সেউজীয়াৰ বোকোচাত
মায়াময় বৰ্ষাৰণ্য🌳
যত্ন কৰাৰ পাছতো কপালত নাথাকিলে কৰিবনো কি ! হ'লেও বুকুখন বিষায় । সেয়ে চাগে,ভাল লাগিলেও বিষয়টোক অলপ এৰায়ে চ'লো । সৰুৰে পৰা কল্পনাৰ কোলাত দেশে-দেশান্তৰে ঘূৰি ভূ-অৱনতিবোৰত গৱেষণা কৰি ফুৰাৰ এক তীব্ৰ আকাংক্ষা আছিল । আজি সময়ে এনেবোৰ চিন্তা মোৰ বাবে অদৰকাৰী ঘোষণা কৰিলেও পানীত ভুটোঙকে মুখখন উলিওৱা শিহুটোৰ দৰেই কল্পনায়ো সময়ে ঢৌ খেলে । সেয়ে চাগে ভূগোলক অলপ পাহৰি থাকিলেও তাৰ মাজতেই দুই-এটা ভাললগা শব্দই বিষয়টোৰ পটভূমিবোৰক এটা-এটাকৈ মনলৈ টানি আনে ।
"বৰ্ষাৰণ্য" "চিৰসেউজ" আদি শব্দবোৰৰ মাজত নাজানো কি এক চিত্ৰকল্প, কি এক সৌন্দৰ্য আছে ! ওখ-ওখ গছ, গছবোৰৰ পৰা নামি অহা বিশাল লতাৰ বিভিন্ন ভঙ্গীমা, অদূৰৰ পৰা ভাঁহি অহা হলৌ বান্দৰ উকি আৰু কুলু-কুলু সুৰেৰে বৈ অহা নিৰৱধি নদীৰ অনন্ত ধাৰৰ মাজত প্ৰকৃতিৰ বিভিন্ন উপাদানক লৈ নিৰ্জনতাৰ মাজতো গতিশীল জীৱনৰ ব্যস্ততাৰ উৎস বিচাৰি পাওঁ ।
বৰ্ষাৰণ্য, চিৰসেউজ আদি শব্দবোৰ অৰণ্যৰ লগত জড়িত । অৰণ্যবোৰ প্ৰধানতঃ চিৰসেউজ আৰু পৰ্ণপাতী এই দুটা ভাগত ভগাব পাৰি ।
বছৰৰ সকলো সময়তে সেউজীয়াক ধৰি ৰখা উদ্ভিদবোৰৰে গঠিত চিৰসেউজ অৰণ্যবোৰে সদায়ে যেন সজীৱতাৰ জয়গান গায় । অসম আৰু অৰুণাচল প্ৰদেশৰ ৰাজ্যিক উদ্ভিদ হোলোং, চণ্ডিগড়ৰ (ৰাজ্যিক) উদ্ভিদ আম, শিশু, নাগেশ্বৰ বা নাহৰ, অগৰু বা সাঁচি, হলখ, শিশু, খোকন আদিবোৰ চিৰসেউজ অৰণ্যত পোৱা কিছুমান মূল্যৱান উদ্ভিদ । এই চিৰসেউজ অৰণ্যৰ নামৰ লগত যেতিয়া ক্ৰান্তীয় শব্দটোৱে আহি লগলাগে তেতিয়াই সৃষ্টি হয় আন এটি শুৱলা শব্দ "বৰ্ষাৰণ্য" । মায়াময় আৰু চিত্ৰকল্পৰ তুলিকা লগা শব্দটোৱে প্ৰায়েই মনত আঁকি যায় এখন ধুনীয়া ছবি । ন-কুঁহিপাতৰ পাতল সেউজীয়া বিশাল বনানী, পাতল এজাক বৰষুণৰ পাছত মুকুতা হৈ পাতৰ আগৰে 🌿নামি অহা পানীৰ টোপাল আৰু মানুহ দেখি ভিৰাই লৰ মৰা মৃগপহুৰ জাক । বাঃ, প্ৰকৃতিৰ কি অপূৰ্ব সংৰচনা !
