পাৰ্থেনিয়াম

🔴"বিষপুষ্প"

সাৱধান,
কথাতেই কয় নহয় ; বোলে "চিক-মিকালেই সোণ নহয় ।" দুদিনমানৰ পৰা মোৰ এইটোহে চিন্তা হৈছে, ধুনীয়া দেখি ভুলতে কোনোবাই বাটৰপৰা উঠাই নানিলেই ৰক্ষা ! 
তেনে মানুহ ওলাবও বুজিছে । বগা ৰঙৰ মিহি ফুল আৰু চন্দ্ৰমল্লিকাৰ দৰে পাত দেখি এই বিষপুষ্পকে ধুনীয়া ফুলগছ ফ্ৰিতে পালো বুলিয়ে নি নিজৰ আগচোতালত কোনোৱে নহয় কোনোৱে যে নলগাব তাৰ মানে নাই । ফ্ৰিতে পোৱা বস্তুলৈ এচামৰ যিহে মোহ, কোনে জানে মোৰ অনুমান ক'ৰবাত নহয় ক'ৰবাত ইতিমধ্যে চাগে ফলিয়াইছেই  ! 

           পিচে সাৱধান আজি যাৰ বিষয়ে উল্লেখ কৰিবলৈ লৈছো তাৰ ফটো ইয়াত দি দিয়াৰ লগতে মন্তব্যৰ শিতানটো দি দিছো । এইজোপা কোনো ফুলগছ নহয় । এইখন অতি বিষাক্ত বিষপুষ্প "পাৰ্থেনিয়াম" উদ্ভিদৰহে ফটো । অসমৰ মানুহ এই উদ্ভিদজোপাৰ সৈতে বৰ বেছি পৰিচিতও নহয় । সম্প্ৰতি বিভিন্ন সংবাদ মাধ্যমে এই উদ্ভিদজোপাক লৈ বাতৰি পৰিৱেশন কৰিয়েই আছে । জনহিতাৰ্থে আমিও ফেচবুক জ্ঞান সম্ভাৰৰ মজিয়াত "পাৰ্থেনিয়াম"-ৰ বিষয়ে উল্লেখ কৰিলোঁ‌ ।

     মেক্সিকোৰ এবিধ স্থানীয় উদ্ভিদ নাম "পাৰ্থেনিয়াম" ।  অতি দ্ৰুততাৰে বংশ-বিস্তাৰৰ ক্ষমতা থকা উদ্ভিদবিধ মেক্সিকোৰ পৰা আমেৰিকা, পাছলৈ অষ্ট্ৰেলিয়া, এচিয়া আদি বিভিন্ন দেশ-মহাদেশলৈ বিয়পি পৰে । প্ৰায় একৰ পৰা ডেৰ মিটাৰ পৰ্যন্ত ওখ হোৱা স-পুষ্পক এই উদ্ভিদবিধৰ মূল গা-গছৰ পৰা বহুত কাণ্ড হয় । ফুল ফুলাৰ আগত ইয়াৰ পাত প্ৰায় চন্দ্ৰমল্লিকা ফুলৰ সতে প্ৰায় একে আৰু ধুনীয়া । অলপ ডাঙৰ হ'লে ইয়াৰ পাতবোৰ মিহি হৈ পৰে । 
এই উদ্ভিদবিধৰ বৈজ্ঞানিক নাম "পাৰ্থেনিয়াম হাইষ্টেৰ'ফ'ৰাছ এল" (Parthenium hysterophorus l) । এই পাৰ্থেনিয়াম  নামটো আক' গ্ৰীক ভাষাৰ PARTHENOS-ৰ পৰা সৃষ্টি হোৱা যাৰ অৰ্থ হৈছে "কুমাৰী"

         সাধাৰণতে দুই-এজোপা গছক অকলে দেখিলে আপুনি ভাবিবই নোৱাৰিব যে ই এক অতি মাৰাত্মক ৰাক্ষসী উদ্ভিদ । দেখিলে মৰমলগা কিন্তু অতি ক্ষিপ্ৰতাৰে বংশ বৃদ্ধি ঘটাই মাটি নষ্ট কৰা এই উদ্ভিদবিধ দৰাচলতেই হৈছে এবিধ বিষাক্ত "অপতৃণ" । পথৰ কাষত আৰু খেতিৰ মাটিত প্ৰথমে দুই-এজোপাকৈ গজি খুব কম সময়ৰ ভিতৰত ই ছানি ধৰে আৰু আন উদ্ভিদ গজাত কেৱল বাধা দিয়াই নহয় মাটিৰ নাইট্ৰ'জেন কমাই ই খেতি মাটি ধ্বংস কৰি পেলাই ।

      সম্প্ৰতি বিশ্বৰ বিভিন্ন দেশৰ মূৰৰ কামোৰণি হোৱা এই উদ্ভিদবিধে অসমতো আক্ৰমণ কৰিছেহি । আজি কেইবছৰমানৰ ভিতৰতে অসমত বংশ-বিস্তাৰ কৰা এই উদ্ভিদবিধ হেনো ১৯৫৫ চনতে ভুলক্ৰমে ঘেঁ‌হুৰ লগত মিহলি হৈ আমাৰ দেশত সোমাইছিলহি । এইখিনিতেই উল্লেখ কৰি যাওঁ‌, আমাৰ নগাঁ‌ও জিলাৰ চামগুৰিৰ পৰা পুৰণিগুদাম পৰ্যন্ত এই অঞ্চলটোৰ ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত থকা পথদ্বীপত পাৰ্থেনিয়াম নামে অপতৃণবিধে চানি ধৰি ক্ৰমাৎ গাঁ‌ও অঞ্চলবোৰলৈকো বিয়পিছে । আপুনি শুনি আচৰিত হ'ব যে এজোপা এনে উদ্ভিদৰ আয়ুসকাল মাত্ৰ ছমাহ । এই ছমাহৰ ভিতৰত তিনিবাৰকৈ ই ফুলি ছয়মাহতে এজোপা উদ্ভিদে চাৰি হাজাৰৰো অধিক নতুন পাৰ্থেনিয়ামৰ জন্ম দিব পাৰে ।

