অসম বুৰঞ্জীৰ মধ্যযুগ, বিহঙ্গম দৃষ্টিৰে এক আলোচনা ।


১৮২৬ খ্ৰীষ্টাব্দত ইয়াণ্ডাবু সন্ধিৰে অসমক সাম্ৰাজ্যবাদী শোষণৰ ভিতৰুৱা কৰা বৃটিছ বাহিনীৰ চলনাৰ আগলৈকে অসমৰ ৰাজনৈতিক পটভূমি সম্পূৰ্ণ সুকিয়া আছিল । তাৰ আগলৈকে অসমত আহোম আৰু আন-আন ৰাজবংশ বিলাকৰ শাসন চলিছিল । সাত ৰাজ মাৰি এক ৰাজ কৰা আহোম স্বৰ্গদেউ সকলৰ বলিষ্ঠ শাসন অসম বুৰঞ্জীত কাললৈ এক গৌৰৱোজ্বল সময় । বিশ্ব বুৰঞ্জীৰেই এক নজিৰ বিহীন ঘটনা কিয়নো, সমগ্ৰ বিশ্বৰ পটভূমিত এনে এক ৰাজবংশ নোলাব যি এখন দেশত ৬০০ বছৰৰ দৰে এক সুদীৰ্ঘ সময় ৰাজপাট অধিগ্ৰহণ কৰিব পাৰিছে । একমাত্ৰ আহোমসকল ; আনক বুজি সম্প্ৰীতিৰে আৰু প্ৰয়োজনত হেংডাঙ লৈও শাসন কৰিব জনা গুণৰ বাবেই এই ৰাজবংশটোৱে সকলোকে আপোন কৰি জনতাক জয় কৰিব পাৰিছিল । 

       আহোম সকল এই মুলুকৰ অতি প্ৰাচীন জনগোষ্ঠী নাছিল । মাওলুং ৰাজ্যৰ পৰা মুংকঙৰে "দৈ-কাও-ৰাং" অৰ্থাৎ পাটকাই পাৰ হৈ আহোম সকলৰ প্ৰথম ৰজা তথা অসম নিৰ্মাণৰ মূল খনিকৰ চাওলুং চুকাফাই লগত প্ৰায় ৯০০০ জন পুৰুষ-মহিলা-শিশুক লৈ ১২২৮ খ্ৰীষ্টাব্দত অসমত প্ৰৱেশ কৰিছিল । খিলঞ্জীয়া ইয়াৰ অধিবাসী সকলক কৌশলৰে বশ কৰি বিশাল অসম ৰাজ্য প্ৰতিষ্ঠা কৰা এইজন অসম নিৰ্মাতা আৰু তেওঁৰ উত্তৰসুৰী সকলেও সাধাৰণতে সদ্ভাৱনা আৰু সম্প্ৰীতিৰে  দেশ শাসন কৰি জাতীয় ঐক্যক গঢ় দিয়াৰ যি কৌশল সেয়া আছিল চকুত লগা । নিজস্ব ভাষা-সংস্কৃতি থাকোতেও সেইখিনিকো ৰক্ষা কৰাৰ লগতে আনৰ ভাষা-সংস্কৃতিকো সম্পূৰ্ণ আকোৱালি ল'ব পৰা মহত্বতম গুণ এই ৰাজবংশৰ উত্তৰণৰ এক অন্যতম দিশ । ইচ্ছা কৰা হ'লে ছশ বছৰৰ এই সুদীৰ্ঘ কালছোৱাত স্বৰ্গদেউ সকলে নিজা ভাষা-সংস্কৃতিক বলপূৰ্বক আনৰ ওপৰত জাপি দিব পাৰিলে হেতেন কিন্তু তাকে নকৰি নিজে আনৰ সৈতে মিলি তেখেতসকলে যিদৰে উদাৰতাৰ ভাব বিলালে তাৰবাবে এই মুলুকৰ বিভিন্ন জাতি-জনগোষ্ঠীয়েও আহোম সকলক আকোৱালি ল'ব পাৰিছিল আৰু সংস্কৃতিৰ আদান-প্ৰদানৰ মাধ্যমত আহোম সকলৰ নেতৃত্বত অসমত সৃষ্টি হোৱা ঐক্যতানৰ সোঁততে আজি আমি অসমীয়া এক জাতি হিচাপে নিজক আত্ম-প্ৰতিষ্ঠা কৰি আহিব পাৰিছো । ৰজা হিচাপে প্ৰয়োজনীয় এনে উদাৰ তথা সম-দৃষ্টি আহোম যুগক দীৰ্ঘতম কৰাৰ এক মূল কথা । আহোম সকলৰ অসম আগমনৰ পৰা বা ত্ৰয়োদশ শতিকাৰ আগভাগৰ পৰা ঊনবিংশ শতিকাৰ ইয়াণ্ডাবু সন্ধিলৈকে আহোম সকলৰ ৪০ জন ৰজা আৰু দুবাৰকৈ মন্ত্ৰী সকলৰ ৰাজত্বকালৰ ৬০০ বছৰীয়া এই সুদীৰ্ঘ কালছোৱা অসম বুৰঞ্জীত মধ্যযুগ হিচাপে পৰিচিত ।
এইখিনিতে এই ৬০০ বছৰীয়া দীঘল ৰাজ পৰিক্ৰমাক তলত উল্লেখ কৰি যোৱা হ'ল :

