সেন্দূৰীয়া অনুভৱ
আৰু
ধুনীয়া সেন্দূৰ
আগকথা
--------------
সৰুৰেপৰাই এটা স্বভাৱ আছে । ভাল নে বেয়া মই নাজানো ।
সাধাৰণতেই হিন্দু বিৱাহিতা মহিলা, যিসকলে স্বামী জীয়াই থকা অৱস্থাত সেন্দূৰৰ ফোট নলয় তেনে মহিলাৰ মুখলৈ মই চাব নোৱাৰো । কি কথা নাজানো, মুঠতে মই অলপো ভাল নাপাওঁ আৰু দেখিলেও সেয়ে নেদেখাৰ ভাও ধৰি নিজকে কিছু আঁতৰাই ৰাখো ।
সেন্দূৰৰ ফোটটোত এক নিজস্ব সৌন্দৰ্য আছে, অৱশ্যে সেয়া মোৰ নিজা দৃষ্টিভঙ্গীৰে কোৱা কথা ।
সেন্দূৰৰ ফোট বুলিলেই সততে চকুত ভাঁহি আহে দুগৰাকী মহিলাৰ কথা। তাৰে এগৰাকী মোৰ মা । মায়ে মজলীয়া আকাৰত সুন্দৰকৈ ফোট লয় । শিৰৰ পৰা কিছু সেন্দূৰৰ গুড়া আহি কপালত পৰি থকা দেখিলে আৰু ধুনীয়া লাগে ।
আৰু আনগৰাকী আমাৰ গাঁৱৰে এগৰাকী খুৰী । তেখেতৰ কথা মনলৈ অহাৰো এটা কাৰণ আছে ।
মই গাঁৱৰে প্ৰাথমিক বিদ্যালয়খনত পঢ়ি থকা দিনৰ কথা । সৰুতে থোলোকা, গোল মুখৰ আৰু শুধ বগা বৰণৰ আছিলো । আজিও মনত পৰে, দ্বিতীয় শ্ৰেণীমানলৈকে স্কুললৈ যোৱাৰ পৰত খুৰী গৰাকীয়ে মাজে-মাজে বাটৰপৰা ধৰি মৰমতে মোক ঘৰলৈ লৈ গৈছিল । তেখেতৰ ঘৰো ঠিক স্কুলৰ ওচৰতে । ঘৰলৈ নি আইনা টেবুলখনৰ সন্মুখত মোক বহিব দি পাউদাৰ ঘঁহি কপালত কাজলৰ ফোট আঁকি দিছিল । সেই দিনত সৰু ল’ৰাবোৰক কপালৰ কাষত ফোট একোটা দি তাৰ কাষত পাউদাৰৰে বগাকৈ চিন একোটা দিয়াটো প্ৰায় সাধাৰণ নিয়মেই আছিল । ইয়াৰ পাছত হাতত খোৱা বস্তু দি মৰম-চেনেহ কৰি স্কুললৈ পঠিয়াই দিয়ে । । তেখেতে আক’ বৰ ডাঙৰকৈ কপালত ফোটটো লয় । এতিয়া বয়স হৈছে, মুখখন আগতকৈ ক্ষিণালেও ফোটটো কিন্তু প্ৰায় একেই আছে ।
স্কুলৰ পৰা আহি সেইকালত ঘৰত প্ৰায়ে মাক আবদাৰ কৰিছিলো । মোৰ মতে মায়েও খুৰীগৰাকীয়ে লোৱাৰ দৰে ডাঙৰকৈ কপালত ফোট ল’ব লাগে । অৱশ্যে মই দেখাৰ পৰাই আজিলৈকে মায়ে ফোট একে জোখতেই লৈ থকাকে দেখিলোঁ । হ’লেও মা আৰু সেই গাঁৱৰ সাদৰী খুৰী গৰাকীৰ কপালৰ ৰঙা ফোট দুটাই সৰুতেই মনত কিবা এটা ধুনীয়া সাঁচ বহুৱাই দিলে !
