❇
কৃষ্ণ,
এক চমু আলোকপাত ............
“যদা যদা হি ধৰ্ম্মস্য গ্লানিৰ্ভৱতি ভাৰত ।অভুত্থানমধৰ্ম্মস্য তদাত্মানং সৃজাম্যহম্ ।।
পৰিত্ৰাণায় সাধুনাং বিনাশায়চ দুষ্কৃতাম ।
ধৰ্ম্ম সংস্থাপনাৰথায় সম্ভৱামি যুগে-যুগে ।। ৮
—--- চতুর্থ আধ্যায়/গীতা
অধৰ্মৰ অৰ্ভূত্থান ঘটি যেতিয়া ধর্মত নানান অধর্মই আহি গ্লানি আনে আৰু অসৎ লোকৰ হাতত যেতিয়া সাধু সকলে নিগ্ৰহ ভূঞ্জে তেতিয়া ধৰ্মক ৰক্ষা কৰিবৰ বাবে, সাধু সকলক ৰক্ষা কৰিবৰ বাবে ভগৱানে যুগে-যুগে পৃথিৱীত অৱতাৰ ধাৰণ কৰে । তাৰ উদাহৰণ বিশ্ব ইতিহাসত বহুতো দিব পৰা যায় আৰু তাৰে ভিতৰত কৃষ্ণও অন্যতম ।
আজি জন্মাষ্টমী, হিন্দু সকলৰ আৰাধ্য দেৱতা ভগৱান শ্ৰীকৃষ্ণৰ উপজা দিন । ভাৰতৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তত ভগৱানৰ জন্মদিনটো অতি উলহ-মালহৰে ভক্তি প্ৰেমত একাত্ম হৈ পালন কৰা হয় । এই আপাহতে জ্ঞান সম্ভাৰৰ মজিয়াত আহক ভগৱান শ্ৰীকৃষ্ণৰ বিষয়ে আলোচনা কৰোঁ ................

বিষ্ণুৰ পূৰ্ণ অৱতাৰ ভগৱান শ্ৰী কৃষ্ণ । “কৃষ্ণ” শব্দটো কৃষ ধাতুৰ পৰা সষ্টি হোৱা আৰু কৃষি/সংসাৰৰ সৈতে জৰিত । তাতে ‘ণ’ মুক্তি বাচক । “কৃষ্ণ” শব্দই আকৌ ক'লাও বুজাই ।
দ্বাপৰ যুগৰ শেষৰ ফালে বৃষ্ণি বংশত পিতৃ বাসুদেৱ আৰু মাতৃ দৈৱকীৰ অষ্টম পুত্ৰ ৰূপে এখেতে জন্ম গ্ৰহণ কৰে । ভাদ মাহৰ কৃষ্ণ পক্ষ অষ্টমী তিথিৰ মাজনিশা মথুৰাৰ ৰজা কংশৰ কাৰাগাৰত কৃষ্ণৰ জন্ম । ঘটনাৰ তাগিদাত জন্ম নিশাই দৈৱশক্তিৰ সহায়ত তেখেত গকুলৰ নন্দ গৃহলৈ স্থানান্তৰ হয় আৰু তাতে ডাঙৰ হয় ।
নানন বৰ্ণাঢ্য ঘটনাৰ মাজেৰে নন্দক পিতৃ আৰু যশোদাক মতৃ ৰূপে গ্ৰহণ কৰি শৈশৱ পাৰ কৰে আৰু বহুতো অসুৰ নিধন কৰি সকলোকে আচৰিত কৰে । শৈশৱ-কৈশোৰত গুৰু সান্দিপনীৰ ওচৰত কৃষ্ণে শিক্ষা গ্ৰহণ কৰে । এইজন সান্দিপনী গুৰুৰ আশ্ৰমতে কৃষ্ণই ভগৱান পৰশুৰামৰ পৰা অস্ত্ৰ সুদৰ্শন চক্ৰ লাভ কৰিছিল ।
শিক্ষা গ্রহণৰ পাছত ঘটনাক্রমে কৃষ্ণ আৰু তেওঁৰ ককায়েক বলৰামে মথুৰালৈ যাত্ৰা কৰে আৰু মথুৰাৰ অত্যাচাৰী ৰজা মোমায়েক কংশক নিধন কৰি কংশৰ দেউতাক উগ্ৰসেনক কাৰাগাৰৰ পৰা মুক্ত কৰে আৰু ককাকক ৰজা পাতি নিজেও ৰাজনীতিৰ লগত জৰিত হৈ পৰে ।
ইয়াৰ পাছত তেওঁ সাগৰৰ মাজত দ্বাৰকা নামে এখন ৰাজ্য প্রতিষ্ঠা কৰে আৰু এগৰাকী অসমীয়া কন্যা ভীষ্মক ৰজাৰ জীয়ৰী ৰাজকুমাৰী ৰুক্মিণীক বিয়া কৰাই ।
দ্রৌপদীৰ সয়ম্বৰ সভাত কৃষ্ণৰ সতে পঞ্চ-পাণ্ডবৰ চিনাকী হয় আৰু পাছলৈ সম্পৰ্ক ঘটে । তাৰে পৰিণতিত পাছলৈ বিশাল মহাভাৰতীয় কাণ্ডত কৃষ্ণ হৈ পৰে মহানায়ক । সেই মহাভাৰীয় যুদ্ধৰ একপ্ৰকাৰ চালিকা শক্তি হৈ কৃষ্ণই এজন সু-চতুৰ ৰাজনীতিজ্ঞৰ পৰিচয় ডাঙি ধৰে । উল্লেখযোগ্য, মহাভাৰতীয় যুদ্ধৰ প্ৰাকক্ষণত যুদ্ধৰ প্ৰতি উদাস অৰ্জুনক এইজন কৃষ্ণই মহান গীতা শাস্ত্র ৰচি অৰ্জুনক শ্ৰৱণ কৰাইছিল আৰু উদাসীনতা দূৰ কৰিছিল ।
ৰাজনীতি, যুধনীতি, সমাজনীতি আৰু ধৰ্মনীতিত মহান পণ্ডিত আছিল তেওঁ ।
কুৰুক্ষেত্ৰ ৰণৰ পাছত গান্ধাৰীৰ পৰা শাপগ্ৰস্ত হৈছিল এইজন কৃষ্ণ । মহাভাৰতীয় যুদ্ধৰ পাছত (প্ৰাপ্ত তথ্য মতে ৩৬ বছৰ ) সেই শাপৰ পৰিণতিত তেওঁৰ বংশ ধ্বংস হৈছিল ।
নিজ বংসৰ ধ্বসৰ পাছত “জৰা” নামে ব্যাধে কৃষ্ণৰ চৰণক হৰিণা বুলি নিক্ষেপ কৰা শৰৰে বৃদ্ধ হৈ শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ প্ৰাপ্তি ঘটে ।

🔴
🙏 কৃতজ্ঞতা আৰু সহায়ক গ্ৰন্থ📚
হেমকোষ —--- হেমচন্দ্র বৰুৱা,
নাৰায়ণ বৰপূজাৰীৰ —---- কীৰ্ত্তন ঘোষা সহায়িকা
নাৰায়ণ বৰপূজাৰীৰ —---- কীৰ্ত্তন ঘোষা সহায়িকা
ফেচবুক আমাৰ ঠিকনা :
https://www.facebook.com/groups/372830512757409/
https://www.facebook.com/groups/372830512757409/
◀🔵🔹🔸💠🔸🔸🔘🔸🔸💠🔸🔹🔵▶
No comments:
Post a Comment