ধনৰ সুবচনী

"ধনৰ সুবচনী"

➖➖➖➖➖


প্ৰভু শ্ৰীৰামচন্দ্ৰক বিশ্বামিত্ৰ মুনিয়ে সুধিছিল, "তোমাৰ আগত দুটা পথ আছে, চমু পথটো ভাল যদিও বিপদজনক কিন্তু দূৰৈৰ পথটো নিষ্কণ্টক ; তুমি এতিয়া কোনটো পথৰে যাবা ?"

শ্ৰীৰামচন্দ্ৰই তেতিয়া কৈছিল, "দূৰ পথ সু-গমন ।"


জীৱন-জীৱিকাৰ ক্ষেত্ৰখনো তেনেকুৱাই । "সততাৰ মৰণ নাই" বুলি মানি লৈ সৎ পথৰে উপাৰ্জনক্ষম হোৱাৰ আনন্দ আৰু সেই ধনৰে খোৱা আহাৰে সৎ চিন্তা, সৎ বুদ্ধি প্ৰদান কৰে বুলি ভাৰতীয় সভ্যতা-সংস্কৃতিয়ে অতীজৰে পৰা বিশ্বাস কৰি আহিছে আৰু সেই বিশ্বাসৰ ভেটিত পাছলৈ এনে এটা চিন্তা বদ্ধমূল হৈ পৰিছিল যাৰবাবে বহুলোকে এতিয়াও মূল কাৰণটো নজনিলেও আনৰ নাখায় ।


অতি বিলাসিতা আৰু ভোগবাদীতা আমাৰ আজিৰ সমাজ-ব্যৱস্থাৰ শত্ৰু । আদাক দেখি গা উঠা বহুজনে নিজৰ অভিপ্সু সিদ্ধিৰ বাবে বেঁকা পথৰে ধন আৰ্জিবলৈকো বাদ নিদিয়ে । কোনোৱে আনক ঠগি, প্ৰয়োজনত বধি হ'লেও পৰৰ ধনৰে ধনৰ পাহাৰ বনাবলৈও ভয় কৰা নাই ।

সত্যতাক তেওঁলোকেও জানে, তেওঁলোকেও জানে যে এদিন নহয় এদিন দুষ্কাৰ্যৰ ফল ভোগ কৰিব লাগিবই কিন্তু, ভৱিষ্যতৰ ভয়ক পৰিহৰি বৰ্তমানৰ দৈহিক আৰু মানসিক সুখৰ তাৰণাত তেওঁলোক হৈ পৰে ৰুগ্ন, হৈ পৰে অন্ধ ।

সহজতে ধন আহৰণৰ বাবে বেঁকা পথৰে ধন আৰ্জনৰ চমু পথে জীৱনত ক্ষন্তেকৰ পোহৰ সিঁচে ঠিকেই কিন্তু এক তামস ভৱিষ্যতক মাতি আনি জীৱন কৰে পথভ্ৰষ্ট, দিয়ে বহু কষ্ট ।


কৰ্মইহে ধনৰ মূল উৎস । সেই কৰ্ম আকৌ হ'ব লাগিব নিজৰ আৰু পৰৰ উপযোগী নাইবা উপকাৰী । তেনে কৰ্মৰে অৰ্জা ধনে কাৰো ক্ষতি নকৰে আৰু সেয়ে সৎ কৰ্মৰে অৰ্জা ধনৰে পাহাৰ সৃষ্টিতো দোষ হ'ব নোৱাৰে । তেনে সৎ কৰ্মৰে উপাৰ্জিত ধনৰ দানহে পূণ্য প্ৰদায়িনী বুলি বিশ্বাস কৰা হয় । আনক ঠগি বা অসৎ উপায়েৰে অৰ্জা কোনো ধনৰে কৰা দান শুভ বুলি গণ্য কৰা নহয় ।

ভাৰতীয় চিন্তা-ধাৰাই বিশ্বাস কৰে যে, এজনে অসৎ কাৰ্যৰে কৰা উপাৰ্জনৰ ফল তেৱেই কেৱল ভোগ নকৰে তাৰ ভোগী সকলেও পাপ কৰ্মৰ ফল ভোগ কৰিব লগা হয় । সেয়ে সৎ কৰ্মৰ প্ৰতি সৰুৰেপৰাই প্ৰত্যেক সন্তানক শিক্ষা দিয়াটো পৰম কৰ্তব্য আৰু দায়িত্ব ।


অৰ্থনীতি বিজ্ঞানৰ পিতামহ আদাম স্মীথে কৈছিল "অভাৱ অন্তহীন" । এই অন্তহীন অভাৱ পূৰাবলৈ মানুহৰ তেন্তে আশাও অন্তহীন আৰু তাৰে তাৰণাৰ বাবেই মানুহে কৰ্মকৰে কিন্তু অধিক ভোগবাদী মানুহৰ কৰ্মৰ বাবে সময়ে বা ক'ত । আনৰ দেখি নিজক ধনী কৰিবলৈ সেইসকলে প্ৰয়োজনত বেঁকা পথ ল'বলৈ কুণ্ঠিত নহব পাৰে কিন্তু পাপে হেনো বাপকো নাচাৰে ।

