মহান বিজ্ঞানীৰ ৰসাল কাহিনী

🐥পঢ়ি চাব মজা পাব 🐦:

🍥মহান বিজ্ঞানীৰ ৰসাল কাহিনী🍒
🔸🔸🔸🔸🔸🔸🔸🔸🔸🔸🔸

    🐴ওলাল সমস্যাহে হেৰাল :
🔵◽◽🔹◽💠◽🔹◽◽🔵

সোতৰশ শতিকাৰ মহান বিজ্ঞানী তেওঁ । গছৰ ফল মাটিলৈ কিয় সৰি পৰে তাক জানিবলৈ গৈ পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তি আৱিস্কাৰ কৰা, গতি শক্তিৰ চিৰসত্য তিনিটা তত্ব আৱিস্কাৰ কৰাৰ লগতে বিজ্ঞান জগতলৈ তেখেতে আগবঢ়োৱা আৰু বহু অৱদান মানৱ জাতিৰ মাজত আজিও ভাস্বত । ফেচবুক জ্ঞান সম্ভাৰৰ শ্ৰদ্ধাৰ পাঠক বন্ধু সকল , আপোনালোকে নিশ্চয় ইতিমধ্যে গম পাইছে মই কাৰ কথা কবলৈ গৈছো ।
তেন্তে আহক, আজি আমি সৰ্ব যুগৰ সৰ্ব সমাদৃত এইজনা বিজ্ঞানী ছাৰ আইজাক নিউটন (জন্ম : ২৫ ডিচেম্বৰ ১৬৪২ কিছুমানৰ মতে ৪ জানুৱাৰী ১৬৬৩, মৃত্যু : ২০ মাৰ্চ ১৭২৬)ৰ জীৱনৰ এটা ৰসাল কাহিনীৰ সোৱাদ লও ।

এদিনৰ কথা, নিউটন ছাৰে ঘোঁৰা এটাক তাৰ লেকামত ধৰি তাৰ গিৰিহঁতক চমজাই দিবলৈ লৈ গৈ আছিল । বাটত যাওঁতে বিজ্ঞানৰ কোনো এটা সমস্যা সমাধানৰ কথা তেখেতৰ মনলৈ আহিল । ইফালে ঘোঁৰাটোৱে কেনেবাকৈ লেকামৰপৰা মুখখন এৰুৱাই ধাপলি মেলিলে । বিজ্ঞানৰ চিন্তাটোত ছাৰ ইমান মগ্ন হৈ পৰিল যে তেখেতে গমকে নাপালে আৰু খালি লেকামডালকে মাটিত চোঁচৰাই নি তেখেত ঘোঁৰাৰ মালিকৰ ঘৰ পালেগৈ । কিন্তু ঘোঁৰাটো চমজাবলৈ লৈহে তেখেত বিবুধিত পৰিল ।
তাৰপাছত ঘটনাটোৱে বেলেগ ৰূপ ললে ।
এইবাৰ আকৌ ঘোঁৰাৰ কথা চিন্তা কৰি থাকোতেই বাটে-বাটে ভাবি অহা বিজ্ঞানৰ সমস্যাটো পাহৰিলে । পিছত অৱশ্যে ঘোঁৰা ওলাল কিন্তু সমস্যাহে হেৰাল । 

মই এতিয়া মডেল :
😄😁😂😄😅😆

১৯১৯ চনত সূৰ্য গ্ৰহণৰ ওপৰত কৰা গৱেষণাৰ পাছত আইনষ্টাইন ছাৰ বৰ বিখ্যাত হৈ পৰিছিল । দলে-দলে বিজ্ঞানী, সাংবাদিক আৰু চিত্ৰশিল্পীয়ে তেখেতৰ পাছ ললে । সাক্ষ্যাৎ দিওতে-দিওতে তেখেতে খোৱাৰ সময়কণো নোপোৱা হোৱাৰ উপক্ৰম ঘটিল । তাতে আকৌ চিত্ৰ শিল্পী সকলে তেখেতক বিভিন্ন ভংগীমাত বহুৱাই যেতিয়া ছবি আঁকি থাকিবলৈ লাগিল ছাৰৰ খঙে চুলিৰ আগপালেগৈ । ইফালে কাকো একো ক’বহে নোৱাৰে .......................
চেনেহৰ চুমাই নাকটি চিঙা লেখিয়াকৈ ছাৰেও প্ৰমাদ গণিলে । এদিনৰ কথা, চিত্ৰ শিল্পীৰ বাবে তেখেতে উপায় নোহোৱাত পৰি এটা নিৰ্দিষ্ট ভঙ্গীমাৰে বহি আছে । মনতে এই বিপদৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব পাৰি তাকো ভাবি আছিল । তেনেতে এজনে আহি ছাৰক সুধিলে, “আপুনিনো এতিয়া আৰু কি কাম কৰাৰ কথা ভাবিছে ?”
ছাৰে তপৰাই ক’লে, “নাই-নাই, মই এতিয়া আৰু একো কাম কৰাৰ কথা ভবা নাই । মই এতিয়া চিত্ৰ শিল্পীৰ মডেল ।’’

👔সাজ-পোছাকেৰে নুজোখিবা মোক :
       ⚙❇➖➖➖➖➖➖➖➖❇⚙

ৰয়েল ইনষ্টিটিউচনত কিছিদিনৰ বাবে এগৰাকী অতিথি গৱেষকে কাম কৰিছিল ।
এদিন তেখেতে দেখিলে, এটা চুকত লেতেৰা কাপোৰ পিন্ধা দাড়িয়ে-গোফে ভোবোকাৰ এজন বৃদ্ধ লোকে কিবা কাম কৰি আছে ।
অতিথি গৱেষকজন তেখেতৰ কাষলৈ গৈ সুধিলে :

‘আপুনি বহুবছৰ ধৰি ইয়াত আছে ?’
‘হয় ।‘
‘আপুনি ইয়াৰ দাৰোৱান নেকি ?’
‘তেনে বুলিয়েই ধৰক ।’
‘দৰমহাও চাগে ভালেই পা্য় !’
‘কম নাপাওঁ ।’
‘আপোনাৰ নামটো ?’
‘মাইকেল ফেৰাডে ।’

