নেট কটা পৰীক্ষা আকৌ দিম বুলি ভবা সকলক কৈছো, হাতত যদি সময় আছে তেন্তে এই অংকটো শিকি যাব পাৰা । পাছত কিন্তু নক'বা ; ৰাজীৱদাই শিকায়েই নিদিলে বুলি ।
আজিকালিৰ প্ৰতিযোগিতামূলক পৰীক্ষাবোৰত কেলেণ্ডাৰৰ কোনো এটা অংক দিয়েই দিয়ে । তাৰে ভিতৰত কেলেণ্ডাৰ মিলোৱা প্ৰশ্নটোও অন্যতম অৰ্থাৎ, কোনো এটা বছৰৰ সতে আগন্তুক বা পূৰ্বৰ কোনখন কেলেণ্ডাৰ মিলিব বিচাৰিব লাগে ।
প্ৰশ্নটোৰ সমাধান একেবাৰেই সহজ য'দিও কৌশলটো নাজানিলে চিন্তাত মূৰৰ চুলি আধাখিনি যে সৰিব আৰু আধা তপাসকলে পৰীক্ষা ঘৰৰ বাহিৰলৈ আহি একপি চেলফি লোৱাৰ পৰত নিজকে যে নিচিনিব খাটাং 😀 !
সেয়ে কৈছো, নেট কটা পৰীক্ষা দিলে দিয়া কিন্তু তাৰ আগতে এই কৌশলটো শিকি থোৱা ।
যিকোনো এখন কেলেণ্ডাৰ কোনটো বছৰৰ সতে একে হ'ব জানিবলৈ এটা সৰু পদ্ধতি মনত ৰাখিব লাগিব । তাৰবাবে প্ৰথমে যিটো চনৰ লগতে মিলাবলৈ দিয়ে সেই চনটোক ৪ ৰে বিভাজ্য কৰিব লাগে । হৰণ কৰাৰ পাছত যদি ১ বাকী থাকে তেন্তে চনটোৰ সতে ৬ যোগ দিব, ২ বা ৩ বাকী থাকিলে চনটোৰ লগত ১১ যোগ দিব আৰু একো বাকী নাথাকিলে ২৮ যোগ দিলে আহি থকা কোন বছৰৰ সতে আপুনি লোৱা বছৰটোৰ কেলেণ্ডাৰখন মিলিব জানিব ।
যদিহে পুৰণি কেলেণ্ডাৰৰ সতে ৰিজাব লগা হয় তেনেহ'লে প্ৰক্ৰিয়াটো যোগ নকৰি বিয়োগ কৰিব লাগিব ।
উদাহৰণ হিচাপে আমি যদি ২০২৪ বৰ্ষটোকে ধৰো তেতিয়া ২০২৪ ক প্ৰথমে ৪ৰে বিভাজ্য কৰিম । ২০২৪-ক চাৰিৰে সম্পূৰ্ণ হৰণ যায় আৰু বাকী একো নাথাকে । গতিকে ওপৰৰ নিয়ম মতে হ'ব ২০২৪ + ২৮ = ২০৫২ চন ।
আকৌ যদি ২০২৪ৰ কেলেণ্ডাৰখন পুৰণি কোনখন কেলেণ্ডাৰ সতে মিলে সেয়া জানিব লগা হয় তেন্তে ২০২৪ ৰ পৰা আমি ২৮ বিয়োগ কৰিব লাগিব । অৰ্থাৎ, ২০২৪ - ২৮ = ১৯৯৬ চন ।
[ ] এটা সুন্দৰ কৌশল নহয়নে ? মতামত জনাব ।
ধন্যবাদ,
শুভৰাত্ৰি
☼ আমাৰ ফেচবুক ঠিকনা 📬
আমাৰ📧 facebookgyansambhar@gmail.com
◀🔸🔸🔸🔴🔹🔹🔹▶
⚜️🔆🌟🔸️🔸️🔸️▫️⭐🔸️🔸️🔸️▫️🌟🔅🔆⚜️
✨কেলেণ্ডাৰৰ বিশেষ অংক🗓 ০২✨
১৫ আঘোণ/১৪৩১ ভাস্কৰাব্দ, দেওবাৰ।
⭕️----------------⚪️--------------⭕️
এক দীঘলীয়া গৱেষণাৰ অন্তত নিশ্চিত হ'লো যে ছোৱালীবিলাকৰ কাণফুলি আৰু আজিকালিৰ বহু প্ৰতিযোগিতামূলক পৰীক্ষাৰ মাজত এটা মিল আছে ।
বজাৰলৈ নতুন ডিজাইনৰ কাণফুলি আহিলে চাবচোন, এজনীয়ে আনি পিন্ধা দেখিবহে লাগে বাকীসকলেও আনি নিপিন্ধে মানে টোপনিয়েই নাযায় । মুখৰ সতে ডিজাইনটো মিলা-নিমিলাৰ কথা নাই ; কথা হ'ল এজনীয়ে পিন্ধা দেখিলে বজাৰত বিচাৰি-বিচাৰি হ'লেও বাকীবিলাকে আনি পিন্ধিবই ।
আজিকালিৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰশ্নবোৰ ধৰণ-কৰণতো এই মিলটো দেখিব । যিকোনো এটা পৰীক্ষাত সোধা প্ৰশ্নৰ আৰ্হিক পাছত অনুষ্ঠিত পৰীক্ষাবোৰেও অনুসৰণ কৰা যেন লাগে !
