১৫ আগষ্টৰ প্ৰসংগত
💠🔸🔸🔸🔵🔸🔸🔸💠
কালিলৈ ১৫ আগষ্ট ।
আমাৰ দেশে এই বিশেষ দিনটোক "স্বাধীনতা দিৱস" নামেৰে পালন কৰিব । অৱশ্যে, ভাৰতৰ লগতে এই দিনটো "দক্ষিণ কোৰিয়া"-ৰো স্বাধীনতা দিৱস ।
চিপাহী বিদ্ৰোহৰ পাছত পোনপটিয়াকৈ ভাৰত শাসন কৰিবলৈ লোৱা ইংলেণ্ডে লাহে-লাহে অনুভৱ কৰিছিল যে ভাৰতত বাঢ়ি অহা ৰাজনৈতিক অস্থিৰতাৰ সমাধান কেৱল স্বাধীনতা । সেয়ে ১৯৪৭ চনৰ ফেব্ৰুৱাৰীত তেতিয়াৰ ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্লীমেন্ট এটলীয়ে প্ৰতিশ্ৰুতি দিছিল ১৯৪৮ চনৰ ভিতৰত ভাৰতক স্বাধীনতা প্ৰদান কৰা হ'ব । কিন্তু ইয়াৰ কেইমাহমানৰ পাছতেই ভাৰতৰ তদানীন্তন ভাইচৰয় "লুইচ মাউন্টবেটেন"-ৰ পৰামৰ্শ আৰু অনুৰোধত ভাৰতৰ স্বাধীনতাৰ প্ৰক্ৰিয়াটো কিছু ক্ষিপ্ৰ কৰা হ'ল ।
ভাইচৰয় গৰাকীয়ে সেই সময়ত কংগ্ৰেছ আৰু মুছলীম লীগৰ মাজত বাঢ়ি অহা মতানৈক্যৰ বিষময় পৰিস্থিতিয়ে ভাৰতীয় ৰাজনৈতিক আৰু সামাজিক জীৱনত ভয়ংকৰ প্ৰভাৱ পেলাব পাৰে বুলি সন্দেহ কৰি ইংলেণ্ডক স্বাধীনতাৰ প্ৰক্ৰিয়াটো সোনকালে সম্পন্ন কৰিবলৈ অনুৰোধ জনাইছিল। ইমানেই নহয়, স্বাধীনতাৰ বাব "১৫ আগষ্ট"-ৰ দিনটোক তেওঁৱেই নিৰ্বাচনো কৰিছিল ।
তাৰো এক ঐতিহাসিক কাৰণ আছে ।
ফেচবুক জ্ঞান সম্ভাৰৰ মাননীয় সদস্য সকল, এই তথ্যৰ বাবে আগতীয়াকৈ মই কৃতজ্ঞতা জনাই লৈছো অসমীয়া ৱিকিপিডিয়াৰ পৰিয়ালবৰ্গক ।
যি কি নহওঁক, ভাইচৰয় মাউন্টবেটেনে ১৯৪৭ চনৰ "১৫ আগষ্ট" দিনটোকে ভাৰতীৰ স্বাধীনতাৰ বাবে উপযুক্ত দিন হ'ব বুলি ঠিক কৰিছিল ।
এই দিনটোত বিশ্ব ইতিহাসত আন এক বিশেষ ঘটনা সংঘটিত হৈছিল । এই দিনটোতে দ্বিতীয় বিশ্বযুদ্ধত জাপানে আত্ম-সমৰ্পন কৰিছিল আৰু ১৯৪৭ চনৰ "১৫ আগষ্ট" দিনটো সেই ঘটনাৰ আছিল দ্বিতীয় বাৰ্ষিকী ।
সকলোকে শ্ৰদ্ধা জনাই আজিলৈ সামৰিছো ।
নিশাটো সকলোৰে বাবে শুভ হওঁক !
🌸 ধন্যবাদ ✨
🎤🔊ফেচবুকত আমাৰ ঠিকনা📮
https://www.facebook.com/groups/372830512757409/
🔅ফেচবুক জ্ঞান সম্ভাৰ🔅
📶 8⃣0⃣1⃣1⃣......
💠🔸🔹⚫🔸🔹🔷🔹🔸⚫🔹🔸💠
No comments:
Post a Comment