"চিৰসেউজ ক্ৰান্তীয় অৰণ্য" যাক আমি "বৰ্ষাৰণ্য"ও বুলি কওঁ তাৰ ইংৰাজী প্ৰতিশব্দ "Rainforest"-ও একেডাল মায়াময় সুতাৰেই বন্ধা লগতে, আবেগ আৰু চিত্ৰকল্পই চুই যোৱা যেন এক মায়াবী শব্দ ! আপুনি জানেনে অলেখ উদ্ভিদ, অলেখ প্ৰাণীৰ বসতিস্থল এই বৰ্ষাৰণ্যবোৰ হৈছে পৃথিৱীৰ প্ৰাচীনতম পৰিস্থিতিতন্ত্ৰ (Ecosystem) । এনে বৰ্ষাৰণ্যবোৰত লাখ-লাখ বছৰে প্ৰকৃতিয়ে সংস্থাপন কৰি সংৰক্ষণ কৰি অহা অলেখ উদ্ভিদ, অলেখ প্ৰাণী আৰু নানান প্ৰাকৃতিক উপাদানৰ মেটমৰা সম্ভাৰৰ বাবে এইবোৰক "পৃথিৱীৰ ৰত্নসম্ভাৰ" (Jewels of the Earth) বুলি জনা যায় । দক্ষিণ আমেৰিকাত থকা বিশ্বৰ বহলতম নদী আমাজান আৰু আফ্ৰিকাৰ কংগো নদীৰ চাৰিওফালে থকা বিখ্যাত আমাজান হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ এখন বৰ্ষাৰণ্য । এই বৰ্ষাৰণ্য ইমানেই ব্যাপক আৰু ইয়াৰ অভ্যন্তৰ ইমানেই ঘন আৰু ভয়ানক যে আজিও আমাজানৰ বেছিভাগ স্থানেই সভ্য মানুহৰ অজ্ঞাত । উল্লেখযোগ্য যে, পৃথিৱীৰ বায়ুমণ্ডৰ মুঠ ২০% অক্সিজেন এই আমাজান বৰ্ষাৰণ্যই যোগান ধৰে ।
একোখন বৰ্ষাৰণ্যৰ সৃষ্টি হোৱাত জলবায়ুৰ মূল ভূমিকা থাকে । বিশেষকৈ বৰষুণ, তাপ আৰু আদ্ৰতা এই তিনিটা উপাদান অতি প্ৰয়োজনীয় । প্ৰতি বছৰতে কমে ২০০ ছেন্টিমিটাৰতকৈ বেছি বৰষুণ, ২৫° চেণ্টিগ্ৰেডতকৈ বেছি তাপ থকা অঞ্চলতহে চিৰসেউজ অৰণ্যৰ সৃষ্টি ঘটাই প্ৰকৃতিয়েও বছৰজুৰি সেউজীয়াৰ পোহাৰ খুলিব পাৰে । তেনে ঠাইবোৰতহে ডাঠ অৰণ্যৰ সৃষ্টি হয় ।
বৰ্ষাৰণ্যৰ আকাশ চুব খোজা ওখ-ওখ গছবোৰে দিনৰ পোহৰৰ সতে যুঁজি অৰণ্যৰ ভিতৰবোৰ কৰি ৰাখে আন্ধাৰ আৰু গহীন । কিছুমান গহীন আৰু বিশাল বৰ্ষাৰণ্যৰ অন্তঃভাগত আন্ধাৰে এনেদৰে ৰাজত্ব কৰে যেন পোহৰৰ সতে আছে তেনে ঠাইৰ হাজাৰ বছৰীয়া পুৰণি শত্ৰুতা ।
গঠনৰ ফালৰ পৰা বৰ্ষাৰণ্যবোৰ চাৰিটা তৰপ থাকে ।
প্ৰথম হ'ল ওপৰলৈ বাঢ়ি যোৱা অৰণ্য শীৰ্ষ অংশ যাক ইংৰাজীত কোৱা হয় Emergent বুলি । এই অংশ ধৰাপৃষ্ঠৰ পৰা ২০০ ফুট পৰ্যন্ত ওখ হ'ব পাৰে । বিভিন্ন চৰাই বিশেষকৈ চিকাৰী পক্ষী, বাদুলি আদিবোৰে এই তৰপটোত বাস কৰে।
দ্বিতীয় অংশটো হৈছে আচ্ছাদিত অংশ বা Canopy । প্ৰায় বিছ ফুটমান ডাঠ শীৰ্ষ অংশৰ তলত গোটেই অৰণ্যখনকে ছাটিৰ দৰে ঢাকি ৰখা এই অংশটো ডাঠ লগতে ই অৰণ্যখনৰ ভিতৰভাগক আন্ধাৰ আৰু গহীন কৰি ৰাখে । খাদ্যৰ উপলবদ্ধতাৰ বাবে বৰ্ষাৰণ্যৰ এই তৰপটো এক বুজন সংখ্যক জীৱৰ বসবাসৰ স্থান ।
আচ্ছাদিত অংশৰ তলৰ তৰপটোৰ নাম Under story । এই তৰপটো অন্ধকাৰ আৰু আদ্ৰ । বিভিন্ন সুগন্ধি ফুল, অৰ্কিড আদি প্ৰচুৰ পৰিমাণে ইয়াত পোৱা যায় ।
একেবাৰে শেষৰটো তৰপ হৈছে Forest Flora । এই তৰপটো অতি আন্ধাৰ । বিভিন্ন শেলাই, পোক-পৰুৱা, ভিন্ন শ্বাপদ আদিৰ নিৱাসস্থল ।