      পাৰ্থেনিয়াম নামৰ এই গছবিধৰ অপকাৰিতা  কেৱল খেতিৰ মাটিতেই নহয় । পাৰ্থেনিয়াম জীৱকুলৰ বাবেও অতি ভয়ানক । অপতৃণজোপাৰ ফুলৰ ৰেণু অতি পাতল আৰু বতাহত সহজেই ভাঁ‌হি যাব পৰা বিধৰ ।  এই ৰেণুত আছে সেকুইটাৰ্পিণ ল্যাকটোন (Sequiterpene Lactone) যি মানুহৰ নাকৰে শৰীৰলৈ প্ৰৱেশ কৰি হাঁ‌পানি, ব্ৰঙ্কাকাইটিচ, হাওঁ‌ফাওঁ‌ৰ গুৰুত্বৰ সমস্যা আদিৰ সৃষ্টি কৰিব পাৰে ।
ইয়াত আছে ক্যাফেইক এচিদ, পাৰ্থেনিন নামে বিষাক্ত পদাৰ্থ ইত্যাদি । এই সকলোবোৰে মিলি জ্বৰ, চৰ্দি ইত্যাদিৰ সৃষ্টি কৰিব পাৰে । তাৰ লগতে এলাৰ্জিৰ সমস্যাকো পাৰ্থেনিয়ামৰ পৰশে কঢ়িয়াব পাৰে । শৰীৰৰ কটা অংশৰ সতে ইয়াৰে হোৱা সংস্পৰ্ষই উপহাৰ দিব পাৰে দুৰাৰোগ্য "কেন্সাৰ" ।
অকল সেয়াই নহয়, ইয়াৰ পাত খোৱা গৰু-ছাগলীৰো তন্ত্ৰৰ ঘাঁ‌ হ'ব পাৰে । গৰুৰ গাখীৰৰ স্বাদ তিতা হোৱা, কমকৈ দুগ্ধ উৎপাদন হোৱা প্ৰভৃতি সমস্যাবোৰো জীৱ-জন্তুৰ ক্ষেত্ৰত দেখা দিয়ে ।
"পাৰ্থেনিয়াম" এজোপা বিষাক্ত অপতৃণ । আমাৰ অজ্ঞাতেই ই বংশ-বিস্তাৰৰে ক্ৰমাৎ আক্ৰমণ কৰিছে ।

ৰাইজ সাজু হ'বৰ হ'ল ।
কিন্তু খালি হাতৰে ইয়াক নুচুব আৰু ওচৰলৈ যাওঁ‌তে মাক্স ব্যৱহাৰ কৰিবই কৰিব । 
চেনিটেৰি হাতমোজা পিন্ধি, মাস্ক লগোৱাৰ লগতে হাত-ভৰি ভালকৈ ঢাকি  সম্পূৰ্ণ নিৰাপদ ব্যৱস্থাৰে নিজক ৰক্ষা কৰিহে এই অপতৃণবিধ উঠাব লাগে  আৰু এইবোৰ পুৰি পেলোৱাই ভাল । কটা-চিঙা বা ঘাঁ‌-ফোঁ‌হা শৰীৰত থাকিলে ইয়াৰ ওচৰলৈ পাৰিলে নাযাবই । গছজোপা উভালোতে যাতে তাৰ ৰেণু সৰি মুখ-নাক-কাণৰে শৰীৰত প্ৰৱেশ কৰিব নোৱাৰে সেয়া নিশ্চিত কৰিহে আগবাঢ়িব ।
সকলো ভালে থাকক, কুশলে থাকক । এনে বিষাক্ত উদ্ভিদৰ পৰা সজাগ আৰু সচেতন হ'বলৈ পাৰ্থেনিয়ামৰ বিষয়ে জনজাগৰণ শুদ্ধ ৰূপত গঢ়ক  ইয়াকে কৈ আজিলৈ আপোনালোকৰ পৰা বিদায় লৈছো,
শুভৰাত্ৰি  🙏 

 👉 তথ্যৰ উৎস : উইকিপেডিয়া, আনন্দ বজাৰ পত্ৰিকা আৰু বিভিন্ন সংবাদ মাধ্যম ।
🌈আমাৰ ঠিকনা 📬 
⚜ ➖➖➖➖➖➖➖⚜
✨ফেচবুক জ্ঞান সম্ভাৰ✨ 

✉ https://www.facebook.com/groups/372830512757409/ 

📶8⃣0⃣1⃣1⃣...... 

আমাৰ📧 ঠিকনা : facebookgyansambhar@gmail.com 

                        ✨️ফেচবুক জ্ঞান সম্ভাৰ🔴

                   🔅◀🔸🔸🔸🔴🔹🔹🔹▶🔅

Comments