তিনিটা ⭐-ৰ কথা"
🌟 ▫️▫️▫️▫️▫️▫️▫️
📱আগকথা 🙏
একেবাৰেই বেয়া কথা ।
আমাৰে সমাজৰ বহু যুৱক-যুৱতীয়ে উচ্চ শিক্ষা গ্ৰহণ কৰি বিভিন্ন কামত আজিকালি আগবাঢ়িছে । কোনোৱে পিতাইৰ দিনৰ মামৰে ধৰা কোৰখনকে চাফা-চিকুণ কৰি খেতিৰ পথাৰত নামিছে, কোনোৱে মাছ পুহিছে, কোনোৱে দোকান দিছে ; বৰ ভাল কথা । উৎসাহহে যোগাব লাগে । আন একো উপকাৰ কৰিব নোৱাৰিলেওটো আমাক উৎসাহকে যোগাব পাৰি ; সেইবিলাক হ'লে নাই ।
একালচোন কানি খাওতেই গ'ল, একাল আন্দোলন কৰোঁতে গ'ল । অ' এতিয়া যি দুই-এক ওলাই আহিছে সেইকেইটাক উৎসাহ দিয়াটো দূৰৰে কথা, নানান কথা মূৰত সোমোৱাই দি কৰ্ম-বিমুখ কৰাৰ প্ৰৱণতা এচামৰ তেজৰ সোঁতে-সোঁতে আছে ।
"হেৰৌ, তই ইউনিভাৰচিটিত পঢ়ি আহি খেতি কৰিবিনে !"
"অতকে পঢ়ি শুনি তোৰ আজি এই গতি !"
আৰে, উন্নতমানৰ খেতি কৰিবলৈকেতো সিমানখিনি শিক্ষা লাগে আৰু চাওকচোন, যি কৃষি কৰ্মই দেশক ধৰি ৰাখিব পাৰিছে তেনে কাম শিক্ষিতজনৰ হাতত পৰিলে কিমান উন্নত হ'ব !
তেওঁলোকক উৎসাহ যোগায় পাৰিলে দুই-এক সু-পৰামৰ্শকে দিয়কচোন ।
এইখিনিতে কওঁ, কিছুমান খণ্ডবাক্যকো আমি ডেকাচামে অন্ততঃ একেবাৰেই বাদ দিবৰ হ'ল । যেনে ধৰক "আদা বেপাৰীয়ে কি জাহাজৰ 🚢খবৰ জানে ?"
আপুনি জানে, বিশ্ব বজাৰত এতিয়া আদাৰ চাহিদাৰ কথা ❓ আজিৰ তাৰিখত চীন 🇨🇳, জাপান🇯🇵, ইন্দোনেচিয়া 🇮🇩, থাইলেণ্ড 🇨🇷, পেৰু 🇵🇪, বাংলাদেশ🇧🇩 আদি দেশবোৰে আদা বেচিয়ে হোৰা-হোৰে ধন ঘটিছে । আমাৰ দেশো এইক্ষেত্ৰত কম নহয় । বিশ্বৰ ভিতৰত আদা ৰপ্তানি কৰা দেশবোৰৰ তালিকাত ভাৰতৰ 🇮🇳 স্থান দ্বিতীয় (প্ৰথম চীন)। ২০২১ বৰ্ষটোত ভাৰতে আদা বেচি লাভ কৰিছিল $১৩০ মিলিয়ন আমেৰিকান ডলাৰ । তেনেক্ষেত্ৰত কিছুমান আওপুৰণি খণ্ডবাক্য প্ৰয়োগ কৰি মানুহৰ মনত হতাশাৰ সৃষ্টি কৰাতোজানো ভালকথা ? ইমান টকা উপাৰ্জন কৰিব পাৰিলে এজন ভাল আদা বেপাৰীয়ে জাহাজৰ কথা নাজানি আৰু কোনে জানিবহে ?
