কলাগুৰু

আগকথা

         এই পৃথিৱীলৈ বহুতো মানুহ আহে আৰু চৰাচৰিত নিয়মৰে জীয়াই থাকি যায়গৈ । ক্ষন্তেকৰ কাৰণে কেইজনমানে কান্দে আৰু এটা সময়ত সময়ৰ ঢৌত সিও নোহোৱা হৈ বিদায়ীৰ কথাচোন একোৱেই নাথাকে ! 
তথাপিও জীৱন নাটত অখৰাৰ অবিহনেই বহুতে ভাও দি যায় । বেছিভাগেই বাচনি কৰে খলনায়কৰ ভাও । মাটি-টকা-প্ৰাসাদ, সুন্দৰী নাৰী, যশ-মান-খ্যাতি আদি অনেক বিষয়কলৈ তেওঁলোকে অভিনয় কৰে ; ৰচনা কৰে চক্ৰবেহুৰ ফান্দ আৰু তাতে মাৰি শেষত নিজেও মৰি সকলো এৰি থৈ যায় । জীৱনৰ নাট শেষ হয় । মাথো দৰ্শকৰ অভিমতবোৰ  মুখবাগৰে ; তাকো কিছুদিনৰ বাবে ।
এজনৰ পাছত আকৌ এজন, মাথো সলনি হয় চৰিত্ৰবোৰৰ নাম । কথাবোৰ একেই থাকি তেওঁলোকো মগ্ন হয় , মৰণফান্দ চলি থাকে । তাতে গঢ় লয় টকাৰ উচ্চ পাহাৰ । কেৱল লোৱা-লোৱা আৰু অধিক লোৱাৰ বাসনাৰ অনন্ত জোৱাৰবোৰ কেৱল শেষ হয় মৃত্যুৰ নিলাজ মৌনতাত । 
তাৰে মাজত কিছুলোক আহে যি দিয়া-দিয়া আৰু দিয়াৰ বাহিৰে ল'বলৈ একোৱেই নাজানে । তেওঁলোকৰ বাবেই স্থবিৰ হয় সময় , মৃত্যুৱেও হাৰ মানে । তেনে এজন মানুহৰ কথাকে ক'বলৈ লৈছো, যাৰ স্ব-প্ৰতিভাৰ উজ্বল আভাই 🌌আজিও জিলিকাই ৰাখিছে বুঢ়া লুইতৰ দুটি পাৰ । 

কলা-সাহিত্য-সংস্কৃতি-ৰাজনীতি-সমাজনীতিৰ জগতত আমূল পৰিৱৰ্তনৰ জোৰ জ্বলাই মানুহক নতুনৰ বাট দেখুওৱা আৰু সৃষ্টিৰ বিপ্লৱেৰে নতুনক আমন্ত্ৰণ জনোৱা বিংশ শতিকাৰ বিপ্লৱী তেওঁ ; আৰ্তজনৰ বন্ধু, অদম্য কণ্ঠৰে মানুহৰ হৃদয়ৰ কথা কোৱা এজন অসমীয়া যুগনায়ক যাৰ জন্মই দি গ'ল এটা জাতিৰ মান আৰু বহুতো । 
শুকুৰাম কছাৰীৰ বংসৰ গোপাল ৰাভাৰ ঔৰষত  মাতৃ গেথীবালা ৰাভাৰ কোলা শুৱনি কৰিছিল অসমীয়াৰ প্ৰাণৰ সেই যুগনায়কে ।
সেয়া ১৯০৯ চনৰ কথা । সেইবছৰৰ ৩০ জানুৱাৰী বৃহস্পতিবাৰটোৱে গোপাল ৰাভাৰ ঢাকাত থকা বাসগৃহলৈ লৈ আনিছিল অসমৰ অন্যতম গৌৰৱ এটি দেৱশিশুক। পৰিয়ালটোত মৰমতে তেওঁক মতা হৈছিল “কটু” । শৈশৱতে দেউতাকৰ চেতাৰ বাদন আৰু শাস্ত্ৰীয় সংগীতৰ  ৰাগচৰ্চাই 🎼 শিশুজনক আকৰ্ষিত কৰিছিল ।
কোনে জানিছিল, সেই শিশুজনেই এসময়ত অসম উজ্বলাব ! কোনে জানিছিল পাছলৈ বিষ্ণুপ্ৰসাদ ৰাভা নামৰে তেখেতেই হৈ ৰ'ব কালজয়ী এক জাতীয় সত্বা !
অসম আৰু অসমীয়াৰ প্ৰাণৰ স্পন্দন "কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক ফেচবুক জ্ঞান সম্ভাৰে  শ্ৰদ্ধাৰে সোঁৱৰিছো 🙏
                              জয় আই অসম
                      🔅ফেচবুক জ্ঞান সম্ভাৰ🔅

           🎤🔊 ফেচবুকত আমাৰ কৰাপাট ⛩
           📨 rajibgoswami0@gmail.com

                    🔆🔹🔸🔹🔴🔹🔸🔹🔆

        অসমৰ এক অমৰ ব্যক্তিত্ব, যাৰ নামত নাচে  জনতাৰ প্ৰাণ ; ৰন্ধ্ৰে-ৰন্ধ্ৰে বয় আপোনত্বৰ নেদেখা সূতাৰে বোৱা হৃদয়ৰ গান । 
মানুহবোৰে ভালপায় তেওঁক ; আৰ্তজনৰ বন্ধু, এক সংগ্ৰামী সত্তা, যাৰ কন্ঠ আৰু কলমত ভাহিছিল  দৰিদ্ৰ জনতাৰ মুক্তিৰ গান । কৃষ্টিৰ পথাৰত সৃষ্টিৰ বীজ সিঁচি যি জাতিক কৰিছিল প্ৰাণৱন্ত, যাৰ জ্ঞানৰ গঙ্গাই উজলাইছিল অলেখ আন্ধাৰত লুকাই ৰোৱা তথ্যৰ বিশাল ভাণ্ডাৰ, ৰঙৰে বুলাইছিল যি চিত্ৰকল্পত প্ৰাণ, সেইজনেই কলাৰ গুৰু অসমৰ আন এক প্ৰাণ "বিষ্ণু ৰাভা" ।

