ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ চাৰিটা ৰং-সূচক আৰু এইবোৰৰ অৰ্থ

বাপ্পা ঐ, কম নহয় দেই ! যেনেকেহে কথাবোৰ ক'ব ৰাম-ৰাম, এনেকে হ'লে হালধীয়া ৰংটোলৈকো মানুহৰ ভয় হ'বচোন !
 হালধীয়া, কমলা, ৰঙা এইবোৰ ৰঙৰ নাম তেওঁ‌লোকে ইংৰাজীত কৈয়েই থাকে । কথাৰ সুৰত এনেহে লাগে যেন হালধীয়া ৰং দেখুৱালেই বৰষুণৰ পানীত নাকেই তল যাব !
ককাইটি, বাইটি, ভন্টিহঁ‌ত ঔ ; কথাবোৰ বুজাই ক'লে ভাল । নহলে বহুজনে ভয়ত পেপুৱা লাগিব । আমাৰ সকলোৰে পকাঘৰ নাই নহয় । সাধাৰণ চালি এখনৰ তলতো বহুজন আছে । তেখেতসকলৰ কথাও ভাবিব লাগিব । সেয়ে বুজাই নিদি "হালধিয়া" ৰং জাৰি কৰিছে বুলিলে সৰহখিনি লোকেই শংকিত হোৱাৰেইহে সম্ভাৱণা বেছি ।

     এ কাৰ কথানো ক'ম আৰু । আজি সেই বাতৰি পঢ়া দাদা-বাইদেউহঁ‌তে বতৰৰ আগলি বতৰা পঢ়োতে ভাৰতীয় আঞ্চলিক বতৰ বিজ্ঞান প্ৰতিষ্ঠানে জাৰি কৰা "হালধীয়া" "কমলা" "ৰঙা" আদি ৰঙবোৰৰ অৰ্থহে ক'বলৈ লৈছো । ভাৰতীয় বতৰ বিজ্ঞান প্ৰতিষ্ঠানে এই তিনিটা ৰঙৰ বাদেও আৰু এটি ৰং প্ৰকাশ কৰে । সেইটো হ'ল "সেউজীয়া" । এইটো ৰঙৰ কথা বাতৰি পঢ়া ককাইদেউহঁ‌তে নকয় বাবে বহুতেই হয়তো নাজানে যে ভাৰতীয় বতৰ বিজ্ঞান প্ৰতিষ্ঠানে প্ৰতি দিনেই বতৰৰ আগলি বতৰা মুঠ চাৰিটা ৰঙেৰে প্ৰকাশ কৰে । 
২০১০ বৰ্ষৰ পৰা I.M.D. -এ ৰঙৰ সহায়ত বতৰৰ হ'ব লগা অৱস্থাৰ বাতৰি আগতীয়াকে প্ৰকাশ কৰি আহিছে । এই চাৰিটা ৰঙেৰে  বতৰৰ অৱস্থা কেনে হ'ব তাক প্ৰকাশ কৰা হয় ।
"সেউজীয়া, হালধীয়া, কমলা আৰু ৰঙা" এই চাৰিটা
ৰঙৰ অৰ্থবোৰ হৈছে এনেধৰণৰ :

🌦 IMD -এ দিয়া বতৰৰ  সতৰ্কতাসূচক ৰঙবোৰৰ অৰ্থ ---

১) সেউজীয়া (Green)
👉 কোনো সতৰ্কবাণী নাই।
➡ সাধাৰণ পৰিস্থিতি, বিপদৰ কোনো আশংকা নাই।

২) হালধীয়া (Yellow)
👉 বতৰৰ সম্ভেদ লৈ থাকক।
➡ বৰষুণ বা বতাহ অহাৰ সম্ভাৱনা আছে যদিও বৰ বিশেষ বিপদজনক নহয়। তথাপিও বতৰৰ প্ৰতি লক্ষ্য ৰাখিব।

৩) কমলা (Orange)
👉 সাৱধান হোৱাৰ লগতে যিকোনো পৰিস্থিতিৰ বাবে সাজু থাকক।
➡ অতি বৰষুণ, ঘূৰ্ণীবতাহ, বজ্ৰপাত বা হ’ব পৰা আন কোনো প্ৰাকৃতিক দুৰ্যোগৰ বাবে সাজু আৰু সতৰ্ক হওক।

৪) ৰঙা (Red)
👉 পৰিত্ৰাণৰ হেতু পদক্ষেপ লওক।
➡ অতি বেছিৰ পৰা বেছি  বৰষুণ, প্ৰচণ্ড ধুমুহাৰ তাণ্ডৱ, ঘূৰ্ণীবতাহ বা জটিল প্ৰাকৃতিক দুৰ্যোগ হ’ব পাৰে! জৰুৰী অৱস্থাৰ বাবে ব্যৱস্থাপনা গ্ৰহণ কৰক। অপ্ৰয়োজনত বাহিৰত নোলাব ।

কথা প্ৰায় ইমানেই । ককাইদেউহঁ‌তে "সেউজীয়াৰ" নাম নলয় । "হালধীয়া" ৰংটোকে ৰং সানি এনেকে প্ৰকাশ কৰিব সাধাৰণ বহুলোকে ভাবিবলে বাধ্য হয়, "বা... আজি হা_ল_ধীয়া ৰং দিলে নহয়  😲 ।" 
অথচ, হালধীয়া মানে বিশেষ ভয় খাব লগীয়া একো নহয়হে । গতিকে কথাবোৰ আমিবোৰে জানি থোৱা ভাল ।

                             ধন্যবাদ দেই⛈️⛈️

🔊☆●●●ফেচবুকত আমাৰ ঠিকনা●●●☆

         🔆☀️🔅💠▫️⚪️▫️💠🔅☀️🔆

Comments