সকলো কৰ্মক সন্মান কৰিবলৈ শিকা উচিত । আজিলৈকে টেম্প' চলোৱা এনে কেইবাজনো যুৱকক লগ পাইছো যি বিশ্ববিদ্যালয়-মহাবিদ্যালয়ৰ উচ্চ শিক্ষাৰে উজ্বল । প্ৰয়োজনত ময়ো কৰিব পাৰিম বুলি ভাবিয়েই এনেলোকক লগপালে সঁচাই সাহস পাওঁ ! প্ৰভুৰ কৃপাত চাকৰি এটা পালো, নহলে নিশ্চয় ময়ো কৰিলোহেতেন ; কি হ'ল তাতে ?
কৰ্ম কৰা লোকৰ প্ৰতি নাজানো কিয় সন্মানবোধটো অলপ মোৰ বেছি । এখেতসকলৰ লগত বন্ধুত্বপূৰ্ণ আচৰণ কৰি নিজে ক'ৰবাত যেন অলপ শান্তি বিচাৰি পাওঁ । বিশেষকৈ জোতা চাফা কৰা লোক, ৰ'দত ঘামিজামি ৰিক্সা চলোৱা লোক, মাটি কটা লোকসকলক এনে আচৰণ সাধাৰণতেই কৰিব বিচাৰো যাৰবাবে মোক কিছুকাললৈ হ'লেও মনত ৰাখেই ৰাখে ।
কোনে জানে কাৰ মাজত কি আচৰিত সম্ভাৱনা লুকাই আছে । কামৰ কোনো সৰু-বৰ নাই ; কাম কামেই । আজি তাৰে এক অপূৰ্ব নিদৰ্শন আপোনালোকৰ আগত ক'ম । তাৰ আগতেই কওঁ, প্ৰতিভা আৰু সম্ভাৱনীয়তাৰ মাজৰে কৰা পৰিশ্ৰম কেতিয়াও লুকাই নাথাকে । এদিন সু-ফল দিবই দিব । সেয়ে চাগে, ক'ত একালত শুকান মাছৰ বেপাৰ আৰু আজি আহি-আহি ক'ত প্ৰযুক্তিৰ চমক ! আহক তেন্তে, বেছি দেৰি নকৰো । মই বৰ বেছি কথা কওঁ ।
❄️▫️▫️▫️▫️▫️⭐⭐⭐▫️▫️▫️▫️▫️❄️
"তিনিটা তৰাৰ কথা"
১৯৩৮ চনৰ ০১ মাৰ্চ, মঙলবাৰ ।
দক্ষিণ কোৰিয়াৰ ডায়েগু চহৰত এজন লোকে এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ জন্ম দিছিল । লোকজনৰ নাম আছিল "লি ব্যুং-চুল LEE BYUNG-CHULL (১৯১০ - ১৯৮৭) । ডেকা মানুহ, সন্মুখত জীৱনৰ বহু বসন্ত । আকাশ চুবখোজা হেঁপাহ আৰু দুচকুৰ অযুত সপোনে আহি ভৰ দিছিল লিৰ মন-মগজুৰ কোঁহে-কোঁহে । তেওঁ তেতিয়াই জুখিছিল আকাশ চুব খোজা নিজৰ বিশাল মনৰ পৰিসীমা আৰু বুজিছিল অ-প্ৰতিৰোধ্য হ'ব পৰা তেওঁৰ সম্ভাৱণীয়তা । এনে ভাবিয়েই চাগে আকাশৰ তিনিটা তৰাৰ স্থায়িত্ব আৰু উজ্বলতাৰে নিজৰ জয়যাত্ৰাক বুজাব বিচাৰিছিল লিয়ে আৰু প্ৰতিষ্ঠানটোৰ নাম ৰাখিছিল আপোনাৰ নিচেই পৰিচিত নাম SAMSUNG । দক্ষিণ কোৰিয়াৰ ভাষাত এই নামটোৰ অৰ্থ হ'ল "তিনিটা তৰা" ✨।