গৱেষক জনৰ আৰু কিবা সুধিবলৈ সাহস নহ’ল । তেখেতে মাত্ৰ বাৰে-বাৰে কলে, ‘মোক ক্ষমা কৰক ।’ফেৰাডেই ক’লে, ‘বাপু, সাজ-পোছাকেই সকলো নহয় ।’

গাজনি ঢেৰেকণিৰ পাছত বৰষুণ আহেই⛈ :
         ▫➖➖➖❇❇❇❇❇❇➖➖➖▫

কোনোবা গাভৰু ছোৱালীয়ে বাৰু বিজ্ঞানীৰ পত্নী হোৱাৰ সপোন দেখি আছেনেকি ? যদি দেখিছে সাৱধান । অৱশ্যে মই বাধা নকৰিলেও কথাটো দহবাৰহে নালাগে এশবাৰো ভাবি লোৱা ভাল । নহলে আপোনাকো ক'ব পাৰে "গাজনি ঢেৰেকণিৰ পাছত বৰষুণ আহেই'' । সেয়ে কৈছো,ভাবিছে যদি ভাবক  ভাল কথা, তাকে ঘৰ কিমান চম্ভালিব পাৰে সেয়া হলে আপোনাৰ কথা ।
বুজা নাই নহ্য় ? ৰ'ব, ফেচবুক জ্ঞান সম্ভাৰৰ মজিয়াতে আপোনাক আজি এটা কাহিনী শুনাই লওঁ তাৰ পাছত বুজি পাব ।

আটাইতকৈ বেছি আৱিস্কাৰৰ সুবাদ লাভ কৰা এডিচন ছাৰৰ নাম নুশুনা মানুহ নিচ্ছয় নোলাব। ছাৰৰ সম্পূৰ্ণ নাম আছিল টমাচ আলভা এডিচন । বিজ্ঞান জগতলৈ আগবঢ়োৱা তেখেতৰ অমূল্য অৱদান সমূহৰ লগে-লগে তেখেতৰ অফুৰন্ত ধৈয্য শক্তিৰ এক সুকীয়া নাম আছে । এই মহান বিজ্ঞানী গৰাকীৰ জীৱনৰ এক ৰস লগা কাহিনী জ্ঞান সম্ভাৰৰ মজিয়াত আগবঢ়ালো ।

  কোনো এটা দিনত পুৱাৰে পৰাই এডিচন ছাৰ খুৱেই ব্যস্ত । বিজ্ঞানৰ কোনো এটা আৱিস্কাৰৰ কামত খোৱা-বোৱা পাহৰি গৱেষণা কৰি আছে । চাওতে-চাওতে দুপৰীয়া হ'ল । চাৰৰ পত্নী মানে বাইদেউৱে দুপৰীয়াৰ আহাৰ খাবলৈ ছাৰক মাতেহে-মাতে ; নাই.................ছাৰে কবৈ নোৱাৰে । গভীৰ মনোযোগৰে নিজৰ কামত মন লগাই আছে ।
ইফালে পূবৰ বেলি তামোল গছৰ ওপৰৰে লহিয়াই সিফাল হ'ল । অধৈৰ্য হৈ ঘৈণীয়েকে চিঞৰিবলৈ লাগিল । তথাপি ছাৰে কাণষাৰেই নিদিয়ে ।
এসময়ত ঘৈণীয়েকৰ বৰ খং উঠিল আৰু পানী এবাল্টি লৈ গৈ ছাৰৰ মূৰত ঢালি দিলে ।
বিজ্ঞানী গৰাকীৰ কিন্তু খং নুঠিল । মিচিককৈ হাঁহি এটা মাৰি তেখেতে ক'লে, "গাজনি ঢেৰেকণিৰ পাছত বৰষুণ আহিব বুলি মই ভাবিছিলোৱেই'' ।

গতিকে সপোন দেখা গাভৰু ছোৱালী সকলে বুজিছেই চাগে ; সিদ্ধান্ত আপোনাৰ ................

আপোনালোকৰ কেনে লাগিল নাজানো, মোৰ হলে এডিচন ছাৰৰ কথা কৈ বৰ ভাল লাগিল বুজিছে । বেছ ৰস পালো । সেয়ে শুনে য’দি তেখেতৰে আৰু এটা কাহিনী কওঁ , নে কি কয় ?

সেইদিনাও ছাৰ খুবেই ব্যস্ত আছিল। বিজ্ঞানৰ কোনো এটা জটিল সমস্যাৰ কথা ভাবি থাকোতেই হঠাতে তেখেতৰ মনত পৰিল, যে সেই দিনটো আছিল কাছৰিত দিব লগা কোনো এটা কৰ দিয়াৰ শেষ দিন । সেয়ে লৰা-লৰিকৈ ছাৰে কাছাৰীলৈ গৈ দেখে যে কৰ দিয়া ঠাইত বৰ ভিৰ আৰু মানুহবোৰে দীঘলকৈ শাৰী পাতি ঠিয় হৈ আছে । ছাৰো গৈ শাৰীত ঠিয় হ’ল ।
কিন্তু যেতিয়া তেখেত গৈ টকা জমা দিয়া কক্ষটোৰ মুখত ঠিয় দিলে তেতিয়া ছাৰক তেখেতৰ নামটো সুধিলে ।
কিন্তু কি আচৰিত.........................!!!!
ছাৰে নিজৰ নামটো কব নোৱাৰিলে,
মাত্ৰ কলে ‘পাহৰিলো’ !!!
এনে এটা অদ্ভূত উত্তৰ শুনি পাছৰ মানুহবোৰে হাঁহি দিলে । কোনোবা এজনে যেনিবা  ‘এডিচন’ ‘এডিচন’ বুলি কোৱাতহে ছাৰে সেইদিনা কৰ খিনি দিব পাৰিলে ।

তথ্য সংগ্ৰহ : ডিম্বেশ্বৰ চলিহাৰ ‘বিজ্ঞানীৰ বিচিত্ৰ বতৰা’      নামৰ গ্ৰন্থ খনৰ পৰা কৰা হৈছে ।
আমি লেখক গৰাকীলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছো ।

