কামাখ্যা আৰু তালৈ যাব নোৱাৰা এটি হিন্দু ৰাজবংশ

"                            কামাখ্যা
  আৰু তালৈ যাব নোৱাৰা এটা হিন্দু ৰাজবংশ :
◀🔸➖➖◾➖➖🔹🔶🔹➖➖◾➖➖🔸▶

     ধৰ্মীয় দৃষ্টিৰে যিয়েই নহওঁক ঐতিহাসিক ক্ষেত্ৰ ৰূপে কামৰূপৰ কামাখ্যা দেৱালয়ৰ এটি বিশিষ্ট স্থান আছে । কবলৈ গলে কামাখ্যা দেৱালয় অসমৰ আন এটি পৰিচয়ো কিন্তু । এই দেৱালয় কামৰূপৰ "কুব্জীকাপীঠ" নামৰ এটি পাহাৰৰ ওপৰত অৱস্থিত । এই কুব্জীকাপীঠ পাহাৰকেই আমি "নীলাচল" নামেৰে জানো । 
পুৰাণৰ মতে শিৱ পত্নী সতীৰ মৃত্যুৰ পাছত শিৱই সতীৰ দেহ লৈ ত্ৰৈলোক্য ভ্ৰমণ কৰা কালত সতীৰ দেহৰ এক বিশেষ অংশ কুব্জীকাপীঠ পাহাৰত পৰাত গোটেই পাহাৰটোৱেই নীলা ৰঙৰ হৈ পৰে আৰু পাহাৰটো নীলাচল নামৰে বিখ্যাত হয় । 

       প্ৰাচীন কালৰে পৰাই কামৰূপ আৰু সমগ্ৰ বৰ অসম শক্তি সাধনাৰ ক্ষেত্ৰ হিচাপে প্ৰসিদ্ধ হৈ আহিছিল যদিও মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ভক্তি আন্দোলনৰ প্ৰভাৱত কামাখ্যাৰ পুৰণি জনপ্ৰিয়তা অসমত কিছু হ'লেও স্তিমিত যেনেই লাগে !

        কামাখ্যা মূলতঃ অসমৰ স্থানীয় দেৱী । "কামাখ্যা"-শব্দৰ অৰ্থ বিভিন্ন ৰূপত পোৱা যায় বা এইক্ষেত্ৰত বিভিন্ন পণ্ডিতে নিজা মত পোষণ কৰিছে । সম্প্ৰতি পোৱা তাৰে এটি অৰ্থ অনুসৰি "কাম" মানে সুন্দৰ আৰু "আখ্যা" মানে নাম অৰ্থাত সুন্দৰ নাম । 
যি কি নহওঁক , অসমৰ এক ঐতিহাসিক স্থান ৰূপে এই বিষয়ে সকলোৱেই জানিব লাগে । ব্যক্তিগতভাৱে নিজে যদিওবা সত্ৰ তথা বৈষ্ণৱ সংস্কৃতিৰ লগতহে জড়িত তথাপি এই বিষয়ে বহু কথা জানিবলৈ বা শিকিবলৈ হেঁপাহ আছে বিশষতঃ পৌৰাণিক ক্ষেত্ৰ হিচাপে । 

ৰ'ব, আজি পিচে ফেচবুক জ্ঞান সম্ভাৰৰ মজিয়াত উল্লেখ কৰিম বুলি ভাবি আহিছো এটি আকৰ্ষণীয় কাহিনী । 

       আপোনালোকে জানেনে যে বৰ অসমৰ এটি হিন্দু ৰাজ পৰিয়াল এই মন্দিৰৰ সতে বিশেষভাৱে জড়িত হৈয়ো তেওঁলোকে কামাখ্যা মন্দিৰত প্ৰৱেশ নকৰে ; মন্দিৰ কি নীলাচল পাহাৰটোতেই আৰোহণ নকৰে সেই ৰাজবংশৰ  লোকে । বঞ্চিত তেওঁলোক কামাখ্যা দৰ্শনৰ পৰা । 
কিন্তু কিয় ?
তাৰো আছে এটি কাহিনী। ফেচবুক জ্ঞান সম্ভাৰৰ মাননীয় সদস্য-সদস্যা সকল, আপোনালোকে নিশ্চয় জানে, যে প্ৰাচীন প্ৰাগজ্যোতিষপুৰৰ কিম্বদন্তিয় ৰজা নৰকাসুৰে নীলাচল পাহাৰত দেৱী কামাখ্যাৰ মন্দিৰ প্ৰথম নিৰ্মাণ কৰিছিল । সেই প্ৰাচীন মন্দিৰ বুৰঞ্জীয়ে জনা অৱস্থাত পোৱা নাযায় । বুৰঞ্জীয়ে ক'ব পৰা অৱস্থাৰ পৰা কবলৈ হলে এই মন্দিৰ নিৰ্মাণৰ বাবে প্ৰথমে নাম লব লাগিব কোচ ৰাজবংশৰ প্ৰতিষ্ঠাতা মহাৰাজ বিশ্বসিংহৰ নাম । 
এবাৰ আহোমৰ সতে যুদ্ধ কৰিবলৈ আহি নিজ সেনাৰ পৰা ঘটনাক্ৰমে বিচ্ছিন্ন হৈ পৰা বিশ্বসিংহ মহাৰাজ আহি-আহি এই স্থানত উপস্থিত হয়হি । ইয়াতেই দেৱীৰ পীঠ বুলি জানি মহাৰাজে নিজ সেনাবাহিনীৰ লগত লগ-লগাই দিবলৈ দেৱীক প্ৰাৰ্থনা কৰিলে আৰু এই ইচ্ছা পূৰণ হলে দেৱীৰ মন্দিৰ সোণৰে তৈয়াৰ কৰিব বুলি প্ৰতিজ্ঞাও কৰিলে । ঘটনাক্ৰমে বা সময়ৰ সংযোগত ৰজাৰ ইচ্ছা পূৰ্ণ হ'ল । ইয়াৰ পাছতে নিজ প্ৰতিজ্ঞা ৰক্ষা কৰি প্ৰতিছটা শিলৰ তলত এক ৰতি সোণ দি মহাৰাজ বিশ্বসিংহই কামাখ্যা দেৱীৰ মন্দিৰ নিৰ্মাণ কৰাই দিছিল । 
বিশ্বসিংহ মহাৰাজে নিৰ্মাণ কৰাই দি পুৰণি কামাখ্যা মন্দিৰক ভাৰতীয় ইতিহাসৰ কুখ্যাত "কালাপাহাৰে" ধ্বংস কৰিছিল । 
পাছলৈ কোচ ৰাজবংশৰ গৌৰৱ আৰু বিশ্বসিংহ মহাৰাজৰ জ্যেষ্ঠ পুত্ৰ মহাৰাজ নৰনাৰায়ণে এই মন্দিৰ পুনৰ নিৰ্মাণ কৰিছিল ১৫৬৫ খ্ৰীষ্টাব্দত । 
দৰং ৰাজবংশাৱলী মতে নৰনাৰায়ণ মহাৰাজে মন্দিৰ নিৰ্মাণ কৰি উচৰ্গা কৰোতে তিনি লক্ষাধিক হোম , একলক্ষ বলি দিছিল আৰু তামৰ ফলি বনাই সাতকুৰি পাইক মন্দিৰৰ নামত আগবঢ়াইছিল । ভূ-সম্পত্তি দান কৰি মহাৰাজে মন্দিৰৰ পূজা-অৰ্চনাৰ বাবে ব্ৰহ্মণ পণ্ডিত নিয়োগ কৰিছিল । 
পাছলৈ নৰনাৰায়ণে পুনৰ প্ৰতিষ্ঠা কৰা এই মন্দিৰৰ বহু অংশ ১৮৯৭ চনৰ ডাঙৰ ভূমিকম্পত ক্ষতি হোৱাত তিনি হাজাৰ দুশ টকা অৰ্থ সাহাৰ্যৰে মেৰামতিও কৰাইছিল কোচবিহাৰৰ সেই ৰাজ পৰিয়ালটোৱেই । তথাপিও কিন্তু তেওঁলোক আজিও বঞ্চিত দেৱী দৰ্শনৰ বাবে । এয়ে নহয়, এই ৰাজপৰিয়ালৰ কোনো লোকেই আজিও নীলাচল পাহাৰতে আৰোহণ নকৰে ।

কিন্তু কিয় ?
সন্মানীয় পাঠকবৃন্দ, যদিওবা আপোনালোকক এই ৰাজবংশটোৰ নাম এতিয়ালৈকে কোৱা হোৱা নাই তথাপি আপোনালোকে নিশ্চয় গম পাইছে, এই ৰাজবংশ অসমৰ মহাপ্ৰতাপি আৰু ন্যায়পৰায়ণ ৰজা বিখ্যাত নৰনাৰায়ণৰ "কোচ ৰাজবংশ"-ৰ বাহিৰে আন কোনো নহয় ।    কামৰূপ তথা অসমৰ অন্যতম পৰিচয় মা কামাখ্যা মন্দিৰৰ নিৰ্মাণৰ লগত কোচ ৰাজবংশৰ নাম বুৰঞ্জীত সোণালী আখৰৰে লিখা হোৱা হলেও তেখেতসকল এই মন্দিৰলৈ নোযোৱাৰ সতে জড়িত হৈ আছে এটি কিম্বদন্তি অথবা বিশ্বাসৰ মাজত প্ৰতিষ্ঠিত এটি আচৰিত কাহিনী । 

       সেয়া মহাৰাজ নৰনাৰায়ণৰ দিনৰ কথা । কালাপাহাৰে ধ্বংস কৰি যোৱা কামাখ্যা মন্দিৰক পুনৰ প্ৰতিষ্ঠা কৰি মহাৰাজে মন্দিৰ পৰিচালনাৰ বাবে বিভিন্ন লোকক নিয়োগ কৰিছিল । তাৰে ভিতৰত মন্দিৰৰ পূজা-অৰ্চনাৰ বাবে নিয়োগ কৰিছিল কেন্দুৰলাই নামৰ এজন ব্ৰাহ্মণ পণ্ডিতক । প্ৰৱাদ আছে, নীলাচলৰ বুকুলৈ যেতিয়া সন্ধিয়া নামে কেন্দুকলাই ব্ৰাহ্মণে মন্দিৰত ঘন্টা ধ্বনিৰ লগে-লগে স্তোত্ৰ পাঠ কৰি আৰতি আৰম্ভ কৰে । সেই ঘন্টা ধ্বনি আৰু স্তোত্ৰ পাঠত জাগ্ৰত দেৱী নামি আহি আৱিৰ্ভাৱ হয় সুন্দৰী যুৱতীৰ বেশত । শব্দ ব্ৰহ্মৰ তালে-তালে তেওঁ নাচে । জয়ালৰ পৰা আৰু জয়াল হৈ পৰে সমগ্ৰ নীলাচল । দেৱীক কিন্তু কোনেও নেদেখে মাত্ৰ দেখা পাই কেন্দুকলাই ব্ৰাহ্মণে । এনেকৈয়ে চলি থাকিল সেই ব্ৰাহ্মণৰ আৰাধনা আৰু তাৰ লগে-লগে প্ৰসন্না দেৱীৰ উল্লাস নৃত্য । 
         গোপনে থাকিল সেই কথা । এদিন কিন্তু পূজাৰীয়ে ভুলেই কৰিলে । দেৱীয়ে নৃত্য কৰা সেই গোপন কথা তেওঁ নৰনাৰায়ণৰ আগত কৈ পেলালে । কৌতুহলী আৰু সাহসী ৰজাৰ অন্তৰত এই কথাই অযুত উদ্দিপনাৰ ঢৌ তুলিলে । তেওঁ নিশ্চিত কৰিলে, দেৱীৰ অপূৰ্ব ৰূপ আৰু তেওঁৰ নৃত্য দৰ্শনৰে ৰজাই নিজ নয়নক ধন্য কৰিব । লগে-লগে তেওঁ পূজাৰীক কলে তেওঁৰ অভিপ্ৰায়ৰ কথা । পূজাৰীয়ে ভয় খালে, ৰজাক প্ৰাৰ্থনা কৰিলে সেই সৰ্বনাশী আশা ত্যাগ কৰক। 
কিন্তু সিদ্ধান্তত অচল আছিল ৰাজন। ভয় কেতিয়াও নকৰে তেওঁ । কালিকালগা মন্দিৰৰ জাগ্ৰত দেৱীৰ সন্ধিয়াৰ গোপন নৃত্য তেওঁ যে চাবই লাগিব । 
কেন্দুকলাই বিব্ৰত হ'ল । তথাপি আকৌ অনুৰোধ কৰিলে, সেই নৃত্য দৰ্শন নকৰিবৰ বাবে । 
নিজ সিদ্ধান্তত অলৰ ৰজাই সেই অনুৰোধ স্বীকাৰ নকৰিলে । শেষত উপায়হীন পূজাৰীয়ে সন্ধিয়াৰ আৰতিত মন্দিৰৰ বাহৰিৰৰ পৰাই দেৱীৰ গোপন নৃত্যক গোপনেই চাবলে পৰামৰ্শ দি গুচি আহিল । 