তাৰে ভিতৰত মন কৰিব কেলেণ্ডাৰ বিষয়ক প্ৰশ্ন আজিকালিৰ প্ৰশ্নত থাকেই থাকে । সেয়ে ভাবিলো, কেলেণ্ডাৰৰে দুটিমান বিশেষ অংক আজি আলোচনাকে কৰোঁ । যিসকলে এইবিলাক গণনা জানেই তেখেতসকলক বাদ দি নজনাসকলে অলপো বাদ নিদিয়াকে পঢ়িবলৈ অনুৰোধ জনালোঁ । কি ঠিক, মোৰ এই ক্ষুদ্ৰ প্ৰচেষ্টাই যদি কাৰোবাক সময়ত সহায় কৰেই বা ! তেনে হ'লেগেও গুণ নহয় ধৰ্ম হ'ব বুলি বুজিয়েই আজি আগবঢ়াইছো কেলেণ্ডাৰ বিষয়ক দুটিমান অতি বিশেষ অংক ।
অ'...ৰ'ব, যদিহে আপুনি এই বিষয়ত লিখা আমাৰ আগৰ কৌশলটো পঢ়া নাছিল তেন্তে এই আলোচনাৰ অন্তত তলৰ লিংকটোৰে গৈ তাকো পঢ়িব পাৰে ।
https://fbookgyansambhar.blogspot.com/2024/11/blog-post.html
এতিয়া আহিছো এই বিষয়ৰ প্ৰথমটো গণনাৰ চানেকিলৈ । ধৰা হওঁক, প্ৰশ্নটো কৰিলে যে, "১৯৮৪ চনৰ ২৯ মাৰ্চ তাৰিখটো আছিল বৃহস্পতিবাৰ তেনেহ'লে, ১৯৮৪ চনৰ ৩১ ডিচেম্বৰৰ তাৰিখটোত কি বাৰ পৰিছিল ?"
এনেধৰণৰ গণনাবোৰ কৰাৰ সময়ত কৌশলটো জানিলে হাঁহি-হাঁহিয়েই সোমবাৰ বুলি উত্তৰ লিখি ঘৰলৈ আহিব পাৰিব । তাকেহে যদি নাজানে অথচ, উত্তৰটো পাবলৈ সাতবাৰৰ নাম মুখস্থ মাতি গণনা কৰাত লাগে তেন্তে পৰীক্ষাৰ পাছত একপি চেলফি ল'বলৈ ধৰোতেহে নিজক আৱিস্কাৰ কৰি দেখিব যে তিনি ঘন্টাতে আপুনি আধা তপা হৈ পৰিছে । আৰু মোৰ দৰে কম চুলি থকা সকলে ... 😀🎩
গতিকে সময় থাকোতেই কৌশলটো ভালদৰে বুজি কেইবাবাৰো নিজে যত্ন কৰক ।
এনেধৰণৰ গণনাৰ বাবে আমি প্ৰথম চাব লাগিব কোন মাহৰ কিমান তাৰিখৰ পৰা শেষৰ মাহটোৰ কিমান তাৰিখলৈকে উল্লেখ কৰা হৈছে । ইয়াত আমি দেখিছো মাৰ্চ মাহৰ ২৯ তাৰিখৰ পৰা ডিচেম্বৰৰ ৩১ তাৰিখৰ কথা উল্লেখ কৰিছে । এতিয়া আমি মাৰ্চ মাহৰ পৰা ডিচেম্বৰলৈ প্ৰতিটো মাহত কিমান দিনকৈ থাকিল সেয়া কাগজত লিখি প্ৰথমে যোগ কৰিম । আমি জানো যে মাৰ্চ মাহত ৩১ দিন থাকে । যিহেতু ২৯ তাৰিখৰ পৰা উল্লেখ কৰিছে সেয়ে বাকী থাকিল ০২ ।