আমাৰ একাষাৰ : সকলো ব্যক্তিৰে জীৱনত কিছুমান হাঁহি উঠা ঘটনা থাকে । বিজ্ঞানী হ’লেও তেখেত সকলো মানুহ । আৰু মানুহ হিচাপে তেখেতসকলৰ জীৱনো বিভিন্ন সৰু-বৰ ঘটনাৰে পৰিপূৰ্ণ । এইসকল বিজ্ঞানী আমাৰ চিৰ নমস্য । তেখেত সকলৰ এই ৰসাল কাহিনীৰ উপস্থাপনৰে আমি তেখেতসকলক অতি শ্ৰদ্ধাৰেহে স্মৰণ কৰিছো । লগতে ডাঙৰৰ মাধ্যমৰে কিশোৰ-কিশোৰী সকলক বিজ্ঞানৰ প্ৰতি আকৰ্ষিত কৰি তোলা ই এক ক্ষুদ্ৰাতি-ক্ষুদ্ৰ প্ৰচেষ্টা মাত্ৰ ।
এই ক্ষেত্ৰত কোনো বিৰূপ মন্তব্য আপোনালোকে নকৰিব বুলি আশা ৰাখিছো ।
                                       
                                                শ্ৰদ্ধাৰে
                         🔅ফেচবুক  জ্ঞান সম্ভাৰ 🔅

🎤🔊ফেচবুকত আমাৰ ঠিকনা : https://m.facebook.com/groups/372830512757409?
📧 facebookgyansambhar@gmail.com

        ⚛🔆🔅🔆🔅🔴🔅🔆🔅🔆⚛

টেনচন আঁতৰিল

দোকানখনৰ সন্মুখত থিয় হৈ লাগিল নহয় টেনচন । কি বুলিনো বিচাৰিম, ভালো লগা নাই ক'বলৈ । তাকে ভাবি-চিন্তি চুচুক-চামাককে আগুৱাই গ'লো । মোক দেখি দোকানীজনে মাত লগালে, "দাদা আহক" । মানুহজনৰ মাতটোত উদ্যমৰ এটা জোৱাৰ স্পষ্ট, তাতে খুব ভদ্ৰ । হেনজানি আৰু এঢাপ আগুৱাই গাটো খুটা এটাৰে অলপ চেফ দি দোকানীৰ আগত থিয় হ'লো ।
"দাদা কওঁকচোন কি লাগে ।"---  দিও-দিও উৎসাহেৰে দোকানীজনে ক'লে ।
মই আকৌ ভাবিলো, "বিচাৰিম জানো !"
যদি, মই বিচৰাৰ লগে-লগে যদি দোকানীয়ে মোক ................!
শেষত যি হয় হ'ব বুলি কৈয়ে পেলালো,
"মোক গুৰ দিয়ক ।"
কিমানদিম দাদা ? ---- দোকানীজনৰ কথাত স্বস্তিৰ নিশ্বাস এটা পেলাই মটহা দোকানীজনৰ প্ৰচণ্ড গোৰ এটা খোৱাৰপৰা বাচিলো বুলি বৰ ৰং লাগিল !
     আজি প্ৰায় দুমাহমানৰপৰা চেনি খাবলে বাদ দিছো । বেছি চেনি খোৱা বেয়া বুজিছে । নাই-নাই, হোৱা নাই যেনিবা । চেনি বেমাৰ নহ'লেও শকত হৈছো যে সেয়ে বংশৰে ভাইটি এটাৰপৰা বুজি চেনি এৰি এইবাৰ মিঠৈত ধৰিছো । আমি আকৌ নগঞা সকলে মিঠৈ বুলিয়েই কওঁ । অৱশ্যে, উজনি আৰু নামনিত মিঠৈ সলনি "গুৰ" নামটোহে বেছি প্ৰচলিত । এবাৰ উজনিৰ লোক এজনক মিঠৈ বুলোতে নুবুজি লাৰুৰ কথাহে কোৱা বুলি বুজিছিল ।
যি-কি-নহওঁক, চেনি এৰি মিঠৈত ধৰাৰ কাৰণ আৰু আছে ।
বুজিব-বুজিব, ফেচবুক জ্ঞান সম্ভাৰত আজি মিঠৈৰ কথাকে ক'ম বুলিয়েই আহিছো ।
সাধাৰণতে মিঠৈ কুঁহিয়াৰৰ ৰস পগাই প্ৰাকৃতিক ভাৱে প্ৰস্তুত কৰা এবিধ খাদ্য সামগ্ৰী । কুঁহিয়াৰৰ বাদেও খেজুৰ আৰু তালৰ ৰসৰ পৰাও মিঠৈ উৎপাদন কৰা হয় । ইয়াৰ ইংৰাজী নাম হৈছে JAGGERY ।
শৰীৰৰ বাবে মিঠৈ খুব উপকাৰী আৰু চেনিৰ তুলনাত সহজে ই হজম হোৱাই নহয় ওভোতাই খাদ্য হজম কৰত ই সহায়হে কৰে । মেগনেছিয়াম যথেষ্ট পৰিমাণে থকাৰ বাবে গুৰে মাংসপেশী আৰু স্নায়ুৰ অৱসাদ আঁতৰাই । ইয়াত চুক্ৰজ আৰু গ্লুক'জ পোৱা যায় যি শৰীৰৰ বাবে আৱশ্যক ।
যদি আপোনাৰ মধুমেহৰ সমস্যা নাই তেনেহলে আহাৰ গ্ৰহণৰ পাছত অলপ মিঠৈ খাবচোন, হজম কাৰ্যত গুৰে সহায় কৰে ।
শৰীৰৰ ৰক্তহীনতা ৰোগৰ বাবে গুৰুৰ সু-নাম আছে । হিমগ্ল'বিন সৃষ্টিত ই সহায় কৰে । দুৰ্বলতা আতৰ কৰাৰ বাবেও সহায়কাৰী । তাতে আকৌ হাপানী, অজিৰ্ণ, কাহ, মাইগ্ৰেণ আদি ৰোগবোৰত গুৰ উপকাৰী । প্ৰদূষণযুক্ত স্থানত থকা সকলে গুৰ খাই থাকিলে বিভিন্ন ৰোগৰপৰা ৰক্ষা পোৱাত গুৰে সহায় কৰে ।
পাৰোতে মই গুৰ খোৱা নাই ।
গুৰৰ গুণ বহুত আছে । মধুমেহ আদি স্বাস্থজনিত সমস্যা নাথাকিলে আপুনিও খাওঁকচোন, ভালফল পাব ।
আজিলৈ বাৰু ইমানেই,
                   
