✍
পৱিত্ৰ ৰাখী পূৰ্ণিমা 🌕
ভাষা আৰু সংস্কৃতি চিৰপ্ৰৱাহমান । ই কোনো ভৌগলীকতাৰ পৰিধি নামানে ; নামানে কোনো জাতি-বৰ্ণৰ পৃথকতা । সেয়ে, কোনো এটা জাতিৰ সাংস্কৃতিক উপাদান সমূহ সেই জাতিৰ পৰা আন এটা জাতিলৈ গতিকৰা দেখা যায় । তেনে কাৰণতে পশ্চিমবঙ্গৰ বঙালী সকলৰ মাজত বিকাশ ঘটা পৱিত্ৰ "ৰাখী বন্ধন" উৎসৱটোৱে সমগ্ৰ ভাৰততে বিশেষ মৰ্যদা লাভ কৰি আহিছে ।
আজি শাওনী পূৰ্ণিমা । ভায়েক বা ককায়েকক এই দিনটোত ভনীয়েকহঁতে ৰাখী বন্ধনৰে তেওঁলোকৰ মঙ্গল কামনা আৰু দীৰ্ঘায়ু কামনা কৰাৰ লগতে ভায়েকহঁত সকলো বিপদৰ পৰা ৰক্ষা পৰি থাকিবলৈ মানস কৰে । ভায়েক বা ককায়েক হঁতেও ভনীয়েকহঁতক সকলো বিপদৰ পৰা ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ।
এক সুন্দৰ ভাতৃপ্ৰেমৰ উদাহৰণ এই ৰাখী উৎসৱ । সঁচাই মহান ভাৰতীয় সংস্কৃতিৰ এক মহান উৎসৱ ।
এক সুন্দৰ ভাতৃপ্ৰেমৰ উদাহৰণ এই ৰাখী উৎসৱ । সঁচাই মহান ভাৰতীয় সংস্কৃতিৰ এক মহান উৎসৱ ।
প্ৰচলিত নিয়ম মতে উৎসৱৰ আগদিনা বায়েক-ভনীয়েকহঁতে উপবাসে থাকি উৎসৱৰ দিনা ঘৰ-দুৱাৰ পৰিস্কাৰ কৰি ঘৰত গণেশৰ পূজা পাতে আৰু প্ৰথম ৰাখী বিঘ্নৰাজ গণেশলৈ অৰ্পণ কৰি পাছত ককায়েকৰ ভৰি ধুৱাই ধুপ-দীপৰে সন্মান কৰে আৰু কপালত চাউল আৰু চন্দনৰ ফোট দিয়ে ।
বিশ্বাস কৰা হয় এনে কৰিলে ককায়েকে সুস্থ দেহ লাভ কৰাৰ লগতে দীৰ্ঘায়ু হয় আৰু সকলো বিপদৰ সময়ত এই ৰাখীয়ে তেওঁক ৰক্ষা কৰে । এইখিনিতেই উল্লেখ কৰি যাওঁ ,ভাৰতীয় দৃষ্টিভংগীয়ে নাৰীকহে শক্তিৰ মূল বুলি গণ্য কৰি আহিছে আৰু সেয়ে শক্তিৰ উৎস হিচাপে হিন্দু শাস্ত্ৰ সমূহে দেৱতাৰ বিপৰীতে দেৱীকহে প্ৰতিষ্ঠা কৰিছে ।

"ৰাখী উৎসৱ"ৰ বিষয়ে প্ৰাচীন শাস্ত্ৰত উল্লেখ পোৱা যায় । এই উৎসৱৰ জন্ম কাহিনীটোৰ বিষয়ে জনাযায় এনেদৰে :
" শিৱপুত্ৰ বিঘ্নৰাজ গণেশে তেওঁৰ নিজৰ কোনো ভনী নথকাত এদিন মাক-দেউতাক হৰ-গৌৰীৰ ওচৰত দুখ কৰিলে । পুত্ৰৰ দুখ দেখি হৰ-গৌৰীয়ে মানস পুত্ৰী মা-সন্তোষীৰ আৱিৰ্ভাৱ ঘটাই তেওঁৰ হাতেৰে সূতাৰ ৰাখী পিন্ধাই ভাতৃ-ভগ্নীৰ সম্পৰ্ক গঢ়ি তুলিছিল ।"
এইখিনিতে ফেচবুক জ্ঞান সম্ভৰৰ পাতত ৰাখীৰ সৈতে জড়িত ইতিহাসৰ এক কাহিনী আগবঢ়াই সামৰিম :
ৰাজস্থানৰ মেৱাৰত এগৰাকী ৰাণী আছিল । ৰাণীৰ নাম আছিল 'কৰ্মৱতী' । সেই সময়ত বাহাদুৰ শ্বাহে তেওঁৰ ৰাজ্য আক্ৰমণ কৰিবলৈ সদলবলে অহাৰ কথা ৰাণীয়ে গম পাই মোগল সম্ৰাট হুমায়ুনৰ সহায় বিচাৰিলে আৰু তেওঁলৈ এডাল ৰাখী আগবঢ়ালে ।
হুমায়ুনে যদিওবা বাহাদুৰ শ্বাহকেইহে সহায় কৰিলে হেতেন তথাপি, ৰাখীৰ প্ৰতি সন্মান জনাই হুমায়ুন সেইবাৰ নিজে গৈছিল কৰ্মৱতীৰ ৰাজ্য ৰক্ষা কৰিবলৈ ।
কিন্তু দুৰ্ভাগ্য, হুমায়ুন গৈ পোৱাৰ আগতেই কৰ্মাৱতীয়ে জুইত আত্মজাঁহ দিলে ।
হুমায়ুনে কিন্তু নিজৰ কৰ্তব্য আৰু দায়িত্ব ৰাখিলে । বাহাদুৰ শ্বাহৰ আক্ৰমণৰ পৰা কৰ্মৱতীৰ ৰাজ্য ৰক্ষা কৰি হুমায়ুনে ভগ্নী প্ৰেমৰ এক মহান আদৰ্শ দাঙি ধৰিছিল।

আদৰ্শ আৰু প্ৰেমৰ এনাজৰীৰ অধিক প্ৰাধান্যতাৰ বাবে এই উৎসৱে ক্ৰমাৎ জাতি-ধৰ্ম-আৰু ভাষাৰ তুলনাত্মক ঠেক পৰিসৰৰ পৰা মুক্ত হৈ আজি সমগ্ৰ ভাৰততে প্ৰধান্যতা লাভ কৰিছে ।
এই উৎসৱে আপোনাকো বিমল আনন্দ দিয়ক,
সেই কামনাৰে ........
পৱিত্ৰ ৰাখী পূৰ্ণিমাৰ হিয়াভৰা ওলগ জনালোঁ।
পৱিত্ৰ ৰাখী পূৰ্ণিমাৰ হিয়াভৰা ওলগ জনালোঁ।
✨ এই চমু লেখাটোৰ বাবে তথ্য সংগ্ৰহ কৰিছো বন্দিতা গোস্বামী শৰ্মাৰ ' বাৰে বৰণীয়া উৎসৱ ' নামৰ গ্ৰন্থখনৰ পৰা । লেখিকা গৰাকীক অশেষ ধন্যবাদ ।
🎤🔊 ফেচবুকত আমাৰ কৰাপাট✿
: https://m.facebook.com/groups/372830512757409?
🔅🔹🔹🔸💠🔸🔹🔹🔅
No comments:
Post a Comment