অসমৰ বানপানী

শান্ত-সৌম্য আৰু গহীন । 
ভাল দিনত সকলোৰে আপোন ; হেঁপাহৰ, চেনেহৰ ।
কাৰোবাৰ বাবে ই আকৌ অফুৰন্ত প্ৰেৰণা বা সাহসৰ প্ৰতিক আৰু কাৰোবাৰ বাবে ......, হৃদয় প্লাৱনৰ তৰংগে-তৰংগে গতি কৰা অনন্ত গতিৰ  পূৰ্ণ ৰূপ  । 
ইয়াৰ পাৰতেই আকৌ গঢ়লৈ উঠা এটা জাতিৰ সভ্যতা । 
কিমানযে উপৰি পুৰুষৰ অতীত জীৱনৰ অজান বহু জীৱন্ত ঘটনাৰ কথা ; কত সময় ....,কত বিষাদ আৰু ৰঙৰ সাক্ষী হৈ আজিও বৈয়েই আছে বিশ্বৰ একমাত্ৰ নদ মহাবাহু "ব্ৰহ্মপুত্ৰ" ।


কিন্তু যেতিয়া বাৰিষা নামে..........!!!!!!


নামি আহে নদীৰ বুকুলৈ উন্মাদনা । 
কেৱল ব্ৰহ্মপুত্ৰই নহয়, সহচৰী বিভিন্ন নদী- উপনদীক লগত লৈ চলাব ধৰে ব্ৰহ্মপুত্ৰই প্ৰলয় ।  আৰু তাৰ লগে-লগে অসমলৈ নামি আহে বিভীষিকাৰ অন্য নাম .....................


====== "বানপানী" ======


অসমত বানপানী নতুন কথা নহয় বৰঞ্চ, 
ইতিহাসে নজনা দিনৰ দৰেই পুৰণি । 
অকল অসমেই নহয় উত্তৰ পূৰ্বাঞ্চলৰে ই এটা সমস্যা । ব্ৰহ্মপুত্ৰ উপত্যকাৰ চৈধ্যখন জিলা, বৰাক উপত্যকাৰ দুখন, মণিপুৰত চাৰিখন আৰু অৰুণাচলৰ দুখন জিলা প্ৰতি বছৰেই বাৰিষা হৈ পৰে বানাক্ৰান্ত । 
ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ সহচৰী সমূহ তেতিয়া হৈ পৰে অভিশপ্ত । ধন-জন, জীৱ-জন্তু, স্থাৱৰ-অস্থাৱৰ বহুতো সম্পদ এফালৰ পৰা কাঢ়ি নিয়ে বানে । চকুৰ আগতেই চাকনৈয়াত বিলিন হৈ যাব ধৰা আপোনজনৰ অসহায় মুখ আৰু মৰণ কাতৰ চিঞৰ, এফালৰ পৰা উচন কৰি নিয়া ভেটিৰ মাটি আৰু মৰমৰ জীৱবোৰ যেতিয়া বলিয়া বানে উটোৱাই নিয়ে তাৰ বেথা কি নিশ্চয় তেওঁলোকেহে ভালদৰে বুজে যি নিজেই সেই সমস্যাৰ খহনিয়াত ভাৰাক্ৰান্ত । 
      নিশাৰ আহাৰ মুঠি খাবলৈ বহাৰ সময়ত আপুনিবাৰু ভাবিছেনে,  এতিয়াও কিন্তু আপোনাৰ-মোৰ দৰে বহু মানুহ আৱদ্ধ হৈ আছে পানীৰ মাজত ; তাতে আছে শিশু । 
চাওমিন খোৱা বিলাসীতাৰ বিপৰীতে এটেমা চাউলৰ অভাৱত যি গৰাকী মাতৃয়ে সন্তানৰ অলক্ষিতে চকুৰ পানী আজি মুচিছে তেওঁ ক'ব এই ভয়ানক বিপদৰ কথা । 
     বহুজনেতো পকেট খৰছৰ নামতেই  বহু ধন খৰছ কৰিব পাৰে । 
এই লেখাটোৰ প্ৰাৰাম্ভত অনুৰোধ কৰিম , সাধ্যানুযায়ী বান আক্ৰান্ত সকলৰ বাবে আগবাঢ়ি অহা বিভিন্ন দল-সংগঠন সমূহক আপোনাৰ সহায়, আৰ্থিক সহযোগ নিশ্চয়ে প্ৰয়োজন । পৰা সকলে এইক্ষেত্ৰত কিঞ্চিতকৈ সহায়ৰ হাত আগবঢ়ালেও এই বিপদৰ সময়ত বৰ ডাঙৰ সহায় হয়।