                   ধন্যবাদ 🐰
🔴 এইলেখা লিখিবৰ বাবে বিকাশপেদিয়াৰ গুৰ বিষয়ক এটি লেখাৰ সহায় লৈছো ।
🎤ফেচবুকত আমাৰ ঠিকনা 🔊
https://www.facebook.com/groups/372830512757409/
আমাৰ 📧:
facebookgyansambhar@gmail.com
           🔅ফেচবুক জ্ঞান সম্ভাৰ🔅
                ⚫🔸🔹💠🔹🔸⚫

শকত

📎
    শকত
♦====♦
►আগকথা :
▬▬▬▬▬
   
পুৱা পেটপেলাই বেলিলৈকে শুই থকা পুতেকক মাকে জগোৱা  শুনি পুতেকে শুনাকৈ বাপেকে চিঞৰি-চিঞৰি ক'লে,
"বোলো হে......ৰা,  তাক নজগাবাচোন ; অলপ শুবলৈ দিয়া । বেচেৰাটোৱে গোটেই ৰাতিটো শুইছে, কষ্ট হয় নহয় ।" 🤣
এইয়া মোৰ লগৰ এজনৰ দেউতাকে (খুৰা এজনে ) মাজে-মাজে দিয়া এটি সুন্দৰ মন্তব্য ।আমাৰ আকৌ অলপ বেলেগ ষ্টাইলহে দেই । উঠা দেৰি হলে সেইদিনা কি চাব ; মা-দেউতাৰ মুখ দুখন এনেকৈহে ফুলি থাকে যেন নকৰা কাম এটাহে কৰি আহিছো । এঘন্টা মানলৈকে মাত-বোল বন্ধ । সময়ে নিজকে কিবা-কিবি লাগি যায় ! তথাপিও ইমান প্ৰতিবন্ধকৰ মাজতো যে এই মহৎ গুণকন এৰিব পৰা নাই সেইটোহে বৰ ডাঙৰ কথা । সেইফালৰ পৰা সোণৰ নহলেও ৰূপৰ মোহৰ এটাই পোৱাৰ যোগ্য দিয়কচোন ।
পাৰোতে কয়নে বোলে "বড়া ধানে জাত এৰিলেও শুং নেৰে ।"---কৃষ্ণ
যোৱাবেলি অৱশ্যে এই প্ৰব্লেমতে দোকমোকতে উঠি ফুৰিবলৈ লৈছিলো আৰু তাৰ পাছতে  ফেচবুক জ্ঞান সম্ভাৰত লিখা 'সু-ফল বেল' নামৰ লেখাটোত সেই কথা জনাই ফটকা ফুটাই দিছিলো । এইবেলিহে  স্কিমখনে ফ্লপ মাৰিলে ☺☻☺।
বেলিকৈ বিচনাত শুই থকাৰ অভ্যাসটো কিমান  অপকাৰী সেই বিষয়ে  বিশেষ  মই নকওঁ । সৰুতে মহম্মদৰ মিঠাই খোৱা সাধুটো পঢ়িছিলো নহয় । কিন্তু এটা কথা ঠিক, ভাৰতত ক্ৰমে বাঢ়ি অহা “শকত” মানে মেদ বহুলতাৰ সমস্যাত ইয়াৰ অৰিহণা আছে ।
তাৰোপৰি, আমি যি ধৰণে খাদ্য গ্ৰহণ কৰো তাৰ তুলনাত আমাৰ বহুতৰে শাৰীৰিক পৰিশ্ৰম যঠেষ্ট কম । ফলত শকত মানুহৰ সংখ্যা দ্ৰুত গতিত বৃদ্ধি পাবলৈ ধৰিছে ।

       গৰমৰ দিন কেইটাত শকত মানুহে পোৱা বিভিন্ন সমস্যাৰ ভিতৰত অন্যতম এটা অশান্তি হৈছে আনৰ তুলনাত অধিক গৰম অনুভৱ কৰাটো ।
হয়, ক্ষীণ মানুহৰ তুলনাত শকত মানুহৰ গৰম কিছু বেছিকৈ লাগে ।
কিন্তু কিয় ?
আহকচোন ফেচবুক জ্ঞান সম্ভাৰত আজি তাকেই আলোচনা কৰোঁ ………………

দৈনন্দিন জীৱনত আমি যি খাদ্য গ্ৰহণ কৰোঁ  সেইবোৰ দহন হোৱাৰ পাছত তাপশক্তিৰ উদ্ভৱ হয় । ইয়াৰ পৰা কিছু অংশ শৰীৰে বিভিন্ন কাম-কাজত ব্যৱহাৰ কৰে আৰু কিছু অংশ শৰীৰৰ পৰা ওলাই যায় । কিছু অংশ আকৌ ছালৰ মাজেৰে বাহিৰ হয় । কিন্তু ছালৰ তলত থকা চৰ্বিৰ তৰপটো ডাঠ হলে তাপ ভালকৈ বাহিৰ ওলাই আহিব নোৱাৰি ভিতৰতে আৱদ্ধ হৈ পৰে ।
ক্ষীণ মানুহৰ চৰ্বিৰ তৰপটো পাতল হোৱাৰ বাবে তাপ সহজে ওলাই আহিব পাৰিলেও শকত মানুহৰ বাবে এইক্ষেত্ৰত সমস্যা হয় আৰু আৱদ্ধ তাপৰ বাবে শকত মানুহে বেছিকৈ গৰম অনুভৱ কৰে ।

     “শকত”-ৰ কথা ক’লেই যে কিছসংখ্যক লোক টিঙিৰি-তুলা হৈ উঠে মই জানো । তেখেত সকলকলেনো বাৰু বেয়াপোৱাটো কৰোৱেইবা কিয় ! সেয়ে তেওঁলোককে ভালৰি বোলাই সাধাৰণতে নোকোৱা দুটি তথ্যৰে সামৰিছো দেই ।

