অসম বুৰঞ্জীৰ মধ্যযুগ, বিহঙ্গম দৃষ্টিৰে এক আলোচনা ।


১৮২৬ খ্ৰীষ্টাব্দত ইয়াণ্ডাবু সন্ধিৰে অসমক সাম্ৰাজ্যবাদী শোষণৰ ভিতৰুৱা কৰা বৃটিছ বাহিনীৰ চলনাৰ আগলৈকে অসমৰ ৰাজনৈতিক পটভূমি সম্পূৰ্ণ সুকিয়া আছিল । তাৰ আগলৈকে অসমত আহোম আৰু আন-আন ৰাজবংশ বিলাকৰ শাসন চলিছিল । সাত ৰাজ মাৰি এক ৰাজ কৰা আহোম স্বৰ্গদেউ সকলৰ বলিষ্ঠ শাসন অসম বুৰঞ্জীত কাললৈ এক গৌৰৱোজ্বল সময় । বিশ্ব বুৰঞ্জীৰেই এক নজিৰ বিহীন ঘটনা কিয়নো, সমগ্ৰ বিশ্বৰ পটভূমিত এনে এক ৰাজবংশ নোলাব যি এখন দেশত ৬০০ বছৰৰ দৰে এক সুদীৰ্ঘ সময় ৰাজপাট অধিগ্ৰহণ কৰিব পাৰিছে । একমাত্ৰ আহোমসকল ; আনক বুজি সম্প্ৰীতিৰে আৰু প্ৰয়োজনত হেংডাঙ লৈও শাসন কৰিব জনা গুণৰ বাবেই এই ৰাজবংশটোৱে সকলোকে আপোন কৰি জনতাক জয় কৰিব পাৰিছিল । 

       আহোম সকল এই মুলুকৰ অতি প্ৰাচীন জনগোষ্ঠী নাছিল । মাওলুং ৰাজ্যৰ পৰা মুংকঙৰে "দৈ-কাও-ৰাং" অৰ্থাৎ পাটকাই পাৰ হৈ আহোম সকলৰ প্ৰথম ৰজা তথা অসম নিৰ্মাণৰ মূল খনিকৰ চাওলুং চুকাফাই লগত প্ৰায় ৯০০০ জন পুৰুষ-মহিলা-শিশুক লৈ ১২২৮ খ্ৰীষ্টাব্দত অসমত প্ৰৱেশ কৰিছিল । খিলঞ্জীয়া ইয়াৰ অধিবাসী সকলক কৌশলৰে বশ কৰি বিশাল অসম ৰাজ্য প্ৰতিষ্ঠা কৰা এইজন অসম নিৰ্মাতা আৰু তেওঁৰ উত্তৰসুৰী সকলেও সাধাৰণতে সদ্ভাৱনা আৰু সম্প্ৰীতিৰে  দেশ শাসন কৰি জাতীয় ঐক্যক গঢ় দিয়াৰ যি কৌশল সেয়া আছিল চকুত লগা । নিজস্ব ভাষা-সংস্কৃতি থাকোতেও সেইখিনিকো ৰক্ষা কৰাৰ লগতে আনৰ ভাষা-সংস্কৃতিকো সম্পূৰ্ণ আকোৱালি ল'ব পৰা মহত্বতম গুণ এই ৰাজবংশৰ উত্তৰণৰ এক অন্যতম দিশ । ইচ্ছা কৰা হ'লে ছশ বছৰৰ এই সুদীৰ্ঘ কালছোৱাত স্বৰ্গদেউ সকলে নিজা ভাষা-সংস্কৃতিক বলপূৰ্বক আনৰ ওপৰত জাপি দিব পাৰিলে হেতেন কিন্তু তাকে নকৰি নিজে আনৰ সৈতে মিলি তেখেতসকলে যিদৰে উদাৰতাৰ ভাব বিলালে তাৰবাবে এই মুলুকৰ বিভিন্ন জাতি-জনগোষ্ঠীয়েও আহোম সকলক আকোৱালি ল'ব পাৰিছিল আৰু সংস্কৃতিৰ আদান-প্ৰদানৰ মাধ্যমত আহোম সকলৰ নেতৃত্বত অসমত সৃষ্টি হোৱা ঐক্যতানৰ সোঁততে আজি আমি অসমীয়া এক জাতি হিচাপে নিজক আত্ম-প্ৰতিষ্ঠা কৰি আহিব পাৰিছো । ৰজা হিচাপে প্ৰয়োজনীয় এনে উদাৰ তথা সম-দৃষ্টি আহোম যুগক দীৰ্ঘতম কৰাৰ এক মূল কথা । আহোম সকলৰ অসম আগমনৰ পৰা বা ত্ৰয়োদশ শতিকাৰ আগভাগৰ পৰা ঊনবিংশ শতিকাৰ ইয়াণ্ডাবু সন্ধিলৈকে আহোম সকলৰ ৪০ জন ৰজা আৰু দুবাৰকৈ মন্ত্ৰী সকলৰ ৰাজত্বকালৰ ৬০০ বছৰীয়া এই সুদীৰ্ঘ কালছোৱা অসম বুৰঞ্জীত মধ্যযুগ হিচাপে পৰিচিত ।
এইখিনিতে এই ৬০০ বছৰীয়া দীঘল ৰাজ পৰিক্ৰমাক তলত উল্লেখ কৰি যোৱা হ'ল :

আহোম স্বৰ্গদেউ সকলৰ নাম আৰু ৰাজত্ব কাল 

ক্ৰম নং---- স্বৰ্গদেউ সকল ----ৰাজত্ব কাল

১ চুকাফা ১২২৮-১২৬৮
২ চুতেওফা ১২৬৮-১২৮১
৩ চুবিনফা ১২৮১-১২৯৩
৪ চুখাংফা ১২৯৩-১৩৩২
৫ চুখ্ৰাংফা ১৩৩২-১৩৬৪
৬ চুতুফা ১৩৬৪-১৩৭৩
৭ মন্ত্ৰীসকলৰ শাসন ১৩৭৬-১৩৮০
৮ ত্যাওখাম্‌থি ১৩৮০-১৩৮৯
৯ ২য় বাৰ মন্ত্ৰীসকলৰ শাসন ১৩৮৯-১৩৯৭
১০ চুডাংফা বা বামুনী কোঁৱৰ ১৩৯৭-১৪০৭
১১ চুজাংফা ১৪০৭-১৪২২
১২ চুফক্‌ফা ১৪২২-১৪৩৯
১৩ চুচেন্‌ফা ১৪৩৯-১৪৮৮
১৪ চুহান্‌ফা ১৪৮৮-১৪৯৩
১৫ চুপিম্‌ফা ১৪৯৩-১৪৯৭
১৬ চুহুম্‌মুং  (দিহিঙ্গীয়া ৰজা) ১৪৯৭-১৫৩৯
১৭ চুক্লেন্‌মুং (গৰগঞা ৰজা) ১৫৩৯-১৫৫২
১৮ চুখাম্‌ফা  (খোৰা ৰজা) ১৫৫২-১৬০৩
১৯ চুচেংফা বা প্ৰতাপসিংহ বা বুদ্ধিস্বৰ্গনাৰায়ণ ১৬০৩-১৬৪১
২০ চুৰম্‌ফা ১৬৪১-১৬৪৪
২১ চুত্যিংফা (নৰীয়া ৰজা) ১৬৪৪-১৬৪৮
২২ চুতামলা বা জয়ধ্বজসিংহ ১৬৪৮-১৬৬৩
২৩ চুপুংমুং বা চক্ৰধ্বজসিংহ ১৬৬৩-১৬৭০
২৪ চুন্যৎফা বা উদয়াদিত্য ১৬৭০-১৬৭৩
২৫ চুক্লন্‌ফা বা ৰামধ্বজসিংহ ১৬৭৩-১৬৭৫
২৬ চুহুং ১৬৭৫ (এমাহ)
২৭ গোবৰ ৰজা মাত্ৰ বিছ দিন
২৮ চুজিন্‌ফা ১৬৭৫-১৬৭৭
২৯ চুডৈয়ফা বা পৰ্বতীয়া ৰজা ১৬৭৭-১৬৭৯
৩০ চুলিক্‌ফা বা ৰত্নধ্বজসিংহ ১৬৭৯-১৬৮১
৩১ চুপাত্‌ফা বা গদাধৰসিংহ ১৬৮১-১৬৯৬
৩২ চুখ্ৰাংফা বা ৰুদ্ৰসিংহ ১৬৯৬-১৭১৪
৩৩ চুতনফা বা শিৱসিংহ ১৭১৪-১৭৪৪
৩৪ চুনেন্‌ফা বা প্ৰমত্তসিংহ ১৭৪৪-১৭৫১
৩৫ চুৰেমফা বা ৰাজেশ্বৰসিংহ ১৭৫১-১৭৬৯
৩৬ চুঞেউফা বা লক্ষ্মীসিংহ ১৭৬৯-১৭৮০
৩৭ চুহিত্‌পুংফা বা গৌৰীনাথসিংহ ১৭৮০-১৭৯৫
৩৮ চুক্লিংফা বা কমলেশ্বৰসিংহ ১৭৯৫-১৮১০
৩৯ চুছিন্‌ফা বা চন্দ্ৰকান্তসিংহ ১৮১০-১৮১৮
৪০ পুৰন্দৰসিংহ ১৮১৮-১৮১৯
৪১ চন্দ্ৰকান্তসিংহ ১৮১৯-১৮২১ (২য় বাৰ)
৪২ যোগেশ্বৰসিংহ ১৮২১-১৮২৪
৪৩ পুৰন্দৰসিংহ (২য় বাৰ) ১৮৩৩-১৮৩৮

