আছে-আছে, খাটাং আছে ।
এই নামৰ ছোৱালী অসমৰ প্ৰতিখন গাঁৱে-ভূঞে এজনী হ'লেও আছেই । হেঃ, নাথাকিবনো কিয়, সকলোৱে মুখলৈকে চাই ।
আহিব....আহিব...আহি....
এই নামৰ ছোৱালী অসমৰ প্ৰতিখন গাঁৱে-ভূঞে এজনী হ'লেও আছেই । হেঃ, নাথাকিবনো কিয়, সকলোৱে মুখলৈকে চাই ।
আহিব....আহিব...আহি....
গতিকে একেবাৰে জনপ্ৰিয় নাম বুজিছে । বছৰটোৰ ভাতমুঠিৰ প্ৰধান উৎস কৃষিৰ বাবে অতিকে গুৰুত্বপূৰ্ণ হোৱাত এই "মৌছুমী" নামটো সকলোৰে দেখোন মুখে-মুখে । সেয়ে ভাবিলো, অলপ মৌছুমীৰ কথাকে কওঁ !
নাই-নাই-নাই-নাই-নাই দেই, তেনে নাভাবিবই ।
কোনো ছোৱালীৰ কথা ইয়াত ক'বলৈ ওলোৱা নাই । মই ক'বলে গৈছো আমাৰ কৃষি ভিত্তিক দেশ ভাৰতবৰ্ষত বলা এবিধ অতি গুৰুত্বপূৰ্ণ বায়ু "মৌছুমী"-ৰ কথা ।
শব্দগত দিশৰে ইয়াৰ অৰ্থ "বতৰ" । মোৰ মনত পৰাত আগতে ক'ৰবাত আৰবী ভাষাৰ পৰা এই শব্দটো অহা বুলি পঢ়িছিলো যেন লাগিল যদিও লিখাৰ সময়ত সংশয় আঁতৰাবলৈ নেটত বিচাৰি চাওঁতে আৰবী নহয় সংস্কৃত ভাষাৰ পৰাহে আহিছে বুলি পোৱাত এতিয়া সেয়ে একো নামাতো কাৰণ, প্ৰমাণৰ বাবে কিতাপৰ ভাণ্ডাৰটো থাকিল ঘৰত ।

যি কি নহওঁক, ভাৰতৰ জলবায়ু আৰু তাৰ লগে-লগে কৃষি কৰ্মত এক গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলোৱা মৌছুমী বতাহৰ কথাকে ফেচবুক জ্ঞান সম্ভাৰৰ মজিয়াত আজি আগবঢ়াম । আগন্তুক টেটৰ প্ৰস্তুতিত আপোনাৰ সহায়ো হ'ব পাৰে ।
ভাৰত দুই ধৰণৰ মৌছুমী বতাহ প্ৰবাহিত হয় ।
এবিধ গ্ৰীষ্ম কালৰ আৰু আনবিধ শীতকালৰ ।
গ্ৰীষ্মকালত প্ৰবাহিত হোৱা মৌছুমী বতাহবিধক "দক্ষিণ-পশ্চিম মৌছুমী বতাহ" নামেৰে আৰু শীতকালত প্ৰবাহিত হোৱা বিধক "উত্তৰ-পূব মৌচুমী বতাহ" নামেৰে জনা যায় । উৎপত্তি স্থলৰ দিশৰ ভিত্তিতে দুই বিধ বতাহৰে এই দুই নামৰে পৰিচিত ।

