প্ৰথমখন ঐতিহাসিক সাম্ৰাজ্য আৰু এটি ৰাজবংশ


ভাৰত বুৰঞ্জীৰ প্ৰথমখন ঐতিহাসিক সাম্ৰাজ্য আৰু প্ৰথমজন ঐতিহাসিক সম্ৰাট । উত্তৰৰ মহাজনপদসমূহৰ পতনৰ পাছত ঘটা ৰাজনৈতিক অস্থিৰতাৰ সময়ত নন্দ বংশৰ শেষজন ৰজা ধনান্দক পৰাস্ত কৰি মগধত তেওঁ প্ৰতিষ্ঠা কৰিছিল এটি ৰাজবংশ । ৩২১* খ্ৰীষ্টপূৰ্বতে প্ৰতিষ্ঠা কৰা এই ৰাজবংশটোৱে পাছলৈ সমগ্ৰ ভাৰততে বিশাল সাম্ৰাজ্য গঢ়ি তুলিছিল । তেনেই এটি সাধাৰণ পৰিয়ালৰ পৰা আহি এগৰাকী সু-চতুৰ তথা সুদক্ষ ব্ৰাহ্মণ পণ্ডিতৰ সহযোগত আৰু নিজ বিচক্ষণতাৰ বলত পাছলৈ বিশাল ভাৰতৰ বিশালতাৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল তেওঁ আৰু সেইজন ব্ৰাহ্মণ, যিজন সৰ্ব যুগৰ সৰ্বশ্ৰেষ্ঠ ৰাজনীতিজ্ঞ তেওঁ হৈ পৰিছিল সম্ৰাটৰ প্ৰধান পৰামৰ্শদাতা ।
ফেচবুক জ্ঞান সম্ভাৰৰ শ্ৰদ্ধাৰ পাঠকবৃন্দ, নিশ্চয়ে ধৰিব পাৰিছে আজি কাৰ কথা উল্লেখ কৰিব গৈ আছো । আজি লৈ আহিছো বুৰঞ্জীৰ সেই বংশটোৰ কথা যি বংশত অশোকৰ দৰে মহান ৰাজনৰ জন্ম হৈছিল ।
হয়, মৌৰ্য বংশ ।
৩২১ খ্ৰীষ্টপূৰ্বত মগধত চন্দ্ৰগুপ্ত মৌৰ্য নামে এজন সুযোগ্য যুৱকে প্ৰতিষ্ঠা কৰিছিল ভাৰতৰ ৰাজনৈতিক ইতিহাসত প্ৰথমখন সাম্ৰাজ্যৰ । এওঁৰ মাতৃৰ নাম আছিল "মুৰা" আৰু মাতৃৰ নামৰে এই ৰাজবংশই "মৌৰ্য" বংশ নামৰে পৰিচিত হৈ পৰিল বুলি ভবা হয় । অৱশ্যে, বহু পণ্ডিতে এইটোও ক'ব বিচাৰে যে এওঁৰ পূৰ্ব-পুৰুষ সকলে মৌৰা চৰাই পালন কৰিছিল আৰু সেই সূত্ৰে "মৌৰ্য" শব্দৰ সৃষ্টি হয় ।

‌     প্ৰথমে মগধত আৰম্ভ কৰি চন্দ্ৰগুপ্ত মৌৰ্যই নিজ দেশক ভাৰতৰ বিভিন্ন ঠাইলৈ সম্প্ৰসাৰণ ঘটাই সু-বিশাল ভাৰত ভূমিত এখন বিশাল সাম্ৰাজ্যৰ সৃষ্টি কৰিছিল । সিমানেই নহয়, গ্ৰীচৰ অধীনত থকা কাবুল, কান্দাহাৰ, হীৰাট, বেলুচিস্তান আদি ঠাইবোৰো নিজৰ দখললৈ আনিছিল । মাত্ৰ বিছ বছৰ বয়সতে আলেকজেণ্ডাৰৰ সেনাপতি তথা মেচেড'নিয়াৰ সম্ৰাট চেলুকচক যুদ্ধত পৰাস্ত কৰি সমগ্ৰ দক্ষিণ এছিয়া নিজ দখললৈ আনিবলৈ সক্ষম হোৱা চন্দ্ৰগুপ্তই চেলুকচক হৰুৱাই তেওঁৰ জীয়েকক বিয়া কৰে আৰু বৈবাহিক সূত্ৰৰে তেওঁলোকৰ সতে মৈত্ৰেয়ী নীতি পালন কৰি পশ্চিমীয়া দেশৰ সতে বাণিজ্যিক সম্পৰ্কও গঢ়ি তোলাৰ লগতে নিজৰ ৰাজনৈতিক বিচক্ষণতাও ডাঙি ধৰিছিল  ।

