গ্ৰীষ্মৰ আতঙ্ক

ইমান অত্যাচাৰ !
নষ্টজোৱা, হতশ্ৰীহোৱাবোৰৰ পৰা সঁ‌চাই শান্তি নোহোৱা হৈছেগে । নাপায়, ইমান অত্যাচাৰী  হ'বগে নালাগে । যিহে অত্যাচাৰ হৈছে, যি বুলিয়েই গালি নিদিও তাকো কম হয় । বাপৰে...শান্তি-সুখ সময়ে নোহোৱা কৰি দিয়ে ।
মতাকেইটা বাৰু যেন-তেন, মাইকীবোৰ যে ; কি ক'ম আপোনাক, এনেহে লাগে যেন ইহঁ‌ততকৈ ভয়ানক আন কোনোৱেই নাই !
খাওতেটো খাবই তাকে যেন সুধি-সুধিহে খাব ! তাকো এবাৰ নহয়, বাৰে-বাৰে সেই একেটাই প্ৰশ্ন, "কোন...কোন...কোন ❓️❓️❓️" 
হেৰৌ মই...মই...মই , মই ৰাজীৱ গোস্বামী । মৰাহঁ‌ত, তহঁ‌তৰ কিমান শ গোষ্ঠীৰ আগৰ মাতামহীবোৰেও এনেকৈয়ে মোক খায় তহঁ‌তৰ পূৰ্ব-পুৰুষসোপাক জন্মদি সিহঁ‌তৰ পৰা আকৌ তহঁ‌তক পৃথিৱীবাসীক উৎপিৰণ চলাবলৈকে দায়িত্ব দি থৈ গৈছে । হেৰৌ, এতিয়া মোকেই চিনি নোপোৱা হ'লিনে ধাৰখোৱাহঁ‌ত ?
ক'তনো পাবি অন্ধলাহঁ‌ত, ভালকে চকুৰে মনিব নোৱাৰ বুলি পাহৰিছিলোৱেই ৰ । ভালকে চকুৰে মনিব নোৱাৰোতেও তহঁ‌তৰ অত্যাচাৰত মানুহ থাকিব নোৱাৰা অৱস্থা, তাতে যদি চকুৰে ভালকে দেখিলি হেতেন তেন্তে আমাৰ যে কি  হ'ল হয় ভগৱানেহে জানে । 
গৰমৰ দিনকেইটা সোমাবহে লাগে শীতনিদ্ৰাৰপৰা (HIBERNATION) উঠিয়েই আক্ৰমণকাৰীবোৰৰ অত্যাচাৰ আৰম্ভ হৈয়েই যায় ।
কম অত্যাচাৰ কৰনে, পাৰোতেনো WHO-এ বিশ্বৰ ভিতৰত আটাইতকৈ ভয়ানক জীৱবোৰৰ তালিকাৰ প্ৰথম দহটা স্থানৰ ভিতৰত তহঁ‌তক ৰাখেনে ! কটা নিধকৰ জাত, লাজপোৱা নাই ? সাধাৰণ অত্যাচাৰবোৰ বাদেই দিছো, ইহঁ‌তৰ কাৰণেই প্ৰতি বছৰে বিশ্বত প্ৰায় ৭,২৫,০০০ জন মানুহ মৃত্যুৰ মুখত পৰে ।

থে...পে...চ, বধিলো এটাক । 
অন্ততঃ এগাল-এগাল কণীপৰা এইসোপাৰ এজনীক বধিলেও ভৱিষ্যতৰ আক্ৰমণকাৰীৰ সংখ্যা কমাত সহায়ক হয় । এইসোপাই কণীও কম নাপাৰে । এজনীয়ে জীৱনকালত এবাৰেই কণী পাৰে । হ'লে কি হ'ব, এবাৰতে  দুশৰ পৰা তিনিশমান যদি কণীয়েই পাৰে তেন্তে সেই কণীবোৰৰ পৰা কিমান আক্ৰমণকাৰী এই ধৰাধামলৈ আহিব পাৰে ভাবক । অৱশ্যে মাছ-ভেকুলী আদি প্ৰাণীবোৰে এই কণীবোৰ খায় আমাক দয়া কৰিছে বাবে অলপমান হ'লেও বাচি আছো ; নহলে, যি ফালে চকু দিব সেইফালেই এইসোপাকে দেখিলে হয় ।

