সৰু-সৰু হাতদুখনৰে বাপেকৰ চোলাত খামোচমাৰি বাইকৰে পঢ়াশালিলৈ অহা অকমাণিহঁতেও জানে যে যিকোনো সংখ্যাৰ লগত শূন্য যোগ কৰিলে সেই সংখ্যাটোৱেই হয় কিন্তু...,
আপুনি বিশ্বাস কৰেনে, শৈশৱতে শিকা পাটিগণিতৰ এই পৰিঘটনাটোৰ কাৰণে শূন্যক কি নামৰে জনা যায় তাক নজনাকৈয়ে বহুতে এই পৃথিৱীয়েই এৰে।
সু-সন্ধ্যা মান্যবৰসকল, ফেচবুক জ্ঞান সম্ভাৰলৈ স্বাগতম জনাই আজি লৈ আহিছো পাটিগণিতৰ এনে দুটামান কথা যিবোৰ আমি সকলোৱে জানো অথচ তাৰ লগত জড়িত পাৰিভাষিক শব্দবোৰৰ সতে আমি বহুজনেই অপৰিচিত ।
শূন্যৰ পৰা ন-লৈ এই দহোটা অংক । প্ৰতিটো অংক কিছুমান নিজস্ব বৈশিষ্ট্যৰে আকৌ মণ্ডিত । তাৰে ভিতৰত "০" "১" আৰু "২"-ৰ ক্ষেত্ৰত বৈশিষ্ট্যবোৰ অলপ বেছি যেনেই লাগে ; নালাগেনে বাৰু ❓এই ধৰক, আমি নিজ ইচ্ছাৰে যি সংখ্যাকেই ০ লগত যোগ নিদিও কিয় সমানচিনৰ সোঁহাতে আমি যোগ দিয়া সংখ্যাটোকেই উত্তৰ হিচাপে লিখিব লাগিব অৰ্থাৎ, ০-ৰ লগত যিকোনো এটা সংখ্যা যোগ কৰিলে উত্তৰটো সদায় সেই সংখ্যাটোৱেই ওলাই । কিন্তু আপুনি জানেনে, এই সৰু পৰিঘটনাটোৰ বাবে শূন্যক "যোগাত্মক অভেদ" বা ইংৰাজীত Additive Identity বুলি জনা যায় ।
তেনেকৈয়ে, যিকোনো সংখ্যাৰ লগত যদি ১ পূৰণ কৰা হয় তেতিয়াও আমি সেই সংখ্যাটোকেই পাওঁ । এইক্ষেত্ৰত ১-ক সংখ্যাবোৰৰ "গুণাত্মক অভেদ" বা ইংৰাজীত "Multiplicative Identity" বোলা হয় ।
এইবাৰ আহিছো একেবাৰেই সাধাৰণ ভাবেৰে শুনিলে আচহুৱা যেন লগা এটা সৰু কথালৈ । আমি প্ৰায়বিলাকেই ঘৰত সৰু ল'ৰা-ছোৱালীকযে শিকাও সংখ্যা যোগ হ'লে বাঢ়ি যায় বুলি ; কথাটো জানো সদায় সঁচা ?
ওহোঁ, সংখ্যাবোৰ যোগ কৰিলে সদায় কিন্তু বাঢ়ি নাযাবও পাৰে ।
এই ধৰি লওঁক, আপুনি বগাই দাইটিৰ গোলাৰ পৰা মগু দালি আধা কে.জি. ৩০ টকাৰ বাকী লিখি আনি বাকীটো পৰিষোধ কৰিবলৈ পাহৰিলে । হওতে আপোনাৰ দোষ নাছিল, মাত্ৰ পাহৰিলে ; বাৰু যা হওক ।
এদিন চাইকেলৰে আপুনি যাওক দাইটিৰ দোকানৰ মুখৰে । বগাই খুৰাদেৱে আপোনাক দেখি যেতিয়া সোঁৱৰালে তেতিয়াহে আপোনাৰ কথাটো মনত পৰিল আৰু পকেট খুচৰিলে । দেখিলে আপোনাৰ হাতত ত্ৰিছ টকাইহে আছে । এই মুহূৰ্তত আপোনাৰ পকেটত থকা টকাৰ পৰিমাণ আৰু আপুনি দিবলৈ থকা বাকীৰ পৰিমাণটোক (-৩০ টকা অৰ্থাৎ ৩০ টকা ধাৰ) যদি আমি যোগ কৰো তেন্তে আপোনাৰ নিজৰ বুলিবলৈ বাৰু কেইটকা থাকিব ❓
ত্ৰিছ টকা আপোনাৰ পকেটত আছিল আৰু ত্ৰিছ টকা আপোনাৰ আছিল ধাৰ মানে ধাৰ (-৩০) টকা । এতিয়া পকেটত থকা টকা আৰু আপোনাৰ ধাৰ দুয়োটা সংখ্যা যোগ কৰিলে আপোনাৰ হাতত এটকাও নাথাকিব । অৰ্থাৎ থকাৰ পৰা নথকা হোৱা বুজাবলৈ আমি শূন্য লিখিম ।
অংকটো হ'ব এনেধৰণৰ :
৩০টকা + (-৩০)টকা = ০
এতিয়া কথা হ'ল, দুয়োটা সংখ্যাৰ যোগফল শূন্য । যেতিয়া দুটা সংখ্যাক যোগ কৰোঁতে যোগফল শূন্য পোৱা যায় তেতিয়া দুয়োটা সংখ্যাৰ এটাক আনটোৰ "যোগাত্মক বিপৰীত" নামৰে জনা যায় । ইয়াত ৩০ আৰু (-৩০) ৰ দুয়োটাই এটা আনটোৰ যোগাত্মক বিপৰীত ।
অ' ..., পাহৰিছিলোৱেই ; "যোগাত্মক বিপৰীত"-ক ইংৰাজী ভাষাত কোৱা হয় "Additive Inverse" বুলি ।
এ ৰ'ব, নাযাব । ইমানখিনি যিহেতু পঢ়িলেই তেন্তে শেষৰ তথ্যটোকনো এৰি থৈ কিয় যায় ! এইবাৰ আহিছো "গুণাত্মক বিপৰীত" (Multiplicative Inverse)-ৰ কথালৈ । কথা হ'ল দুটা সংখ্যাক পূৰণ কৰিব লগা হ'লে উত্তৰ বাৰু এক হ'ব পাৰেনেকি ?