    আমিবিলাকে প্ৰায়ে শৰীৰৰ বাঢ়ি অহা চৰ্বিকলৈ চিন্তা কৰোঁ । কিন্তু চৰ্বিৰ উপকাৰী গুণো আছে দেই । ধৰি লওক, আপুনি যদি কেনেবাকৈ গৈ এটা নিৰ্জন দ্বীপত থাকিব লগা হয় আৰু তাত খাদ্য সংকটে দেখা দিয়ে তেতিয়া আপুনি চৰ্বিবান মানুহ হলে ক্ষীন মানুহতকৈ কিন্তু দুদিন হ’লেও বেছি সজীৱ হৈ থাকিব কিয়নো, খাদ্য স্ংকটৰ উমান পালেই শৰীৰে চৰ্বিক প্ৰয়োজনীয় পুষ্টিৰ ভঁড়াল হিচাপে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে । ইয়াৰ পাছৰ তথ্যটো আকৈ আৰু সুন্দৰ ।
শুনি শকত আৰু মোৰ দৰে শকত হবলৈ ধৰা নৱাগত সকলে নিশ্চয় আনন্দ পাব ।
আপুনি জানেনে, চৰ্বিৰ পৰা “লিনোলেইক” নামৰ এবিধ এচিডৰ সৃষ্টি হয় যিটো আমাৰ দেহৰ বৃদ্ধি লগতে ছালৰ বাবেও প্ৰয়োজনীয় ।
ক’ত পাইছিলো পাহৰিলো, কিন্তু পঢ়ামতে শকত মানুহৰ মগজুৰ উৰ্বৰা শক্তি বেছি হয় । অৱশ্যে, এইটো কথা ঠিক যে চৰ্বিয়ে মগজুৰ হাইপোথেলামাছৰ ক্ৰিয়া নিয়ন্ত্ৰণ কৰে ।

যি-কি-নহওঁক, সকলোৰেলৈকে শ্ৰদ্ধা জনাই আজিলৈ সামৰিছো, পুনৰ লগপোৱাৰ আশাৰে 🙏…………..

             🕓সু-প্ৰভাত🌷

🎤 আমাৰ ফেচবুক জ্ঞান সম্ভাৰৰ ই-ঠিকনা →   https://www.facebook.com/groups/372830512757409/
*ফেচবুক জ্ঞান সম্ভাৰ*
1📶8⃣0⃣1⃣1⃣......

কাজিৰঙাৰ বিননী

এতিয়া দুখৰ চকুলোত সেমেকিছে অসম । 
বন্যাৰ্তৰ আৰ্তনাদ আৰু হেৰুৱাৰ বিষাদত উটি যায় আমাৰ উন্নতিৰ লেখ । 
কেৱল পানী-পানী আৰু পানী, তথাপিচোন মানুহ তৃষ্ণাতুৰ এটুপি পানীৰ বাবে ; ভোকাতুৰ  এমুঠি অন্নৰ বাবে ।

মানুহৰ লগে-লগেই আকৌ পশু-পক্ষী- সৰীসৃপ সকলোৰে দেখুন একেই দশা !
সৌ সিদিনালৈকে দেশী-বিদেশী কতনো লোকক চকুৰ তৃপ্তি দিয়া কাজিৰঙাৰ জন্তুবোৰে, চৰাইবোৰেও আজি প্ৰমাদ গনিছে ।
আপোনাৰ দামী কেমেৰাৰ সন্মুখত পজ দিবলে , কাণ জোকাৰি ঘাঁহ খাবলৈ সিহঁতে  বিচাৰে, সিহঁতে বিচাৰে মুক্ত আকাশৰ তলত আপোনাৰ অকণমান মৰম আৰু সুৰক্ষা, কিন্তু, .......................

হয়, সিহঁতৰ এই দুৰ্দশাৰ দৃশ্যবোৰ বৰ বেদনা দায়ক ।ফেচবুক জ্ঞান সম্ভাৰৰ মাননীয় সদস্য-সদস্যা সকল, অসমৰ গৌৰৱ আৰু মৰমৰ ৰংমন ককাইদেউহঁতৰ (গঁড়) গৃহভূমি কাজিৰঙাৰ বিষয়ে যুগুত কৰা এই লেখাটি আজিৰ সন্ধ্যা আমাৰ দলটিৰ মজিয়াত শ্ৰদ্ধাৰে আগবঢ়ালো ।

       কাজিৰঙা অসমৰ প্ৰথমখন ৰাষ্ট্রীয় উদ্যান । বিভিন্ন জীৱ-জন্তু-চৰাইৰ লগতে দুষ্প্ৰাপ্য প্ৰাণীৰ মুক্ত বিচৰণৰ স্থল এই কাজিৰঙা । 
নগাঁও আৰু গোলাঘাট জিলাৰ অন্তৰ্গত এই ৰাষ্ট্ৰীয় উদ্যানখন ভৌগোলিক ভাবে ২৬ ডিগ্ৰী ৩০ মিনিট উত্তৰ আৰু ২৬ ডিগ্ৰী ৪৫ মিনিট উত্তৰ অক্ষৰেখা,
৯৩ ডিগ্ৰী ০৮ মিনিট পূৱ আৰু ৯৩ ডিগ্ৰী ৩৬ মিনিট পূৱ দ্ৰাঘিমা ৰেখাৰ মাজত অৱস্থিত । 
উদ্যানখন পূৱৰ পৰা পশ্চিমলে ৪০ কিলোমিটাৰ দীঘল আৰু উত্তৰৰ পৰা দক্ষিণলৈ ১৩ কিলোমিটাৰ বহল । 
ইয়াত বাৰ্ষিক বৃষ্টিপাত ২,২২০ মি.মি. ।

      কাজিৰঙাৰ নামাকৰণৰ ফালৰ পৰা বিভিন্নজনৰ মাজত বিভিন্ন মতামত পোৱা যায় ।  প্ৰচলিত এক কাহিনীমতে "কাজি" নামে এজন যুৱক "ৰঙা" নামে এজনী গাভৰুৰ প্ৰণয় পাশত আৱদ্ধ হৈছিল । কিন্তু দুয়োৰো ঘৰৰ পৰা তেওঁলোকৰ প্ৰেমে স্বীকৃতি লাভ কৰিবলৈ নাপালে। 
অৱশেষত, দুয়ো হতাশ হ'ল তথাপি কিন্তু এজনেও আনজনক এৰি থাকিব নোৱাৰে । 
শেষত এদিন, এই উদ্যানখনৰ গভীৰৰ পৰা গভীৰতালৈ দুয়ো সোমাই গ'ল । 
সেইযে গ'ল, তেওঁলোক আৰু কাহানিও উভটি নাহিল । 
সেই গভীৰ প্ৰেমকথাৰ নায়ক-নায়িকাৰ নামেৰেই  "কাজিৰঙা" নামৰ উৎপত্তি বুলি বহুতে কয় ।

