আচৰিত "ন"

আচৰিত "ন"
০৯-০৯-২০২৫,
এটি সুন্দৰ তাৰিখৰ সুন্দৰ দিনৰ সাক্ষী হৈ সুন্দৰকৈ দিনটো পাৰ কৰিলো । ৯-ৰে পৰিৱেষ্টিত হোৱা এটা ধুনীয়া দিন ।
চাওকচোন,
০+৯ = ৯
০+৯ = ৯
২+০+২+৫ = ৯

বাঃ, মুঠতে ৯-৯-৯ । তাতে আকৌ মঙ্গলবাৰ, কাকতালীয়ই কওক বা আপুনি যিয়েই নকওক ; সংখ্যাতত্ত্বৰ মতেৰে "৯" অংকটো মংগল গ্ৰহক প্ৰতিনিধিত্ব কৰা শক্তিশালী অংক ।

      "৯" বহু গুণ সমৃদ্ধ এটি যাদুকৰী অংকও । "৯"-ৰ মাজত এনে কিছুমান যাদুলগা গুণ আছে যি সংখ্যামোদি ব্যক্তিক সহজতে আকৰ্ষিত কৰি মোদিত কৰিবলৈ ই সক্ষম ।
আমাৰ বৈদিক গণিত শাস্ত্ৰয়ো "৯"-ক বিশেষ গুৰুত্ব দি আহিছে । ই নতুনত্বৰ সংখ্যা । অংকবোৰ ০-ৰ পৰা আৰম্ভ হৈ "৯"-তে শেষ হয় আৰু তাৰপাছত আহে গাঁ‌থনিৰ এক নতুন ধাৰা । ই সকলো অংকৰে জ্যেষ্ঠ আৰু পৰিৱৰ্তনৰ শেষ সীমা । পুৰুষাণুক্ৰমিক ভাৰতীয় চিন্তা-চেতনা, মান্যতা আৰু বৈদিক পৰম্পৰাৰে "৯" এক শক্তিশালী, আত্মবিশ্বাসৰে পুষ্ট এক ধনাত্মক শুভ সংখ্যা । চীন দেশীয় পৰম্পৰায়ো "৯"-ক এটি শুভ সংখ্যা ৰূপে মান্যতা দিয়ে । পশ্চিমীয়া বহু দেশৰ সংখ্যাতত্ত্বটো "৯" এক শুভসংখ্যা হ'লেও মতভেদে ই নিষ্ঠুৰ আৰু আত্ম-অহমিকাৰে পূৰ্ণ এটি অশুভ সংখ্যা । "৯"- ৰ এই আত্ম-অহমিকা অৱশ্যেই গাণিতিক । অংকটোৰ এই অহমিকা গুণ মোৰ সঁ‌চাই ভাললগা আৰু নিজস্বতাপূৰ্ণ এক শক্তিৰ উৎস যেনেইহে লাগে !
আহক তেনেহলে, প্ৰথমে "৯" -ৰ এই অহংকাৰ ক'ত তাৰেই গম লও ।

প্ৰথমে কেইটামান পূৰণ অংক কৰোঁ‌, যত যিকোনো পূৰ্ণ সংখ্যাক আমি "৯" -ৰে পূৰণ কৰিম । 
আহক তেনেহ'লে :

৯ x ১ = ৯, ৬ x ৯ = ৫৪,  ১২ x ৯ = ১০৮, ১৩ x ৯ = ১১৭, ১৯ x ৯ = ১১৭, ৫ x ৯ = ৪৫ ।  ওপৰৰ এই পূৰণ অংককেইটাৰ পূৰণফলবোৰক এতিয়া মন কৰক । প্ৰতিটো পূৰণফলত থকা অংকবোৰ আপুনি যোগ কৰি যাওকচোন ।
কেনে লাগিল, আচৰিত নহয়নে । ৯-ৰ লগত পূৰণ কৰা যিকোনো পূৰ্ণসংখ্যাৰ পূৰণফলটোৰ অংকবোৰ যোগ কৰিলে পোনেই ৯ বা  কোনো এক অংকলৈ আনিবৰ বাবে পুনঃ-পুনঃ যোগ কৰি শেষত ৯-য়েই পাবগৈ পাৰি ।
যেনে, আৰু এটা উদাহৰণ আকৌ উল্লেখ কৰিলোঁ‌ । ৯ x ৯৯৯ = ৮,৯৯১ ।
পূৰণফলটোৰ আটাইকেইটা অংকক যোগ কৰি আমি পাম ৮ + ৯ + ৯ + ১ = ২৭,
এতিয়া ২৭-ৰ অংক দুটাক পুনঃ যোগ কৰক : ২ + ৭ = ৯ ।
এই আচৰিত গুণটো কেৱল ৯ অংকটোতেইহে আছে যিটো আনৰ মাজত নাই । সেয়ে বিভাজ্যতাৰ ক্ষেত্ৰটো ৯-য়ে এক বিধি মানি চলে । বিধিটো হ'ল, কোনো এক সংখ্যাক ৯-ৰে তেতিয়াহে সম্পূৰ্ণ বিভাজ্য যাব যদিহে সংখ্যাটোত থকা আটাইকেইটা অংকৰ যোগফলক ৯-ৰে হৰণ কৰিব পাৰি । সেয়ে চাগে "৯" কোনো সংখ্যাতত্ত্ববিদৰ দৃষ্টিত আত্ম-অভিমানৰে পুষ্ট এক অহংকাৰী অংক । 