      নীলাচলৰ বুকুলৈ সেইদিনা আকৌ সন্ধিয়া নামি আহিছিল । এজাক এন্ধাৰে ভয়াৰ্ত কৰি তুলিছিল চৌদিশৰ পৰিবেশ আৰু তাৰ লগে-লগে নামি আহিছিল এন্ধাৰ ক'লা এটি অশনি সন্ধিয়া । নিঃশব্দতাই আৰু অধিক জয়াল কৰিছিল কালিকা লগা মন্দিৰৰ আকাশ, বতাহ  সকলো ।  
প্ৰস্তৰ শিলৰ দেৱালবোৰে পীঠৰ কাষতে জ্বলি থকা বিশাল চাকিগছৰ ক্ষীণ পোহৰক ভিতৰতেই বন্দী কৰি ৰাখিছিল । 
পূৰ্বৰ দৰেই সময়ত মন্দিৰৰ ভিতৰৰ পৰা ভাঁহি আহিল ঘন্টাৰ কঠিন শব্দ । তাৰ লগে-লগে সংস্কৃতত গোৱা পূজাৰীৰ স্তোত্ৰ পাঠ । জাগ্ৰত দেৱীয়ে উল্লাসৰে নামি আহি সুৰৰ তালে-তালে আৰম্ভ কৰিলে নৃত্য । 
আৰম্ভ হ'ল মানুহ আৰু দেৱীৰ দৰ্শন । 
ঠিক একে সময়তে বাহিৰৰ এন্ধাৰ ফালি এটি ছায়ামূৰ্তি ঘন খোজেৰে মন্দিৰৰ ফালে আগুৱাই আহিল । বেৰৰ ফাকেৰে অপূৰ্ব দেৱীৰ নৃত্যৰ লয়-লাস চাবলৈ উদ্যত তেওঁ । ঠিক মাত্ৰ চাইছিলহে..............
দেৱীয়ে কিন্তু গম পালে । ক্ৰোধাম্বিতা হৈ পৰিল দেৱী। তেওঁৰ বিস্ফোৰিত ৰক্ত নয়নৰ খুৰধাৰ দৃষ্টিত নিমিষতে বাগৰি পৰিল কেন্দুকলাইৰ মস্তক ; মাথো এটি ক্ষণ । 
ইফালে মহাৰাজ নৰনাৰায়ণকো সাৱধান বাণী শুনাই মুহূৰ্ততে নীলাচল ত্যাগ কৰিবলৈ দেৱীয়ে আদেশ দিলে লগতে অভিশাপ দিলে, ৰজাই আৰু তেওঁৰ বংশৰ কোনো লোকে ভৱিষ্যতে  এই পীঠ দৰ্শন কৰা দূৰৰে কথা নীলাচল পাহাৰত যদি আৰোহণো কৰে তেতিয়া নিৰ্বংশ হ'ব । 

---------------------- কিম্বদন্তি আৰু জনবিশ্বাসৰ ভেটিত প্ৰচলিত কথা । হ'লেও এই নিয়ম আমি জনাত আজিও ৰক্ষিত হৈ আহিছে । 
মই বাৰু অলপ বেছিকৈ লিখিলো নেকি ?
আচলতে সুন্দৰ কাহিনী এটা পাই ম'বাইলতে  সাহিত্য চৰ্চা কৰিবলৈ মন গ'ল । 
তাৰ বাবে উপযুক্ত পাত্ৰ মই নহলেও চেষ্টা কৰাত নিশ্চয় ভুল হ'ব নোৱাৰে, নে কি কয় ?

অ' ৰ'ব, কাহিনী ইমানতে শেষ হোৱা নাই, আৰু আছে । দেৱীৰ কোপত মুণ্ড ছেদ হোৱাৰ পাছত কেন্দুকলাইৰ মস্তক গৈ তেওঁৰ গৃহ ভূমি বৰ্তমানৰ মঙলদৈৰ কলাইগাঁৱত পৰিলগৈ । তাতেই বৰ্তমানে "মূৰভগা" নামেৰে এটি দেৱালয়ো আছে । ------- এইবিলাক কিম্বদন্তিয়ে কোৱা কথা । 

     শাক্ত হিন্দু সকলৰ ৫১ খন মূল পীঠৰ ভিতৰত কামাখ্যা অতিকে বিখ্যাত । বিশ্বাস কৰা হয়, সমগ্ৰ কামৰূপ ভূমিয়েই দেৱীৰ অতিকে প্ৰিয় আৰু সেয়ে তেওঁ ইয়াত গৃহে-গৃহে বাস কৰে । কালিকা পূৰাণত কোৱা হৈছে: 

" অন্যত্ৰ বিৰলা দেৱী কামৰূপে গৃহে-গৃহে । "

পিছে ইয়াত ধৰ্মীয় আচাৰ কিছু পৃথক । 
কালিকা পুৰাণতেই কোৱা হৈছে,

"সৰ্ব্বেশো যোগিনীপীঠে ধৰ্ম্মং কৈৰাতজং মতং । " 

কামৰূপত পূৰ্বতেই কিৰাত সকলৰ ধৰ্ম প্ৰচলন আছিল  । পিচে পৰৱর্তি সময়ত এই কামাখ্যাক কেন্দ্ৰ কৰি বৌদ্ধ ধৰ্মত "তন্ত্ৰযান" আৰু "ব্ৰজযান" নামৰ দুটা আন ধৰ্মৰ শাখা ইয়াত গঢ় লৈছিল আৰু কিছুমান অদ্ভুত বামাচাৰী ক্ৰিয়া -কাণ্ড প্ৰকট হৈ পৰিছিল  । 
পঞ্চ ম- কাৰ প্ৰথাৰে চলা পূজাই বহুতকে অধিক সন্ত্ৰষ্ট কৰি তুলিছিল যাৰ বাবে গুৰুজনাই অসমত নৱ-বৈষ্ণৱ ধৰ্ম প্ৰৱৰ্তন কৰিবলৈ বাধ্য হৈছিল । 

কীৰ্ত্তনৰ চতুৰ্ব্বিংশতি-অৱতাৰ-বৰ্ণনত তেখেতে লিখিছে,

"বুদ্ধ অৱতাৰে বেদ-পথ কৰি ছন । 
বামানয় শাস্ত্ৰে মুহি আছা সৰ্ব্বজন । । "

আগতেই কৈছিলো কামাখ্যা অসমৰ স্থানীয় দেৱী  । প্ৰাচীন কামৰূপত নৰকাসুৰে এইগৰাকী দেৱীক অসমত প্ৰতিষ্ঠা কৰিছিল আৰু মাতৃ উপাসক কিৰাত সকলৰ মাজত বিভিন্ন নামেৰে এই গৰাকী দেৱীক আৰাধনা কৰি অহা হৈছিল  । 
"কামাখ্যা" সম্বন্ধে জানিবলৈ বহু কথাই আছে, আছে এক বৃহৎ বুৰঞ্জী তথা ঐতিহাসিক সমল  । 
মই মাথো দুখন কিতাপৰ তথ্য লৈয়ে এটি অতি চুটি আলোচনা আগবঢ়াইছো । 

অ' মনত পৰোতেই মই পঢ়ি তথ্য আহৰণ কৰা গ্ৰন্থ দুখনৰ নাম উল্লেখ কৰি লেখিকা আৰু লেখক দুয়োজনলৈকে কৃতজ্ঞতাৰ শৰাই আগবঢ়াইছো 🙏:

১/ প্ৰয়াত নিৰ্ম্মলপ্ৰভা বৰদলৈ বাইদেউৰ "দেৱী"
২/ অনন্ত কুমাৰ শৰ্মাৰ "শক্তিৰূপা মা কামাখ্যা" । 
💠 লগতে পঢ়ক কামাখ্যা বিষয়ক আন এটি লেখা "কামৰূপে গৃহে-গৃহে" ( 🔃 https://www.facebook.com/groups/372830512757409/permalink/2266009026772872/ )

আজিলৈ ইমানতে সামৰিছো দেই । পুনৰ অন্য তথ্যৰে আপোনালোকক লগ পোৱাৰ প্ৰৱল হেঁপাহৰে আৰু সকলোকে সন্মান জনাই আজিলৈ আহোঁ ........

                          সু-প্ৰভাত 🌷
🐣আপোনাৰ বাবে দিনটো মঙ্গলময় হওঁক 🎶

🎤🔊 ফেচবুকত আমাৰ কৰাপাট 🔷
📱8⃣0⃣1⃣1⃣......
         🔶🔹🔸🔸🔹⚫🔘⚫🔹🔸🔸🔹🔷

কলাগুৰু

আগকথা

         এই পৃথিৱীলৈ বহুতো মানুহ আহে আৰু চৰাচৰিত নিয়মৰে জীয়াই থাকি যায়গৈ । ক্ষন্তেকৰ কাৰণে কেইজনমানে কান্দে আৰু এটা সময়ত সময়ৰ ঢৌত সিও নোহোৱা হৈ বিদায়ীৰ কথাচোন একোৱেই নাথাকে ! 
তথাপিও জীৱন নাটত অখৰাৰ অবিহনেই বহুতে ভাও দি যায় । বেছিভাগেই বাচনি কৰে খলনায়কৰ ভাও । মাটি-টকা-প্ৰাসাদ, সুন্দৰী নাৰী, যশ-মান-খ্যাতি আদি অনেক বিষয়কলৈ তেওঁলোকে অভিনয় কৰে ; ৰচনা কৰে চক্ৰবেহুৰ ফান্দ আৰু তাতে মাৰি শেষত নিজেও মৰি সকলো এৰি থৈ যায় । জীৱনৰ নাট শেষ হয় । মাথো দৰ্শকৰ অভিমতবোৰ  মুখবাগৰে ; তাকো কিছুদিনৰ বাবে ।
এজনৰ পাছত আকৌ এজন, মাথো সলনি হয় চৰিত্ৰবোৰৰ নাম । কথাবোৰ একেই থাকি তেওঁলোকো মগ্ন হয় , মৰণফান্দ চলি থাকে । তাতে গঢ় লয় টকাৰ উচ্চ পাহাৰ । কেৱল লোৱা-লোৱা আৰু অধিক লোৱাৰ বাসনাৰ অনন্ত জোৱাৰবোৰ কেৱল শেষ হয় মৃত্যুৰ নিলাজ মৌনতাত । 
তাৰে মাজত কিছুলোক আহে যি দিয়া-দিয়া আৰু দিয়াৰ বাহিৰে ল'বলৈ একোৱেই নাজানে । তেওঁলোকৰ বাবেই স্থবিৰ হয় সময় , মৃত্যুৱেও হাৰ মানে । তেনে এজন মানুহৰ কথাকে ক'বলৈ লৈছো, যাৰ স্ব-প্ৰতিভাৰ উজ্বল আভাই 🌌আজিও জিলিকাই ৰাখিছে বুঢ়া লুইতৰ দুটি পাৰ । 