সম্পূৰ্ণ নাম : বিষ্ণু প্ৰসাদ ৰাভা ।
শৈশৱৰ নাম : কন্টু । 
জন্ম : ৩১ জানুৱাৰী ১৯০৯ চন (বৃহস্পতিবাৰ) । 
জন্মস্থান :  লাইনবেৰাক, ঢাকা, বাংলাদেশ
পিতৃৰ নাম : গোপাল চন্দ্ৰ ৰাভা
মাতৃৰ নাম : গেঠীবালা ৰাভা
ককাকৰ নাম : শনিৰাম কছাৰী

      এষাৰ কথা আছে , "Morning Shows the Day" । তাতে সংস্কৃতিবান এটা পৰিয়ালত শিল্পৰ লগতে আধ্যাত্মিকতাৰ সংযোগেৰে সৃষ্ট পৰিৱেশত ডাঙৰ হৈছিল তেওঁ । 
শিশু বিষ্ণুপ্ৰসাদৰ বিদ্যালয় যাত্ৰাৰ শুভাৰম্ভ হৈছিল ঢাকাৰ এখন ইংৰাজী প্ৰাথমিক বিদ্যালয়ত । পঞ্চ অশ্বই টনা বগীত আৰোহণ কৰি  বিদ্যালয় যাত্ৰাৰ আৰম্ভণীতে আধিক্য জীৱন শৈলিত অলপো খাপ নোখোৱাৰ বাবে সেই বিদ্যালয় এৰি এখ্ন বঙালী মাধ্যমৰ বিদ্যালয়ত নাম লগাই শিক্ষা গ্ৰহণ কৰে । চেতাৰ বজাই ভালপোৱা পিতৃ গোপাল চন্দ্ৰ ৰাভায়ো চাগে বিচাৰিছিল তেওঁৰ পুত্ৰ এজন কলাৰ সাধক হওক আৰু সেয়ে ঢাকাৰ শ্ৰেষ্ঠ সংগীত শিল্পী গহৰ জান বিবি, মোতি মিঞা আৰু ওস্তাদ কালাচান্দক গৃহ শিক্ষক হিচাপে ৰাখি পুত্ৰক শিল্পৰ জগতত বাট বুলিবলৈ আগবঢ়াই দিছিল । ওস্তাদ কালাচান্দ প্ৰশিক্ষণতে শিশু বিষ্ণু প্ৰসাদে মাত্ৰ আঠ বছৰ বয়সত ঢাকাত “ৰাজা হৰিচন্দ্ৰ” নাটকত ৰাজকুমাৰ ৰোহিতাস্যৰ ভাৱত অভিনয় কৰিছিল । কিন্তু নিয়তিৰ পৰিহাস, ১৯১৭ চনত যেতিয়া আঠ বছৰীয়া শিশু বিষ্ণুৰাভা প্ৰাথমিক বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ আছিল সেই সময়তে, পিতৃ গোপাল চন্দ্ৰ ৰাভাৰ পৰলোক হোৱাত সম্পৰ্কীয় ডাঃ ধাবাৰাম মেচৰ সহায়ত বিষ্ণুৰাভাসহ পৰিয়ালটোক লৈ আনে সুন্দৰৰ নগৰী তেজপুৰলে ।