আহোম স্বৰ্গদেউ সকলৰ নাম আৰু ৰাজত্ব কাল 

ক্ৰম নং---- স্বৰ্গদেউ সকল ----ৰাজত্ব কাল

১ চুকাফা ১২২৮-১২৬৮
২ চুতেওফা ১২৬৮-১২৮১
৩ চুবিনফা ১২৮১-১২৯৩
৪ চুখাংফা ১২৯৩-১৩৩২
৫ চুখ্ৰাংফা ১৩৩২-১৩৬৪
৬ চুতুফা ১৩৬৪-১৩৭৩
৭ মন্ত্ৰীসকলৰ শাসন ১৩৭৬-১৩৮০
৮ ত্যাওখাম্‌থি ১৩৮০-১৩৮৯
৯ ২য় বাৰ মন্ত্ৰীসকলৰ শাসন ১৩৮৯-১৩৯৭
১০ চুডাংফা বা বামুনী কোঁৱৰ ১৩৯৭-১৪০৭
১১ চুজাংফা ১৪০৭-১৪২২
১২ চুফক্‌ফা ১৪২২-১৪৩৯
১৩ চুচেন্‌ফা ১৪৩৯-১৪৮৮
১৪ চুহান্‌ফা ১৪৮৮-১৪৯৩
১৫ চুপিম্‌ফা ১৪৯৩-১৪৯৭
১৬ চুহুম্‌মুং  (দিহিঙ্গীয়া ৰজা) ১৪৯৭-১৫৩৯
১৭ চুক্লেন্‌মুং (গৰগঞা ৰজা) ১৫৩৯-১৫৫২
১৮ চুখাম্‌ফা  (খোৰা ৰজা) ১৫৫২-১৬০৩
১৯ চুচেংফা বা প্ৰতাপসিংহ বা বুদ্ধিস্বৰ্গনাৰায়ণ ১৬০৩-১৬৪১
২০ চুৰম্‌ফা ১৬৪১-১৬৪৪
২১ চুত্যিংফা (নৰীয়া ৰজা) ১৬৪৪-১৬৪৮
২২ চুতামলা বা জয়ধ্বজসিংহ ১৬৪৮-১৬৬৩
২৩ চুপুংমুং বা চক্ৰধ্বজসিংহ ১৬৬৩-১৬৭০
২৪ চুন্যৎফা বা উদয়াদিত্য ১৬৭০-১৬৭৩
২৫ চুক্লন্‌ফা বা ৰামধ্বজসিংহ ১৬৭৩-১৬৭৫
২৬ চুহুং ১৬৭৫ (এমাহ)
২৭ গোবৰ ৰজা মাত্ৰ বিছ দিন
২৮ চুজিন্‌ফা ১৬৭৫-১৬৭৭
২৯ চুডৈয়ফা বা পৰ্বতীয়া ৰজা ১৬৭৭-১৬৭৯
৩০ চুলিক্‌ফা বা ৰত্নধ্বজসিংহ ১৬৭৯-১৬৮১
৩১ চুপাত্‌ফা বা গদাধৰসিংহ ১৬৮১-১৬৯৬
৩২ চুখ্ৰাংফা বা ৰুদ্ৰসিংহ ১৬৯৬-১৭১৪
৩৩ চুতনফা বা শিৱসিংহ ১৭১৪-১৭৪৪
৩৪ চুনেন্‌ফা বা প্ৰমত্তসিংহ ১৭৪৪-১৭৫১
৩৫ চুৰেমফা বা ৰাজেশ্বৰসিংহ ১৭৫১-১৭৬৯
৩৬ চুঞেউফা বা লক্ষ্মীসিংহ ১৭৬৯-১৭৮০
৩৭ চুহিত্‌পুংফা বা গৌৰীনাথসিংহ ১৭৮০-১৭৯৫
৩৮ চুক্লিংফা বা কমলেশ্বৰসিংহ ১৭৯৫-১৮১০
৩৯ চুছিন্‌ফা বা চন্দ্ৰকান্তসিংহ ১৮১০-১৮১৮
৪০ পুৰন্দৰসিংহ ১৮১৮-১৮১৯
৪১ চন্দ্ৰকান্তসিংহ ১৮১৯-১৮২১ (২য় বাৰ)
৪২ যোগেশ্বৰসিংহ ১৮২১-১৮২৪
৪৩ পুৰন্দৰসিংহ (২য় বাৰ) ১৮৩৩-১৮৩৮