        ঠাণ্ডাৰ দিনবোৰ ভাললগাৰ প্ৰথম কেইটামান কাৰণৰ ভিতৰত এইচবৰ অনুপস্থিতি এটা । মৰাহঁ‌তে ঠাণ্ডা সহিব নোৱাৰে বাবে শীতৰ দিনবোৰত শীতনিদ্ৰা কৰি অলপ গৰম নামিলেই ওলাই আহি অত্যাচাৰ আৰম্ভ কৰে । ভগৱানেও যেন পৃথিৱীবাসীক উৎপিৰণ চলাবলৈ ঠিকাটো ইহঁ‌তকেই দিছে । 
সৰু প্ৰাণী, সাধাৰণতে আমি দেখি থকাবোৰ অতি বেছি ছয় মিলিমিটাৰমান দীঘল হ'ব । ছটা নোমাল ঠেং আৰু এযোৰ পাখিৰে সৰু এই পতংগবিধে মানুহক অতিষ্ঠ কৰি তোলে । আমাৰ ইয়াতেই ইমান অতপালি,  আফ্ৰিকাৰ দৰে দেশবোৰত এই পতংগবিধৰ অত্যাচাৰ আৰু বেছি । কেৱল অত্যাচাৰেই নহয়, ঘাতক ৰূপে ইহঁ‌তৰ কিছুমান প্ৰজাতিয়ে প্ৰতি বছৰে লাখ-লাখ মানুহক হত্যা কৰি আহিছে ।
সেয়ে ভাবিলো, ইমান আপদিয়া এই জীৱবিধৰ বিষয়ে ফেচবুক জ্ঞান সম্ভাৰ  facebook Gyan Sambhar ত দুআষাৰ লিখা ভাল হ'ব । সেয়ে আজিৰ শিতানত আগবঢ়াইছো জীৱকুল মাজত সন্ত্ৰাসৰ সৃষ্টি কৰা আতংকৰ এটি অন্য নাম "মহ"-ৰ বিষয়ে দুআষাৰ ।

                                  "মহ" 🦟

          আন্টাৰ্টিকাক বাদ দি বিশ্বৰ কেউখন মহাদেশতে নিজা স্বভাৱৰে সন্ত্ৰাসৰ পোহাৰ মেলি মানুহক অতিষ্ঠ কৰি ৰখা আপদীয়া মহবোৰক বাৰু কোনে নিচিনে । কেৱল একেটা প্ৰশ্নকেই যেন মুখতে লৈ পৰিচয় হ'বলৈ বিনা নিমন্ত্ৰণে আগবাঢ়ি আহি থাপৰত চিৰনিদ্ৰা যোৱা এই অকণমানি অথচ ভয়ানক প্ৰাণীবিধেই হৈছে মহ । পতংগ জগতৰ শুনিবলে একেবাৰে মন নোযোৱা আৰু আপোনাৰ চিকুণ টোপনিৰ ঘোৰ শত্ৰু এইবিধ প্ৰাণীৰ ইংৰাজী নাম "MOSQUITO" । স্পেনীচ ভাষাৰ শব্দ "MOSCA"- ৰ পৰাই শব্দটোৰ সৃষ্টি হোৱা বুলি জনা যায় । Little fly বুজাবলৈ স্পেনীচ ভাষাত "মস্কা" শব্দটো ব্যৱহাৰ কৰা হয় । আনহাতে বৈজ্ঞানীক নামাকৰণৰে মহক "Culicidae" বুলিহে জনা যায় । Culicidae শব্দটো আকৌ আহিছে লেটিন ভাষাৰ পৰা আৰু ইয়াৰ অৰ্থটো হৈছে "তেজ খোৱা এবিধ কীট"
সমগ্ৰ বিশ্বতে মহৰ প্ৰায় ৩,৫০০ টামান প্ৰকাৰ পোৱা যায় । এইবোৰ "Culicidae" (কিউলিচিডি) পৰিয়ালৰ অন্তৰ্গত । ইহঁ‌তবোৰে উৰোতে  ছেকেণ্ডত প্ৰায় ৫০০ বাৰমান পাখি জোকাৰাৰ ফলত এক বিৰক্তিকৰ "কোণ-কোণ"-কৈ এক শব্দ হয় । মানুহৰ ঘাম, চুলিৰ গেলেপা গোন্ধ, কাৰ্বন ডাই-অক্সাইড আদিৰ ঘ্ৰাণ মহৰ অতি প্ৰিয় । আনহাতে কাণৰ ভিতৰত থকা কণামাকুৰিৰ গোন্ধও মহে ভালপায় । তীব্ৰ ঘ্ৰাণেন্দ্ৰিয়ৰ সহায়ত ইহঁ‌তে সেয়ে কাণৰ ওচৰত আহি উৰি-ফুৰি কুণ-কুণনিৰ সৃষ্টি কৰে । ইহঁ‌তৰ ঘ্ৰাণেন্দ্ৰিয় যিমানেই শক্তিশালি তাৰ বিপৰীতে দৃষ্টিশক্তি কিছু দুৰ্বল । আন্ধাৰতো মহে ইয়াৰ ঘ্ৰাণশক্তিৰ সহায়ত সহজতে মানুহ বা জন্তুৰ ওচৰ চাপি আহিব পাৰে।