           তেজপুৰৰ চৰকাৰী হাইস্কুলত নাম লগাই বঙালী মাধ্যমৰ সলনি অসমীয়া মাধ্যমত শিক্ষা গ্ৰহণ কৰিব লগা হোৱাত প্ৰথমে কিছু অসুবিধাৰ সন্মুখীন হৈছিল যদিও নিজৰ মেধা শক্তিৰ বাবে কিছু প্ৰতীক্ষাৰ পাছত অসমীয়া মাধ্যম তেখেতৰ বাবে সহজ হৈ আহিল । হাইস্কুলৰ জীৱনত ফুটবল, হকী, ক্ৰিকেট আদি খেলত দেখুৱা শ্ৰেষ্ঠতা আৰু সাংস্কৃতিক জগতখনতো নাচে-গানে-অভিনয়ে থকা পাৰদৰ্শিতাৰ বাবে বিষ্ণু প্ৰসাদ হৈ উঠিছিল সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু । 
১৯২৬ চনত তেজপুৰ হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত দৰং জিলাৰ ভিতৰতে প্ৰথম হৈ “কুইন এমপ্ৰেছ” পদক লাভ কৰিছিল  কিন্তু পদকটো প্ৰদান কৰাৰ দিনা মাকৰ অসুস্থতাৰ বাবে যাবলৈ অনিচ্ছুক ৰাভাদেৱে বহু বুজনিৰ পাছত গৈ বঁটা গ্ৰহণ কৰি বঁটাটো আনি মাকৰ হাতত দি সেৱা কৰিলে ।
     ইয়াৰ পাছতেই আৰম্ভ হ’ল উচ্চ শিক্ষা গ্ৰহণৰ যাত্ৰা । উচ্চ শিক্ষা গ্ৰহণৰ বাবে কলিকতাৰ চেণ্টপ’ল কলেজৰ বিজ্ঞান শাখাত আই. এছ. চি. শ্ৰেণীত নাম লগালে ।  নিজৰ কলা সাধনা আৰু ক্ৰীড়া জগতৰ মাজেৰে আগবাঢ়ি সেই সময়ত  ৰাভা হৈ পৰিছিল জাকত জিলিকা সকলৰ মাজৰে এজন । 
১৯২৮ চনত চেণ্টপ’ল কলেজৰ পৰা প্ৰথম বিভাগত আই. এছ. চি. পাছ কৰি তেখেতে কলিকতাৰ ৰিপণ মহাবিদ্যালয়ত পদাৰ্থ বিজ্ঞানত অনাৰ্চ লৈ নামভৰ্তী কৰে । ১৯২৯ চনত বি. এচ. চি. ৰ দ্বিতীয় বৰ্ষলৈ উত্তীৰ্ণ হয় । সেই সময়তে ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ ভৰপক কালত বংগত আন্দোলনৰ বিভিন্ন কাৰ্যৰ লগতে এচাম যুৱকৰ মাজত বৃটিছ বিৰোধী ষড়যন্ত্ৰই উগ্ৰ ৰূপ ধাৰণ কৰিছিল । 
সুঠাম চেহেৰাৰে সকলো দিশতে পাৰ্গত আৰু অতি জনপ্ৰিয় বিষ্ণুৰাভাৰ ওপৰত পুলিচ প্ৰশাসনৰ শেনচকু । এনেও পশ্চিমবংগত শিল্পী, কলা-কুশলী আৰু খেলুৱৈৰ বাবে সামাজিক আদৰ বৰ বেছি । সেই ফালৰ পৰা সৰ্বগুণী ৰাভাদেৱৰ জনপ্ৰিয়তা তাতে আকৌ কলেজৰো কেপ্তেইন, গতিকে পুলিচৰ সন্দেহ তেওঁৰ ওপৰত আছিল সৰ্বদা । হোষ্টেলত পুলিচৰ খান-তালাচ আৰু তেওঁকলৈ ক্ৰমাৎ বৃদ্ধি পোৱা তদন্তৰ উৎপিৰণে সেই কলেজ বাদ দিবলৈ  তেওঁক বাধ্য কৰালে ।
অৱশেষত বন্ধু মহলৰ বাধাকো নেওচি ৰিপণ কলেজ এৰি থৈ তেখেত নৰনাৰায়ণ-চিলাৰায়ৰ গৰিমাৰে বিঢৌত কোচবিহাৰ পালেহি । তাতে ভিক্তোৰিয়া কলেজত এইবাৰ কলা শাখাত নাম লগাই সত্ৰ সংস্কৃতিৰ ইতিহাস লগা কোচবিহাৰকো আপোন কৰি পেলালে । ইপিনে মহাত্মা গান্ধীৰ স্বাধীনতা আন্দোলনৰ অগনি মনত উমি-ঊমি জ্বলি থকা ৰাভাদেৱৰ মনৰ সংগ্ৰামী সত্তাৰ বাবেই কোচবিহাৰত বৃটিছৰ বিৰুদ্ধে প্ৰতিবাদত নামিল । এদিন নিশা ভিক্টোৰিয়া কলেজৰ টিংখোপত, জনকিন্স হাইস্কুল আৰু ৰিজেন্ট হাট্চিন্চন চাহাবৰ বঙালাৰ গেটত অকলেই ত্ৰিৰঙ্গ পতাকা উৰাই দিলে । এই ঘটনাত কোচবিহাৰত হুলস্থূলৰ সৃষ্টি হ’ল ।      কোচবিহাৰ ৰাজভৱনৰ দেৱালত নিশা এটি স্ব-ৰচিত বঙালী কবিতাৰে প’ষ্টাৰিং কৰি ৰাভাদেৱে বিদ্ৰোহ কৰিলে । ৰিজেন্ট হাট্চিন্চন  আৰু দেৱান খাস্তগীৰ বিৰুদ্ধে চাৰি শাৰী বাক্যৰে লিখা জীৱনৰ এই প্ৰথম কবিতাটোত তেখেতে লিখিছিল :
“ৰাজ্যে আছে দুইটি পাঠা,
একটি কালো একটি সাদা ।
ৰাজ্যেৰ যদি মঙ্গল চাও,
দুইটি পাঠাই বলি দাও ।।”
এই ঘটনাত প্ৰমাণৰ অভাৱত বাচি গ’ল যদিও পাছত তেওঁ আহি তেজপুৰ পালেহি । তেজপুৰত আগৰণুৱা বিষ্ণুৰাভাই স্বাধীনতা আন্দোলনৰ এটি সমদলত নেতৃত্ব লৈ বন্দে মাতৰম ধ্বনিৰে আকাশ-বতাহ কঁপাই তুলিলে ।