কলা-সাহিত্য-সংস্কৃতি-ৰাজনীতি-সমাজনীতিৰ জগতত আমূল পৰিৱৰ্তনৰ জোৰ জ্বলাই মানুহক নতুনৰ বাট দেখুওৱা আৰু সৃষ্টিৰ বিপ্লৱেৰে নতুনক আমন্ত্ৰণ জনোৱা বিংশ শতিকাৰ বিপ্লৱী তেওঁ ; আৰ্তজনৰ বন্ধু, অদম্য কণ্ঠৰে মানুহৰ হৃদয়ৰ কথা কোৱা এজন অসমীয়া যুগনায়ক যাৰ জন্মই দি গ'ল এটা জাতিৰ মান আৰু বহুতো । 
শুকুৰাম কছাৰীৰ বংসৰ গোপাল ৰাভাৰ ঔৰষত  মাতৃ গেথীবালা ৰাভাৰ কোলা শুৱনি কৰিছিল অসমীয়াৰ প্ৰাণৰ সেই যুগনায়কে ।
সেয়া ১৯০৯ চনৰ কথা । সেইবছৰৰ ৩০ জানুৱাৰী বৃহস্পতিবাৰটোৱে গোপাল ৰাভাৰ ঢাকাত থকা বাসগৃহলৈ লৈ আনিছিল অসমৰ অন্যতম গৌৰৱ এটি দেৱশিশুক। পৰিয়ালটোত মৰমতে তেওঁক মতা হৈছিল “কটু” । শৈশৱতে দেউতাকৰ চেতাৰ বাদন আৰু শাস্ত্ৰীয় সংগীতৰ  ৰাগচৰ্চাই 🎼 শিশুজনক আকৰ্ষিত কৰিছিল ।
কোনে জানিছিল, সেই শিশুজনেই এসময়ত অসম উজ্বলাব ! কোনে জানিছিল পাছলৈ বিষ্ণুপ্ৰসাদ ৰাভা নামৰে তেখেতেই হৈ ৰ'ব কালজয়ী এক জাতীয় সত্বা !
অসম আৰু অসমীয়াৰ প্ৰাণৰ স্পন্দন "কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক ফেচবুক জ্ঞান সম্ভাৰে  শ্ৰদ্ধাৰে সোঁৱৰিছো 🙏
                              জয় আই অসম
                      🔅ফেচবুক জ্ঞান সম্ভাৰ🔅

           🎤🔊 ফেচবুকত আমাৰ কৰাপাট ⛩
           📨 rajibgoswami0@gmail.com

                    🔆🔹🔸🔹🔴🔹🔸🔹🔆

        অসমৰ এক অমৰ ব্যক্তিত্ব, যাৰ নামত নাচে  জনতাৰ প্ৰাণ ; ৰন্ধ্ৰে-ৰন্ধ্ৰে বয় আপোনত্বৰ নেদেখা সূতাৰে বোৱা হৃদয়ৰ গান । 
মানুহবোৰে ভালপায় তেওঁক ; আৰ্তজনৰ বন্ধু, এক সংগ্ৰামী সত্তা, যাৰ কন্ঠ আৰু কলমত ভাহিছিল  দৰিদ্ৰ জনতাৰ মুক্তিৰ গান । কৃষ্টিৰ পথাৰত সৃষ্টিৰ বীজ সিঁচি যি জাতিক কৰিছিল প্ৰাণৱন্ত, যাৰ জ্ঞানৰ গঙ্গাই উজলাইছিল অলেখ আন্ধাৰত লুকাই ৰোৱা তথ্যৰ বিশাল ভাণ্ডাৰ, ৰঙৰে বুলাইছিল যি চিত্ৰকল্পত প্ৰাণ, সেইজনেই কলাৰ গুৰু অসমৰ আন এক প্ৰাণ "বিষ্ণু ৰাভা" ।

সম্পূৰ্ণ নাম : বিষ্ণু প্ৰসাদ ৰাভা ।
শৈশৱৰ নাম : কন্টু । 
জন্ম : ৩১ জানুৱাৰী ১৯০৯ চন (বৃহস্পতিবাৰ) । 
জন্মস্থান :  লাইনবেৰাক, ঢাকা, বাংলাদেশ
পিতৃৰ নাম : গোপাল চন্দ্ৰ ৰাভা
মাতৃৰ নাম : গেঠীবালা ৰাভা
ককাকৰ নাম : শনিৰাম কছাৰী

      এষাৰ কথা আছে , "Morning Shows the Day" । তাতে সংস্কৃতিবান এটা পৰিয়ালত শিল্পৰ লগতে আধ্যাত্মিকতাৰ সংযোগেৰে সৃষ্ট পৰিৱেশত ডাঙৰ হৈছিল তেওঁ । 
শিশু বিষ্ণুপ্ৰসাদৰ বিদ্যালয় যাত্ৰাৰ শুভাৰম্ভ হৈছিল ঢাকাৰ এখন ইংৰাজী প্ৰাথমিক বিদ্যালয়ত । পঞ্চ অশ্বই টনা বগীত আৰোহণ কৰি  বিদ্যালয় যাত্ৰাৰ আৰম্ভণীতে আধিক্য জীৱন শৈলিত অলপো খাপ নোখোৱাৰ বাবে সেই বিদ্যালয় এৰি এখ্ন বঙালী মাধ্যমৰ বিদ্যালয়ত নাম লগাই শিক্ষা গ্ৰহণ কৰে । চেতাৰ বজাই ভালপোৱা পিতৃ গোপাল চন্দ্ৰ ৰাভায়ো চাগে বিচাৰিছিল তেওঁৰ পুত্ৰ এজন কলাৰ সাধক হওক আৰু সেয়ে ঢাকাৰ শ্ৰেষ্ঠ সংগীত শিল্পী গহৰ জান বিবি, মোতি মিঞা আৰু ওস্তাদ কালাচান্দক গৃহ শিক্ষক হিচাপে ৰাখি পুত্ৰক শিল্পৰ জগতত বাট বুলিবলৈ আগবঢ়াই দিছিল । ওস্তাদ কালাচান্দ প্ৰশিক্ষণতে শিশু বিষ্ণু প্ৰসাদে মাত্ৰ আঠ বছৰ বয়সত ঢাকাত “ৰাজা হৰিচন্দ্ৰ” নাটকত ৰাজকুমাৰ ৰোহিতাস্যৰ ভাৱত অভিনয় কৰিছিল । কিন্তু নিয়তিৰ পৰিহাস, ১৯১৭ চনত যেতিয়া আঠ বছৰীয়া শিশু বিষ্ণুৰাভা প্ৰাথমিক বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ আছিল সেই সময়তে, পিতৃ গোপাল চন্দ্ৰ ৰাভাৰ পৰলোক হোৱাত সম্পৰ্কীয় ডাঃ ধাবাৰাম মেচৰ সহায়ত বিষ্ণুৰাভাসহ পৰিয়ালটোক লৈ আনে সুন্দৰৰ নগৰী তেজপুৰলে ।

           তেজপুৰৰ চৰকাৰী হাইস্কুলত নাম লগাই বঙালী মাধ্যমৰ সলনি অসমীয়া মাধ্যমত শিক্ষা গ্ৰহণ কৰিব লগা হোৱাত প্ৰথমে কিছু অসুবিধাৰ সন্মুখীন হৈছিল যদিও নিজৰ মেধা শক্তিৰ বাবে কিছু প্ৰতীক্ষাৰ পাছত অসমীয়া মাধ্যম তেখেতৰ বাবে সহজ হৈ আহিল । হাইস্কুলৰ জীৱনত ফুটবল, হকী, ক্ৰিকেট আদি খেলত দেখুৱা শ্ৰেষ্ঠতা আৰু সাংস্কৃতিক জগতখনতো নাচে-গানে-অভিনয়ে থকা পাৰদৰ্শিতাৰ বাবে বিষ্ণু প্ৰসাদ হৈ উঠিছিল সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু । 
১৯২৬ চনত তেজপুৰ হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত দৰং জিলাৰ ভিতৰতে প্ৰথম হৈ “কুইন এমপ্ৰেছ” পদক লাভ কৰিছিল  কিন্তু পদকটো প্ৰদান কৰাৰ দিনা মাকৰ অসুস্থতাৰ বাবে যাবলৈ অনিচ্ছুক ৰাভাদেৱে বহু বুজনিৰ পাছত গৈ বঁটা গ্ৰহণ কৰি বঁটাটো আনি মাকৰ হাতত দি সেৱা কৰিলে ।
     ইয়াৰ পাছতেই আৰম্ভ হ’ল উচ্চ শিক্ষা গ্ৰহণৰ যাত্ৰা । উচ্চ শিক্ষা গ্ৰহণৰ বাবে কলিকতাৰ চেণ্টপ’ল কলেজৰ বিজ্ঞান শাখাত আই. এছ. চি. শ্ৰেণীত নাম লগালে ।  নিজৰ কলা সাধনা আৰু ক্ৰীড়া জগতৰ মাজেৰে আগবাঢ়ি সেই সময়ত  ৰাভা হৈ পৰিছিল জাকত জিলিকা সকলৰ মাজৰে এজন । 
১৯২৮ চনত চেণ্টপ’ল কলেজৰ পৰা প্ৰথম বিভাগত আই. এছ. চি. পাছ কৰি তেখেতে কলিকতাৰ ৰিপণ মহাবিদ্যালয়ত পদাৰ্থ বিজ্ঞানত অনাৰ্চ লৈ নামভৰ্তী কৰে । ১৯২৯ চনত বি. এচ. চি. ৰ দ্বিতীয় বৰ্ষলৈ উত্তীৰ্ণ হয় । সেই সময়তে ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ ভৰপক কালত বংগত আন্দোলনৰ বিভিন্ন কাৰ্যৰ লগতে এচাম যুৱকৰ মাজত বৃটিছ বিৰোধী ষড়যন্ত্ৰই উগ্ৰ ৰূপ ধাৰণ কৰিছিল । 
সুঠাম চেহেৰাৰে সকলো দিশতে পাৰ্গত আৰু অতি জনপ্ৰিয় বিষ্ণুৰাভাৰ ওপৰত পুলিচ প্ৰশাসনৰ শেনচকু । এনেও পশ্চিমবংগত শিল্পী, কলা-কুশলী আৰু খেলুৱৈৰ বাবে সামাজিক আদৰ বৰ বেছি । সেই ফালৰ পৰা সৰ্বগুণী ৰাভাদেৱৰ জনপ্ৰিয়তা তাতে আকৌ কলেজৰো কেপ্তেইন, গতিকে পুলিচৰ সন্দেহ তেওঁৰ ওপৰত আছিল সৰ্বদা । হোষ্টেলত পুলিচৰ খান-তালাচ আৰু তেওঁকলৈ ক্ৰমাৎ বৃদ্ধি পোৱা তদন্তৰ উৎপিৰণে সেই কলেজ বাদ দিবলৈ  তেওঁক বাধ্য কৰালে ।
অৱশেষত বন্ধু মহলৰ বাধাকো নেওচি ৰিপণ কলেজ এৰি থৈ তেখেত নৰনাৰায়ণ-চিলাৰায়ৰ গৰিমাৰে বিঢৌত কোচবিহাৰ পালেহি । তাতে ভিক্তোৰিয়া কলেজত এইবাৰ কলা শাখাত নাম লগাই সত্ৰ সংস্কৃতিৰ ইতিহাস লগা কোচবিহাৰকো আপোন কৰি পেলালে । ইপিনে মহাত্মা গান্ধীৰ স্বাধীনতা আন্দোলনৰ অগনি মনত উমি-ঊমি জ্বলি থকা ৰাভাদেৱৰ মনৰ সংগ্ৰামী সত্তাৰ বাবেই কোচবিহাৰত বৃটিছৰ বিৰুদ্ধে প্ৰতিবাদত নামিল । এদিন নিশা ভিক্টোৰিয়া কলেজৰ টিংখোপত, জনকিন্স হাইস্কুল আৰু ৰিজেন্ট হাট্চিন্চন চাহাবৰ বঙালাৰ গেটত অকলেই ত্ৰিৰঙ্গ পতাকা উৰাই দিলে । এই ঘটনাত কোচবিহাৰত হুলস্থূলৰ সৃষ্টি হ’ল ।      কোচবিহাৰ ৰাজভৱনৰ দেৱালত নিশা এটি স্ব-ৰচিত বঙালী কবিতাৰে প’ষ্টাৰিং কৰি ৰাভাদেৱে বিদ্ৰোহ কৰিলে । ৰিজেন্ট হাট্চিন্চন  আৰু দেৱান খাস্তগীৰ বিৰুদ্ধে চাৰি শাৰী বাক্যৰে লিখা জীৱনৰ এই প্ৰথম কবিতাটোত তেখেতে লিখিছিল :
“ৰাজ্যে আছে দুইটি পাঠা,
একটি কালো একটি সাদা ।
ৰাজ্যেৰ যদি মঙ্গল চাও,
দুইটি পাঠাই বলি দাও ।।”
এই ঘটনাত প্ৰমাণৰ অভাৱত বাচি গ’ল যদিও পাছত তেওঁ আহি তেজপুৰ পালেহি । তেজপুৰত আগৰণুৱা বিষ্ণুৰাভাই স্বাধীনতা আন্দোলনৰ এটি সমদলত নেতৃত্ব লৈ বন্দে মাতৰম ধ্বনিৰে আকাশ-বতাহ কঁপাই তুলিলে ।