     আপুনি জানি আচৰিত হ'ব যে জীৱৰ তেজশোহা বুলি ভবা এই প্ৰাণীবিধৰ মূল আহাৰ কিন্তু তেজ নহয় । বিভিন্ন গছৰ পৰা পোৱা ৰসহে মহৰ প্ৰকৃত আহাৰ । আপুনি বাৰু জানেনে, মতা মহে তেজ নুশোহে । ইহঁ‌তে ফুল-ফল-পাত 🌸🌿 আদিৰ ৰস খায়েই জীয়াই থাকে । প্ৰাণীৰ তেজ খায় মাত্ৰ মাইকী মহবোৰে । কণী পাৰিবলৈ প্ৰয়োজন হোৱা প্ৰটিনৰ বাবে মাইকী মহে 🦟 তেজ শোহে আৰু এই তেজৰ সহায়তে কণীৰ বিকাশ ঘটাই জলাশয়ত কণী পাৰে
আন এটা কথা জানি আচৰিত হ'ব যে ইষ্ট্ৰ'জেন নামৰ হৰ্মনবিধ পুৰুষতকৈ মহিলাৰ দেহত অধিক পৰিমাণে থাকে আৰু এইবিধ হৰ্মণে মহক বেছিকৈ আকৰ্ষিত কৰে বাবে মতা মানুহতকৈ মহিলাকহে মহে বেছিকৈ আক্ৰমণ কৰে
মহে ইহঁ‌তৰ মুখত থকা শুঙৰ (Proboscis) সহায়ত মানুহ বা জন্তুৰ দেহৰ পৰা তেজ শোহি খায় । শোহাৰ সময়ত ইহঁ‌তৰ মুখৰপৰা ওলোৱা এবিধ লালটিৰ বাবে মহে কামোৰা ঠাইখিনি খজুৱাই । এই লালটিবিধত প্ৰ'টিন আৰু এনটি-ক'এগুলেণ্ট (Anticoagulant) থাকে যি তেজ মখনা বন্ধাত বাধা দিয়ে । মহৰ এই লালটিবিধক আমাৰ শৰীৰে প্ৰতিক্ৰিয়া কৰে বাবে মহে কামুৰিলে খজুৱাই । তাতোকৈও মোৰ বেছি অশান্তি লাগে মহ মাৰিলেই হাতত লগা তেজৰ বাবে । আপোনাৰো বাৰু হয়নে ? তেজখায় থকা মহ এটাক থাপোচকে থপৰিয়াই মাৰোতেই মহৰ পেট ফালি হাতত লাগি যোৱা তেজ বৰ অশান্তিদায়ক । ৰাক্ষসীসোপাই অলপ তেজ খালে হেঁ‌পাহেই নপলাই । তেজ খায় গেৰেলা-গেৰেল হোৱাৰ পাছতো আৰু অলপ তেজ খাবলৈ থকা সিহঁ‌তৰ ৰক্তপিপাসু মনটোৰ বাবে পেট ফালি তেজ ওলাও-ওলাও🦟 হৈ পৰে । তেনেতে যদি মহক থপৰিয়ালে ; চাবোনৰে হাত ধুৱাতহে বল ।
পতংগতত্ত্ববিদসকলে (Entomologist) ক'ব বিচাৰে যে এজনী মহে নিজৰ শৰীৰৰ ওজনতকৈ তিনিগুণ বেছি তেজ শোহে আৰু দুই-তিনিদিনলৈ অনাহাৰে থাকে । এইখিনি সময়ৰ ভিতৰত তেজ হজম কৰাৰ লগতে তেজৰ সহায়ত কণীৰ বিকাশ ঘটায় আৰু পানীত কণী পাৰে । কণীৰ পৰা এটা প্ৰাপ্তবয়স্ক মহলে পৰিণত হোৱাৰ এই সময়খিনিত মহে 🦟জীৱনৰ মুঠ চাৰিটা স্তৰ স্পৰ্শ কৰে 
১/কণী ২/পলু ( Larva) ৩/Pupa ৪/ প্ৰাপ্তবয়স্ক মহ 🦟।