      ইয়াৰ পাছত, বিষ্ণুপ্ৰসাদ ৰাভাক কোচবেহাৰ চৰকাৰে বহিষ্কাৰ কৰিলে । কলেজ কৰ্তৃপক্ষইও দিয়া বাধ্যতামূলক ট্ৰেন্সফাৰ চাৰ্টিফিকেটখন লৈ ৰাভাদেৱ উপস্থিত হ’লগৈ ৰংপুৰ কাৰ মাইকেল কলেজত । ভিক্টোৰিয়া কলেজৰ পৰা খবৰ ওলাল, ৰাভাই চতুৰ্থ স্থান লৈ বি. এ. চতুৰ্থ বৰ্ষলৈ উত্তীৰ্ণ হৈছে । 
কাৰ মাইকেল কলেজত ইংৰাজীত অনাৰ্চ লৈ পুনৰ পঢ়া-শুনা আৰম্ভ কৰিলে । তাতো কলা-শিল্প, খেল-ধেমালিত নিজৰ পাৰদৰ্শিতাৰে সকলোকে আকৰ্ষিত কৰি ৰাভাদেৱ হৈ পৰিছিল জনপ্ৰিয় । সৰস্বতী পূজাত পূজাৰ প্ৰতিমা নিজে নিৰ্মাণ কৰি সকলোকে মুগ্ধ কৰাৰ লগতে কলেজৰ ক্ৰিকেট আৰু হকি দলৰো হৈছিল অধিনায়ক ।
তেনেতে বংগৰ কোনো আন্দোলনকাৰীয়ে ছট্টগ্ৰামৰ চৰকাৰী অস্ত্ৰাগাৰৰ পৰা অস্ত্ৰ কাঢ়ি লোৱা ঘটনাত সন্দেহ বশত পুলিচে ৰাভাৰ ওপৰত চোকা দৃষ্টি ৰখাত তীব্ৰ ঘৃণা আৰু অসন্তুষ্টিৰে ছাত্ৰ জীৱন আধাতে সামৰি ১৯৩১ চনত কলিকতালৈ গুচি গ’ল ।
         কলা-সাহিত্য-সংস্কৃতিৰ অন্যতম বৰচ’ৰা কলিকতা । তাতে অনন্য কলাকাৰ, লেখক বিষ্ণুপ্ৰসাদৰ মন শিল্প-সাহিত্যৰ প্ৰতি অধিক আকৰ্ষিত হ’বলৈ ধৰিলে । “শ্ৰীবিষ্ণু প্ৰিয়া ৰাভা ঠাকুৰীয়া” ছদ্মনামত সেই সময়তে লিখিছি “শ্ৰীশ্ৰী কলাৱতী” নামৰ প্ৰবন্ধটো
সেই সময়তে মাধৱ চন্দ্ৰ বেজবৰুৱাৰ সম্পাদনাত প্ৰকাশিত “বাঁহী” আলোচনীখনত ৰাভাদেৱে নিজে “চিত্ৰলেখা” নাম দি এটি শিতান পৰিচালনা কৰিছিল । “সংগীত আৰু শ্ৰীশ্ৰী শংকৰদেৱ গায়ন” নামৰ মূল্যবান প্ৰবন্ধটোও সেই সময়তেই লিখা ।
কলিকতাত থকা কালত তেওঁৰ অতি উচ্চমানৰ প্ৰতিভাই জনতাক বিমুগ্ধ কৰিলে । অনেক গুনমুগ্ধ আৰু বিখ্যাত শিল্পীসকলৰ লগত গঢ়ি উঠিল আন্তৰিকতা । এই সময়তে বহুমুখি প্ৰতিভাৰ আকৰ ৰাভাদেৱে মেচুৱা বজাৰত আয়োজিত ফেন্সি-ড্ৰেছ এক্জিবিচনত পতা এক বিশাল আয়োজনৰ মঞ্চত ভিক্টৰ হিউগোৰ “Hunsback of Noterdom” চৰিত্ৰটোৰ মেক-আপ কৰি নিখুঁত ৰূপত যেতিয়া থিয় দিলে লগে-লগে ত্ৰাস আৰু হৰ্ষৰ ঢৌৱে সভাগৃহত এক আচৰিত পৰিৱেশৰ সৃষ্টি কৰিলে ।
কলাৰ সাধনাত নিমগ্ন প্ৰাণত সংঘাটৰ খুন্দাই আকৌ তেওঁক সমস্যাত পেলালে । চট্টগ্ৰামৰ পুৰণি ঘটনাটোৱে পুনৰ মূৰ ল’লে । পুলিচে আহি ৰাভাৰ ঘৰ খান-তালাচ কৰাত লাগিল । সেই সময়তে ঢাকাত পুলিচ বিষয়া হৈ থকা ককায়েক নন্দলাল ৰাভাৰ আহ্বানত তেওঁ পুনৰ গৈ জন্মস্থান ঢাকা পালেগৈ ।
ঢাকাৰ পৰা ওল্টি আহি পুনৰ পালেহি কলিকতা । পুনৰ আৰম্ভ হ’ল সংগীত আৰু শিল্পৰ সাধনা । সেইখিনি সময়তে ৰাছিয়াৰ বিশ্ববিখ্যাত নৰ্তকী প্ৰাইমা বেলেৰিনা আনা পাভলোভাই কলিকতাত কৰা নৃত্য প্ৰদৰ্শন অতি আগ্ৰহৰে চাইছিল বিষ্ণুৰাভাই । একাগ্ৰ দৃষ্টিৰে পাভলোভাৰ”ৰাজহংস নৃত্যত তেওঁ আপ্লুত হ’ল । পিচদিনা এক বিশেষ বাসনা মনত লৈ তেখেতে লগ কৰিলে সেই বিশেষ নৃত্য-পটীয়সী গৰাকীক । অভিলাষ, পাভলোভাৰ শিষ্যা হোৱাৰ । 
মনৰ ইচ্ছাক খুলি কোৱাত এটি অপূৰ্ব কণ্ঠৰে হেনো কৈছিল “ভাৰতত নৃত্য শিকা  সহজ । নৃত্যৰ  বাবে প্ৰয়োজনীয় সকলো  ইয়াত আছে । বিভিন্ন স্থানত থকা শিলৰ মূৰ্তিৰ ভংগীমাক গতিশীল ৰূপ দিলেই নৃত্য হ’ব ।”  --- কথা শুনি ৰাভাদেৱৰ মনক এক সুন্দৰৰ চিন্তাই ঠাই পালে । পাভলোভাক সন্মান জনাই উভটনি যাত্ৰাত তেওঁ ৰচিলে ……..
বিশ্বৰে ছন্দে ছন্দে 
          মহানন্দে আনন্দে
             ……………….
           গীতৰ অময়া সুৰৰ মাজতে মায়াইও  জীৱনক নতুন ৰূপত সঁজাই তুলিলে । সুন্দৰৰ সাধনা কৰা যাযাবৰী জীৱনলৈ কলিকতাতেই আগমন ঘটিল সুন্দৰৰ সাধনা কৰা আন এক জীৱন ; “প্ৰিয়লতা দত্ত” । ১৯৩৭ চনৰ ২৪ নৱেম্বৰত  দুয়োৰে দুয়ো হোৱাৰ প্ৰতিশ্ৰুতিৰে সংসাৰ গঢ় ল’লে । 
শিল্পী মনত নতুন জীৱন । হেঁপাহ আৰু কত কল্পনাৰ জুমুঠিটো চিতাৰ জুইলৈ আগবাঢ়ি যাব বুলিনো ভাবিছিল কোনে । সন্নিপাত জ্বৰত ২২ ডিচেম্বৰত প্ৰিয়লতাই প্ৰতিশ্ৰুতি ভংগ কৰিলে । 
বিশেষ সৃষ্টিৰ বাবেই চাগে সময়েও খেলে শিল্পীৰ চৰম নিষ্ঠুৰতা বা কেতিয়াবা প্ৰতাৰণাৰ সতে । নতুন জীৱনৰ ধলফাট শেষচোন হোৱাই নাছিল ! 
বিৰহ শিল্পীয়ে সময়ৰ নিষ্ঠুৰতাৰ পাছত লিখিলে ……….