পিচে ৰ'ব, ক'ত যায় ? স্কিপ নকৰাকৈ পঢ়ি যাওঁক । আজি ক'ম আপোনাৰ-মোৰ পৰিচিত চেমচাঙৰ সফলতাৰ জয়যাত্ৰাৰ কথা ।
কিন্তু আচৰিত নহ'ব, বিশ্বৰ ইমান ডাঙৰ কোম্পানীটোৱে নিজক প্ৰতিষ্ঠা কৰিছিল শুকান মাছৰ ব্যৱসায়ৰ দ্বাৰাহে ।
কি হ'ল, চক খায়ছে নে বিশ্বাস হোৱা নাই । আচৰিত নহ'ব, মই ঠিকেই কৈছো । তাকো চাই কৈছো এনচাইক্ল'পেডিয়া ব্ৰিটেনিকাৰ পৰা ।
১৯৩৮ চনৰ জন্মলগ্নৰ সময়ত মাত্ৰ চল্লিছজন কৰ্মচাৰীৰে শুকান মাছৰ ব্যৱসায় কৰিছিল বৰ্তমানৰ বিশ্বখ্যাত চেমচাং কোম্পানীটোৱে । অৱশ্যে, শুকান মাছৰ লগতে তেওঁলোকৰ ব্যৱসায়ৰ আন কিছুমান সামগ্ৰীও আছিল । সেইবোৰ আছিল ঘৰুৱা খাদ্যদ্ৰব্য আৰু নিড'লচ । সেই চল্লিছজন কৰ্মচাৰীৰে আৰম্ভ হোৱা প্ৰতিষ্ঠানটোৱে সময়ৰ সোঁতত বিশ্বজুৰি ২,৭০,৩২২জন লোকক (২০২২ চনৰ তথ্য ভিত্তিক) কৰ্ম-সংস্থাপন আগবঢ়াইছে ।
সেয়ে জ্ঞানীজনে কয়, কৰ্মৰ মাজৰে কাৰ কপাল কেতিয়া ফুলে কোনে জানে !
১৯৪৭ চনত প্ৰতিষ্ঠানটোৰ মূল কাৰ্যালয় চিউললৈ অনা হৈছিল । ১৯৫০-১৯৫৩-ৰ ভিতৰত হোৱা কোৰিয়ান যুদ্ধৰ পাছত কোম্পানীটোৱে নিজৰ ব্যৱসায় সম্প্ৰসাৰণত অধিক মনোযোগ দিয়ে । লিয়ে এইবাৰ বস্ত্ৰ উদ্যোগৰ লগতে প্ৰতিষ্ঠা কৰে কোৰিয়াৰ আটাইতকৈ ডাঙৰ এটি ঊলৰ কাৰখানাও । কিন্তু তেতিয়ালৈকে কোম্পানীটোৱে ইলেকট্ৰনিক উদ্যোগত ভৰিচোন ৰখাই নাছিল । আজিৰ তাৰিখত SAMSUNG নামটোৱে সৰ্বসাধাৰণ মানুহৰ চকুত ভাঁহি তোলে দামী কিছুমান ইলেক্ট্ৰনিক সামগ্ৰী বিশেষকৈ ম'বাইল ইত্যাদি । শুকান মাছৰ ব্যৱসায়ৰে ব্যৱসায়ৰ জগতত খোজ পেলোৱা এই কোম্পানীটোৱে ১৯৬৯ চনলৈহে পোন প্ৰথমবাৰৰ বাবে ইলেক্ট্ৰনিক সামগ্ৰী উৎপাদনৰ বাবে আগবাঢ়ে লগতে ১৯৭০ চনত চেমচাঙে জাহাজ নিৰ্মাণ উদ্যোগতো মনোনিৱেশ কৰিছিল ।
এইখিনিতে আপোনাৰ বাৰু মনলৈ অহা নাইনে যে কোম্পানীটোৰ প্ৰথম উৎপাদিত ইলেক্ট্ৰনিক সামগ্ৰী কি বা আছিল ?
