মহান বিজ্ঞানীৰ ৰসাল কাহিনী

🐥পঢ়ি চাব মজা পাব 🐦:

🍥মহান বিজ্ঞানীৰ ৰসাল কাহিনী🍒
🔸🔸🔸🔸🔸🔸🔸🔸🔸🔸🔸

    🐴ওলাল সমস্যাহে হেৰাল :
🔵◽◽🔹◽💠◽🔹◽◽🔵

সোতৰশ শতিকাৰ মহান বিজ্ঞানী তেওঁ । গছৰ ফল মাটিলৈ কিয় সৰি পৰে তাক জানিবলৈ গৈ পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তি আৱিস্কাৰ কৰা, গতি শক্তিৰ চিৰসত্য তিনিটা তত্ব আৱিস্কাৰ কৰাৰ লগতে বিজ্ঞান জগতলৈ তেখেতে আগবঢ়োৱা আৰু বহু অৱদান মানৱ জাতিৰ মাজত আজিও ভাস্বত । ফেচবুক জ্ঞান সম্ভাৰৰ শ্ৰদ্ধাৰ পাঠক বন্ধু সকল , আপোনালোকে নিশ্চয় ইতিমধ্যে গম পাইছে মই কাৰ কথা কবলৈ গৈছো ।
তেন্তে আহক, আজি আমি সৰ্ব যুগৰ সৰ্ব সমাদৃত এইজনা বিজ্ঞানী ছাৰ আইজাক নিউটন (জন্ম : ২৫ ডিচেম্বৰ ১৬৪২ কিছুমানৰ মতে ৪ জানুৱাৰী ১৬৬৩, মৃত্যু : ২০ মাৰ্চ ১৭২৬)ৰ জীৱনৰ এটা ৰসাল কাহিনীৰ সোৱাদ লও ।

এদিনৰ কথা, নিউটন ছাৰে ঘোঁৰা এটাক তাৰ লেকামত ধৰি তাৰ গিৰিহঁতক চমজাই দিবলৈ লৈ গৈ আছিল । বাটত যাওঁতে বিজ্ঞানৰ কোনো এটা সমস্যা সমাধানৰ কথা তেখেতৰ মনলৈ আহিল । ইফালে ঘোঁৰাটোৱে কেনেবাকৈ লেকামৰপৰা মুখখন এৰুৱাই ধাপলি মেলিলে । বিজ্ঞানৰ চিন্তাটোত ছাৰ ইমান মগ্ন হৈ পৰিল যে তেখেতে গমকে নাপালে আৰু খালি লেকামডালকে মাটিত চোঁচৰাই নি তেখেত ঘোঁৰাৰ মালিকৰ ঘৰ পালেগৈ । কিন্তু ঘোঁৰাটো চমজাবলৈ লৈহে তেখেত বিবুধিত পৰিল ।
তাৰপাছত ঘটনাটোৱে বেলেগ ৰূপ ললে ।
এইবাৰ আকৌ ঘোঁৰাৰ কথা চিন্তা কৰি থাকোতেই বাটে-বাটে ভাবি অহা বিজ্ঞানৰ সমস্যাটো পাহৰিলে । পিছত অৱশ্যে ঘোঁৰা ওলাল কিন্তু সমস্যাহে হেৰাল । 

মই এতিয়া মডেল :
😄😁😂😄😅😆

১৯১৯ চনত সূৰ্য গ্ৰহণৰ ওপৰত কৰা গৱেষণাৰ পাছত আইনষ্টাইন ছাৰ বৰ বিখ্যাত হৈ পৰিছিল । দলে-দলে বিজ্ঞানী, সাংবাদিক আৰু চিত্ৰশিল্পীয়ে তেখেতৰ পাছ ললে । সাক্ষ্যাৎ দিওতে-দিওতে তেখেতে খোৱাৰ সময়কণো নোপোৱা হোৱাৰ উপক্ৰম ঘটিল । তাতে আকৌ চিত্ৰ শিল্পী সকলে তেখেতক বিভিন্ন ভংগীমাত বহুৱাই যেতিয়া ছবি আঁকি থাকিবলৈ লাগিল ছাৰৰ খঙে চুলিৰ আগপালেগৈ । ইফালে কাকো একো ক’বহে নোৱাৰে .......................
চেনেহৰ চুমাই নাকটি চিঙা লেখিয়াকৈ ছাৰেও প্ৰমাদ গণিলে । এদিনৰ কথা, চিত্ৰ শিল্পীৰ বাবে তেখেতে উপায় নোহোৱাত পৰি এটা নিৰ্দিষ্ট ভঙ্গীমাৰে বহি আছে । মনতে এই বিপদৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব পাৰি তাকো ভাবি আছিল । তেনেতে এজনে আহি ছাৰক সুধিলে, “আপুনিনো এতিয়া আৰু কি কাম কৰাৰ কথা ভাবিছে ?”
ছাৰে তপৰাই ক’লে, “নাই-নাই, মই এতিয়া আৰু একো কাম কৰাৰ কথা ভবা নাই । মই এতিয়া চিত্ৰ শিল্পীৰ মডেল ।’’