Rainforestবোৰক ইয়াৰ অৱস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি বিভিন্ন ভাগত ভগোৱা হয় যদিও মূলতঃ এইবোৰৰ দুটা প্ৰধান ভাগ হৈছে "চিৰসেউজ ক্ৰান্তীয় অৰণ্য" বা "বৰ্ষাৰণ্য" (Tropical Rainforest) আৰু "নাতিশীতোষ অৰণ্য" (Temperate Rainforest) ।
গুৰুত্বপূৰ্ণ আৰু লক্ষণীয় কথাটো হ'ল, বৰ্ষাৰণ্যবোৰ মানে চিৰসেউজ ক্ৰান্তীয় অৰণ্যবোৰ সাধাৰণতে দুয়ো গোলাৰ্ধৰে ২৩•৫° -ৰ ভিতৰত পোৱা যায় । এনে অৰণ্যবোৰ ঘন আৰু ইয়াত থকা প্ৰায়বোৰ গছৰে পাত বছৰৰ বিভিন্ন সময়ত সৰে বাবে অৰণ্যখন চিৰসেউজ হৈয়ে থাকে । অসমৰ প্ৰেক্ষাপটত শোণিতপুৰ জিলাৰ "নামেৰী ৰাষ্ট্ৰীয় উদ্যান" শিৱসাগৰৰ "পানী দিহিং অভয়াৰণ্য", ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত থকা "দিহিং-পাটকাই" ৰাষ্ট্ৰীয় উদ্যান এনে বৰ্ষাৰণ্যৰেই উদাহৰণ ।
এই দিহিং-পাটকাই নামটোও হলে কম আকৰ্ষণীয় নহয় । হওঁতে "বৰ্ষাৰণ্য" নামটোৱেই কিবা ভাললগা তাতে আকৌ "দিহিং-পাটকাই বৰ্ষাৰণ্য" ; নামটোতো কিবা এটা কলাত্মক ৰূপ থকা নহয়নে !
অ' ৰ'ব, এইখিনিতেই কৈ যাওঁ যে "পূবৰ আমাজান" খ্যাত দিহিং-পাটকাই হৈছে ভাৰতৰ ভিতৰতেই বৃহৎ এখন বৰ্ষাৰণ্য । ২০২১ চনৰ ০৯ জুন তাৰিখৰ পৰা এইখনক ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যদা প্ৰদান কৰা হৈছিল ।
সমগ্ৰ বিশ্বৰ প্ৰেক্ষাপটত আমেৰিকাৰ পশ্চিম আৰু দক্ষিণ অংশত, আফ্ৰিকাৰ মধ্য আৰু দক্ষিণ অংশত, এচিয়াৰ দক্ষিণ-পূব অঞ্চলবোৰত, নিউ-গুৱেনিয়া, অষ্ট্ৰেলিয়া ইত্যাদি স্থানসমূহত বৰ্ষাৰণ্যবোৰ দেখিবলৈ পোৱা যায় ।
জৈৱ-বৈচিত্ৰৰ মেটমৰা সম্ভাৰ আৰু দুষ্প্ৰাপ্য প্ৰাণী, দুষ্প্ৰাপ্য উদ্ভিদ আদিৰ ভঁড়াল এই বৰ্ষাৰণ্যবোৰ । বস্তুবাদী মানুহৰ লালসাৰ কৰাল গ্ৰাসত নিষ্ঠুৰতাৰ সাক্ষী হৈ নিজস্বতাক ক্ৰমাত কালৰ বুকুত হেৰুৱাই গৈছে প্ৰকৃতিৰ অতি প্ৰাচীনতম সংৰচনা এই বৰ্ষাৰণ্যবোৰে । আজিকালি প্ৰায়ে শুনিবলৈ পোৱা গোলকীয় উষ্ণতা বৃদ্ধি, বায়ুমণ্ডত কমি অহা অক্সিজেনৰ পৰিমাণ বা জলবায়ুৰ পৰিৱৰ্তন আদিৰ দৰে ভয়ানক খবৰবোৰৰ বাবে সম্পূৰ্ণ দায়ী জানিও নজনা হোৱা মানুহ নামৰ প্ৰাণীবিধেই । দৰাচলতে এনেবোৰ ঘটনা মানুহৰ কৃত কৰ্মৰ বাবে প্ৰকৃতিয়ে প্ৰদান কৰা ভয়ংকৰ প্ৰতিদানৰ বাদে আন একো নহয় ।
সময় বহু পাৰ হৈ গৈছে, তথাপি সকলোৱে মিলি প্ৰকৃতি সুৰক্ষাত গুৰুত্ব প্ৰদানৰে হাতে-কামে লাগিলে বসুমতীৰ প্ৰকোপৰ পৰা পৰিত্ৰাণ পোৱা সম্ভৱ । নহলে বিপন্ন সময়ে পৃথিৱীৰ জিঘাংসাত দিব অভিশপ্ত নিষ্ঠুৰ এক কৰুণ ভৱিষ্যত ।
ধন্যবাদ 🪵
🌲🌲🌲
আপোনাৰ দিনটো শুভ হওক 🙏
🌈আমাৰ ঠিকনা 📬
⚜ ➖➖➖➖➖➖➖⚜
📶8⃣0⃣1⃣1⃣......
🔅◀🔸🔸🔸🔴🔹🔹🔹▶🔅
No comments:
Post a Comment