আহোম সকল পোনতে হিন্দু নাছিল । ৰজা চুডাংফাৰ দিনৰপৰা আহোম সকলৰ মাজত হিন্দু ধৰ্মৰ প্ৰভাৱ পৰে । তেখেত অসম বুৰঞ্জীত "বামুণী কোঁৱৰ" নামেৰে পৰিচিত । 
তাৰো এক কাহিনী আছে । ৰজা চুতুফাৰ অকাল মৃত্যু হোৱাত আৰু সেই সময়ত উপযুক্ত কোনো কোঁৱৰ নোপোৱাত ১৩৭৬-১৩৮০ খ্ৰীষ্টাব্দলৈকে মন্ত্ৰী সকলেই শাসনভাৰ চলায় । 
তেনেদৰে ৰজা ত্যাওখামথিৰ পাছতো আঠবছৰ কাল আহোম ৰাজপাট মন্ত্ৰী সকলৰ তত্বাৱধানত থাকে । 
শেষত ত্যাওখামথিৰ সৰু কুঁৱৰীৰ ল'ৰা এজনক স্বৰ্গদেউ পাতে আৰু 'চুডাংফা' নামৰে নামাকৰণ কৰে । তেখেত বামুণৰ ঘৰত ডাঙৰ-দীঘল হোৱা বাবে বামুণী কোঁৱৰ' নামৰেও জনা যায় ।
আপোনালোকে ভাবিব পাৰে, যে এই প্ৰবন্ধত কিয় আহোম ৰজা সকলক "স্বৰ্গদেউ" বুলি উল্লেখ নকৰি "ৰজা" বুলিহে সম্বোধন কৰা হৈছে !
ইয়াৰো কাৰণ আছে । যদিওবা সমূহ আহোম ৰজাকেই "স্বৰ্গদেউ" বুলি সম্বোধন কৰা হয় বা কৰিব পাৰি তথাপি এটা কথা উল্লেখ কৰি যোৱা ভাল হ'ব যে চুকাফাৰ দিনত বা তেখেতৰ পাছৰ কেইবাজনো ৰজালৈকে "স্বৰ্গদেউ" সম্বোধনটো গ্ৰহণ কৰা হোৱা নাছিল । সম্ভৱতঃ চুহুংমুঙ স্বৰ্গদেউ বা দিহিঙ্গীয়া ৰজাৰ দিনৰে পৰা আহোম ৰজা সকল "স্বৰ্গদেউ" হিচাপে পৰিচিত হ'বলৈ ল'লে । স্বৰ্গদেউ চুহুংমুঙৰ দিনতে লিখা "শ্ৰী শ্ৰী স্বৰ্গনাৰায়ণ মহাৰাজৰ জন্ম কথা" নামৰ বুৰঞ্জীখনৰে আহোম স্বৰ্গদেউ সকলক স্বৰ্গৰাজ ইন্দ্ৰৰ সতে সম্পৰ্ক  দেখুৱাই তেখেতৰ পাছৰে পৰা এই অভিধা ব্যৱহাৰ হোৱা বুলি জনা যায় । উল্লেখযোগ্য যে এইজনা স্বৰ্গদেউৰ দিনৰে পৰাই আহোম স্বৰ্গদেউ সকলে একোটাকৈ হিন্দু নামো গ্ৰহণ কৰা দেখা যায় । সেই মৰ্মে স্বৰ্গদেউ চুহুংমুঙে "স্বৰ্গ নাৰায়ণ" নাম গ্ৰহণ কৰিছিল । আহোম ৰাজ-শাসনত "বৰপাত্ৰ গোহাঁই" পদৰ সৃষ্টি এখেতৰ দিনতে হোৱা । এখেতৰ দিনতেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসমত নৱ-বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰে ।
                                                
                                                      🔸আগলৈ

০৭/১১/২০১৯

➖➖➖➖➖

     ঘটনাবহুল অসম বুৰঞ্জীত ১৬০৩ খ্ৰীষ্টাব্দৰ পৰা ১৬৭৩ খ্ৰীষ্টাব্দলৈ এই সময়ছোৱা সংঘৰ্ষৰে ৰক্তাক্ত সময় । মোগলৰ দীঘলীয়া অসম আক্ৰমণ আৰু আহোমৰ বাৰম্বাৰ প্ৰতিহত কৰাৰ প্ৰচেষ্টাত এখনৰ পাছত আন এখন যুদ্ধই অসম বুৰঞ্জী কঁপাই তুলিছিল । স্বৰ্গদেউ প্ৰতাপ সিংহৰ দিনৰ পৰা স্বৰ্গদেউ উদয়াদিত্য সিংহলৈকে এই দীঘল সময়ছোৱাত ঘটা যুদ্ধত অসমক ৰক্ষা কৰাত আহোমৰ অগ্নিপৰীক্ষা বুৰঞ্জীৰ পাতত এক বিশেষ অধ্যায় । যুদ্ধৰেই হওঁক বা চলে-বলে-কৌশলে যেনেকৈয়ে নহওঁক ভাৰত বিজয়ী মোগলৰ হাতৰ  পৰা অসম ৰক্ষা কৰাটো ইমান সহজ কথাও নাছিল । তথাপি অদমনীয় আহোমৰ ৰাজনীতি, যুদ্ধনীতিয়ে মোগলক যে বাৰুকৈয়ে এশিকনী দিছিল সেয়া বুৰঞ্জীৰ পাতত জিলিকা কথা । আহোম সেনাৰ বীৰত্বক আনহে নালাগে মোগল সেনাপতি স্বয়ং ৰামসিংহয়ো প্ৰশংসাৰে উপচাই গৈছে । (🔴 লগতে পঢ়ক : https://m.facebook.com/groups/372830512757409?view=permalink&id=2585534221487016 )
এইখিনিতেই উল্লেখযোগ্য যে স্বৰ্গদেউ প্ৰতাপসিংহৰ দিনতেই মোমাই তামুলী বৰবৰুৱাই দেশৰ অৰ্থনীতিত প্ৰভাব পেলোৱা বিখ্যাত "পাইক প্ৰথা" আৰম্ভ কৰিছিল ।
       ১৬৬২ চনত জয়ধ্বজ সিংহৰ দিনতে মিৰজুমলাৰ অসম আক্ৰমণ ঘটে । এই আক্ৰমণত আহোমসকলৰ পৰাজয় আৰু মিৰজুমলাৰ গড়গাঁও দখল এক উল্লেখযোগ্য ঘটনা । এই আক্ৰমণত স্বৰ্গদেউ জয়ধ্বজ সিংহই পলায়ন কৰা ঘটনাৰ বাবে অসম বুৰঞ্জীত এখেত "ভগনীয়া ৰজা" নামৰেও পৰিচিত । পিচত অৱশ্যে সন্ধি হয় আৰু সন্ধি অনুসৰি ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে ভৰলী আৰু দক্ষিণে কলং  নৈলৈকে আহোমৰ সীমা নিৰ্ধাৰণ হয় । মিৰজুমলাৰ এই আক্ৰমণৰ সময়ত লগত অহা পৰিব্ৰাজক "চিহাবুদ্দিন তালিচ"-ৰ টোকাৰ পৰা সেই সময়ৰ অসমৰ বিষয়ে বহু কথা জানিব পাৰি ।

     জয়ধ্বজ সিংহৰ পাছত স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ দিনতো অসমৰ আকাশ-বতাহ যুদ্ধৰে অস্থিৰ হৈ পৰিছিল । এখেতৰ দিনৰে বিখ্যাত "শৰাইঘাটৰ ৰণ"-ৰ (১৬৭১)কথা মনত পৰিলে আজিও অসমীয়াৰ তেজ গৰম হৈ আহে । এই যুঁজত লাচিতৰ দুৰ্দান্ত সাহস আৰু পৰাক্ৰমৰ কথা কোনে নাজানে ( 🔴 লগতে পঢ়ক : https://m.facebook.com/groups/372830512757409?view=permalink&id=1769877136386066 )
উদয়াদিত্য স্বৰ্গদেউৰ পাছত কেইবাগৰাকী স্বৰ্গদেউ ৰাজপাতলৈ আহিলেও উল্লেখযোগ্য আন এজন স্বৰ্গদেউ হৈছে "গদাধৰ সিংহ" । আহোমৰ আন্তঃ বিপ্লৱৰ অন্ত পেলাই শিঙৰি-ঘৰত উঠা  এখেতৰ দিনতেই  আহোম আৰু মোগলৰ শেষ যুদ্ধ বিখ্যাত "ইটাখুলি ৰণ" হৈছিল ১৬৮২ খ্ৰীষ্টাব্দত । এই ৰণতে আহোমৰ শেষ সীমা পশ্চিমে মানাহা নৈ লৈকে নিৰ্ধাৰিত হয় । এইজনা স্বৰ্গদেউৰ পাছত তেখেতৰ সু-যোগ্য পুত্ৰ ৰূদ্ৰসিংহ ৰাজপাটত বহে ।  ১৭১৪ খ্ৰীষ্টাব্দত তেখেত স্বৰ্গী হোৱাত শিৱসিংহ ৰাজপাটলৈ আহে আৰু অতি অন্ধবিশ্বাসী হোৱাৰ গুণে তেখেতৰ শাসন ভাৰ পত্নী ফুলেশ্বৰী কুঁৱৰীয়ে নিজ হাতলৈ আনি ভুল সিদ্ধান্তৰে দেশৰ ৰাজশক্তিক দুৰ্বল কৰি তোলে । "মোৱামৰীয়া বিদ্ৰোহ" ইয়াৰ উদাহৰণ আৰু এই বিদ্ৰোহ আহোম ৰাজ শাসন ধ্বংসৰ অন্যতম এটি মূল কাৰক । এই বিদ্ৰোহৰ পাছতেই আন-আন বিভিন্ন বিদ্ৰোহে দেশৰ ৰাজনীতিক অস্থিৰ কৰি তুলিছিল, কেইবাটাও শতিকাৰ গৌৰৱৰ দিনবোৰক  চমু চপাই আনিছিল  আৰু পাছত আহোম শক্তিক দুৰ্বল কৰি সময়ে অসমক লৈ গৈছিল ১৮২৬ সেই ক'লা দিনবোৰলৈ ।
     
                    ধন্যবাদ 🙏


🔘
                   ▬▬▬▬▬▬▬▬▬▬
 ☼ আমাৰ ফেচবুক ঠিকনা 📬
✉https://www.facebook.com/groups/372830512757409/

আমাৰ📧 facebookgyansambhar@gmail.com
                 🔅ফেচবুক জ্ঞান সম্ভাৰ 🔅
                  ◀🔸🔸🔸🔴🔹🔹🔹▶