আমি মাৰ্চ মাহৰ বাবে লিখিম ০২ দিন । সেইদৰেই আন-আন মাহবিলাকত কেইদিন থাকে সেয়া লিখি শেষত ডিচেম্বৰ মাহটোৰ ৩১ তাৰিখলৈকে হিচাপত ধৰিম । এইখিনিতে মন কৰিব, যিটো মাহলৈকে দিয়া হ'ব সেই মাহটোৰ উল্লেখিত তাৰিখটোলৈকেহে ধৰিব লাগে । উদাহৰণ স্বৰূপে প্ৰশ্নটোত যদি ডিচেম্বৰৰ ১২ তাৰিখলৈকে থাকিল হেতেন তেতিয়াহলে আমি ডিচেম্বৰৰ বাবে ১২ ধৰিলো হেতেন ।
এতিয়া, প্ৰতিটো মাহত পোৱা দিনৰ সংখ্যাবোৰ আমি লিখি যোগ কৰিম ।
মাৰ্চ ০২ দিন + এপ্ৰিল ৩০ দিন + মে' ৩১ দিন + জুন ৩০ দিন + জুলাই ৩১ দিন + আগষ্ট ৩১ দিন + ছেপ্তেম্বৰ ৩০ দিন + অক্টোৱৰ ৩১ দিন + নৱেম্বৰ ৩০ দিন + ডিচেম্বৰ ২৯ দিন = ২৭৭ দিন ।
আমি যোগফলত পালো ২৭৭ দিন । এতিয়া এটা কথা মনত ৰাখিব লাগিব যে প্ৰাপ্ত যোগফলটোক সপ্তাহৰ ৭ দিনৰে হৰণ কৰিব লাগে ।
তেনেহ'লে আমি ২৭৭-ক ৭-ৰে হৰণ কৰিম ।
২৭৭ দিন ÷ ৭
আমি ভাগফল পাম ৩৯ আৰু ভাগশেষ পাম ০৪ । মন কৰিব যে ইয়াত ভাগফলটোৰ কোনো প্ৰয়োজন নাই । আমাক প্ৰয়োজন হ'ব ভাগশেষ বা বাকীত পোৱা সংখ্যাটো ।
আমাৰ গণনাও ইতিমধ্যে অন্তিম স্তৰত পাইছেহিয়েই । এতিয়া আপোনাৰ কাম হ'ল প্ৰাপ্ত ভাগশেষটো যিমান পোৱা গ'ল সিমান সংখ্যক বাৰ প্ৰশ্নটোত উল্লেখিত বাৰতকৈ বঢ়াই দিয়াটো । আমাক প্ৰশ্নটোত ২৯ মাৰ্চ তাৰিখটো "বৃহস্পতিবাৰ" বুলি উল্লেখ কৰিছে গতিকে বৃহস্পতিবাৰটো মুখত লৈ আমি চাৰিটি বাৰ গণনা কৰিম ।
শুক্ৰ, শনি, দেও, সোম ।
বৃহস্পতিবাৰ + ৪ দিন = সোমবাৰ
অৰ্থাৎ, ১৯৮৪ চনৰ ৩১ ডিচেম্বৰ তাৰিখটোত সোমবাৰ হ'ব । এইক্ষেত্ৰত অধিবৰ্ষ পৰা বছৰৰ ফ্ৰেব্ৰুৱাৰী মাহৰ দিনৰ হিচাপ ধৰিব লগা হ'লে ২৯ দিনৰ হ'ব । এই কথাটো হ'লে মন কৰিব ।
মই বাৰু বুজাই লিখিব পাৰিছোনে বা আপুনি বাৰু বুজি পাইছেনে ? যদি পাইছে তলৰ প্ৰশ্নটোৰ উত্তৰ লিখক :
❓️২০২২ চনৰ জানুৱাৰীৰ দুই তাৰিখটো দেওবাৰ হ'লে ২০২২ চনৰ আগষ্টৰ ১৫ তাৰিখে কি বাৰ আছিল ?
এইবাৰ আহো পুনৰ আন এটি কেলেণ্ডাৰৰ কৌশললৈ । কেতিয়াবা আপোনালোকক প্ৰশ্নটো এনেকৈও দিব পাৰে যে, ২০২৪ চনৰ ২৭ নৱেম্বৰ তাৰিখটো বুধবাৰ হ'লে ২০২৫ চনৰ ২৭ নৱেম্বৰ তাৰিখটোত কি বাৰ পাৰিব ?
