📎
অন্য এক বিৰল প্ৰতিভা
➖➖➖➖➖➖➖➖
ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা :
➖➖➖➖➖➖➖➖
ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা :
অসম আৰু অসমীয়াৰ হিয়াৰ আমঠু ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা । মহাপুৰুষ দুজনাৰ পাছতেই কাললৈ খ্যাতি ৰাখি ভাষা-সাহিত্যৰ সেৱাৰে যিসকলে আমাক ধন্য কৰিলে সেইসকলৰ ভিতৰত কালজয়ী এইগৰাকী সাহিত্যিক সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা । এক বিৰল প্ৰতিভা, এক অসামান্য জীৱন গাথা । যাৰ চেতনাৰ পৰশত বিকশিত হৈছিল এটা ভাষা, এটা যুগ ।
সেইগৰাকী প্ৰতিভাৰ আঁকৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা দেৱলৈ ফেচবুক জ্ঞান সম্ভাৰৰ তৰফৰ পৰা #শ্ৰদ্ধাৰ্ঘ জ্ঞাপন কৰি আহক আমি তেখেতৰ বিষয়ে এক চমু আলোচনা কৰোঁ……………………….🙏

প্ৰাক স্বাধীনতা কালৰ কালজয়ী সাহিত্যিক তেওঁ । বুঢ়া লুইতৰ বুকুত লক্ষ্মী পূৰ্ণিমাৰ দিনা এইগৰাকী মহান সাহিত্যিক নগাঁৱৰ ওচৰৰ আঁহতগুৰি নামে ঠাইত দীননাথ বেজবৰুৱা-ৰ ঔৰষত আৰু থানেশ্বৰী বেজবৰুৱা-ৰ গৰ্ভত জন্ম হৈছিল । পিতৃ দীননাথ বেজবৰুৱাৰ তেখেত আছিল পঞ্চম পুত্ৰ । কিন্তু কোন চনত তেখেতৰ জন্ম হৈছিল তাক সঠিককৈ ক’ব পৰা নাযায় । বেজবৰুৱা দেৱে য’দিও তেখেতৰ আত্মজীৱনী মোৰ জীৱন-সোঁৱৰণ’-ত ১৮৬৮ খ্ৰী:ৰ নবেম্বৰ মাহ বুলি উল্লেখ কৰিছে তথাপি সেইয়া অনুমানৰ ওপৰতহে ধৰা হৈছে । ‘মোৰ জীৱন-সোঁৱৰণত’ এই প্ৰসঙ্গত তেখেতে লিখিছে, “কোন শকৰ কোন তাৰিখে মোৰ জন্ম হৈছিল, মোৰ মনত নাই পিতৃ-মাতৃৰ মুখৰ পৰা সেইটো সৰুতে শুনিছিলোঁ যদিও পাহৰিলোঁ । মই ডাঙৰ হলোঁ যেতিয়া মনতে এটা শক ভাবি সাজি লৈ মোৰ জন্মৰ শক তাৰিখ নিদিলে নচলা কাৰ্যবোৰৰ নিমিত্তে সেইটোকে ব্যৱহাৰ কৰিছিলোঁ । কাৰোবাক লাগিলে, সেই শক তাৰিখটোকে এইখিনিতে দিব পাৰোঁ । যথা – ১৮৬৮ খৃষ্টাব্দ, নবেম্বৰ মাহ ।’’
১৮৮৬ খৃষ্টাব্দত শিৱসাগৰৰ গৱৰ্ণমেণ্ট হাইস্কুলৰ পৰা প্ৰ্ৱেশিকা পৰীক্ষা পাছ কৰি তেখেতে কলিকতাত পঢ়িবলৈ যায় ।
১৮৮৮ খৃষ্টাব্দ, আধুনিক অসমীয়া সাহিত্য জগতৰ সূৰ্যোদয়ৰ সময় । বেজবৰুৱাকে প্ৰমুখ্য কৰি সেই সময়ত কলিকতাত পঢ়ি থকা অসমীয়া ছাত্ৰ সকলে সেই বছৰ "অসমীয়া ভাষা উন্নতি সাধিনী সভা" চমুকৈ( অ: ভা: উ: সা: ) নামে এখন সভাৰ প্ৰতিষ্ঠা কৰিছিল । ইয়াৰ পাছৰ বছৰ চন্দ্ৰকুমাৰ আগৰৱালাৰ সম্পাদনাত সভাৰ মুখপত্ৰ #জোনাকী নামৰ মাহেকীয়া আলোচনীখন প্ৰকাশ কৰা হৈছিল ।

