📎
শ্ৰীশ্ৰী মাধৱদেৱে জীৱন বেলিৰ শেষ সময়ত ৰচনা কৰা ওৰেটো জীৱনৰ মহা সাধনাৰ অমৃত ফল ৰূপী গ্ৰন্থ ‘নামঘোষা’ । অসমীয়া সাহিত্য জগতত চিৰ জ্যোতিষ্মান, অনুপম কাব্য সাহিত্যৰ আকৰ তথা বৈষ্ণৱ ধৰ্মৰ চাৰিপুথিৰ অন্যতম ‘নামঘোষা’ মাধৱদেৱৰ জীৱনৰ শেষ ৰচনা য’ত, উদ্ভাসিত হয় মহাপুৰুষ গৰাকীৰ জীৱনৰ সাধনা আৰু আকুল ভক্ত হৃদয়ত জাগি উঠা ভগৱত প্ৰীতি ও গুৰু বন্দনা ।
‘নামঘোষা’ এখন ধৰ্মীয় গ্ৰন্থই নহয়, এখন বিশাল হৃদয়ৰ পৰা কাব্যলঙ্কাৰেৰে পুষ্ট হৈ সৃষ্টি হোৱা অসমীয়া সাহিত্যৰ এক অসাধাৰণ মনি ৰত্নও । মাধৱৰ ৰসময় ভকতিৰ প্ৰেম অমৃতৰ নদী, লগতে সমগ্ৰ জীৱনৰ আধ্যাত্মিক উপলব্ধি কেন্দ্ৰিভূত হৈ থকা তেখেতৰ জীৱনৰ কীৰ্তি-স্তম্ভ ।।
গুৰু বাক্যক ৰক্ষা কৰি লিখা হৈছিল ‘নামঘোষা’ ।চৰিত পুথিৰ মতে, কোচবিহাৰলৈ যোৱাৰ সময়ত মাধৱদেৱক উদ্দেশ্যি শঙ্কৰদেৱে কৈছিল, “বঢ়াৰ পো, সৰ্ব্বস পালন কৰিবা ; নাহো মানে ঘোষা নামে এখনি গ্ৰন্থ কৰিবা আমাৰ পাছত যেন ৰৌ-বৰালীৰ পৰা ডৰিকণালৈকে ৰয় যেনেকৈ । দহ হাজাৰ বৈকুণ্ঠৰ নাম দিবা ।’’
অৱশ্যে, ‘নামঘোষা’ৰ ৰচনা শঙ্কৰদেৱৰ তিৰোধানৰ বহু পাছহে সমাপ্ত হোৱা ।সাম্প্ৰদায়িক জটিলতাৰ তাগিদাত বৰপেটা সত্ৰ এৰি ভেলাডোৱাৰত (কোচবিহাৰ) সত্ৰ পাতি থাকোতে মাধৱদেৱে ১৫৯০-৯৬ চনত ‘নামঘোষা’ৰ কাম সম্পূৰ্ণ কৰে ।
এহেজাৰ ঘোষা বিভিন্ন ছন্দত অতি সুললিত ভাৱে ৰচনা কৰা বাবে ‘নামঘোষা’ক ‘হেজাৰি ঘোষা’ও বোলা হয় ।
মাধৱৰ নিৰগুণ ভকতি এই এহেজাৰ ঘোষাৰ মাজেৰে বৰ আকৰ্ষণীয় হৈ ফুটি উঠিছে ।
ড° বাণীকান্ত কাকতিৰ মতে – “নামঘোষাত প্ৰধানত তিনিটা ভাৱৰ ধাৰা মিহলি হৈ বিশাল আনন্দ সাগৰৰ ফালে প্ৰৱহমান হৈছে- পূণ্যশ্লোক শঙ্কৰস্মৃতি, মাধৱদেৱৰ আত্মলঘিমা আৰু কৃষ্ণভক্তিৰ মাহাত্ম্য ।”(ড° বাণীকান্ত কাকতিৰ পুৰণি অসমীয়া সাহিত্য/পৃ: ৬৬) ।
এই এহেজাৰ ভাগ ঘোষাৰ সাৰ মৰ্ম আকৌ গুৰুজনাই এভাগ ঘোষাৰ মাজতেই প্ৰকাশ কৰিছে-

‘মুক্তিত নিষ্পৃহ যিটো সেহি ভকতক নমো
ৰসময় মাগোহো ভকতি
সমস্ত মস্তক মনি নিজ ভকতৰ বশ্য
ভজো হেন দেৱ যদুপতি ।।’
ৰসময় মাগোহো ভকতি
সমস্ত মস্তক মনি নিজ ভকতৰ বশ্য
ভজো হেন দেৱ যদুপতি ।।’
আজি মহাপুৰুষ জনাৰ পবিত্ৰ তিথিত ফেচবুক জ্ঞান সম্ভাৰৰ তৰফৰ পৰা শত কোটি শ্ৰদ্ধাৰে …………………..
☞ ফেচবুকত আমাৰ কৰাপাট ✿ : https://m.facebook.com/groups/372830512757409?
ফেচবুক জ্ঞান সম্ভাৰ
🔅 ☸ 🔘🔸🔸🔸💠🔸🔸🔸🔘 ☸ 🔅
No comments:
Post a Comment