পঢ়াৰ মেজত বহিলে টোপনি ধৰাৰ বয়সত গণিতৰ কিতাপত এটা বাঘ আছিল ।
হয়, এসময়ত এটা বাঘ আছিল ; কেৱল মোৰ বাবে । হাইস্কুলৰ নৱম-দশম শ্ৰেণীতেই যি মোক পিছা লৈছিল । পাছত ভাবিছিলো, মেট্ৰিক পাছ কৰি ডাঙৰ ল'ৰা হ'লো যেতিয়া এতিয়া বাঘৰ ভয় নাথাকিব । নাথাকিব মানে মোক লগেই নাপাব । উঁ......, স্নাতক মহলাত বাঘে গোটেই পৰিয়াল-পৰিজনকে লৈ আহি মোক ঘেৰিহে ধৰিলে ।
সঁচাকে, মনত পৰিছে দেই ! দৰচলতে এটা সহজ বিষয় "ত্ৰিকোণমিতি"-ক ভুলতে বাঘ বুলি ভাবি সেই সময়ত একোৱেই চাগে শিকা নহ'ল । নহ'ল নাই, শিকাৰ বাবে বয়সৰ কোনো বাচ নাই । গতিকে ত্ৰিকোণমিতিক বাঘ বুলি ভবাসকলকহে কৈছো, মন থাকিলে পাছৰ বয়সতো শিকি ল'ব পাৰি ।
গণিতৰ এই ভাগটোৰ জন্ম হৈছিল জ্যোতিৰ্বিজ্ঞান চৰ্চাৰ বাবে । ভূগোল, ইঞ্জিনিয়াৰিং বা নৌ-বিদ্যাত ইয়াৰ অধিক গুৰুত্ব আছে । মূলতঃ ত্ৰিভুজৰ কোণ আৰু বাহুক লৈ অধ্যয়ন কৰা গণিতৰ এটা ভাগ হৈছে "ত্ৰিকোণমিতি" । "ত্ৰিকোণমিতি" (Trigonometry) শব্দটো আহিছে গ্ৰীক ভাষাৰ পৰা । "Tri" মানে তিনি "Gon" মানে বাহু আৰু "Metron" মানে জোখ । এই Tri, Gon আৰু Metron লগলাগি Trigonometry শব্দটোৰ সৃষ্টি হৈছে ।
কাৰোবাৰ হয়তো এনে ধাৰণা থাকিব পাৰে যে "ত্ৰিকোণমিতি" আধুনিক গণিতৰ এটা ভাগ । কিন্তু কৈ থওঁ, এই বিদ্যা চৰ্চাৰ প্ৰমাণ প্ৰাচীন ইজিপ্ত আৰু বেবিলনীয় সভ্যতাটো পোৱা যায় । আমাৰ ভাৰতত গণিতৰ মহাগুৰু আৰ্যভট্টদেৱে তেখেতৰ "আৰ্যভট্টীয়"-তো ত্ৰিকোণমিতিৰ বিষয়ে উল্লেখ কৰিছিল । তেখেতে এই বিদ্যাত বৰ্তমানে প্ৰচলিত "Sine/Sin" ক "অৰ্ধ জ্যা" আৰু "Cosine/Cos"-ৰ বাবে "কোটি জ্যা" শব্দ দুটা ব্যৱহাৰ কৰিছিল ।
ভূগোল বিজ্ঞানত এই বিদ্যাৰ গুৰুত্ব অতি বেছি । তাৰে এটা প্ৰমাণ ইয়াত উল্লেখ কৰোঁ ৰ'ব । যিসকলে এতিয়ালৈকে গম পোৱা নাই তেখেতসকলে জানি নিশ্চয় সন্তোষ পাব ।
কথাটো হ'ল, হাইস্কুলত যে পঢ়িছিল পৃথিৱীৰ সৰ্বোচ্চ শৃংগটো ৮,৮৪৮ মিটাৰ ওখ ; তেতিয়া বাৰু ভাবিছিলনে যে ইমান ওখ শৃংগটোকনো ফিটা মাৰি কোনে জুখিছিল ? আপুনি ভাবিছিলনে নাই জনাব । হয়োতো, ইমান ওখলৈ গৈ কোনেনো বাৰু জুখিব পাৰিব ? তেনেহ'লে শৃংগটোৰ এই উচ্চতাক কেনেকৈ হিচাপ কৰি উলিওৱা হৈছিল ?