‌সেই সময়তে গ্ৰীচ দেশৰ পৰিভ্ৰমণকাৰী মেগাস্থেনিচ ভাৰতলৈ আহি মৌৰ্য ৰাজসভা অলংকৃত কৰিছিল আৰু "ইণ্ডিকা" নামৰ গ্ৰন্থৰ ৰচনাৰে তেখেতে সেই যুগৰ অৰ্থ-সামাজিক, ৰাজনৈতিক, সাংস্কৃিতক বিষয়বস্তুক আলোকপাত কৰিছিল ।
 ‌

এখন বিশাল সাম্ৰাজ্য পৰিচালনাৰ বাবে চন্দ্ৰগুপ্ত মৌৰ্যই তেওঁৰ সাম্ৰাজ্যক চাৰিখন প্ৰদেশত ভাগ কৰি প্ৰতিখন প্ৰদেশকে একোজনকৈ ৰাজপ্ৰতিনিধিৰে পৰিচালনা কৰিছিল । প্ৰদেশবোৰক আকৌ জিলাত ভাগ কৰা হৈছিল । পথ নিৰ্মাণ, হ্ৰদ আৰু জলাশয় খন্দাই কৃষিৰ বাবে জলসিঞ্চনৰ ব্যৱস্থা কৰা হৈছিল । গুজৰাট ৰাজ্যত থকা "সুদৰ্শন হ্ৰদ" ইয়াৰ উদাহৰণ ।
       চন্দ্ৰগুপ্ত মৌৰ্য ভাৰতৰ কেৱল এজন সম্ৰাটেই নাছিল তেওঁ আছিল দেশখনক সু-সংগঠিত কৰা এগৰাকী মহান সু-সংগঠক । তেওঁৰ সফলতাৰ প্ৰায়বোৰ দিশতে আছিল এগৰাকী শ্ৰেষ্ঠ পণ্ডিত ব্ৰাহ্মণ । ৰাজনীতি, সমাজনীতি, কুটনীতিত সিদ্ধহস্ত এই পণ্ডিগৰাকী ভাৰতীয় ৰাজনৈতিক ইতিহাসত আন এক কাৰণত বিশেষভাবে উল্লেখযোগ্য । ভাৰত বুৰঞ্জীত "চানক্য" বা "বিষ্ণুগুপ্ত" নামেৰে পৰিচিত পণ্ডিতজনে বিশ্বৰ ইতিহাত পোন প্ৰথমবাৰ পদ্ধতিগতভাবে ৰাজনীতি বিজ্ঞান বিষয়ক প্ৰথমখন গ্ৰন্থ "অৰ্থশাস্ত্ৰ" লিখি উলিয়াইছিল । এইখিনিতে কৈ যোৱা ভাল, চানক্যৰ আগতো ভাৰততে ভৰদ্বাজ, পৰাশৰ আদি মুণি সকলে ৰাজনীতি বিজ্ঞানৰ গ্ৰন্থ লিখিবলৈ চেষ্টা কৰিছিল যদিও সেয়া পদ্ধতিগত নাছিল ।