ভাৰতলৈ ইংৰাজ সকলৰ আগমন 🇬🇧 ▫▫▫▫▫▫▫▫▫▫▫▫▫▫▫▫▫▫▫▫▫▫▫▫▫▫▫▫▫▫▫▫▫▫▫▫

ভাৰতলৈ ইংৰাজ সকলৰ আগমন 🇬🇧
▫▫▫▫▫▫▫▫▫▫▫▫▫▫▫▫▫▫▫▫▫▫▫▫▫▫▫▫▫▫▫▫▫▫▫▫▫▫

      ভাৰতৰ সতে ইউৰোপীয় তথা পশ্চিমীয়া দেশবোৰৰ সম্পৰ্ক বহু যুগৰ পুৰণি । বহু যুগৰে চিনাকী তেওঁলোক । দূৰত্বৰ প্ৰাচীৰ ভাঙি প্ৰাচীন যোগসূত্ৰৰে বহু যোজন আঁতৰৰ একেখন পৃথিৱীৰে মানৱ সন্তানসকলে পাৰস্পাৰিক সমন্ধ স্থলপথৰেই চলাই আহিছিল শতিকাৰ পাছত শতিকালৈ । লোহিত, পাৰস্য আৰু আফগানিস্থানৰ মাজৰে স্থলপথৰে সংযোগ ৰাখি দুয়োখন মহাদেশৰ তাহানিৰ মানৱে ৰাখিছিল বাণিজ্যিক সম্বন্ধ, কিন্তু.............
সপ্তম শতিকামানত যাত্ৰাপথৰ সাগৰীয় অংশত আৰৱৰ একছত্ৰী প্ৰভাৱে অৱৰুদ্ধ কৰিছিল বহু পুৰণি এই সমন্ধ । পৰিণামত, পোন্ধৰ শতিকাৰ শেষলৈকে ভাৰতৰ সতে ইউৰোপীয় সম্বন্ধ আন্ধাৰৰ মাজতেই ডুব গৈ থাকিল ।
      অৱৰুদ্ধ পথৰ বিকল্প বিচৰা হৈছিল । নতুন পথৰ সন্ধান সাগৰৰেও চলিল কিন্তু, কেইবাটাও শতিকাযুৰি সময়ে হয়তো লগ দিয়া নাছিল !
তথাপি দুৰ্দমনীয় মানুহৰ বাসনাৰ অন্তহীন প্ৰচেষ্টা । তাতে ভাৰতৰ বিভূতি-বৈভৱৰ প্ৰতি লালসাৰ জোৱাৰে প্ৰত্যাশাক বেছি গভীৰ কৰি তুলিছিল । তেওঁলোকে জানিছিল, বিকল্প ওলাব । সাগৰেই দিব সেই সুবিধা । তাৰে আশাত বিশাল সাগৰৰ বক্ষ ভেদি প্ৰাচ্যৰ উপ-মহাদেশখনলৈ সন্ধানী নৌকাবোৰে সাগৰ পিত-পিটাই ফুৰিছিল । তাৰে ভিতৰত প্ৰধান পৰ্টুগীজসকল ।
১৪৮৭ খ্ৰীষ্টাব্দত এই পৰ্টুগীজ সকলৰে বাৰ্থ'ল'  মিউ ডিয়াজে নামে নাৱিকজনে আফ্ৰিকাৰ উত্তৰমাশা অন্তৰীপলৈকে এই পথছোৱা আৱিষ্কাৰ কৰাত সেই সহায়তে আন এজন পৰ্টুগীজ "ভাস্ক'-ডা-গামা"-ই (VASCO-DA-GAMA) ১৪৯৮ খ্ৰীষ্টাব্দত ভাৰতলৈ অহা সম্পূৰ্ণ সাগৰীয় পথ আৱিষ্কাৰ কৰি ভাৰতৰ দক্ষিণে থকা "কালিকট" বন্দৰত উপস্থিত হৈছিলহি ।
প্ৰাচ্যৰ সতে ভাৰতৰ যোগাযোগৰ নতুন পথ আৱিষ্কাৰত ইমানদিনে বহু আশাৰ বাটলৈ চাই থকা ইউৰোপীয় বহুতো জাতিক উৎসাহিত কৰিছিল । ইংৰাজসকলো তাৰে ভিতৰত অন্যতম আছিল । ভাৰতত বেপাৰৰ মাধ্যমৰে ঐশ্বৰ্যৰ পাহাৰ সজাৰ লালসাৰ অনন্ত  জোৱাৰত সমৃদ্ধিৰ সপোনবোৰ লহ-পহকৈ বাঢ়ি অহাত ইংৰাজ বেপাৰী সকলে ১৫৯৯ খ্ৰীষ্টাব্দত "ইষ্ট-ইণ্ডিয়া কোম্পানী" প্ৰতিষ্ঠা কৰি ১৬০০ খ্ৰীষ্টাব্দত ইংলেণ্ডৰ ৰাণী এলিজাবেথৰ পৰা প্ৰাচ্যৰ সতে বেহা-বেপাৰ কৰিবলৈ ১৫ বছৰৰ বাবে অনুমতি পত্ৰ লাভ কৰিছিল । কিন্তু, ভাৰতত বেহা-বেপাৰৰ বাবে মোগল সম্ৰাটৰ অনুমতিৰ প্ৰয়োজন আছিল । ১৬০৯ খ্ৰীষ্টাব্দত তেনে এক অনুমতি লাভৰ বাবে কেপ্টেইন উইলিয়াম হকিন্সক মোগল সম্ৰাট জাহাংগীৰৰ ওচৰলৈ পঠিওৱা হৈছিল যদিও পৰ্টুগীজ সকলৰ প্ৰভাৱত সম্ৰাটৰ পৰা অনুমতি নাপালে । ১৬১৩ খ্ৰীষ্টাব্দত আন এজন ইংৰাজ ছাৰ থমাচ ৰোৱে জাহাংগীৰৰ দৰবাৰত তিনি বছৰ থাকি আগ্ৰা, চুৰাট, আহমেদাবাদত বাণিজ্যৰ কোঠ পাতিবলৈ অনুমতি লাভ কৰিছিল । সেই সময়তে ফ্ৰান্সিস্ ডেই নামৰ এজন ইংৰাজ বেপাৰীয়ে মাদ্ৰাজ চহৰখন কিনি লৈ তাত ফোৰ্ট চেন্ট জৰ্জ নামৰ এটা কাৰখানা স্থাপন কৰিছিল । ইফালে ইংলেণ্ডৰ ৰজা দ্বিতীয় চাৰ্লছে পৰ্টুগীজ ৰাজকন্যা এগৰাকীক ১৬৬১ খ্ৰীষ্টাব্দত বিয়া পাতিছিল । ৰাজকন্যাৰ নাম আছিল কেথৰিন । এই কেথৰিনক বিয়া পাতি তেওঁ মুম্বাই চহৰখন পাইছিল যৌতুক হিচাপে ।  পিচে চাৰ্লছে সেইখন আকৌ ইষ্ট ইণ্ডিয়া কোম্পানীক পঞ্চাশ হাজাৰ ঋণৰ বিনিময়ত হস্তান্তৰ কৰিছিল । ইয়াৰ পাছৰ পৰা বোম্বাই হৈ পৰিছিল ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰধান কাৰ্যালয় ।
                                (আগলৈ)
          