আনহাতে, কাৰ্বি ভাষাত আকৌ "কাজি" শব্দই ছাগলীক বুজাই আৰু "ৰঙাই" মানে ৰঙা ৰং অৰ্থাৎ "ৰঙা ছাগলী" । এই "কাজি" আৰু "ৰঙাই" শব্দৰ সংযুতিৰে "কাজিৰঙা" নামৰ উৎপত্তি বুলিও কোৱা হয় । 
      আন এক কথা মতে শ্ৰীমন্ত শংকৰদেৱে কাজি আৰু ৰঙাই নামৰ এহাল সন্তানহীন দম্পত্তিক সন্তান প্ৰাপ্তিৰ বাবে আশীৰ্বাদ প্ৰাপ্তিৰ বাবে এই স্থানত তেওঁলোকৰ নামেৰে এটা ডাঙৰ পুখুৰী খন্দাবলৈ আদেশ কৰিছিল ।

      বিভিন্ন জীৱ-জন্তুৰ আৱাসভূমি হোৱাৰ লগতে বিভিন্ন দুষ্প্ৰাপ্য প্ৰাণীৰ বিচৰণভূমি এই কাজিৰঙা । ইয়াত আছে প্ৰায় ৫০০ প্ৰজাতিৰ বিভিন্ন চৰাই । 
হাতী,বাঘ,বিভিন্ন পহু,বান্দৰ,ভালুক,ম'হ,অজগৰ আৰু বিভিন্ন প্ৰজাতিৰ সাপ আদি ইয়াত পোৱা যায় য'দিও কাজিৰঙা বিশেষভাৱে বিখ্যাত কিন্তু এশিঙীয়া গঁড়ৰ বাবে । বিশ্বৰ মুঠ এশিঙীয়া গঁড়ৰ ৭০% ইয়াতে বাস কৰে । 
জ্ঞান সম্ভাৰৰ মাননীয় সদস্য-সদস্যা সকল কাজিৰঙাৰ মূখ্য আকৰ্ষণ প্ৰাগ-ঐতিহাসিক এই প্ৰাণীবিধৰ বাসস্থান বুলি বিশ্বজোৰা খ্যাতি লাভ কৰা এই উদ্যানখনৰ প্ৰাৰাম্ভত গঁড়ৰ সংখ্যা আছিল মাত্ৰ ১২টা । 
অ'  এইখিনিতে অৱশ্যে এটা কথা উল্লেখ কৰি যাওঁ দেই । ১৯০৫ চনৰ ১ জুন তাৰিখে কাজিৰঙাক  সংৰক্ষিত বনাঞ্চলৰূপে গৃহীত কৰিবলৈ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল । 
ইয়াৰ পাছত, ১৯০৮ চনত কাজিৰঙাক সংৰক্ষিত বনাঞ্চল বুলি ঘোষণা কৰা হয় । 
বৰ্তমানৰ এই উদ্যানখনক ১৯১৬ চনৰ ১০ নৱেম্বৰ তাৰিখে "মৃগয়া বন" (ইংৰাজীত GAME SANCTUARY) বুলি নাম দিয়া হৈছিল য'দিও ১৯৫০ চনত সেই সময়ৰ মূখ্য বন সংৰক্ষক P.D. Starccy এ এই নাম আঁতৰাই ইয়াক "কাজিৰঙা ৰাষ্ট্রীয় উদ্যান" নামে নামাকৰণ কৰে
। পিছে উদ্যানখনে ৰাষ্ট্ৰীয় মৰ্যদা লাভ কৰিছিল ১৯৭৪ চনৰ ১ জানুৱাৰী তাৰিখে ।  
১৯৮৫ চনত অসমৰ প্ৰথমখন ৰাষ্ট্রীয় উদ্যানক ইউনেস্ক'ৱে "বিশ্ব ঐতিহ্য ক্ষেত্ৰ"ৰ মৰ্যদা প্ৰদান কৰাৰ লগে-লগে অসমক গৌৰৱৰ মুকুতা পিন্ধাই কাজিৰঙাই বিশ্ববাসীৰ দৃষ্টিত উজ্বলতম ৰূপত জিলিকি উঠিল । 
অ' আৰু এটা কথা দেই, ২০০৭ চনৰ ৩ আগষ্টৰ পৰা কাজিৰঙাক ব্যাঘ্ৰ প্ৰকল্পৰো অন্তৰ্ভুক্ত কৰা হয় । উল্লেখ কৰি ভাল লাগিছে যে এই কাজিৰঙাত বাঘৰ ঘনত্ব ভাৰতৰ ভিতৰতে নহয় পৃথিৱীৰ ভিতৰতেই বেছি । 
উল্লেখযোগ্য যে, ২০১০ চনৰ পিয়ল মতে কাজিৰঙাত প্ৰতি ১০০ বৰ্গ কিলোমিটাৰ এলেকাত ৩২ টাকৈ বাঘে বসবাস কৰে । 
আনহাতে আৰু এটা ভাল খবৰ যে ১৯০৮ চনত মাত্ৰ ১২ টা গঁড় থকা এইখন কাজিৰঙাত ২০১৫ বৰ্ষত কৰা এক পিয়লত ২,৪০১ টা গঁড় আছে বুলি পোহৰলৈ আহিছিল ।

