কাজিৰঙাৰ বিননী

এতিয়া দুখৰ চকুলোত সেমেকিছে অসম । 
বন্যাৰ্তৰ আৰ্তনাদ আৰু হেৰুৱাৰ বিষাদত উটি যায় আমাৰ উন্নতিৰ লেখ । 
কেৱল পানী-পানী আৰু পানী, তথাপিচোন মানুহ তৃষ্ণাতুৰ এটুপি পানীৰ বাবে ; ভোকাতুৰ  এমুঠি অন্নৰ বাবে ।

মানুহৰ লগে-লগেই আকৌ পশু-পক্ষী- সৰীসৃপ সকলোৰে দেখুন একেই দশা !
সৌ সিদিনালৈকে দেশী-বিদেশী কতনো লোকক চকুৰ তৃপ্তি দিয়া কাজিৰঙাৰ জন্তুবোৰে, চৰাইবোৰেও আজি প্ৰমাদ গনিছে ।
আপোনাৰ দামী কেমেৰাৰ সন্মুখত পজ দিবলে , কাণ জোকাৰি ঘাঁহ খাবলৈ সিহঁতে  বিচাৰে, সিহঁতে বিচাৰে মুক্ত আকাশৰ তলত আপোনাৰ অকণমান মৰম আৰু সুৰক্ষা, কিন্তু, .......................

হয়, সিহঁতৰ এই দুৰ্দশাৰ দৃশ্যবোৰ বৰ বেদনা দায়ক ।ফেচবুক জ্ঞান সম্ভাৰৰ মাননীয় সদস্য-সদস্যা সকল, অসমৰ গৌৰৱ আৰু মৰমৰ ৰংমন ককাইদেউহঁতৰ (গঁড়) গৃহভূমি কাজিৰঙাৰ বিষয়ে যুগুত কৰা এই লেখাটি আজিৰ সন্ধ্যা আমাৰ দলটিৰ মজিয়াত শ্ৰদ্ধাৰে আগবঢ়ালো ।

       কাজিৰঙা অসমৰ প্ৰথমখন ৰাষ্ট্রীয় উদ্যান । বিভিন্ন জীৱ-জন্তু-চৰাইৰ লগতে দুষ্প্ৰাপ্য প্ৰাণীৰ মুক্ত বিচৰণৰ স্থল এই কাজিৰঙা । 
নগাঁও আৰু গোলাঘাট জিলাৰ অন্তৰ্গত এই ৰাষ্ট্ৰীয় উদ্যানখন ভৌগোলিক ভাবে ২৬ ডিগ্ৰী ৩০ মিনিট উত্তৰ আৰু ২৬ ডিগ্ৰী ৪৫ মিনিট উত্তৰ অক্ষৰেখা,
৯৩ ডিগ্ৰী ০৮ মিনিট পূৱ আৰু ৯৩ ডিগ্ৰী ৩৬ মিনিট পূৱ দ্ৰাঘিমা ৰেখাৰ মাজত অৱস্থিত । 
উদ্যানখন পূৱৰ পৰা পশ্চিমলে ৪০ কিলোমিটাৰ দীঘল আৰু উত্তৰৰ পৰা দক্ষিণলৈ ১৩ কিলোমিটাৰ বহল । 
ইয়াত বাৰ্ষিক বৃষ্টিপাত ২,২২০ মি.মি. ।

      কাজিৰঙাৰ নামাকৰণৰ ফালৰ পৰা বিভিন্নজনৰ মাজত বিভিন্ন মতামত পোৱা যায় ।  প্ৰচলিত এক কাহিনীমতে "কাজি" নামে এজন যুৱক "ৰঙা" নামে এজনী গাভৰুৰ প্ৰণয় পাশত আৱদ্ধ হৈছিল । কিন্তু দুয়োৰো ঘৰৰ পৰা তেওঁলোকৰ প্ৰেমে স্বীকৃতি লাভ কৰিবলৈ নাপালে। 
অৱশেষত, দুয়ো হতাশ হ'ল তথাপি কিন্তু এজনেও আনজনক এৰি থাকিব নোৱাৰে । 
শেষত এদিন, এই উদ্যানখনৰ গভীৰৰ পৰা গভীৰতালৈ দুয়ো সোমাই গ'ল । 
সেইযে গ'ল, তেওঁলোক আৰু কাহানিও উভটি নাহিল । 
সেই গভীৰ প্ৰেমকথাৰ নায়ক-নায়িকাৰ নামেৰেই  "কাজিৰঙা" নামৰ উৎপত্তি বুলি বহুতে কয় ।

