মাজনী লৈ আহিছো কেমেৰা 📷 ........

একেটা ভুলেই কেবাবাৰো হৈছে ।
সেয়ে আজিকালি তেনেকুৱা দেখিলে গম পায়েই যাওঁ । মনতে ভাবো, “ অ’ কেছটো মানে নগেন ।”
মোৰ বোধেৰে আপোনালোকৰো চাগে দেখিলে তেনেকুৱাই লাগিব !
নালাগিবনে …….. !!!
কথা নাই বতৰা নাই নিজান ঠাইত যেতিয়া এটা ল’ৰাই যতিন বৰাই চিনেমাত হাত দুখন মেলি পজ দিয়াদি দি অকলে ৰৈ থাকিব আৰু তেনেকুৱাতে হঠাৎ যদি আপুনি দেখা পাই কি বুলি ভাবিব বাৰু?
     দৃশ্যটো আজিকালি একেবাৰে সুলভ হৈ পৰিছে । পথাৰ, দলং, বাইপাছ আদিত এনেকৈ পজ দি ৰৈ থকা ল’ৰা আপুনি প্ৰায়ে দেখিব । উৎসুকতাবসতঃ আপুনি যদি ভালকৈ মন কৰে দেখিব তাৰ অলপ দূৰত আৰু এটা । হাতত এটা ডি.এছ.এল.আৰ. কেমেৰা ।
     কেমেৰাৰে সৃষ্টিশীল প্ৰতিভাক সুন্দৰকৈ ধৰি ৰাখিবৰ বাবে বা বাণিজ্যিক কামত উন্নত মানৰ কেমেৰা আৰু ব্যক্তিগত ফটোৰ বাবে সৰু কেমেৰাৰ প্ৰয়োজন বুলি মোৰ এটা ভুল ধাৰণা আছিল ; মনৰ চুকত অৱশ্যে আজিও আছে ।
কিন্তু আজিৰ তাৰিখত দেখিছো কথাটো সঁচাই নগেন । বিলাসিতাৰ বাবে বহুতকে লাগে উন্নতমানৰ এটা কেমেৰা, ডি.এছ.এল.আৰ. ।
এটা দামী ম’বাইল, এখন দামী বাইক আৰু এটা ডি.এছ.এল.আৰ. ।
বাঃ……………….. !!
সকলোকে নালাগিলেও বহুতকে লাগে । অৱশ্যে, তেওঁলোকৰ মাজতো ভাগ আৰু পাৰ্থক্য আছে । মই কেতিয়াও নকও বেয়া বুলি । ক’ব বিচাৰিছো প্ৰয়োজনীয়তাৰ কথা ।
কিছুমানক বিলাসিতাৰ বাবে, কিছুমানক লাগে ফটোগ্ৰাফীক ভাল পোৱাৰ বাবে, তাতে কোনোবাক আকৌ বাণিজ্যিক প্ৰয়োজনত ইত্যাদি । তাৰ মাজৰে মাত্ৰ কেইজনমানে ইয়াৰ সুন্দৰ প্ৰয়োগো কৰিছে য’ত আছে সম্ভাৱনা আৰু সৃষ্টিৰ এক মিঠা মাদকতা ; এইটো বৰ সুন্দৰ কথা । এনে সুন্দৰৰ পাছত দৌৰিবলৈকে নিজেও  দশক ধৰি বাজেট প্ৰায় মিলায়েই আছো  ।
     কিছুমানৰ আকৌ কথা শুনিলে আচৰিত হ’ব, হাতত ডি.এছ.এল.আৰ. লৈ ফুৰে অথচ ডি.এছ.এল.আৰ.-ৰ পূৰ্ণ পাঠ কি সুধিলে কব নোৱাৰে । কেমেৰাৰ বিষয়ে জনাটো দুৰৰেই কথা ।
তথাপি বাৰু ভাবিব পাৰি, লগৰ ল’ৰাক দেখিয়েই চখতে এটা ল'লে আৰু !
কিন্তু দুৰ্ভাগ্য এইখিনিতহে যে, এওঁলোকৰ বহুতে জানিবলৈ ইচ্ছাও নকৰে ।
আজি ১৯ আগষ্ট, বিশ্ব ফটোগ্ৰাফী দিৱস
সেই সূত্ৰে কেমেৰাৰ বিষয়ে কেইটামান প্ৰাথমিক তথ্য লৈ আহিছো । যদিওবা বহুতো কথা জানিবলগীয়া আছে, কিন্তু মোৰ নিজৰে সীমিত জ্ঞানৰ পৰিধি আৰু লিখিবৰ বাবে কেইবাখনো কিতাপ থকাৰ পাছতো মাত্ৰ কম সময়ৰ বাবে এই লেখা খুব চমুকৈ সমাপ্ত কৰিব লাগিব ।
প্ৰাৰাম্ভতে কৈ থওঁ, এই লেখাটোৰ বাবে মই তথ্য সংগ্ৰহ কৰিছো নগাঁৱৰ এগৰাকী সু-ফটোগ্ৰাফাৰ তথা ফটোগ্ৰাফী প্ৰশিক্ষক শ্ৰীযুত নৃপেন শইকীয়া ডাঙৰীয়াৰ ◄অসমীয়াত ফটোগ্ৰাফী► নামৰ কিতাপখনৰ পৰা ।
তেখেতলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি আৰম্ভ কৰিছো কেমেৰা বিষয়ক দুটিমান তথ্যৰে এটি চুটি লেখা
                