                              
ধন্যবাদ 🙏
২৯/১০/২০১৯
--------------------

ইফালে ১৬৯০ খ্ৰীষ্টাব্দত জব চাৰ্ণক নামৰ কোম্পানীৰ বিষয়া এগৰাকীয়ে বংগৰ নবাবৰ পৰা বছৰি বাৰশ টকাৰ খাজানা দিয়াৰ বিনিময়ত কালী ঘাটা, সুতানুটি আৰু গোবিন্দপুৰ নামে তিনিখন গাঁৱৰ ( * এই তিনিখন গাঁও একত্ৰে পাছলৈ কলিকতা ) জমিদাৰী স্বত্ব লাভ কৰি তাতে "ফৰ্ট উইলিয়াম" নামেৰে এটা বাণিজ্য কেন্দ্ৰ প্ৰতিষ্ঠা কৰিলে ।
       তীক্ষ্ণ বুদ্ধি আৰু কঠোৰ পৰিশ্ৰমী এই ইংৰাজ জাতিটোৰ ভাগ্যোদয়ৰ বেলি বোলে উদয়হে হৈছিল, অস্ত কাহানিও যোৱা নাই । চল-চাতুৰিতো সিদ্ধহস্ত ইংৰাজক সময়ে এইবাৰ আন এটা বিশেষ সুযোগ দিলে । ১৭১৫ খ্ৰীঃত মোগল সম্ৰাট ফাৰুখছিয়াৰৰ পৰা ইষ্ট-ইণ্ডিয়া-কোম্পানীয়ে এখন ফৰমান লাভ কৰিছিল । এই ফৰমানে বিনা শুল্কে সমগ্ৰ দেশত বেপাৰ কৰিবলৈ আৰু দেশত মুদ্ৰা বনাই প্ৰচলন ঘটাবলৈ সুবিধা আৰু অনুমতি প্ৰদান কৰিছিল ।
      সেই সময়ত ভাৰতত ইংৰাজ ইষ্ট-ইণ্ডিয়া কোম্পানীৰ প্ৰধান সমস্যা আছিল ইউৰোপৰেই ফৰাচী সকলৰ ফৰাচী ইষ্ট-ইণ্ডিয়া কোম্পানী । ফৰাচী ইষ্ট-ইণ্ডিয়া কোম্পানীয়েও সেই সময়ত দক্ষিণ-পূবৰ পণ্ডিচেৰী আৰু বংগদেশৰ চন্দননগৰত প্ৰধান ঘাটি পাতি ব্যৱসায় চলাই আছিল । সাম্ৰাজ্যবাদৰ সপোন দেখা ইংৰাজ ইষ্ট-ইণ্ডিয়া কোম্পানীৰ বাবে তেওঁলোক হৈ পৰিছিল প্ৰধান অন্তৰাই । ১৭৪৫ খ্ৰীষ্টাব্দত ভাৰতত ইংৰাজ সকলে ফৰাচী জাহাজ ভাৰতৰ দক্ষিণ-পূব উপকূলত অৱৰুদ্ধ কৰাত ফৰাচী ইষ্ট-ইণ্ডিয়া কোম্পানীৰ গৱৰ্ণৰ যোচেফ ফ্ৰান্সিচ ডুপ্লেই ইংৰাজৰ অধিনত থকা মাদ্ৰাজ দখল কৰে । ইংৰাজে কৰ্ণাটকৰ নৱাবৰ সহায় বিচাৰিলে যদিও নৱাবৰ এক ডাঙৰ সামৰিক বাহিনী ফৰাচীৰ হাতত পৰাস্ত হৈছিল । ভাৰত বুৰঞ্জীত এয়াই আছিল "কৰ্ণাটকৰ প্ৰথম যুদ্ধ"
   ১৬ শতিকামানৰ পৰা ইউৰোপীয় দেশবোৰত বাণিজ্যক কেন্দ্ৰ কৰি অৰ্থনীতি নিয়ন্ত্ৰিত হৈছিল আৰু বাণিজ্যই সাম্ৰাজ্যবাদ বিস্তাৰৰে পুঁজিপতি হোৱাত দেশবোৰক অনুপ্ৰাণিত কৰিছিল । তেনে চিন্তা-ধাৰাৰে পুষ্ট ফৰাচী আৰু ইংৰাজৰ দুয়োটা কোম্পানীয়ে সেই সময়ৰ ভাৰতীয় সৰু-সৰু ৰাজ্যবোৰত নিজৰ প্ৰভূত্ব খটাবলৈ চলে-বলে-কৌশলেৰে হ'লেও চেষ্টা চলাই কিছু সফলো হৈছিল । দেশীয় ৰজাবিলাকৰ মাজত থকা মতানৈক্য এই দিশত দুয়োটা কোম্পানীৰ বাবে হৈ পৰিছিল একোটাকৈ সুযোগ ।
আৰু সুযোগ সন্ধানী এই বেপাৰী দলবোৰে নানান কুট-কৌশলৰে ভাৰতত সাম্ৰাজ্যবাদৰ জালখন বহলকৈ পেলাবলে চেষ্টা চলাই থাকিল ।.
তীক্ষ্ণ বুদ্ধিসম্পন্ন ডুপ্লেই ফৰাচীবোৰক বেছিকৈ সুযোগ লাভ কৰাত সহায়ক হ'ল । তেনে একোটা প্ৰতিযোগীতামূলক অৱস্থাতে ভাৰতৰ ইংৰাজ কোম্পানীটোলৈ আহিল এগৰাকী ডেকা সাধাৰণ কৰ্মচাৰী "ৰবাৰ্ট ক্লাইৱ" ।
ভাৰতত বৃটিছৰ উত্থান আৰু আধিপাত্যত "ৰবাৰ্ট ক্লাইৱ"-ৰ ভূমিকা আছিল গুৰুত্বপূৰ্ণ । অতি কম সময়ৰ ভিতৰতে অতি চতুৰ এই ব্যক্তিজনে কোম্পানীত উচ্চ আসন লাভ কৰিবলৈ সক্ষম হৈছিল আৰু কৰ্ণাটকৰ দ্বিতীয় যুদ্ধৰে দাক্ষিণাত্যত ইংৰাজৰ ভেটি সুদৃঢ় কৰিছিল ।
১৭৫৭ খ্ৰীষ্টাব্দত চল-চাতুৰিৰে ৰৱাৰ্ট ক্লাইৱে বংগৰ নৱাৱ চিৰাজউদ্দৌল্লাক মুৰ্ছিদাবাদৰপৰা ২৩ মাইল দক্ষিণে থকা ভাগীৰথী নদীৰ পাৰৰ পলাশী নামে ঠাইত যুদ্ধত পৰাস্ত কৰিছিল ।  নৱাবৰ প্ৰধান সেনাপতি মিৰজাফৰক নৱাব পদৰ লোভ দেখুৱাই নৱাৱক বিশ্বাসঘাটকতা কৰিবলৈ পৰামৰ্শ দিছিল এই ৰৱাৰ্ট ক্লাইভে । এই যুদ্ধত চিৰাজউদ্দৌল্লা পৰাস্ত হয় আৰু মিৰজাফৰৰ পুত্ৰ মিৰাণৰ হাতত নিহত হয় ।
ভাৰত বুৰঞ্জীৰ এই বিখ্যাত "পলাশী যুদ্ধই" মধ্যযুগৰ অৱসান ঘটাই আধুনিক যোগৰ সূচনা কৰিছিল আৰু ভাৰতত বৃটিছৰ ভেঁটি অধিক শক্তিশালীয়েই নহয় প্ৰায় মূখ্য শক্তিলৈ পৰিণত কৰিছিল ।
ইফালে ১৭৫৮ খ্ৰীষ্টাব্দত ফৰাচী আৰু ইংৰাজ কোম্পানী দুটাৰ মাজত হোৱা "ৱান্দিয়াছৰ যুদ্ধই" ভাৰতত ফৰাচী শক্তিক নোহোৱা কৰি বৃটিছ সাম্ৰাজ্যবাদৰ ভেঁটি নিশ্চিত কৰিছিল ।
                           শুভৰাত্ৰি 💂

আমাৰ ফেচবুক ঠিকনা 📬
https://www.facebook.com/groups/372830512757409/
আমাৰ📧 facebookgyansambhar@gmail.com
                    🔅ফেচবুক জ্ঞান সম্ভাৰ 🔅
                   ◀🔸🔸🔸🔴🔹🔹🔹▶

প্ৰথমখন ঐতিহাসিক সাম্ৰাজ্য আৰু এটি ৰাজবংশ


ভাৰত বুৰঞ্জীৰ প্ৰথমখন ঐতিহাসিক সাম্ৰাজ্য আৰু প্ৰথমজন ঐতিহাসিক সম্ৰাট । উত্তৰৰ মহাজনপদসমূহৰ পতনৰ পাছত ঘটা ৰাজনৈতিক অস্থিৰতাৰ সময়ত নন্দ বংশৰ শেষজন ৰজা ধনান্দক পৰাস্ত কৰি মগধত তেওঁ প্ৰতিষ্ঠা কৰিছিল এটি ৰাজবংশ । ৩২১* খ্ৰীষ্টপূৰ্বতে প্ৰতিষ্ঠা কৰা এই ৰাজবংশটোৱে পাছলৈ সমগ্ৰ ভাৰততে বিশাল সাম্ৰাজ্য গঢ়ি তুলিছিল । তেনেই এটি সাধাৰণ পৰিয়ালৰ পৰা আহি এগৰাকী সু-চতুৰ তথা সুদক্ষ ব্ৰাহ্মণ পণ্ডিতৰ সহযোগত আৰু নিজ বিচক্ষণতাৰ বলত পাছলৈ বিশাল ভাৰতৰ বিশালতাৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল তেওঁ আৰু সেইজন ব্ৰাহ্মণ, যিজন সৰ্ব যুগৰ সৰ্বশ্ৰেষ্ঠ ৰাজনীতিজ্ঞ তেওঁ হৈ পৰিছিল সম্ৰাটৰ প্ৰধান পৰামৰ্শদাতা ।
ফেচবুক জ্ঞান সম্ভাৰৰ শ্ৰদ্ধাৰ পাঠকবৃন্দ, নিশ্চয়ে ধৰিব পাৰিছে আজি কাৰ কথা উল্লেখ কৰিব গৈ আছো । আজি লৈ আহিছো বুৰঞ্জীৰ সেই বংশটোৰ কথা যি বংশত অশোকৰ দৰে মহান ৰাজনৰ জন্ম হৈছিল ।
হয়, মৌৰ্য বংশ ।
৩২১ খ্ৰীষ্টপূৰ্বত মগধত চন্দ্ৰগুপ্ত মৌৰ্য নামে এজন সুযোগ্য যুৱকে প্ৰতিষ্ঠা কৰিছিল ভাৰতৰ ৰাজনৈতিক ইতিহাসত প্ৰথমখন সাম্ৰাজ্যৰ । এওঁৰ মাতৃৰ নাম আছিল "মুৰা" আৰু মাতৃৰ নামৰে এই ৰাজবংশই "মৌৰ্য" বংশ নামৰে পৰিচিত হৈ পৰিল বুলি ভবা হয় । অৱশ্যে, বহু পণ্ডিতে এইটোও ক'ব বিচাৰে যে এওঁৰ পূৰ্ব-পুৰুষ সকলে মৌৰা চৰাই পালন কৰিছিল আৰু সেই সূত্ৰে "মৌৰ্য" শব্দৰ সৃষ্টি হয় ।

‌     প্ৰথমে মগধত আৰম্ভ কৰি চন্দ্ৰগুপ্ত মৌৰ্যই নিজ দেশক ভাৰতৰ বিভিন্ন ঠাইলৈ সম্প্ৰসাৰণ ঘটাই সু-বিশাল ভাৰত ভূমিত এখন বিশাল সাম্ৰাজ্যৰ সৃষ্টি কৰিছিল । সিমানেই নহয়, গ্ৰীচৰ অধীনত থকা কাবুল, কান্দাহাৰ, হীৰাট, বেলুচিস্তান আদি ঠাইবোৰো নিজৰ দখললৈ আনিছিল । মাত্ৰ বিছ বছৰ বয়সতে আলেকজেণ্ডাৰৰ সেনাপতি তথা মেচেড'নিয়াৰ সম্ৰাট চেলুকচক যুদ্ধত পৰাস্ত কৰি সমগ্ৰ দক্ষিণ এছিয়া নিজ দখললৈ আনিবলৈ সক্ষম হোৱা চন্দ্ৰগুপ্তই চেলুকচক হৰুৱাই তেওঁৰ জীয়েকক বিয়া কৰে আৰু বৈবাহিক সূত্ৰৰে তেওঁলোকৰ সতে মৈত্ৰেয়ী নীতি পালন কৰি পশ্চিমীয়া দেশৰ সতে বাণিজ্যিক সম্পৰ্কও গঢ়ি তোলাৰ লগতে নিজৰ ৰাজনৈতিক বিচক্ষণতাও ডাঙি ধৰিছিল  ।