আজি-কালিৰ আধুনিকতাৰ প্ৰসঙ্গৰেনো কাৰ কথা কি ক’ম ! অৱশ্যে সৰহখিনিৰ কথা ক’বলগাত নাই । কমখিনিৰ কথাও কবলৈ ইচ্ছা নাই । সাধাৰণতেই আনৰ চৰ্চা কৰিবলে অলপ আমনিহে পাওঁ । কিন্তু কিছুমান কথাক অতি বেয়া পাওঁ । গতিকে ইচ্ছা নাথাকিলেও কিছু লিখিছো ।
আধুনিকতা বুলিলে কাৰ মনত কেনে ভাব হয় নাজনো, মোৰ দৃষ্টি- ভংগীৰে আধুনিকতাৰ দুই শ্ৰেষ্ঠতম উদাহৰণ মহামান্য প্ৰাক্তন ৰাষ্ট্ৰ্পতি প্ৰতিভা দেৱীসিং পাটিল মহোদয়া আৰু ড° এ.পি.জে. আব্দুল কালাম মহোদয় । দুইগৰাকীয়েই মোৰ অন্যতম প্ৰিয় ব্যক্তি ।
মোৰ মতে আধুনিকতা হ’ব লাগে পানীৰ দৰে । যিদৰে পানীক আমি বিভিন্ন ৰূপত, বিভিন্ন খাদ্যত বিভিন্ন ধৰণৰে উপস্থাপন কৰিলেও তাৰ মূল ৰূপটোক কেতিয়াও বাদ নিদিও তেনেদৰেই সময়ৰ আহ্বানত আমি বহু এৰা-ধৰা কৰি সমাজ আৰু পৰিস্থিতিৰ লগত খাপ খালেও কিছুমান মূল কথাক আধুনিকতাৰ নামত এৰি যোৱা উচিত বুলি নাভাবো । যদি প্ৰতিটো কথাকেই আমি আধুনিকতাৰ নামত আমাৰ প্ৰাচীনতাক, আমাৰ লোকাচাৰ, আমাৰ ধৰ্মীয় বিশ্বাসক অন্ধবিশ্বাস বুলি উপহাস কৰি বাদ দি যাও তেনেহলে তেনে ব্যক্তিয়ে প্ৰথমে ভগৱানৰ অস্তিত্বকেই সম্পূৰ্ণ বাদ দি লোৱা ভাল কাৰণ, বিজ্ঞানমুখী আধুনিকতাত আধুনিক বিজ্ঞানে ভগৱানৰ অস্তিত্বক কিন্তু বিশ্বাস নকৰে ।
আমি সৰুৰপৰা শুনি আহিছো, হিন্দু সমাজ ব্যৱস্থাত “সেন্দূৰ” অতি সন্মানীয় সামগ্ৰী । আগৰ মানুহে কয়, “সেন্দুৰক অপমান নকৰিবি, নাপায় ।” আৰু আজিৰ কিছুমানে কয়, “সেন্দুৰ বোলে বন্দিত্বৰ প্ৰতীক ।”
বিৱাহিতা হিন্দু মহিলাই সেন্দূৰ লোৱাটো এটা পৰম্পৰা । যদি বিবাহৰ দৰে সভ্য সমাজৰ পবিত্ৰ বন্ধনত কাৰোবাৰ থাকিবলৈ অসুবিধা তেনেহ’লে বিয়া নোহোৱাকৈয়ে থকাইচোন ভাল । কোনখন মূল সনাতন হিন্দু শাস্ত্ৰই সেন্দুৰক বন্দিত্বৰ প্ৰতীক বুলি কৈছে তাৰ এটা মাত্ৰ উদাহৰণ দিব কোনোৱে পাৰিবনে ; নে নিজেই এটা কথা প্ৰতীমাত্মক দৃষ্টিৰে ভাবি সঁজাই দিলে ! মই জনাত সমাজ ব্যৱস্থাত ঘটিব নলগা নাৰী জনিত বিভিন্ন ঘটনা সময়ে ঘটিলেও কিন্তু ধৰ্ম হিচাপে মূল হিন্দু সনাতন ধৰ্মই নাৰীক অতি উচ্চ আসনহে দিছে । মনু-সংহিতাত মনুৱে কৈছে, “য’ত নাৰীক অৱমাননা কৰা হয় সেই ঠাই বা সমাজ হৈছে অধম ।"
তেনেক্ষেত্ৰত সেই হিন্দু সভ্যতাই সেন্দূৰ পিন্ধাই নাৰীক বন্দী কৰাটো নিশ্চয় নিবিচাৰে । অৱশ্যে বিবাহ বুলিলেই ল’ৰা আৰু ছোৱালী দুয়োৰেই বন্ধন থাকিবই । কাৰোবাৰ সেই বন্ধনত থাকিবলৈ অসুবিধা তেন্তে বিয়া হ’ব লাগিবই বুলি কোনো কথা নাই নহয় ।
তেনেকৈয়ে এটা অদ্ভূত কথাও সময়ে শুনো, “সেন্দূৰ বোলে লিংগ-বৈষম্যৰ চিন ।”----হাঁহিমেইনে কান্দিমেই !