    মহৰ জীৱনকাল বৰ দীঘলো নহয় । এসপ্তাহ-দহদিনৰ পৰা এমাহৰ ভিতৰতে ইহঁ‌তে জীৱন সমাপ্ত কৰে আৰু এইখিনি সময়তে অত্যাচাৰৰ গুৰুদায়িত্ব দিবলৈ  শ-শ বংশধৰক এই পৃথিৱীত জন্ম দি যায় । অৰ্থাৎ, সৰু কালতেই  আপোনাৰ তেজখায় জন্মদিয়া মহৰ হাজাৰ-হাজাৰ পাছৰ প্ৰজন্মইহে আজি আহি আপোনাকে আকৌ আক্ৰমণ কৰি তেজ সংগ্ৰহ কৰিছে আৰু সেই  তেজৰে কণী পাৰি আপোনাক ভৱিষ্যতলৈকো অশান্তি দিবলৈ ইহঁ‌তবোৰ সংকল্পবদ্ধ । 

    তেজখোৱাহঁ‌তে তেজৰ বাবে কাষলে আহি কৰা সীমাহীন উপদ্ৰৱ আৰু অত্যাচাৰৰ কথা বাৰু বাদেই দিলো তাতোকে ডাঙৰ কথা হৈছে মহৰ পৰা হোৱা কিছুমান ভয়ানক-ভয়ানক বেমাৰ । 
মেলেৰিয়া, ডেংগু, পাণ্ডু-জ্বৰ, জাপানীজ এনকেফেলাইটিছ, চিকুংগুনিয়া, জিকা আদি মাৰাত্মক বেমাৰৰ ভাইৰাচ কঢ়িওৱা বাহক মহবোৰৰে কিছুমান প্ৰজাতি । অৱশ্যে সকলো মহৰ কামোৰৰ কাৰণে এনে বেমাৰবোৰ নহয় । কিছুমান বিশেষ প্ৰজাতিৰ মহে এনেধৰণৰ ভয়ানক ৰোগ বিয়পায় । আমি সকলোৱেই মাইকী এনোফিলিছ মহৰ কথা শুনিছো । মাইকী এনোফিলিছ মহৰ কামোৰৰ পৰা মেলেৰিয়া ৰোগ বিয়পে । এনোফিলিছৰো আকৌ ৫০০ টামান উপভাগ আছে । তাৰে ৩০ টা বিপদজনক আৰু ইয়াৰে ৩টা অধিক বিপদজনক । এইকেইটা হ'ল 🦟"এনোফিলিছ গাম্বিয়া" 🦟"এনোফিলিছ ক'লুজি" আৰু 🦟"এনোফিলিছ আৰাবিয়েন্সিছ" । এই তিনিটা উপ-প্ৰজাতিৰ মাইকী মহৰ পৰা মেলেৰিয়া ৰোগ বিয়পে । উল্লেখযোগ্য যে এনোফিলিছ মহে সন্ধিয়া আৰু ৰাতি কামোৰে