আহোম সকল পোনতে হিন্দু নাছিল । ৰজা চুডাংফাৰ দিনৰপৰা আহোম সকলৰ মাজত হিন্দু ধৰ্মৰ প্ৰভাৱ পৰে । তেখেত অসম বুৰঞ্জীত "বামুণী কোঁৱৰ" নামেৰে পৰিচিত । 
তাৰো এক কাহিনী আছে । ৰজা চুতুফাৰ অকাল মৃত্যু হোৱাত আৰু সেই সময়ত উপযুক্ত কোনো কোঁৱৰ নোপোৱাত ১৩৭৬-১৩৮০ খ্ৰীষ্টাব্দলৈকে মন্ত্ৰী সকলেই শাসনভাৰ চলায় । 
তেনেদৰে ৰজা ত্যাওখামথিৰ পাছতো আঠবছৰ কাল আহোম ৰাজপাট মন্ত্ৰী সকলৰ তত্বাৱধানত থাকে । 
শেষত ত্যাওখামথিৰ সৰু কুঁৱৰীৰ ল'ৰা এজনক স্বৰ্গদেউ পাতে আৰু 'চুডাংফা' নামৰে নামাকৰণ কৰে । তেখেত বামুণৰ ঘৰত ডাঙৰ-দীঘল হোৱা বাবে বামুণী কোঁৱৰ' নামৰেও জনা যায় ।
আপোনালোকে ভাবিব পাৰে, যে এই প্ৰবন্ধত কিয় আহোম ৰজা সকলক "স্বৰ্গদেউ" বুলি উল্লেখ নকৰি "ৰজা" বুলিহে সম্বোধন কৰা হৈছে !
ইয়াৰো কাৰণ আছে । যদিওবা সমূহ আহোম ৰজাকেই "স্বৰ্গদেউ" বুলি সম্বোধন কৰা হয় বা কৰিব পাৰি তথাপি এটা কথা উল্লেখ কৰি যোৱা ভাল হ'ব যে চুকাফাৰ দিনত বা তেখেতৰ পাছৰ কেইবাজনো ৰজালৈকে "স্বৰ্গদেউ" সম্বোধনটো গ্ৰহণ কৰা হোৱা নাছিল । সম্ভৱতঃ চুহুংমুঙ স্বৰ্গদেউ বা দিহিঙ্গীয়া ৰজাৰ দিনৰে পৰা আহোম ৰজা সকল "স্বৰ্গদেউ" হিচাপে পৰিচিত হ'বলৈ ল'লে । স্বৰ্গদেউ চুহুংমুঙৰ দিনতে লিখা "শ্ৰী শ্ৰী স্বৰ্গনাৰায়ণ মহাৰাজৰ জন্ম কথা" নামৰ বুৰঞ্জীখনৰে আহোম স্বৰ্গদেউ সকলক স্বৰ্গৰাজ ইন্দ্ৰৰ সতে সম্পৰ্ক  দেখুৱাই তেখেতৰ পাছৰে পৰা এই অভিধা ব্যৱহাৰ হোৱা বুলি জনা যায় । উল্লেখযোগ্য যে এইজনা স্বৰ্গদেউৰ দিনৰে পৰাই আহোম স্বৰ্গদেউ সকলে একোটাকৈ হিন্দু নামো গ্ৰহণ কৰা দেখা যায় । সেই মৰ্মে স্বৰ্গদেউ চুহুংমুঙে "স্বৰ্গ নাৰায়ণ" নাম গ্ৰহণ কৰিছিল । আহোম ৰাজ-শাসনত "বৰপাত্ৰ গোহাঁই" পদৰ সৃষ্টি এখেতৰ দিনতে হোৱা । এখেতৰ দিনতেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসমত নৱ-বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰে ।
                                                