                    “মাজনী লৈ আহিছো কেমেৰা”
                      ▬▬▬▬▬▬▬▬▬▬▬▬
           
            আজি বিশ্ব ফটোগ্ৰাফী দিৱস । আলোকচিত্ৰৰ জগতত ঘটা এটি ঘটনাৰ আধাৰত এই দিৱসটো প্ৰতি বছৰে ১৯ আগষ্ট তাৰিখে পালন কৰি অহা হৈছে । কিন্তু বেছি পাতনি মেলি কওঁ বুলি ৰাইজে কয় বাবে আজি মূল বিষয়লৈকে আহিছো ।অৱশ্যে মোক কথা বহলোৱাৰ বাবে গালি পাৰিলেও ক'মেই যে “ফটোগ্ৰাফী” শব্দটো গ্ৰীক ভাষাৰ দুটা শব্দ “ফট’জ” আৰু “গ্ৰাফী”-ৰ পৰা অহা । ফট’জ মানে পোহৰ আৰু গ্ৰাফী শব্দটোৱে অঁকা বুজাই । অৰ্থাৎ পোহৰৰ অংকনেই হৈছে “ফটো” । আৰু “ফটোগ্ৰাফী” বুলিলেটো মনলে আহে “কেমেৰা”-টোৰ কথা ।
     কেমেৰাৰ মূলতঃ দুটা অংশ থাকে । এটা বডী আৰু আনটো লেন্স ।
এই লেন্সৰ মাধ্যমত ছাঁ পোহৰৰ খেলত কেমেৰৰাৰ ভিতৰত সৃষ্টি হয় আলোকচিত্ৰ । পোহৰ ফটোগ্ৰাফীৰ প্ৰধান বিষয় । এজন ভাল ফটোগ্ৰাফাৰ হবলৈ লাগিব পোহৰ বিষয়ক নিখুঁত জ্ঞান । অ’ ফেচবুক জ্ঞান সম্ভাৰৰ মাননীয় সদস্য সকল, যি সকল কেমেৰাৰ সতে বিশেষ সম্পৰ্ক নাই তেখেতসকলেও কেতিয়াবা ফটোগ্ৰাফাৰ সকলে “এক্সপ’জাৰ” শব্দটো কোৱা শুনিছেই চাগে !ফটোগ্ৰাফীৰ ভাষাত ছাঁ-পোহৰৰ গোটেই ধাৰণাটোক “এক্সপ’জাৰ” বুলি কোৱা হয় ।
“এক্সপ’জাৰ”-ৰ সতে তিনিটা দিশ জড়িত হৈ আছে ↓
১) এপাৰচাৰ (Aperture)
২) চাটাৰস্পীড (Shutterspeed)
৩) আই. এচ. অ’. (ISO.)