পৰজনমৰ  শুভ লগনত
যদিহে হয় আমাৰ দেখা
………………………….

            বিষাদ বেদনাই ৰুদ্ধ কৰি পেলালে এটি মুক্ত বিহঙ্গৰ মন । প্ৰায় ডেৰ বছৰমান বিষাদে যেন কৰিছিল তেওঁক গৃহবন্দী ! ইয়াৰ মাজতে লিখিলে বভিন্ন কালজয়ী গীত । কলিকতাতেই বিষাদে আৱৰি ধৰা শিল্পীজনে ৰচিছিল ………..
লগন উকলি গ’ল
      তেওঁ যে নহ’ল কোৱা
……………………..”

সেই প্ৰিয়লতাৰ দুখতেই তেওঁ লিখিছিল …………..
মোৰ কবিতাৰ ছন্দ লাগি
         স্পন্দন তোৰ জাগেনে ?
কথা মালিতাৰ গন্ধ লাগি
সোণৰ সপোন ভাগেনে ?
………………………..
সৃষ্টি আৰু সুন্দৰৰ পূজাৰীজন তেজপুৰলৈ ঘূৰি আহিল । কৰি গ’ল সুন্দৰৰে সাধনা । আগতকৈ ক্ৰমাৎ মনলৈ অলপ শান্তিও নামিল ।
কিন্তু শিল্পীক যেন সময়েও নোৱাৰে ধৰি ৰাখিব ।
১৯৩৯ চনত কাশী হিন্দু বিশ্ববিদ্যালয়ৰ পৰা বিষ্ণু প্ৰসাদ ৰাভাদেৱলৈ নৃত্য প্ৰদৰ্শনৰ বাবে এটি নিমন্ত্ৰণ আহিল । নিমন্ত্ৰণক ৰক্ষা কৰি তেখেতে গায়ন-বায়নক লগত লৈ কাশী হিন্দু বিশ্ববিদ্যালয়ত গৈ উপস্থিত হ'লগে । ভাৰতীয় বিভিন্ন বিষয়ৰ শ্ৰেষ্ঠ শিল্পীৰ সমাগমে গিজগিজাই থকা বিশ্ববিদ্যালয়ৰ শিল্প মঞ্চত ৰাভাদেৱে প্ৰদৰ্শন কৰিছিল শিৱৰ তাণ্ডৱ নৃত্য । এইখিনিতে স্মৰ্তব্য যে শাস্ত্ৰীয় নৃত্যৰ ক্ষেত্ৰত শিৱৰ তাণ্ডৱ নৃত্যৰ সঠিক প্ৰদৰ্শন অতি কষ্টসাধ্য আৰু এই নৃত্য অতি গুৰুত্বপূর্ণ ।
 ৰাভাদেৱে আৰম্ভ কৰিলে । নটৰাজ শিৱৰ তাণ্ডৱ নৃত্যৰ ১০৮ টা কৰণৰ প্ৰদৰ্শন কিমান কঠিন সেইয়া ভালকৈ বুজিব শাস্ত্ৰীয় নৃত্যৰ শ্ৰেষ্ঠ গুৰুৱেহে । হিন্দু বিশ্ববিদ্যালয়ৰ সেই মঞ্চলৈ যেন নটৰাজৰ স্বয়ং আগমন ঘটিল । মন্ত্ৰমুগ্ধ হৈ সকলোৱে চকুৰ পলক নেপেলোৱাকৈ চাবলৈ ধৰিলে ।                               হাত চাপৰত সভাগৃহ ৰজন-জনাই উঠিল আৰু সেই মঞ্চতে অসমক গৌৰৱৰ মালা পিন্ধাই সেই সময়ৰ বিশ্ববিদ্যালয় খনৰ উপাচাৰ্য সৰ্বপল্লী ৰাধাকৃষ্ণন দেৱৰ পৰা ৰাভাদেৱে "কলাগুৰু" উপাধিৰে বিভূষিত হ'ল । বিশ্বৰ এগৰাকী সকলো যুগৰ মহান গুৰুৰ পৰা এনে উপাধি লাভ কৰাটো কিমান মহত্বতম কথা হব পাৰে !!!! 
ব্যক্তিগত ভাবে ভাবো কেৱল বিষ্ণুৰাভাৰ বাবে নহয় ; অসমৰ বাবে এইয়া এক শ্ৰেষ্ঠ সন্মান । ইফালে কলাগুৰু জনাৰ সেই নৃত্য চাই থকা সেই সময়ৰ ভাৰত বিখ্যাত শ্ৰেষ্ঠ নৃত্য শিল্পী উদয়শংকৰে কৈছিল , "There are some peculiarities in Mr. Rava's dance which I much learn. " নিজেই এজন শ্ৰেষ্ঠ শিল্পী আৰু তেখেতে ৰাভাদেৱৰ পৰা শিকব লাগিব বুলি কোৱা কথাষাৰ কম তাৎপৰ্যপূৰ্ণনে ! ইয়াত তেখেতৰ উদাৰতা আৰু মহানতাও প্ৰকাশ পাইছে । 
উপৰোক্ত কথাখিনি আপোনালোকৰ নিশ্চয়ে জ্ঞাত । এই কথাখিনি আমি প্ৰায়ে আলোচনাও কৰো ; বিশেষকৈ বিষ্ণু ৰাভা দিৱসৰ সময়ত । কিন্তু আমিযে উল্লেখ কৰো ‘কৰণ’, এই কৰণনো কি বাৰু ? সেয়ে আহক,  ফেচবুক জ্ঞান সম্ভাৰৰ মজিয়াতে ‘কৰণ’ কি মাজতে অতিৰিক্ত আলোচনা কৰি যাওঁ ।
