📎
শকত
♦====♦
►আগকথা :
▬▬▬▬▬
পুৱা পেটপেলাই বেলিলৈকে শুই থকা পুতেকক মাকে জগোৱা শুনি পুতেকে শুনাকৈ বাপেকে চিঞৰি-চিঞৰি ক'লে,
"বোলো হে......ৰা, তাক নজগাবাচোন ; অলপ শুবলৈ দিয়া । বেচেৰাটোৱে গোটেই ৰাতিটো শুইছে, কষ্ট হয় নহয় ।" 🤣
এইয়া মোৰ লগৰ এজনৰ দেউতাকে (খুৰা এজনে ) মাজে-মাজে দিয়া এটি সুন্দৰ মন্তব্য ।আমাৰ আকৌ অলপ বেলেগ ষ্টাইলহে দেই । উঠা দেৰি হলে সেইদিনা কি চাব ; মা-দেউতাৰ মুখ দুখন এনেকৈহে ফুলি থাকে যেন নকৰা কাম এটাহে কৰি আহিছো । এঘন্টা মানলৈকে মাত-বোল বন্ধ । সময়ে নিজকে কিবা-কিবি লাগি যায় ! তথাপিও ইমান প্ৰতিবন্ধকৰ মাজতো যে এই মহৎ গুণকন এৰিব পৰা নাই সেইটোহে বৰ ডাঙৰ কথা । সেইফালৰ পৰা সোণৰ নহলেও ৰূপৰ মোহৰ এটাই পোৱাৰ যোগ্য দিয়কচোন ।
পাৰোতে কয়নে বোলে "বড়া ধানে জাত এৰিলেও শুং নেৰে ।"---কৃষ্ণ
যোৱাবেলি অৱশ্যে এই প্ৰব্লেমতে দোকমোকতে উঠি ফুৰিবলৈ লৈছিলো আৰু তাৰ পাছতে ফেচবুক জ্ঞান সম্ভাৰত লিখা 'সু-ফল বেল' নামৰ লেখাটোত সেই কথা জনাই ফটকা ফুটাই দিছিলো । এইবেলিহে স্কিমখনে ফ্লপ মাৰিলে ☺☻☺।
বেলিকৈ বিচনাত শুই থকাৰ অভ্যাসটো কিমান অপকাৰী সেই বিষয়ে বিশেষ মই নকওঁ । সৰুতে মহম্মদৰ মিঠাই খোৱা সাধুটো পঢ়িছিলো নহয় । কিন্তু এটা কথা ঠিক, ভাৰতত ক্ৰমে বাঢ়ি অহা “শকত” মানে মেদ বহুলতাৰ সমস্যাত ইয়াৰ অৰিহণা আছে ।
তাৰোপৰি, আমি যি ধৰণে খাদ্য গ্ৰহণ কৰো তাৰ তুলনাত আমাৰ বহুতৰে শাৰীৰিক পৰিশ্ৰম যঠেষ্ট কম । ফলত শকত মানুহৰ সংখ্যা দ্ৰুত গতিত বৃদ্ধি পাবলৈ ধৰিছে ।
গৰমৰ দিন কেইটাত শকত মানুহে পোৱা বিভিন্ন সমস্যাৰ ভিতৰত অন্যতম এটা অশান্তি হৈছে আনৰ তুলনাত অধিক গৰম অনুভৱ কৰাটো ।
হয়, ক্ষীণ মানুহৰ তুলনাত শকত মানুহৰ গৰম কিছু বেছিকৈ লাগে ।
কিন্তু কিয় ?