এপাৰচাৰ (Aperture) : কেমেৰাৰ লেন্সখনত এটা ফুটা থাকে । ইয়াৰ মাজেৰে বাহিৰৰ পোহৰ কেমেৰাটোৰ ভিতৰত প্ৰৱেশ কৰে । সহজ ভাষাত সেইটোৱেই হৈছে এপাৰচাৰ (Aperture)যি কেমেৰাটোৰ ভিতৰলৈ প্ৰৱেশ কৰা বাহিৰৰ পোহৰক নিয়ন্ত্ৰিত কৰে । কেমেৰাটোত এপাৰচাৰ (Aperture) বঢ়াবলৈ বা কমাবলৈ ব্যৱস্থা থাকে । বেছি পোহৰত লেন্সৰ ফোটাটো কমাই বা সৰু কৰি লোৱা হয় আৰু কম পোহৰত লেন্সৰ ফুটাটো বঢ়াই বা ডাঙৰ কৰি লোৱা হয় । এপাৰচাৰ (Aperture)-ক ইংৰাজীৰ f বৰ্ণটোৰে বুজোৱা যায় । যেতিয়া পোহৰ বেছিলৈ থাকে তেতিয়া এপাৰচাৰ (Aperture)কমাই আৰু যেতিয়া পোহৰ কমকৈ থাকিব তেতিয়া এপাৰচাৰৰ পৰিমাণ বঢ়াই লোৱা হয় ।এপাৰচাৰৰ পৰিমাণ বুজাবলৈ f-ৰ পাছত নিৰ্দিষ্ট সংখ্যাটো লিখি প্ৰকাশ কৰা হয় যেনে, f/1.2, f/2, f/2.8, f/4, f/5.6, f/8, f/11, f/16 ।

 চাটাৰস্পীড (Shutterspeed) : চাটাৰস্পীড (Shutterspeed) বা এক্সপ’জাৰটাইম কেমেৰাটোত থকা এক অতি গুৰুত্বপূৰ্ণ কথা । 
এটা কেমেৰৰাৰ চেঞ্চৰৰ আগত এনে এখন পৰ্দা থাকে যি কেমেৰাটোৰ ভিতৰলৈ সোমাই যোৱা পোহৰক চেঞ্চৰত প্ৰতিবিম্বিত হবলৈ দাং খাই যায় আৰু চেঞ্চৰত পোহৰ গৈ পৰাৰ পাছত তাত আন পোহৰ নপৰিবৰ বাবে পুনৰ বন্ধ হৈ পৰে । এই পৰ্দাখনকে কোৱা হয় “চাটাৰ” (Shutter) আৰু কেমেৰাটোৰ যিটো বুটাম টিপিলে এই চাটাৰখন দাং খাই তাক কোৱা হয় “চাটাৰ বাট’ন” ।
এতিয়া কথা হ’ল পোহৰ কেমেৰাটোৰ চেন্সৰত পৰিবলৈ কিমান সময় খোলা থাকিব লাগিব সেইটোৱেই হৈছে 
চাটাৰস্পীড (Shutterspeed) ।

আই. এচ. অ’. (ISO.) : ফটোগ্ৰাফীত IMAGE SENSOR এক অটি গুৰুত্বপূৰ্ণ দিশ । ইয়াৰে আলোক-সংবেদনশীলতা বঢ়াব পাৰি । ISO. যিমানেই বাঢ়িব পোহৰৰ প্ৰতি কেমেৰাৰ চেঞ্চৰে বেছি সংবেদনশীল আৰু যিমানেই কমিব সিমানেই কম সংবেদনশীল হয় ।
ISO.-ক ISO.100, ISO.-200, ISO.400 ইত্যাদি সাংখ্যিক ৰূপৰে প্ৰকাশ কৰা হয় ।
আজিলৈ বাৰু বেছি নিলিখো । ফটোগ্ৰাফীৰ বিষয়ে জানিবলৈ বিভিন্ন কথা থাকিলেও ম’বাইলত পঢ়িবলৈ কিছু অসুবিধা। কেতিয়াবা এই বিষয়ে পুনৰ আলোচনা কৰাৰ আশা  হলে ৰাখিছো দেই ।
অ’ ৰ’ব, শেষত আমাৰ ই-ঠিকনাটোকে লিখি থৈ যাওঁ ।
আমাৰ ই-ঠিকনাটো হৈছে :



https://www.facebook.com/groups/372830512757409
                                            ☼ ধন্যবাদ
                                      ফেচবুক জ্ঞান সম্ভাৰ


       🔆🔆🔹🔹🔹🔹📸🔸🔹🔹🔹🔹🔆🔆

2 comments:

  1. সুন্দৰ!!!!!
    ফটোগ্ৰাফীত মোৰ পিছে দুৰ্বলতা নাই, যদিও লিখনিটো পঢ়ি অলপ হলেও উপকৃত হলো।
    ধন্যবাদ।

    ReplyDelete

নতুন লেখা / ছবি

গ্ৰীষ্মৰ আতঙ্ক

ইমান অত্যাচাৰ ! নষ্টজোৱা, হতশ্ৰীহোৱাবোৰৰ পৰা সঁ‌চাই শান্তি নোহোৱা হৈছেগে । নাপায়, ইমান অত্যাচাৰী  হ'বগে নালাগে । যিহে অত্যাচাৰ হৈছে, যি ...