      ইয়াৰ পাছত, বিষ্ণুপ্ৰসাদ ৰাভাক কোচবেহাৰ চৰকাৰে বহিষ্কাৰ কৰিলে । কলেজ কৰ্তৃপক্ষইও দিয়া বাধ্যতামূলক ট্ৰেন্সফাৰ চাৰ্টিফিকেটখন লৈ ৰাভাদেৱ উপস্থিত হ’লগৈ ৰংপুৰ কাৰ মাইকেল কলেজত । ভিক্টোৰিয়া কলেজৰ পৰা খবৰ ওলাল, ৰাভাই চতুৰ্থ স্থান লৈ বি. এ. চতুৰ্থ বৰ্ষলৈ উত্তীৰ্ণ হৈছে । 
কাৰ মাইকেল কলেজত ইংৰাজীত অনাৰ্চ লৈ পুনৰ পঢ়া-শুনা আৰম্ভ কৰিলে । তাতো কলা-শিল্প, খেল-ধেমালিত নিজৰ পাৰদৰ্শিতাৰে সকলোকে আকৰ্ষিত কৰি ৰাভাদেৱ হৈ পৰিছিল জনপ্ৰিয় । সৰস্বতী পূজাত পূজাৰ প্ৰতিমা নিজে নিৰ্মাণ কৰি সকলোকে মুগ্ধ কৰাৰ লগতে কলেজৰ ক্ৰিকেট আৰু হকি দলৰো হৈছিল অধিনায়ক ।
তেনেতে বংগৰ কোনো আন্দোলনকাৰীয়ে ছট্টগ্ৰামৰ চৰকাৰী অস্ত্ৰাগাৰৰ পৰা অস্ত্ৰ কাঢ়ি লোৱা ঘটনাত সন্দেহ বশত পুলিচে ৰাভাৰ ওপৰত চোকা দৃষ্টি ৰখাত তীব্ৰ ঘৃণা আৰু অসন্তুষ্টিৰে ছাত্ৰ জীৱন আধাতে সামৰি ১৯৩১ চনত কলিকতালৈ গুচি গ’ল ।
         কলা-সাহিত্য-সংস্কৃতিৰ অন্যতম বৰচ’ৰা কলিকতা । তাতে অনন্য কলাকাৰ, লেখক বিষ্ণুপ্ৰসাদৰ মন শিল্প-সাহিত্যৰ প্ৰতি অধিক আকৰ্ষিত হ’বলৈ ধৰিলে । “শ্ৰীবিষ্ণু প্ৰিয়া ৰাভা ঠাকুৰীয়া” ছদ্মনামত সেই সময়তে লিখিছি “শ্ৰীশ্ৰী কলাৱতী” নামৰ প্ৰবন্ধটো
সেই সময়তে মাধৱ চন্দ্ৰ বেজবৰুৱাৰ সম্পাদনাত প্ৰকাশিত “বাঁহী” আলোচনীখনত ৰাভাদেৱে নিজে “চিত্ৰলেখা” নাম দি এটি শিতান পৰিচালনা কৰিছিল । “সংগীত আৰু শ্ৰীশ্ৰী শংকৰদেৱ গায়ন” নামৰ মূল্যবান প্ৰবন্ধটোও সেই সময়তেই লিখা ।
কলিকতাত থকা কালত তেওঁৰ অতি উচ্চমানৰ প্ৰতিভাই জনতাক বিমুগ্ধ কৰিলে । অনেক গুনমুগ্ধ আৰু বিখ্যাত শিল্পীসকলৰ লগত গঢ়ি উঠিল আন্তৰিকতা । এই সময়তে বহুমুখি প্ৰতিভাৰ আকৰ ৰাভাদেৱে মেচুৱা বজাৰত আয়োজিত ফেন্সি-ড্ৰেছ এক্জিবিচনত পতা এক বিশাল আয়োজনৰ মঞ্চত ভিক্টৰ হিউগোৰ “Hunsback of Noterdom” চৰিত্ৰটোৰ মেক-আপ কৰি নিখুঁত ৰূপত যেতিয়া থিয় দিলে লগে-লগে ত্ৰাস আৰু হৰ্ষৰ ঢৌৱে সভাগৃহত এক আচৰিত পৰিৱেশৰ সৃষ্টি কৰিলে ।
কলাৰ সাধনাত নিমগ্ন প্ৰাণত সংঘাটৰ খুন্দাই আকৌ তেওঁক সমস্যাত পেলালে । চট্টগ্ৰামৰ পুৰণি ঘটনাটোৱে পুনৰ মূৰ ল’লে । পুলিচে আহি ৰাভাৰ ঘৰ খান-তালাচ কৰাত লাগিল । সেই সময়তে ঢাকাত পুলিচ বিষয়া হৈ থকা ককায়েক নন্দলাল ৰাভাৰ আহ্বানত তেওঁ পুনৰ গৈ জন্মস্থান ঢাকা পালেগৈ ।
ঢাকাৰ পৰা ওল্টি আহি পুনৰ পালেহি কলিকতা । পুনৰ আৰম্ভ হ’ল সংগীত আৰু শিল্পৰ সাধনা । সেইখিনি সময়তে ৰাছিয়াৰ বিশ্ববিখ্যাত নৰ্তকী প্ৰাইমা বেলেৰিনা আনা পাভলোভাই কলিকতাত কৰা নৃত্য প্ৰদৰ্শন অতি আগ্ৰহৰে চাইছিল বিষ্ণুৰাভাই । একাগ্ৰ দৃষ্টিৰে পাভলোভাৰ”ৰাজহংস নৃত্যত তেওঁ আপ্লুত হ’ল । পিচদিনা এক বিশেষ বাসনা মনত লৈ তেখেতে লগ কৰিলে সেই বিশেষ নৃত্য-পটীয়সী গৰাকীক । অভিলাষ, পাভলোভাৰ শিষ্যা হোৱাৰ । 
মনৰ ইচ্ছাক খুলি কোৱাত এটি অপূৰ্ব কণ্ঠৰে হেনো কৈছিল “ভাৰতত নৃত্য শিকা  সহজ । নৃত্যৰ  বাবে প্ৰয়োজনীয় সকলো  ইয়াত আছে । বিভিন্ন স্থানত থকা শিলৰ মূৰ্তিৰ ভংগীমাক গতিশীল ৰূপ দিলেই নৃত্য হ’ব ।”  --- কথা শুনি ৰাভাদেৱৰ মনক এক সুন্দৰৰ চিন্তাই ঠাই পালে । পাভলোভাক সন্মান জনাই উভটনি যাত্ৰাত তেওঁ ৰচিলে ……..
বিশ্বৰে ছন্দে ছন্দে 
          মহানন্দে আনন্দে
             ……………….
           গীতৰ অময়া সুৰৰ মাজতে মায়াইও  জীৱনক নতুন ৰূপত সঁজাই তুলিলে । সুন্দৰৰ সাধনা কৰা যাযাবৰী জীৱনলৈ কলিকতাতেই আগমন ঘটিল সুন্দৰৰ সাধনা কৰা আন এক জীৱন ; “প্ৰিয়লতা দত্ত” । ১৯৩৭ চনৰ ২৪ নৱেম্বৰত  দুয়োৰে দুয়ো হোৱাৰ প্ৰতিশ্ৰুতিৰে সংসাৰ গঢ় ল’লে । 
শিল্পী মনত নতুন জীৱন । হেঁপাহ আৰু কত কল্পনাৰ জুমুঠিটো চিতাৰ জুইলৈ আগবাঢ়ি যাব বুলিনো ভাবিছিল কোনে । সন্নিপাত জ্বৰত ২২ ডিচেম্বৰত প্ৰিয়লতাই প্ৰতিশ্ৰুতি ভংগ কৰিলে । 
বিশেষ সৃষ্টিৰ বাবেই চাগে সময়েও খেলে শিল্পীৰ চৰম নিষ্ঠুৰতা বা কেতিয়াবা প্ৰতাৰণাৰ সতে । নতুন জীৱনৰ ধলফাট শেষচোন হোৱাই নাছিল ! 
বিৰহ শিল্পীয়ে সময়ৰ নিষ্ঠুৰতাৰ পাছত লিখিলে ……….

পৰজনমৰ  শুভ লগনত
যদিহে হয় আমাৰ দেখা
………………………….

            বিষাদ বেদনাই ৰুদ্ধ কৰি পেলালে এটি মুক্ত বিহঙ্গৰ মন । প্ৰায় ডেৰ বছৰমান বিষাদে যেন কৰিছিল তেওঁক গৃহবন্দী ! ইয়াৰ মাজতে লিখিলে বভিন্ন কালজয়ী গীত । কলিকতাতেই বিষাদে আৱৰি ধৰা শিল্পীজনে ৰচিছিল ………..
লগন উকলি গ’ল
      তেওঁ যে নহ’ল কোৱা
……………………..”

