ভাৰতলৈ ইংৰাজ সকলৰ আগমন 🇬🇧 ▫▫▫▫▫▫▫▫▫▫▫▫▫▫▫▫▫▫▫▫▫▫▫▫▫▫▫▫▫▫▫▫▫▫▫▫

ভাৰতলৈ ইংৰাজ সকলৰ আগমন 🇬🇧
▫▫▫▫▫▫▫▫▫▫▫▫▫▫▫▫▫▫▫▫▫▫▫▫▫▫▫▫▫▫▫▫▫▫▫▫▫▫

      ভাৰতৰ সতে ইউৰোপীয় তথা পশ্চিমীয়া দেশবোৰৰ সম্পৰ্ক বহু যুগৰ পুৰণি । বহু যুগৰে চিনাকী তেওঁলোক । দূৰত্বৰ প্ৰাচীৰ ভাঙি প্ৰাচীন যোগসূত্ৰৰে বহু যোজন আঁতৰৰ একেখন পৃথিৱীৰে মানৱ সন্তানসকলে পাৰস্পাৰিক সমন্ধ স্থলপথৰেই চলাই আহিছিল শতিকাৰ পাছত শতিকালৈ । লোহিত, পাৰস্য আৰু আফগানিস্থানৰ মাজৰে স্থলপথৰে সংযোগ ৰাখি দুয়োখন মহাদেশৰ তাহানিৰ মানৱে ৰাখিছিল বাণিজ্যিক সম্বন্ধ, কিন্তু.............
সপ্তম শতিকামানত যাত্ৰাপথৰ সাগৰীয় অংশত আৰৱৰ একছত্ৰী প্ৰভাৱে অৱৰুদ্ধ কৰিছিল বহু পুৰণি এই সমন্ধ । পৰিণামত, পোন্ধৰ শতিকাৰ শেষলৈকে ভাৰতৰ সতে ইউৰোপীয় সম্বন্ধ আন্ধাৰৰ মাজতেই ডুব গৈ থাকিল ।
      অৱৰুদ্ধ পথৰ বিকল্প বিচৰা হৈছিল । নতুন পথৰ সন্ধান সাগৰৰেও চলিল কিন্তু, কেইবাটাও শতিকাযুৰি সময়ে হয়তো লগ দিয়া নাছিল !
তথাপি দুৰ্দমনীয় মানুহৰ বাসনাৰ অন্তহীন প্ৰচেষ্টা । তাতে ভাৰতৰ বিভূতি-বৈভৱৰ প্ৰতি লালসাৰ জোৱাৰে প্ৰত্যাশাক বেছি গভীৰ কৰি তুলিছিল । তেওঁলোকে জানিছিল, বিকল্প ওলাব । সাগৰেই দিব সেই সুবিধা । তাৰে আশাত বিশাল সাগৰৰ বক্ষ ভেদি প্ৰাচ্যৰ উপ-মহাদেশখনলৈ সন্ধানী নৌকাবোৰে সাগৰ পিত-পিটাই ফুৰিছিল । তাৰে ভিতৰত প্ৰধান পৰ্টুগীজসকল ।
১৪৮৭ খ্ৰীষ্টাব্দত এই পৰ্টুগীজ সকলৰে বাৰ্থ'ল'  মিউ ডিয়াজে নামে নাৱিকজনে আফ্ৰিকাৰ উত্তৰমাশা অন্তৰীপলৈকে এই পথছোৱা আৱিষ্কাৰ কৰাত সেই সহায়তে আন এজন পৰ্টুগীজ "ভাস্ক'-ডা-গামা"-ই (VASCO-DA-GAMA) ১৪৯৮ খ্ৰীষ্টাব্দত ভাৰতলৈ অহা সম্পূৰ্ণ সাগৰীয় পথ আৱিষ্কাৰ কৰি ভাৰতৰ দক্ষিণে থকা "কালিকট" বন্দৰত উপস্থিত হৈছিলহি ।