আনহাতে, কাৰ্বি ভাষাত আকৌ "কাজি" শব্দই ছাগলীক বুজাই আৰু "ৰঙাই" মানে ৰঙা ৰং অৰ্থাৎ "ৰঙা ছাগলী" । এই "কাজি" আৰু "ৰঙাই" শব্দৰ সংযুতিৰে "কাজিৰঙা" নামৰ উৎপত্তি বুলিও কোৱা হয় । 
      আন এক কথা মতে শ্ৰীমন্ত শংকৰদেৱে কাজি আৰু ৰঙাই নামৰ এহাল সন্তানহীন দম্পত্তিক সন্তান প্ৰাপ্তিৰ বাবে আশীৰ্বাদ প্ৰাপ্তিৰ বাবে এই স্থানত তেওঁলোকৰ নামেৰে এটা ডাঙৰ পুখুৰী খন্দাবলৈ আদেশ কৰিছিল ।

      বিভিন্ন জীৱ-জন্তুৰ আৱাসভূমি হোৱাৰ লগতে বিভিন্ন দুষ্প্ৰাপ্য প্ৰাণীৰ বিচৰণভূমি এই কাজিৰঙা । ইয়াত আছে প্ৰায় ৫০০ প্ৰজাতিৰ বিভিন্ন চৰাই । 
হাতী,বাঘ,বিভিন্ন পহু,বান্দৰ,ভালুক,ম'হ,অজগৰ আৰু বিভিন্ন প্ৰজাতিৰ সাপ আদি ইয়াত পোৱা যায় য'দিও কাজিৰঙা বিশেষভাৱে বিখ্যাত কিন্তু এশিঙীয়া গঁড়ৰ বাবে । বিশ্বৰ মুঠ এশিঙীয়া গঁড়ৰ ৭০% ইয়াতে বাস কৰে । 
জ্ঞান সম্ভাৰৰ মাননীয় সদস্য-সদস্যা সকল কাজিৰঙাৰ মূখ্য আকৰ্ষণ প্ৰাগ-ঐতিহাসিক এই প্ৰাণীবিধৰ বাসস্থান বুলি বিশ্বজোৰা খ্যাতি লাভ কৰা এই উদ্যানখনৰ প্ৰাৰাম্ভত গঁড়ৰ সংখ্যা আছিল মাত্ৰ ১২টা । 
অ'  এইখিনিতে অৱশ্যে এটা কথা উল্লেখ কৰি যাওঁ দেই । ১৯০৫ চনৰ ১ জুন তাৰিখে কাজিৰঙাক  সংৰক্ষিত বনাঞ্চলৰূপে গৃহীত কৰিবলৈ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল । 
ইয়াৰ পাছত, ১৯০৮ চনত কাজিৰঙাক সংৰক্ষিত বনাঞ্চল বুলি ঘোষণা কৰা হয় । 
বৰ্তমানৰ এই উদ্যানখনক ১৯১৬ চনৰ ১০ নৱেম্বৰ তাৰিখে "মৃগয়া বন" (ইংৰাজীত GAME SANCTUARY) বুলি নাম দিয়া হৈছিল য'দিও ১৯৫০ চনত সেই সময়ৰ মূখ্য বন সংৰক্ষক P.D. Starccy এ এই নাম আঁতৰাই ইয়াক "কাজিৰঙা ৰাষ্ট্রীয় উদ্যান" নামে নামাকৰণ কৰে
। পিছে উদ্যানখনে ৰাষ্ট্ৰীয় মৰ্যদা লাভ কৰিছিল ১৯৭৪ চনৰ ১ জানুৱাৰী তাৰিখে ।  
১৯৮৫ চনত অসমৰ প্ৰথমখন ৰাষ্ট্রীয় উদ্যানক ইউনেস্ক'ৱে "বিশ্ব ঐতিহ্য ক্ষেত্ৰ"ৰ মৰ্যদা প্ৰদান কৰাৰ লগে-লগে অসমক গৌৰৱৰ মুকুতা পিন্ধাই কাজিৰঙাই বিশ্ববাসীৰ দৃষ্টিত উজ্বলতম ৰূপত জিলিকি উঠিল । 
অ' আৰু এটা কথা দেই, ২০০৭ চনৰ ৩ আগষ্টৰ পৰা কাজিৰঙাক ব্যাঘ্ৰ প্ৰকল্পৰো অন্তৰ্ভুক্ত কৰা হয় । উল্লেখ কৰি ভাল লাগিছে যে এই কাজিৰঙাত বাঘৰ ঘনত্ব ভাৰতৰ ভিতৰতে নহয় পৃথিৱীৰ ভিতৰতেই বেছি । 
উল্লেখযোগ্য যে, ২০১০ চনৰ পিয়ল মতে কাজিৰঙাত প্ৰতি ১০০ বৰ্গ কিলোমিটাৰ এলেকাত ৩২ টাকৈ বাঘে বসবাস কৰে । 
আনহাতে আৰু এটা ভাল খবৰ যে ১৯০৮ চনত মাত্ৰ ১২ টা গঁড় থকা এইখন কাজিৰঙাত ২০১৫ বৰ্ষত কৰা এক পিয়লত ২,৪০১ টা গঁড় আছে বুলি পোহৰলৈ আহিছিল ।