‘কৰণ’ মানে কোনো একোটা কাম সম্পাদন কৰাকে বুজাই । নৃত্যৰ ক্ষেত্ৰত হাত-ভৰিৰ সঞ্চালনত এই কৰণ সমূহৰ সৃষ্টি হয় ।
ভাৰতীয় নাট্য শাস্ত্ৰৰ মতে ‘কৰণ’ ১০৮ প্ৰকাৰৰ । সেই সমূহ হৈছে :
১) তলপুষ্পপুট ২) বৰ্ত্তিত ৩) বলিতোৰু ৪) অপবিদ্ধ ৫) সমনখ ৬) লীন ৭) স্বস্তিকৰেচিত ৮) মণ্ডলস্বস্তিক ৯) নিকুট্টক ১০) কটিচ্ছিন্ন ১১) অৰ্ধৰেচিত ১২) বক্ষস্বস্তিক ১৩)উন্মত্ত ১৪)স্বস্তিক    ১৫) পৃষ্ঠস্বস্তিক  ১৬)দিকস্বস্তিক ১৭) অলাত ১৮) কটিসম ১৯) আক্ষিপ্তৰেচিত ২০) বিক্ষিপ্তাক্ষিপ্ত ২১) অৰ্ধস্বস্তিক ২২) অঞ্চিত ২৩) ভুজঙ্গত্ৰাসিত ২৪) অৰ্ধবজানু ২৫) নিকুঞ্চিত ২৬) মতল্লি ২৭) অৰ্ধমতল্লি ২৮) ৰেচননিকুট্ট ২৯) পদাপৰিদ্ধক ৩০) বলিত ৩১) ঘূৰ্ণিত ৩২) ললিত ৩৩) দণ্ডপক্ষ ৩৪) ভুজঙ্গ ৩৫) ত্ৰস্তৰেচিত ৩৬) নূপুৰ ৩৭) বৈশাখৰেচিত ৩৮) ভ্ৰমৰক ৩৯) চতুৰ ৪০) ভূজঙ্গাবিঞ্চিক ৪১) দণ্ডকৰেচিত ৪২) বৃশ্চিককুট্টিত ৪৩) কটীভ্ৰান্ত ৪৪) লতাবৃশ্চিক ৪৫) ছিন্ন ৪৬) বৃশ্চিকৰেচিত ৪৭) বৃশ্চিক ৪৮) ব্যংসিত ৪৯) পাৰ্শ্বনিকূট্টন ৫০) আক্ষিপ্ত ৫১) তলবিলাসিত ৫২) অৰ্গল ৫৩) বিক্ষিপ্ত ৫৪) আবৃত্ত ৫৫) দোলপাদ ৫৬) নিবৃত্ত ৫৭) বিনিবৃত্ত ৫৮) পাৰ্শ্বক্ৰান্ত ৫৯) নিশুম্ভিত ৬০)বিদ্যুৎভ্ৰান্ত ৬১) অতিক্ৰান্ত ৬২) বিবৰ্তিতক ৬৩) গজক্ৰীড়িতক ৬৪) তলসংস্ফোটিক ৬৫) গৰুড়প্লুতক ৬৬) গণ্ডসূচী ৬৭) পৰিবৃত্ত ৬৮) পাৰ্শ্বজানু ৬৯) গৃধাৱলীনক ৭০)সন্নক ৭১) সূচী ৭২) অৰ্ধসূচী ৭৩)সূচীবিদ্ধ ৭৪) অপক্ৰান্ত ৭৫) ময়ূৰললিত ৭৬) সৰ্পিত ৭৭) দণ্ডপাদ ৭৮) হৰিণপ্লুত ৭৯) প্ৰেংখোলিত ৮০) নিতম্ব ৮১) স্খলিত ৮২) কৰিহস্ত ৮৩) সমৰ্পিত ৮৪) সিংহাবক্ৰীড়িত ৮৫) সিংহাকৰ্ষিত ৮৬) উদবৃত্ত ৮৭) উপসৃত ৮৮)তলসংঘট্টিত ৮৯) জনিত ৯০) অবহিত্থক ৯১) নিবেশ ৯২) এলকাক্ৰীড়িত ৯৩) উৰূদবৃত্ত ৯৪) মদস্খলিত ৯৫) বিষ্ণুক্ৰান্ত ৯৬) সংভ্ৰান্ত ৯৭)বিস্কম্ভ ৯৮)উদঘটিক ৯৯) বৃষভক্ৰীড়িত ১০০) লোলিতক ১০১) নাগাপসৰ্পিত ১০২) শকটাস্য ১০৩) গঙ্গাবতৰণ ১০৪) ললাটতিলক ১০৫) ক্ৰান্ত ১০৬) কুঞ্চিত ১০৭) চক্ৰমণ্ডল ১০৮) উৰোমণ্ডল ।
      ইয়াৰ পাছতেই আৰম্ভ হ’ল দ্বিতীয় বিশ্বযুদ্ধৰ বিভীষিকা । সেই সময়তে বিষ্ণুৰাভাই ৰচনা কৰিছিল 
“অ’ অসমীয়া ডেকাদল
অ’ অসমীয়া ডেকাদল
আজি তোৰ তেজাল বদন মলিন কিয় হ’ল ?”
কৃষক-শ্ৰমিকৰ কল্যাণ সাধন আৰু শোষণৰ বিৰুদ্ধে থিয় দি ৰাভাদেৱে সামাজিক সম্যতা প্ৰতিষ্ঠাত গুৰুত্ব দিছিল । নিপীড়িত জনতাৰ কাষত থাকি তেও৬লোকক জগাই তুলিবলৈ গীতৰ মাজেৰে কৈছিল …………
“ব’ল ব’ল ব’ল ব’ল
কৃষক শক্তিৰ দল !
অ’ বনুৱা অসমীয়া
আগবাঢ়ি যাওঁ ব’ল ।”