প্ৰাচ্যৰ সতে ভাৰতৰ যোগাযোগৰ নতুন পথ আৱিষ্কাৰত ইমানদিনে বহু আশাৰ বাটলৈ চাই থকা ইউৰোপীয় বহুতো জাতিক উৎসাহিত কৰিছিল । ইংৰাজসকলো তাৰে ভিতৰত অন্যতম আছিল । ভাৰতত বেপাৰৰ মাধ্যমৰে ঐশ্বৰ্যৰ পাহাৰ সজাৰ লালসাৰ অনন্ত  জোৱাৰত সমৃদ্ধিৰ সপোনবোৰ লহ-পহকৈ বাঢ়ি অহাত ইংৰাজ বেপাৰী সকলে ১৫৯৯ খ্ৰীষ্টাব্দত "ইষ্ট-ইণ্ডিয়া কোম্পানী" প্ৰতিষ্ঠা কৰি ১৬০০ খ্ৰীষ্টাব্দত ইংলেণ্ডৰ ৰাণী এলিজাবেথৰ পৰা প্ৰাচ্যৰ সতে বেহা-বেপাৰ কৰিবলৈ ১৫ বছৰৰ বাবে অনুমতি পত্ৰ লাভ কৰিছিল । কিন্তু, ভাৰতত বেহা-বেপাৰৰ বাবে মোগল সম্ৰাটৰ অনুমতিৰ প্ৰয়োজন আছিল । ১৬০৯ খ্ৰীষ্টাব্দত তেনে এক অনুমতি লাভৰ বাবে কেপ্টেইন উইলিয়াম হকিন্সক মোগল সম্ৰাট জাহাংগীৰৰ ওচৰলৈ পঠিওৱা হৈছিল যদিও পৰ্টুগীজ সকলৰ প্ৰভাৱত সম্ৰাটৰ পৰা অনুমতি নাপালে । ১৬১৩ খ্ৰীষ্টাব্দত আন এজন ইংৰাজ ছাৰ থমাচ ৰোৱে জাহাংগীৰৰ দৰবাৰত তিনি বছৰ থাকি আগ্ৰা, চুৰাট, আহমেদাবাদত বাণিজ্যৰ কোঠ পাতিবলৈ অনুমতি লাভ কৰিছিল । সেই সময়তে ফ্ৰান্সিস্ ডেই নামৰ এজন ইংৰাজ বেপাৰীয়ে মাদ্ৰাজ চহৰখন কিনি লৈ তাত ফোৰ্ট চেন্ট জৰ্জ নামৰ এটা কাৰখানা স্থাপন কৰিছিল । ইফালে ইংলেণ্ডৰ ৰজা দ্বিতীয় চাৰ্লছে পৰ্টুগীজ ৰাজকন্যা এগৰাকীক ১৬৬১ খ্ৰীষ্টাব্দত বিয়া পাতিছিল । ৰাজকন্যাৰ নাম আছিল কেথৰিন । এই কেথৰিনক বিয়া পাতি তেওঁ মুম্বাই চহৰখন পাইছিল যৌতুক হিচাপে ।  পিচে চাৰ্লছে সেইখন আকৌ ইষ্ট ইণ্ডিয়া কোম্পানীক পঞ্চাশ হাজাৰ ঋণৰ বিনিময়ত হস্তান্তৰ কৰিছিল । ইয়াৰ পাছৰ পৰা বোম্বাই হৈ পৰিছিল ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰধান কাৰ্যালয় ।
                                (আগলৈ)
          
                              
ধন্যবাদ 🙏
২৯/১০/২০১৯
--------------------

ইফালে ১৬৯০ খ্ৰীষ্টাব্দত জব চাৰ্ণক নামৰ কোম্পানীৰ বিষয়া এগৰাকীয়ে বংগৰ নবাবৰ পৰা বছৰি বাৰশ টকাৰ খাজানা দিয়াৰ বিনিময়ত কালী ঘাটা, সুতানুটি আৰু গোবিন্দপুৰ নামে তিনিখন গাঁৱৰ ( * এই তিনিখন গাঁও একত্ৰে পাছলৈ কলিকতা ) জমিদাৰী স্বত্ব লাভ কৰি তাতে "ফৰ্ট উইলিয়াম" নামেৰে এটা বাণিজ্য কেন্দ্ৰ প্ৰতিষ্ঠা কৰিলে ।