এনে প্ৰশ্নত সদায় মন কৰিব, যি বছৰলৈ দিয়া হৈছে সেই বছৰটো এটা অধিবৰ্ষৰ (লিপ-ইয়েৰ) চন নেকি । যদি নহয় তেন্তে, মনত ৰাখিব লাগিব যে এটা সাধাৰণ বা অধিবৰ্ষৰ চনৰ (🔸️ অধিবৰ্ষ বছৰটোৰ ফেব্ৰুৱাৰি মাহৰ পাছত হ'লেহে প্ৰযোজ্য ) কোনো এটি মাহৰ নিৰ্দিষ্ট তাৰিখৰ পৰা পাছৰ বছৰটোৰ একে মাহৰ একে তাৰিখটোত বাৰটো মাত্ৰ এবাৰ বাঢ়ে । অৰ্থাৎ, ২০২৪ চনৰ ২৭ নৱেম্বৰ তাৰিখটো যিহেতু বুধবাৰ আছিল গতিকে ২০২৫ চনৰ ২৭ নৱেম্বৰ তাৰিখে বৃহস্পতিবাৰ পৰিছিল । মন কৰক ২০২৪ বৰ্ষটো অধিবৰ্ষ ( * অধিবৰ্ষ কি জানিবলৈ এই লিংকৰে গৈ পঢ়ক
https://www.facebook.com/share/p/15hdCiTEbW/ ) আৰু ২০২৫ হৈছে সাধাৰণ বৰ্ষ । গতিকে আমি মনত ৰাখিব লগা কথাটো হৈছে
📌 সাধাৰণ বৰ্ষৰ পৰা তাৰ পাছৰটো সাধাৰণ বৰ্ষলৈ বা অধিবৰ্ষৰ হ'লেও ফেব্ৰুৱাৰি মাহৰ পাছৰ কোনো মাহৰ পৰা তাৰ পাছৰটো সাধাৰণ বৰ্ষৰ একে মাহৰ একেই তাৰিখৰ বাবে প্ৰথমটো তাৰিখৰ বাৰটোৰ লগত এক যোগ কৰি আমি বাৰটো এঘৰ বঢ়াই ল'ম অৰ্থাৎ, বুধবাৰ থাকিলে বৃহস্পতিবাৰ লিখিম । এইখিনিতে খুবেই সাৱধান হ'ব লাগে যে যদিহে অধিবৰ্ষ থকা বছৰটোৰ উল্লেখিত তাৰিখটো জানুৱাৰী বা ফেব্ৰুৱাৰি হয়ে তেতিয়া এক যোগ কৰিলে নহ'ব । আমি তেতিয়া দুই যোগ কৰিব লাগিব ।
উদাহৰণ স্বৰূপে ২০২৪ চনৰ ০১ জানুৱাৰী তাৰিখটো আছিল "সোমবাৰ" কিন্তু, ২০২৫ চনৰ ০১ জানুৱাৰী তাৰিখটোত পৰিব "বুধবাৰ" অৰ্থাৎ, ০১ নহয় ০২ যোগ হৈছে । ইয়াৰ কাৰণটো হ'ল ২০২৪ চনটোত যিহেতু অধিবৰ্ষ পৰিছে আৰু সেই বছৰৰে জানুৱাৰী মাহৰ তাৰিখ এটা দিয়া হৈছে সেয়ে ০১ যোগ কৰিলে নহ'ব, আমি ০২ যোগ কৰিব লাগিব ।
এইবাৰ আহিছো সাধাৰণ বছৰৰ পৰা অধিবৰ্ষত পৰা কোনো এটা বছৰৰ কোনো মাহৰ এটা তাৰিখত কি বাৰ পৰিব তাক জনাৰ কৌশলটোলৈ ।
উদাহৰণস্বৰূপে ২০১৯ চনৰ ২৭ নৱেম্বৰ তাৰিখটো বুধবাৰ হ'লে ২০২০ চনৰ ২৭ নৱেম্বৰ তাৰিখটোত কি বাৰ পৰিছিল ?
