সমূহ শিখ ধৰ্মী লোকলৈ উৎসৱৰ অযুত শুভকামনাৰে.....................
খ্ৰীষ্টীয় চতুৰ্দশ শতিকাৰ পৰা পঞ্চদশ শতিকাৰ ভিতৰত মানৱ কল্যাণৰ বাবে কেইবা গৰাকীও মহাপুৰুষৰ এই পৃথিৱীলৈ আগমন ঘটিছিল ।
সমাজৰ বিভিন্ন অবিচাৰ-অনিয়মৰ পৰা মানুহক কল্যাণৰ পথত আগুৱাই নিবলৈ এইসকল মহাপুৰুষৰ আগমনে ধৰাধামক পৱিত্ৰ কৰি তুলিছিল ।
১৪৬৯ খ্ৰীষ্টাব্দত লাহোৰৰ তালবণ্ডীত এগৰাকী মহাপুৰুষৰ জন্ম হৈছিল । দিনটো আছিল কাতি মাহৰ পূৰ্ণিমা তিথি ।
তেখেতৰ দেউতাকৰ নাম আছিল কালু বেদী আৰু মাতৃৰ নাম ত্ৰিপতা । পৰিয়ালটোৰ কুলপুৰোহিত হৰদয়ালে শিশুটিৰ নাম ৰাখিছিল "নানক" ।
সৰুৰেপৰা নানক ধৰ্মীয় বিষয়ক লৈ আগ্ৰহী আছিল । শৈশৱতে নানকে এজন ধৰ্মীয় মৌলৱীৰ পৰা উৰ্দু আৰু পাৰ্চী ভাষা শিকাৰ লগতে বৈদ্যনাথ নামৰ এজন সংস্কৃত পণ্ডিতৰ পৰা সংস্কৃত ভাষা-শিক্ষাৰ জ্ঞান লাভ কৰিছিল ।

দেউতাক কালু বেদী আছিল এজন ব্যৱসায়ী । নিজৰ ব্যৱসায়ত পুতেক নানক জড়িত কৰি এসময়ত ব্যৱসায়ৰ সম্পূৰ্ণ দায়িত্ব পুতেকৰ হাতত এৰি দিয়াৰ এটা সাধাৰণ স্বপ্ন দেখিছিল বেদীয়ে । পিছে, দেউতাকৰ সেই স্বপ্ন নানকে কিন্তু পূৰণ নকৰিলে । আধ্যাত্মিক চিন্তা-ধাৰাৰ প্ৰতি আসক্ত নানক ব্যৱসায় বাণিজ্যৰ প্ৰতি আছিল খুবেই উদাসীন ।
এবাৰ দেউতাকে ব্যৱসায়ৰ বাবে দিয়া বহুতো ধন নানকে সাধু-সন্যাসীৰ লগত খৰছ কৰাত ব্যৱসায়ী পিতৃৰ নানান ককৰ্থনাৰ তেওঁ সন্মুখীন হ'ল । মনৰ বেজাৰত নানক গৈ চুলতানপুৰত থকা ভনীয়েক নানকীৰ ঘৰ পালেগৈ ।
তাতে তেওঁৰ চৌনী নামে এগৰাকী যুৱতীৰ সতে পৰিচয় ঘটে আৰু চৌনীকে জীৱনৰ সংগী কৰি নানক তাতে থাকিবলৈ লয় ।
চুলতানপুৰতেই দুয়োৰো মাজলৈ দুটি দেৱশিশু শ্ৰীচন্দ্ৰ আৰু লক্ষ্মী (পুত্ৰ) নামি আহে ।

বিভিন্ন ধৰ্মৰ ধৰ্মগুৰু সকলৰ জীৱনী অধ্যয়ন কৰিলে প্ৰায়ে এটা কথা দেখিবলৈ পোৱা যায় যে সংসাৰৰ বান্ধোনত তেখেতসকল বৰ আসক্ত নহয় বা সেই মায়াই তেওঁলোকক আৱৰি ৰাখিব নোৱাৰে । নানকৰো সেয়ে হ'ল ।
মাত্ৰ সাতাইছ বছৰ বয়সত কোনো এক শক্তিৰ সন্ধানত, সত্যৰ সন্ধানত সকলোকে এৰি তেওঁ বিভিন্ন ক্ষেত্ৰ ভ্ৰমণ কৰিবলৈ ওলাই গ'ল ।
বহু স্থান ভ্ৰমণ কৰিলে, বহুতো জ্ঞানী লোককো লগ পালে । কিন্তু সত্যৰ সন্ধান তেওঁক কোনেও দিব নোৱাৰিলে । এনেদৰে গৈ-গৈ তেওঁ মক্কা নগৰত উপস্থিত হ'ল ।
এদিন তাৰপৰাও উভটি আহিল আৰু আহি-আহি স্বদেশ পালেগি ।