তেনেকৈয়ে যদি হ’বলে হয় তেতিয়া বহু কথাই আহি যাব । যেনে, চকুত কাজল লোৱাৰ পৰা আৰম্ভ কৰি সাজ-পোছাক, চুলি ইত্যাদি কথাবোৰ । তাতোকৈ ডাঙৰ কথা কি হ’ব জানে, “মহিলাক দেখোন মহিলা বুলিও ক’বলৈ ভয় হ’ব কাৰণ, শব্দটোৱেও যদি লিংগ বৈষম্যকেই প্ৰকাশ কৰে !
অৱশ্যে, মোৰ ক্ষুদ্ৰ চিন্তাৰে আধুনিকতাক বৰ বেছি ঢুকি নাপাওগে । একেবাৰে সাধাৰণ মানুহ , ভুল হ’লে শুধৰাই নিব আৰু ।
মাজতে আৰু এটা কথা শুনিছিলো ।
মুছলমান মহিলাসকলেতো সেন্দূৰ নলয় । তেখেত সকলে যে তেনেকৈয়ে পাৰে হিন্দু সকলে কিয় নোৱাৰে ?
মই ভাবিহে আচৰিত হৈছো, যে কথাটো জানি-বুজি কোৱা হৈছে নে সেন্দূৰক বেয়া পাই বাবে কৈছে, নে নিজকে কিবা ব্যতিক্ৰম চিন্তা-ধাৰাক প্ৰকাশ কৰিবৰ বাবে কৈছে ?
আচলতে প্ৰতি ধৰ্ম আৰু লোক-বিশ্বাসত নিজস্ব কিছুমান নীতি-নিয়ম থাকে । মুছলমান বা খ্ৰীষ্টান মহিলা সকলে সেন্দূৰৰ ফোট নলয় । মুছলমান ধৰ্ম তেখেতসকলৰ হাদিজ আৰু পবিত্ৰ কোৰাণ চৰিফ মতে চলিব হিন্দুৰ মতত নহয় আৰু মুছলমান মহিলা সকলে সেন্দূৰৰ ফোট নোলোৱাটোহে শুদ্ধ । তেখেতসকলৰ নিয়মত বিৱাহিতা মহিলাই নাকত নাক ফুল লগায় । মই যিমানদূৰ জানো আৰু যদি মোৰ ভুল হোৱা নাই তেন্তে, এজন মুছলমান পুৰুষে সোণৰ আঙুঠি সাধাৰণতে নিপিন্ধে ।মুছলমান পুৰুষে সোণৰ আঙুঠি নিপিন্ধিলে বুলিয়েই ময়ো নিপিন্ধিম নেকি ? ধৰ্ম আৰু লোক-সংস্কৃতিত আনৰ লগত তুলনা নকৰাই ভাল । প্ৰত্যেকেই নিজ বিশ্বাসৰে শ্ৰেষ্ঠ । সেন্দূৰ লোৱাৰ প্ৰসঙ্গত বৈজ্ঞানীক তত্ত্ব যিয়েই নাথাকক, প্ৰথমে ই ধৰ্মীয় আৰু এক লোকাচাৰ ; তাকো মূল । মই জনাত ইয়াত কোনো বন্দিত্ব বা লিংগ বৈষম্যৰ কথাই নাহে । গতিকে সনাতন ধৰ্মত বিশ্বাসী সকলে সাদৰৰে মানি চলাই উচিত । যদি শিপাই নাথাকে গছজোপা বৃহৎ হ’লেও ধ্বংস অনিবাৰ্য । সেন্দূৰে কাৰো ক্ষতি কৰা নাই ( *যদিহে ভেজাল সেন্দূৰ নহয়) । ইমান সুন্দৰ আৰু পবিত্ৰ বুলি