মন কৰক ২০১৯ বৰ্ষটো সাধাৰণ হোৱাৰ বিপৰীতে ২০২০ বৰ্ষটো অধিবৰ্ষত পৰিছে । সাধাৰণৰ পৰা পাছৰ বছৰটো অধিবৰ্ষ যদি হয় আৰু ২৯ ফেব্ৰুৱাৰীৰ পাছৰ তাৰিখ হয় তেতিয়া সদায় বাৰৰ সতে ০২ যোগ কৰা বুলি ধৰি দুঘৰ আগবাঢ়ি যাব লাগে ।
গতিকে বুধবাৰ + ০২ বুলি আমি ধৰি ল'লে পাম "শুক্ৰবাৰ" ।
তেনেহ'লে প্ৰশ্ন হ'ল, কোনো এটা বছৰৰ ঠিক আগৰ বছৰটোৰ একে মাহৰ একে তাৰিখ পাবলৈ হ'লে আমি কি কৰিব লাগিব ।
যদি সাধাৰণ বছৰৰ কোনো এটা মাহৰ কোনো এটি নিৰ্দিষ্ট তাৰিখৰ পৰা তাৰ আগৰটো সাধাৰণ বছৰৰ একে মাহৰ একে তাৰিখলৈ হয় তেতিয়া আমি ০১ বিয়োগ কৰা বুলি ধৰি বাৰটো পাম ।
যেনে : ২০২৩ চনৰ ০১ জানুৱাৰী আছিল দেওবাৰ গতিকে ২০২২ চনৰ ০১ জানুৱাৰীৰ বাৰটো জানিবলৈ আমি ৰবিবাৰৰ পৰা ০১ বিয়োগ দিছো বুলি ধৰি ল'ব লাগে ।
ৰবিবাৰ - ০১ = শনিবাৰ ।
কিন্তু, সাধাৰণ বছৰৰ পৰা তাৰ ঠিক আগৰ অধিবৰ্ষৰ বছৰটোৰ জানুৱাৰী-ফেব্ৰুৱাৰী মাহত কোনো তাৰিখৰ জানিব লগা হ'লে সাৱধান । তেতিয়া ০২ বিয়োগ কৰিব লাগিব ।
যেনে : ২০২১ চনৰ জানুৱাৰী মাহৰ ০১ তাৰিখ শুক্ৰবাৰ কিন্তু ২০২০ চনৰ জানুৱাৰীৰ ০১ তাৰিখটো বুধবাৰ অৰ্থাৎ : শুক্ৰবাৰ - ০২ = বুধবাৰ (বিয়োগ কৰা বুলি ধৰি লৈছো) ।
কিন্তু, ফেব্ৰুৱাৰীৰ পাছৰ মাহবোৰত এই নিয়ম নঘটে । যেনে : ২০২৫ চনৰ (সাধাৰণ বছৰ) ২৭ নৱেম্বৰ "বৃহস্পতিবাৰ" হ'লেও ২০২৪ চনৰ (অধিবৰ্ষ) ২৭ নৱেম্বৰ তাৰিখটোত বুধবাৰহে পৰিছিল অৰ্থাৎ , বাৰৰ পৰা ০১ বিয়োগ কৰা বুলি ধৰি ল'ব পাৰোঁ। ২০২৪ বৰ্ষটো অধিবৰ্ষ হ'লেও ফেব্ৰুৱাৰী মাহৰ পাছত হোৱাত এনে ঘটিছে ।
বিষয়টো আৰু অলপ বহলাই লিখিব লাগিছিলহে ! কিন্তু কি কৰিম, মোৰোটো পেটৰ কথা এটা আছে । সৌ তেতিয়াৰপৰাই লিখি আছো । দিনতে চব্জি অলপ ৰান্ধি থৈ অহাতে যেনিবা অলপ দমত আছিলো । এতিয়া চাউল কেইটা ধুই ৰান্ধিলেই হ'ব । হ'লেও ভোকো লাগি অহাত লিখাৰ সময়ত থকা দমটো এতিয়া আৰু নাই । প্ৰথমে এপাক পঢ়ি পাছত প'ষ্টটো দিয়া উচিত আছিল যদিও ভোকৰ জ্বালাত নপঢ়াকৈয়ে আপোনালোকলৈ আগবঢ়াইছো । প্ৰয়োজনত বৰ্ণশুদ্ধি কৰিম । সেয়ে, সকলো দোষ-দায় মৰিষণ কৰাৰ বাবে অনুৰোধ ৰাখি আজিলৈ জনালো শুভৰাত্ৰি 🐀🐈
ধন্যবাদ দেই ✨
দ. শালমৰা-মানকাচৰ (অসম)
☼ আমাৰ ফেচবুক ঠিকনা 📬
আমাৰ📧 facebookgyansambhar@gmail.com
◀🔸🔸🔸🔴🔹🔹🔹▶
No comments:
Post a Comment