চুম্বক আৱিষ্কাৰৰ কাহিনী



বিজ্ঞানৰ বিভিন্ন আৱিষ্কাৰৰ কাহিনী সঁচাই
আমোদজনক ।
ফেচবুক জ্ঞান সম্ভাৰৰ মাননীয় সদস্য-সদস্যা সকল,আজি কবলৈ ওলাইছো বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ জগতত সুদুৰ প্ৰসাৰী প্ৰভাৱ পেলোৱা এক আৱিষ্কাৰৰ কথা ।
ঘটনাটো সম্ভৱতঃ গ্ৰীচৰ ।
মেগনিছ নামৰ এজন ভেড়াৰখীয়া আছিল ।
পুৱাতেই ভেড়াৰ জাকটো লৈ চৰাই ফুৰি
সন্ধিয়া ভেড়াবোৰ লৈ তেওঁ ঘৰলৈ উভটে ।
দৈনিক দিনলিপিত ভেড়াবোৰ তেওঁৰ যেন পথৰ
লগৰী । এডাল লাঠি আৰু এটা মোনা লৈ ওৰেটো
দিন ঘূৰি-ফুৰে তেওঁ ।
এদিনৰ ঘটনা, ভেড়াৰ জাকটো লৈ শিলাময়
পাহাৰ এটাত তেওঁ আগবাঢ়িছে ।
হাতৰ লাখুটি ডালত ভেজা দি কঠিন শিলৰ
ওপৰেদি খুপি-খুপি আগবাঢ়োতে হঠাতে তেওঁ
থমকি ৰ’ব লগা হ’ল । কি আচৰিত, তেওঁ আগবাঢ়িব খোজিলেও হাতৰ লাখুটি ডালে তেওঁক আগুৱাই যোৱাত বাধা প্ৰদান কৰিছে । ঘটনাটোত
মেগনিছ চমকি উঠিল !!!! 
এক অদৃশ্য শক্তিয়ে এটা ক’লা শিলৰ ওপৰত তেওঁৰ লাখুটি ডাল জোৰেৰে লগাই ৰাখিছে । 
ঘটনাটোত বিস্ময় মানিলে সেই ভেড়া ৰখিয়াজনে । লাখুটিডালৰ লো লগোৱা আগটো শিলটোত জোৰেৰে লাগি থকাত গাৰশক্তি প্ৰয়োগ কৰোতে যেনিবা লাখুটিদাল আঁতৰি আহিল ।
প্ৰকৃততে শিলটো আছিল এটা প্ৰাকৃতিক চুম্বক ।
ঘটনাটোত সেই শিলটোও বিখ্যাত হৈ পৰিল ।
পাছলৈ ভেড়াৰখীয়াজনৰ নামেৰে গ্ৰীক সকলে
এনে শিলক ‘মেগনেটাইট’ নাম দিছিল আৰু
পাছলৈ এই শব্দটোৰ পৰাই ‘মেগনেট’ শব্দটোৰ সৃষ্টি হ’ল ।
এই ‘মেগনেট’ বা চুম্বকক লৈ চলিল বহু গৱেষণা ।
অ’......., প্ৰেৰি গ্ৰীনাছ নামৰ এজন বিজ্ঞানীয়ে
চুম্বকৰ এটা ডাঙৰ বৈশিষ্ট আৱিষ্কাৰ কৰিছিল ।
তেখেতে লক্ষ্য কৰিছিল, মুক্তভাৱে ওলমাই ৰখা
চুম্বকে সদায় উত্তৰা-দক্ষিণাকৈ থাকে

আজিলৈ ইমানতে সামৰিছো ।
আপোনালোকলৈ শ্ৰদ্ধাৰে.........
     ফেচবুক জ্ঞান সম্ভাৰ
*ফেচবুকত আমাৰ ঠিকনা : https://m.facebook.com/groups/372830512757409?

◀🔅🔹🔹🔹⚫🔹🔹🔹🔅▶

No comments:

Post a Comment

নতুন লেখা / ছবি

গ্ৰীষ্মৰ আতঙ্ক

ইমান অত্যাচাৰ ! নষ্টজোৱা, হতশ্ৰীহোৱাবোৰৰ পৰা সঁ‌চাই শান্তি নোহোৱা হৈছেগে । নাপায়, ইমান অত্যাচাৰী  হ'বগে নালাগে । যিহে অত্যাচাৰ হৈছে, যি ...