‌সেই সময়তে গ্ৰীচ দেশৰ পৰিভ্ৰমণকাৰী মেগাস্থেনিচ ভাৰতলৈ আহি মৌৰ্য ৰাজসভা অলংকৃত কৰিছিল আৰু "ইণ্ডিকা" নামৰ গ্ৰন্থৰ ৰচনাৰে তেখেতে সেই যুগৰ অৰ্থ-সামাজিক, ৰাজনৈতিক, সাংস্কৃিতক বিষয়বস্তুক আলোকপাত কৰিছিল ।
 ‌

এখন বিশাল সাম্ৰাজ্য পৰিচালনাৰ বাবে চন্দ্ৰগুপ্ত মৌৰ্যই তেওঁৰ সাম্ৰাজ্যক চাৰিখন প্ৰদেশত ভাগ কৰি প্ৰতিখন প্ৰদেশকে একোজনকৈ ৰাজপ্ৰতিনিধিৰে পৰিচালনা কৰিছিল । প্ৰদেশবোৰক আকৌ জিলাত ভাগ কৰা হৈছিল । পথ নিৰ্মাণ, হ্ৰদ আৰু জলাশয় খন্দাই কৃষিৰ বাবে জলসিঞ্চনৰ ব্যৱস্থা কৰা হৈছিল । গুজৰাট ৰাজ্যত থকা "সুদৰ্শন হ্ৰদ" ইয়াৰ উদাহৰণ ।
       চন্দ্ৰগুপ্ত মৌৰ্য ভাৰতৰ কেৱল এজন সম্ৰাটেই নাছিল তেওঁ আছিল দেশখনক সু-সংগঠিত কৰা এগৰাকী মহান সু-সংগঠক । তেওঁৰ সফলতাৰ প্ৰায়বোৰ দিশতে আছিল এগৰাকী শ্ৰেষ্ঠ পণ্ডিত ব্ৰাহ্মণ । ৰাজনীতি, সমাজনীতি, কুটনীতিত সিদ্ধহস্ত এই পণ্ডিগৰাকী ভাৰতীয় ৰাজনৈতিক ইতিহাসত আন এক কাৰণত বিশেষভাবে উল্লেখযোগ্য । ভাৰত বুৰঞ্জীত "চানক্য" বা "বিষ্ণুগুপ্ত" নামেৰে পৰিচিত পণ্ডিতজনে বিশ্বৰ ইতিহাত পোন প্ৰথমবাৰ পদ্ধতিগতভাবে ৰাজনীতি বিজ্ঞান বিষয়ক প্ৰথমখন গ্ৰন্থ "অৰ্থশাস্ত্ৰ" লিখি উলিয়াইছিল । এইখিনিতে কৈ যোৱা ভাল, চানক্যৰ আগতো ভাৰততে ভৰদ্বাজ, পৰাশৰ আদি মুণি সকলে ৰাজনীতি বিজ্ঞানৰ গ্ৰন্থ লিখিবলৈ চেষ্টা কৰিছিল যদিও সেয়া পদ্ধতিগত নাছিল ।

   জৈন ধৰ্মৰ মতে চন্দ্ৰগুপ্ত মৌৰ্যই মাত্ৰ ৪২ বছৰ বয়সতে নিজ পুত্ৰ বিন্দুসাৰক ৰাজকাৰ্য অৰ্পণ কৰি জৈন ধৰ্ম গ্ৰহণ কৰে ।
চন্দ্ৰগুপ্তৰ পাছত তেওঁৰ পুত্ৰ বিন্দুসাৰ মৌৰ্য বংশৰ ৰজা হয় । বিন্দুসাৰৰ পাছত তেওঁৰ পুত্ৰ মহামতি অশোক মৌৰ্য বংশৰ ৰাজপাটত আৰোহণ কৰে । অনুমানিক খ্ৰীষ্টপূৰ্ব ২৭৩-২৩২ ৰ ভিতৰত মৌৰ্য সাম্ৰাজ্যৰ সম্ৰাট হোৱা অশোক হৈছে চন্দ্ৰগুপ্ত মৌৰ্যৰ পাছত উল্লেখযোগ্য সম্ৰাট । ৰাজপাটত উঠিয়েই সাম্ৰাজ্য বিস্তাৰত গুৰত্ব দিয়া অশোকে কলিংগ ৰাজ্য আক্ৰমণৰ সময়ত  নিৰিহৰ তেজে ধোৱা মাটি দেখি অনুতপ্ত হয় আৰু উপগুপ্ত নামে এজন বৌদ্ধ সন্ন্যাসীৰ ওচৰত বৌদ্ধ ধৰ্ম গ্ৰহণ কৰি ওৰেটো জীৱন ৰজা হৈয়ো সন্ন্যাসীৰ দৰে জীৱন-যাপন কৰে । বৌদ্ধ ধৰ্মক প্ৰচাৰৰ বাবে "ধৰ্ম মহামাত্ৰ" নামৰ একশ্ৰেণীৰ বিষয়া নিয়োগ কৰাৰ লগতে নিজ পুত্ৰ মহেন্দ্ৰ আৰু কন্যা সংহমিত্ৰাকো ধৰ্ম প্ৰচাৰৰ বাবে সিংহল দ্বীপলৈ পঠিয়াই ।
ভাৰতৰ বহু ঠাইত বৌদ্ধ মঠ, স্তুপ, আৰু স্তম্ভ নিৰ্মাণ কৰোৱাৰ লগতে প্ৰজাৰ সুবিধাৰ বাবে ৰাস্তা, পুখুৰী, জিৰণী ঘৰ আদি নিৰ্মাণ কৰিছিল ।
প্ৰজাহিতকৰ মনোভাবৰ সম্ৰাট অশোক আছিল আধুনিক ভাৰতৰ কল্যাণকামী ৰাষ্ট্ৰৰ পথ প্ৰৱৰ্তক ।
অশোকৰ পাছত মৌৰ্য সাম্ৰাজ্যত ক্ৰমে "দশৰথ" "সম্প্ৰতি" "শালিশুক" "দেৱবৰ্মন" "শতধনৱান" আৰু "বৃহদ্ৰথ" নামৰ বংশধৰ কেইজনে কম সময়ৰ বাবে ৰাজত্ব কৰিছিল । সম্ৰাট  অশোকৰ পাছত এই সাম্ৰাজ্য  দুৰ্বল হৈ পৰে আৰু ১৮৫ খ্ৰীষ্টপূৰ্বত বৃহদ্ৰথক হত্যা কৰাৰ লগে-লগে ভাৰত বুৰঞ্জীত মৌৰ্য যুগৰ যৱনিকা পেলাই বৃহদ্ৰথৰ প্ৰধান সেনাপতি পুষ্যমিত্ৰ শুংগই "শুংগ ৰাজবংশ"-ৰ প্ৰতিষ্ঠা কৰে ।

* ষষ্ঠ শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ নং ১৬ ত এই চন আনুমানিক ৩২৪ খ্ৰীষ্টপূৰ্ব বুলি আছে ।

                                          ধন্যবাদ 🙏
আমাৰ ফেচবুক ঠিকনা 📬
https://www.facebook.com/groups/372830512757409/

আমাৰ📧 facebookgyansambhar@gmail.com
                  🔅ফেচবুক জ্ঞান সম্ভাৰ 🔅
                  ◀🔸🔸🔸🔴🔹🔹🔹▶

গুপ্তযুগ

 ভাৰত বুৰঞ্জীৰ সোণালী যুগ :

মৌৰ্য যুগ (৩২১-২৮৯ খ্ৰীষ্টপূৰ্ব) ভাৰত বুৰঞ্জীৰ এক অতি গুৰুত্বপূৰ্ণ অধ্যায় । এই যুগৰ পাছত প্ৰাচীন ভাৰতীয় ইতিহাসৰ এক কালজয়ী সময় হ'ল "গুপ্ত যুগ" । ভাৰতীয় সাহিত্য-সংস্কৃতি, শিক্ষা, বিজ্ঞান, গণিত, জ্যোতিষ, শিল্প আদি সকলোবোৰ দিশত ঘটা উত্থানৰ বাবেই "গুপ্ত যুগ" ভাৰত বুৰঞ্জীৰ "স্বৰ্ণযুগ" ।
প্ৰায় দুশ বছৰৰো অধিক কাল অব্যাহত থকা আৰু অনুমানিক খ্ৰীষ্টিয় তৃতীয় শতিকাৰ প্ৰথমচোৱাত আৰম্ভ হোৱা এই যুগৰ প্ৰতিষ্ঠাতা আছিল শ্ৰী গুপ্ত । এখেতে প্ৰতিষ্ঠা কৰা এই সাম্ৰাজ্যক গুপ্ত সাম্ৰাজ্য আৰু তেখেতৰ বংশটোক গুপ্ত বংশ বুলি জনা যায় । শ্ৰীগুপ্তৰ পাছত গুপ্ত বংশত স্কন্দ গুপ্তলৈ আন ছজন ৰজাৰ নাম বুৰঞ্জীত পোৱা যায় । এখেত সকল হ'ল :

শ্ৰী গুপ্ত ( খ্ৰীঃ ২৪০- ২৮০ )
ঘটোৎকচ ( ২৮০- ৩১৯)
প্ৰথম চন্দ্ৰগুপ্ত ( ৩১৯-৩৩৫ )
সমুদ্ৰগুপ্ত ( ৩৩৫-৩৭৫)
দ্বিতীয় চন্দ্ৰগুপ্ত ( ৩৭৫-৪১৪ )
প্ৰথম কুমাৰ গুপ্ত ( ৪১৫-৪৫৫ )
স্কন্দ গুপ্ত ( খ্ৰীঃ ৪৫৫-৪৬৭)

অৱশ্যে, স্কন্দ গুপ্তৰ পৰৱৰ্তী কালত আৰু কেইবাজনো গুপ্ত সম্ৰাটে শাসন চলালেও ইতিহাসত তেওঁলোকৰ বিষয়ে বিশেষ জনা নাযায় ।