সন্তানক সৰুৰেপৰা এই শিক্ষা সদায় দিয়ক যেন ডাঙৰ হৈ প্ৰয়োজনৰ বাবেহে বিলাসিতাক গুৰুত্ব দিয়ে । তেওঁলোকে যেন বিলাসিতাৰ বাবে প্ৰয়োজনবোধ কাহানিও নকৰে । সেয়েচাগে হজৰত মহম্মদে কৈছিল, "প্ৰয়োজনতকৈ অধিক ৰখাটো পাপ ।"

আনৰ আছে বাবে মোকো লাগিব এই ধাৰণা অতি ভয়ানক । আপোনাৰ সঁচা প্ৰয়োজন আছে যদিহে লাগিব আৰু সেই প্ৰয়োজনক পূৰণ কৰিবলৈ আপুনি কৰ্ম কৰিব লাগিব ; যদি নকৰে .........,

তেতিয়া দুটা কথা হ'ব, হয়তো বস্তুটো নাপাব নহ'লে, বস্তুটোৰ তাৰণাত বেঁকা পথ ল'ব লাগিব যি পথ পাপ আৰু অপৰাধৰে মুজেইক কৰা । তাৰ ওপৰদি কঢ়া খোজৰ বাবে এদিন নহয় এদিন পিচলি পৰিবই লাগিব ।

সেয়ে গীতাৰ মতে "কৰ্ম শ্ৰেষ্ঠ" । এই পৃথিৱীত কৰ্মইহে সকলো দিবলৈ সক্ষম ।


এই পৃথিৱীত এনে কিছু মানুহ আছে যি আনৰ অপকাৰ কৰি, ঠগি হ'লেও উপাৰ্জনৰ বাবে নিজৰ বিবেক আৰু বিবেচনাক পাপৰ হাতত বিক্ৰী কৰি দিয়ে । আনৰ উপাৰ্জন, আনৰ ধন, আনৰ সম্পত্তিৰ প্ৰতি থকা মোহ এই পৃথিৱীৰ আন এক অপশক্তি । এই শক্তিৰ বাবে ভুক্তভোগীসকলৰ মনত সৃষ্ট দুখ-বেজাৰ আদি নকৰাত্মক শক্তি একত্ৰ হৈ দুষ্কাৰ্য কৰাজনৰ প্ৰতি অদৃশ্য এক প্ৰচণ্ড শক্তিশেলৰ সৃষ্টি হয় যাৰপৰা বচাৰ কোনো উপায় নাথাকে । আঙঠি, তাবিজ, মন্ত্ৰ, পূজা একোহে সেই পাপ শক্তিৰ পৰা তেওঁক বচাবগে নোৱাৰে ।

মোৰ মনত পৰে, সৰুতেই দেউতাই মোক কোৱা এটা বাক্য, তেতিয়া বুজা নাছিলো আৰু কোনো গুৰুত্বও দিয়া নাছিলো । এতিয়া বুজিছো সেই কথাটো সঁচা । দেউতাই কৈছিল, "পৰৰ দ্ৰব্যক বিষ্ঠা জ্ঞান কৰিব লাগে ।" কথাটোত তাৎপৰ্য আছে আৰু বাক্যটোৰ প্ৰায়োগিক দিশো আছে ।


আনে কিমান উপাৰ্জন কৰিলে সেই কথালৈ কেতিয়াও মন কৰাৰ কোনো দৰকাৰ নাই । আনৰ লগত কৰা ধনৰ প্ৰতিযোগিতা বা আনক দেখি জেদত গঢ়া সম্পত্তিৰ পাহাৰ বিধ্বংসী । মূল কথা হ'ল প্ৰয়োজন । প্ৰয়োজনৰ বাবেহে সম্পদ আৰু সম্পদৰ বাবে কিন্তু কৰ্ম । আপোন সৎ-কৰ্মৰ মাজেদি গঢ়া সম্পত্তিহে নিজৰ আৰু সেই সম্পত্তিকহে আপুনি ভোগ কৰিবলৈ পাব বা সেই সম্পত্তিহে আপোনাৰ সৎ কামত খাটিব ।

ব্যক্তিৰ পৰিচয়ো ধন বা সম্পত্তিৰে নহয় । আজিকালি এটা ঢৌ উঠিছে, ক'লা পালচাৰ লোৱা ল'ৰাজন, পথৰ কাষৰ অট্টালিকাটোৰ মালিক ইত্যাদি-ইত্যাদি । ধন আৰু বস্তুসৰ্বস্বতাৰে পূৰ্ণ এখন সমাজৰ এইয়া প্ৰমাণৰ বাহিৰে আন একো নহয় । মানুহৰ ধন-সম্পদ মানুহৰ পৰিচয় হ'বগে নোৱাৰে । মানুহৰ পৰিচয় কৰ্মৰে, জ্ঞানৰে, প্ৰতিভাৰে । আপোনাৰ পৰিচয় আপোনাৰ কৰ্ম, আপোনাৰ জ্ঞান বা আপোনাৰ মাজত থকা প্ৰতিভাহে ।

