কেতিয়াবা নিজম সন্ধিয়াত নিজৰ পৰিসীমাক জানি নিজৰে নিজকলৈ পুতৌ জাগে 😟 !
সেই ধাৰণাটো মোৰ বেছি হয় তেতিয়া, যেতিয়া নিশাৰ তৰাবোৰে 💫 আকাশত দলিচা পাৰি কিবা ক'ব খোজে । তেতিয়া হাতীপটিৰ🌌 ধূসৰতাত বিলিন হৈ যায় মই নজনা অলেখ কথাৰ এখন অজান তালিকা 📄 ।
সেই সময়ত বৰ অসহায় অনুভৱ কৰোঁ জানে, যেতিয়া বাৰে-বাৰে আকাশত টোকৰ দিও দিক-বিদিক হেৰুৱাই পেলোৱা নিজৰেই মনটো আকৌ উভটি আহে !!!
তেতিয়া মই প্ৰাচীনতাক ভাবো, হাজাৰ-হাজাৰ বছৰৰ আগতেই তৰাবোৰৰ 🌟 কথা জনা, সিহঁতৰ অৱস্থিতিৰ কথা জনা মানুহ আৰু সেই মানুহৰেই এজন বংশধৰ হিচাপে কিয় একবিংশ শতিকাতো মই দেখোন একোৱেই নাজানো !!!!
ওপৰৰ পৰা এটা পপীয়া তৰা সৰিছে 🌠। একুৰি বছৰৰ আগতে হোৱা হ'লে তৰাটোক দেখি থুই পেলালো হেতেন ! "চাল্লা, পাপীষ্ঠৰ নষ্ট প্ৰেতাত্মা !" ।
হেঃ, আজি আৰু নেপেলাওঁ । নষ্ট শিলত কাৰনো প্ৰেতাত্মা থাকিব পাৰে হাঁ !
প্ৰাচীন ধ্যান-ধাৰণাক বিজ্ঞানে সলাই পেলাইছে ।
কোনোবা শিশুক কেতিয়াবা চাগে ক'ম, আমাৰ পুৰণি দিনৰ আজি সাধুযেন লগা তেনেবোৰ বহু কথা ।
মই জানো, পৃথিৱীলৈ অহাৰ আগতেই ভিটামিনৰ বেজী লৈ অহা আজিৰ শিশুৱে সুধিব পাৰে কিছুমান আচৰিত কথা । সিহঁতে সুধিব পাৰে, "এই তৰাবোৰযে ৰাতিহে সৰে দিনত ইহঁত বাৰু শুই থাকে নেকি ?" ---আদিকৰি বহুতো কথা ।
"সঁচাই, পপীয়া তৰাবোৰ হলে ৰাতিহে সৰা দেখো ! ------
হেঃ......, মইনো বাৰু কি কৈছো, দিনত তৰা ✨নেদেখো নহয় । আচলতে এনে মহাজাগতীক পদাৰ্থ দিনটো পৃথিৱীলৈ আহে , দিনৰ পোহৰত আমি দেখাহে নাপাওঁ । এইবোৰক কিন্তু আমি আকাশত দেখা তৰাবোৰৰ সমান দেখিলেও দৰাচলতে এনেদৰে খহি অহা বস্তুবোৰ আকাশৰ তৰাবোৰৰ সমান ডাঙৰো নহয় ।
মহাকাৰ্ষণিক শক্তিৰ বিচ্যুতিৰ ফলত পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিৰ বলি হৈ সৌৰজগতৰে কিছুমান শিলাখণ্ড ধৰাৰ 🌎 বুকুলৈ প্ৰচণ্ড জোৰেৰে নামি আহে আৰু আমাৰ বায়ুমণ্ডলত প্ৰৱেশ কৰাৰ পাছত বায়ুৰে ঘৰ্ষণ হৈ ইহঁত জ্বলি উঠে 🔥। এইবোৰেই হৈছে আজোককাৰ দিনৰ সেই নষ্ট আত্মাৰ "পপীয়া তৰা" ।