সেই প্ৰিয়লতাৰ দুখতেই তেওঁ লিখিছিল …………..
মোৰ কবিতাৰ ছন্দ লাগি
         স্পন্দন তোৰ জাগেনে ?
কথা মালিতাৰ গন্ধ লাগি
সোণৰ সপোন ভাগেনে ?
………………………..
সৃষ্টি আৰু সুন্দৰৰ পূজাৰীজন তেজপুৰলৈ ঘূৰি আহিল । কৰি গ’ল সুন্দৰৰে সাধনা । আগতকৈ ক্ৰমাৎ মনলৈ অলপ শান্তিও নামিল ।
কিন্তু শিল্পীক যেন সময়েও নোৱাৰে ধৰি ৰাখিব ।
১৯৩৯ চনত কাশী হিন্দু বিশ্ববিদ্যালয়ৰ পৰা বিষ্ণু প্ৰসাদ ৰাভাদেৱলৈ নৃত্য প্ৰদৰ্শনৰ বাবে এটি নিমন্ত্ৰণ আহিল । নিমন্ত্ৰণক ৰক্ষা কৰি তেখেতে গায়ন-বায়নক লগত লৈ কাশী হিন্দু বিশ্ববিদ্যালয়ত গৈ উপস্থিত হ'লগে । ভাৰতীয় বিভিন্ন বিষয়ৰ শ্ৰেষ্ঠ শিল্পীৰ সমাগমে গিজগিজাই থকা বিশ্ববিদ্যালয়ৰ শিল্প মঞ্চত ৰাভাদেৱে প্ৰদৰ্শন কৰিছিল শিৱৰ তাণ্ডৱ নৃত্য । এইখিনিতে স্মৰ্তব্য যে শাস্ত্ৰীয় নৃত্যৰ ক্ষেত্ৰত শিৱৰ তাণ্ডৱ নৃত্যৰ সঠিক প্ৰদৰ্শন অতি কষ্টসাধ্য আৰু এই নৃত্য অতি গুৰুত্বপূর্ণ ।
 ৰাভাদেৱে আৰম্ভ কৰিলে । নটৰাজ শিৱৰ তাণ্ডৱ নৃত্যৰ ১০৮ টা কৰণৰ প্ৰদৰ্শন কিমান কঠিন সেইয়া ভালকৈ বুজিব শাস্ত্ৰীয় নৃত্যৰ শ্ৰেষ্ঠ গুৰুৱেহে । হিন্দু বিশ্ববিদ্যালয়ৰ সেই মঞ্চলৈ যেন নটৰাজৰ স্বয়ং আগমন ঘটিল । মন্ত্ৰমুগ্ধ হৈ সকলোৱে চকুৰ পলক নেপেলোৱাকৈ চাবলৈ ধৰিলে ।                               হাত চাপৰত সভাগৃহ ৰজন-জনাই উঠিল আৰু সেই মঞ্চতে অসমক গৌৰৱৰ মালা পিন্ধাই সেই সময়ৰ বিশ্ববিদ্যালয় খনৰ উপাচাৰ্য সৰ্বপল্লী ৰাধাকৃষ্ণন দেৱৰ পৰা ৰাভাদেৱে "কলাগুৰু" উপাধিৰে বিভূষিত হ'ল । বিশ্বৰ এগৰাকী সকলো যুগৰ মহান গুৰুৰ পৰা এনে উপাধি লাভ কৰাটো কিমান মহত্বতম কথা হব পাৰে !!!! 
ব্যক্তিগত ভাবে ভাবো কেৱল বিষ্ণুৰাভাৰ বাবে নহয় ; অসমৰ বাবে এইয়া এক শ্ৰেষ্ঠ সন্মান । ইফালে কলাগুৰু জনাৰ সেই নৃত্য চাই থকা সেই সময়ৰ ভাৰত বিখ্যাত শ্ৰেষ্ঠ নৃত্য শিল্পী উদয়শংকৰে কৈছিল , "There are some peculiarities in Mr. Rava's dance which I much learn. " নিজেই এজন শ্ৰেষ্ঠ শিল্পী আৰু তেখেতে ৰাভাদেৱৰ পৰা শিকব লাগিব বুলি কোৱা কথাষাৰ কম তাৎপৰ্যপূৰ্ণনে ! ইয়াত তেখেতৰ উদাৰতা আৰু মহানতাও প্ৰকাশ পাইছে । 
উপৰোক্ত কথাখিনি আপোনালোকৰ নিশ্চয়ে জ্ঞাত । এই কথাখিনি আমি প্ৰায়ে আলোচনাও কৰো ; বিশেষকৈ বিষ্ণু ৰাভা দিৱসৰ সময়ত । কিন্তু আমিযে উল্লেখ কৰো ‘কৰণ’, এই কৰণনো কি বাৰু ? সেয়ে আহক,  ফেচবুক জ্ঞান সম্ভাৰৰ মজিয়াতে ‘কৰণ’ কি মাজতে অতিৰিক্ত আলোচনা কৰি যাওঁ ।
‘কৰণ’ মানে কোনো একোটা কাম সম্পাদন কৰাকে বুজাই । নৃত্যৰ ক্ষেত্ৰত হাত-ভৰিৰ সঞ্চালনত এই কৰণ সমূহৰ সৃষ্টি হয় ।
ভাৰতীয় নাট্য শাস্ত্ৰৰ মতে ‘কৰণ’ ১০৮ প্ৰকাৰৰ । সেই সমূহ হৈছে :
১) তলপুষ্পপুট ২) বৰ্ত্তিত ৩) বলিতোৰু ৪) অপবিদ্ধ ৫) সমনখ ৬) লীন ৭) স্বস্তিকৰেচিত ৮) মণ্ডলস্বস্তিক ৯) নিকুট্টক ১০) কটিচ্ছিন্ন ১১) অৰ্ধৰেচিত ১২) বক্ষস্বস্তিক ১৩)উন্মত্ত ১৪)স্বস্তিক    ১৫) পৃষ্ঠস্বস্তিক  ১৬)দিকস্বস্তিক ১৭) অলাত ১৮) কটিসম ১৯) আক্ষিপ্তৰেচিত ২০) বিক্ষিপ্তাক্ষিপ্ত ২১) অৰ্ধস্বস্তিক ২২) অঞ্চিত ২৩) ভুজঙ্গত্ৰাসিত ২৪) অৰ্ধবজানু ২৫) নিকুঞ্চিত ২৬) মতল্লি ২৭) অৰ্ধমতল্লি ২৮) ৰেচননিকুট্ট ২৯) পদাপৰিদ্ধক ৩০) বলিত ৩১) ঘূৰ্ণিত ৩২) ললিত ৩৩) দণ্ডপক্ষ ৩৪) ভুজঙ্গ ৩৫) ত্ৰস্তৰেচিত ৩৬) নূপুৰ ৩৭) বৈশাখৰেচিত ৩৮) ভ্ৰমৰক ৩৯) চতুৰ ৪০) ভূজঙ্গাবিঞ্চিক ৪১) দণ্ডকৰেচিত ৪২) বৃশ্চিককুট্টিত ৪৩) কটীভ্ৰান্ত ৪৪) লতাবৃশ্চিক ৪৫) ছিন্ন ৪৬) বৃশ্চিকৰেচিত ৪৭) বৃশ্চিক ৪৮) ব্যংসিত ৪৯) পাৰ্শ্বনিকূট্টন ৫০) আক্ষিপ্ত ৫১) তলবিলাসিত ৫২) অৰ্গল ৫৩) বিক্ষিপ্ত ৫৪) আবৃত্ত ৫৫) দোলপাদ ৫৬) নিবৃত্ত ৫৭) বিনিবৃত্ত ৫৮) পাৰ্শ্বক্ৰান্ত ৫৯) নিশুম্ভিত ৬০)বিদ্যুৎভ্ৰান্ত ৬১) অতিক্ৰান্ত ৬২) বিবৰ্তিতক ৬৩) গজক্ৰীড়িতক ৬৪) তলসংস্ফোটিক ৬৫) গৰুড়প্লুতক ৬৬) গণ্ডসূচী ৬৭) পৰিবৃত্ত ৬৮) পাৰ্শ্বজানু ৬৯) গৃধাৱলীনক ৭০)সন্নক ৭১) সূচী ৭২) অৰ্ধসূচী ৭৩)সূচীবিদ্ধ ৭৪) অপক্ৰান্ত ৭৫) ময়ূৰললিত ৭৬) সৰ্পিত ৭৭) দণ্ডপাদ ৭৮) হৰিণপ্লুত ৭৯) প্ৰেংখোলিত ৮০) নিতম্ব ৮১) স্খলিত ৮২) কৰিহস্ত ৮৩) সমৰ্পিত ৮৪) সিংহাবক্ৰীড়িত ৮৫) সিংহাকৰ্ষিত ৮৬) উদবৃত্ত ৮৭) উপসৃত ৮৮)তলসংঘট্টিত ৮৯) জনিত ৯০) অবহিত্থক ৯১) নিবেশ ৯২) এলকাক্ৰীড়িত ৯৩) উৰূদবৃত্ত ৯৪) মদস্খলিত ৯৫) বিষ্ণুক্ৰান্ত ৯৬) সংভ্ৰান্ত ৯৭)বিস্কম্ভ ৯৮)উদঘটিক ৯৯) বৃষভক্ৰীড়িত ১০০) লোলিতক ১০১) নাগাপসৰ্পিত ১০২) শকটাস্য ১০৩) গঙ্গাবতৰণ ১০৪) ললাটতিলক ১০৫) ক্ৰান্ত ১০৬) কুঞ্চিত ১০৭) চক্ৰমণ্ডল ১০৮) উৰোমণ্ডল ।
      ইয়াৰ পাছতেই আৰম্ভ হ’ল দ্বিতীয় বিশ্বযুদ্ধৰ বিভীষিকা । সেই সময়তে বিষ্ণুৰাভাই ৰচনা কৰিছিল 
“অ’ অসমীয়া ডেকাদল
অ’ অসমীয়া ডেকাদল
আজি তোৰ তেজাল বদন মলিন কিয় হ’ল ?”
কৃষক-শ্ৰমিকৰ কল্যাণ সাধন আৰু শোষণৰ বিৰুদ্ধে থিয় দি ৰাভাদেৱে সামাজিক সম্যতা প্ৰতিষ্ঠাত গুৰুত্ব দিছিল । নিপীড়িত জনতাৰ কাষত থাকি তেও৬লোকক জগাই তুলিবলৈ গীতৰ মাজেৰে কৈছিল …………
“ব’ল ব’ল ব’ল ব’ল
কৃষক শক্তিৰ দল !
অ’ বনুৱা অসমীয়া
আগবাঢ়ি যাওঁ ব’ল ।”
   ১৯৪৭ চনত ভাৰতে স্বাধীনতা লাভ কৰে । সেই স্বাধীনতাৰ প্ৰতি কোনো কাৰণত অসন্তুষ্ট ৰাভাই নলবাৰীৰ টিহুৰ ৰাজপথত ক’লা পতাকাৰে প্ৰতিবাদ কৰাত পুলিচে গ্ৰেপ্তাৰৰ বাবে ৰাভাক বিচাৰিব ধৰিলে । ৰাভাক ধৰিবৰ বাবে দহ হাজাৰ টকাৰ পুৰস্কাৰো ঘোষণা কৰা হ’ল । ফলত আত্মগোপন কৰি তাকিব লগা ৰাভাৰ জীৱনলৈ আকৌ এক নতুনে আহি দেখা দিলে । নলবাৰীৰ বেলশৰৰ নবীন চন্দ্ৰ মেধিৰ কন্যা কনকলতা মেধিৰ লগত চিনাকি হৈ ১৯৫০ চনত যুগ্ম জীৱনৰ পাতনি মেলিছিল । যুগ্ম জীৱন আৰম্ভ হৈছিলহে, ১৭ জুলাইত দুয়ো পুলিচৰ হাতত গ্ৰেপ্তাৰ হয় ।বন্দীত্বৰ কালত বিষ্ণুৰাভাই “হিয়াৰ পুং” “মামীৰ হাৰ” আৰু “কুৰি বছৰ জেল” নামৰ তিনিটা গল্প লিখিছিল । ১৯৫৫ চনত দুয়ো মুক্ত হয় আৰু সেই বছৰতে ৰাভাদেৱে মোহিনী ৰাভাৰ সতেও ৰাভাদেৱ বিবাহ পাশত আৱদ্ধ হয় । ১৯৫৭ চনৰ ১২ জানুৱাৰীত কনকলতাৰ কোলালৈ আহে আহে থুন থুন ওৰফে পৃথ্বীৰাজ ৰাভা আৰু ১৯৬০ চনৰ ২৮ ডিচেম্বৰত জন্ম হ’ল মুনমুন ওৰফে হেমৰাজ ৰাভা । কিন্তু সুখৰ সংসাৰ বেছি দিন নাথাকিল । ১৯৬২ চনৰ ৫ জানুৱাৰীত কনকলতাই পৃথিৱীৰ পৰা বিদায় ল’লে ।
১৯৬২ চনত চীনা আক্ৰমণৰ সময়ত ১৯ নৱেম্বৰ তাৰিখে মিছা অভিযোগত পুলিচে ৰভাদেৱক বন্দী কৰি উৰিষ্যাৰ বঢ়মপুৰ জেললৈ পঠিয়াই দিয়ে । জেলৰ ভিতৰতে বহু গীত ৰচনা কৰাৰ লগতে ৰবীন্দ্ৰনাথ ঠাকুৰৰো এখন ছবি তেওঁ অংকন কৰে । প্ৰায় আঠমাহ বন্দীত্বৰ জীৱন কটাই ১৯৬৩ চনৰ আগষ্টৰ ২৪ তাৰিখে তেওঁ মুক্তি পালে । মুক্ত হৈ পুনৰ আহি তেজপুৰ পালেহি ।
        ১৯৬৭ চন, সেই সময়ত পকেটত দুটা টকা আছিল । পকেটৰ বাহিৰত আছিল তেজপুৰীয়া ৰাইজৰ আদৰ আৰু মৰমৰ দাবী । তাকে সাৰথি কৰি ৰাইজৰ বিপুল দাবীক পেলাব নোৱাৰি তেজপুৰ বিধান সভা সমষ্টিৰ পৰা ৰাভাদেৱ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে অসম বিধান সভাৰ মজিয়ালৈ নিৰ্বাচিত হ’ল । দৰদী ৰাইজৰ উৎসাহৰ অন্ত নাই । বগা পাইজামা, গেঞ্জী আৰু মূৰত গামোচা মাৰি দীঘল সমদলৰ আগত ৰৈ তেজপুৰৰ ৰাজপথত  তেওঁ সদলবলে আগবাঢ়িল ।
        সময়ো চমু চাপিল । ১৯৬৮ চনৰ এদিন আহাৰ খাওঁতে কষ্ট পোৱা ৰাভাৰ সেই বেয়া খবৰটো পাবলৈ বেছি সময় নালাগিল । ৰাইজে দুহাত দাঙি টকা উঠালে । শদিয়াৰ পৰা ধুবুৰীলৈ নামঘৰে-মন্দিৰে প্ৰাৰ্থনা চলিল । ৰাইজৰ মানুহ, আদৰৰ শিল্পীজন ভাল হ’ব লাগে । ২৮  ডিচেম্বৰত টাটা কেঞ্চাৰ ইনষ্টিটিউচনত তেওঁক ভৰ্তি কৰোৱা হ’ল । দুমাহ থাকি গুৱাহাটীলৈ পালেহি । তাতো চিকিৎসা চলিল । তদানীন্তন মুখ্যমন্ত্ৰী বিমলাপ্ৰসাদ চলিহায়ো চৰকাৰী সাহাৰ্য আগবঢ়ালে । গুৱাহাটীত কিছুদিন থাকি তেওঁ ওভটি গ’ল তেজপুৰলৈ । ৰাইজখন যেন উঠি আহিল হেঁপাহৰ শিল্পীজনক আকৌ চাবৰ বাবে । তাৰে মাজতে বিহুৰ মুখপত্ৰৰ বাবে তেওঁ কৈ গ’ল বহু কথা ।
       ১৯৬৯ চনৰ মে’ মাহৰ শেষ সপ্তাহ । এখন বিয়াৰ নিমন্ত্ৰণী পত্ৰ পাছফালৰ পিঠিটোত ৰাভাদেৱে লিখিলে সেই কৰুণ কথা যি সুৰৰ মাজৰে দুখৰ তান তৰে । তেওঁ লিখিলে :