👔সাজ-পোছাকেৰে নুজোখিবা মোক :
       ⚙❇➖➖➖➖➖➖➖➖❇⚙

ৰয়েল ইনষ্টিটিউচনত কিছিদিনৰ বাবে এগৰাকী অতিথি গৱেষকে কাম কৰিছিল ।
এদিন তেখেতে দেখিলে, এটা চুকত লেতেৰা কাপোৰ পিন্ধা দাড়িয়ে-গোফে ভোবোকাৰ এজন বৃদ্ধ লোকে কিবা কাম কৰি আছে ।
অতিথি গৱেষকজন তেখেতৰ কাষলৈ গৈ সুধিলে :

‘আপুনি বহুবছৰ ধৰি ইয়াত আছে ?’
‘হয় ।‘
‘আপুনি ইয়াৰ দাৰোৱান নেকি ?’
‘তেনে বুলিয়েই ধৰক ।’
‘দৰমহাও চাগে ভালেই পা্য় !’
‘কম নাপাওঁ ।’
‘আপোনাৰ নামটো ?’
‘মাইকেল ফেৰাডে ।’

গৱেষক জনৰ আৰু কিবা সুধিবলৈ সাহস নহ’ল । তেখেতে মাত্ৰ বাৰে-বাৰে কলে, ‘মোক ক্ষমা কৰক ।’ফেৰাডেই ক’লে, ‘বাপু, সাজ-পোছাকেই সকলো নহয় ।’

গাজনি ঢেৰেকণিৰ পাছত বৰষুণ আহেই⛈ :
         ▫➖➖➖❇❇❇❇❇❇➖➖➖▫

কোনোবা গাভৰু ছোৱালীয়ে বাৰু বিজ্ঞানীৰ পত্নী হোৱাৰ সপোন দেখি আছেনেকি ? যদি দেখিছে সাৱধান । অৱশ্যে মই বাধা নকৰিলেও কথাটো দহবাৰহে নালাগে এশবাৰো ভাবি লোৱা ভাল । নহলে আপোনাকো ক'ব পাৰে "গাজনি ঢেৰেকণিৰ পাছত বৰষুণ আহেই'' । সেয়ে কৈছো,ভাবিছে যদি ভাবক  ভাল কথা, তাকে ঘৰ কিমান চম্ভালিব পাৰে সেয়া হলে আপোনাৰ কথা ।
বুজা নাই নহ্য় ? ৰ'ব, ফেচবুক জ্ঞান সম্ভাৰৰ মজিয়াতে আপোনাক আজি এটা কাহিনী শুনাই লওঁ তাৰ পাছত বুজি পাব ।

আটাইতকৈ বেছি আৱিস্কাৰৰ সুবাদ লাভ কৰা এডিচন ছাৰৰ নাম নুশুনা মানুহ নিচ্ছয় নোলাব। ছাৰৰ সম্পূৰ্ণ নাম আছিল টমাচ আলভা এডিচন । বিজ্ঞান জগতলৈ আগবঢ়োৱা তেখেতৰ অমূল্য অৱদান সমূহৰ লগে-লগে তেখেতৰ অফুৰন্ত ধৈয্য শক্তিৰ এক সুকীয়া নাম আছে । এই মহান বিজ্ঞানী গৰাকীৰ জীৱনৰ এক ৰস লগা কাহিনী জ্ঞান সম্ভাৰৰ মজিয়াত আগবঢ়ালো ।

  কোনো এটা দিনত পুৱাৰে পৰাই এডিচন ছাৰ খুৱেই ব্যস্ত । বিজ্ঞানৰ কোনো এটা আৱিস্কাৰৰ কামত খোৱা-বোৱা পাহৰি গৱেষণা কৰি আছে । চাওতে-চাওতে দুপৰীয়া হ'ল । চাৰৰ পত্নী মানে বাইদেউৱে দুপৰীয়াৰ আহাৰ খাবলৈ ছাৰক মাতেহে-মাতে ; নাই.................ছাৰে কবৈ নোৱাৰে । গভীৰ মনোযোগৰে নিজৰ কামত মন লগাই আছে ।
ইফালে পূবৰ বেলি তামোল গছৰ ওপৰৰে লহিয়াই সিফাল হ'ল । অধৈৰ্য হৈ ঘৈণীয়েকে চিঞৰিবলৈ লাগিল । তথাপি ছাৰে কাণষাৰেই নিদিয়ে ।
এসময়ত ঘৈণীয়েকৰ বৰ খং উঠিল আৰু পানী এবাল্টি লৈ গৈ ছাৰৰ মূৰত ঢালি দিলে ।
বিজ্ঞানী গৰাকীৰ কিন্তু খং নুঠিল । মিচিককৈ হাঁহি এটা মাৰি তেখেতে ক'লে, "গাজনি ঢেৰেকণিৰ পাছত বৰষুণ আহিব বুলি মই ভাবিছিলোৱেই'' ।

গতিকে সপোন দেখা গাভৰু ছোৱালী সকলে বুজিছেই চাগে ; সিদ্ধান্ত আপোনাৰ ................