একালত বিহাৰ আৰু উত্তৰ প্ৰদেশক কেন্দ্ৰ কৰি আৰম্ভ হোৱা গুপ্ত সাম্ৰাজ্য পাছলৈ সমগ্ৰ ভাৰততে বিয়পি পৰিছিল । "ভাৰতৰ নপ'লিয়ন খ্যাত" ( নিজা চিন্তা ধাৰাৰে উপমাটোৰ সতে একমত নহয় ) সমুদ্ৰ গুপ্তৰ দিনত এই সাম্ৰাজ্য ভাৰতৰ বিভিন্ন প্ৰান্তৰ লগতে নেপাল আৰু আফগানিস্তান পৰ্যন্ত প্ৰসাৰিত হৈছিল । এইজন সম্ৰাটে আনকি অসমৰ কামৰূপ আৰু নগাঁৱৰ ডবকা পৰ্যন্ত জয় কৰিছিল ।
সমুদ্ৰ গুপ্তৰ পাছত দ্বিতীয় চন্দ্ৰ গুপ্তইও সাম্ৰাজ্য সম্প্ৰসাৰণত ভূমিকা লৈছিল । শক সকলক দমন কৰি এখেতে "শকাৰি" উপাধি গ্ৰহণ কৰিছিল । মালৱ, গুজৰাট ( কাথিয়াৰ), সৌৰাষ্ট্ৰ জয় কৰি এখেতে গুপ্ত সাম্ৰাজ্যক বহল কৰিছিল । এওঁৰ দিনতেই ভাৰতলৈ অহা চীন পৰিব্ৰাজক ফাহিয়ানৰ টোকাৰ পৰা গুপ্ত সাম্ৰাজ্যৰ অৰ্থ-সামাজিক, ৰাজনৈতিক, শিল্প বিদ্যা আদি বিষয়ক বহু তথ্য জানিব পাৰি ।

    এই যুগৰ শাসন ব্যৱস্থা ৰাজতান্ত্ৰিক আছিল আৰু সম্ৰাটৰ পদ বংশানুক্ৰমে লাভ কৰিছিল । বিশাল সাম্ৰাজ্যক পৰিচালনাৰ বাবে ৰজাৰ ক্ষমতা বিকেন্দ্ৰীকৰণ  কৰা হৈছিল আৰু সাম্ৰাজ্যক ভূক্তি (প্ৰদেশ), বিষয় (জিলা), গাঁও আদি গোটত ভগোৱা হৈছিল ।
সামৰিক বিভাগ এজন প্ৰধান সেনাপতিৰ দায়িত্বত ন্যস্ত ৰাখি সম্ৰাটে মূল ক্ষমতাক নিজৰ হাতত ৰাখিছিল ।
সেই যুগৰ অৰ্থনীতিৰ মূল উৎস আছিল কৃষি । কৃষিৰ উৎপাদন বৃদ্ধিৰ বাবে পানী যোগান ব্যৱস্থা সেই সময়ত আছিল । উৎপাদিত শস্যৰ পৰা ১/৪ অংশৰ পৰা ১/৬ অংশৰ ভিতৰত কৃষকে কৰ দিব লাগিছিল ।
সাম্ৰাজ্যত কৃষিৰ লগতে বাণিজ্যৰ দিশতো গুৰুত্ব দিয়া হৈছিল । উৎপাদিত সামগ্ৰীৰ অতিৰিক্ত ভাগ জল আৰু স্থল পথৰে সাম্ৰাজ্যৰ ভিতৰে-বাহিৰে ব্যৱসায়ত খটোৱা হৈছিল । ৰোম, দক্ষিণ-পূব এছিয়া, চীন দেশ আদি বহিঃ জগতৰ সতে বাণিজ্যিক সম্পৰ্ক সেই যুগত ঘটিছিল । তাৰবাবে উপকূল অঞ্চলবিলাকত বন্দৰ গঢ় লৈ উঠিছিল । মছলা, চন্দন কাঠ, হাতীৰ দাঁতৰ বিভিন্ন সামগ্ৰী, মনি-মুকুটা, সুগন্ধি দ্ৰব্য আদি বিদেশলৈ ৰপ্তানি কৰা হৈছিল ।
মুদ্ৰাবোৰ সোণ-ৰূপৰ আছিল যদিও কড়িৰ প্ৰচলন সেই সময়ত হৈছিল ।

বহু দিশত উন্নত হৈয়ো এই যুগত বাল্য বিবাহ আৰু সতীদাহ প্ৰথা প্ৰচলিত আছিল বুলি জনা যায় । তাৰ লগতে কঠোৰ বৰ্ণ প্ৰথাৰ প্ৰচলন আছিল । সমাজত ব্ৰাহ্মণ সকলক বিশেষ মৰ্যদা প্ৰদান কৰা হৈছিল ।

ইয়াৰ বিপৰীতে বিজ্ঞান, শিক্ষা-সাহিত্য লগতে সাংস্কৃতিক মূল্যবোধৰে গুপ্ত যুগ ভাৰত বুৰঞ্জীৰ এক গৌৰবময় অধ্যায় । ৰাজ পৃষ্ঠপোষকতাই এই ক্ষেত্ৰত প্ৰভূত বৰঙণি যোগাইছিল । সমাজত সাধাৰণ শ্ৰেণী জনতাৰ মাজত প্ৰাকৃত ভাষাৰ প্ৰচলন আছিল যদিও সংস্কৃত আছিল সেই কালৰ মান্য ভাষা ।
পুৰাণ, মহাভাৰত, ৰামায়ণ আদি মহৎ গ্ৰন্থ সমূহ পুনৰ মুদ্ৰিত হোৱাৰ বিপৰীতে ভাৰত গৌৰব কালিদাসে এই যুগতে "কুমাৰ সম্ভৱ" "ৰঘুবংশ" "মেঘদূতম" "ঋতু সংহাৰ" "অভিজ্ঞানম শকুন্তলম" আদিৰ দৰে শ্ৰেষ্ঠ গ্ৰন্থ লিখিছিল । শূদ্ৰকৰ বিশ্ব বিখ্যাত নাটক "মৃচ্ছ'কটিকা" ভৰতৰ "নাট্যশাস্ত্ৰ" বিশাখাদত্তৰ "মুদ্ৰাৰাক্ষস" এই যুগৰে ৰচনা ।
বিজ্ঞান আৰু গণিতৰ জগতখনলৈকো এই যুগৰ অৱদান সোণালী আখৰৰে লিখিব লগা । এই যুগৰে মহান বিজ্ঞানী তথা গণিতজ্ঞ আৰ্যভট্টই "আৰ্যভট্টীয়" ৰচনা কৰিছিল ।
গুপ্ত যুগৰ এইগৰাকী ভাৰতীয় বিজ্ঞানীয়ে প্ৰকাশ কৰিছিল যে পৃথিৱীয়ে নিজ কক্ষপথৰে সূৰ্যক প্ৰদক্ষিণ কৰে । তেখেতে ইয়াকো কৈছিল যে পৃথিৱীৰ ছাঁ  চন্দ্ৰত পৰাৰ ফলত চন্দ্ৰ গ্ৰহণ হয় ।
গুপ্তযুগৰেই আন এগৰাকী গণিতজ্ঞ বৰাহমিহীৰে "বৃহৎ সংহিতা"-ৰ দৰে গ্ৰন্থ ৰচনা কৰিছিল । চিকিৎসা শাস্ত্ৰৰ ক্ষেত্ৰত এই যুগৰে "চৰক" আৰু "সুশ্ৰুক" আছিল দুটি অনন্য নাম । সেই গৰাকীয়েই সুশ্ৰুক যি "সুশ্ৰুক সংহিতা" নামৰ বিশ্বখ্যাত চিকিৎসা গ্ৰন্থ লিখি মেলেৰিয়া মহে কামোৰাৰ ফলত যে হয় সেই কথা পোন প্ৰথম বাৰৰ বাবে বিশ্বক অৱগত কৰিছিল ।
অংক শাস্ত্ৰত দশমিকৰ পদ্ধতিৰ আৱিষ্কাৰ, শূণ্যৰ ব্যৱহাৰ, স্থানীয় মানৰ ধাৰণা আদি প্ৰসংগ বিলাক বিশ্ববাসীলৈ গুপ্ত যুগৰ সৰ্ব শ্ৰেষ্ঠ অৱদান ।
ভাৰত বুৰঞ্জীত গুপ্ত যুগক স্বৰ্ণময় যুগ বুলি কোৱা হয় । শিক্ষাৰ দিশত এই যুগ সমগ্ৰ বিশ্বতে জিলিকি উঠিছিল । এই যুগত ভাৰতত পাঁচখনকৈ বিশ্ববিদ্যালয় আছিল । সেইকেইখন হ'ল :
নালন্দা,
তক্ষশীলা,
উজ্বয়িনী,
সাৰনাথ আৰু
বিক্ৰমশীলা ।

ভাৰতীয় চিত্ৰকলাক এই যুগে বহু আগুৱাই লৈ গৈছিল ।  অজন্তা, ইলোৰা, বাঘ গুহাৰ দৰে ঐতিহাসিক গুহা আৰু বিভিন্ন মন্দিৰ আদিত চিত্ৰশিল্পই জাকত জিলিকি প্ৰাণ পাই উঠিছিল । তাৰ লগতে স্থাপত্য আৰু ভাস্কৰ্যৰ দিশৰেও এই যুগ গুৰুত্বপূৰ্ণ ।
এনেবোৰ কাৰণত গুপ্ত যুগ ভাৰতৰ বুৰঞ্জীত এক স্বৰ্ণীল  অধ্যায় ।
             ধন্যবাদ 🙏
আমাৰ ফেচবুক ঠিকনা 📬
https://www.facebook.com/groups/372830512757409/

আমাৰ📧 facebookgyansambhar@gmail.com
                 🔅ফেচবুক জ্ঞান সম্ভাৰ 🔅
                 ◀🔸🔸🔸🔴🔹🔹🔹▶

অ' মৌছুমী.....