হয়, দুটা সংখ্যা পূৰণ কৰিলেও উত্তৰ এক হ'ব পাৰে ।
কিন্তু ইয়াত দুটা চৰ্ত আছে ।
চৰ্ত দুটা হ'ল : ১) সংখ্যা দুটাৰ এটা স্বাভাৱিক সংখ্যা আৰু আনটো ভগ্নাংশ (পৰিমেয় সংখ্যা) হ'ব লাগিব ।
২) স্বাভাৱিক সংখ্যাটো যিমান হয় ভগ্নাংশটোৰ হৰ একেই হ'ব লাগিব ।
এই চৰ্ত দুটা যদি মিলে তেন্তে দুটা সংখ্যাৰ পূৰণফল ১ হ'ব পাৰে ।
এটা উদাহৰণ লোৱা যাওক ।
ধৰো দুটা সংখ্যা ৩৫ আৰু ১/৩৫ ক (পইত্ৰিছ ভাগৰ এক) আমি পূৰণ কৰিম ।
৩৫ x ১/৩৫ = ১
এতিয়া কথা হ'ল, যদি দুটা সংখ্যাক পূৰণ কৰোঁতে পূৰণফল আমি ১ পাওঁ তেতিয়া সংখ্যা দুটাৰ এটাক আনটোৰ "গুণাত্মক বিপৰীত" বুলি বা "প্ৰতিক্ৰম" বুলি বা "প্ৰতিলোম বুলি" ক'ব পাৰি। এই পাৰিভাষিক শব্দ কেইটাৰ বিপৰীতে ইংৰাজী ভাষাত ইয়াক কোৱা হয় Reciprocal বুলি ।
বাঃ আজৰি ! সেই বেলা ডুবাৰ আগে-আগেই নিশাৰ ভাত খায় থাল-বাচন, কেৰাহি-কুকাৰ ধুই ল'ৰা আজৰি । ঠিক সন্ধিয়াৰ পাছতেই যি ফেচবুক জ্ঞান সম্ভাৰ facebook Gyan Sambharলৈ আহি পোনপটিয়া ভাবে লিখাৰ আৰম্ভ কৰিলো কোনোমতে এই শেষ কৰি নিজৰে কিবা পাহাৰ বগাই আকৌ তললৈ নামি আহি জিৰণি লোৱা যেনহে লাগে । আপোনালোকে বাৰু আমাৰ লেখাবোৰ পঢ়েনে ?
সময়ে বহুজনৰে এক ডাঙৰ প্ৰশ্ন, ৰাজীৱে ফেচবুকত কিয় ইমান লিখে । উত্তৰটোত এতিয়াই সকলো নকও । এই যে লিখি থাকো ইয়াৰ পৰা মোৰ এক পইচাও নাহে কাৰণ, এইটো ফেচবুকৰ পেজ নহয় গ্ৰুপ । কিন্তু কৈ থও, মোৰ একো লাভালাভ চিন্তা নকৰি কেৱল পাগলৰ দৰে লিখিছো আৰু লিখি গৈছো । লগতে অনুৰোধ কৰো শুদ্ধ তথ্যৰে আপুনিও লিখক কাৰণ, তুলনাত্মক দৃষ্টিৰে এমুঠিমান মানুহ তাৰো এচাম ব্যস্ত ৰং-ৰহইচত, এচাম আকৌ খোৱা-কামোৰাত । সেয়ে কিছুমান দিশত আমিবোৰ বৰ দুখীয়া জানে ! সকলোৱে মিলিজুলি আগবাঢ়ো আহকচোন । অন্ততঃ আনৰ বাবে একো কৰিব নোৱাৰিলেও ভৱিষ্যতটোৱে হাততে পোৱাকৈ এগালমান তথ্যকে দি যাব পাৰিম ।
শুভৰাত্ৰি🥱
ইমান সময় পঢ়াৰ বাবে ধন্যবাদ 🙏
➖➖➖➖➖➖➖
🌈আমাৰ ঠিকনা 📬
🔅◀🔸🔸🔸🔴🔹🔹🔹▶🔅
No comments:
Post a Comment