“এয়ে মোৰ শেষ গান ।
মোৰ জীৱন-নাটৰ শেষ ৰাগিণী
কল্যাণ-খৰমান ।।
………………

শেষ ৰাগিণী বাজিল । সেই ৰাগিণীত কঁপি উঠিল জনতাৰ প্ৰাণ । ১৯৬৯ চনৰ ২০ জুন বৃহস্পতি বাৰে  নিশা ২ বাজি ২০ মিনিটত ৰাভাদেৱৰ জীৱনৰ কল্যাণ-খৰমানে সকলোকে কন্দুৱাই পেলালে ।
আকাশবাণী গুৱাহাটীত বাজি থাকিল 
“এয়ে মোৰ শেষ গান ।
মোৰ জীৱন-নাটৰ শেষ ৰাগিণী
কল্যাণ-খৰমান ।।
………………
               ⛅ ➖➖➖➖➖➖➖➖➖➖                       
☀ সম্ভৱ হ’লে প্ৰবন্ধটোত আৰু বহু তথ্য সংযোগ কৰা হ’ব ।
এই প্ৰবন্ধ প্ৰস্তুত কৰিবলৈ অধ্যয়ন কৰা নিম্নোক্ত গ্ৰন্থ সম্ভাৰৰ লেখকসকললৈ বাবে কৃতাজ্ঞতা জ্ঞাপন কৰিছো :
১/ তিলক দাসৰ “বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি” 
২/ তপন বৈশ্যৰ “আজন্ম বিপ্লৱী-গণশিল্পী বিষ্ণুৰাভা”
৩/ দিলীপ কুমাৰ বৰুৱাৰ “আমাৰ শিল্পী বিষ্ণুপ্ৰসাদ ৰাভা”
৪/ কুইজ মাষ্টৰ দেৱব্ৰত মহন্তৰ “(১)অসমীয়া পকেট কুইজ”
৫/ পবিত্ৰ প্ৰাণ বৰাৰ ‘নৃত্য-মঞ্জীৰ, শঙ্কৰী নৃত্য-নাট্যৰ হাতপুথি’

                              ▬▬▬▬▬▬▬▬

পিতৃ দিৱসৰ আঁৰৰ কথা

“পিতৃ দিৱসৰ আঁৰৰ কথা :
=================

“পিতা স্বৰ্গ,
পিতা ধৰ্মঃ
পিতাহি পৰমং তপঃ।।"

কোৱা হয়, পিতা হেনো সাহসৰ প্ৰতীক, আশ্ৰয় আৰু নিৰাপত্তাৰ প্ৰতীক । তাৰ লগে-লগে পৰামৰ্শ দাতা তথা পথ প্ৰদৰ্শক । জন্মৰ পাছৰে পৰা শৈশৱৰ সুমধুৰ দিনকেইটাৰ দেওনা পাৰ কৰি কৈশোৰৰ সোণসেৰীয়া দিনবোৰক আগবঢ়াই যৌৱনত ভৰি দিয়ালৈকে সন্তানক নিৰাপত্তা, আৰু আশ্ৰয়ৰ ডেউকাৰ তলত ডাঙৰ কৰে 'দেউতা'ই । 'দেউতা'..........এটি যেন সুন্দৰ অনুভূতিৰ এটা বিশাল নাম ।
এই বিশালতাৰ মাজতেই লুকাই আছে মৰম, শ্ৰদ্ধা, অভিমান আৰু কেতিয়াবা কাৰুবাৰ হয়তো অনুভৱত ভাল লগা এজাউৰি খং ।
দেউতাৰ ত্যাগ আৰু ভালপোৱা আদিৰ আকাশ চুব খোজা পৰিধি প্ৰতিজন সন্তানৰ বাবে কিমান অতুলনিয় তাক কৈ শেষ কৰিব নোৱাৰি ।
কৃতজ্ঞতা বোধ প্ৰতিজন আদৰ্শবান মানুহৰ এটা স্বাভাৱিক লক্ষণ । য'দিওবা এই কৃতজ্ঞতাৰ প্ৰকাশ পিতৃ-মাতৃৰ ক্ষেত্ৰত জয়-ঢোল কোবাই নকৰিলেও হয় তথাপি বছৰেকৰ এটা দিন বিশ্বই প্ৰতি জন পিতৃৰ নামত পালন কৰি এটা সামাজিক আত্ম তুষ্টি লাভ কৰে ।
এই প্ৰবন্ধত আহক, আমি ''পিতৃ দিৱস'' কেতিয়া আৰু কেনেকৈ আৰম্ভ হ'ল সেই বিষয়ে আলোচনা কৰোঁ ।

''পিতৃ দিৱস'' নামৰ আজিৰ এই দিৱসটো আমাৰ ভাৰতীয় সংস্কৃতি মূলীয় নহয় । আমেৰিকা যুক্তৰাষ্ট্ৰত সৃষ্টি হৈ এই দিৱসটো সংস্কৃতিৰ প্ৰৱাহমান নৈত উপঙি বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰত বিয়পি পৰাৰ লগতে ভাৰততো আহি প্ৰ্ৱেশ কৰে ।
''পিতৃ দিৱস'' উদ্যাপনৰ আৰমম্ভণিৰ আঁৰত লুকাই আছে চ'ন'ৰা লুইচ্ নামে  এগৰাকী আমেৰিকান মহিলাৰ নাম (সম্পূৰ্ণ নাম Sonora Louise Smart Dodd ) । পিতৃৰ নাম উইলিয়াম জেকচ্‌ন ।
কোনো এটা বছৰৰ ‘‘মাতৃ দিৱস’’ত গীৰ্জা ঘৰত আয়োজন কৰা এক সম্বৰ্ধনা অনুষ্ঠানত চ’ন’ৰা উপষ্ঠিত আছিল । হঠাতে তেওঁৰ মনলৈ আহিল যে পিতৃ সকলেও এই সম্বৰ্ধনা পোৱা উচিত ।
কথাটো তেওঁ গীৰ্জাক অৱগত কৰিলে আৰু প্ৰতি বছৰৰ জুন মাহৰ তৃতীয় দেওবাৰটোক পিতৃ সকলৰ নামত উদ্‌যাপন কৰি তেখেত সকলকো সামাজিক ভাৱে সন্বৰ্ধনা জনাবলৈ গীৰ্জাক বিনম্ৰ আৱেদন জনালে ।
চ’ন’ৰাৰ এই আৱেদনক গীৰ্জাই গ্ৰহণ কৰিলে । সামাজিক ভাৱেও চ’ন’ৰাৰ চিন্তাক সকলোৱে প্ৰশংসা কৰিলে । ওৱাচিংটনৰ গৱৰ্নৰে এই দিৱসটোৰ কথা ৰাজহুৱা ভাৱে প্ৰচাৰো কৰি দিলে ।
অৱশ্যে, দিৱসটো আমেৰিকা যুক্তৰাষ্ট্ৰ্ত প্ৰসাৰ হবলৈ কেইটামান বছৰ অপক্ষা কৰিব লগা হ’ল ।
 চনত আমেৰিকা যুক্তৰাষ্ট্ৰই এই দিনটোক এক ৰাষ্ট্ৰীয় স্বীকৃতি প্ৰদান কৰে ।
প্ৰতি গৰাকী পিতৃৰ প্ৰতি শ্ৰদ্ধা জনালোঁ ।
‘‘পিতৃ দিৱস’’ৰ শুভকামনাৰে .............................

      🙏 ফেচবুক জ্ঞান সম্ভাৰ 🙏

ফিবোনাচ্চি


👉 পুৰণি লেখা

   আগকথা :
   ➖➖➖➖

        প্ৰকৃতিৰ বিনন্দীয়া যৌৱনে মুগ্ধ কৰে । ব'হাগ আহি আছে । বাপতি সাহোন ব'হাগৰ আগমনৰ বাবেই প্ৰকৃতিয়েও সাজিছে মায়াসনা ৰূপ । গছত নতুন কুঁহিপাত, ফুলনিত নকৈ ফুলি উঠা গোলাপৰ পাহিত প্ৰকৃতি ৰাণীৰ তুলিকাৰ মধুতম পৰশ , তাকো লেখি-লেখি ; বহুতে যাক গমকে নাপায় । প্ৰকৃতিয়েও নিৰস গণিতক কামত খটোৱাই সৌন্দৰ্যৰ সাধনা কৰে । অকল প্ৰকৃতিয়েইনে, শিল্পীৰ পৃথিৱীখনো ধুনীয়া কৰে গণিতে অথচ, কিয়জানো আমিবোৰ সৌন্দৰ্যৰ আঁৰত থকা মৌকোঁহ স্বৰূপ গণিতকে নিৰস বুলি কওঁ 🤔 । 
তাৰো অন্তৰালত  শিক্ষাতত্বৰ কথা আছে য'ত বহু শিক্ষক আৰু অভিভাৱক হ'বপাৰে জগৰীয়া । 
সেই বিষয়ে আজি আলোচনা নকৰো । 
অ'........ কালি দেওবাৰে কি  হ'ল জানে, নগাঁও বৰক'লাৰ শ্ৰীযুত ৰামচৰণ বৰদলৈ নামৰ প্ৰায় সমবয়সৰ শিক্ষক এজনক লগ পোৱাত বহুত কথা পাতিলো । তাতে একে জিলাৰ শিক্ষক । এক সুন্দৰ প্ৰাকৃতিক পৰিৱেশ । মুখ বিষায় নোযোৱালৈকে কথাৰ পাকঘূৰণিত গণিতৰ এক অপূৰ্ব বিষয়ে ঠাই পাইছিল । অধিক জানিবলৈ নেট খুচৰিবলৈ ধৰি আনন্দিত  মনটোহে সেমেকি উঠিছিল । 
কিমানযে পিছ পৰি আছো আমি ! 
দিনৰ দিনটোত ফেচবুকত আনক  ভুল ধৰি  থকা মানুহৰ অভাৱ অসমত এতিয়া নাই কিন্তু অসমীয়া ই-ভঁৰালত শৈক্ষিক তথ্যৰহে বৰ অভাৱ । শিকিবৰ বাবে  ইংৰাজীত নোপোৱাৰ কাৰণেই নাই তাকে অলপ পঢ়ি লগতে, শ্ৰীযুত বিপুলজ্যোতি শইকীয়াৰ "সোণালী সংখ্যা" নামৰ গণিতৰ কিতাপখনটো বিষয়টোক বিচাৰি পালো । 

      হঠাৎ মনলৈ আহিল কেইদিনমান আগতে ভাতৃপ্ৰতিম সহকৰ্মী তথা শিক্ষক শ্ৰীযুত প্ৰসন্ন লয়িঙৰ Prasanna Loying  কথা । তেওঁ অভিযোগ কৰিছিল, ফেচবুক জ্ঞান সম্ভাৰত মই নিলিখা হ'লো । এৰা, দিনচেৰেক হ'ল ইয়াত নিলিখা । গতিকে সাতে-পাঁচে বাৰ কৰি ভাবিলো কালিৰ আলোচনাত ওলোৱা গণিতৰ সেই বিষয়টো যাক "ফিবোনাচ্চি" বোলা হয় তাকেই আলোচনা কৰোঁ ; তথ্যটোও নেটত মজুত থাকিব । তাৰ আগতে প্ৰসংগৰ বাবে সহায়লোৱা গ্ৰন্থ "সোণালী সংখ্যা"ৰ লেখক মাননীয় বিপুলজ্যোতি শইকীয়াদেৱৰ লগতে ইন্টাৰনেটৰ বিভিন্ন চাইটৰ প্ৰতি বিশেষকৈ LIVESCIENCE-লৈ অকপটে কৃতজ্ঞতাৰ শৰাই আগবঢ়ালো
                                         ধন্যবাদ 🙏

💠১ 🔸 ১ 🔸 ২  🔸৩  🔸৫ 🔸 ৮🔸১৩ ..........