জন-বিশ্বাস থকা সেন্দূৰকনক লৈও যেতিয়া বিষাদগাৰ হ’ব লগা হ’ল, দৰাচলতে মই সনাতনী হিন্দু হিচাপে ( যদিওবা নিজকে অসমীয়া বুলিহে প্ৰথম চিনাকী দিওঁ ) লাজ পাইছো ! এনে একো ভয়ানক কাম কৰিবলৈ দিয়া হোৱা নাই যাৰ বাবে প্ৰজন্মৰ পাছত প্ৰজন্ম ধৰি চলি অহা এক সুন্দৰ পৰম্পৰাক বিষাদগাৰ কৰি অপমান কৰিবলগা কথা থাকে ।
আমি ইমান পণ্ডিত মানুহ নহয় । সঁচাই কৈছো, বিশেষ একো নাজানো আৰু সেই বাবেই পণ্ডিত সকলৰ ওচৰত সদায় এখোপ সৰু হৈ দিও আৰু যথেষ্ট সন্মান কৰোঁ কিন্তু, তেতিয়ালৈকেহে সেই সন্মান অন্তৰৰ পৰা থাকে যেতিয়ালৈকে তেওঁ নিজে নিজক জহাবলৈ কিবা অতি অত্যাধুনিক আচৰণবোৰ নকৰে । আধুনিকতাক আমিও ভালপাওঁ সেইবুলিয়েই আধুনিকতাৰ নামত বিহুৰ বিভিন্ন পৰম্পৰা আৰু লোকাচাৰবোৰকো অন্ধবিশ্বাস বুলিয়েই এৰিদিম নেকি ?
মানুহ আধুনিক হোৱা মানেই এইটোও নহয় যে সম্পূৰ্ণ নিজস্বতাক বাদ দি ল’ব লাগিব বা তেনে কৰিলেহে আনে ব্যক্তিক আধুনিক পুৰুষ বা আধুনিকা নাৰী বুলি ভাবিব ।
তাতে আকৌ একাংশই প্ৰসংগটোৰ সতে নাৰীবাদ চিন্তা-ধাৰাৰে কোৱা যেন লাগে ! কিন্তু নাৰীবাদ মানে জানো সেইটো ?
নাৰীসকলৰ সৰ্বতোমুখী বিকাশ সাধন ঘটাবলৈ জানো সেন্দূৰ লোৱা-নোলোৱাৰ কিবা সম্পৰ্ক আছে ?
এইখন অসমত আজি নামমাত্ৰ কাপোৰ পিন্ধি কোনো বাৰত ৰঙা-নীলা পোহৰৰ মাজত ডুব যোৱা যুৱতীৰ বাতৰি নিতৌ পোৱা কথা । আগতে ৰহস্য সাহিত্যৰ উপাদান হনি ট্ৰেপিঙৰ দৰে নিকৃষ্ট কাম এইখন অসক্তে এতিয়া প্ৰায়ে শুনিবলে আজি পোৱা যায় । এইবিলাক দুৰ্ঘটনাই নাৰীৰ সন্মানত আঘাট কৰা নাইনে ? এনে লাজ লগা ঘটনা নোহোৱা কৰিবৰ বাবে সামাজিক জন-সচেতনতা আৰু আদৰ্শমুখী শিক্ষা দিয়াক লৈ আমি কোনে কিমান কৈছো । নে পুলিচে ধৰি নিয়াৰ সময়ত মুখখন ঢাকি নিয়াৰ বাবে বিশেষ অপমান অনুভৱ কৰা নাই !
ক’তা, আমাৰ পুৰণি সেন্দূৰ লোৱা মহিলা সকলৰ মাজতচোন আজিৰ দৰে ইমান অঘটন নাছিল !?
