লেমৰ পোহৰত ডাঙৰ হোৱা দিনৰ কথা । হেবাং হৈ উৎকন্ঠা আৰু উৎসুকতাৰে কিমানযে সাধু শুনিলো ; আজিও মনত পৰে দৃশ্যবোৰ !
আশী বা তাৰো আগৰ দশকবোৰ পোৱাসকলৰ প্ৰায় ভাগেই সন্ধিয়া সাধুকথাৰ ৰাজ্যতে ডাঙৰ হোৱা লোক । আমাৰ কপাল ভাল, এই ম'বাইল নামৰ আপদটো তেতিয়া নাছিল । সাধু শুনি-শুনিয়েই আমি কল্পনাৰ ৰাজ্যত তেতিয়া বৰকৈ উমলিছিলোঁ ।
ইমানেই সাধু শুনিছিলো, ইমানেই শুনিছিলো যে কল্পনাৰ ৰাজ্যখন তেতিয়াই মনি-মুকুতাৰে তিৰবিৰাইছিল✨।
আজিও সাধুকথা বা সাধুৰ কিতাপৰ প্ৰতি আছে ভীষণ দুৰ্বলতা । পুৱাৰ ভাগত সিদিনা এখন পঢ়ি শেষ কৰিলোহে ; "গ্ৰিমৰ সাধু" ।
হয়, সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকাদেৱে সাত সাগৰ তেৰ নদীৰ সিপাৰে থকা জাৰ্মান দেশৰ গ্ৰিম ভাতৃদ্বয়ে সংগ্ৰহ কৰা সাধুবোৰৰে ২০ টা সাধুক অসমীয়া কাপোৰ পিন্ধাই ইমানেই সুন্দৰকৈ অনুবাদ কৰি থৈ গৈছে যেন সেয়া বিদেশী নহয় অসমীয়া সাধুহে । কিতাপখনৰ নাম আৰু ড° প্ৰফুল্লদত্ত গোস্বামী দেৱৰ পাতনি নপঢ়িলে ধৰিবকে নোৱাৰি সাধুখিনি দেশী নে বিদেশী !
গ্ৰিম আছিল জাৰ্মান দেশীয় দুগৰাকী ভাতৃদ্বয় । ডাঙৰজনৰ নাম য়াকব লুডভিক্ কাৰ্ল্ গ্ৰিম (১৭৮৫-১৮৬৩) আৰু সৰুজনৰ নাম ভিলহেল্ম কাৰ্ল্ গ্ৰিম । দুয়োজনেই আছিল পণ্ডিত । ভাষাতত্বৰ সমল বিচাৰি ফুৰোতে কাটেৰিনা নামৰ এগৰাকী বয়সস্থ মহিলাক এদিন তেওঁলোকে লগ পাইছিল ।
কাটেৰিনাৰ এক অদ্ভুত স্মৃতি শক্তি আছিল । তেখেতে পুৰণি মৌখিক সাহিত্যৰ অংগ সাধুকথাবোৰ অকণো খোকোজা নলগাকৈ চিকুণকৈ ক'ব পাৰিছিল । মহিলাগৰাকীৰ প্ৰতিভাত আকৰ্ষিত হৈ দুই ভাতৃয়ে সাধুসমূহ সংগ্ৰহ কৰি লিপিবদ্ধ কৰিবলৈ মন মেলিলে আৰু ক্ৰমাৎ কামটোৰ প্ৰতি অনুৰাগী হৈ পৰে । দুই ভাতৃয়ে কাটেৰিনাৰ পৰা বহু সাধু শুনি তাক লিখিত ৰূপ দিলে ।
ইয়াৰ পাছত, ভিল্ট নামৰ এটি পৰিয়ালৰ ছগৰাকী গাভৰুৰ পৰাও ভাতৃদ্বয়ে বিভিন্ন সাধু সংগ্ৰহ কৰিছিল লগতে, সৰুজন ভাতৃয়ে পৰিয়ালটোৰ ডৰটেয়া নামৰ গাভৰুগৰাকীক বিয়াও কৰে ।
১৮১২ খৃষ্টাব্দত দুই ভাতৃৰ প্ৰচেষ্টাৰ ফচল হিচাপে সাধুকথাৰ প্ৰথম খণ্ডটোৰ আৰু ১৮১৫ চনত ইয়াৰ দ্বিতীয়টি খণ্ডৰ প্ৰকাশ ঘটিছিল ।
সাধুবোৰত অলৌকিকতাৰ পয়োভৰ ঘটাৰ লগতে জন্তু কেন্দ্ৰিক ফেইবল বহুতো পোৱা যায় ।
পৃথিৱীৰ বিভিন্ন দেশৰ বিভিন্ন ভাষালৈ সাধুবোৰ অনুদিত হোৱাৰ লগতে যুগে-যুগে শিশু আৰু সাধুপ্ৰেমী সকলক মোহাচ্ছন্ন কৰি আহিছে ।
কৃতজ্ঞতা : ড° প্ৰফুল্লদত্ত গোস্বামী ছাৰলৈ 🙏
তথ্য : সাহিত্যাচাৰ্য অতুলচন্দ্ৰ হাজৰিকাৰ "গ্ৰিমৰ সাধু"-ৰ পাতনিৰ পৰা লোৱা ।
🐁🐁 শুভৰাত্ৰি 🐈
☀ আমাৰ ফেচবুক ঠিকনা 📬
⚜ ➖➖➖➖➖➖➖⚜
📶8⃣0⃣1⃣1⃣......
🔅◀🔸🔸🔸🔴🔹🔹🔹▶🔅
No comments:
Post a Comment