   ১৯৪৭ চনত ভাৰতে স্বাধীনতা লাভ কৰে । সেই স্বাধীনতাৰ প্ৰতি কোনো কাৰণত অসন্তুষ্ট ৰাভাই নলবাৰীৰ টিহুৰ ৰাজপথত ক’লা পতাকাৰে প্ৰতিবাদ কৰাত পুলিচে গ্ৰেপ্তাৰৰ বাবে ৰাভাক বিচাৰিব ধৰিলে । ৰাভাক ধৰিবৰ বাবে দহ হাজাৰ টকাৰ পুৰস্কাৰো ঘোষণা কৰা হ’ল । ফলত আত্মগোপন কৰি তাকিব লগা ৰাভাৰ জীৱনলৈ আকৌ এক নতুনে আহি দেখা দিলে । নলবাৰীৰ বেলশৰৰ নবীন চন্দ্ৰ মেধিৰ কন্যা কনকলতা মেধিৰ লগত চিনাকি হৈ ১৯৫০ চনত যুগ্ম জীৱনৰ পাতনি মেলিছিল । যুগ্ম জীৱন আৰম্ভ হৈছিলহে, ১৭ জুলাইত দুয়ো পুলিচৰ হাতত গ্ৰেপ্তাৰ হয় ।বন্দীত্বৰ কালত বিষ্ণুৰাভাই “হিয়াৰ পুং” “মামীৰ হাৰ” আৰু “কুৰি বছৰ জেল” নামৰ তিনিটা গল্প লিখিছিল । ১৯৫৫ চনত দুয়ো মুক্ত হয় আৰু সেই বছৰতে ৰাভাদেৱে মোহিনী ৰাভাৰ সতেও ৰাভাদেৱ বিবাহ পাশত আৱদ্ধ হয় । ১৯৫৭ চনৰ ১২ জানুৱাৰীত কনকলতাৰ কোলালৈ আহে আহে থুন থুন ওৰফে পৃথ্বীৰাজ ৰাভা আৰু ১৯৬০ চনৰ ২৮ ডিচেম্বৰত জন্ম হ’ল মুনমুন ওৰফে হেমৰাজ ৰাভা । কিন্তু সুখৰ সংসাৰ বেছি দিন নাথাকিল । ১৯৬২ চনৰ ৫ জানুৱাৰীত কনকলতাই পৃথিৱীৰ পৰা বিদায় ল’লে ।
১৯৬২ চনত চীনা আক্ৰমণৰ সময়ত ১৯ নৱেম্বৰ তাৰিখে মিছা অভিযোগত পুলিচে ৰভাদেৱক বন্দী কৰি উৰিষ্যাৰ বঢ়মপুৰ জেললৈ পঠিয়াই দিয়ে । জেলৰ ভিতৰতে বহু গীত ৰচনা কৰাৰ লগতে ৰবীন্দ্ৰনাথ ঠাকুৰৰো এখন ছবি তেওঁ অংকন কৰে । প্ৰায় আঠমাহ বন্দীত্বৰ জীৱন কটাই ১৯৬৩ চনৰ আগষ্টৰ ২৪ তাৰিখে তেওঁ মুক্তি পালে । মুক্ত হৈ পুনৰ আহি তেজপুৰ পালেহি ।
        ১৯৬৭ চন, সেই সময়ত পকেটত দুটা টকা আছিল । পকেটৰ বাহিৰত আছিল তেজপুৰীয়া ৰাইজৰ আদৰ আৰু মৰমৰ দাবী । তাকে সাৰথি কৰি ৰাইজৰ বিপুল দাবীক পেলাব নোৱাৰি তেজপুৰ বিধান সভা সমষ্টিৰ পৰা ৰাভাদেৱ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে অসম বিধান সভাৰ মজিয়ালৈ নিৰ্বাচিত হ’ল । দৰদী ৰাইজৰ উৎসাহৰ অন্ত নাই । বগা পাইজামা, গেঞ্জী আৰু মূৰত গামোচা মাৰি দীঘল সমদলৰ আগত ৰৈ তেজপুৰৰ ৰাজপথত  তেওঁ সদলবলে আগবাঢ়িল ।
        সময়ো চমু চাপিল । ১৯৬৮ চনৰ এদিন আহাৰ খাওঁতে কষ্ট পোৱা ৰাভাৰ সেই বেয়া খবৰটো পাবলৈ বেছি সময় নালাগিল । ৰাইজে দুহাত দাঙি টকা উঠালে । শদিয়াৰ পৰা ধুবুৰীলৈ নামঘৰে-মন্দিৰে প্ৰাৰ্থনা চলিল । ৰাইজৰ মানুহ, আদৰৰ শিল্পীজন ভাল হ’ব লাগে । ২৮  ডিচেম্বৰত টাটা কেঞ্চাৰ ইনষ্টিটিউচনত তেওঁক ভৰ্তি কৰোৱা হ’ল । দুমাহ থাকি গুৱাহাটীলৈ পালেহি । তাতো চিকিৎসা চলিল । তদানীন্তন মুখ্যমন্ত্ৰী বিমলাপ্ৰসাদ চলিহায়ো চৰকাৰী সাহাৰ্য আগবঢ়ালে । গুৱাহাটীত কিছুদিন থাকি তেওঁ ওভটি গ’ল তেজপুৰলৈ । ৰাইজখন যেন উঠি আহিল হেঁপাহৰ শিল্পীজনক আকৌ চাবৰ বাবে । তাৰে মাজতে বিহুৰ মুখপত্ৰৰ বাবে তেওঁ কৈ গ’ল বহু কথা ।
       ১৯৬৯ চনৰ মে’ মাহৰ শেষ সপ্তাহ । এখন বিয়াৰ নিমন্ত্ৰণী পত্ৰ পাছফালৰ পিঠিটোত ৰাভাদেৱে লিখিলে সেই কৰুণ কথা যি সুৰৰ মাজৰে দুখৰ তান তৰে । তেওঁ লিখিলে :