"সেন্দূৰ" মোৰ বোধৰে নাৰীসকলৰ কোনো সমস্যা নহয় । যিবোৰ সমস্যাই আজিৰ নাৰী সকলৰ ওপৰত বেয়া প্ৰভাৱ পেলাইছে সেইবোৰত মাত মতা বেছি প্ৰয়োজন । নিশ্চয় তাত সকলোৱে সহযোগো কৰিব ।
মই এইকেইদিনত মোৰ মাৰপৰা আৰম্ভ কৰি কেইবাগৰাকীও মহিলাক সেন্দূৰৰ প্ৰসঙ্গত মন্তব্য ল’লো । এগৰাকী মহিলাকো মই নাপালো যি সেন্দূৰৰ বিপক্ষে কিঞ্চি হ’লেও বিৰূপ মন্তব্য কৰিলে ।
যি কি নহওঁক, সেন্দূৰ এক পবিত্ৰ বস্তু হ’লেও সময়ৰ লগে-লগে কিছুমান প্ৰতিষ্ঠানে সেন্দূৰৰ সতে কিছুমান ৰাসায়নিক দ্ৰব্য মিহলাই কৃত্ৰিম সেন্দূৰৰে বজাৰ ভৰাই পেলাইছে যাৰ কু-প্ৰভাৱ মহিলাসকলৰ ওপৰত পৰিবও পাৰে । বহুতৰে এনে সেন্দূৰ লোৱাৰ ফলত চালত খজুৱতিৰ সৃষ্টি হয় । এনে সমস্যাৰ সমাধানৰ বাবে প্ৰাকৃতিক উপাদানৰে সেন্দূৰ আপুনি ঘৰতো বনাই ল’ব পাৰে । সেই উদ্দেশ্যৰে বিভিন্ন উৎসৰ পৰা তথ্য সংগ্ৰহ কৰি আইসকললৈ শ্ৰদ্ধাৰে আগবঢ়াইছো এটি চুটি প্ৰবন্ধ
সেন্দূৰ
১০ জুলাই ২০২০
-------------------------
সেন্দূৰ হৈছে সনাতনী হিন্দু সকলৰ মাজত সামাজিক আৰু ধৰ্মীয় মান্যতা থকা ৰঙা বৰণৰ এবিধ আলঙ্কাৰিক সামগ্ৰী । সাধাৰণতে হিন্দু বিবাহিতা মহিলা সকলে কপালত পৰিধান কৰে যদিও ধৰ্মীয় বিভিন্ন কৰ্মত পূজাৰ উপাচাৰ হিচাপে আৰু কোনো-কোনোৱে পূজাৰ ফোট দিবৰ বাবেও ইয়াক ব্যৱহাৰ কৰে । সনাতন হিন্দু সংস্কৃতিত সেন্দূৰৰ ব্যৱহাৰ কেতিয়াৰ পৰা আৰম্ভ হৈছিল তাক ক’বলৈ টান যদিও ৰামায়ণতো সেন্দূৰৰ উল্লেখে ই যে প্ৰায় পাঁচ হাজাৰ বছৰতকৈও পুৰণা এক পৰম্পৰা সেই কথা ভবাৰ থল থাকে ।
সেন্দূৰৰ ব্যৱহাৰ কেৱল হিন্দু সকলৰ মাজতেই নহয় । জৈন আৰু বৌদ্ধ সকলৰ মাজতো ইয়াৰ প্ৰচলন আছে । অ-বিবাহিতা নাৰীয়ে শিৰত সেন্দূৰ ল’ব নোৱাৰে । তেনেদৰে বিধৱা মহিলাসকলৰ ক্ষেত্ৰতো সেন্দূৰ লোৱা নিষেধ ।
সধৱা মহিলা সকলেহে সেন্দূৰ লোৱাৰ নিয়ম ।ভাৰতৰ বিভিন্ন হিন্দু সম্প্ৰদায়ৰ মাজত বিবাহৰ দিনা দৰাই কইনাৰ শিৰত সেন্দূৰ দিয়ে যদিও আমাৰ অসমীয়া সমাজত জোৰোণ পিন্ধোৱাৰ দিনা দৰাৰ মাকেহে কইনাৰ শিৰত সেন্দূৰ দিয়াৰ নিয়ম ।
লোক-বিশ্বাসত সেন্দূৰ লোৱা সন্দৰ্ভত বিভিন্ন মত শুনিবলৈ পোৱা যায় । সনাতন হিন্দু মহিলা সকলে স্বামীৰ দীৰ্ঘ জীৱন কামনাৰে সেন্দূৰ শিৰত পৰিধান কৰে । মান্য কৰা হয় যে সেন্দূৰ শিৱ পত্নী পাৰ্বতী দেৱীৰ বস্তু হোৱাত ইয়াক পৰিধান কৰিলে দেৱী পৰ্বতীৰ কৃপা লাভ হয় ।
