এটি নগঞা চৰিত্ৰ জেতুকী বাই

এগৰাকী উপেক্ষিত নাৰী ঃ

       অসমীয়া সংগীত জগতত ঠাইপোৱা বিগত শতিকাৰ এগৰাকী উপেক্ষিত নাৰী । বৃহত্তৰ পুৰণিগুদাম অঞ্চলৰ কাষৰে ভীমৰগাঁ‌ৱৰ এটি নাৰী চৰিত্ৰ যাৰ সময়ৰ কথা ক'ব পৰা লোকৰ সংখ্যা বৰকৈ কমি আহিলেও আজিও তেওঁ‌ জীয়াই আছে গীতৰ কথাত । "লুইত কোঁ‌ৱৰ ৰুদ্ৰ বৰুৱাৰ এটি গীতৰ মুখ্য চৰিত্ৰ এইগৰাকী নাৰীক আজিও অসমৰ ৰাইজে জানে, আজিও চিনে । মানুহৰ মুখে-মুখে গীতৰ সুৰে-সুৰে সেই পুৰণি গাঁ‌ৱৰ পুৰণি সুৰ লগা এটি অসমীয়া নাম "জেতুকী বাই"
পকা চুলিত লেপেটা খোৱাকৈ তেল সানি অসমীয়া পুৰণি লোক-সংগীতক আজিৰ যুগলৈ ৰাখিথৈ যোৱাত হয়তো চাগে সেই জেতুকী বাইৰো অৰিহণা ক'ৰবাত নহয় ক'ৰবাত আছে ।

    মানুহগৰাকীৰ ঘৰ নগাঁ‌ও জিলাৰ পুৰণিগুদাম ভীমৰ গাঁ‌ৱত । প্ৰাপ্ত তথ্যমতে, জেতুকী বাইৰ ঘৰত কোনোৱেই নাছিল, এগৰাকী অকশৰীয়া বৃদ্ধা । একমাত্ৰ জীয়েক ; তাকো কালে লৈ গ'ল । শোক আৰু সন্তাপক লুকুৱাই ৰাখি জীৱনৰ বিয়লি বেলাত নাম-গুণকে গাই তেওঁ‌ পাৰ কৰিছিল সময় । গাঁ‌ৱত এনে এটা উৎসৱ নাছিল, এনে এখন বিয়া হোৱা নাছিল য'ত জেতুকী বাইৰ প্ৰয়োজন নাছিল । বিশেষকৈ আই নাম, বিয়া নাম আদিৰ বাবে মানুহৰ মনলৈ অহা প্ৰথম নামটোৱেই আছিল জেতুকী বাই ।
সেয়ে, লুইত কোঁ‌ৱৰ ৰুদ্ৰ বৰুৱাদেৱে তেখেতৰ এটি জনপ্ৰিয় গীতৰ প্ৰথম কলিত  লিখিছিল :

"হয়েৰা জেতুকী বাই
চুলি তোৰ পকালি, দাঁতবোৰ সৰালি
পৰৰ ঘৰে ঘৰে নাম-গুণ গাই।"

ওৰেটো জীৱন মানুহৰ ঘৰে-ঘৰে নাম-গুণ গাই বয়সক পাহৰি যোৱা সৰবৰহী মহিলা তেওঁ‌ ।
এনে এখন বিয়া সেই সময়ত সেই ঠাইত হোৱা নাছিল য'ত জেতুকী বাইক মতা হোৱা নাছিল ।
গীতটোৰ পাছৰ কথাখিনিত তেখেতে লিখিছে,

"কাৰোবাৰ পুতেকে কোনোবাৰ জীয়েকক
নিবলৈ পাতিছে বিয়া
জোঁৱাইৰ বা কি নাম, যোৰা দি কি গাম
তোৰহে তৎ নাইকিয়া।
(বোলো) সাজিছ কাচিছ হয়
চাবি আক’ বাইটি তই
চহকীৰ বিয়ালৈ ছাল-ছিগা নামতীক
মতাৰ যে ঠিকনা নাই।"