       তীক্ষ্ণ বুদ্ধি আৰু কঠোৰ পৰিশ্ৰমী এই ইংৰাজ জাতিটোৰ ভাগ্যোদয়ৰ বেলি বোলে উদয়হে হৈছিল, অস্ত কাহানিও যোৱা নাই । চল-চাতুৰিতো সিদ্ধহস্ত ইংৰাজক সময়ে এইবাৰ আন এটা বিশেষ সুযোগ দিলে । ১৭১৫ খ্ৰীঃত মোগল সম্ৰাট ফাৰুখছিয়াৰৰ পৰা ইষ্ট-ইণ্ডিয়া-কোম্পানীয়ে এখন ফৰমান লাভ কৰিছিল । এই ফৰমানে বিনা শুল্কে সমগ্ৰ দেশত বেপাৰ কৰিবলৈ আৰু দেশত মুদ্ৰা বনাই প্ৰচলন ঘটাবলৈ সুবিধা আৰু অনুমতি প্ৰদান কৰিছিল ।
      সেই সময়ত ভাৰতত ইংৰাজ ইষ্ট-ইণ্ডিয়া কোম্পানীৰ প্ৰধান সমস্যা আছিল ইউৰোপৰেই ফৰাচী সকলৰ ফৰাচী ইষ্ট-ইণ্ডিয়া কোম্পানী । ফৰাচী ইষ্ট-ইণ্ডিয়া কোম্পানীয়েও সেই সময়ত দক্ষিণ-পূবৰ পণ্ডিচেৰী আৰু বংগদেশৰ চন্দননগৰত প্ৰধান ঘাটি পাতি ব্যৱসায় চলাই আছিল । সাম্ৰাজ্যবাদৰ সপোন দেখা ইংৰাজ ইষ্ট-ইণ্ডিয়া কোম্পানীৰ বাবে তেওঁলোক হৈ পৰিছিল প্ৰধান অন্তৰাই । ১৭৪৫ খ্ৰীষ্টাব্দত ভাৰতত ইংৰাজ সকলে ফৰাচী জাহাজ ভাৰতৰ দক্ষিণ-পূব উপকূলত অৱৰুদ্ধ কৰাত ফৰাচী ইষ্ট-ইণ্ডিয়া কোম্পানীৰ গৱৰ্ণৰ যোচেফ ফ্ৰান্সিচ ডুপ্লেই ইংৰাজৰ অধিনত থকা মাদ্ৰাজ দখল কৰে । ইংৰাজে কৰ্ণাটকৰ নৱাবৰ সহায় বিচাৰিলে যদিও নৱাবৰ এক ডাঙৰ সামৰিক বাহিনী ফৰাচীৰ হাতত পৰাস্ত হৈছিল । ভাৰত বুৰঞ্জীত এয়াই আছিল "কৰ্ণাটকৰ প্ৰথম যুদ্ধ"
   ১৬ শতিকামানৰ পৰা ইউৰোপীয় দেশবোৰত বাণিজ্যক কেন্দ্ৰ কৰি অৰ্থনীতি নিয়ন্ত্ৰিত হৈছিল আৰু বাণিজ্যই সাম্ৰাজ্যবাদ বিস্তাৰৰে পুঁজিপতি হোৱাত দেশবোৰক অনুপ্ৰাণিত কৰিছিল । তেনে চিন্তা-ধাৰাৰে পুষ্ট ফৰাচী আৰু ইংৰাজৰ দুয়োটা কোম্পানীয়ে সেই সময়ৰ ভাৰতীয় সৰু-সৰু ৰাজ্যবোৰত নিজৰ প্ৰভূত্ব খটাবলৈ চলে-বলে-কৌশলেৰে হ'লেও চেষ্টা চলাই কিছু সফলো হৈছিল । দেশীয় ৰজাবিলাকৰ মাজত থকা মতানৈক্য এই দিশত দুয়োটা কোম্পানীৰ বাবে হৈ পৰিছিল একোটাকৈ সুযোগ ।
আৰু সুযোগ সন্ধানী এই বেপাৰী দলবোৰে নানান কুট-কৌশলৰে ভাৰতত সাম্ৰাজ্যবাদৰ জালখন বহলকৈ পেলাবলে চেষ্টা চলাই থাকিল ।.