তেন্তে শুনক, চেমচাং কোম্পানীয়ে সত্তৰৰ দশকত ইলেক্ট্ৰনিকচ সামগ্ৰীৰ উদ্যোগত খোজ পেলায়ে প্ৰথম নিৰ্মাণ কৰিছিল ক'লা-বগা টি.ভি. । এইখিনিতেই এটা কথা উল্লেখ কৰি যোৱা ভাল হ'ব যে ১৯৯৮ চনলৈ এই চেমচাঙেই বিশ্বৰ প্ৰথমটো ডিজিটেল টি.ভি.-ৰ আৱিষ্কাৰ কৰিছিল ।
বৰ্তমান ম'বাইল নিৰ্মাতা কোম্পানীবোৰৰ ভিতৰত দপদপাই থকা আপোনাৰ প্ৰিয় এই কোম্পানীটোৱে ম'বাইল উৎপাদন কৰাৰ বহু আগতেই কম্পিউটাৰ 🖥️ নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল । ১৯৮২ চনত চেমচাঙে SPC-1000 নামৰ তেওঁলোকৰ প্ৰথমটো ব্যক্তিগত কম্পিউটাৰ নিৰ্মাণ কৰিছিল ।
কিন্তু দুখৰ কথা, প্ৰতিষ্ঠানটোৰ জনক লি ১৯৮৭ চনলৈ এই পৃথিৱীৰ পৰা বিদায় ল'লে । ইয়াৰ পাছতে কোম্পানীটো মুঠ পাঁচটা ভাগত বিভক্ত হয় । চেমচাং, শ্বিনচেগে গ্ৰুপ, চি.জে. গ্ৰুপ, হেনছল গ্ৰুপ, জং আং গ্ৰুপ ।
লিৰ দেহাৱসানৰ পাছত তেখেতৰ জ্যেষ্ঠ পুত্ৰ লি কিন-হীয়ে LEE KEEN-HEE চেমচাং কোম্পানীৰ দায়িত্ব মূৰপাতি লয় । হীয়ে পিতৃৰ মৃত্যুৰ দুসপ্তাহৰ পাছত অৰ্থাৎ সেই বছৰৰে ০১ ডিচেম্বৰ মঙলবাৰে এই পদত অধিস্থিত হৈছিল । এখেতৰ দিনতে কোম্পানীটোৱে আৰু চমকপদ সফলতাক মূৰত লৈ আগবাঢ়ি যায় ।
১৯৮৮ চনত চেমচাঙে প্ৰতিষ্ঠানটোৰ ইতিহাসত লগতে, দক্ষিণ কোৰিয়াৰো প্ৰথমটো ফোন SH-100 গাড়ীত ব্যৱহাৰৰ বাবে উৎপাদন কৰিছিল ।
১৯৯৬ চনত কোম্পানীটোৱে চি.ডি.এম.এ. চেলুলাৰ ফোনৰ প্ৰথম বাণিজ্যিকীকৰণ কৰিছিল । আজিৰ তাৰিখত চেমচাঙৰ প্ৰথম পৰিচয় এনড্ৰইড গেলেক্সী ফোনবোৰৰ 📱 প্ৰথম নিৰ্মাণ কৰা হৈছিল ২০০৯ চনতহে । সেই সময়ত এনড্ৰইডৰ প্ৰথমটো সংস্কৰণ ১.৫ ব্যৱহাৰ কৰি কোম্পানীটোৱে প্ৰথম বজাৰলৈ পঠিওৱা ম'বাইলটোৰ নাম আছিল GALAXY GT-17500 ।