কেও-কিছু নথকা, পৰকেই আপোন বুলি ভবা জেতুকী বাই । দৰিদ্ৰতাৰ লগত যুঁ‌জি-যুঁ‌জি অভ্যস্ত তেওঁ‌ । জীয়াই থাকিবলৈ নহয়, নাম গাই ঘূৰি-ফুৰি পৰৰ হিতৰ বাবে জীয়াই থকা জেতুকী বাইৰ বাবে নামেই যেন তেওঁ‌ৰ পৰিচয় । নাম-গুণৰ বাবে নহলেই নোহোৱা সেই জেতুকী বাইৰ গুৰুত্ব বিয়াৰ পাছত বৰ বিশেষ হয়তো নাথাকে ।
কোনো এখন বিয়াত টাকুৰি ঘূৰাদি ঘূৰি মানুহৰ মনত আনন্দ দিয়া জেতুকী বাইক বিয়াৰ পাছত হঠাতেই উপেক্ষিত হৈ পৰা যেন দেখি ৰুদ্ৰ বৰুৱাদেৱে এই গীতটোৰ শেষৰ ফাললৈ লিখিছে :

অ’ বোলো জেতুকী বাই
তোৰ যে জীয়েৰক যমে কাঢ়ি নিলে
বুকু শুদা পৰি যায়
পৰৰে জীয়ৰীক জোঁৱাইয়ে নিওঁতে
কান্দ তই নামকে গাই।
ৰভাঘৰ শুৱনি জীয়ৰী-বোৱাৰী
তোলৈ ঠাইকে নাই
বিয়াৰ তই নামতী বিয়াত হে সোঁৱৰে
পুৱালৈ পাহৰি যায়।

নিজৰ জীয়ৰী থাকিও নোহোৱা হোৱাৰ সেই দুখ আৰু আনৰ জীয়ৰীৰ কলপুলি তলৰ  বিদায় বেলা ; ক'ৰবাত এটা সাংঘাটিক দুখৰ অনুৰণন থকা সম্পৰ্ক নাইনে ! সেয়ে হয়তো পৰকেই আপোন বুলি ঢাপলি মেলা "জেতুকী বাই" ।
      বেয়াও লাগে অ' ! জেতুকী বাইৰ দৰে এনে চৰিত্ৰ অসমৰ গাৱে-চহৰে অলেখ ওলাব । প্ৰয়োজনত বিচাৰি কামৰ শেষত গুৰুত্ব নিদিয়া দেখিয়েই চাগে শিল্পী মনৰ কোমল হৃদয়ত প্ৰচণ্ড আক্ষেপ আৰু দুখৰ উদগিৰণে লুইত কোঁ‌ৰৰ কলমৰে নিগৰাইছিল এই গীতটি ।

   হ'লেও ভাল কামৰ সু-বাদ সদায়ে থাকে । দৰাচলতেই উপেক্ষিত নহয় জেতুকী বাই । তেওঁ‌ৰে গাঁ‌ৱৰে মহান শিল্পীৰ সৃষ্টিৰ কলমে শদিয়াৰ পৰা ধুবুৰীলৈ আজি শতিকাৰ পাছতো তেওঁ‌ক জীয়াই ৰাখিছে । কাহানিবাই পৃথিৱীৰ কোলা এৰা সেইগৰাকী মহিলাৰ নাম সুৰৰ লহৰত আজিও বাজিছে মানুহৰ প্ৰাণে-প্ৰাণে ; কম ডাঙৰ কথানে !
শেষত কামনা কৰোঁ‌, "মানুহক ভালপোৱা, পৰৰ সুখ-দুখৰে জীৱনৰ বাট বোলা জেতুকী বাই নামৰ সেই বিখ্যাত চৰিত্ৰটোৰ আত্মাক ভগৱানে সদগতি দিয়ক, দয়া কৰক !" সেই কামনাৰে 🙏

         শুভৰাত্ৰি 🎻

🌐 ফেচবুক জ্ঞান সম্ভাৰ  facebook Gyan Sambhar

Comments