আছে-আছে, খাটাং আছে ।
এই নামৰ ছোৱালী অসমৰ প্ৰতিখন গাঁৱে-ভূঞে এজনী হ'লেও আছেই । হেঃ, নাথাকিবনো কিয়, সকলোৱে  মুখলৈকে চাই ।
আহিব....আহিব...আহি....
গতিকে একেবাৰে জনপ্ৰিয় নাম বুজিছে । বছৰটোৰ ভাতমুঠিৰ প্ৰধান উৎস কৃষিৰ বাবে অতিকে গুৰুত্বপূৰ্ণ হোৱাত এই "মৌছুমী" নামটো সকলোৰে দেখোন মুখে-মুখে । সেয়ে ভাবিলো, অলপ মৌছুমীৰ কথাকে কওঁ  !
নাই-নাই-নাই-নাই-নাই দেই, তেনে নাভাবিবই ।
কোনো ছোৱালীৰ কথা ইয়াত ক'বলৈ ওলোৱা নাই । মই ক'বলে গৈছো আমাৰ কৃষি ভিত্তিক দেশ ভাৰতবৰ্ষত বলা এবিধ অতি গুৰুত্বপূৰ্ণ বায়ু "মৌছুমী"-ৰ কথা ।
শব্দগত দিশৰে ইয়াৰ অৰ্থ "বতৰ" । মোৰ মনত পৰাত আগতে ক'ৰবাত আৰবী ভাষাৰ পৰা এই শব্দটো অহা বুলি পঢ়িছিলো যেন লাগিল যদিও লিখাৰ সময়ত সংশয় আঁতৰাবলৈ নেটত বিচাৰি চাওঁতে আৰবী নহয় সংস্কৃত ভাষাৰ পৰাহে আহিছে বুলি পোৱাত এতিয়া সেয়ে একো নামাতো কাৰণ, প্ৰমাণৰ বাবে কিতাপৰ ভাণ্ডাৰটো থাকিল ঘৰত ।
যি কি নহওঁক, ভাৰতৰ জলবায়ু আৰু তাৰ লগে-লগে কৃষি কৰ্মত এক গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলোৱা মৌছুমী বতাহৰ কথাকে ফেচবুক জ্ঞান সম্ভাৰৰ মজিয়াত আজি আগবঢ়াম । আগন্তুক টেটৰ প্ৰস্তুতিত আপোনাৰ সহায়ো হ'ব পাৰে ।
ভাৰত দুই ধৰণৰ মৌছুমী বতাহ প্ৰবাহিত হয় ।
এবিধ গ্ৰীষ্ম কালৰ আৰু আনবিধ শীতকালৰ
গ্ৰীষ্মকালত প্ৰবাহিত হোৱা মৌছুমী বতাহবিধক "দক্ষিণ-পশ্চিম মৌছুমী বতাহ" নামেৰে আৰু শীতকালত প্ৰবাহিত হোৱা বিধক "উত্তৰ-পূব মৌচুমী বতাহ" নামেৰে জনা যায় । উৎপত্তি স্থলৰ দিশৰ ভিত্তিতে দুই বিধ বতাহৰে এই দুই নামৰে পৰিচিত ।
ফেচবুক জ্ঞান সম্ভাৰৰ শ্ৰদ্ধাৰ পাঠক সকল, আমি জানো উত্তৰ গোলাৰ্ধৰ  ২৩°৩০´ অক্ষৰেখা অৰ্থাৎ বিখ্যাত কৰ্কটক্ৰান্তি ৰেখা আমাৰ দেশৰ প্ৰায় সোঁ মাজেৰে পাৰ হৈ গৈছে ফলত, গ্ৰীষ্ম কালত এই ৰেখাৰ ওপৰত সূৰ্যৰ পোহৰ যেতিয়া লম্বভাৱে পৰে তেতিয়া তাৰ বায়ু গৰম হৈ নিম্নচাপৰ সৃষ্টি কৰে আৰু তেতিয়া জলীয়বাষ্পযুক্ত বায়ু ভাৰত মহাসাগৰৰ পৰা দুটা সোঁতৰে প্ৰবাহ আমাৰ দেশলৈ ঘটে । প্ৰথম সোঁতটো অন্ধ্ৰপ্ৰদেশ, উৰিষ্যা, পশ্চিমবঙ্গত আৰু অানটো বাংলাদেশ হৈ অসমত প্ৰৱেশ কৰে ফলত এই ঠাই বিলাকত প্ৰচুৰ বৰষুণ হয় ।
আকৌ, দ্বিতীয় বিধ মৌছুমী বায়ু আহে শীত কালত । ইয়াৰ উৎপত্তি ৰহস্য আকৌ অলপ বেলেগ । যেতিয়া ভাৰতত শীত কাল হয় তেতিয়া সূৰ্য থাকে দক্ষিণ গোলাৰ্ধৰ মকৰক্ৰান্তিৰ ওপৰত আৰু তাত বায়ু গৰম কৰি নিম্ন চাপৰ সৃষ্টি কৰে । ইফালে বিষুব ৰেখাৰ উত্তৰত সূৰ্যৰ ৰশ্মী হেলনীয়া হৈ উচ্চ চাপৰ সৃষ্টি হয় । ফলত উচ্চ চাপৰ বায়ু নিম্ন চাপৰ অঞ্চললৈ গতি কৰিব ধৰে । সেয়ে ছাইবেৰীয়া আদি ঠাইৰপৰা বায়ু হিমালয় পৰ্বতৰ ওপৰদি ভাৰত হৈ বংগোপসাগৰৰ ওপৰৰে অতিক্ৰম কৰে । ভাৰতত এই বতাহ শুকান আৰু সেমেকা যদিও বংগোপসাগৰ পোৱাৰ লগে-লগে এই বতাহত প্ৰচুৰ জলীয় ভাপ মিহলি হয় ।
মৌছুমী বায়ুৱে অতিজৰেপৰা ভাৰতত কৃষিৰ ক্ষেত্ৰখনক অধিক সেউজ ভূমিকা লৈ আহিছে । অকল কৃষিৰ দিশতেই নহয় অন্যান্য উদ্ভিদৰ কাৰণেও এই বায়ু অধিক গুৰুত্বপূৰ্ণ । ভাৰতীয় উদ্ভিদৰ ছটা ভাগৰ🔸 ভিতৰতো এটি ভাগৰ নাম মৌছুমীয় উদ্ভিদ ।  এই মৌছুমীয় উদ্ভিদেই অধিকাংশৰ ওচৰত "ক্ৰান্তিয় পৰ্ণপাতী উদ্ভিদ" নামে বেছি পৰিচিত ।
আজিলৈ বাৰু ইমানেই দেই ।
পুনৰ লগপোৱাৰ আশাৰে.........
                        শুভৰাত্ৰি 🐈 🐀
🔸ভাৰতত উদ্ভিদৰ ছটা ভাগ :
১/ চিৰসেউজ উদ্ভিদ ২/ মৌচুমীয় উদ্ভিদ ৩/ তৃণজাতীয় উদ্ভিদ ৪/ কাঁইটীয়া মৰুজ উদ্ভিদ ৫/ ব-দ্বীপীয় উদ্ভিদ ৬/ পাৰ্বত্য উদ্ভিদ
☼ আমাৰ ফেচবুক ঠিকনা 📬
https://www.facebook.com/groups/372830512757409/
আমাৰ📧 facebookgyansambhar@gmail.com
                      🔅ফেচবুক জ্ঞান সম্ভাৰ 🔅
                     ◀🔸🔸🔸🔴🔹🔹🔹▶

অসম সাহিত্য সভাৰ প্ৰথম সভাপতিজন

অসম টেট ২০১৯ ৰ বাবে প্ৰাসঙ্গিক 
📎

অসম সাহিত্য সভাৰ প্ৰথম সভাপতিজন
-----------------------------------------------------
      
অসমীয়া সাহিত্যৰ বিপৰ্যয়ৰ পাছত ভাষাটোক পুনৰ ঠন ধৰাবলৈ কৰা কৃচ্ছ্ৰ সাধনাত লক্ষ্মীনাথ বেজবৰুৱা দেৱ বা ত্ৰি-মূৰ্ত্তি আৰু অন্যান্য সকলৰ যেনেকৈ ত্যাগ আছে তেনেকৈয়ে ত্যাগ আছে সেই সময়ৰ পদ্মনাথ গোহাঞিবৰুৱা , বেণুধৰ ৰাজখোৱা আদি মহান অসমীয়া সকলৰ ।
কবলৈ গ'লে দুটা ফৈদ, এটাত ত্ৰি-মূৰ্তি আৰু আনফালে পদ্মনাথ গোহাঞিবৰুৱা, বেণুধৰ ৰাজখোৱা আদি সকল ।
             দুয়ো দলৰ মাজত সাহিত্যক লৈ সৃষ্টিৰ প্ৰতিযোগিতা । মহান পুৰুষৰ যেনেকৈ চিন্তা মহৎ তেনেকৈ কামো মহৎ । প্ৰতিযোগিতাৰ চিন্তা আহিলেই আজিকালি  নপতা ফুকন এমখাই কৰা খোৱা-কামোৰা তেখেত সকলৰ মাজত নাই । সৃষ্টিৰ বাবে কলমেৰে কথা কৈ তেখেত সকলৰ এজনৰ পাছত আনজনে কাম কৰি দেখুৱাই  ।
তাৰে পৰিণতিত ৰাজহাড়তে দুখ পোৱা ভাষাটোৱে যেনিবা উপযুক্ত পৰিপুষ্টি লাভ কৰি কোনোমতে ঠিয় হ'বলৈ চেষ্টা কৰিছিল ।
সিসকলৰ সৃষ্টিশীল প্ৰতিযোগিতাত এফালে যদি "জোনাকী"-য়ে পোহৰালে আনফালে আকৌ "বিজুলী"-য়ে সাহিত্যৰ পথাৰৰ কৃষক সকললৈ লৈ আনিলে এমুঠি আশাৰ বতৰা ।
এফালে যদি বাঁহীৰ সুৰে সকলোকে বিমুগ্ধ কৰিলে তেনেকৈয়ে আকৌ "ঊষা"-য়ো সমাগত পোহৰে এটা উজ্বল দিনৰ সংকেত লৈ আনিলে ।
তেনেকৈয়ে এজনাৰ লিটিকাই-ৰ জৰিয়তে নহঁহা মানুহক হাঁহিবলৈ বাধ্য কৰোৱাৰ বিপৰীতে আনজনে ঘটালে টেটোন তামুলী-ৰ আগমন । আজিও অসমীয়া ৰাইজৰ মুখত টেটোন তামুলী-ৰ নাম বৰকৈ শুনা যায় ।
পণ্ডিত লোকৰ কিমান এটা সুস্থ আৰু সুন্দৰ প্ৰতিযোগিতা !
       এটা কথা বুজি নাপাওঁ , আমি বেজবৰুৱাদেৱৰ নামত এটা দিন পালন কৰো বা তেখেতক লৈ আমি যিদৰে চিন্তা-চৰ্চা কৰোঁ তাৰ বিপৰীতে বাৰু গোহাঞিবৰুৱাক কৰোনে ?
যদি নকৰো তেন্তে কিয় ?
আমাৰ ভুল নহয়নে বাৰু ?
        নৱেম্বৰ মাহ, ১৮৭১ চনত উত্তৰ লক্ষীমপুৰত জন্ম হৈছিল অসমীয়া সাহিত্যৰ আন এগৰাকী মহান সেৱক পদ্মনাথ গোহাঞিবৰুৱা দেৱৰ । পিতৃ ঘিনাৰাম গোহাঞিবৰুৱা আৰু মাতৃ লম্ভীদেৱী
অসমীয়া সাহিত্যৰ বিপদৰ কালত সাহিত্য চৰ্চাৰে আমাক ধন্য কৰি যোৱা এইগৰাকী মহান অসমীয়া সাহিত্যিকক আমি ফেচবুক জ্ঞান সম্ভাৰ পৰিয়ালে পোনতে শ্ৰদ্ধাৰে স্মৰণ কৰিছো ।