আনহাতে, হিন্দু জ্যোতিষে বিশ্বাস কৰে কপালত সেন্দুৰ লোৱাৰ স্থান মেষ ৰাশিৰ হোৱাত আৰু মেষ ৰাশিৰ অধিপতি গ্ৰহ মঙ্গলৰ ৰং ৰঙা হোৱাৰ বাবে ৰঙা ৰঙৰ সেন্দূৰ লোৱাৰ ফলত সু-ফল পোৱা যায় ।
যোগ বিদ্যাৰ মতে কপালত সেন্দূৰ লোৱা স্থানত এনে তিলক গ্ৰহণে মানুহৰ মন স্থিৰ কৰে ।
দিল্লী বিশ্ব-বিদ্যালয়ৰ অধ্যাপিকা ঊমা দেৱী বাইদেউৰ মতে সেন্দূৰ পৰিধানে উদ্বিগ্নতা (anxiety) আৰু মানসিক চাপ (stress)দূৰ কৰে ।
ইয়াৰ ৰঙা ৰঙ শক্তি আৰু প্ৰেমৰ প্ৰতীক ।
আয়ুৰ্বেদ শাস্ত্ৰত সেন্দূৰ প্ৰস্তুতিৰ কেইবাটাও পদ্ধতি আছে । আজিকালি বজাৰত পোৱা বহুতো সেন্দূৰ পাৰা, হালধি আৰু চূণৰ সংমিশ্ৰণত প্ৰস্তুত কৰা হয় । পাৰা এবিধ বিষাক্ত পদাৰ্থ । সেয়ে পাৰাযুক্ত সেন্দূৰ ব্যৱহাৰ কৰোঁতে সাৱধান হোৱা উচিত । তাৰোপৰি সেন্দূৰৰ লগত সময়ে সীহ মিহলাই দিয়া হয় । এনে ৰাসায়নিক দ্ৰব্যই ক্ষতি সাধন কৰিব পাৰে ।
অতীজত সেন্দূৰ ঘৰতে প্ৰাকৃতিকভাবে প্ৰস্তুত কৰা হৈছিল ।
হালধিৰ সতে খুব কম পৰিমাণৰ চূণপানীৰ লগত আৰু কিছুমান প্ৰাকৃতিক উপাদান যেনে গোলাপজল, ৰঙা গোলাপৰ পাহীৰ ৰস, গৰুৰ ঘী, ৰঙা চন্দন আদি ঘৰতে পোৱা সামগ্ৰীৰে বনোৱা হৈছিল বা কোনোৱে বনাই ।এই উপাদান সমূহ সঠিক ভাৱে সংমিশ্ৰণ কৰি তাক ৰ’দত শুকোৱাই গুৰি বনোৱা হয় । এইক্ষেত্ৰত সাৱধান হ’ব লগা প্ৰসঙ্গটো এইটোহে যে চূণৰ পৰিমাণ যাতে বেছিকৈ দিয়া নহয় ।
প্ৰাকৃতিক ভাৱে সেন্দূৰ বনোৱাৰ আন এটি উপাদান Bixa orellana নামৰ গছ বিধৰ পূৰঠ বীজ বুলিও কোনো-কোনোৱে ক’ব খোজে । সাধাৰণতে ইংৰাজীত Lipstick tree আৰু সংস্কৃতত Sinduraka বোলা এই গছজোপা ভাৰতৰ বিভিন্ন ঠাইৰ লগতে অসমতো পোৱা যায় । ইয়াৰ পূৰঠ ৰঙা বীজৰ গুড়ি খাদ্যত ব্যৱহৃত বিভিন্ন ৰঙৰ উৎস । সেন্দূৰ প্ৰস্তুতলৈকে ইয়াৰ ব্যৱহাৰ হোৱাৰ লগতে আয়ুৰ্বেদ চিকিৎসাত বহু বেমাৰৰ ঔষধ ইয়াৰপৰা বনোৱা হয় বুলি গম পালেও এই বিষয়ত মই সু-নিশ্চিত নহয় ।
সকলোকে প্ৰবন্ধটো পঢ়াৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰি সামৰিছো ।
তথ্য সংগ্ৰহৰ উৎস আৰু কৃতজ্ঞতা :
Wikipedia, utsavpedia, detechter,
https://ir.cantebury.ac.nz
https://aajtak.intoday.in
🎤🔉ফেচবুকত আমাৰ ঠিকনা📮
https://www.facebook.com/groups/372830512757409/
🔅🔅
📶 8⃣0⃣1⃣1⃣......
💠🔸🔹⚫🔸🔹🔷🔹🔸⚫🔹🔸💠
No comments:
Post a Comment