এই কথাটোত নিজেও কৈ ভাল লাগিছে যে নিজেও আজিলৈকে কোনো মানুহৰ প্ৰতি ধনৰ বাবে আকৰ্ষিত হোৱা নাই । সহজেই ব্যক্তিৰ প্ৰতি বেছি আকৰ্ষিত হওঁ ব্যক্তিৰ প্ৰতিভা আৰু জ্ঞানৰ বাবে । "জ্ঞানৰ ওচৰত বোলে ৰজায়ো মূৰ পেলাই" --- সৰুৰে পৰাই শুনি-শুনি জ্ঞানীজনৰ প্ৰতি সাধাৰণতেই থাকে মোৰ দুৰ্বলতা, শ্ৰদ্ধা ।


সৎ কৰ্ম, সৎ বুদ্ধিৰ প্ৰাপ্তিও এক সাধনাহে । সৰুৰেপৰা ইয়াক আৰ্জন কৰিবলৈ নীতি-জ্ঞান প্ৰদান কৰাটো অতি প্ৰয়োজনীয় । পৰিৱেশ আৰু সময়ে এজন ব্যক্তিৰ মাজত ধুমুহাৰ সৃষ্টি ঘটাব পাৰিলেও শৈশৱৰ পৰা পোৱা সততাৰ জ্ঞানে যেনেকৈয়ে নহওক ভৱিষ্যতৰ জটিল ক্ষণতো ব্যক্তিক ধৰি ৰাখিব পাৰে । সেয়ে প্ৰতি অভিভাবকৰ পৰম কৰ্তব্য, সন্তানক কেৱল কিমান চাৰ্টিফিকেট দিয়াব পাৰিলে তাৰে নিজৰ কৰ্তব্য আৰু দায়িত্বক নুজুখিব, তেওঁলোকক কিমান নীতি-জ্ঞানদি এজন সৎ নাগৰিক কৰিব পাৰিছে তাত প্ৰথম গুৰুত্ব দিয়ক । এইক্ষেত্ৰত আমাৰ শিক্ষক সমাজো সমানেই দায়বদ্ধ ।

সাধাৰণতেই নীতি-জ্ঞানৰ কথা বিদ্যালয়ৰ বাহিৰে সামাজিক মাধ্যমসমূহত ক'ব নিবিচাৰো । বিশেষকৈ ফেচবুক জ্ঞান সম্ভাৰত এনে লেখা সম্ভৱতঃ এয়ে প্ৰথম । মহম্মদৰ মিঠাই খোৱা কাহিনীটো আমি সৰু কালতেই পাঠ্যপুথিত পঢ়িছিলো । আনক ক'বৰ জোখাৰে নিতৌ সাধনাত ব্ৰতী বাবেই চাগে এনে কথাবোৰ কোৱা নহয় ।

আজি লিখিলো, দায়-দোষ নধৰে যেন।

"সৰ্ব সুখীনা ভৱন্তু.............

সকলোৰে দিনটো শুভ হওক, প্ৰজ্ঞাপূৰ্ণ হওক ! জ্ঞানেই শক্তি আৰু এই মহান শক্তিক ধাৰণ কৰিবলৈ নিজৰ লগতে সকলোকে ভগৱানে/আল্লাই শক্তি দিয়ক !

এই কামনাৰে.............
                                    ৰাজীৱ গোস্বামী


🎤 ফেচবুকত দুটিমান ভাল কথা পাতিবলৈ আমি আছো আপোনাৰ সতে তলৰ ঠিকনাত 📬 । এখন ভাল প্ৰফাইল ফটো আৰু আপোনাৰ নাম-ঠিকনাযুক্ত ফেচবুক একাউন্টটোৰে আমাৰ মাজলৈ আহক 🔦

https://www.facebook.com/groups/372830512757409/

                 🔅ফেচবুক জ্ঞান সম্ভাৰ🔅


📶 8⃣0⃣1⃣1⃣......

💠🔹🔹🔹🔹🔹💠

No comments:

Post a Comment

নতুন লেখা / ছবি

গ্ৰীষ্মৰ আতঙ্ক

ইমান অত্যাচাৰ ! নষ্টজোৱা, হতশ্ৰীহোৱাবোৰৰ পৰা সঁ‌চাই শান্তি নোহোৱা হৈছেগে । নাপায়, ইমান অত্যাচাৰী  হ'বগে নালাগে । যিহে অত্যাচাৰ হৈছে, যি ...