“এয়ে মোৰ শেষ গান ।
মোৰ জীৱন-নাটৰ শেষ ৰাগিণী
কল্যাণ-খৰমান ।।
………………

শেষ ৰাগিণী বাজিল । সেই ৰাগিণীত কঁপি উঠিল জনতাৰ প্ৰাণ । ১৯৬৯ চনৰ ২০ জুন বৃহস্পতি বাৰে  নিশা ২ বাজি ২০ মিনিটত ৰাভাদেৱৰ জীৱনৰ কল্যাণ-খৰমানে সকলোকে কন্দুৱাই পেলালে ।
আকাশবাণী গুৱাহাটীত বাজি থাকিল 
“এয়ে মোৰ শেষ গান ।
মোৰ জীৱন-নাটৰ শেষ ৰাগিণী
কল্যাণ-খৰমান ।।
………………
               ⛅ ➖➖➖➖➖➖➖➖➖➖                       
☀ সম্ভৱ হ’লে প্ৰবন্ধটোত আৰু বহু তথ্য সংযোগ কৰা হ’ব ।
এই প্ৰবন্ধ প্ৰস্তুত কৰিবলৈ অধ্যয়ন কৰা নিম্নোক্ত গ্ৰন্থ সম্ভাৰৰ লেখকসকললৈ বাবে কৃতাজ্ঞতা জ্ঞাপন কৰিছো :
১/ তিলক দাসৰ “বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি” 
২/ তপন বৈশ্যৰ “আজন্ম বিপ্লৱী-গণশিল্পী বিষ্ণুৰাভা”
৩/ দিলীপ কুমাৰ বৰুৱাৰ “আমাৰ শিল্পী বিষ্ণুপ্ৰসাদ ৰাভা”
৪/ কুইজ মাষ্টৰ দেৱব্ৰত মহন্তৰ “(১)অসমীয়া পকেট কুইজ”
৫/ পবিত্ৰ প্ৰাণ বৰাৰ ‘নৃত্য-মঞ্জীৰ, শঙ্কৰী নৃত্য-নাট্যৰ হাতপুথি’

                              ▬▬▬▬▬▬▬▬

No comments:

Post a Comment

নতুন লেখা / ছবি

গ্ৰীষ্মৰ আতঙ্ক

ইমান অত্যাচাৰ ! নষ্টজোৱা, হতশ্ৰীহোৱাবোৰৰ পৰা সঁ‌চাই শান্তি নোহোৱা হৈছেগে । নাপায়, ইমান অত্যাচাৰী  হ'বগে নালাগে । যিহে অত্যাচাৰ হৈছে, যি ...