      হৰণৰ ক্ষেত্ৰখনটো ৯-এ আচৰিত কিছুমান গুণ প্ৰকাশ কৰে । আপুনি  ১- ৰ পৰা ৮ -লৈ এই আঠতা অংকক পৃঠকে ৯ ৰে হৰণ কৰি চাবচোন । এক অদ্ভুত সংখ্যাৰ মেজিক দেখা পাব যিটো বাকীকেইটা অংকত আপুনি নেদেখে ।
অৱশ্যে ১-ৰ পৰা ৫-লৈকে এই অংককেইটাক ৯-ৰে হৰণ কৰিলে উত্তৰ হৈ উঠে বেছি দৃষ্টিনন্দন । ৬-ৰ পৰা ৮-লৈ অৱশ্যে অংকৰ শৃংখলাত এক ক্ষুদ্ৰ পৰিৱৰ্তন অহা দেখা যায় । 

       শক্তিমন্ত "৯"-ৰ শক্তিৰে শক্তিধৰ ৯৯-ৰো এক আচৰিত ৰহস্যৰ কথা কৈ আজিলৈ সামৰিম । ৯ - ৰ শক্তি আছে যেতিয়া নিৰানব্বৈৰ আছে কেইবাটাও আচৰিত মায়াবী গুণ । ইয়াৰ আগতে ফেচবুক জ্ঞান সম্ভাৰতেই বোধহয় ৯৯-ৰ এক আচৰিত যাদুলগা গুণ দেখুৱাইছিলো । আজি সেই একেখন মঞ্চতেই দেখুৱাম ৯৯-ৰ সতে কৰা যিকোনো পূৰ্ণ সংখ্যাৰ পূৰণৰ এক সুন্দৰ কৌশল । তেন্তে আৰম্ভ কৰোঁ‌ ।
ধৰি লৈছো, দিয়া হৈছে ৭৫ সংখ্যাটো যাক ৯৯-ৰ লগত পূৰণ কৰিব লাগে । প্ৰচলিত নিয়মৰ পৰা আঁ‌তৰি আন এক সৰল কৌশলৰে ইয়াৰ পূৰণফল পাব পৰা যায় । তাৰবাবে প্ৰথমে ৯৯- ৰ লগত যি সংখ্যা পূৰণ কৰিব লাগে সেই সংখ্যাটোৰ পৰা ১ বিয়োগ কৰি ল'ব লাগে । এতিয়া প্ৰাপ্ত বিয়োগফলটো লিখি থৈ বিয়োগফলটো ৯৯-ৰ পৰা বিয়োগ কৰক । আন এটা বিয়োগফল পাব । এতিয়া প্ৰাপ্ত দুয়োটা বিয়োগফল আপুনি পূৰণফলটোৰ ঠাইত বহুৱাই দিলেই পাব ৯৯-ৰ সতে পূৰণ কৰা সংখ্যাটোৰ উত্তৰ । 
উদাহৰণস্বৰূপে, আমাক দিয়া হৈছে 
৯৯ x ৭৫ = ?

ওপৰৰ কৌশলৰে গ'লে আমি প্ৰথমে ৭৫-ৰ পৰা ১ বিয়োগ কৰিম । ৭৫-১= ৭৪ । বিয়োগফল পালো, ৭৪ (প্ৰথমটো বিয়োগফল)। 
এতিয়া প্ৰাপ্ত বিয়োগফল ৭৪-ক আমি ৯৯-ৰ পৰা বিয়োগ কৰিম ।
৯৯-৭৪= ২৫ (এইটো দ্বিতীয়টো বিয়োগফল) ।
এতিয়া ৯৯ x ৭৫ ৰ পূৰণফলৰ স্থানত ক্ৰমে প্ৰথম আৰু দ্বিতীয় বিয়োগফলৰ সংখ্যা দুটাক একেলগে বহাই দিলেই আমি পূৰণফলটো উত্তৰ ৰূপে পাম ।
অৰ্থাৎ ৯৯ x ৭৫ = ৭৪২৫ । 
দৃঢ়িকৰণৰ বাবে আমি আন এটা উদাহৰণ কৰি চাম । এইবাৰ পূৰণ কৰিবৰ বাবে লৈছো 
৯৯ x ৪২ = ?
আগৰদৰেই আমি ৯৯ -ৰ লগত পূৰণ কৰিবলৈ দিয়া সংখাটোৰ পৰা প্ৰথমে ১ বিয়োগ কৰিম । ৪২-১ = ৪১ ।
এতিয়া, ৯৯-ৰ পৰা আমি ৪১ বাদ দিলে পাম ৫৮  ।
তেনেহ'লে ৯৯ x ৪২ ৰ পূৰণফল আমি পাম ৪,১৫৮ ।
      
     সংখ্যাৰ জগতখনত যাদুলগা এক ৰহস্যময় অংক "৯" ।  এই অংকটোৰ গৰ্ভত আছে আৰু বহু ৰহস্য । ইচ্ছা থাকিলেও প্ৰবন্ধৰ দীৰ্ঘতাৰ খাতিৰত ইমানতে আজি সামৰিব লাগিব । নহলে বাহিৰত ওলাব নোৱাৰা হৈছো  জানে ! বহুতৰে একেটাই আৰু একে ভাবৰ কথা, "ভাল লিখা কিন্তু ইমান দীঘল কিয় কৰা ?"
হেনজানি ইমানতেই সামৰিলো । পঢ়ি কেনে লাগিল জনাব । ৰহস্যময় আৰু শক্তিশালী এই অংকটো সঁ‌চাই আচৰিত তেন্তে ন !

    ধন্যবাদ
শুভৰাত্ৰি দেই⛈️⛈️

🔊☆●●●ফেচবুকত আমাৰ ঠিকনা●●●☆

         🔆☀️🔅💠▫️⚪️▫️💠🔅☀️🔆

Comments

Post a Comment