আন এবিধ ভয়ানক মহ হৈছে🦟 "কিউলেক্স মহ" । জাপানীজ এনকেফেলাইটিছৰ বাহক । তেনেদৰে "ডেংগু" "পাণ্ডুজ্বৰ" "চিকুংগুনিয়া" "জিকা" আদি ৰোগৰ বাহক হ'ল 🦟এডিচ এজিপ্ট আৰু🦟 এডিচ এলব'পিকটাচ মহ । জানি থোৱা ভাল যে এডিচ মহে সাধাৰণতে দিনত কামোৰে আৰু স্থিৰ চাফা পানীত কণী পাৰে । আন্ধাৰ কোঠা, বিচনা-আলমিৰা আদিৰ তলত ইহঁ‌তবোৰ লুকাই থাকে । গতিকে এনেবোৰ স্থান সদায় পৰিষ্কাৰ কৰি ৰখাৰ লগতে ঘৰৰ ওচৰে-পাজৰে ক'তো পানী জমা হৈ থাকিবলে দিবই নালাগে । দিনত শোলেও আঠুৱা তৰি শোৱাৰ অভ্যাস কৰিলে মহৰ আক্ৰমণৰ পৰা কিছু হাত সাৰিব পাৰি ।

     এইখিনিতে এটা কথা মনলৈ আহিছে । কিছুমান মহ একাধিক বেমাৰ বিয়পোৱাৰ বাবে দায়ী । এতিয়া প্ৰশ্ন হ'ল, এনে এটা মহে এবাৰ কামুৰি একাধিক বেমাৰ এজন ব্যক্তিৰ শৰীৰত দিব পাৰেনে ?
এই সন্দৰ্ভত "বিশ্ব স্বাস্থ্য সংস্থা"-ই ২১ চেপ্তেম্বৰ ২০১৬ ত প্ৰকাশ কৰা এক তথ্য অনুসৰি একেটা কামোৰতে দুটা বেমাৰ এজন ব্যক্তিৰ শৰীৰত সোমোৱাটো সম্ভৱ হ'ব পাৰে
ম'হৰ পৰা হোৱা এনেবোৰ ভয়ানক বেমাৰৰ বাবেই মহক বিশ্বৰ দহবিধ ভয়ানক জীৱৰ তালিকাৰ প্ৰথম দহটা স্থানত অন্তৰ্ভুক্ত কৰা হৈছিল (খুব সম্ভৱ তৃতীয় স্থান) । 

     বাৰিষা অহাৰ লগে-লগে মহৰ প্ৰজনন অধিক মাত্ৰাত বৃদ্ধি হয় । বিশেষকৈ ক্ৰান্তিয় আৰু ক্ৰান্তিয়-নাতিশীতোষ্ণ অঞ্চলবোৰত মহৰ উপদ্ৰৱ অধিক । এইক্ষেত্ৰত মহৰ পৰা বাচিবলৈ চৰকাৰে প্ৰতি বছৰেই জন-জাগৰণ চলাই যোৱাও দেখা যায় । ৰাইজ সতৰ্ক হওক, সাৱধান হওক । মহক বৰ সাধাৰণ ভাৱেৰে ন'লব । আপুনি জানেনে, যে মহৰ পৰা সাৱধান হ'বৰ বাবে জন-জাগৰণৰ উদ্দেশ্যে আৰু ছাৰ ৰ'ণাল্ড ৰ'চৰ স্মৃতিত প্ৰতি বছৰৰ ২০ আগষ্ট তাৰিখটোক "বিশ্ব মহ দিৱস" নামেৰে পালন কৰা হয় । ১৮৯৭ চনত ৰ'ণাল্ড ৰ'চে হেনো মাইকী এনোফিলিচ মহৰ কাৰণে "মেলেৰিয়া" ৰোগ হয় বুলি আৱিষ্কাৰ কৰিছিল । 
নাজানো আৰু কিমান সঁ‌চা কথা ! আমি জনাত হাজাৰ বছৰৰ আগতেই দেখোন ভাৰতত চৰক মুণিয়ে "চৰক সংহিতা"-ত এই বিষয়ে লিখি থৈ গৈছিল। সেইফালৰ পৰা "বিশ্ব মহ দিৱস"-টো ইংৰাজ চিকিৎসক ছাৰ ৰ'ণাল্ড ৰ'চৰ নামত পাতিব লাগিছিল নে মহান ভাৰতীয় আয়ুৰ্বেদ গুৰু চৰক মুণিৰ নামত পাতিব লাগিছিল ; মনলে অহা এটা ডাঙৰ প্ৰশ্ন  !??