                                                      🔸আগলৈ

০৭/১১/২০১৯

➖➖➖➖➖

     ঘটনাবহুল অসম বুৰঞ্জীত ১৬০৩ খ্ৰীষ্টাব্দৰ পৰা ১৬৭৩ খ্ৰীষ্টাব্দলৈ এই সময়ছোৱা সংঘৰ্ষৰে ৰক্তাক্ত সময় । মোগলৰ দীঘলীয়া অসম আক্ৰমণ আৰু আহোমৰ বাৰম্বাৰ প্ৰতিহত কৰাৰ প্ৰচেষ্টাত এখনৰ পাছত আন এখন যুদ্ধই অসম বুৰঞ্জী কঁপাই তুলিছিল । স্বৰ্গদেউ প্ৰতাপ সিংহৰ দিনৰ পৰা স্বৰ্গদেউ উদয়াদিত্য সিংহলৈকে এই দীঘল সময়ছোৱাত ঘটা যুদ্ধত অসমক ৰক্ষা কৰাত আহোমৰ অগ্নিপৰীক্ষা বুৰঞ্জীৰ পাতত এক বিশেষ অধ্যায় । যুদ্ধৰেই হওঁক বা চলে-বলে-কৌশলে যেনেকৈয়ে নহওঁক ভাৰত বিজয়ী মোগলৰ হাতৰ  পৰা অসম ৰক্ষা কৰাটো ইমান সহজ কথাও নাছিল । তথাপি অদমনীয় আহোমৰ ৰাজনীতি, যুদ্ধনীতিয়ে মোগলক যে বাৰুকৈয়ে এশিকনী দিছিল সেয়া বুৰঞ্জীৰ পাতত জিলিকা কথা । আহোম সেনাৰ বীৰত্বক আনহে নালাগে মোগল সেনাপতি স্বয়ং ৰামসিংহয়ো প্ৰশংসাৰে উপচাই গৈছে । (🔴 লগতে পঢ়ক : https://m.facebook.com/groups/372830512757409?view=permalink&id=2585534221487016 )
এইখিনিতেই উল্লেখযোগ্য যে স্বৰ্গদেউ প্ৰতাপসিংহৰ দিনতেই মোমাই তামুলী বৰবৰুৱাই দেশৰ অৰ্থনীতিত প্ৰভাব পেলোৱা বিখ্যাত "পাইক প্ৰথা" আৰম্ভ কৰিছিল ।
       ১৬৬২ চনত জয়ধ্বজ সিংহৰ দিনতে মিৰজুমলাৰ অসম আক্ৰমণ ঘটে । এই আক্ৰমণত আহোমসকলৰ পৰাজয় আৰু মিৰজুমলাৰ গড়গাঁও দখল এক উল্লেখযোগ্য ঘটনা । এই আক্ৰমণত স্বৰ্গদেউ জয়ধ্বজ সিংহই পলায়ন কৰা ঘটনাৰ বাবে অসম বুৰঞ্জীত এখেত "ভগনীয়া ৰজা" নামৰেও পৰিচিত । পিচত অৱশ্যে সন্ধি হয় আৰু সন্ধি অনুসৰি ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে ভৰলী আৰু দক্ষিণে কলং  নৈলৈকে আহোমৰ সীমা নিৰ্ধাৰণ হয় । মিৰজুমলাৰ এই আক্ৰমণৰ সময়ত লগত অহা পৰিব্ৰাজক "চিহাবুদ্দিন তালিচ"-ৰ টোকাৰ পৰা সেই সময়ৰ অসমৰ বিষয়ে বহু কথা জানিব পাৰি ।