আহকচোন ফেচবুক জ্ঞান সম্ভাৰত আজি তাকেই আলোচনা কৰোঁ ………………
দৈনন্দিন জীৱনত আমি যি খাদ্য গ্ৰহণ কৰোঁ সেইবোৰ দহন হোৱাৰ পাছত তাপশক্তিৰ উদ্ভৱ হয় । ইয়াৰ পৰা কিছু অংশ শৰীৰে বিভিন্ন কাম-কাজত ব্যৱহাৰ কৰে আৰু কিছু অংশ শৰীৰৰ পৰা ওলাই যায় । কিছু অংশ আকৌ ছালৰ মাজেৰে বাহিৰ হয় । কিন্তু ছালৰ তলত থকা চৰ্বিৰ তৰপটো ডাঠ হলে তাপ ভালকৈ বাহিৰ ওলাই আহিব নোৱাৰি ভিতৰতে আৱদ্ধ হৈ পৰে ।
ক্ষীণ মানুহৰ চৰ্বিৰ তৰপটো পাতল হোৱাৰ বাবে তাপ সহজে ওলাই আহিব পাৰিলেও শকত মানুহৰ বাবে এইক্ষেত্ৰত সমস্যা হয় আৰু আৱদ্ধ তাপৰ বাবে শকত মানুহে বেছিকৈ গৰম অনুভৱ কৰে ।
“শকত”-ৰ কথা ক’লেই যে কিছসংখ্যক লোক টিঙিৰি-তুলা হৈ উঠে মই জানো । তেখেত সকলকলেনো বাৰু বেয়াপোৱাটো কৰোৱেইবা কিয় ! সেয়ে তেওঁলোককে ভালৰি বোলাই সাধাৰণতে নোকোৱা দুটি তথ্যৰে সামৰিছো দেই ।
আমিবিলাকে প্ৰায়ে শৰীৰৰ বাঢ়ি অহা চৰ্বিকলৈ চিন্তা কৰোঁ । কিন্তু চৰ্বিৰ উপকাৰী গুণো আছে দেই । ধৰি লওক, আপুনি যদি কেনেবাকৈ গৈ এটা নিৰ্জন দ্বীপত থাকিব লগা হয় আৰু তাত খাদ্য সংকটে দেখা দিয়ে তেতিয়া আপুনি চৰ্বিবান মানুহ হলে ক্ষীন মানুহতকৈ কিন্তু দুদিন হ’লেও বেছি সজীৱ হৈ থাকিব কিয়নো, খাদ্য স্ংকটৰ উমান পালেই শৰীৰে চৰ্বিক প্ৰয়োজনীয় পুষ্টিৰ ভঁড়াল হিচাপে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে । ইয়াৰ পাছৰ তথ্যটো আকৈ আৰু সুন্দৰ ।
শুনি শকত আৰু মোৰ দৰে শকত হবলৈ ধৰা নৱাগত সকলে নিশ্চয় আনন্দ পাব ।
আপুনি জানেনে, চৰ্বিৰ পৰা “লিনোলেইক” নামৰ এবিধ এচিডৰ সৃষ্টি হয় যিটো আমাৰ দেহৰ বৃদ্ধি লগতে ছালৰ বাবেও প্ৰয়োজনীয় ।
ক’ত পাইছিলো পাহৰিলো, কিন্তু পঢ়ামতে শকত মানুহৰ মগজুৰ উৰ্বৰা শক্তি বেছি হয় । অৱশ্যে, এইটো কথা ঠিক যে চৰ্বিয়ে মগজুৰ হাইপোথেলামাছৰ ক্ৰিয়া নিয়ন্ত্ৰণ কৰে ।
যি-কি-নহওঁক, সকলোৰেলৈকে শ্ৰদ্ধা জনাই আজিলৈ সামৰিছো, পুনৰ লগপোৱাৰ আশাৰে 🙏…………..
🕓সু-প্ৰভাত🌷
🎤 আমাৰ ফেচবুক জ্ঞান সম্ভাৰৰ ই-ঠিকনা → https://www.facebook.com/groups/372830512757409/
*ফেচবুক জ্ঞান সম্ভাৰ*
1📶8⃣0⃣1⃣1⃣......
No comments:
Post a Comment