তীক্ষ্ণ বুদ্ধিসম্পন্ন ডুপ্লেই ফৰাচীবোৰক বেছিকৈ সুযোগ লাভ কৰাত সহায়ক হ'ল । তেনে একোটা প্ৰতিযোগীতামূলক অৱস্থাতে ভাৰতৰ ইংৰাজ কোম্পানীটোলৈ আহিল এগৰাকী ডেকা সাধাৰণ কৰ্মচাৰী "ৰবাৰ্ট ক্লাইৱ" ।
ভাৰতত বৃটিছৰ উত্থান আৰু আধিপাত্যত "ৰবাৰ্ট ক্লাইৱ"-ৰ ভূমিকা আছিল গুৰুত্বপূৰ্ণ । অতি কম সময়ৰ ভিতৰতে অতি চতুৰ এই ব্যক্তিজনে কোম্পানীত উচ্চ আসন লাভ কৰিবলৈ সক্ষম হৈছিল আৰু কৰ্ণাটকৰ দ্বিতীয় যুদ্ধৰে দাক্ষিণাত্যত ইংৰাজৰ ভেটি সুদৃঢ় কৰিছিল ।
১৭৫৭ খ্ৰীষ্টাব্দত চল-চাতুৰিৰে ৰৱাৰ্ট ক্লাইৱে বংগৰ নৱাৱ চিৰাজউদ্দৌল্লাক মুৰ্ছিদাবাদৰপৰা ২৩ মাইল দক্ষিণে থকা ভাগীৰথী নদীৰ পাৰৰ পলাশী নামে ঠাইত যুদ্ধত পৰাস্ত কৰিছিল ।  নৱাবৰ প্ৰধান সেনাপতি মিৰজাফৰক নৱাব পদৰ লোভ দেখুৱাই নৱাৱক বিশ্বাসঘাটকতা কৰিবলৈ পৰামৰ্শ দিছিল এই ৰৱাৰ্ট ক্লাইভে । এই যুদ্ধত চিৰাজউদ্দৌল্লা পৰাস্ত হয় আৰু মিৰজাফৰৰ পুত্ৰ মিৰাণৰ হাতত নিহত হয় ।
ভাৰত বুৰঞ্জীৰ এই বিখ্যাত "পলাশী যুদ্ধই" মধ্যযুগৰ অৱসান ঘটাই আধুনিক যোগৰ সূচনা কৰিছিল আৰু ভাৰতত বৃটিছৰ ভেঁটি অধিক শক্তিশালীয়েই নহয় প্ৰায় মূখ্য শক্তিলৈ পৰিণত কৰিছিল ।
ইফালে ১৭৫৮ খ্ৰীষ্টাব্দত ফৰাচী আৰু ইংৰাজ কোম্পানী দুটাৰ মাজত হোৱা "ৱান্দিয়াছৰ যুদ্ধই" ভাৰতত ফৰাচী শক্তিক নোহোৱা কৰি বৃটিছ সাম্ৰাজ্যবাদৰ ভেঁটি নিশ্চিত কৰিছিল ।
                           শুভৰাত্ৰি 💂

আমাৰ ফেচবুক ঠিকনা 📬
https://www.facebook.com/groups/372830512757409/
আমাৰ📧 facebookgyansambhar@gmail.com
                    🔅ফেচবুক জ্ঞান সম্ভাৰ 🔅
                   ◀🔸🔸🔸🔴🔹🔹🔹▶

Comments