                "ফিবোনাচ্চি" (FIBONACCI)

      সংখ্যাতত্বৰ আন এক  আমোদজনক বিষয় "ফিবোনাচ্চি" । দৈনন্দিন জীৱনত আমি বাৰু কিমান বাৰ সংখ্যাৰ ব্যৱহাৰ কৰো মন কৰিছেনে ? সদায় ব্যৱহৃত আৰু পৰিচিত হৈ পৰা সহজ আৰু চিনাকি কিছুমান সংখ্যাক তেনেই সাধাৰণ যেন লাগিলেও এইবিলাকৰ মাজত বহু আমোদজনক তথা অসাধাৰণ কথা লুকাই আছে । তাৰে ভিতৰত সংখ্যাৰ ফিবোনাচ্চি ক্ৰমটোও বৰ আকৰ্ষণীয় । ই এনে এক ক্ৰম যি প্ৰকৃতিৰ বিভিন্ন উপাদানৰ লগতে শিল্পকলাত ইয়াৰ প্ৰভাব দেখা যায় । ক্ৰমটোৰ প্ৰাৰাম্ভত দুটা অংক/সংখ্যাই থাকে । সেয়া হৈছে "০" আৰু "১" । 
যেতিয়া সংখ্যাবোৰে এই ক্ৰমত গতি কৰে তেতিয়া এটা সংখ্যাই তাৰ পূৰ্বৰ নিকটতম ফিবোনাচ্চি সংখ্যাটোৰ লগত যোগ হৈ পৰৱৰ্তী ফিবোনাচ্চি সংখ্যাটোক সৃষ্টি কৰে আৰু ন-সৃষ্ট সংখ্যাটোৱেও একে ধাৰাবাহিকতাৰে আগবাঢ়ে আৰু এই পৰিঘটনা পুনঃ-পুনঃ চলি থাকে ।
তলৰ উদাহৰণটোলৈ মন কৰক :
প্ৰথমে লোৱা হৈছে দুটা অংক/সংখ্যা : ০ আৰু ১ । দুয়োটাকে যোগ কৰি পাম :
 ০+১=১ । 
এতিয়া যদি আমি যোগফল ১টোৰ আগৰ ফিবোনাচ্চি সংখ্যাটো বিচাৰো তেনেহ'লে ১ কেই ধৰি যোগ কৰিলে পাম :
  ১+১=২ । 
এতিয়া ২-ক আগৰ সংখ্যা ১-ৰ সতে যোগ কৰক । 
 ১+২ =৩
৩-ৰ আগৰ ফিবোনাচ্চি সংখ্যা আছিল ২ । গতিকে দুয়োটাকে যোগ কৰিলে পাম :
২+৩ =৫
তেনেদৰে ৫-ৰ আগৰ ফিবোনাচ্চি সংখ্যা ৩-ৰ লগত যোগ কৰিলে আমি পাম :
৩+৫ =৮ 
এই ক্ৰমটোক ৰক্ষা কৰি আপুনি আগবাঢ়িলে পাব ০,১,১,২,৩,৫,৮,১৩,২১,৩৪........... (অসীম) ।

 ফিবোনাচ্চিৰ বিষয়ে আৰু কিছু আলোচনা কৰাৰ আগতে উল্লেখ কৰি যোৱা ভাল হ'ব যে দ্বাদশ শতিকাৰ সত্তৰৰ দশকত ইটালীত জন্মলাভ কৰা লিওনাৰ্ডো অব্ পিচা নামে এগৰাকী ব্যক্তিয়ে শহাপহুৰ জন্মসংখ্যাক লৈ এক মনোৰম সাংখ্যিক সাঁথৰ দেখুৱাইছিল ।  লিওনাৰ্ডোৰ জনপ্ৰিয় নাম আছিল "ফিবোনাচ্চি" ।
শহাপহুৰ গণনাৰে এক বিস্ময়কৰ হিচাপ তেওঁ উপস্থাপন কৰিছিল যদিও পদ্ধতিটোক নামাকৰণ কৰা হোৱা নাছিল । ঊনবিংশ শতিকাত লিওনাৰ্ডোৰ এই হিচাপ পদ্ধতিক ফৰাচী গণিতজ্ঞ এডৱাৰ্ড লুকাচে গৱেষণাত্মক বিশ্লেষণ কৰি নাম ৰাখে ফিবোনাচ্চি শ্ৰেণী (Fibonnaci Series) ।
     ফিবোনাচ্চি সংখ্যাবোৰে কেইবাটাও উল্লেখযোগ্য ধৰ্ম পালন কৰে । এইক্ষেত্ৰত এইখিনিতে উল্লেখ কৰি যোৱা ভাল যে দুটা ক্ৰমিক ফিবোনাচ্চি সংখ্যাৰ অনুপাতৰ মান প্ৰায় ১.৬১৮-ৰ সদায় ওচৰে-পাজৰেই থাকে । ১.৬১৮ সংখ্যাটোৰ সংখ্যাৰ কাননত এক বিশিষ্ট স্থান আছে যাক "সোণালী সংখ্যা" নামেৰে জনা যায় ।

       ফিবোনাচ্চি সংখ্যাৰ প্ৰভাৱ কেৱল গণিতৰ পাততেই নহয় প্ৰকৃতিয়েও ইয়াৰ ব্যৱহাৰ কৰে । তেনেকৈয়ে মানৱ শৰীৰৰ গঠনতো ইয়াৰ প্ৰভাৱ আছে বুলি কোনো-কোনোৱে কয় । স্থাপত্য, ভাস্কৰ্য, চিত্ৰশিল্প, বা বিভিন্ন কলাৰ সৌন্দৰ্যৰ আঁৰত আছে ফিবোনাচ্চি । সেই বিষয়ে বহলাই আলোচনা আজি নকৰো । ফুল এপাহৰ পাহিৰ সংখ্যা গণনা কৰিলেই (অধিকাংশহে কিন্তু সকলো নহয়, যেনে যিকোনো অৰ্কিড নহয়) ফিবোনাচ্চিৰ সংখ্যাকেই পোৱাৰ সম্ভাৱনা বেছি । 
যিয়েই নহওক, বিষয়টোৰ ওপৰত বিশ্লেষণৰ বহু কথা থাকিলেও ইয়াত মাত্ৰ আভাস এটা আগবঢ়াবলৈ যত্ন কৰিছো । বিজ্ঞসকলে মন্তব্যৰ ঘৰত তথ্যৰ সংযোজন ঘটাব পাৰে । 
এইখিনিতে উল্লেখ কৰি যাওঁ, বহু গণিতজ্ঞই বিশ্বাস কৰে ফিবোনাচ্চিৰ বিষয়ে প্ৰাচীন ভাৰতীয় পণ্ডিতসকল জ্ঞাত আছিল । পিচে কি হ'ব, পদ্ধতিগত তথ্যৰ অভাৱত জ্যামিতিৰ দৰেই সংখ্যাৰ এই শ্ৰেণীটোৰো উদ্ভাৱকৰ নাম আমাৰ দেশে ৰাখিবগৈ নোৱাৰিলে ।
শেষত সকলোকে সাদৰ আৰু সম্ভাষণ জনাই আজিলৈ সামৰিছো , শুভৰাত্ৰি 🌠🌟
                                                                                                  ধন্যবাদ 🙏

                           ➕➖✖➗📐📏🖋
     🎤 ফেচবুকত দুটিমান ভাল কথা পাতিবলৈ আমি আছো আপোনাৰ সতে তলৰ ঠিকনাত 📬 । এখন ভাল প্ৰফাইল ফটো আৰু আপোনাৰ নাম-ঠিকনাযুক্ত ফেচবুক একাউন্টটোৰে আমাৰ মাজলৈ আহক 🔦
                   🔅ফেচবুক জ্ঞান সম্ভাৰ🔅

📶 8⃣0⃣1⃣1⃣......
                 
                     💠🔹🔹🔹🔹🔹💠

ৰজাই দিলে বৰ মজা

এইকেইদিন খুব ভাল লাগিল । ৰজাই সঁচাই মজা দিলে ; ভালপালো ! ইমানকে আনন্দ পাম বুলি মই আশা কৰা নাছিলো, কিন্তু পাইগ'লো । অৱশ্যে, বাহিৰৰ হলে কথাটো অলপ বেলেগ কিন্তু, আমাৰ স্থানীয় ৰজাৰপৰাও যে এনে আনন্দ পাব পাৰি তাকো অফুৰন্ত ভাৱে, সেইটোহে ক'ব বিচাৰিছো । ঠিকেই, ৰজা ৰজায়েই ! আচলতে মই পোৱা এনে সুবিধা সকলোৱে পাবলৈ কিন্তু ভাগ্যও লাগিব ! সেয়ে কপালৰ ফেৰত দক্ষিণ শালমৰালৈ আহি ইয়াত পোৱা ৰজাৰ সোৱাদ এইবাৰ মই ভালকৈয়ে উপভোগ কৰিছো । 

       ৰজাৰ পৰা পোৱা এই আনন্দত কৃতজ্ঞতাৰে উপচি উঠিছে হৃদয়  ।  সেয়ে, এইকেইদিন ভাবিয়েই আছিলো বোলো এই বতৰতে ফলৰ ৰজা "আম"-ৰ বিষয়ে দুটিমান কথা লিখিম । আশা কৰিছো ফলমূলৰ এইহেন বতৰত আপোনাকো ৰজাই আনন্দিত কৰিছে !

         পিচে আম এচকল মুখত ভৰাই জুতি লৈ আকৌ আগ্ৰহৰে আন এডোখৰ হাতত লওঁতে আপুনি বাৰু নাভাবেনে যে কিয় আমক "ফলৰ ৰজা" বুলি কোৱা হয় ?

যদি আপুনি জানে তেনেহলে চাগে নাভাবে কিন্তু যদি নাজানে .......................

তাকে ভাবি-ভাবি  আম খাই কেতিয়ানো গুটিটোকো বাদ নিদিলে চাগে গমকে নাপালে ☺☺☺ !!!

খাওঁক-খাওঁক, ল'ৰা-ছোৱালীৰে সৈতে আপোনাৰ গোটেই ঘৰখনে সুখ আৰু আনন্দৰে আম খাওঁক । সিহঁত হালক দুচকল বেছিকৈ দিব, উঠি অহা নহয় বৰ প্ৰয়োজন । তাতে আকৌ স্মৃতি শক্তি, মনোযোগ আদিৰ বাবে পকা আম খুবেই উপকাৰী । ইয়াত থকা গ্লুটামিন এচিদে সিহঁতৰ মগজুত প্ৰচুৰ উপকাৰ সাধিব । 

এ ৰ'বচোন ৰ'ব, আম খাই সেই কাঁহীখন ধুই পেলাবলৈ কিয় নিছে ?

