"Drain of Wealth Theory"
মুখখনত অন্ততঃ মিহিকৈ হ'লেও বেয়া শব্দ দুটামান ফুটিব লাগিছিল ; গম পায় গ'ল হলে । বহু যত্ন কৰিও এতিয়ালৈকে নোৱাৰিলোযে, তাতেইটো সমস্যা ! তাৰেই সুবিধা লৈ কেতিয়াবা দুই-এটা ভক্ত আহি কাণ ঘূগোলা কৰেহি । আছে নহয় কিছুমান গোলাম ভক্ত ।
অ' এটা কথা, আপোনালোকে "ভক্ত" বুলোতে ৰাজনৈতিক নেতাৰ ভক্ত বুলি নাভাবিব আকৌ । ৰাজনৈতিক কোনো নেতাৰ লগত কোনো লেনা-দেনাও মোৰ নাই, কোনো বিৰোধো নাই । গতিকে ৰাজনীতিৰ যি ভাগৰে ভক্ত নাহক সকলোৰে জয়ধ্বনি কি শংখধ্বনি সকলো শুনিবলৈ কাণ খৰকিয়ায়েই থৈছো ।
খং উঠে মাথো কেতিয়াবা লগপোৱা আন কিছুমান ভক্তৰ কথাত । সৌ ককা-আইতাৰ দিনতেই ভাগি যোৱা বৃটিছৰ কথা ওলালেই কিছুমানে বৃটিছে কিমান উপকাৰ কৰি থৈ গ'ল তাৰ তালিকা এনেকে দিব নহয় শুনিলেই খং উঠে । নিজৰ দেশীয় ভাষাবোৰক যে ধ্বংস কৰি ইংৰাজীৰ ভূতটো মেকলেই দি থৈ গ'ল সেইটো নাভাবি কয় "ইংৰাজে বোলে আমাক ইংৰাজী ভাষা দি থৈ গ'ল ।" নিজৰ স্বাৰ্থত সম্পদ লুণ্ঠনৰ বাবে ডেলহাউচিৰ দিনত ৰে'ল লাইন, নিজৰ সুবিধাৰ বাবে ডাক ব্যৱস্থা, টেলিগ্ৰাফ ব্যৱস্থাৰ প্ৰচলন কৰিলে, উ... দুটামানে বুজে ইংৰাজে আমাক ৰে'ল দিলে, ডাক দিলে ইত্যাদি । বোপাহত, ইংৰাজে যি কৰিছিল প্ৰায়বোৰ নিজৰ স্বাৰ্থত কৰিছিল । ইংৰাজে দেশীয় অৰ্থনীতিৰ ৰাজহাড় ভাঙি নোযোৱা হ'লে আজিৰ তাৰিখত আমাৰ বৈভৱকে আমাৰ এশ কোটিৰ অধিক জনতাই খায় শেষ কৰিব নোৱাৰিলো হেতেন কিজানি !
ইংৰাজৰ পৰা আমাৰ বৰ বিশেষ শিকিব লগা আছিল বুলিও নাভাবো । ভাৰতীয় প্ৰাচীন জ্ঞানৰ মেটমৰা সম্ভাৰ ইমান বেছি যে ইংৰাজে ভাৰতীয়ক শিকোৱা শুকক বেদ পঢ়োৱাৰ লেখিয়া কথাই । ভাৰতীয় বহু পুৰাতন জ্ঞানক বিশ্বৰ বিভিন্ন দেশে নিজলৈ কঢ়িয়াই তাৰ ভেটিতে গৱেষণা কৰি অলেখ আৱিষ্কাৰ কৰিলে ।
ইমান লুটিলে, ইমান লুটিলে আনহে নালাগে খেল-ধেমালিকো বাদ নিদিলে । কিয় আমাৰ দেশতে শিকি ইংৰাজ চাহাব এজনে জানো ইংলেণ্ডৰ বেডমিন্ট নামৰ গাঁও এখনত প্ৰথম খেলোৱাৰ বাবেই খেলবিধৰ নাম "বেডমিন্টন" কৰা নাই ?