   জৈন ধৰ্মৰ মতে চন্দ্ৰগুপ্ত মৌৰ্যই মাত্ৰ ৪২ বছৰ বয়সতে নিজ পুত্ৰ বিন্দুসাৰক ৰাজকাৰ্য অৰ্পণ কৰি জৈন ধৰ্ম গ্ৰহণ কৰে ।
চন্দ্ৰগুপ্তৰ পাছত তেওঁৰ পুত্ৰ বিন্দুসাৰ মৌৰ্য বংশৰ ৰজা হয় । বিন্দুসাৰৰ পাছত তেওঁৰ পুত্ৰ মহামতি অশোক মৌৰ্য বংশৰ ৰাজপাটত আৰোহণ কৰে । অনুমানিক খ্ৰীষ্টপূৰ্ব ২৭৩-২৩২ ৰ ভিতৰত মৌৰ্য সাম্ৰাজ্যৰ সম্ৰাট হোৱা অশোক হৈছে চন্দ্ৰগুপ্ত মৌৰ্যৰ পাছত উল্লেখযোগ্য সম্ৰাট । ৰাজপাটত উঠিয়েই সাম্ৰাজ্য বিস্তাৰত গুৰত্ব দিয়া অশোকে কলিংগ ৰাজ্য আক্ৰমণৰ সময়ত  নিৰিহৰ তেজে ধোৱা মাটি দেখি অনুতপ্ত হয় আৰু উপগুপ্ত নামে এজন বৌদ্ধ সন্ন্যাসীৰ ওচৰত বৌদ্ধ ধৰ্ম গ্ৰহণ কৰি ওৰেটো জীৱন ৰজা হৈয়ো সন্ন্যাসীৰ দৰে জীৱন-যাপন কৰে । বৌদ্ধ ধৰ্মক প্ৰচাৰৰ বাবে "ধৰ্ম মহামাত্ৰ" নামৰ একশ্ৰেণীৰ বিষয়া নিয়োগ কৰাৰ লগতে নিজ পুত্ৰ মহেন্দ্ৰ আৰু কন্যা সংহমিত্ৰাকো ধৰ্ম প্ৰচাৰৰ বাবে সিংহল দ্বীপলৈ পঠিয়াই ।
ভাৰতৰ বহু ঠাইত বৌদ্ধ মঠ, স্তুপ, আৰু স্তম্ভ নিৰ্মাণ কৰোৱাৰ লগতে প্ৰজাৰ সুবিধাৰ বাবে ৰাস্তা, পুখুৰী, জিৰণী ঘৰ আদি নিৰ্মাণ কৰিছিল ।
প্ৰজাহিতকৰ মনোভাবৰ সম্ৰাট অশোক আছিল আধুনিক ভাৰতৰ কল্যাণকামী ৰাষ্ট্ৰৰ পথ প্ৰৱৰ্তক ।
অশোকৰ পাছত মৌৰ্য সাম্ৰাজ্যত ক্ৰমে "দশৰথ" "সম্প্ৰতি" "শালিশুক" "দেৱবৰ্মন" "শতধনৱান" আৰু "বৃহদ্ৰথ" নামৰ বংশধৰ কেইজনে কম সময়ৰ বাবে ৰাজত্ব কৰিছিল । সম্ৰাট  অশোকৰ পাছত এই সাম্ৰাজ্য  দুৰ্বল হৈ পৰে আৰু ১৮৫ খ্ৰীষ্টপূৰ্বত বৃহদ্ৰথক হত্যা কৰাৰ লগে-লগে ভাৰত বুৰঞ্জীত মৌৰ্য যুগৰ যৱনিকা পেলাই বৃহদ্ৰথৰ প্ৰধান সেনাপতি পুষ্যমিত্ৰ শুংগই "শুংগ ৰাজবংশ"-ৰ প্ৰতিষ্ঠা কৰে ।

* ষষ্ঠ শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ নং ১৬ ত এই চন আনুমানিক ৩২৪ খ্ৰীষ্টপূৰ্ব বুলি আছে ।

                                          ধন্যবাদ 🙏
আমাৰ ফেচবুক ঠিকনা 📬
https://www.facebook.com/groups/372830512757409/

আমাৰ📧 facebookgyansambhar@gmail.com
                  🔅ফেচবুক জ্ঞান সম্ভাৰ 🔅
                  ◀🔸🔸🔸🔴🔹🔹🔹▶

Comments