এইটো সম্ভৱ হৈছিল "ত্ৰিকোণমিতি"-ৰ সহায়ত । এই বিদ্যাত উঠন কোনৰ সহায়ত এভাৰেষ্টৰ দৰে শৃংগৰো সঠিক উচ্চতা মাটিৰ পৰাই উলিওৱা সম্ভৱ । ১৮৫২ চনত হিমালয়ৰ পাদদেশীয় অঞ্চলৰ ছটা ক্ষেত্ৰৰ পৰা ত্ৰিকোণমিতিৰ সহায়ত এভাৰেষ্ট শৃংগৰ উচ্চতা গণনা কৰি পোন প্ৰথমবাৰৰ বাবে ইয়াৰ বিশালতাক প্ৰকাশ কৰা হৈছিল।
ৰ'ব, আপুনি হয়তো মোৰ দৰেই ভাবিব পাৰে । ময়ো ভাবিছিলো যে বৃটিছসকলে ভাৰতলৈ আহি বিভিন্ন স্থানৰ নাম নিজৰ-নিজৰ নামৰে নামাকৰণ কৰি লৈছিল । দেশৰ মানুহে দেখি থকা বস্তুটোকে তেওঁলোকে দেখাৰ পাছত উদ্ভাৱন কৰা বুলি কৈছিল ইত্যাদি....ইত্যাদি । কিন্তু, এভাৰেষ্টৰ ক্ষেত্ৰত মোৰ ধাৰণা সলনি হ'ল ; কিয় জানে ?
উনৈশ শতিকাত ভাৰতত এক কালজয়ী ভৌগলিক জৰীপ আৰম্ভ হৈছিল । এই জৰীপৰ নাম আছিল "Great Trigonometric Survey." ইয়াৰ মূখ্য তত্ত্বাবধানত আছিল উইলিয়াম লেম্বটন (William Lambton) চাহাব ; এজন বৃটিছ অভিযন্তা আৰু ভূগোলবিদ । এখেতৰ এগৰাকী সহায়ক আছিল ছাৰ জৰ্জ এভাৰেষ্ট (Sir George Everest) ।
ছাৰ জৰ্জ এভাৰেষ্ট এনে এজন ব্যক্তি, যাৰ কৰ্মৰ কথা শুনি হাইৰান হৈ যাব । এখেতে ১৮০৬-১৮৪১ লৈ বহু কষ্টৰে দক্ষিণ ভাৰতৰ শেষ বিন্দুৰ পৰা নেপাললৈকে ভাৰতীয় দ্ৰাঘিমাৰ গণনা সম্পূৰ্ণ কৰিছিল ।
ভাৰতৰ চাৰ্ভে জেনেৰেল হৈ অৱসৰ গ্ৰহণ কৰা চাৰ জৰ্জ এভাৰেষ্টৰ নামেৰেই পৃথিৱীৰ সৰ্বোচ্চ শৃংগটোৰ নাম ৰখা হৈছে ।
দৰাচলতে চাৰ জৰ্জ এভাৰেষ্টে শৃংগটো আৱিস্কাৰৰ পাছত নিজৰ নামেৰে নামাকৰণ কৰা নাছিল । শৃংগটোৰ আৱিস্কাৰ হৈছিল তেখেত অৱসৰৰ লৈ ইংলেণ্ডলৈ ঘূৰি যোৱাৰ পাছতহে । আৱিস্কাৰৰ সময়ত ইয়াৰ নাম ৰখা হৈছিল Peak XV বুলি। ১৮৬৫ চনত ৰয়েল জিঅ'গ্ৰাফিকেল চছাইটিয়েহে চাৰ জৰ্জ এভাৰেষ্টৰ কৰ্ম আৰু ত্যাগৰ প্ৰতি সন্মান জনাই শৃংগটোক পুনঃ নামাকৰ কৰি " মাউন্ট এভাৰেষ্ট" ৰাখিছিল ।
গ্ৰেট চাৰ্ভেৰ সময়ত বৃটিছে মাটিৰ জৰীপৰ বাবে বিশাল দুটা থিয়'দলাইট যন্ত্ৰৰ নিৰ্মাণ কৰিছিল । সেই যন্ত্ৰটো (Theodolite) বৰ্তমান দেৰাডুনৰ জৰীপ মিউজিয়ামত সংৰক্ষিত আছে। একালত কলেজত থিয়'দলাইট নামৰ যন্ত্ৰটো হাতেৰে চুই পাইছিলো । এতিয়া মাথো ইমানেই ক'ব পাৰিম যে তিনিকোণীয়া ক্ষেত্ৰ জৰীপৰ বাবে এই যন্ত্ৰটো ব্যৱহাৰ কৰা হয় ।
কেতিয়াবা নিজৰে কিবা ধিক্কাৰ লাগি আহে জানে ! উনৈশ শতিকাতে এইবোৰ যন্ত্ৰ ব্যৱহাৰ কৰি গোটেই ভাৰতৰ মাটি জুখি ফান-ফান কৰিলে, চাল্লা এই একবিংশ শতিকাতো সেইবিলাকচোন দূৰৰে কথা "ত্ৰিকোণামিতি"-কে ভালকে শিকিব নোৱাৰিলো !
গতিকে কিনো লিখিম, ভাত খোৱা মানুহ, ভাত খায় শুয়েই থাকো ।
শুভৰাত্ৰি 🐀
ধন্যবাদ
➖➖➖➖➖➖➖
🌈আমাৰ ঠিকনা 📬
⚜ ফেচবুক জ্ঞান সম্ভাৰ⚜
✉ https://www.facebook.com/groups/372830512757409/
📶8⃣0⃣1⃣1⃣......
আমাৰ📧 ঠিকনা : facebookgyansambhar@gmail.com
🔅◀🔸 🔸🔸🔴🔹🔹🔹▶🔅
No comments:
Post a Comment