 ভালেমান ৰস কাঁহীখনত এতিয়াও  লাগি আছে । পইছা দি কিনি অনা বস্তু । 

এটা কাম কৰকচোন, তাত লাগি থকা ইমানখিনি ৰস আনক নহ'লেও ছোৱালীজনীকে মুখত সানিবলৈ দিয়ক । ছাল উজ্বল হ'ব আৰু মুখত য'দি ব্ৰণৰ সমস্যা আছে তাতো ই উপকাৰ সাধিব । পোন্ধৰ-বিছ মিনিট সময়ৰ পাছত মুখখন ধুইপেলালেই হ'ল । 

অঁ... পাৰিলে পকা আম কাটি মুখত লেপি পোন্ধৰ-বিছ মিনিট সময় ৰাখিব । 

    এ হেৰি অ' ককাইদেউ , সিদিনা বৌক সেই ডাক্তৰে কিবা আইৰণ টেবলেট খাবলৈ দিয়া নাছিল জানো ? ডাইবেটিচ ৰোগ বৌৰ নাই যেতিয়া আম খাবলৈ দিয়ক । পকা আমত আছে কেলচিয়াম আৰু আইৰণ । অ' আৰু এটা কথা, আজিকালি মানুহৰ মুখত কলেষ্ট্ৰয়েল বঢ়াৰ কথা প্ৰায়ে শুনো । আমাৰ চৈধ্য পুৰুষ ওপৰলৈ গ'ল হয়তো এইবিলাক কলেষ্ট্ৰয়েল, ইউৰিক এচিদৰ নাম নুশুনিলে । ময়ো বত্ৰিশ-তেত্ৰিছ পাৰ কৰি বুঢ়াই হ'লোহি ,এইবিলাকৰ নাম শুনা বেছিকাল হোৱা নাই যেনিবা। 
আম খাওঁক, এইবিলাক বেমাৰ-বেমাৰকে মোৰ আগত নাথাকিব । মনত ৰাখিব, পকা আমত থকা  খাদ্যপ্ৰাণ (Vitamin) -C পেকটিন, ফাইবাৰ আদিয়ে শৰীৰৰ কলেষ্ট্ৰয়েল কমাই আনে । 

মই অহা গম পাই আইনুৱে ভিতৰত আম কাটিছেইযেন পাওঁ ! ময়ো খাব লাগে অ' ককাইদেউ, ওজন বহুত বাঢ়িল নহয় মোৰ । আগৰ নিচিনা সময় নাই আৰু । পেট দেখিছে, ওলাই গ'ল । অ' এতিয়া থাৰ্টি ফ'ৰ চাইজৰ পেনটোও অলপ টানযেনহে লগা হৈছেগৈ । শাৰীৰিক পৰিশ্ৰম যিমান লাগে সিমান নাই যে আমাৰ ! পিচে আমে ওজন কমোৱাতো সহায় কৰে দেই  । লগতে কৈ থওঁ, ই হজম শক্তি বৃদ্ধি কৰে আৰু শৰীৰৰ অতিৰিক্ত কেল'ৰি পুৰি পেলাই । 

লৈ আনা আইনু, ইয়াতেই খাওঁ দিয়া । 

আচল কথাটো কোৱাইনাই নহয় । আমে হৃদৰোগ কমোৱাত সহায় কৰে বুজিছে । এইবোৰৰৰ উপৰিও আমৰ আৰু বহুতো গুণ আছে । ৰ'ব, মুখৰে গাই থাকিলে পাহৰিব গতিকে ফেচবুক জ্ঞান সম্ভাৰতে লিখি দিওঁ, নপঢ়াকৈ নাথাকিব আকৌ  ।  আগতেও দলটোত আমপাতৰ এটা আচৰিত গুণৰ কথা কৈছিলো মনত আছেনে ? 

ভাৰতীয় ঋষি-মুণি সকলে হাজাৰ-হাজাৰ বছৰৰ আগতেই সেই তথ্য আৱিষ্কাৰ কৰিছিল । যদি সঁচাই সেই লেখাটো পঢ়া নাছিল তেন্তে লিংকটো বাৰু দি দিছো  https://m.facebook.com/groups/372830512757409?view=permalink&id=1260625513977900 আইনুকো পঢ়ি শুনাব । 

এতিয়া কওঁ আৰু এটা অতি গুৰুত্বপূৰ্ণ কথা । মনত ৰাখিব হলে ককাইদেউ । অ' বৌ এইফালে আহাঁ । ভিতৰতেনো সোমাই কি কৰি থাকা ? ভাল কথা কেইটিমান ওলাইছে বহিলৈ তুমিও শুনি লোৱা । 

     আজিকালি কেন্সাৰ-ফেন্সাৰবোৰ মানুহৰ বেছিকে হোৱা হ'ল । আচলতে আমাৰ খাদ্য আৰু জীৱন-যাপন প্ৰণালীত আধুনিকতাৰ নামত হোৱা অত্যাচাৰ ইয়াৰ মূল কাৰণ । আগৰ সেই বুঢ়ালোকৰ কেইজনৰ কেন্সাৰ হোৱা শুনিছিলাহে ? আজি কথা এটা কওঁ আনকো ক'বা । 
পকা আমত থকা কুয়েৰসেটিন, আইচ'কুয়েৰচেটিন, গ্যালিক এচিদ, মিথাইলগ্যেলেট আদি উপাদান বিলাকে আমাৰ শৰীৰৰ কোষবোৰক কেন্সাৰৰ সতে যুঁজিলৈ 👊শক্তি দিয়ে । এক কথাত আম হৈছে কেন্সাৰ ৰোগৰ প্ৰতিৰোধক । 

তাৰোপৰি, আমত থকা ভিটামিন আৰু এন্টিঅক্সিডেন্টে শৰীৰৰ ৰোগ প্ৰতিৰোধৰ ক্ষমতা বৃদ্ধি কৰে । 

আজিকালিৰ ল'ৰা-ছোৱালীবোৰৰ সৰুতেই চচমা 👓 লগা হ'ল । আগৰ বুঢ়ালোক সকলৰ বহুতে গোটেই জীৱনটো চচমা পিন্ধি নাপালে । 
এইখিনিতেই কৈ থওঁ পকা আমত থকা প্ৰচুৰ পৰিমাণৰ খাদ্যপ্ৰাণ- 'ক' চকুৰ দৃষ্টিশক্তি বৃদ্ধি কৰে । 

   ভগৱানে পৃথিৱীত যি দিছে সকলো অংক কৰিয়েই দিছে । কি জানে, প্ৰচণ্ড গৰমত আমে শৰীৰক দ্ৰুততাৰে ঠাণ্ডা কৰিব পাৰে । হিট ষ্ট্ৰ'কৰ পৰা ৰক্ষা পাবলৈ আম খোৱা উচিত । আৰু এটা সমস্যাৰ কথা উল্লেখ কৰি যাওঁ । গৰমদিনৰ সমস্যা । বিশেষকৈ ল'ৰাবোৰৰ বেছিকৈ হয় । মোৰো আছে সেই সমস্যা । গৰমৰ কালি দেহত থকা ক্ষাৰৰ বাবে চোলা-কাপোৰবোৰ অলপতে বৰ গোন্ধাই । ব্ৰ'ম হাইড্ৰচিচ বুলি কয় হ'বলা !  
আমত থকা টাৰটাৰিক এচিদ আদিয়ে শৰীৰৰ ক্ষাৰ নিয়ন্ত্ৰণ কৰে । 

বা........ অহাৰপৰা কম বকি আছোনে, মুখেই জাপ যোৱা নাই !! অ' বৌ, মোৰ আমখোৱা অলপ সময় হ'ল দিয়া । যোৱাচোন-যোৱা, চাহ একাপ 🍮 অলপ কাৰাকে বনাবা । চেনি অলপ কমাই খাওঁ কিন্তু ................

অ'....., আমৰ কি কথা কৈ আছিলো !❓

বাৰু যিয়েই নহওঁক আৰু এটা কথা মনত পৰোঁতেই সৰুকৈ কৈ থওঁ । আজিকালি বহুতো পুৰুষেই কম বয়সতে পুৰুষত্বহীনতাৰ চিকাৰ হয় । এইটো এটা বৰ ডাঙৰ সমস্যা হৈ পৰিছে । ক'বলৈ বেয়া যদিও কৈ থোৱাটো ভাল বুলি ভাবিয়েইহে উল্লেখ কৰিছো । মন কৰিব, পকা আমত আছে যৌন হৰ্মন বৃদ্ধি ঘটাব পৰা ক্ষমতা লগতে ই কিডনীত সৃষ্টি হোৱা পাথৰ ধ্বংস কৰি দিব পাৰে । 
 পকা আম হৈছে পুষ্টি প্ৰদায়ক, কেলৰিযুক্ত আৰু এন্টি-অক্সিডেন্ট সমৃদ্ধ । খাদ্যপ্ৰাণ 'ক' 'খ' 'খ-৬' 'গ' , কপাৰ, প্ৰায়োটিক ফাইবাৰ,  পটাসিয়াম, মেগনেছিয়াম আৰু বিভিন্ন প্ৰয়োজনীয় উপাদানৰে সমৃদ্ধ । 

অ'.... বৌৱে চাহ বনাই আনিছেই । কিমান কথা কৈ থাকিম, চাহ কাপ খায়েই লওঁ । 

দিয়া-দিয়া, অ'হ লগতচোন এইবিলাক কিবাকিবি ধেৰ আনিছা ! এইফালে  ককাইদেউকো দিয়া একাপ । 

বাঃ বৌ, ভাল বনাইচা দেই চাহকাপ !

ইচ, ময়োযে আৰু !!! চোৱাচোন, ইমানখিনি গালো-বালো ; অ' আচল কথাটোকে ক'বলৈ পাহৰিলো ।

 শুনাচোন শুনিলোৱা । আমৰ পাত মধুমেহ ৰোগৰ মহৌষধ । ঔষধ এটা শিকাই দিম মনত ৰাখিবা কিন্তু । কি ঠিক, বুঢ়া হ'লে মোকো লাগি যাব পাৰে । আজিকালি ডাইবেটিচ মানে অসমীয়াত মধুমেহ হোৱা মানুহৰ সংখ্যা বৰকৈ বৃদ্ধি পাইছে । মধুমেহ আচলতে এটা ৰোগ নহয়, ই এক অৱস্থা ( ফেচবুক জ্ঞান সম্ভাৰত এই বিষয়ে পঢ়ক এই ঠিকনাত ( https://m.facebook.com/groups/372830512757409?view=permalink&id=897151313658657 ) । আপুনিও জানি সুখি হ'ব যে আমপাতেৰে ইয়াৰ নিয়ন্ত্ৰণ কৰিব পাৰি । 
কেইটামান আম পাত নিশা পাতলিয়া গৰমপানীত সিজাই নিশাটো পাতকেইটা পানীতে থৈ পুৱাতে পানীখিনি খাব লাগে । মধুমেহ নিয়ন্ত্ৰণ হয় ।  ই আকৌ লগতে  পাকস্থলিৰো টনিক । 

এতিয়া গম পালেনে ককাইদেউ, কিয় আমক         "ফলৰ ৰজা" বোলা হয় । গতিকে আম খাওঁক । আপুনি জানেই চাগে যে আম আমাৰ "ৰাষ্ট্ৰীয় ফল" । সমগ্ৰ পৃথিৱীত আমৰ প্ৰায় ৩৫-টামান প্ৰজাতি পোৱা যায় । ভাৰত আৰু চুবুৰীয়া দেশ বাংলাদেশত পোৱা আমৰ বৈজ্ঞানিক নাম  'Mengifera indica" । 
আমৰ ব্যৱহাৰ আমাৰ দেশত ইতিহাসে নজনা দিনৰেই পুৰণি । বিখ্যাত পৰিব্ৰাজক ইবন বটুটাৰ লেখনিতো উল্লেখ আছে ভাৰতীয় আমৰ কথা । 

বহু কথাই ক'লো  । সিদিনাৰ পৰা আমৰ বিষয়ে পঢ়ি-শুনি কথাখিনি নকলে পেটত গেষ্ট্ৰক উঠিব নহয় সেয়ে, কৈয়ে পেলালো আৰু । 

তাতে আকৌ কথা এষাৰো আছে :

বোলে " হয় পো লনি,
            হয় পো ধনী ,
            হয় পো গোফে,
            হয় পো মুখে । ।"

----- মই মুখ খনকেই বাছি লৈছো দিয়ক । 
পিচে যোৱাৰ সময়ত গুৱা এভাগকে নুখোৱাব জানো ?
তামোল এখন খাওঁ আৰু যাওঁ । 
আপুনি কি কৰে কৰক , মই উঠোহে ককাইদেউ ।
বোলো 


দৌৰি-দৌৰি যাওঁ
গছত উঠি চাওঁ,
পকা-পকা আমবোৰ
মন খুলি খাওঁ । ------ হেঃ হে হেঃ

🎤🔉ফেচবুকত আমাৰ ঠিকনা📮



📶 8⃣0⃣1⃣1⃣......

      💠🔸🔹⚫🔸🔹🔷🔹🔸⚫🔹🔸💠

নতুন লেখা / ছবি

গ্ৰীষ্মৰ আতঙ্ক

ইমান অত্যাচাৰ ! নষ্টজোৱা, হতশ্ৰীহোৱাবোৰৰ পৰা সঁ‌চাই শান্তি নোহোৱা হৈছেগে । নাপায়, ইমান অত্যাচাৰী  হ'বগে নালাগে । যিহে অত্যাচাৰ হৈছে, যি ...