     জয়ধ্বজ সিংহৰ পাছত স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ দিনতো অসমৰ আকাশ-বতাহ যুদ্ধৰে অস্থিৰ হৈ পৰিছিল । এখেতৰ দিনৰে বিখ্যাত "শৰাইঘাটৰ ৰণ"-ৰ (১৬৭১)কথা মনত পৰিলে আজিও অসমীয়াৰ তেজ গৰম হৈ আহে । এই যুঁজত লাচিতৰ দুৰ্দান্ত সাহস আৰু পৰাক্ৰমৰ কথা কোনে নাজানে ( 🔴 লগতে পঢ়ক : https://m.facebook.com/groups/372830512757409?view=permalink&id=1769877136386066 )
উদয়াদিত্য স্বৰ্গদেউৰ পাছত কেইবাগৰাকী স্বৰ্গদেউ ৰাজপাতলৈ আহিলেও উল্লেখযোগ্য আন এজন স্বৰ্গদেউ হৈছে "গদাধৰ সিংহ" । আহোমৰ আন্তঃ বিপ্লৱৰ অন্ত পেলাই শিঙৰি-ঘৰত উঠা  এখেতৰ দিনতেই  আহোম আৰু মোগলৰ শেষ যুদ্ধ বিখ্যাত "ইটাখুলি ৰণ" হৈছিল ১৬৮২ খ্ৰীষ্টাব্দত । এই ৰণতে আহোমৰ শেষ সীমা পশ্চিমে মানাহা নৈ লৈকে নিৰ্ধাৰিত হয় । এইজনা স্বৰ্গদেউৰ পাছত তেখেতৰ সু-যোগ্য পুত্ৰ ৰূদ্ৰসিংহ ৰাজপাটত বহে ।  ১৭১৪ খ্ৰীষ্টাব্দত তেখেত স্বৰ্গী হোৱাত শিৱসিংহ ৰাজপাটলৈ আহে আৰু অতি অন্ধবিশ্বাসী হোৱাৰ গুণে তেখেতৰ শাসন ভাৰ পত্নী ফুলেশ্বৰী কুঁৱৰীয়ে নিজ হাতলৈ আনি ভুল সিদ্ধান্তৰে দেশৰ ৰাজশক্তিক দুৰ্বল কৰি তোলে । "মোৱামৰীয়া বিদ্ৰোহ" ইয়াৰ উদাহৰণ আৰু এই বিদ্ৰোহ আহোম ৰাজ শাসন ধ্বংসৰ অন্যতম এটি মূল কাৰক । এই বিদ্ৰোহৰ পাছতেই আন-আন বিভিন্ন বিদ্ৰোহে দেশৰ ৰাজনীতিক অস্থিৰ কৰি তুলিছিল, কেইবাটাও শতিকাৰ গৌৰৱৰ দিনবোৰক  চমু চপাই আনিছিল  আৰু পাছত আহোম শক্তিক দুৰ্বল কৰি সময়ে অসমক লৈ গৈছিল ১৮২৬ সেই ক'লা দিনবোৰলৈ ।
     
                    ধন্যবাদ 🙏


🔘
                   ▬▬▬▬▬▬▬▬▬▬
 ☼ আমাৰ ফেচবুক ঠিকনা 📬
✉https://www.facebook.com/groups/372830512757409/

আমাৰ📧 facebookgyansambhar@gmail.com
                 🔅ফেচবুক জ্ঞান সম্ভাৰ 🔅
                  ◀🔸🔸🔸🔴🔹🔹🔹▶


2 comments:

  1. বুৰঞ্জী পঢ়িছিলো, যদিও দুটামান কথা আজি নতুনকৈ জানিলো

    ReplyDelete

নতুন লেখা / ছবি

গ্ৰীষ্মৰ আতঙ্ক

ইমান অত্যাচাৰ ! নষ্টজোৱা, হতশ্ৰীহোৱাবোৰৰ পৰা সঁ‌চাই শান্তি নোহোৱা হৈছেগে । নাপায়, ইমান অত্যাচাৰী  হ'বগে নালাগে । যিহে অত্যাচাৰ হৈছে, যি ...