      মই বিশ্বাস কৰো, দুই এটা দেশদ্ৰোহী বা জাতি দ্ৰোহীয়ে নিজৰ কলংকিত অধ্যায়ৰে আজি বহুজনৰ দৃষ্টিত অসমৰ বন বিভাগক হেয় সজালেও কিন্তু গঁড় বৃদ্ধিৰ এই সফলতাৰ বাবে সুৰক্ষাত আত্মনিয়োগ কৰা কৰ্মচাৰী সকলক ধন্যবাদ দিব লাগিব । 
এইহেন অৰণ্যত নিজৰ প্ৰাণক আগবঢ়াই দিও কিন্তু দিনে-নিশাই কাজিৰঙাত প্ৰহৰী সকলে নিজ দায়িত্ব পালন কৰি আহিছে । 
এইবেলি বাৰিষাত অৰণ্যৰ জন্তুবোৰৰ স্বাৰ্থত ৰাতিক দিন কৰা এইসকল কৰ্মচাৰীৰ কষ্টক কিন্তু স্বীকাৰ কৰিবই লাগিব । 
কিন্তু দুখলাগে এখেত সকলৰ এই সঁচা কষ্টক দুই-এটাৰ কৰ্মকাণ্ডই সমাজৰ চকুত মুহূৰ্ততেই ধূলি কৰি দিয়ে ।

        কাজিৰঙাৰ বানপানী সঁচাই দুখজনক ! এই সময়ত জন্তুবোৰৰ কষ্টই যিকোনো মানুহৰ হৃদয়ত খুন্দিয়াই যাব পাৰে । 
তাৰে লগে-লগে ইয়াৰ বনকৰ্মী সকলে এই সময়ত কৰা কষ্ট দেখিলে আপোনাৰ অন্তৰ কৃতজ্ঞতাৰে উপচি পৰিব। 
আপুনি য'দি ওচৰৰ পৰা দেখিছে তেন্তে দেখিব পাৰে বহুজনৰ চকুত স্পষ্ট হৈ থকা টোপনি ক্ষতিৰ চিন । 
আমাৰ মৰমৰ ৰংমন-টিংখং, জুলোহঁতৰ সুৰক্ষাৰ বাবে সততাৰে প্ৰচেষ্টা চলোৱা  প্ৰতিগৰাকী বনকৰ্মীলৈ জনাইছো অন্তৰৰে কৃতজ্ঞতা ।

🙏 এই লেখাৰ বাবে তথ্যৰ সংগ্ৰহ উইকিপেডিয়াৰ পৰা লোৱা হৈছে 
লগতে শান্তনু কৌশিক বৰুৱাৰ সংক্ষিপ্ত অসমীয়া বিশ্বকোষ/১ ,
শৰাইঘাট অসম ইয়াৰ বুকৰ পৰা লোৱা হৈছে । 
ব্যৱহাৰ কৰা ফটো মই নিজে লোৱা ।

🎤🔊ফেচবুকত আমাৰ ঠিকনা 📨 : https://m.facebook.com/groups/372830512757409?

             🔅 ফেচবুক জ্ঞান সম্ভাৰ 🔅

                💠▫▫▫▫▫▫▫▫🔴▫▫▫▫▫▫▫▫💠

No comments:

Post a Comment

নতুন লেখা / ছবি

গ্ৰীষ্মৰ আতঙ্ক

ইমান অত্যাচাৰ ! নষ্টজোৱা, হতশ্ৰীহোৱাবোৰৰ পৰা সঁ‌চাই শান্তি নোহোৱা হৈছেগে । নাপায়, ইমান অত্যাচাৰী  হ'বগে নালাগে । যিহে অত্যাচাৰ হৈছে, যি ...