আপোনালোকৰ কেনে লাগিল নাজানো, মোৰ হলে এডিচন ছাৰৰ কথা কৈ বৰ ভাল লাগিল বুজিছে । বেছ ৰস পালো । সেয়ে শুনে য’দি তেখেতৰে আৰু এটা কাহিনী কওঁ , নে কি কয় ?

সেইদিনাও ছাৰ খুবেই ব্যস্ত আছিল। বিজ্ঞানৰ কোনো এটা জটিল সমস্যাৰ কথা ভাবি থাকোতেই হঠাতে তেখেতৰ মনত পৰিল, যে সেই দিনটো আছিল কাছৰিত দিব লগা কোনো এটা কৰ দিয়াৰ শেষ দিন । সেয়ে লৰা-লৰিকৈ ছাৰে কাছাৰীলৈ গৈ দেখে যে কৰ দিয়া ঠাইত বৰ ভিৰ আৰু মানুহবোৰে দীঘলকৈ শাৰী পাতি ঠিয় হৈ আছে । ছাৰো গৈ শাৰীত ঠিয় হ’ল ।
কিন্তু যেতিয়া তেখেত গৈ টকা জমা দিয়া কক্ষটোৰ মুখত ঠিয় দিলে তেতিয়া ছাৰক তেখেতৰ নামটো সুধিলে ।
কিন্তু কি আচৰিত.........................!!!!
ছাৰে নিজৰ নামটো কব নোৱাৰিলে,
মাত্ৰ কলে ‘পাহৰিলো’ !!!
এনে এটা অদ্ভূত উত্তৰ শুনি পাছৰ মানুহবোৰে হাঁহি দিলে । কোনোবা এজনে যেনিবা  ‘এডিচন’ ‘এডিচন’ বুলি কোৱাতহে ছাৰে সেইদিনা কৰ খিনি দিব পাৰিলে ।

তথ্য সংগ্ৰহ : ডিম্বেশ্বৰ চলিহাৰ ‘বিজ্ঞানীৰ বিচিত্ৰ বতৰা’      নামৰ গ্ৰন্থ খনৰ পৰা কৰা হৈছে ।
আমি লেখক গৰাকীলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছো ।

আমাৰ একাষাৰ : সকলো ব্যক্তিৰে জীৱনত কিছুমান হাঁহি উঠা ঘটনা থাকে । বিজ্ঞানী হ’লেও তেখেত সকলো মানুহ । আৰু মানুহ হিচাপে তেখেতসকলৰ জীৱনো বিভিন্ন সৰু-বৰ ঘটনাৰে পৰিপূৰ্ণ । এইসকল বিজ্ঞানী আমাৰ চিৰ নমস্য । তেখেত সকলৰ এই ৰসাল কাহিনীৰ উপস্থাপনৰে আমি তেখেতসকলক অতি শ্ৰদ্ধাৰেহে স্মৰণ কৰিছো । লগতে ডাঙৰৰ মাধ্যমৰে কিশোৰ-কিশোৰী সকলক বিজ্ঞানৰ প্ৰতি আকৰ্ষিত কৰি তোলা ই এক ক্ষুদ্ৰাতি-ক্ষুদ্ৰ প্ৰচেষ্টা মাত্ৰ ।
এই ক্ষেত্ৰত কোনো বিৰূপ মন্তব্য আপোনালোকে নকৰিব বুলি আশা ৰাখিছো ।
                                       
                                                শ্ৰদ্ধাৰে
                         🔅ফেচবুক  জ্ঞান সম্ভাৰ 🔅

🎤🔊ফেচবুকত আমাৰ ঠিকনা : https://m.facebook.com/groups/372830512757409?
📧 facebookgyansambhar@gmail.com

        ⚛🔆🔅🔆🔅🔴🔅🔆🔅🔆⚛

No comments:

Post a Comment

নতুন লেখা / ছবি

গ্ৰীষ্মৰ আতঙ্ক

ইমান অত্যাচাৰ ! নষ্টজোৱা, হতশ্ৰীহোৱাবোৰৰ পৰা সঁ‌চাই শান্তি নোহোৱা হৈছেগে । নাপায়, ইমান অত্যাচাৰী  হ'বগে নালাগে । যিহে অত্যাচাৰ হৈছে, যি ...