       ক্ৰান্তীয়-মৌচুমী জলবায়ুৰ অঞ্চল এই উত্তৰ-পূৱ ভাৰত য'ত গড়ে ২৩০ ছেঃ মিঃকৈ বৰষুণ পৰে । ইয়াৰে ৮০ % ই আকৌ নামি আহে জুনৰ শেষৰ পৰা চেপ্তেম্বৰৰ শেষৰ ভিতৰত ।  বাৰিষা ইয়াৰ নদ-নদী সমূহ নিজেই যেতিয়া পানীৰে ভাৰাক্ৰান্ত হৈ পৰে তেতিয়া অতিৰিক্ত পানী ভাগে পাৰ বাগৰি বানপানীৰ সৃষ্টি কৰে । 
ইফালে ভৌগোলিক ভাবে উত্তৰ-পূৱৰ ৭২% ঠায়েই পাহৰিয়া । গতিকে পাহাৰৰ নামি অহা উন্মদা পানীয়ে ভৈয়ামত ত্ৰাসৰ সৃষ্টি কৰে । তাতে আকৌ একেটা সময়তে হিমালয়ত বৰফ গলা পানী বৈ আহি অসমৰ নদীত মিলিত হয়হি । 
        বানপানী অসম আৰু ইয়াৰ চুবুৰীয়া অঞ্চল সমূহত আগৰে পৰাই হৈ থকা সমস্যা হ'লেও ১৯৫০ চনৰ ১৫ আগষ্টত অহা বৰ ভূঁইকপৰ পাছত এই সমস্যাৰ প্ৰকোপ অধিক বৃদ্ধি পালে । 
কাৰণ সেই প্ৰচণ্ড ভূঁইকপত বিভিন্ন নদীৰপৃষ্ঠ সমূহ উপৰলৈ উঠি আহিছিল । 
উল্লেখযোগ্য, ১৯৫০ চনৰ সেই ভূঁইকপত ব্ৰহ্মপুত্ৰৰ বক্ষভাগ গড়ে ২২ চেন্টিমিটাৰকৈ উঠি নদখন আগতকৈ বামহৈ পৰিছিল ফলত পানীৰ বহন ক্ষমতা নিশ্চয়কৈ কমি আহিল । 
জ্ঞান সম্ভাৰৰ মাননীয় সদস্য-সদস্যা সকল, এইখিনিতে বানপানী - নদীপৃষ্ঠৰ সৈতে জড়িত আৰু এটা ভৌগোলিক কথা উল্লেখযোগ্য । কথাটো হৈছে হিমালয়ৰ বা উত্তৰ-পূৱৰ পাহাৰ-পৰ্বত সমূহৰ গঠন কোমল TERTIARY শিলেৰে হোৱা । বাৰিষাৰ বাগৰি অহা প্ৰৱল পানীয়ে এইবোৰ ক্ষয় নিয়াই আৰু ভৈয়ামলে শিল-বালি বিলাক কঢ়িয়াই আনি নদী পৃষ্ঠক বাম কৰি অনাত অৰিহনা যাচে । 
      ইফালে এচামে আকৌ বিভিন্ন জলাশয় পুতি বসতি স্থাপন কৰিছে । উল্লেখযোগ্য যে এই বিল-পিতনি আদি বিভিন্ন জলাশয় সমূহেও বহুপানী বহন কৰি ৰাখিব পাৰে ।


বানপানী হৈছে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ এক বৃহৎ সমস্যা  ।  এই সমস্যা অঞ্চলটোৰ অৰ্থনীতিটো মাধমাৰ সোধাইছে । এইখিনিতেই উল্লেখ কৰি যোৱা ভাল যে কেৱল অসমতেই ৩,১৫০,০০০ হেক্টৰ মাটি বানে গৰকা । 
প্ৰতি বছৰে এই অঞ্চলটোত কেৱল খাদ্য শস্য নষ্ট হোৱাৰ ফলতেই হেৰোৱাব লাগে ₹১৫ কোটি টকা ।


     কতজনক আপোনজনৰ পৰা কাঢ়িলৈ যায় এই বানে ! কত ঘটনা লুুকায়েই ৰয় মানুহৰ অলক্ষিতে !!
সঁচাকে, এটা ভয়ানক সমস্যা । 
..................বা_ _ _ ন.........


🙏 তথ্যৰ বাবে সহায়ক গ্ৰন্থ আৰু তাৰবাবে কৃতজ্ঞতা :


GEOGRAPHY of NORT-EAST INDIA
by TAHER & AHMED


🎤🔊ফেচবুকত আমাৰ ঠিকনা📨 : https://m.facebook.com/groups/372830512757409?


        🔅ফেচবুক জ্ঞান সম্ভাৰ🔅


        💠▫▫▫▫▫▫▫▫▫▫🔴▫▫▫▫▫▫▫▫▫▫💠


No comments:

Post a Comment

নতুন লেখা / ছবি

গ্ৰীষ্মৰ আতঙ্ক

ইমান অত্যাচাৰ ! নষ্টজোৱা, হতশ্ৰীহোৱাবোৰৰ পৰা সঁ‌চাই শান্তি নোহোৱা হৈছেগে । নাপায়, ইমান অত্যাচাৰী  হ'বগে নালাগে । যিহে অত্যাচাৰ হৈছে, যি ...