🦇বাদুলী খুৰোং🦇

🎑ৰহস্যময় 
     🦇   "বাদুলী কুৰোং" 🦇

".............গতিকে নগাঁও হৈছে বহল অসমৰ একণ অসম । নগাঁওখন জানিলেই অসমকো জনা যায় । কাৰণ নগাঁওখন হৈছে অসমৰ সৰু সংস্কৰণ আৰু এই নগাঁও জিলাতেই অসমৰ নানান জাতিৰ সমাৱেশ, অসমৰ প্ৰাচীন আদিম জাতি নগা, কুকি, মিকিৰ --- মিকিৰেই অসমৰ আদিবাসী । অসমৰ পাহাৰে-পৰ্বতে, গুহাই-কন্দৰে, নৈয়ে-ভৈয়ামে, হাবিয়ে-বননিয়ে এই মিকিৰসকলেই প্ৰথমে বিচাৰি ফুৰিছিল । তেওঁলোকেই অসমৰ আৱিষ্কৰ্তা কলম্বাছ ।" ----- গৱেষক পণ্ডিত বিষ্ণুৰাভাদেৱে "অসমীয়া কৃষ্টি" নামৰ প্ৰবন্ধটোত নগাঁৱৰ বিষয়ে এনেদৰে কৈছিল । এইখিনি কথাৰ অলপ আগত একেটা প্ৰবন্ধতে তেখেতে লিখিছিল, "এই অঞ্চলেই অসমৰ সোঁমাজতেই অসমৰ প্ৰাণৰ স্পন্দন । গতিকে নগাঁৱৰ স্পন্দনতেই অসমীয়া স্পন্দিত হয় । গতিকে অসমীয়া কৃষ্টি, সংস্কৃতি আৰু কালচাৰত নগাঁৱৰ দাম সামান্য নহয়, যথেষ্ট ।"

          স্বয়ং ৰাভাদেৱৰ লেখনিত নগাঁৱৰ বিষয়ে থকা কথাখিনি এনেদৰে পঢ়ি কোনজন নগঞাৰ বাৰু গৌৰৱ উথলি নুঠিব ! 
সঁচা কথা, কলঙৰ এই ভূমি কৃষ্টি-সৃষ্টি আৰু সংস্কৃতিৰ পথাৰত বৰ সাৰুৱা । অপ্ৰমাদি কবিজনৰ পৰা শ্ৰীমন্ত শংকৰদেৱ হৈ আজিৰ সময়লৈকে এই সাৰুৱা ভূমিয়ে কিমানযে মহান আৰু বিখ্যাত অসমীয়াক জন্ম দিলে ! 

              আমাৰ হিন্দু দৰ্শনত এটা কথা আছে । ভূমিতহে আচল শক্তি থাকে । সেয়ে তেওঁলোকে বিশ্বাস কৰে নিৰ্দিষ্ট কৰ্মৰ বাবে উপযুক্ত ভূমিতহে নিৰ্দিষ্ট কৰ্ম সম্পূৰ্ণ সম্ফল হয় । সেয়ে ঘৰতে বহি হৰি নাম লৈও মানুহ যায় জগন্নাথ, কাশী, মথুৰা-বৃন্দাবন-পৰশুৰাম । অকল হিন্দু সকলৰ মাজতেই নহয়, মোৰ অনুমান ইছলাম সকলৰ মাজতো চাগে এই বিশ্বাসেই আছে । নহলেনো যি নামাজ গাঁৱৰ মছজিদতেই পঢ়িব পাৰি সেয়া লাখ-লাখ টকা খৰছ কৰি সুদূৰ মক্কা-মদিনাত পঢ়িবলৈ কিয় যাব ! 
      গতিকে সাহিত্য-সংস্কৃতিৰ বাবে অন্যতম উৰ্বৰ কলং-কপিলীৰ পাৰৰ ভূমি এই নগাঁৱেনো বিষ্ণুৰাভাৰ দৰে এগৰাকী মহান অসমীয়াক আকৰ্ষণ নকৰিবই বা কিয় !
ৰাভাদেৱে নিজৰ গৱেষণাত নগাঁৱৰ লগত জড়িত এটি কিংবদন্তি 🦇 "বাদুলী খুৰুং"-ৰ 🦇 বিষয়েও উল্লেখ কৰি গৈছে । নগঞা মানুহৰ মুখত যদিওবা এই নামেৰেই জনা যায় ; ৰাভাদেৱে কিন্তু ইয়াক "বাদুলী কুৰুং" বুলিহে উল্লেখ কৰিছে ।