‘জোনাকী’ৰ জড়িয়তে ষোড়শ শতিকাৰ ইংৰাজী সাহিত্যৰ ৰমন্যসবাদৰ যি ধাৰা সেইয়া অসমীয়া সাহিত্যলৈ সোমাই আহিছিল আৰু লক্ষ্মীনাথ বেজবৰুৱা আছিল তাৰ অন্যতম হোতা ।এই জোনাকীৰ পাততেই লক্ষ্মীনাথ বেজবৰুৱাই সাহিত্যিক জীৱন আৰম্ভ কৰিছিল লিতিকাই নামৰ নাটকখনেৰে । জোনাকীৰ প্ৰথম বছৰটোতে এইখন নাটক প্ৰকাশ পাইছিল । এইখিনিতেই উল্লেখযোগ্য, অসমীয়া সাহিত্যত চুটি গল্পৰ জনক বেজবৰুৱাৰ প্ৰথমটো চুটি গল্প #সেউতী-ও এই জোনাকীৰ পাততেই প্ৰকাশ পাইছিল ।
লক্ষ্মীনাথ বেজবৰুৱা দেৱ য’দিওবা গদ্য সাহিত্যিক বুলিয়েইহে বেছি জনপ্ৰিয় তথাপি, চন্দ্ৰকুমাৰ আগৱালাৰ সৈতে লগ হৈ বেজবৰুৱা দেৱে ‘কবিতা হয় যদি হওক, নহয় যদি নহওক’ বুলি কিছু কবিতা লিখিছিল আৰু অসমীয়া কবিতাত ৰমন্যাসবাদৰ এক জোৱাৰ সৃষ্টি কৰি নতুন ৰূপ প্ৰদান কৰিছিল । তাৰে কেইটামান কবিতা ড° মহেশ্বৰ নেওগে ক’বৰ দৰে, সোণপানীৰে ছপাই বন্ধাই থ’বলগীয়া। ১৯১৩ চনত প্ৰকাশিত বেজবৰুৱাদেৱৰ একমাত্ৰ কবিতা পুথি #কদমকলি-ত এই কবিতা সমূহ পোৱা যায় ।১৮৯১ খ্ৰীষ্টাব্দত বংগৰ বিখ্যাত ঠাকুৰ পৰিয়ালৰ হেমেন্দ্ৰনাথ ঠাকুৰৰ কন্যা প্ৰজ্ঞাসুন্দৰী দেৱীক তেখেতে বিয়া কৰায় ।
ইয়াৰ পাছত সাউদ ভোলানাথ বৰুৱাৰ লগত কাঠৰ ব্যৱসায় আৰম্ভ কৰে য’দিও পাছলৈ ১৯১২ চনৰ পৰা সেই ব্যৱসায় নিজাকৈ আৰম্ভ কৰে ।
‘জোনাকী’-ৰ তৃতীয় আৰু চতুৰ্থ বছৰৰ সম্পাদক আছিল বেজবৰুৱা । বেজবৰুৱাৰ সম্পাদনা কালতে জোনাকীৰ তৃতীয় বছৰত তেখেতৰ একমাত্ৰ উপন্যাস #পদুমকুঁৱৰী প্ৰকাশ হৈছিল ।
১৯০৯ চনৰ পৰা ১৯২৯ চনলৈকে #বাঁহী নামে আন এখন আলোচনীৰ সম্পাদনাৰেও তেখেতে সাহিত্যৰ পথাৰত এচাম সাহিত্যিকৰ সৃষ্টি কৰিছিল ।
১৯২৪ চনত অসম সাহিত্য সভাৰ গুৱাহাটী অধিৱেশনৰ সভাপতি আছিল বেজবৰুৱা । এইখিনিতেই উল্লেখযোগ্য যে, বেজবৰুৱা দেৱৰ নামৰ আগত লিখা #ৰসৰাজ উপাধিটো সাহিত্য সভাৰ মজিয়াৰ পৰাই অহা । ১৯৩১ চনত অসম সাহিত্য সভাৰ শিৱসাগৰ অধিৱেশনৰ সভাপতি নগেন্দ্ৰ নাৰায়ণ চৌধুৰীয়ে তেখেতক এই উপাধি প্ৰদান কৰিছিল ।
তাৰ পাছতেই ১৯৩১ ডিচেম্বৰ ২৯ তাৰিখে আন এক সম্বৰ্দ্ধনা সভাত বেজবৰুৱা দেৱক প্ৰদান কৰা সম্বৰ্দ্ধনাপত্ৰ খনত পোন প্ৰথম বাৰৰ বাবে #সাহিত্যৰথী বিভূষণৰে বিভূষিত কৰা হয় ।
ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা অসমীয়া সাহিত্যৰ এগৰাকী মহান কাণ্ডাৰী ।
ভট্টদেৱ যিদৰে অসমীয়া গদ্য সাহিত্যৰ জনক তেনেদৰে অসমীয়া গদ্য সাহিত্যত লক্ষ্মীনাথ বেজবৰুৱা হৈছে চুটিগল্পৰ জনক । বেজবৰুৱাৰ হাততেই অসমীয়া চুটিগল্পই জন্মলাভ কৰিছিল । তেখেতৰ হাতৰপৰাই #ছখন সাধু আৰু গল্প পুথি ওলায় –
‘সাধুকথাৰ কুকি’ ‘জোনবিৰি’(১৯১৩) ‘সুৰভি’(১৯০৯) ‘ককা দেউতা নাতিল’ৰা’(১৯১২) ‘বুঢ়ী আইৰ সাধু’ আৰু ‘জুনুকা’ ।
তেখেতৰ আন-আন ৰচনাৱলী সমূহ হ’ল :
‘কামৰ কৃতিত্ব লভিবৰ সংকেত’ (১৯০৩) ‘কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা’(১৯০৪)
‘কৃপাবৰ বৰুৱাৰ ওভতনি’ (১৯০৯) ‘দীননাথ বেজবৰুৱাৰ জীৱন চৰিত’ ‘শঙ্কৰদেউ’ ‘চিকৰপতি-নিকৰপতি’ ‘নোমল নাট’ ‘পাঁচনি নাট’ (১৯১৩) ‘শ্ৰী শঙ্কৰদেৱ-মাধৱদেৱ’ (১৯১৪) ‘বাখৰ’ (১৯১৪) ‘জয়মতী’ ‘বেলিমাৰ’ ‘চক্ৰধ্বজ সিংহ’ (১৯১৫) ‘ভাগৱতৰ কথা’ ‘কৃপাবৰ বৰুৱাৰ ভাবৰ বুৰবুৰণি’ (১৯৫১) ‘বৰবৰুৱাৰ বুলনি’ আদি । ‘কেহোঁকলি’ ‘মোৰ জীৱন-সোঁৱৰণ’ ‘দিনলেখা’ ‘পত্ৰলেখা’ আদি মৰণোত্তৰ প্ৰকাশ ।
The Religion of Love and Devotion তেখেতৰ একমাত্ৰ ইংৰাজী গ্ৰন্থ ।

