৰয়োগ মাৰ্জিত নহ'বও পাৰে । এনে বহু সাঁ‌থৰ শুনিবলৈ পোৱা যায় যিবোৰ দ্বৈত অৰ্থযুক্ত । তাৰে কিছুমান দ্বৈত অৰ্থযুক্ত সাঁ‌থৰৰ পোন উত্তৰ সময়ে অ-মাৰ্জিত যেনো নলগা নহয় ।

     সাঁ‌থৰৰ প্ৰশ্ন অনুসৰি এইবোৰক প্ৰধান দুটাকৈ ভাগত ভগাব পাৰি ।

১) বৰ্ণনামূলক সাঁ‌থৰ
২) টেটকুটিমূলক প্ৰশ্ন ।

বৰ্ণনামূলক সাঁ‌থৰবোৰ কেইটিমান বাক্যত প্ৰতিক বা তুলনা আদিৰ প্ৰয়োগ কৰি ৰচনা কৰা হয় । ইয়াত উত্তৰ দিবৰ বাবে আধুনিক কুইজৰ দৰে কিছু ক্লু দিয়া যায় যাৰ সহায়ত বুদ্ধিৰ প্ৰয়োগ ঘটাই সাঁ‌থৰটো যাক কোৱা হৈছে তেওঁ‌ উত্তৰটো বিচাৰিবলৈ যত্ন কৰে ।
তলত উদাহৰণ হিচাপে দুই-এক নমুনা দিয়া হ'ল :

"বগা-বগা চাহাবৰ
ক'লা-কলা টুপি
এক ঘোচা মাৰি দিলেই
উঠে জ্বলি-পকি ।" (উত্তৰ ?)

ভুন-ভুন কৰে কিন্তু
ভোমোৰা নহয়,
লগুণ পিন্ধে কিন্তু বামুণ নহয় । (উত্তৰ ?)

আনহাতে টেটকুটিমূলক প্ৰশ্নবোৰ খুব চমু আৰু সাধাৰণতেই এইবোৰ সাঁ‌থৰটোৰেই কোনো  শব্দৰ অচিলা লৈ কৰা ৰহস্যৰ ধেমালি । টেটকুটিমূলক সাঁ‌থৰৰ দুটিমান উদাহৰণ দিলেই এই নামটো নুশুনাসকলে সহজেই চিনি পাব ।

কি দৈ খাব নোৱাৰি ?
কি ড্ৰাইভাৰে গাড়ী নচলাই ?
ইত্যাদি ।

   অসমীয়া সাঁ‌থৰসমূহক ইংৰাজীত Riddles বুলি কোৱা যায় । অৱশ্যে অসমীয়াত এই সাঁ‌থৰবোৰৰ দৰেই আৰু একশ্ৰেণীৰ ৰহস্যময় প্ৰশ্ন আছে যিবোৰ সাঁ‌থৰ নহয় অথচ, সাঁ‌থৰৰ সমধৰ্মী । এইসমূহক ফকৰা নামৰে জনা যায় ।ফকৰাবোৰ ভকতীয়া লগতে আধ্যাত্মিক চিন্তাযুক্ত কিছুমান প্ৰহেলিকাময় প্ৰশ্ন । অসমীয়া সাহিত্যৰ সম্ভৱতঃ মৌলিক উপাদান এই ফকৰাবিলাকক লৈও আকৌ এদিন পাৰিলে আপোনালোকৰ কাষলৈ অহাৰ সৌভাগ্য লাভ কৰিম ; সেই আশাৰে আজিলৈ ইমানতেই সামৰিছো 🙏

        শুভৰাত্ৰি 🐈
➖➖➖➖➖➖➖

🌈আমাৰ ঠিকনা 📬

⚜ ফেচবুক জ্ঞান সম্ভাৰ⚜

✉ https://www.facebook.com/groups/372830512757409/

          🔅◀🔸🔸🔸🔴🔹🔹🔹▶🔅

No comments:

Post a Comment

নতুন লেখা / ছবি

গ্ৰীষ্মৰ আতঙ্ক

ইমান অত্যাচাৰ ! নষ্টজোৱা, হতশ্ৰীহোৱাবোৰৰ পৰা সঁ‌চাই শান্তি নোহোৱা হৈছেগে । নাপায়, ইমান অত্যাচাৰী  হ'বগে নালাগে । যিহে অত্যাচাৰ হৈছে, যি ...