শেষত আন এটা সততে মনলৈ অহা ডাঙৰ প্ৰশ্নৰে আজিৰ এই প্ৰবন্ধ সামৰিম । কোৱা হয় ভগৱানৰ সৃষ্টিত প্ৰতিটো প্ৰাণীৰেই একো-একোটা কাম পৃথিৱীত আছে । তেনেহ'লে তেজখোৱা এই নৰকী মহসোপাৰ কি কাম ? কেৱল মানুহ আৰু আন প্ৰাণীৰ তেজখোৱা, বেমাৰ বিয়পোৱা, এগাল-এগালমান কণী পৰা এইবোৰেই নেকি ? কথাটো ভাবিবচোন । সঁ‌চাই মহো কিবা কামত আহেনেকি ?? এইটোও এক গুৰুত্বপূৰ্ণ চিন্তা !
মহো প্ৰকৃতিৰাণীৰ  কামত খাটে ; কেনেকৈ কওঁ‌নে ?
এই পৃথিৱীত খাদ্যৰ কাৰণে জীৱবোৰে এটাৰ ওপৰত আনটো নিৰ্ভৰ কৰিবই লাগে । এইটো প্ৰকৃতিৰ নিয়ম । তেনে দৃষ্টিৰে মহে খাদ্য-শৃংখলাক চলাই ৰখাত বিশেষ ভূমিকা গ্ৰহণ কৰে । এই মহবোৰ আৰু ইয়াৰ কণী মাছ, ভেকুলী আদি বিভিন্ন জলচৰ-উভচৰ-স্থলচৰ কিছুমান প্ৰাণীৰ বৰ প্ৰিয় খাদ্য । আপোনাৰ ঘৰখনতেই মন কৰিবচোন, দেখিব জেঠিটোৱেও সময়ে আহাৰৰ কাৰণে মহৰ আশ্ৰয় লৈছে । সেইদৰে বিভিন্ন সৰু-সৰু প্ৰাণীয়েও মহক খায় ক্ষুধা নিৱাৰণ কৰে । এনেদৰে খাদ্য-শৃংখলাৰ চক্ৰত মহৰো এই পৃথিৱীত কাম আছে । 
       
      হ'লেও মই নাথাকিম আৰু বুজিছে । বৌটি, পেহিটি, দদাইটিহঁ‌ত ঔ ; মোক আৰু তহঁ‌তে দেখা নাপাবিহঁ‌ত অ' ! যামগে আও ..., নাথাকো ইয়াত মহৰ কামোৰ খায় 🦟🦟 । আন্টাৰ্টিকাত বোলে এটাও মহ নাই । মই তালেকে যাম । পেংগুইনৰ 🐧 সতে ধেমালি কৰিয়েই জীৱন কটাম । নাথাকো ইয়াত, পাৰ যদি কাবৌ-মিনতি কৰি হ'লেও ৰাখ যদি মোক ৰাখ ...

                    ধন্যবাদ
                   শুভৰাত্ৰি 

☼ আমাৰ ফেচবুক ঠিকনা 📬

আমাৰ📧 facebookgyansambhar@gmail.com
                  🔅ফেচবুক জ্ঞান সম্ভাৰ 🔅
                 ◀🔸🔸🔸🔴🔹🔹🔹▶

No comments:

Post a Comment

নতুন লেখা / ছবি

গ্ৰীষ্মৰ আতঙ্ক

ইমান অত্যাচাৰ ! নষ্টজোৱা, হতশ্ৰীহোৱাবোৰৰ পৰা সঁ‌চাই শান্তি নোহোৱা হৈছেগে । নাপায়, ইমান অত্যাচাৰী  হ'বগে নালাগে । যিহে অত্যাচাৰ হৈছে, যি ...