      মই বিশ্বাস কৰো, দুই এটা দেশদ্ৰোহী বা জাতি দ্ৰোহীয়ে নিজৰ কলংকিত অধ্যায়ৰে আজি বহুজনৰ দৃষ্টিত অসমৰ বন বিভাগক হেয় সজালেও কিন্তু গঁড় বৃদ্ধিৰ এই সফলতাৰ বাবে সুৰক্ষাত আত্মনিয়োগ কৰা কৰ্মচাৰী সকলক ধন্যবাদ দিব লাগিব । 
এইহেন অৰণ্যত নিজৰ প্ৰাণক আগবঢ়াই দিও কিন্তু দিনে-নিশাই কাজিৰঙাত প্ৰহৰী সকলে নিজ দায়িত্ব পালন কৰি আহিছে । 
এইবেলি বাৰিষাত অৰণ্যৰ জন্তুবোৰৰ স্বাৰ্থত ৰাতিক দিন কৰা এইসকল কৰ্মচাৰীৰ কষ্টক কিন্তু স্বীকাৰ কৰিবই লাগিব । 
কিন্তু দুখলাগে এখেত সকলৰ এই সঁচা কষ্টক দুই-এটাৰ কৰ্মকাণ্ডই সমাজৰ চকুত মুহূৰ্ততেই ধূলি কৰি দিয়ে ।

        কাজিৰঙাৰ বানপানী সঁচাই দুখজনক ! এই সময়ত জন্তুবোৰৰ কষ্টই যিকোনো মানুহৰ হৃদয়ত খুন্দিয়াই যাব পাৰে । 
তাৰে লগে-লগে ইয়াৰ বনকৰ্মী সকলে এই সময়ত কৰা কষ্ট দেখিলে আপোনাৰ অন্তৰ কৃতজ্ঞতাৰে উপচি পৰিব। 
আপুনি য'দি ওচৰৰ পৰা দেখিছে তেন্তে দেখিব পাৰে বহুজনৰ চকুত স্পষ্ট হৈ থকা টোপনি ক্ষতিৰ চিন । 
আমাৰ মৰমৰ ৰংমন-টিংখং, জুলোহঁতৰ সুৰক্ষাৰ বাবে সততাৰে প্ৰচেষ্টা চলোৱা  প্ৰতিগৰাকী বনকৰ্মীলৈ জনাইছো অন্তৰৰে কৃতজ্ঞতা ।

🙏 এই লেখাৰ বাবে তথ্যৰ সংগ্ৰহ উইকিপেডিয়াৰ পৰা লোৱা হৈছে 
লগতে শান্তনু কৌশিক বৰুৱাৰ সংক্ষিপ্ত অসমীয়া বিশ্বকোষ/১ ,
শৰাইঘাট অসম ইয়াৰ বুকৰ পৰা লোৱা হৈছে । 
ব্যৱহাৰ কৰা ফটো মই নিজে লোৱা ।

🎤🔊ফেচবুকত আমাৰ ঠিকনা 📨 : https://m.facebook.com/groups/372830512757409?

             🔅 ফেচবুক জ্ঞান সম্ভাৰ 🔅

                💠▫▫▫▫▫▫▫▫🔴▫▫▫▫▫▫▫▫💠

অসমৰ বানপানী

শান্ত-সৌম্য আৰু গহীন । 
ভাল দিনত সকলোৰে আপোন ; হেঁপাহৰ, চেনেহৰ ।
কাৰোবাৰ বাবে ই আকৌ অফুৰন্ত প্ৰেৰণা বা সাহসৰ প্ৰতিক আৰু কাৰোবাৰ বাবে ......, হৃদয় প্লাৱনৰ তৰংগে-তৰংগে গতি কৰা অনন্ত গতিৰ  পূৰ্ণ ৰূপ  । 
ইয়াৰ পাৰতেই আকৌ গঢ়লৈ উঠা এটা জাতিৰ সভ্যতা । 
কিমানযে উপৰি পুৰুষৰ অতীত জীৱনৰ অজান বহু জীৱন্ত ঘটনাৰ কথা ; কত সময় ....,কত বিষাদ আৰু ৰঙৰ সাক্ষী হৈ আজিও বৈয়েই আছে বিশ্বৰ একমাত্ৰ নদ মহাবাহু "ব্ৰহ্মপুত্ৰ" ।


কিন্তু যেতিয়া বাৰিষা নামে..........!!!!!!


নামি আহে নদীৰ বুকুলৈ উন্মাদনা । 
কেৱল ব্ৰহ্মপুত্ৰই নহয়, সহচৰী বিভিন্ন নদী- উপনদীক লগত লৈ চলাব ধৰে ব্ৰহ্মপুত্ৰই প্ৰলয় ।  আৰু তাৰ লগে-লগে অসমলৈ নামি আহে বিভীষিকাৰ অন্য নাম .....................


====== "বানপানী" ======


অসমত বানপানী নতুন কথা নহয় বৰঞ্চ, 
ইতিহাসে নজনা দিনৰ দৰেই পুৰণি । 
অকল অসমেই নহয় উত্তৰ পূৰ্বাঞ্চলৰে ই এটা সমস্যা । ব্ৰহ্মপুত্ৰ উপত্যকাৰ চৈধ্যখন জিলা, বৰাক উপত্যকাৰ দুখন, মণিপুৰত চাৰিখন আৰু অৰুণাচলৰ দুখন জিলা প্ৰতি বছৰেই বাৰিষা হৈ পৰে বানাক্ৰান্ত । 
ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ সহচৰী সমূহ তেতিয়া হৈ পৰে অভিশপ্ত । ধন-জন, জীৱ-জন্তু, স্থাৱৰ-অস্থাৱৰ বহুতো সম্পদ এফালৰ পৰা কাঢ়ি নিয়ে বানে । চকুৰ আগতেই চাকনৈয়াত বিলিন হৈ যাব ধৰা আপোনজনৰ অসহায় মুখ আৰু মৰণ কাতৰ চিঞৰ, এফালৰ পৰা উচন কৰি নিয়া ভেটিৰ মাটি আৰু মৰমৰ জীৱবোৰ যেতিয়া বলিয়া বানে উটোৱাই নিয়ে তাৰ বেথা কি নিশ্চয় তেওঁলোকেহে ভালদৰে বুজে যি নিজেই সেই সমস্যাৰ খহনিয়াত ভাৰাক্ৰান্ত । 
      নিশাৰ আহাৰ মুঠি খাবলৈ বহাৰ সময়ত আপুনিবাৰু ভাবিছেনে,  এতিয়াও কিন্তু আপোনাৰ-মোৰ দৰে বহু মানুহ আৱদ্ধ হৈ আছে পানীৰ মাজত ; তাতে আছে শিশু । 
চাওমিন খোৱা বিলাসীতাৰ বিপৰীতে এটেমা চাউলৰ অভাৱত যি গৰাকী মাতৃয়ে সন্তানৰ অলক্ষিতে চকুৰ পানী আজি মুচিছে তেওঁ ক'ব এই ভয়ানক বিপদৰ কথা । 
     বহুজনেতো পকেট খৰছৰ নামতেই  বহু ধন খৰছ কৰিব পাৰে । 
এই লেখাটোৰ প্ৰাৰাম্ভত অনুৰোধ কৰিম , সাধ্যানুযায়ী বান আক্ৰান্ত সকলৰ বাবে আগবাঢ়ি অহা বিভিন্ন দল-সংগঠন সমূহক আপোনাৰ সহায়, আৰ্থিক সহযোগ নিশ্চয়ে প্ৰয়োজন । পৰা সকলে এইক্ষেত্ৰত কিঞ্চিতকৈ সহায়ৰ হাত আগবঢ়ালেও এই বিপদৰ সময়ত বৰ ডাঙৰ সহায় হয়।


