(পুৰণি লেখা)
হাইঐ......, কি-কি যে নাম ; শুনিয়েই বিচুৰ্তি ! নহ'বনো কিয়, কস্মিনকালেও নুশুনা কিছুমান নাম শুনি মই কিয় পৃথিৱীত থকা হেতেন মোৰ বোপা ককাইয়ো চাগে আচৰিতেই হ'ল হেতেন !
ক'ৰনো হুড-হুড, মহাচেন, ফেনী, ম'ৰা, আম্ফান আদিবোৰৰ নাম নুশুনিলো ! আম্ফান,নাম যেনে তাৰ কামো আছিল তেনে । নাম শুনিলেই যেন তালফাল লাগি আম্ফানে আহি উফৰাইহে পেলাব ! হৈছিলো তেনেকুৱাই ।
শুনিছিলো এই "আম্ফান" নামটো বোলে থাইলেণ্ডৰ পৰা অহা । থাই শব্দ "আম্ফান"-ৰ অৰ্থ হৈছে "আকাশ" । সেইবোৰ গ'ল আৰু, এতিয়া আহিল "ৰিমল" । এই নামটো ওমান দেশে দিয়া । আৰবী ভাষাত শব্দটোৰ অৰ্থ হৈছে "বালি" ।
কিন্তু, আপুনি এটা কথা বাৰু মন কৰিছেনে, এই যে সাগৰীয় ধুমুহাবোৰৰ আচহুৱা নামবোৰ বছৰেকত এটামানকৈ যে শুনে তাৰ পাছত সেই নামৰ ধুমুহা আকৌ বাৰু অহা শুনিছেনে ? কেতিয়াবা বাৰু এই কথাটোও ভাবিছেনেকি যে আচৰিত লগা এই নামবোৰ দৰাচলতে দিয়ে কোনে !?
এনে প্ৰশ্নবোৰৰ উত্তৰ পাবলৈ যুগুত কৰা এই লেখাটো শেষলৈকে পঢ়কচোন ।
১৮৭৩ খ্ৰীষ্টাব্দত INTERNATIONAL METEOROLOGICAL ORGANIZATION নামে এটি প্ৰতিষ্ঠানৰ জন্ম হৈছিল যি ১৯৫১ চনৰ ১৭ মাৰ্চ তাৰিখৰ পৰা WORLD METEOROLOGICAL ORGANIZATION চমুকৈ WMO নামৰে পৰিচিত হৈ বৰ্তমানে ৰাষ্ট্ৰসংঘৰে এক প্ৰতিষ্ঠান হিচাপে কাম কৰি আছে । বিশ্বৰ ১৯৩ খন সদস্য ৰাষ্ট্ৰৰ সদস্যপদ থকা এই প্ৰতিষ্ঠানটোৰ মুখ্য কাৰ্যালয় আছে চুইজাৰলেণ্ডৰ জেনেভাত ।
পৃথিৱীৰ বিভিন্ন অংশক মুঠ ছটা গোটত ভগাই WMO-ৰ ছটা আঞ্চলিক কেন্দ্ৰ আছে । তাৰে এটা হৈছে IMO বা INDIAN METEOROLOGICAL DEPARTMENT । ভাৰত চৰকাৰৰ এই প্ৰতিষ্ঠানটো ১৮৭৫ চনতেই প্ৰতিষ্ঠা হৈছিল ।
IMD-এ ভাৰত উপ-মহাদেশখনৰ বতৰবিজ্ঞানৰ কামকাজৰ লগতে ভূ-কম্প বিজ্ঞানৰ কামকাজো কৰে । তাৰ লগতে IMD-ৰ আন এটা ডাঙৰ দায়িত্ব আছে ।
ভাৰত মহাসাগৰৰ উত্তৰ অংশৰ বতৰৰ অৱস্থা প্ৰকাশ কৰা, এই অংশৰ সাম্ভাব্য সাগৰীয় ধুমুহাৰ আগতীয়া জাননী দি সজাগ কৰা আৰু সাগৰীয় ধুমুহাবোৰৰ নামাকৰণ কৰা আদি ।
সাগৰীয় ধুমুহা বিলাকৰ নামাকৰণৰ ক্ষেত্ৰত আই. এম.ডি.- এ W.M.O.-ৰ কিছুমান নিৰ্দেশনা পালন কৰে । সেই অনুসৰী বৰ্তমান মুঠ তেৰখন দেশৰ পৰা কিছুমান নিৰ্ধাৰিত নিয়মৰ ভিতৰত নাম সংগ্ৰহ কৰা হয় ।
অৱশ্যে, ২০০০ চনৰ পৰা ২০০৮ চনলৈকে IMD-এ বাংলাদেশ, ইণ্ডিয়া, মালদ্বীপ, ম্যানমাৰ, ওমান, পাকিস্থান, শ্ৰীলংকা আৰু থাইলেণ্ডৰ পৰা সাগৰীয়া ঘূৰ্ণী বতাহৰ বাবে নাম সংগ্ৰহ কৰিছিল যদিও ২০০৮ চনৰ পৰা ইৰান, কোতাৰ, চৌদি আৰব, ইউ.এ.ই. আৰু যমনৰ পৰাও নাম সমূহ সংগ্ৰহ কৰি এখন আগতীয়া তালিকা তৈয়াৰ কৰে আৰু W.M.O.-এ এই তালিকাখনক সন্মতি দিয়ে ।