ফেচবুক জ্ঞান সম্ভাৰৰ শ্ৰদ্ধাৰ পাঠক সকল, আমি জানো উত্তৰ গোলাৰ্ধৰ ২৩°৩০´ অক্ষৰেখা অৰ্থাৎ বিখ্যাত কৰ্কটক্ৰান্তি ৰেখা আমাৰ দেশৰ প্ৰায় সোঁ মাজেৰে পাৰ হৈ গৈছে ফলত, গ্ৰীষ্ম কালত এই ৰেখাৰ ওপৰত সূৰ্যৰ পোহৰ যেতিয়া লম্বভাৱে পৰে তেতিয়া তাৰ বায়ু গৰম হৈ নিম্নচাপৰ সৃষ্টি কৰে আৰু তেতিয়া জলীয়বাষ্পযুক্ত বায়ু ভাৰত মহাসাগৰৰ পৰা দুটা সোঁতৰে প্ৰবাহ আমাৰ দেশলৈ ঘটে । প্ৰথম সোঁতটো অন্ধ্ৰপ্ৰদেশ, উৰিষ্যা, পশ্চিমবঙ্গত আৰু অানটো বাংলাদেশ হৈ অসমত প্ৰৱেশ কৰে ফলত এই ঠাই বিলাকত প্ৰচুৰ বৰষুণ হয় ।
আকৌ, দ্বিতীয় বিধ মৌছুমী বায়ু আহে শীত কালত । ইয়াৰ উৎপত্তি ৰহস্য আকৌ অলপ বেলেগ । যেতিয়া ভাৰতত শীত কাল হয় তেতিয়া সূৰ্য থাকে দক্ষিণ গোলাৰ্ধৰ মকৰক্ৰান্তিৰ ওপৰত আৰু তাত বায়ু গৰম কৰি নিম্ন চাপৰ সৃষ্টি কৰে । ইফালে বিষুব ৰেখাৰ উত্তৰত সূৰ্যৰ ৰশ্মী হেলনীয়া হৈ উচ্চ চাপৰ সৃষ্টি হয় । ফলত উচ্চ চাপৰ বায়ু নিম্ন চাপৰ অঞ্চললৈ গতি কৰিব ধৰে । সেয়ে ছাইবেৰীয়া আদি ঠাইৰপৰা বায়ু হিমালয় পৰ্বতৰ ওপৰদি ভাৰত হৈ বংগোপসাগৰৰ ওপৰৰে অতিক্ৰম কৰে । ভাৰতত এই বতাহ শুকান আৰু সেমেকা যদিও বংগোপসাগৰ পোৱাৰ লগে-লগে এই বতাহত প্ৰচুৰ জলীয় ভাপ মিহলি হয় ।
মৌছুমী বায়ুৱে অতিজৰেপৰা ভাৰতত কৃষিৰ ক্ষেত্ৰখনক অধিক সেউজ ভূমিকা লৈ আহিছে । অকল কৃষিৰ দিশতেই নহয় অন্যান্য উদ্ভিদৰ কাৰণেও এই বায়ু অধিক গুৰুত্বপূৰ্ণ । ভাৰতীয় উদ্ভিদৰ ছটা ভাগৰ🔸 ভিতৰতো এটি ভাগৰ নাম মৌছুমীয় উদ্ভিদ । এই মৌছুমীয় উদ্ভিদেই অধিকাংশৰ ওচৰত "ক্ৰান্তিয় পৰ্ণপাতী উদ্ভিদ" নামে বেছি পৰিচিত ।
আজিলৈ বাৰু ইমানেই দেই ।
পুনৰ লগপোৱাৰ আশাৰে.........
আজিলৈ বাৰু ইমানেই দেই ।
পুনৰ লগপোৱাৰ আশাৰে.........
শুভৰাত্ৰি 🐈 🐀
🔸ভাৰতত উদ্ভিদৰ ছটা ভাগ :
🔸ভাৰতত উদ্ভিদৰ ছটা ভাগ :
১/ চিৰসেউজ উদ্ভিদ ২/ মৌচুমীয় উদ্ভিদ ৩/ তৃণজাতীয় উদ্ভিদ ৪/ কাঁইটীয়া মৰুজ উদ্ভিদ ৫/ ব-দ্বীপীয় উদ্ভিদ ৬/ পাৰ্বত্য উদ্ভিদ
☼ আমাৰ ফেচবুক ঠিকনা 📬
✉ https://www.facebook.com/groups/372830512757409/
☼ আমাৰ ফেচবুক ঠিকনা 📬
✉ https://www.facebook.com/groups/372830512757409/
আমাৰ📧 facebookgyansambhar@gmail.com
🔅ফেচবুক জ্ঞান সম্ভাৰ 🔅
◀🔸🔸🔸🔴🔹🔹🔹▶
🔅ফেচবুক জ্ঞান সম্ভাৰ 🔅
◀🔸🔸🔸🔴🔹🔹🔹▶
No comments:
Post a Comment