আৰু আজি... ন-ন প্ৰযুক্তি ব্যৱহাৰ কৰি উন্নতৰ পৰা নিজক অধিক উন্নত কৰি চেমচাঙৰ ম'বাইলবোৰ হৈ পৰিছে সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু । এই কোম্পানীটোৱে নিৰ্মাণ কৰা প্ৰতিটো ম'বাইলফোনে গ্ৰাহকৰ সুৰক্ষাৰ লগতে সামগ্ৰিক মানদণ্ডৰ সুক্ষ্ম বিশ্লেষণত অধিক গুৰুত্ব দিয়াৰ বাবেই বিশ্বৰ ম'বাইলপ্ৰেমী গ্ৰাহকসকলৰ বাবে চেমচাং দিনকদিনে অধিক পচন্দৰ হৈ পৰিছে । কোম্পানীটোৰ আৰু এটা উল্লেখযোগ্য বৈশিষ্ট্য যে ম'বাইল নিৰ্মাণত ব্যৱহাৰ হোৱা নানান যন্ত্ৰাংশৰ অধিকাংশৰে উৎপাদন কোম্পানীটোৱে নিজে কৰে । বৰ্তমানে এই কোম্পানীটোৰ জনপ্ৰিয়তা এনেকৈ বাঢ়িছে যে দক্ষিণ কোৰিয়াৰ মুঠ জনমূৰি আয়ৰ পাঁচ ভাগৰ এক অংশ অৱদান দিয়ে চেমচাঙে ।
প্ৰতিটো ম'বাইলৰে দেখাৰ আকৰ্ষণীয় আৰু গহীন ৰূপ, মানসম্পন্ন প্ৰায়োগিক দিশ আদিবোৰৰ কাৰণে চেমচাঙৰ ম'বাইল মোৰো প্ৰিয় । দ্বিতীয়তে, শত্ৰু ৰাষ্ট্ৰই কম দামতে বজাৰত এৰা ম'বাইলবোৰতকৈ দুটকা বেছি দাম দি হ'লেও চেমচাং নহলে আমেৰিকা যুক্তৰাষ্ট্ৰৰ আই ফোন, ফিনলেণ্ডৰ নকিয়া, আদিয়েই লোৱা বেছি ভাল বুলি মই ভাবো । সকলোতকৈ ডাঙৰ কথা, দেশীয় ম'বাইল নিৰ্মাতা প্ৰতিষ্ঠান লাভায়ো কম দামত অতি সুন্দৰ ম'বাইল উৎপাদন কৰি বজাৰত এৰি আছে । LAVA BLAZE 5G pro ইয়াৰ এক সুন্দৰ উদাহৰণ । দেশীয় প্ৰতিষ্ঠানৰ ম'বাইল কিনি দেশীয় কোম্পানী এটাক আগুৱাই নিয়াত আমিবোৰে বাৰু সহায় কৰিব নোৱাৰোনে ?
লেখাটো আৰু দীঘল নকৰো । মাছৰ বজাৰৰ পৰা ম'বাইল প্ৰযুক্তিৰ জগতখনলৈ আহি নিজৰ শ্ৰেষ্ঠতাক প্ৰতিপন্ন কৰা চেমচাঙৰ বিষয়ে পঢ়ি কেনে লাগিল জনাবলৈ নাপাহৰিব ।
শেষত, সকলোকে শ্ৰদ্ধাৰে জনাইছো
"শুভৰাত্ৰি" 🥱
ধন্যবাদ
🎤 ফেচবুকত দুটিমান ভাল কথা পাতিবলৈ আমি আছো আপোনাৰ সতে তলৰ ঠিকনাত 📬 । এখন ভাল প্ৰফাইল ফটো আৰু আপোনাৰ নাম-ঠিকনাযুক্ত ফেচবুক একাউন্টটোৰে আমাৰ মাজলৈ আহক 🔦
📶 8⃣0⃣1⃣1⃣......
💠🔹🔹⭐⭐⭐🔹🔹💠
No comments:
Post a Comment