উল্লেখযোগ্য যে, অসমৰ জাতীয় সংগীত ‘অ’ মোৰ আপোনাৰ দেশ’ বেজবৰুৱা দেৱৰ অমৰ সৃষ্টি ।
সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা আছিল এগৰাকী বিৰল প্ৰতিভাৰ আঁকৰ ।১৯৮৮ চনৰ পৰা ১৯৪০ চনলৈকে তেখেতে অসমীয়া সাহিত্যত এনে প্ৰভাৱ পেলাইছিল যে বহুতে এই সময়ছোৱাক 'বেজবৰুৱাৰ_যুগ’ বুলি অভিহিত কৰে ।
১৯৩৮ চনৰ ২৬ মাৰ্চত অসমীয়া সাহিত্যৰ মুকুটবিহীন সম্ৰাটজনে ইহলীলা সম্বৰণ কৰে ।
🙏💐…………..
সহায়ক গ্ৰন্থ সমূহ 📚 আৰু কৃতজ্ঞতা :
মোৰ জীৱন সোঁৱৰণ : লক্ষ্মীনাথ বেজবৰুৱা
অসমীয়া সাহিত্যৰ ৰূপৰেখা : মহেশ্বৰ নেওগ
অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত : সত্যেন্দ্ৰনাথ শৰ্মা
আধুনীক অসমীয়া সাহিত্যৰ ইতিহাস : ড° শৈলেন ভৰালী
আধুনীক অসমীয়া সাহিত্যৰ পৰিচয় : লীলা গগৈ (সম্পাদিত )

🎤ফেচবুকত আমাৰ ঠিকনা 📬
https://m.facebook.com/groups/372830512757409
ফেচবুক জ্ঞান সম্ভাৰ🙏-ৰ হৈ
ৰাজীৱ গোস্বামী

লক্ষ্মীনাথ বেজবৰুৱাৰ আন দুবিধ নাম
ReplyDelete