ইয়াৰ পাছৰ ঘটনা । প্ৰচলিত জনবিশ্বাস অনুসৰি এদিন নানকে গা-ধুবলৈ পানীত বুৰ মাৰোতেই নোহোৱা হৈ গ'ল । বহু বিচাৰ-খোচাৰ কৰিও কোনোৱে নানকৰ সন্ধান উলিয়াব নোৱাৰিলে । তিনিদিনৰ পাছত তেখেত নিজেই ঘূৰি আহিল । প্ৰবাদ মতে পানীৰ তলৰে পৰাই বিষ্ণুদূতে তেওঁক বৈকুণ্ঠ পোৱালেগৈ আৰু তাত নি দীক্ষা প্ৰদান কৰায় ।
ইয়াৰ পাছত তেখেত ইৰাৱতি নদীৰ পাৰত পুত্ৰ-ভাৰ্যা সমন্বিতে থাকিবলৈ লয় আৰু ধৰ্ম চৰ্চাত মনোনিবেশ কৰে । পাছলৈ তেখেত শিখ সকলৰ ধৰ্মগুৰু ৰূপে প্ৰতিষ্ঠিত হয় ।
গুৰু নানকৰ ধৰ্ম সম্পৰ্কীয় বাণী সমূহেই হৈছে পৱিত্ৰ "আদি গ্ৰন্থ" আৰু "গুৰু গ্ৰন্থ চাহিব" ।
অ' ৰ'ব, এইখিনিতে এটা বিশেষ কথা কৈ থৈ যাওঁ । পৱিত্ৰ গ্ৰন্থ চাহিব পুথি খনৰ অনুলিপিত এটা ডাঙৰ বিশেষত্ব আছে । কি বাৰু জানেনে ?
গ্ৰন্থ চাহিবৰ মূল পুথিখন হাতেৰে লিখা । চাহিবৰ পৃষ্ঠাৰ সংখ্যা হৈছে ১,৪৩০ পৃষ্ঠা । কথা হ'ল ,এই পুথিভাগ যদি হাতেৰে বা ছপা কৰি অনুলিপি কৰা হয় তেন্তে তেতিয়াও পৃষ্ঠাৰ সংখ্যা একে থাকিব লাগিব । অনুলিপিকাৰে কোনো কাৰণত পৃষ্ঠাৰ সংখ্যা বঢ়াব বা কমাব নোৱাৰিব ।
কাতি মাহৰ পূৰ্ণিমা তিথিত এইজনা গুৰুৰ জন্মদিন । ভক্তপ্ৰাণ শিখ ধৰ্মী লোক সকলে তিনিদিনকৈ তেখেতৰ জন্মতিথি পালন কৰে ।
আমিও ফেচবুক জ্ঞান সম্ভাৰ পৰিয়ালে গুৰু জনাৰ এই পৱিত্ৰ জন্মদিনত তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাইছো আৰু দলটোৰ প্ৰতিজন শিখ ধৰ্মৰ সদস্য/সদস্যাক উৎসৱৰ হিয়াভৰা অভিনন্দন জ্ঞাপন কৰিছো ।

✿ এই লেখাৰ বাবে তথ্যৰ সহায় লৈছো
বন্দিতা গোস্বামী শৰ্মা বাইদেউৰ "বাৰে বৰণীয়া উৎসৱ" নামৰ গ্ৰন্থৰ পৰা ।
বাইদেউলৈকো এই সুযোগতে ধন্যবাদ জ্ঞাপন কৰিছো ।

☞ ফেচবুকত আমাৰ ঠিকনা 📬 :
https://m.facebook.com/groups/372830512757409
ফেচবুক জ্ঞান সম্ভাৰ 🙏

ভাল লাগিল। ইমান বহলাই জনাই নাছিলো। নানকৰ বিষয়ে সকলোতে সংক্ষেপতে পোৱা যায়।
ReplyDelete