       ক্ৰান্তীয়-মৌচুমী জলবায়ুৰ অঞ্চল এই উত্তৰ-পূৱ ভাৰত য'ত গড়ে ২৩০ ছেঃ মিঃকৈ বৰষুণ পৰে । ইয়াৰে ৮০ % ই আকৌ নামি আহে জুনৰ শেষৰ পৰা চেপ্তেম্বৰৰ শেষৰ ভিতৰত ।  বাৰিষা ইয়াৰ নদ-নদী সমূহ নিজেই যেতিয়া পানীৰে ভাৰাক্ৰান্ত হৈ পৰে তেতিয়া অতিৰিক্ত পানী ভাগে পাৰ বাগৰি বানপানীৰ সৃষ্টি কৰে । 
ইফালে ভৌগোলিক ভাবে উত্তৰ-পূৱৰ ৭২% ঠায়েই পাহৰিয়া । গতিকে পাহাৰৰ নামি অহা উন্মদা পানীয়ে ভৈয়ামত ত্ৰাসৰ সৃষ্টি কৰে । তাতে আকৌ একেটা সময়তে হিমালয়ত বৰফ গলা পানী বৈ আহি অসমৰ নদীত মিলিত হয়হি । 
        বানপানী অসম আৰু ইয়াৰ চুবুৰীয়া অঞ্চল সমূহত আগৰে পৰাই হৈ থকা সমস্যা হ'লেও ১৯৫০ চনৰ ১৫ আগষ্টত অহা বৰ ভূঁইকপৰ পাছত এই সমস্যাৰ প্ৰকোপ অধিক বৃদ্ধি পালে । 
কাৰণ সেই প্ৰচণ্ড ভূঁইকপত বিভিন্ন নদীৰপৃষ্ঠ সমূহ উপৰলৈ উঠি আহিছিল । 
উল্লেখযোগ্য, ১৯৫০ চনৰ সেই ভূঁইকপত ব্ৰহ্মপুত্ৰৰ বক্ষভাগ গড়ে ২২ চেন্টিমিটাৰকৈ উঠি নদখন আগতকৈ বামহৈ পৰিছিল ফলত পানীৰ বহন ক্ষমতা নিশ্চয়কৈ কমি আহিল । 
জ্ঞান সম্ভাৰৰ মাননীয় সদস্য-সদস্যা সকল, এইখিনিতে বানপানী - নদীপৃষ্ঠৰ সৈতে জড়িত আৰু এটা ভৌগোলিক কথা উল্লেখযোগ্য । কথাটো হৈছে হিমালয়ৰ বা উত্তৰ-পূৱৰ পাহাৰ-পৰ্বত সমূহৰ গঠন কোমল TERTIARY শিলেৰে হোৱা । বাৰিষাৰ বাগৰি অহা প্ৰৱল পানীয়ে এইবোৰ ক্ষয় নিয়াই আৰু ভৈয়ামলে শিল-বালি বিলাক কঢ়িয়াই আনি নদী পৃষ্ঠক বাম কৰি অনাত অৰিহনা যাচে । 
      ইফালে এচামে আকৌ বিভিন্ন জলাশয় পুতি বসতি স্থাপন কৰিছে । উল্লেখযোগ্য যে এই বিল-পিতনি আদি বিভিন্ন জলাশয় সমূহেও বহুপানী বহন কৰি ৰাখিব পাৰে ।


বানপানী হৈছে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ এক বৃহৎ সমস্যা  ।  এই সমস্যা অঞ্চলটোৰ অৰ্থনীতিটো মাধমাৰ সোধাইছে । এইখিনিতেই উল্লেখ কৰি যোৱা ভাল যে কেৱল অসমতেই ৩,১৫০,০০০ হেক্টৰ মাটি বানে গৰকা । 
প্ৰতি বছৰে এই অঞ্চলটোত কেৱল খাদ্য শস্য নষ্ট হোৱাৰ ফলতেই হেৰোৱাব লাগে ₹১৫ কোটি টকা ।


     কতজনক আপোনজনৰ পৰা কাঢ়িলৈ যায় এই বানে ! কত ঘটনা লুুকায়েই ৰয় মানুহৰ অলক্ষিতে !!
সঁচাকে, এটা ভয়ানক সমস্যা । 
..................বা_ _ _ ন.........


🙏 তথ্যৰ বাবে সহায়ক গ্ৰন্থ আৰু তাৰবাবে কৃতজ্ঞতা :


GEOGRAPHY of NORT-EAST INDIA
by TAHER & AHMED


🎤🔊ফেচবুকত আমাৰ ঠিকনা📨 : https://m.facebook.com/groups/372830512757409?


        🔅ফেচবুক জ্ঞান সম্ভাৰ🔅


        💠▫▫▫▫▫▫▫▫▫▫🔴▫▫▫▫▫▫▫▫▫▫💠


নতুন লেখা / ছবি

গ্ৰীষ্মৰ আতঙ্ক

ইমান অত্যাচাৰ ! নষ্টজোৱা, হতশ্ৰীহোৱাবোৰৰ পৰা সঁ‌চাই শান্তি নোহোৱা হৈছেগে । নাপায়, ইমান অত্যাচাৰী  হ'বগে নালাগে । যিহে অত্যাচাৰ হৈছে, যি ...