আজোককা আজি নাই, সেই সময়ো নাই । বিজ্ঞানো আজি বহু আগুৱাইছে। পিচে, তাহানিৰ নামটো আজিও হেৰাই যোৱা নাই ; তাতে মাথো এটি শব্দই অভিধানত ঠাই পাইছে ।
"উল্কা" ---- হয়, অসমীয়া ভাষাত পপীয়া তৰাক আমি "উল্কা" নামেৰেও জানো । ইংৰাজীত ইয়াৰ নাম METEOR ।
আমি দেখা পোৱা সকলো "উল্কা"-ই আকৌ পৃথিৱী নাপায়হি দেই । পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰাৰ পাছত ইহঁতবোৰ জ্বলি উঠে আৰু পৃথিৱী পৃষ্ঠৰ পৰা প্ৰায় চল্লিছ কিলোমিটাৰ ওপৰত প্ৰায়বোৰ উল্কাই জ্বলি ভষ্ম হৈ যায় । দুই-এটা ডাঙৰ উল্কা অৱশ্যে পৃথিৱীত আহি পৰেহি । আজিৰ পৰা প্ৰায় পোন্ধৰ-বিছ বছৰমান আগত তেনে একোটা বৃহৎ জলন্ত উল্কাপিণ্ড দেখাৰ সৌভাগ্য মোৰ হৈছিল ।
কিছুমান উল্কাপিণ্ড আকৌ ভয়ানক ভাৱে ডাঙৰ হ'ব পাৰে । একো-একোটা তেনে উল্কাপিণ্ড দীঘলে মিটাৰত নহৈ কিলোমিটাৰত হোৱাটোও একো আচৰিত নহয় । ধৰাপৃষ্ঠত এনে একোটা উল্কাই আহি প্ৰভূত ক্ষতি সাধন ঘটাব পাৰে বা কেতিয়াবা ভূ-তাত্বিক পৰিৱৰ্তনো সাধন কৰে । উদাহৰণস্বৰূপে আপুনি মহাৰাষ্ট্ৰৰ বুলদহানা জিলাত থকা "লুনাৰ হ্ৰদ"-টোৰ কথাকে ক'ব পাৰে । এই হ্ৰদটো এনে দৈত্যকায় উল্কা পৰিয়েই সৃষ্টি হোৱা ।
একালত ছাইবেৰিয়াতো এনে উল্কাই ভয়ংকৰ ক্ষতি সাধন কৰিছিল । আৰু উদাহৰণ বহুতো আছে । মনত পৰিছে য'দি মন্তব্যৰ ঘৰত লিখিবলৈ হলে নাপাহৰিব ।
আজিলৈ বাৰু ইমানেই । সময় আছে য'দি আকাশখন এবাৰ চাওঁকচোন 🔭 । নৱেম্বৰৰ মাজভাগৰপৰা আকাশত উল্কা ☆বেছিকৈ দেখা যায় । তথাপি কি ঠিক, নিশাৰ আকাশত আজও দেখিব পাৰে নিজস্বতাক হেৰুৱাই নষ্ট হোৱা পাষাণ শিলৰ একোটা "পপীয়া তৰা" ।
🙏 ফেচবুক জ্ঞান সম্ভাৰৰ লগত থাকি আমাৰ লেখাবোৰ পঢ়া আৰু প্ৰেৰণা দিয়া প্ৰতিগৰাকী শ্ৰদ্ধাৰ সদস্য/সদস্যাকে বিদ্যায়তনিক অভিনন্দন আৰু শ্ৰদ্ধা/শুভেচ্ছা/মৰম জ্ঞাপন/দি কৰি আজিলৈ আহোঁ ☺
🎤🔉ফেচবুকত আমাৰ ঠিকনা📮
https://www.facebook.com/groups/372830512757409/
🔅ফেচবুক জ্ঞান সম্ভাৰ🔅
📶 8⃣0⃣1⃣1⃣......
💠🔸🔹🔅🔸🔹🔘🔹🔸🔅🔹🔸💠
No comments:
Post a Comment