ৰ'ব, ভগৱানে সহায় কৰিলে পশ্চিমীয়া দেশ কিছুমানে আমাক বৌদ্ধিক ভাবে কিমান লুটিলে তাৰো এখন সৰু-সুৰা তালিকা এদিন বনাম ।
মুঠতে লুট-পাত । ভাৰতৰ বৈভৱ দেখিয়েইটো সাত সাগৰ তেৰ নদী পাৰ হৈ তেওঁলোক ইয়ালৈ আহিছিল । সেই লুটপাত কৰিবলৈ অহা মানুহ বিলাকে ভাৰতীয়ক কি-কি দিলে তাৰ তালিকা মোৰ আগত বেছিকৈ গালে নহয় ... তেজ গৰম হৈ আহে ! খঙতে তেনে লোকলৈ নামো বনাইছো বাপ্পেকে "গোলাম ভক্ত" ।
ভাৰতত ঊপনিৱেশিক সাম্ৰাজ্য গঠন কৰি আমাৰ দেশীয় অৰ্থৰে নিজ দেশৰ অৰ্থনৈতিক ভেটি টনকিয়াল কৰা কোম্পানীৰ বেপাৰী বুদ্ধিয়ে আমাক একালত বাৰুকৈয়ে শোষণ কৰিছিল । ভাৰতীয়সকলৰ পৰা সংগ্ৰহ কৰা ৰাজহৰ ধনৰে আমাৰ দেশৰ সম্পদ ক্ৰয় কৰি সেয়া পঠিয়াই দিছিল ইংলেণ্ডলৈ । বিনিময়ত ইংলেণ্ডৰ পৰা আমাৰ দেশে কিন্তু একো পোৱা নাছিল । আমাৰ দেশৰ ৰাজহৰেই ইংৰাজ বিষয়া-চিপাহী ইত্যাদিৰ দৰমহা, পেঞ্চন আদিৰ ব্যৱস্থা কৰা হৈছিল । ইয়াৰ ফলত এক বৃহৎ পৰিমাণৰ টকা আমাৰ দেশৰ পৰা নিৰ্গমণ ঘটিছিল ইংলেণ্ডলৈ ।
তাৰোপৰি আকৌ, ভাৰতলৈ আহি কাম কৰা বহু ইংৰাজ লোকে নিজৰ ধন পঠিয়াই দিছিল নিজ দেশৰ আপোনজনলৈ (Remittance) । এনেকৈও ভাৰতীয় অৰ্থ ওলাই গৈছিল বিদেশলৈ ।
সকলো মিলাই এক বুজন পৰিমাণৰ টকা ভাৰতৰ পৰা প্ৰতি বছৰে ইংলেণ্ডলৈ নিৰ্গমণ ঘটিছিল । সেই সময়ৰ এই পৰিঘটনাটোক লৈ প্ৰখ্যাত জাতীয়তাবাদি নেতা, পণ্ডিত, লেখক দাদাভাই নৌৰজীয়ে ( ০৪ ছেপ্তেম্বৰ ১৮২৫ - ৩০ জুন ১৯১৭ ) ১৮৬৭ চনত এটা তত্ত্ব প্ৰকাশ কৰিছিল যিটো "Drain of Wealth Theory" নামেৰে জনা যায় । "PROVERTY of UN-BRITISH RULE in INDIA" নামৰ তেখেতৰ গ্ৰন্থখনত এই তত্ত্বটোক তেখেতে উল্লেখ কৰিছে । নৌৰজীৰ মতে প্ৰতি বছৰে দেশীয় আয়ৰ চাৰি ভাগৰ এক অংশ আমাৰ দেশৰ পৰা ইংলেণ্ডলৈ নিৰ্গমণ ঘটিছিল ।
আনহাতে, প্ৰখ্যাত অৰ্থনীতিবিদ আৰ. চি. দত্তৰ মতে এই পৰিসংখ্যা হ'ল দেশীয় মুঠ ৰাজহৰ আধা ।
ভাবি চাওক, কিমান লুটিলে । এবছৰ-দুবছৰ নহয় ; হায়ৈ ... ।
এইবোৰ জানি-শুনি কাৰনো বাৰু ভাল লাগিব । তাৰ পাছতো যদি কয়, "বৃটিছে আমাক বহুত শিকাই থৈ গ'ল ।"
হুঁহ, বেয়া শব্দ দুটামানো মুখত নুফুটা হ'ল নহয় !!!
😡😡😡
শুভৰাত্ৰি দেই 🙏
ধন্যবাদ
➖➖➖➖➖➖➖
🌈আমাৰ ঠিকনা 📬
⚜ ফেচবুক জ্ঞান সম্ভাৰ⚜
✉ https://www.facebook.com/groups/372830512757409/
🔅◀🔸🔸🔸🔴🔹🔹🔹▶🔅
No comments:
Post a Comment