         আঠ বছৰ বয়সতে উত্তৰ লক্ষীমপুৰৰ চহৰীয়া পঢ়াশালী-ত তেখেতে নাম লগায় । ১৮৯০ চনত এন্ট্ৰেন্স পৰীক্ষা পাছ কৰি কলিকতাৰ ৰিপণ কলেজত নাম ভৰ্তি কৰে আৰু তাত থকাৰ সময়তে প্ৰথমে বিজুলী আৰু ১৯০৭ চনত ঊষা সম্পাদনা কৰে ।
১৮৯৪ চনত লীলা নামে এগৰাকী ছোৱালীৰ পানী গ্ৰহণ কৰে ।
কলিকতাত থাকোতেই বিখ্যাত ভানুমতী উপন্যাস খণ্ড-খণ্ডকৈ প্ৰকাশ কৰে ।
তিনিকুৰীৰো অধিক কাল অসমীয়া সাহিত্যৰ বিভিন্ন দিশৰ লগতে পাঠ্য পুথি ৰচনা কৰি ভাষা-সাহিত্যৰ প্ৰতি অৱদান আগবঢ়োৱা এইগৰাকী মহান সাহিত্যিক আছিল ১৯১৭ চনত শিৱসাগৰত বহা অসম সাহিত্য সভাৰ প্ৰথমজন সভাপতি ।

তেখেতৰ ৰচিত গ্ৰন্থ সমূহ :

লাহৰী
গাওঁবুঢ়া (নাটক)
লীলা (কবিতা পুথি)
জয়মতী (নাটক)
জুৰণি (কবিতা)
গদাধৰ (নাটক)
ভানুমতী (উপন্যাস)
টেটোন তামুলী (নাটক)
সাধনী (নাটক)
লাচিত বৰফুকন (নাটক)
ভূত নে ভ্ৰম
শ্ৰীকৃষ্ণ (১ম খণ্ড)
শ্ৰীকৃষ্ণ (২ য় খণ্ড)
বাণ ৰজা (নাটক)
গীতাসাৰ
শ্ৰীকৃষ্ণ (অন্ত লীলা)
ফুলৰ চানেকি (কবিতা)
মোৰ সোঁৱৰণী (আত্মজীৱনী)
পাঠ্য পুথি :
আদি শিক্ষা (আদি, মাজ আৰু শেষ ছোৱা)
মহাৰাণী (ভিক্টোৰীয়া চৰিত)
নীতি শিক্ষা (আদি, মাজ আৰু শেষ ছোৱা)
সাহিত্য সংগ্ৰহ (সপ্তম, অষ্টম শ্ৰেণীৰ বাবে পাণীন্দ্ৰ নাথ গগৈৰ সতে যুটীয়া ভাবে সম্পাদিত । )
ভূগোল দৰ্পণ
বুৰঞ্জী বোধ
অসমৰ বুৰঞ্জী
জীৱনী সংগ্ৰহ
দেশী কছৰত (ব্যামৰ)
অসমীয়া শিক্ষা বিধি ( শিক্ষকৰ হাতপুথি)
হিন্দু বুৰঞ্জী বা ভাৰতবর্ষৰ চমু বুৰঞ্জী ।
এইগৰাকী সাহিত্যিকক পুনৰ শ্ৰদ্ধাৰে🙏

এই লেখাৰ বাবে তথ্য আহৰণ কৰা হৈছে শ্ৰী গজেন্দ্ৰনাথ গোস্বামী দেৱৰ " পদ্মনাথ গোহাঞিবৰুৱা " নামৰ গ্ৰন্থখনৰ পৰা । লেখক গৰাকীক আমি কৃতজ্ঞতা জনাইছো । 🥀
🎤
ফেচবুকত আমাৰ ঠিকনা 📬
https://www.facebook.com/groups/372830512757409/
                    ফেচবুক জ্ঞান সম্ভাৰ
🔘🔹🔹🔹🔹🔹🔹🔴💠🔴🔹🔹🔹🔹🔹🔹🔘

ডাউনলোদ কৰি ৰাখক, কামত আহিব পাৰে !





ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ সৃষ্টি সম্ভাৰ ✍

(টেটৰ বাবে কপি)

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ সৃষ্টি সম্ভাৰ
▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬

        এগৰাকী চিৰনমস্য অসমীয়া ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা ।
জন্ম : ১৯০৩ চনৰ ১৭ জুন, বুধবাৰ,( ডিব্ৰুগড়ৰ তামোলবাৰী চাহ বাগিছাত)
মৃত্যু : ১৯৫১ চনৰ ১৭ জানুৱাৰী, বুধবাৰ । 
ককাকৰ নাম : হৰিবিলাস আগৰৱালা (কীৰ্তন পুথিক প্ৰথম ছপা কৰা ব্যক্তি ),
বৰদেউতাক : চন্দ্ৰকুমাৰ আগৰৱালা (জোনাকী    আলোচনীৰ প্ৰতিষ্ঠাপক সম্পাদক ),
পিতৃৰ নাম : পৰমানন্দ আগৰৱালা,
মাতৃৰ নাম : কিৰণময়ী আগৰৱালা,
পত্নীৰ নাম : দেবযানী ভূঞা (বিবাহ ১৯৩৬ চনত) ।
সন্তান : সাত গৰাকী ( দুজন ল’ৰা, পাঁচ গৰাকী কন্যা )
               ল’ৰা : চিন্ময় আৰু বিশ্বেন্দু আগৰৱালা,
               ছোৱালী : জয়শ্ৰী, জ্ঞানশ্ৰী, সত্যশ্ৰী, হেমশ্ৰী আৰু মনশ্ৰী আগৰৱালা ।

☼সৃষ্টি কৰ্ম☼

নাটক : মুঠ ৯ খন ।
      প্ৰথম নাটক শোণিত কুঁৱৰী (১৯১৭-১৮ চনত), 
      কাৰেঙৰ লিগিৰী, ৰূপালীম, লভিতা, 
      নিমাতী কইনা (নাটিকা),
      সোণ পখিলী (অসম্পূৰ্ণ ), কনকলতা (অসম্পূৰ্ণ), সুন্দৰ কোঁৱৰ (অসম্পূৰ্ণ) ।

কবিতা :  লুইত পাৰৰ অগ্নিসুৰ (• একমাত্ৰ কাব্য সংকলন )
গীত   :  মৃত্যুৰ সময়লৈকে প্ৰায় ৭০০ গীত ৰচনা কৰিলেও ৩৫৯ টা গীত বৰ্তমানলৈকে পোৱা যায় । এই 
        ৩৫৯ টা গীতৰে ৪৯ টা গীত নাটকৰ বাবে ৰচনা কৰা ।
        শোণীত কুঁৱৰী নাটকত : ১৩ টা গীত, কাৰেঙৰ লিগিৰীত : ৭ টা গীত,
        নিমাতী কইনাত : ৯ টা গীত, ৰূপালীমত : ৪ টা গীত আৰু লভিতাত : ৯ টা গীত ।
কথাছবি : জয়মতী (কথাছবি খনৰ বিষয়ে অধিক জানিবৰ বাবে চাওক ফেচবুক জ্ঞান সম্ভাৰত আমাৰ বিশেষ লেখা জ্যোতি ককাইদেউৰ জয়মতী তলৰ এই ঠিকনাত : https://www.facebook.com/photo.php?fbid=1204838162946369&set=g.372830512757409&type=1&theater )
দ্বিতীয় অসমীয়া কথাছবি : ইন্দ্ৰমালতী (কথাছবি খনত ব্যয় হৈছিল মাত্ৰ পোন্ধৰ হাজাৰ টকা ।)
এইগৰাকী মহান অসমীয়ালৈ ফেচবুক জ্ঞান সম্ভাৰ পৰিয়ালে জনাইছো শ্ৰদ্ধাৰ্ঘ্য ………….

                                ◄ সেৱাৰে
                           ফেচবুক জ্ঞান সম্ভাৰ
             https://www.facebook.com/groups/372830512757409/  

*তথ্য সংগ্ৰহ কৰা হৈছে :
১/  গুৱাহাটী বিশ্ববিদ্যালয়ৰ দূৰ আৰু মুক্ত শিক্ষা প্ৰতিষ্ঠানে অসমীয়া স্নাতকোত্তৰ পাঠ্যক্ৰমৰ দ্বাদশ কাকতৰ বাবে প্ৰস্তূত কৰা “বিশেষ লিখকৰ নিৰ্বাচিত ৰচনাৰ পৰা ।
২/ দিলীপ কুমাৰ বৰুৱাৰ “অকণিৰ শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা” । -----নামৰ গ্ৰন্থ দুখনৰ পৰা ।

                    ◀🔸🔸🔹💠🔹🔸🔸▶

নতুন লেখা / ছবি

গ্ৰীষ্মৰ আতঙ্ক

ইমান অত্যাচাৰ ! নষ্টজোৱা, হতশ্ৰীহোৱাবোৰৰ পৰা সঁ‌চাই শান্তি নোহোৱা হৈছেগে । নাপায়, ইমান অত্যাচাৰী  হ'বগে নালাগে । যিহে অত্যাচাৰ হৈছে, যি ...