সাগৰীয় ঘূৰ্ণীক চিনাক্ত কৰণৰ বাবে প্ৰস্তত কৰা নাম তালিকাখনত এবাৰত দিয়া হোৱা একোটা ধুমুহাৰ নাম পুনৰাই দিয়া নহয় । উদাহৰণ হিচাপে কৈছো, ২০১৯ চনত অহা সাগৰীয় ধুমুহা "ফেনী"-ৰ নামাকৰণ বাংলাদেশে কৰিছিল দক্ষিণ-পূব বাংলাদেশৰ এখন চহত "ফেনী"-ৰ নামেৰে । তেনেকৈয়ে "মহাচেন" ধুমুহাৰ নামাকৰণ কৰিছিল শ্ৰীলংকাই । এই ফেনী আৰু মহাচেন বা আগতে অহা কোনো এক সাগৰীয় ধুমুহাৰ নামাকৰণ পুনৰাই একে নহয়, তালিকাৰ নতুন নামৰে আহিব লগা একোটা ধুমুহাক নতুনকৈহে নামাকৰণ কৰা হ'ব । এনে নামাকৰণৰে একোটা নিৰ্দিষ্ট ধুমুহাক জন-সমাজে সহজে চিনাক্ত কৰাত সহায়ক হয় ।
এইখিনিতে আৰু এটি তথ্য জনাই থৈছো । ২০২০ চনৰ মে' মাহত বৰ্তমানে পশ্চিমবংগ, উৰিষ্যা আদিত বিপৰ্যয় অনা "আম্ফান"-ৰ নামাকৰণ থাইলেণ্ডে দিছিল IMD.-য়ে ২০০৪ চনতে প্ৰস্তত কৰা ৬৪ টা নামযুক্ত তালিকাখনৰ বাবে আৰু সেই তালিকাখনৰ এই নামটোৱেই আছিল অন্তিমটো নাম । আগন্ত্তক সময়ৰ বাবে এই বছৰৰে (#২০২০) এপ্ৰিল মাহত IMD.-এ ১৬৯ টা নামযুক্ত এখন নতুন তালিকা প্ৰস্তুত কৰিলে ।
সাগৰীয় ধুমুহাবোৰৰ প্ৰতিটো নাম প্ৰস্তুত কৰোঁতে কিছুমান নীতি-নিৰ্দেশনাক মানি চলা হয় । আপুনি জানি ভাল পাব যে কোনো সাগৰীয় ধুমুহাৰ নাম ৮টা আখৰতকৈ বেছি দীঘল হ'ব নোৱাৰে অৰ্থাৎ, এনে নাম সৰ্বাধিক আঠটা আখৰৰ ভিতৰতেই হ'ব লাগিব আৰু উচ্চাৰণ সকলোৱে কৰিব পৰাকে সহজ হ'ব লাগিব । তাৰলগতে এনে নামে যাতে মানুহৰ মনলে আতঙ্ক কঢ়িয়াব নোৱাৰে সেয়াও এক গুৰুত্বপূৰ্ণ কথা । তাৰোপৰি, এনে নাম প্ৰাকৃতিক, সাংস্কৃতিক, কোনো এক ধৰ্মীয় বিশ্বাসযুক্ত বা ৰাজনৈতিক আৰু ৰাজনৈতিক নেতাৰ নামৰে হ'ব পাৰে ।
আজিলৈ বাৰু ইমানেই । দলটোত কিছুদিন একো লিখা নাছিলো মেটমৰা কিছুমান কামৰ বোজাৰ বাবেহে । হয়তো আৰু কিছুদিন লিখিবলে কিছু অসুবিধাও হ'ব । মাজতে অসমৰ এজন বিশিষ্ট ব্যক্তিয়ে এই দলৰে এজন সন্মানীয় সদস্যৰ যোগেদি মোক লিখি থাকিবলে কোৱাত ব্যক্তিগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনায়ে তথা বাক্য ৰক্ষা কৰিবলে আজি লিখিলোঁ । ভৱিষ্যতে পুনৰ লিখিম । আপোনালোকেও দলটোলৈ নিজে প্ৰস্তুত কৰা জ্ঞানমূলক লেখা পঠিয়াব । আমি মন কৰিছো, ফেচবুকত বিভিন্নজনে নিজা ওৱালত ভাল-ভাল শৈক্ষিক লেখা লিখিবলৈ লৈছে । এইটো অতিকে শুভ লক্ষণ । তেনেকৈয়ে লিখা সকলে নিজা ওৱালত দিয়া প্ৰবন্ধটোকে কপি কৰি আমাৰ গ্ৰুপত দিলে নিশ্চয়ে কোনো ক্ষতি নহ'ব ।
শেষত প্ৰতিজনলৈকে শ্ৰদ্ধা/মৰম আগবঢ়াই সামৰিছো । ঘৰত থাকক নিৰাপদে থাকক আৰু সময় পালেই প্ৰচুৰ অধ্যয়ন কৰক 🙏
ধন্যবাদ
আমাৰ ফেচবুক ঠিকনা 📬
◀🔸🔸🔸🔴🔹🔹🔹▶
No comments:
Post a Comment