        "বাদুলী খুৰুং" হৈছে নগাঁও জিলাৰ কঠীয়াতলীৰ সমিপতে থকা কন্দলী পাহাৰৰ ⛰ এক বিশেষ গুহা । আশ্চৰ্যজনক আৰু অভিলেখ সংখ্যক বাদুলীৰ বসতিস্থল এই গুহাটোক লৈ আছে জনশ্ৰুতি । মই নিজেও এবাৰ স্থানীয় এজন যুৱকৰ সহযোগত গৈ বাদুলী খুৰুঙত প্ৰৱেশ কৰি আচৰিত হৈ পৰিছিলো ; ইমান বাদুলী ইয়ালৈ আহিল ক'ৰপৰা !
স্থানীয় লোকৰ মাজত প্ৰচলিত মুখ বাগৰা কাহিনী অনুসৰি কামপুৰৰ পৰা অনুমানিক প্ৰায় ১৫ কিলোমিটাৰ দক্ষিণ-পশ্চিম দিশত অৱস্থিত প্ৰাচীন প্ৰমীলা ৰাজ্যৰ ৰাণী আৰু তেওঁৰ দাসীসকল কোনো ঋষিৰ শাপত  অভিশপ্ত হৈ বাদুলী  হয় আৰু কন্দলী পাহাৰৰ শিলৰ গুহাত ওলমি থাকে । ৰাণীয়ে ঋষিক তন্ত্ৰৰে সন্মোহন কৰাত পাছত ঋষিৰ শিষ্যই তেওঁক মুক্ত কৰি নিয়ে । যাওঁতে হেনো ৰাণী আৰু সকলো দাসী বাদুলী হ'বলৈ অভিশাপ দি যায় । মানুহে বিশ্বাস কৰে, বাদুলী খুৰুঙলৈ চাকি-বন্তি, সেন্দুৰ আগবঢ়ালে মনোবাঞ্ছা পূৰ্ণ হয় । অৱশ্যে, হাবি-জংঘলৰে আবৃত পাহাৰৰ গাত থকা এই দুৰ্গম গুহালৈ সকলো সময়ত মানুহ নাযায় । বছৰৰ এক নিৰ্দিষ্ট সময়তহে যাব পাৰি ।

      বিষ্ণুপ্ৰসাদ ৰাভাই এই কাহিনীটোৰ বিষয়ে উল্লেখ কৰি গৈছে "অসমীয়া কৃষ্টি" নামৰ মূল্যবান প্ৰবন্ধটোত । সেই মতে কাহিনীটো এনেধৰণৰ ..........

        মৎস্যেন্দ্ৰ মীন নাথ আছিল কামৰূপৰ এগৰাকী বিখ্যাত সিদ্ধ সাধক । তিব্বতটো আছিল তেওঁৰ গভীৰ সমাদৰ । এবাৰ মৎস্যেন্দ্ৰ মীন নাথ বৰ্তমানৰ নগাঁৱৰ কঠীয়াতলীলৈ আহোতে যোগী মীন নাথৰ সুঠাম ৰূপ দেখি কদলীৰ ৰাণী তথা প্ৰমদা সুন্দৰী কমলা দেৱী আকৰ্ষিত হয় । মৎস্যেন্দ্ৰ মীনক ৰাণীয়ে মায়াৰে ফাকতি কৰি সন্মোহন কৰে আৰু মীন নাথো ৰাণী কমলা আৰু তেওঁৰ ভনীয়েক মঙ্গলাৰ প্ৰেম পাশত আৱদ্ধ হৈ যোগধৰ্মক পাহৰি প্ৰেমলীলাত মতলীয়া হৈ পৰে ।
সন্মোহনৰে বন্দী কৰি ৰাণীয়ে  মীননাথৰ ঔৰসতে "পাৰ্শনাথ" আৰু "নেমনাথ" নামে  দুটিকৈ পুত্ৰ সন্তান লাভ কৰে ।

      ইফালে গুৰুক বিচাৰি-বিচাৰি মৎস্যেন্দ্ৰ মীন নাথৰ সুযোগ্য শিষ্য যোগী গোৰক্ষ নাথে ছলনাৰে ৰাজকাৰেঙত প্ৰৱেশ কৰি নিজ শক্তিৰে গুৰুৰ সন্মোহন নোহোৱা কৰি স্মৃতি জগাই  গুৰু মীননাথক উদ্ধাৰ কৰি লৈ যায় আৰু যোৱাৰ আগত গোৰক্ষনাথে কদলীসকলক বাদুলী হ'বলৈ অভিশাপ দি যায় । জনবিশ্বাসত তেখেতৰ অভিশাপত অগণন বাদুলী থকা কন্দলী পাহাৰৰ ৰহস্যময় এই স্থানেই হৈছে "বাদুলী কুৰং" ।

     প্ৰকৃতিৰ অপূৰ্ব শোভাৰ মাজত অৱস্থিত বাদুলী কুৰুঙৰ নৈসৰ্গিক মায়াই পৰ্যতকক সহজেই আকৰ্ষিত কৰে । আজিলৈ বাৰু ইমানেই । পুনৰ লগপোৱাৰ আশাৰে 🙏

                                   💠 শুভৰাত্ৰি 🐁

       ☀ আমাৰ ফেচবুক ঠিকনা 📬 
            ⚜ ➖➖➖➖➖➖➖⚜
📶8⃣0⃣1⃣1⃣...... 
                                                                                                                                         🔅◀🔸🔸🔸🔴🔹🔹🔹▶🔅

No comments:

Post a Comment

নতুন লেখা / ছবি

গ্ৰীষ্মৰ আতঙ্ক

ইমান অত্যাচাৰ ! নষ্টজোৱা, হতশ্ৰীহোৱাবোৰৰ পৰা সঁ‌চাই শান্তি নোহোৱা হৈছেগে । নাপায়, ইমান অত্যাচাৰী  হ'বগে নালাগে । যিহে অত্যাচাৰ হৈছে, যি ...